সাম্প্ৰতিক মহামাৰীত আমি কি কি
হেৰুৱাইছোঁ
এদিন
দুদিনকৈ প্ৰায় দেৰ বছৰ পাৰ হ’ল কিন্তু ক’ৰ’নাভাইৰাছজনিত মহামাৰীৰ আতঙ্ক আজিকোপতি মাৰ নগ’ল৷ আইছ’লেশ্যন, ছ’চিয়েল ডিষ্টেঞ্চিং,
হেণ্ড ছেনিটাইজাৰ, মাস্ক্, লক্ডাউন্, আনলক্ আদিকৈ নানান শব্দৰ বহুল ব্যৱহাৰে
জগতখনকে যেন এইখিনি সময়ত সলনি কৰি পেলাইছে৷ দৰাচলতে আক্ষৰিক অৰ্থাৎ পৃথিৱীখন ২০১৯
বৰ্ষৰ আদিছোৱাৰ দৰে গোলাকাৰেই হৈ আছে ঠিক, হয়তো এইখিনি সময়ত
জৈৱ ইন্ধন ব্যৱহাৰ হোৱা যান-বাহন কিছু কমকৈ চলা কাৰণে পৃথিৱীৰ বায়ুমণ্ডলো কিছু
পৰিষ্কাৰ হৈছে৷ কিন্তু আমাৰ চকুৰ আগতে, আমি মন নকৰাকৈয়ে
মানুহৰ সমাজখন দ্ৰুত গতিত সলনি হৈ গৈছে৷
এই মহামাৰীত
বহু লোকে প্ৰাণ হেৰুৱাইছে৷ বহুতে হেৰুৱাইছে সংস্থাপন৷ কিন্তু প্ৰাণ হেৰুওৱাসকলৰ
আত্মীয়-স্বজনেই হওক বা সংস্থাপন হেৰুওৱাসকলৰ পৰিয়ালেই হওক দুবেলা দুমুঠি নোখোৱাকৈ
থকা নাই৷ তেখেতলোকৰ কষ্ট হৈছে, সেই কষ্টৰ প্ৰতি আমাৰ সহমৰ্মিতাও আছে৷ কিন্তু তেনে
ক্ষতিতকৈও অধিক তথা সুদূৰপ্ৰসাৰী ক্ষতিৰ সম্মুখীন হৈছে আজিৰ মানৱ সমাজ৷ বহুতে মানি
ল’বলৈ টান পাবও পাৰে, কিন্তু
সাম্প্ৰতিক মহামাৰীত আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত হৈছে ভাৰতৰ দৰে উন্নয়নশীল দেশৰ শিশুৰপৰা যুৱক-যুৱতীলৈকে যিসকল
বিভিন্ন শিক্ষানুষ্ঠানৰ ছাত্ৰ-ছাত্ৰীসকল৷ কেনেকৈ?
জীৱনত
প্ৰথম বাৰৰ বাবে স্কুললৈ গৈ এটা শিশুৱে কি শিকে? প্ৰথমে শিকে ঘৰখন যেনেকৈ তেওঁক লৈ ব্যস্ত
হয় তেনেকৈ ঘৰৰ বাহিৰৰ জগতখন তেওঁক লৈ ব্যস্ত নহয়৷ বৰং, ঘৰখনৰ
বাহিৰৰ জগতখনত তেওঁৰ একো গুৰুত্বই নাই৷ দ্বিতীয়তে শিকে সমাজ বোলা ধাৰণাটো৷ নিজৰ
নিচিনা একে বয়সৰ, একে ভাব-চিন্তাৰ সহপাঠীসকলে পৰস্পৰৰ সৈতে
আপোনাআপুনি এখন সমাজ পাতি লয়৷ তৃতীয়তে, পিতৃ-মাতৃ কিম্বা ঘৰৰ
