অন্যযুগ/
ঔপনিৱেশিক অসমত বুৰঞ্জী চৰ্চাৰ পৰম্পৰা
ভাৰতবৰ্ষ বিভিন্ন সভ্যতাৰ প্ৰাণকেন্দ্ৰ। ভিন ভিন সভ্যতাই ইয়াত
নিজাববীয়া উত্থান-পতনৰ চাপ ৰাখি থৈ গৈছে। এনে উত্থান-পতনৰ খতিয়ানবোৰকে বাস্তৱিকতে
‘ইতিহাস’ বুলিব পাৰি। বেদ-উপনিষদৰ ৰচনাভূমি ভাৰতত অৱশ্যে বৈজ্ঞানিকভাৱে ইতিহাস
অধ্যয়নৰ প্ৰক্ৰিয়াটো বৃটিছসকলৰ আগমনৰ পৰাহে আৰম্ভ হৈছে। সি যি কি নহওক, ভাৰতীয় দৃষ্টিকোণৰ পৰা ‘ইতিহাস’ অধ্যয়নৰ গুৰুত্ব অসীম। ‘ইতিহাস’ শব্দটি ‘ইতি’, ‘ই’ আৰু ‘আস’– এই
তিনিটা পদৰ সমষ্টি। ইয়াৰ অৰ্থ ‘এইদৰেই আছিল’। আনহাতে বহুতে ইতিহাস আৰু বুৰঞ্জীক
সমাৰ্থক অৰ্থত ব্যৱহাৰ কৰিব খোজে যদিও এয়া সমীচীন নহয়। ‘বুৰঞ্জী’ এক সম্পূৰ্ণ
টাইমূলীয় শব্দ, যাৰ অৰ্থ নজনা কথাক জনোৱা। একেটা অৰ্থকে
বুজোৱা আৰু তিনিটা শব্দ পোৱা যায়। সেইকেইটা হ’ল– ব্যু-লান-চি, ব্যু-লাচ-জী আৰু পু-লান-চী (ব্যু–মূৰ্খ, লান–
আগৰ দিনৰ, চি– কাকত, জী– ভঁৰাল,
পু– ককা) এই শব্দটোৰ বুৎপত্তিগত অৰ্থ কেইবাজনো পণ্ডিতে দাঙি
ধৰিছে যদিও ড০ সূৰ্যকুমাৰ ভূঞাই দিয়া ব্যাখ্যাকে সকলোৱে মানি লৈছে। তেখেতৰ মতে,
“বুৰঞ্জী মানে মূৰ্খৰ শিক্ষাৰ ভঁৰাল।”
আহোমসকলৰ অসম আগমনৰ লগে লগেই বুৰঞ্জী ৰচনাৰ পৰম্পৰাৰ সূত্ৰপাত
ঘটে। স্বৰ্গদেউ ছ্যু-কা-ফাই পিতৃৰাজ্য মাওলুং ত্যাগ কৰি পাটকাই পাৰ হৈ ১২২৮ খৃ:ত
খামজাং পাইহি আৰু ইয়াতে লগত অহা অনুচৰবৰ্গক লেখি দেখিলে যে, তিনি কুৰি মৰিল আৰু সাতজন হেৰাল। তেতিয়া ছ্যু-কা-ফাই লগত অহা পণ্ডিতক
ক’লে বোলে– “যি মৰে, যাক পাওঁ আৰু বাটত যি কথা হয়,
পণ্ডিতে সকলো লিখি থ’ব।”– ছ্যু-কা-ফাৰ এই আদেশেই অসমত বুৰঞ্জী ৰচনাৰ
সূত্ৰপাত ঘটালে। আহোম ৰাজত্বৰ প্ৰায় মাজভাগৰ পৰা লাহে লাহে অসমীয়া ভাষাতো এই বুৰঞ্জী
লিখিবলৈ লোৱা হৈছিল। এই কাৰ্যৰ জৰিয়তে তেওঁলোকে এফালে ঐতিহাসিক ঘটনাক্ৰম তথা বিৱৰণ
লিপিবদ্ধ কৰি পৰৱৰ্তী কালৰ ইতিহাস চৰ্চাত পৰ্যাপ্ত সমলৰ যোগান ধৰাৰ লগতে অসমীয়া
ভাষা-সাহিত্যৰ ক্ৰমোন্নয়নতো প্ৰভূত অৱদান দি থৈ গৈছে। আহোম যুগৰ ‘বুৰঞ্জী সাহিত্য’
অসমৰ মধ্যযুগৰ ভাষা, সাহিত্য, সংস্কৃতিৰ এক অপৰিহাৰ্য অংগ।
৬০০ বছৰীয়া আহোম ৰাজত্বৰ প্ৰতিটো খতিয়ান এই বুৰঞ্জী চৰ্চাৰ
পৰম্পৰাৰ ধাৰাই উন্মোচিত হৈছে। কোনো কোনো ক্ষেত্ৰত ৰজাঘৰীয়া পৃষ্ঠপোষকতাত
বুৰঞ্জীসমূহ লিখা হোৱাত অতিৰঞ্জিত কেতবোৰ ঘটনায়ো ভুমুকি মাৰিছে যদিও বুৰঞ্জীবোৰ
হ’ল অসমীয়া মধ্যযুগীয়া সমাজখনৰ দাপোণস্বৰূপ।
ইয়াণ্ডাবু সন্ধিৰ পাছত অসমত বৃটিছ শাসনৰ লগে লগে সামাজিক
চিত্ৰপটলৈ পৰিৱৰ্তন আহিল। বৃটিছৰ আশিসধন্য মধ্যবিত্ত শ্ৰেণীটো আৰু পূৰ্বতে
ৰজাঘৰীয়া বিষয়বাব ভোগ কৰাসকলৰ মাজত হোৱা মানসিকতাৰ পাৰ্থক্যই সমসাময়িক অসমীয়া
সাহিত্যৰ জগতখনলৈকো পৰিৱৰ্তন আনিলে। কাৰণ, সেই সময়ত এনে
কিছু সন্ধিক্ষণৰ বুৰঞ্জী লেখকে আত্মপ্ৰকাশ কৰিলে, যাৰ
ধমনীত প্ৰবাহিত হৈছিল ইন্দ্ৰবংশীয় শাসকৰ প্ৰতি শ্ৰদ্ধা আৰু বৃটিছ কোম্পানীৰ প্ৰতি
আনুগত্য।
সাহিত্যিকে যুগ সৃষ্টি কৰে আৰু যুগে সাহিত্যিকৰ। বুৰঞ্জী
লেখকসকলো সেই দায়বদ্ধতাৰ পৰা পৃথক নহয়। আনহাতে, অসমৰ
