অন্যযুগ/


মহাকবি কালিদাসৰ 'ঋতুসংহাৰম্'

অনুবাদ : কৌস্তুভমণি শইকীয়া দত্ত




পঞ্চম অধ্যায়


।। শীত বৰ্ণনা ।।

।। অথ শিশিৰঃ ।।


পৰিপূৰ্ণ ভূমি পকা ধান আৰু কুঁহিয়াৰৰ সৌন্দৰ্যৰে

ক’ৰেনো  ক্ৰৌঞ্চপখীৰ মোহনীয় কলৰৱ য’তে-ত’তে

কামাৱেশত মগ্ন ৰমণীৰ অতিকৈ প্ৰিয়

হে সুন্দৰ জংঘাৰ গৰাকিনী মোৰ প্ৰিয়া !

শীতৰ এনে ঋতু আহি হ’ল সমাগত ।


প্রৰূঢশালিক্ষুচয়াবৃতাক্ষিতিং

ক্কচিত্স্থিতক্রৌঞ্চনিনাদশোভিতম্ ।

প্রকামকামং প্রমদাজনপ্রিয়ং

বৰোৰু কালং শিশিৰাহ্বয়ং শৃণু ।। ১।।


এই শীতাৰ্ত সময়ত 

খিৰিকী জপাই ঘৰৰ অভ্যন্তৰত লৈ জুইৰ তাপ 

অথবা সূৰুযৰ ৰশ্মিৰ লৈ উত্তাপ

ডাঠ কাপোৰ পিন্ধা যৌৱনা নাৰীৰ সংগত

সকলো মানুহে কৰে সময় অতিবাহিত ।


নিৰুদ্ধৱাতায়নমন্দিৰোদৰং

হুতাশনো ভানুমতো গভস্তয়ঃ ।

গুৰূণি ৱাসাংস্যবলাঃ সয়ৌৱনাঃ

প্রয়ান্তি কালেঽত্র জনস্য সেব্যতাম্ ।। ২।।


ভাল নালাগে জোনৰ কিৰণৰ দৰে শীতল চন্দন

শাৰদীয় জ্যোৎস্নাসম শুভ্ৰ জোনাকতো ভৱনৰ ছাঁদ নালাগে ভাল,

হিমকণাযুক্ত মৃদু বতাহজাকো সহিব নোৱাৰে এতিয়া কোনেও ।


ন চন্দনং চন্দ্রমৰীচিশীতলং

ন হর্ম্যপৃষ্ঠং শৰদিন্দুনির্মলম্ ।

ন ৱায়বঃ সান্দ্রতুষাৰশীতলা

জনস্য চিত্তং ৰময়ন্তি সাংপ্রতম্ ।। ৩।।


তুষাৰপাতত নামি অহা শীত

জোনৰ শীতল পোহৰত অধিক শীতল হয় 

শেঁতা পোহৰৰ তৰাৰে বিভূষিত ৰাতি

কোনো লোকৰ বাবে উপভোগ্য নহয়।


তুষাৰসংঘাতনিপাতশীতলাঃ

শশাঙ্কভাভিঃ শিশিৰীকৃতাঃ পুনঃ ।

ৱিপাণ্ডুতাৰাগণচাৰুভূষণা

জনস্য সেব্যা ন ভৱন্তি ৰাত্রয়ঃ ।।৪।।


তামোল-পাণ খাই সানি কস্তুৰী বিলেপন

পৰিধান কৰি মালা

সুখদ মদিৰাৰে সুবাসিত কৰি মুখকমল,

কালাগুৰুৰ ধোঁৱাৰে সুবাসিত শয়নকক্ষত

অতি উৎসুকতাৰে প্ৰৱেশ কৰে এই শীতত ।


গৃহীততাম্বূলৱিলেপনস্রজঃ

সুখাসবামোদিতৱক্ত্রপঙ্কজাঃ ।

প্রকামকালাগৰুধূপৱাসিতং

ৱিশন্তি শয্যাগৃহমুত্সুকাঃ স্ত্রিয়ঃ ।। ৫।।


অপৰাধ কৰা পতিয়ে বহু ককৰ্থনা কৰা প্ৰিয়াৰ কাষলৈ

ভয়ত কঁপি সংজ্ঞালুপ্ত হৈ আহে সম্ভোগৰ অভিলাস লৈ,

স্বামীৰ ভয়াৰ্ত মুখ দেখি পাহৰি তেওঁৰ অপৰাধ

প্ৰমদা পত্নী লিপ্ত হয় মিলনত।


কৃতাপৰাধান্ বহুশোঽপি তর্জিতান্

সৱেপথূন্ সাধ্বসলুপ্তচেতসঃ ।

নিৰীক্ষ্য ভর্তৃন্ সুৰতাভিলাষিণঃ

স্ত্রিয়োঽপৰাধান্ সমদা ৱিসস্মৰুঃ ।। ৬।।


অত্যন্ত কামাসক্ত যুৱকে নিৰ্দয় হৈ 

নিশা দীৰ্ঘকাল জুৰি কৰে অভিৰমণ

ৰতিশ্ৰমত ক্লান্ত জংঘাৰ নৱযৌৱনা নাৰীয়ে

নিশাৰ অন্তত পুৱা কৰে ধীৰগতিৰে সঞ্চৰণ  ।


প্রকামকামৈয়ুৱৰ্ভিঃ নির্দয়ং 

নিশাসু দীর্ঘাস্বভিৰামিতাশ্চিৰম্ ।

ভ্রমন্তি মন্দং শ্রমখেদিতোৰবঃ

ক্ষপাৱসানে নৱযৌৱনাঃ স্ত্রিয়ঃ ।। ৭।।

 

মনোজ্ঞ বক্ষবন্ধনী বুকুত আঁটি বান্ধি

জংঘাদেশত ৰঙীন দেৱাংগবসন পিন্ধি

গুজিলৈ সুবাসিত কুসুম চুলিৰ মাজত

নাৰীয়ে কৰিছে হিমৰ আগমন অলংকৃত ।

 

মনোজ্ঞকূর্পাসকপীড়িতস্তনাঃ

সৰাগকৌশেয়কভূষিতোৰৱঃ ।

নিৱেশিতান্তঃকুসুমৈঃ শিৰোৰুহৈঃ

ৱিভূষয়ন্তীৱ হিমাগমং স্ত্রিয়ঃ ।। ৮।।


কুমকুম সানি পীতআভাৰ উঠন পয়োধৰ 

নৱযৌৱনৰ উষ্মতাৰে যোগ্য সুখদ উপভোগৰ।

তেনে বিলাসিনী কামিনীৰ বক্ষ আলিংগন কৰি

শীতক উপেক্ষি কামাতুৰ পুৰুষে কৰিছে শয়ন । 

  