জ্যেষ্ঠসকলৰ দৰে বা তেওঁলোকতকৈও অধিক জনা-বুজা শ্ৰদ্ধেয় লোক ঘৰৰ বাহিৰতো আছে বুলি
তেওঁ বুজি পায়৷ এনেকৈ স্তৰে স্তৰে ন ন জ্ঞান আহৰণ কৰি প্ৰকৃততে পাঠশালাতে শিশু এটাই মানুহ হিচাপে বৌদ্ধিকভাৱে
জন্মলাভ কৰে৷ মানুহ এজনৰ প্ৰথম জন্ম হৈছে এবিধ প্ৰাণী বা জন্তু হিচাপে জন্মগ্ৰহণ৷
এই দ্বিতীয় ধৰণৰ বৌদ্ধিক জন্মইহে মানুহ এজনৰ জীৱনৰ গতিপথ নিয়ন্ত্ৰণ কৰে৷
ক’ৰ’নাভাইৰাছজনিত পৰিৱেশত আমাৰ প্ৰথম বাৰৰ বাবে বিদ্যালয় গৰকিবলগীয়া শিশুসকলে
কাৰ্যতঃ দুটা শিক্ষাবৰ্ষ হেৰুৱাইছে৷ তেওঁলোকে উপলব্ধি কৰিব নোৱৰাটো স্বাভাৱিক–
তেওঁলোকে প্ৰকৃতপক্ষে কি হেৰুৱাইছে; কিন্তু
সৰহ সংখ্যক অভিভাৱকো শিশুসকলৰ এই অৱস্থাটোক লৈ অকণো উদ্বিগ্ন কিম্বা চিন্তিত
নোহোৱাটোহে আশ্চৰ্যজনক৷ তেন্তে আমাৰ মনত জাগি উঠা আন এটা প্ৰশ্ন – আমাৰ শিশুসকলৰ কথা ভাবিব কোনে?
একেবাৰে
প্ৰথম চাম শিশুৰ কথা এৰিছোঁ৷ এইবাৰ তেওঁলোকতকৈ ডাঙৰসকলৰ কথালৈ আহোঁ৷ মন কৰিব লাগিব, এই মহামাৰী আৰম্ভ
হোৱাৰ প্ৰাক মুহূৰ্তলৈকে বিভিন্ন শিক্ষানুষ্ঠানত ডিজিটেল ধাৰণাৰে পাঠদান আৰু
পাঠগ্ৰহণৰ সা-সুবিধা সম্পৰ্কে চিন্তা-চৰ্চা চলিছিল৷ সেই উদ্দেশ্যে বহু আগ শাৰীৰ
শিক্ষানুষ্ঠানত ভিডিঅ’ কন্ফাৰেঞ্চিঙৰ সা-সুবিধাৰে সমৃদ্ধ
সভাকক্ষ আদি নিৰ্মাণ কৰা হৈছিল৷ পিছে মহামাৰী বিশ্বজুৰি আৰম্ভ হোৱাৰ মাত্ৰ
কেইদিনমানৰ ভিতৰতে কম্পিউটাৰ আৰু ম’বাইল ফোনত চলাব পৰা এনে
কিছুমান মিটিং এপ্লিকেশ্যন (চমুকৈ এপ্ বুলি কয়) ওলাল যে উপৰি উক্ত ‘ভিডিঅ’ কন্ফাৰেঞ্চিঙৰ সা-সুবিধাৰে সমৃদ্ধ সভাকক্ষ’ৰ ধাৰণাটো আহি এণ্ড্ৰয়ড্ ফোনৰ ৰূপত মানুহৰ হাতৰ মুঠিতে সোমাই পৰিলহি৷
হয়, প্ৰযুক্তিৰ দিশৰপৰা
এনে উন্নতি চমকপ্ৰদ৷ পিছে ইমান দিনে যদিও আলোচিত হৈ আহিছিল ‘সৰু
ল’ৰা-ছোৱালীক ম’বাইল ফোন দিব নালাগে’