পুৰাতনীয়া বুৰঞ্জী চৰ্চাৰ প্ৰক্ৰিয়াটোক যেন ব্যেপ্টি©্† মিছনেৰিসকলেহে ত্বৰান্বিত কৰিলে। কাৰণ ছপাযন্ত্ৰৰ দ্বাৰা
পুথিবোৰ যি এক মুষ্টিমেয় শিক্ষিত লোক আছিল,
তেওঁলোকৰ আগলৈ উলিয়াই অনোৱালে। সেইদৰে, পূৰ্বতে
বুৰঞ্জীবোৰ ৰজাঘৰকেন্দ্ৰিক হোৱাত হজুৱা-সৰ্বসাধাৰণৰ কথা ইয়াত অন্তৰ্ভুক্তিৰ সুবিধা
নাছিল। কেৱল বৃটিছ আগমনৰ পাছৰ পৰাহে বুৰঞ্জী লেখকৰ এই দৃষ্টিভংগীলৈ পৰিৱৰ্তন আহিল।
অসমত বৃটিছ শাসনৰ কালছোৱাৰ প্ৰাৰম্ভণি পৰ্যায়ৰ বুৰঞ্জী লেখকসকলৰ
অন্যতম আছিল বিশ্বেশ্বৰ বৈদ্যাধিপ। পতনমুখী আহোম শাসনতন্ত্ৰক ভেঁটি কৰি লিখা তেওঁৰ
সৃষ্টিকৰ্ম হ’ল– বেলিমাৰৰ বুৰঞ্জী। মূলতঃ প্ৰাচীন পদ্যশৈলীক অনুকৰণ কৰা এই পুথিখনত
১৭৯২-১৮১৯ খৃ:ৰ সময়ছোৱাৰ অসমৰ ঘটনাৰাজি বৰ্ণিত হৈছে। পুথিখনি আধৰুৱা আৰু যথাসম্ভৱ
পুৰন্দৰ সিংহৰ ৰাজ-আজ্ঞামতে ১৮৩৩-ৰ পৰা ১৮৪৬ খৃ:ৰ ভিতৰত লিখা হৈছিল। এই বুৰঞ্জীত
গৌৰীনাথ সিংহৰ ৰাজত্বকালৰ পৰা (১৭৮০-৯৫ খৃ:) চন্দ্ৰকান্ত সিংহৰ ৰাজত্বকাললৈকে (১৮১১-১৮১৮
খৃঃ) মোৱামৰীয়াসকলৰ বিদ্ৰোহকে ধৰি যিবিলাক ৰাজনৈতিক ঘটনা ঘটিছিল, সেইবিলাকৰ বিৱৰণ আছে। কবিৰ
ভাষাত–“যি কালত কমলেশ্বৰ সিংহ ৰাজ্য ভৈল। শইস্যে মইস্যে সকলে মহাৰাম ৰাজ্য হৈল।”
কিন্তু সেই সমাজ বেছি দিন নিটিকিল। ইয়াত বৈষ্ণৱ কবিসকলৰ প্ৰকাশভংগী প্ৰয়োগ কৰা
হৈছে আৰু চলিত পদ, দুলড়ি, লেচাৰী,
মুক্তাৱলী, বিদগ্ধ লেচাৰী আদিৰ প্ৰয়োগ
লেখত ল’বলগীয়া। আভ্যন্তৰীণ ৰাজনৈতিক বিঘটন আৰু মানৰ আক্ৰমণে কিদৰে আহোম ৰাজতন্ত্ৰৰ
কঁকাল ভাঙি পেলাইছিল, এই সকলো কথা ইয়াত সন্নিৱিষ্ট কৰা হৈছে।
গ্ৰন্থখনিৰ লেখনশৈলীত পূৰ্ণানন্দ বুঢ়াগোহাঁইৰ সম্পৰ্কত এইদৰে বৰ্ণনা কৰা হৈছে–
“মহা ধৰ্যশীল বুধিমন্ত সদাচাৰীয সৰ্বগুণ অলংকৃত চিত্ত প্ৰতিকাৰী।” সেইদৰে
পূৰ্ণানন্দ বুঢ়াগোহাঁইৰ বিয়োগত চিন্তিত হৈ পৰা পত্নীসকলৰ বিলাপৰ চিত্ৰণ এনেদৰে
দাঙি ধৰা হৈছে–
“হা হৰি হৰিহ্ল স্বামী গৈল মৰি
আইলোঁ ৰাজ্য এৰি, পাইলোঁ কামপুৰী এ,
ধন-জন-বাৰী সকলো তৈতে থাকিলা।
তোমাৰ সমান, মন্ত্ৰী নাহি আন;
শত্ৰু স্থানে স্থানে কৰিলা নিৰ্য্যান এ,
অকণ্টকা কৰি সমস্ত ভূমি পালিলা।।
তোমাৰ বিয়োগে বঞ্চিলেক ভোগে
দৈৱৰ সংযোগে পাইল মহাৰোগে এ,
বিপত্তি কালত আপুনি তুমি মৰিলা।
বিধি বিড়ম্বিলে মনেও খেদিলে,
যুদ্ধতো হাৰিলে বলে নোৱাৰিলে এ,
আমাৰ কপালে বিধাতা হেন লিখিলা।।
অসমীয়া ভাষাত গদ্যত লিখা বুৰঞ্জীৰ তুলনাত পদ্যত লিখা বুৰঞ্জীৰ
সংখ্যা আঙুলিৰ মূৰত লিখিব পাৰি। বিশ্বেশ্বৰ বৈদ্যধিপ আৰু দুতিৰাম হাজৰিকাই এই
ক্ষেত্ৰত বাটকটীয়াৰ ভূমিকা লৈছিল। অসম চৰকাৰৰ বুৰঞ্জী আৰু পুৰাতত্ত্ব বিভাগে ১৯৩২
চনত প্ৰকাশ কৰা অসমৰ পদ্য-বুৰঞ্জী গ্ৰন্থত কলি ভাৰত বুৰঞ্জী আৰু বেলিমাৰৰ বুৰঞ্জী
পদ্য-বুৰঞ্জী দুখন অন্তৰ্ভুক্ত কৰিছে। ২১২ পৃষ্ঠাৰ কলি ভাৰত বুৰঞ্জীত চুলিক্ফা
ল’ৰা ৰজাৰ (১৬৭৯-৮১ খৃ:) ৰাজনৈতিক, ঐতিহাসিক প্ৰায় সকলো
ঘটনাৰ বিৱৰণ আছে। উল্লেখযোগ্য যে বুৰঞ্জীখনৰ কিছু ঘটনাৰ সম্পৰ্কত লেখকৰ চাক্ষুষ
অভিজ্ঞতা আছিল। চন্দ্ৰকান্ত সিংহৰ ৰাজত্বকালৰ পৰা মনিৰাম দেৱানৰ ফাঁচিলৈকে সকলো