পয়োধৰৈঃ কুঙ্কুমৰাগপিঞ্জৰৈঃ

সুখোপসেব্যৈর্নৱযৌৱনোষ্মভিঃ ।

ৱিলাসিনীভিঃ পৰিপীড়িতোৰসঃ

স্বপন্তি শীতং পৰিভূয় কামিনঃ ।। ৯।।


কামোদ্দীপক মনোহৰ মদিৰাত ভাসিত পদুমৰ পাহি

সুবাসিত নিঃশ্বাসত হৈ উঠিছে কম্পিত,

ৰমণীসৱে প্ৰিয় পুৰুষৰ সৈতে মনৰ  সুখত

নিশাৰ বেলাত কৰিছে পান হৈ কামনাৰে জৰ্জৰিত ।


সুগন্ধিনিঃশ্বাসৱিকম্পিতোত্পলং

মনোহৰং কামৰতিপ্রবোধনম্ ।

নিশাসু হৃষ্টাঃ সহ কামিভিঃ স্ত্রিয়ঃ

পিবন্তি মদ্যং মদনীয়মুত্তমম্ ।। ১০।।


পুৱা যৌৱনা অংগণা হয় মদৰাগীৰ পৰা মুক্ত

যাৰ উঠন বক্ষ তেতিয়াও পতিৰ নিবিড় আলিংগনাৱদ্ধ

প্ৰিয়তমে  উপভোগ কৰা নিজৰ শৰীৰ কৰি প্ৰত্যক্ষ

হাঁহি মাৰি প্ৰৱেশ কৰে অন্য কক্ষত এৰি শয়নকক্ষ ।


অপগতমদৰাগা য়োষিদেকা প্রভাতে

কৃতনিবিডকুচাগ্রা পত্যুৰালিঙ্গনেন ।

প্রিয়তমপৰিভুক্তং ৱীক্ষমাণা স্বদেহং

ব্রজতি শয়নৱাসাদ্বাসমন্যধ্দসন্তী ।।১১।।


অগুৰু সুৰভিত কুঞ্চিত ঘনকেশৰ মালা যায় জহি

এনে আউল-বাউল চুলিটাৰি সামৰি

ত্যাগ কৰে পুৱাৰ শয্যা সৌন্দৰ্যময়ী কামিনী

খামুচীয়া কঁকাল আৰু বিশাল নিতম্বৰ অনিন্দ্য সুন্দৰী ।


অগুৰুসুৰভিধূপামোদিতং কেশপাশং

গলিতকুসুমমালং তন্বতী কুঞ্চিতাগ্রম্ ।

ত্যজতি গুৰুনিতম্বা নিম্নমধ্যাৱসানা 

ওষসি শয়নমন্যা কামিনী চাৰুশোভাম্ ।। ১২।।


মনোহৰ ৰক্তিম ওঁঠ আৰু স্বৰ্ণকমলৰ দৰে যাৰ কান্তি

শীতৰ ঋতুত ঘৰৰ ভিতৰত তেনে ৰমণী উঠে উজলি

আকৰ্ণ বিস্তৃত যাৰ ৰক্তাভ নয়নৰ প্ৰান্ত

চুলিটাৰি বিয়পি পৰিছে যাৰ কান্ধ পৰ্যন্ত 

বিম্বফলৰ দৰে অৰুণাভ মুখৰ সৌন্দৰ্য বিভূষিতা নাৰী

প্ৰত্যুষতে দেখি লাগে যেন স্বয়ং লক্ষ্মীদেৱী।