বুলি, মহামাৰী অহাৰ লগে লগে ইমান দীৰ্ঘদিনীয়া ধাৰণা
একোটাও মষিমূৰ হৈ পৰিল৷ এতিয়া আমি মনত পেলাই চাওঁচোন, আমি
বাৰু সৰু ল’ৰা-ছোৱালীক ম’বাইল ফোন কিয়
দিব নালাগে বুলি কথা পাতিছিলোঁ? দিশ আছিল দুটা – প্ৰথমটো, ইণ্টাৰনেট সংযুক্ত ফোনত জগতৰ ভাল-বেয়া
দুয়োটা দিশ মুকলি বজাৰৰ ৰূপত অনিয়ন্ত্ৰিত ধৰণে পোৱা যায়৷
সাধাৰণতে ভাল-বেয়াৰ ধাৰণা আপেক্ষিক হ’লেও কম বয়সৰ লোকে
বিৱেচনা শক্তিৰ অকালপক্কতাৰ কাৰণেই ইণ্টাৰনেটৰ যোগেদি বেয়াৰ (মানে বয়স সাপেক্ষে অপকাৰী) জগতখনত পতিত হোৱাৰ
আশঙ্কা আছিল (আজিও আছে)৷ দ্বিতীয়তে, ম’বাইল
ফোনৰ ৰেডিয়েশ্যন চকু আৰু মগজুৰ কাৰণে ক্ষতিকাৰক বুলি বহু স্বাস্থ্য বিশেষজ্ঞই
কৈছিল৷ এতিয়া মহামাৰী আৰম্ভ হোৱাৰ লগে লগেই যিহেতু প্ৰযুক্তিবিদ্যাৰ উন্নয়ন সাধিত
হৈছে, গতিকে সকলোৰে হাতত ম’বাইল ফোন
একোটা তুলি দিয়াত সকলোৱে হাত উজান দিলে৷ আৰু এতিয়া কম বেছি পৰিমাণে সকলোৰে হাতত
এণ্ড্ৰয়ড্ ম’বাইল ([তেনে একোটা কিনিবলৈ ঘৰৰ কি সম্পত্তি
বিক্ৰী কৰিবলগীয়া হৈছে সেইটো প্ৰশ্নৰ স্থান অৱশ্যে বেলেগ)৷
এনে
পৰিপ্ৰেক্ষাত মানুহ জীয়াই থাকিব পৰা এটা ব্যৱস্থা হিচাপে ‘সকলো’ চলি আছে স্বাভাৱিকভাৱেই৷ গেলামালৰ দোকানৰপৰা হাৰ্ডৱে’ৰ সামগ্ৰীৰ দোকানলৈকে সকলো খোলা৷ পাণ-তামোলৰ দোকানৰপৰা সুৰাৰ দোকানলৈকে সকলো খোলা
আছে, চলি আছে৷ প্ৰতিটো চৰকাৰী বিভাগৰ প্ৰতিটো কাৰ্যালয় চলি
আছে৷ চব চলি আছে৷ কেৱল স্বাভাৱিকভাৱে চলা নাই ভাৰতবৰ্ষৰ শিক্ষাখণ্ডটোহে৷ আমাৰ দেশত এই খণ্ডটোক
লৈয়ে কিন্তু সকলোৱে ডাঙৰ ডাঙৰ বক্তৃতা দিয়ে – কয় যে ভৱিষ্যতৰ
পৃথিৱীৰ সৰ্বাধিক সংখ্যক যোগ্য যুৱ মানৱ সম্পদ প্ৰস্তুত কৰি আছে ভাৰতবৰ্ষই৷ সঁচানে?
এনে উক্তিক আমি আমাৰ বাস্তৱৰ অভিজ্ঞতাৰ আধাৰত সমৰ্থনযোগ্য ভুলি
ভাবিব পাৰোঁনে?