ঘটনা তেওঁ নিজে দেখা পাইছিল। এই ঘটনাৱলীৰ বিৱৰণ ৮৬ টা পৃষ্ঠাত (১২৬-২১২ পৃ:)
বিস্তৃত হৈ আছে। আনহাতে লক্ষ্মী সিংহৰ দিনত হোৱা মোৱামৰীয়া বিদ্ৰোহৰ তথ্য আনৰ পৰা
পোৱা বুলি উল্লেখ কৰিছে। কামেশ্বৰ সিংহৰ পৃষ্ঠপোষকতাত এই গ্ৰন্থ ৰচনা কৰা হৈছিল।
দুতিৰাম হাজৰিকাৰ জন্ম ১৮০৬ খৃ:ত যোৰহাটত হৈছিল। তেওঁ বণিয়া
সম্প্ৰদায়ৰ লোক আৰু পুৰন্দৰ সিংহৰ সোণাৰি আছিল। পুথিখন ১৮৬২-ত সম্পূৰ্ণ কৰা হৈছিল
বুলি ঘটনাৰ বিৱৰণৰ পৰা বুজিব পাৰি। সাহিত্য হিচাপেও কলি ভাৰত বুৰঞ্জীয়ে বিশেষ
সমাদৰ লাভ কৰিছে। নিভাঁজ ভাষা, আকৰ্ষণীয় বচনভংগী, কম কথাতে ব্যাপক অৰ্থ প্ৰকাশ কৰিব পৰা কবিৰ দক্ষতা, ঘৰুৱা ৰচনাভংগী আদিয়ে গদ্য পুথিখন আকৰ্ষণীয় কৰি তুলিছে। উদাহৰণস্বৰূপে–
কমলেশ্বৰ সিংহৰ অকাল বিয়োগ হোৱাৰ বৰ্ণনা কবিয়ে এইদৰে দিছে– “কলিৰ আগত কিবা চাৱে
বুঢ়া, ডেকায কেঁচাফল সৰি যায় ডালৰহে পকা”। তদুপৰি জয়মতীক
শাস্তি দিয়া চাবলৈ অহা গদাধৰ সিংহক আঁতৰি যাবলৈ কোৱা কথাষাৰ কবিয়ে এইদৰে বৰ্ণাইছে–
“কৈৰ কোন লোক আমে এহেৰ-তেহেৰয সিয়ো মোত কথা কহে ঠেহেৰ ঠেহেৰ”। এনে ধৰণৰ মাত-কথাও
ইয়াত বহু ঠাইত আছে। এই বৈষয়িক কাহিনী কওঁতে বিষয়ৰ অসাৰতাহে প্ৰতিপন্ন কৰিবৰ প্ৰয়াস
পাইছে। চন্দ্ৰকান্তক তৰাতলীলৈ নিওঁতে পুৰনাৰীসকলৰ বিলাপ-বৰ্ণনা বিতোপন–
“চন্দ্ৰকান্ত মহাৰাজা। চন্দ্ৰৰ সমান তেজা।। নাম চন্দ্ৰকান্ত কয়। চন্দ্ৰ যেন
প্ৰকাশয়।। কৰিলা অঙ্গক খুন। তভো শান্ত নোহে মন।। নগৰৰ ৰাজ কৰি। লৈয়া যায় দূেত
ধৰি।। নাহি একো ৰথযান। মেঘে কৰে বৰিষণ।। নাহি দণ্ড ছত্ৰ তাত। মাথে এক জাপি মাত্ৰ।।
পথে পঙ্ক আছে হুই। ভূমি গতি চলি যায়। দিচৈ ভোগদৈ পাৰ হই। লোক সৱে আছে চাই।।
প্ৰজাসৱে বেঢ়ি যায়। কতো হিয়া ধাকুৰায়।। চিত্ৰৰ পুতলী যেন। নকান্দস বৰ কৰি। নিব
ৰাজদূতে ধৰি।। নৃপতিৰ লোক সৱে আছে চাই।। প্ৰজাসৱে বেঢ়ি যায়। কতো হিয়া ধাকুৰায়।।
চিত্ৰৰ পুতলী যেন। হেন ৰাজা ভৈল কেন।। এহি বুলি কান্দে কতো। কোনো বাধা দিয়ে তাতো।।
নকান্দস বৰ কৰি। নিব ৰাজদূতে ধৰি।। নৃপতিৰ হেন দুখ। তোৰ কি চাহিব মুখ।। এহিমতে
নৃপতিক। বেঢ়ি যায় বহু লোক।। লগত নাহিক কেও। দুই বাহিনী আৰু মাও।। আবৰিয়া আছে কাষে।
ৰাজদূত আগে-পাছে।। চেউনি আলি পথ ধৰি। গৈয়া পাইল কেন্দুগুৰি।। তাহাতে বসিলা ৰাজা।
চাৱে বেৰি সৱ প্ৰজা।। টেকেলা ভাবুকি দেয়। হাতে বেত তুলি লয়।। ৰাজা বাধা দিয়ে তাক।
নবাধিবা চাওক মোক।। দেখিবেক কোন দিনে। তাত বাধা কৰে কেনে।। শুনি হেন নবাধিল।
ভালৰূপে সৱে চাইল।। কিছুমান কহি তাতে। চলিয়া গৈলেক বাটে।। প্ৰজাসৱে কান্দি কয়।
নৃপতিক লৈয়া যায়। যাইবাক নপাৰে ভৰি। দেখি কটোৱালে ঘূৰি।। জনাইল মন্ত্ৰীৰ আগে। যান
এক দিবা লাগে। চলিতে নপাৰে পাই। তেজ ফুটি বাহিৰায়।। সেহিমতে নিবো কেনে। গৈয়া
পাইবোঁ কোন দিনে।। শুনি ঘোঁৰা দিল এক। তুলি নিল নৃপতিক।। সেহি মতে লৈয়া গৈলা।
তৰাতলী হাট পাইলা।। তাতে বাসা গৃহ কৰি। নৃপতিক থৈল ভৰি।। প্ৰহৰা দিলেক তাত। ৰখি
থাকে দিনৰাত।। সামান্যৰ কোন লেখা। হৰি পাৱে কৰা আশা।। গুচিবে দুৰ্গতি দুখ।