কনককমলকান্তৈশ্চাৰুতাম্রাধৰোষ্ঠৈঃ

শ্রৱণতটনিষক্তৈঃ পাটলোপান্তনেত্রৈঃ ।

উষসি ৱদনবিম্বৈৰংসসংসক্তকেশৈঃ

শ্রিয় ইৱ গৃহমধ্যে সংস্থিতা যোষিতোঽদ্য ।। ১৩।।


গুৰুজংঘাৰ ভৰত ক্ষীণ শৰীৰৰ মধ্যভাগ পীড়িত

ধীৰে ধীৰে কৰে গমন বুকুৰ ভৰত হৈ ক্লিষ্ট

সোনকালে ৰাতিৰ ৰতিক্ৰীড়াৰ বেশ কৰি সলনি

দিনৰ উপযুক্ত বেশভূষাৰে সাজে-কাচে কোনো যুৱতী ।


পৃথুজঘনভৰার্তাঃ কিংচিদানম্রমধ্যাঃ

স্তনভৰপৰিখেদান্ মন্দমন্দং ব্রজন্ত্যঃ ।

সুৰতসময়ৱেষং নৈষমাশু প্রহায়

দধতি দিৱসযোগ্যং ৱেষমন্যাস্তৰুণ্যঃ  ।।১৪।।


নখক্ষতৰে ভৰি থকা স্তনাগ্ৰ কৰি প্ৰত্যক্ষ

কুঁহিপাতৰ দৰে ওঁঠৰ দন্তক্ষত কৰি স্পৰ্শ

অভিলাষিত ৰমনৰসৰ অনুভৱত হৈ আনন্দিত

তৰুণীসৱে সূৰ্যোদয়ৰ সময়ত কৰে মুখশ্ৰী সজ্জিত ।


নখপদৰচিতভাগান্ বীক্ষ্যমাণাঃ স্তনাগ্ৰা-

নধৰকিসলয়াগ্রং দন্তভিন্নং স্পৃশন্ত্যঃ ।

অভিমতৰতৱেষং নন্দয়ন্ত্যস্তৰুণ্যঃ

সৱিতুৰুদয়কালে ভূষয়ন্ত্যাননানি ।। ১৫।।


শীতত উপচি পৰে সুমিষ্ট ব্যঞ্জন গুড়ৰ

সস্বাদু ন-ধান আৰু কুঁহিয়াৰৰ পয়োভৰ

প্ৰবল ৰতিক্ৰীড়াৰে মদনৰ বাঢ়ে দৰ্প

প্ৰিয়জনৰ বিৰহ হয় মনৰ সন্তাপৰ কাৰণ

এই শীতৰ ঋতুৱে সাধক সদায় আপোনাৰ কল্যাণ ।


প্রচুৰগুডৱিকাৰঃ স্বাদুশালীক্ষুৰম্যঃ

প্রবলসুৰতকেলির্জাতকন্দর্পদর্পঃ ।

প্রিয়জনৰহিতানাং চিত্তসংতাপহেতুঃ

শিশিৰসময় এষঃ শ্রেয়সে ৱোঽস্তু নিত্যম্ ।।১৬।।


।। ইতি শিশিৰঃ।।


পঞ্চম অধ্যায়ৰ ছন্দ সম্পৰ্কে টোকা -

শ্লোক ১ৰ পৰা ১০লৈ - উপজাতি ছন্দ। শ্লোক ১১ৰ পৰা ১৬লৈ- মালিনী ছন্দ।

(আগলৈ)

অন্যযুগৰ প্ৰকাশিত সংখ্যাসমূহ