সম্ভৱতঃ পৃথিৱীত ইতিপূৰ্বে সংঘটিত হোৱা সকলো মহামাৰীৰ তুলনাত এইবাৰৰ ক’ভিড মহামাৰীয়েই মানৱ তথা জীৱজগতৰ অনিষ্ট কৰিছে সৰ্বাধিক৷ অনিষ্টৰ অধিকতা অনধিকতা সদায়ে মৃতকৰ সংখ্যাই নিৰ্ণয় নকৰে৷ অন্ততঃ শতাব্দীৰ পূৰ্বে জগতত যি মহামাৰী হৈছিল তাৰ তুলনাত বৰ্তমানৰ পৃথিৱীৰ অনিষ্ট হৈছে বেছি৷ এই অনিষ্টৰ পৰিমাণ নিৰ্ণয় কৰিব পাৰি ক্ৰমে মৃতকৰ সংখ্যা, কৰ্মসংস্থাপন হেৰুওৱা লোকৰ সংখ্যা, মানসিকভাৱে হতাশ হৈ মৃতপ্ৰায় জীৱন অতিৱাহিত কৰা লোকৰ সংখ্যা, শিক্ষাবৰ্ষ হেৰুৱাই হতাশাৰ বলি হোৱা শিক্ষাৰ্থীৰ (কম বয়সীয়া, মন কৰিবলগীয়া) সংখ্যা, জীৱনৰ প্ৰথমটো গুৰুত্বপূৰ্ণ পৰীক্ষাত (দশম শ্ৰেণীৰ চূড়ান্ত পৰীক্ষা বা মেট্ৰিক পৰীক্ষা) অৱতীৰ্ণ হ’বলগীয়া অথচ বঞ্চিত হোৱা ল’ৰা-ছোৱালীবোৰৰ হিচাপ কোনে ৰাখিছে? জীৱনৰ প্ৰথমটো গুৰুত্বপূৰ্ণ পৰীক্ষাত বহাৰ মানে অনেক মানসিক হেঁচাৰ সৈতে মকামিলা কৰিবলৈ শিকাওঁ। অথচ এনে পৰীক্ষাত ল'ৰা-ছোৱালীক বহিবলৈ নিদি আমি তেওঁলোকক পাছ কৰাই দিয়াৰ ব্যৱস্থা কৰিছোঁ। ইয়াৰ মানেটো কি? ইয়াৰ মানে হৈছে, আমাৰ ল'ৰা-ছোৱালীক পৰীক্ষাৰ মুখামুখী হ'বলৈ শিকোৱাতকৈ পৰীক্ষাত নম্বৰ পাবলৈ উৎসাহ য়োগোৱাটোহে আমাৰ আচল নীতি।
আৰু
যদি আমাৰ ল’ৰা-ছোৱালীৰ শৰীৰৰ ক্ষয়-ক্ষতিৰ খবৰ ৰাখোঁ তেনেহ’লে অন্ততঃ
দহ বছৰমানৰ পাছত আমি গম পাম, তথাকথিত প্ৰযুক্তিগত উন্নতিত
আহুতি দি নিজকে যুগৰ উপযোগী বুলি প্ৰমাণ কৰিবলৈ গৈ আচলতে আমি কি হেৰুৱাইছোঁ৷
ই বৰ
মৰ্মান্তিক৷
অন্যযুগ প্ৰসঙ্গ
ইণ্টাৰনেটৰ
জগতত ‘অন্যযুগ’ৰ এইটো চতুৰ্দশ সংখ্যা৷ আলোচনীখন অনলাইন্ হিচাপে প্ৰকাশ কৰাৰ পাছৰপৰা
দ্ৰুত গতিত পঢ়ুৱৈৰ সংখ্যা বৃদ্ধিয়ে সম্পাদনা কক্ষৰ সাহস বঢ়াইছে৷ এইখিনিতে ‘অন্যযুগ’ৰ ছপা সংস্কৰণ কেতিয়া ওলাব বুলি সুধি থকা শুভাকাংক্ষীসকলক জনাব খোজোঁ যে
ছপাৰূপত আলোচনী একোখন সুকলমে চলিব পৰা পৰিস্থিতি এতিয়াও উভতি অহা নাই৷ গতিকে
সদ্যহতে ‘অন্যযুগ’ অন্লাইন্ হৈয়ে
প্ৰকাশ পাই থাকিব৷ অৱশ্যে বছৰৰ নিৰ্বাচিত লেখাৰ ছপা সংস্কৰণ এটা প্ৰকাশ কৰাৰ কথা
চিন্তা কৰা হৈছে৷ অন্লাইন্ হোৱা বাবেই ‘অন্যযুগ’ বিদেশত থকা
অসমীয়াসকলেও সময় মতে পঢ়াৰ সুবিধা লাভ কৰিছে৷ সাম্প্ৰতিক পৃথিৱীৰ ই এটা বিশেষত্বই৷
আমি বিদেশত বাস কৰা ‘অন্যযুগ’ৰ মাননীয়
পঢ়ুৱৈসকলৰ প্ৰতি এটা অনুৰোধ জনাব খুজিছোঁ৷ অনুগ্ৰহ কৰি আপোনালোকে ‘অন্যযুগ’ৰ
মেইল ঠিকনা anyayug@gmail.com যোগে আপোনালোকৰ প্ৰতিক্ৰিয়া
আৰু পৰামৰ্শ আমাক জনাবচোন৷