নিজানন্দ পাইবা সুখ।।”
প্ৰথম ইংগ-বৰ্মী যুদ্ধৰ পাছত মানক পৰাস্ত কৰি বৃটিছে ইয়াণ্ডাবু
ঘোষণা কৰিছিল যে, তেওঁলোকে ৰাজ্য জয়ৰ অভিপ্ৰায়েৰে ইয়াত
প্ৰৱেশ কৰা নাই। শত্ৰু মান সেনাক বিতাৰণ কৰি শান্তি প্ৰতিষ্ঠা হ’লেই তেওঁলোক গুচি
যাব। অৱশ্যে কাৰ্যক্ষেত্ৰত সেয়া নহৈ বৃটিছ অসমৰ ৰাজনীতিত ‘এদেও দুদেও লোটা নিয়া
চেও’ ধৰি হস্তক্ষেপ কৰিলে আৰু ৰজা ভঙা-পতা কাৰ্যত হাত দিলে। দুৰ্বল ৰজাৰ পৰা
তেওঁলোকৰ কোনো ধৰণৰ প্ৰতিৰোধৰ শংকা নাছিল আৰু সামন্তবাদী শাসনত অতিষ্ঠ হৈ পৰা
প্ৰজাগণেই বৃটিছক আদৰণি জনাইছিল। কাৰ্যক্ষেত্ৰত সেয়া কিন্তু হিতে বিপৰীতহে হ’ল।
মান আৰু মোৱামৰীয়া আক্ৰমণে ক্ৰমাগত দুৰ্বল কৰি পেলোৱা ৰাজ্যখনত
বৃটিছে অধিকাৰ কৰি যি ধৰণৰ অৰ্থনৈতিক শোষণৰ কাৰিকা স্থাপন কৰিছিল, তাত স্বাভাৱিকতে ৰায়তসকলৰ অৱস্থা তথৈৱচ হৈ পৰিছিল। এই তথ্য সেই সময়ৰে
এজন নৱ্য অভিজাত আৰু বৃটিছৰ বিশ্বস্ত কৰ্মচাৰী আনন্দৰাম ঢেকিয়াল ফুকনৰ টোকাত
উল্লেখ আছে– “এতিয়ালৈকে ইংৰাজ প্ৰশাসনে বাস্তৱিক ক্ষেত্ৰত দেশৰ বৈষয়িক অৱস্থাৰ
উন্নয়ন আৰু শ্ৰীবৃদ্ধিৰ দিশত ব্যৰ্থ হৈছে, ... আৰু যদিও
অসমক বৃটিছ সাম্ৰাজ্যৰ সৈতে চামিল কৰাৰ পৰা এতিয়ালৈ ২৮ বছৰ পাৰ হৈ গ’ল, জনসাধাৰণৰ অৱস্থাৰ আৰু সজ প্ৰশাসনৰ উন্নয়নৰ ক্ষেত্ৰত অতি সামান্য
পৰিৱৰ্তনহে সাধিত হৈছে।”
সাধাৰণ শ্ৰেণীৰ মানুহৰ এই ব্যৱস্থাৰ বিপৰীতে কিন্তু অভিজাতসকলৰ
অৱস্থাও বৰ বেছি স্বচ্ছন্দ নাছিল। নতুন প্ৰশাসন ব্যৱস্থাত আহোম সামন্তীয় শ্ৰেণীটোৰ
একাংশ আৰম্ভণিৰে পৰা জড়িত হৈ পৰিছিল যদিও সেই শ্ৰেণীৰ অনেক লোক কৰ্মসংস্থাপনহীন হৈ
পৰিছিল। অসমত ইংৰাজ প্ৰশাসনৰ আৰম্ভণিৰে পৰা আধুনিক শিক্ষাৰে শিক্ষিত বংগদেশৰ
বাঙালী লোকক প্ৰশাসনিক কাম-কাজত নিয়োগ কৰাৰ ব্যৱস্থা কৰাৰ ফলত অসমৰ পূৰ্বৰ আহোম
ডা-ডাঙৰীয়াসকলে আৰু তেওঁলোকৰ সতি-সন্ততিসকলে প্ৰশাসনিক বিষয়বাবৰ পৰা বঞ্চিত হ’বলৈ
বাধ্য হৈছিল। এনে এক অৱস্থাতে আহোম ৰাজতন্ত্ৰ আৰু ডা-ডাঙৰীয়াসকলৰ ত্ৰাণকৰ্তাৰূপে
অসমৰ ৰাজনৈতিক মঞ্চত আবিৰ্ভাৱ হৈছিল মনিৰাম দত্ত বৰভাণ্ডাৰ বৰুৱা দেৱানৰ। প্ৰথম
ইংগ-বৰ্মী যুদ্ধৰ সময়ৰ পৰা মিল্ছৰ অসম ভ্ৰমণৰ আগমুহূৰ্তলৈ উদীয়মান অসমীয়া
মধ্যবিত্ত শ্ৰেণীৰ লোক মনিৰাম (১৮০৬-৫৮) আছিল একাধাৰে ইংৰাজৰ এজন বিশ্বস্ত বন্ধু,
সহযোগী আৰু চৰকাৰী বিষয়া। পিতাক ৰামদত্তৰ দিনৰ পৰা প্ৰচুৰ অৰ্থ
আৰু ভূ-সম্পত্তিৰ মালিক মনিৰাম আছিল অত্যন্ত চতুৰ, ৰাজনৈতিক
আৰু প্ৰশাসনিক দক্ষতাসম্পন্ন আৰু বুদ্ধিদীপ্ত লোক।
উজনি অসমৰ পলিটিকেল এজেণ্ট্ কেপ্টেইন নিউৱিলে (Captain
Neufville) ১৮২৮ চনমানতে মনিৰামৰ বুদ্ধিমত্তাৰ প্ৰতি আকৰ্ষিত
হৈছিল আৰু জনাৰ্দন বৰবৰুৱাক বৰ্খাস্ত কৰাৰ পাছত তেওঁক উজনি অসমৰ তহচিলদাৰ পদত
নিয়োগ কৰিছিল। তেওঁ প্ৰথম অৱস্থাত উজনি অসমত ইংৰাজৰ আমোলত ইতিমধ্যে বিধ্বস্ত হৈ
পৰা খেল ব্যৱস্থা সুসংহত কৰি ৰাজহ আদায়ত কৃতিত্বৰ পৰিচয় দিছিল। তেওঁ কোম্পানীৰ
চৰকাৰে ভূটীয়া, খাছী, গাৰো আদিৰ
বিৰুদ্ধে কৰা যুদ্ধত যথেষ্ট সহায় কৰিছিল। ইয়াৰ পাছততেওঁ কেপ্টেইন নিউৱিলৰ তলত
ৰেভিনিউ চিৰস্তাদাৰ হয়। ১৮৩৩ চনত পুৰন্দৰ সিংহক উজনি অসমৰ ৰজা পতাত মনিৰাম তেওঁৰ
সহায়ক হৈ পৰিল। কেপ্টেইন নিউৱিলৰ আমোলৰ পৰা ভোগ কৰি অহা ৰেভিনিউ চিৰস্তাদাৰ পদবীত
বাহাল ৰখাৰ উপৰি তেওঁক বৰভাণ্ডাৰ বৰুৱা পদবীত নিযুক্তি দিছিল আৰু নতুনকৈ সৃষ্টি
কৰা কেইবাখনো মৌজাৰ মৌজাদাৰৰ দায়িত্বও অৰ্পণ কৰিছিল। অৱশ্যে পুৰন্দৰ সিংহৰ ৰাজত্বৰ
শেহৰ পিনে মনিৰাম দেৱানে মৌজাদাৰৰ দায়িত্বৰ বাহিৰে বাকী পদবীবিলাকৰ পৰা অব্যাহতি
লৈছিল। ১৮৩৮ চনত পুৰন্দৰক সিংহাসনচ্যুত কৰি তেওঁৰ ৰাজ্য কোম্পানীৰ ৰাজ্যৰ সৈতে
চামিল কৰাৰ পাছত শিৱসাগৰৰ প্ৰিঞ্চিপাল এছিছ্েI×ণ্ট্ৰূপে
নিযুক্তি লাভ কৰা লেফ্টানেণ্ট্ ব্ৰ’ডি (Lieunt. Brodie) চাহাবে
মনিৰামৰ পৰা পুৰন্দৰ সিংহই দিয়া মৌজাসমূহ কাঢ়ি লৈছিল। ব্ৰ’ডিৰ এই কাৰ্যত অসন্তুষ্ট
হৈ মনিৰামে নাজিৰাত থকা আসাম টি কোম্পানীৰ প্ৰধান কাৰ্যকাৰক তথা দেৱানৰূপে মাহিলী
দুশ টকা দৰমহাৰ চাকৰিত যোগদান কৰিছিল। তাতো তেওঁ নিজৰ দক্ষতাৰ পৰিচয় দিছিল। কিন্তু
কোম্পানীৰ চাকৰিয়ে তেওঁক নুসুজিলে, তাৰ পৰা ইস্তফা দি
তেওঁ যোৰহাটৰ ওচৰত চেংলুং আৰু চেনিৰামত নিজাববীয়াকৈ দুখন চাহবাগিচা খুলি ল’লে আৰু
সেই কাৰ্যত সাফল্য লাভ কৰে। ১৮৫১ চনত কেপ্টেইন চাৰ্লছ্ হলৰয়দে (Captain
Charles Holroyd) কেপ্টেইন ব্ৰ’ডিৰ ঠাইত শিৱসাগৰৰ প্ৰিঞ্চিপাল
এছিছ্টেণ্ট্ৰূপে কাৰ্যভাৰ গ্ৰহণ কৰাৰ পাছত অৱশিষ্ট মৌজাসমূহৰ দায়িত্বৰ পৰাও
মনিৰামক অপসাৰিত কৰে। এইবিলাকে মনিৰামৰ যথেষ্ট আৰ্থিক ক্ষতি সাধন কৰিছিল। এনে
আৰ্থিক অনাটনৰ মাজতো তেওঁ পৰিয়ালৰ ১৮৫ জন লোকক পোহপাল দিয়াৰ উপৰি ভূমি-সম্পত্তিৰ
বাবদ চৰকাৰক বছৰেকত ৫০০ টকা খাজনা দিব লাগিছিল। কোম্পানীৰ চৰকাৰৰ আমোলত মনিৰামৰ
দ্ৰুতহ্ৰাসমান বৈষয়িক সা-সুবিধাই তেওঁৰ আৰু তেওঁৰ পৰিয়ালৰ বাবে এৰাব নোৱৰা আৰ্থিক
দুৰ্যোগ মাতি আনিছিল। অৱশ্যে মনিৰামৰ এই দুৰাৱস্থাটোৱে আনহাতে উদীয়মান অসমীয়া
মধ্যবিত্ত শ্ৰেণীৰ লোকৰ আৰ্থিক অনাটন আৰু দুৰ্দশাৰ চিত্ৰটোকে জাজ্বল্যমান ৰূপত
দাঙি ধৰিছে। এনে অৱস্থাত মনিৰামসহ এই শ্ৰেণীটোৰ অন্যান্যসকলৰ বিদ্ৰোহত অংশগ্ৰহণ
কৰাৰ বাহিৰে কোনো গত্যন্তৰ নাছিল।
বৃটিছৰ ছত্ৰছায়াত প্ৰৱৰ্তিত নৱ্য শাসন ব্যৱস্থাত প্ৰশাসনিক
বিষয়াৰূপে কাৰ্যনিৰ্বাহ কৰি তেওঁ প্ৰচুৰ অভিজ্ঞতা সঞ্চয় কৰিছিল আৰু তেওঁ অসমৰ
ইতিহাসৰ এই সন্ধিক্ষণৰ জটিল অৱস্থাতো অত্যন্ত বিচক্ষণতাৰে সৈতে অনুধাৱন কৰিবলৈ
সক্ষম হৈছিল। মনিৰামৰ জীৱনজোৰা কাৰ্যকলাপৰ প্ৰতি দৃষ্টি নিক্ষেপ কৰিলে দেখা যায় যে,
তেওঁ সততে নিজ শ্ৰেণীস্বাৰ্থৰ প্ৰতি অত্যন্ত স্পৰ্শকাতৰ আছিল।
সেয়েহে তেওঁ ইংৰাজে অভিজাত শ্ৰেণীৰ লগতে উদীয়মান অসমীয়া মধ্যবিত্ত শ্ৰেণীৰ অসুবিধা
সংকুচিত কৰাৰো বিৰোধিতা কৰিছিল আৰু তদানীন্তন অসমৰ ৰাজনৈতিক ঘটনাপ্ৰবাহৰ দ্ৰুত
পৰিৱৰ্তনশীল পটভূমিত নিজকে সাম্ৰাজ্যবাদৰ বিশ্বস্ত সহযোগী বন্ধুৰ পৰা ক্ৰমে ক্ৰমে
শত্ৰুলৈ পৰিৱৰ্তিত কৰি দেশমাতৃৰ স্বাধীনতা সংগ্ৰামৰ বেদীত প্ৰাণাহুতি দিছিল।
মনিৰামৰ ব্যক্তিত্বৰ এই উত্তৰণ এদিনতে হোৱা নাছিল। এফালে ব্যক্তিগত, আনফালে দেশৰ বিপুল জনসাধাৰণৰ সামাজিক আৰু অৰ্থনৈতিক বিলাই-বিপত্তিয়ে
মনিৰামক এই অৱস্থালৈ লৈ গৈছিল। এই সামাজিক আৰু অৰ্থনৈতিক বিলাই-বিপত্তিৰ গুৰিতে যে
দেশৰ ৰাজনৈতিক পৰাধীনতা তাক ইংৰাজৰ প্ৰত্যক্ষ পৃষ্ঠপোষকতাত গঢ় লৈ উঠা অসমীয়া
মধ্যবিত্ত শ্ৰেণীৰ মনিৰাম বৰভাণ্ডাৰ বৰুৱা দেৱানে উপলব্ধি কৰিব পাৰিছিল। তেওঁ
লিখিছিল– “দৰিদ্ৰ অসম ৰজাৰ উদাৰ আৰু মৰমিয়াল ৰাজত্বৰ সুবিমল ছাঁয়াত সুখে-সন্তোষে
থাকিবলৈ পাম বুলি ভাবি শেষোক্ত বিচাৰত এই অংশৰ সকলো প্ৰজাই অসীম আনন্দ অনুভৱ
কৰিছিল।” কিন্তু আহোম ৰাজতন্ত্ৰৰ বিপৰীতে বৃটিছ শাসন ব্যৱস্থা অতি সোনকালেই অসমীয়া
মানুহৰ বাবে বাঘৰ ৰাজত্বলৈ পৰিৱৰ্তিত হৈছিল। তেওঁ কৈছিল– “আমি যেনিবা সম্প্ৰতি
বাঘৰ পেটতহে সোমাইছোঁহক।”
‘বুৰঞ্জী-বিবেক ৰত্ন’ বুলি মনিৰাম দেৱানৰ এখন হাতে-লিখা বুৰঞ্জী
অসমৰ বুৰঞ্জী-পুৰাতত্ত্ব বিভাগত সংৰক্ষিত হৈছে। ১৮৩৮-ত সংকলিত এই গ্ৰন্থৰ ভাষা
বঙলাভঁজুৱা হ’লেও সমসাময়িক ঘটনাবোৰ জীৱন্তভাৱে বৰ্ণোৱা আছে– “কুম্পানিৰ যোৰহাট
ফৌজৰ যোৰহাট দখল। তত পৰ মাঘ মাসে আসিয়া কুম্পানিৰ ফৌজৰ যোৰহাট দখল কৰে। চাম ফুকনেৰা
ক্ৰমাত ক্ৰমে পশ্চাতে হটিয়া জাইতে লাগিল। পৰে সৰকাৰেৰ ফৌজ গিয়া গৌৰীসাগৰ পহুচাতে
তাৱত মানেৰা নামডাঙ্গৰ সিলসাকোৰ আলীএ পথাৰে জুৰি এক জুদ্ধ কেই। তাহাতে কুম্পানি
বাহাদুৰেৰ ফৌজক এক কুম্পানি জুদ্ধ দেওঁতে পৰস্পৰ অতিশয় বল-বীৰ্য্য ফন্দি-ফিকিৰ
জ্ঞাত হওঁতে বিশেষ কয়েক মান মৰা পৰা দেখি জুদ্ধ ভঙ্গ হৈয়া ফিৰিয়া গেল। সৰকাৰি ফৌজো
ধাওঁ কৰি ৰঙ্গপুৰে জাই তাহাতে ঔগুৰি চকিতে পুনৰ জুদ্ধ দেই। আলিৰ দুই ফালেৰ পৰা
জংঘল হৈতে গুলী চালাইতে লাগিল।”
সমসাময়িক অসম সম্পৰ্কে বিৱৰণ দাঙি ধৰোঁতা আনজন ব্যক্তি হ’ল
কাশীনাথ তামুলী ফুকন (১৮১০-৭০ অনুমানিক)। কাশীনাথ পুৰন্দৰ সিংহৰ দিনত তামুলী ফুকন
আৰু ইংৰাজৰ আমোলত শিৱসাগৰ আৰু গুৱাহাটীত মুন্সিফ আছিল। স্বৰ্গদেউ পুৰন্দৰ সিংহৰ
আজ্ঞাৰে কাশীনাথ শৰ্মা তামুলী ফুকনৰ দ্বাৰা ৰচিত আসাম বুৰন্জি (বুৰঞ্জী) পুথি
শিৱসাগৰৰ আমেৰিকান ব্যাপ্তিষ্ট মিচন প্ৰেছৰ পৰা ১৮৪৪ খৃ:ত প্ৰকাশিত হয়। তেতিয়া
অসমত হাতে লিখা সাঁচিপতীয়া আসাম বুৰঞ্জী উভৈনদী আছিল আৰু আহোমৰ দিনৰ শাসন প্ৰণালী
নিজ চকুৰে দেখা আৰু আহোমৰ আমোলত বিষয় আদি খোৱা ‘পিতৃ বুঢ়াগোহাই ডাঙ্গৰীয়াৰ’ দিনৰ
ডা-ডাঙৰীয়া, বৰুৱা-ফুকন, হাজৰিকা-শইকীয়াও
দেশত অলেখ পৰিমাণে আছিল। গতিকে প্ৰাথমিক তথ্যৰ সহায়ত এখন বৰপাহী (বিস্তৃত বুৰঞ্জী)
সেই সময়ত বা তাৰ পাছতো ৰচনা কৰা হৈছিল যদিও ৰাইজৰ আগলৈ বিভিন্ন কাৰণত সেইবোৰ ওলোৱা নাছিল।
কাশীনাথ তামুলী ফুকনৰ বুৰঞ্জীখন আকাৰত নিচেই সৰু। নানা বুৰঞ্জীৰ
সাৰমৰ্ম লৈ লিখাৰ নিমিত্তে ইয়াত ভুল-ভ্ৰান্তিৰ পৰিমাণ পাৰ্যমানে কম। বিশেষতঃ
পুৰন্দৰ সিংহ আৰু তেওঁৰ বিষয়া ৰাধানাথ বৰবৰুৱাৰ তদাৰকত এই বুৰঞ্জী লিখা হৈছে।
কিন্তু এই বুৰঞ্জী পুথিখন ৰসাল নহয়, কাৰণ ইয়াত ৰজাসকলৰ
আমোলৰ ঘাই ঘটনাবোৰৰ উল্লেখৰ বাহিৰে অন্যান্য কথাৰ পৰিমাণ অতি কম। ইয়াৰ ৰচনা ৰীতি
আগৰ বুৰঞ্জীৰ লগত সেও খোৱা– “ইন্দ্ৰবংসি আসাম মহাৰজা সকলৰ বিৱৰণ। শ্ৰীৰাধানাথ
বৰবৰুআৰ দ্বাৰা সংশোধিত মতে কাশীনাথ তামুলী ফুকন কৰ্ত্ৰিক গ্ৰন্থ। আসাম বুৰন্জি।
খুন্লুঙ্গ্ খুনলাই। পূৰ্বে কোনো এক সময়ত সৰগদেও অৰ্থাৎ ইন্দ্ৰে জাচিংফা অৰ্থাৎ
সৰস্বতীক আশ্ৰয় কৰি এইৰূপ বুধি স্থিৰ কৰিলে, জে প্ৰিথিবীত
চন্দ্ৰবংসি অনেকটি ৰজা হৈ গৈচে; আমি সকলো দেৱতাৰ মধ্যে
ৰজা, তথাপি আমাৰ সন্তানৰ প্ৰিথিবীত ৰাজত্ব নাই, অতএব মোৰ সন্তানকো প্ৰিথিবীত ৰজা হবলৈ পঠাওঁ। এই বুলি ৰাজপূজাৰ জন্ত্ৰ
কৰিবলৈ লাউথে অৰ্থাত বিশ্বকৰ্মাক আজ্ঞা দিলে। পাচে বিশ্বকৰ্মাই চোমদেও নামে
ইন্দ্ৰৰ মনোগতৰূপে জন্ত্ৰ তৈয়াৰ কৰি দিলে। পৰে ইন্দ্ৰ লুংচাইনেত অৰ্থাত বায়ুক পঠাই
ইন্দ্ৰৰ পুত্ৰ থেনখৰামক মতাই আনি প্ৰিথিবীত ৰজা হবৰ নিমিত্তে জনাবলৈ বোলাত নিজে
জাবলৈ কবুল নকৰি থেনখামৰ পুত্ৰ খুনলুঙ্গ খুনলাই দইকে পঠাবলৈ জনালত ইন্দ্ৰে স্বিকাৰ
কৰি এই আজ্ঞা কৰিলে বোলে খুনলুঙ্গ, তই বৰ, তয়ে ৰজা হবি। খুনলাই সৰু, তোৰ লগতে জুৱৰাজ
ৰূপে থাকিব।”
অসমত বুৰঞ্জী চৰ্চাৰ প্ৰবাহিত ধাৰাটোৰ আন এক সংযোজন আছিল হৰকান্ত
শৰ্মা মজিন্দাৰ বৰুৱাৰ ‘আসাম বুৰঞ্জী’ আৰু ‘সদৰামিনৰ আত্মজীৱনী’। প্ৰকৃততে প্ৰথমখন
গ্ৰন্থ কাশীনাথ তামুলী ফুকনৰ বুৰঞ্জী পুথিৰ পৰিবৰ্ধিত সংস্কৰণ। পাছত ড০ সূৰ্য
কুমাৰ ভূঞাৰ তত্ত্বাৱধানত সম্পাদনা কৰি এইখন প্ৰকাশ কৰা হৈছে। হৰকান্ত শৰ্মা আহোম
শাসনৰ অস্তমিত সময়ছোৱাত ১৮১৩ খৃ:ত উত্তৰ গুৱাহাটীত জন্ম হৈছিল। স্বাভাৱিকতে তেওঁৰ
আহোম শাসন পদ্ধতি আৰু বৃটিছৰ শাসনৰ ফলাফলসমূহৰ পূৰ্ণ অভিজ্ঞতা আছিল। শৰ্মাৰ
পিতৃপুৰুষ সূৰ্যবৰ বিপ্ৰ খোৰা ৰজাৰ দিনত কনৌজৰ পৰা অহা। স্থানীয়ভাৱে তেওঁলোক
দৈৱজ্ঞৰ পৰিয়াল বা সোণামুৱাৰ ঘৰৰ বুলি জনাজাত আছিল। আহোম শাসনতন্ত্ৰত তেওঁলোকৰ
পৰিয়ালে ‘মজিন্দাৰ বৰুৱা’ নামধাৰী ৰজাৰ ব্যক্তিগত পৰামৰ্শদাতাৰ বিষয়বাব পাইছিল।
হৰকান্ত শৰ্মা সেইসকল সমসাময়িক অসমীয়া ভদ্ৰলোকৰ শ্ৰেণীত
অন্তৰ্ভুক্ত হৈছিল, যি বৃটিছ আমদানিকৃত সংস্কাৰ আৰু
সংস্কৃতিক পৃষ্ঠপোষকতা কৰিছিল। একেধাৰে বেংগলী, হিন্দী
আৰু ফাৰ্চী ভাষাত দখল থকা শৰ্মাই বৃটিছৰ তলত কামৰূপত প্ৰথমে মহৰী হিচাপে কৰ্মজীৱনৰ
পাতনি মেলে আৰু পাছলৈ ক্ৰমে কোষাগাৰৰ কৰ্মী, পেস্কাৰ,
চিৰস্তাদাৰ, ডেপুটি কালে"ৰ,
মুন্সিফ আৰু শেষত সদৰআমিনৰ দৰে দ্বিতীয় শ্ৰেণীৰ মেজিষ্ট্ৰেটৰ
পদবী লাভ কৰিছিল। বৃটিছৰ আমোলতে অতবোৰ উন্নতিৰ জখলা বগুৱা বাওঁতা শৰ্মা কোম্পানীৰ
শাসনৰ স্বভাৱজাত সমৰ্থক আছিল। তদুপৰি সদৰামিন ডাঙৰীয়াই আজৰি সময়ছোৱা বুৰঞ্জী
অধ্যয়নক নিচা হিচাপে লৈ পুৰণি পুথি-পাঁজি অধ্যয়নত নিজকে আত্মস্থ কৰিছিল। তেখেতৰ
গ্ৰন্থ ‘আসাম বুৰঞ্জী’ কাশীনাথ তামুলী ফুকনৰ বুৰনজি পুথিৰ পৰিবৰ্ধিত ৰূপ হ’লেও
এইখন স্বমহিমাৰে উজ্জীৱিত। তামুলী ফুকনৰ বুৰঞ্জীত নথকা, অথচ
সদৰামিনৰ বুৰঞ্জীত থকা ওপৰঞ্চি কথাবোৰ হ’ল– অসমৰ সাজ-পাৰ, নীতি-নিয়ম, বিষয়ৰ বাব আৰু বিশেষতঃ মহাসতী
জয়মতীৰ স্বামীৰ হন্তে স্বাৰ্থত্যাগৰ নতুন অধ্যায় সন্নিৱিষ্ট কৰা হৈছে।
চাকৰিৰ কালছোৱাত পোৱা অভিজ্ঞতাৰ ভিত্তিত সদৰামিনে লিখা আনখন
উল্লেখযোগ্য পুথি হ’ল– ‘সদৰামিনৰ আত্মজীৱনী।’ এই গ্ৰন্থ প্ৰচলিত প্ৰশাসন ব্যৱস্থা
আৰু সামাজিক অৱস্থাৰ ভিত্তিত ৰচিত হৈছে। উদাহৰণস্বৰূপে, ১৮৫৭
চনৰ মহাবিদ্ৰোহৰ (চিপাহী বিদ্ৰোহ) প্ৰাক্ক্ষণত গুৱাহাটীৰ ৰাজনৈতিক অৱস্থাৰ বিষয়ে
বিৱৰণ এই ধৰণে আছে– “গুৱাহাটীতো ৰৌলট্ (Rowlatt) সাহেব
বন্দুক ল’বৰ ও নিজ শৰীৰ ৰক্ষাৰ বাবে সাৱধানে কথা কৈছিল। ... ৰৌলট্ সাহেব ছদ্মবেশে
তামাম ৰাতি ফুৰিছিল। ও ঘনকান্ত যুৱৰাজৰ ঘৰলৈও গৈছিল,...।”
দুখজনক কথা হ’ল যে তেখেতৰ বহুতো দৰকাৰী লেখা ঘৰপোৰা জুইত জাহ যায়
বা অৱহেলাৰ হেতু হেৰায়। কেৱল কিছু সংখ্যকহে পাছত কৃষ্ণৰাম ঘৰগিৰি নামৰ এজন লগুৱাই
পাই বৈদ্যকান্ত বৰুৱা নামৰ এজন সচেতন ব্যক্তিৰ হাতত গটোৱাত সংৰক্ষণ আৰু প্ৰকাশৰ মুখ
দেখে। শৰ্মাৰ সৃষ্টিকৰ্মৰ বিশেষত্ব হ’ল নিভাঁজ অসমীয়া ঠাঁচৰ প্ৰয়োগ। হেমকোষৰ
বাক্যগঠনৰ আধাৰত লিখিত এই গ্ৰন্থৰাজিত সেই সময়ৰ লোকসমাজৰ উচ্চাৰণশৈলীৰ সম্পৰ্কে
আমি সম্যক জ্ঞান লাভ কৰিব পাৰোঁ। ‘আসাম বুৰঞ্জী’-ৰ ৰচনাকাল থিৰাংকৈ নিৰ্ধাৰণ কৰিব
নোৱাৰি। সম্ভৱতঃ ১৮৫৮-১৯০০ এই গ্ৰন্থত অসমত আহোমৰ আধিপত্য স্থাপনৰ পৰা সকলো কথা
শেষলৈকে বৰ্ণোৱা আছে আৰু বৃটিছ ৰাজত্বৰ সূচনাৰ পাছলৈকে “তদ বিৱৰণ দ্বিতীয় খণ্ডে
বিবৃত হ’ব” বুলি গ্ৰন্থকাৰে বুৰঞ্জী সমাপ্ত কৰিছে। কিন্তু দুখৰ বিষয় যে আজিলৈকে
সেই পুথিৰ কোনো সম্ভেদ পোৱা নগ’ল। বোধকৰোঁ ঘৰ পোৰাজুইত সেই গ্ৰন্থ জাহ গ’ল।
সদৰআমিন ডাঙ্গৰীয়াৰ নিচিনা বৃটিছ শাসনৰ আৰু অভ্যুদয়ৰ প্ৰত্যক্ষ দৰ্শক এজনৰ লিখিত
বৃটিছ যুগৰ বুৰঞ্জী যে এখন বহুমূলীয়া গ্ৰন্থ হ’লহেঁতেন, তাক
সকলোৱে উপলব্ধি কৰিব পাৰিব। বুৰঞ্জীখনৰ পাতনিতে স্পষ্টভাৱে উল্লেখ আছে– “শ্ৰীশ্ৰী
পুৰন্দৰ সিংহ মহাৰাজ কোম্পানী বাহাদৰৰ আমোলে ... উজনিখণ্ড শদিয়া পৰ্য্যন্ত পঞ্চাশ
হাজাৰ টকাত ১৭৫৫ শকত প্ৰাপ্ত হোৱাত সেই ৰাজতি কৰাৰ সময়ত ৰাজদেৱৰ আজ্ঞাৰে ৰাধানাথ
বৰুৱা আৰু কাশীনাথ শৰ্মা তামুলী ফুকনে নানা স্থানৰ পৰা বুৰঞ্জীসকল একত্ৰপূৰ্বক সাৰ
সংগ্ৰহ কৰি একখানি গ্ৰন্থ চুম্বক মতে কৰিলে। কিন্তু সেই গ্ৰন্থখনিত অনেক আৱশ্যকীয়
কথা লিখিবৰ নিতান্ত আৱশ্যক আছিল। বোধকৰোঁ বাহুল্য হ’ব, সেই
নিমিত্তে লিখা নহ’ল। এজনে আমি সেই গ্ৰন্থখানিকে আদৰ্শ কৰি অন্য অন্য বুৰঞ্জীত যি
পোৱা হৈছিল, আৰো সত্যবাদী আহোম, ফুকন,
বৰুৱাদিৰ মুখে যি যি শ্ৰৱণ হৈছিল, সেইসকল
সংকলন কৰি অনেক বিবেচনা ও পৰিশ্ৰমপূৰ্বক এইখানি গ্ৰন্থ লিখিবৰ আৰম্ভ কৰিলোঁ।”
ভাষা এটাৰ স্থায়িত্ব ৰক্ষাত অভিধান একোখনৰ গুৰুত্ব অসীম। অসমীয়া
ভাষাতো আজিৰ তাৰিখত বহু লেখকৰ বিভিন্ন অভিধানে আত্মপ্ৰকাশ কৰিছে যদিও এই সন্দৰ্ভত
যদুনাথ ডেকা বৰুৱাৰ (১৮০১-৬৯) নাম প্ৰথমে ল’ব পাৰি। এওঁৰ পিতাক কৃষ্ণদাস ভঁৰালী
বৰুৱা চন্দ্ৰকান্ত সিংহৰ সমসাময়িক আছিল। ব্ৰ’ডি চাহাব শিৱসাগৰ জিলাৰ অধিপতি আৰু
ইন্দুনাৰায়ণ সৰুমেলীয়া ৰজা যোৰহাট মহকুমাৰ সদৰামিন হৈ থকা কালত যাদুৰাম যোৰহাটত
মুন্সিফ আছল। ১৮৫৭ ৰ চিপাহী বিদ্ৰোহৰ অস্থিৰতাৰ সময়তো তেওঁ উত্তৰ লক্ষীমপুৰ মহকুমা
ভালদৰে পৰিচালনা কৰিব পাৰিছিল। ১৮৬০-ৰ ১৫ জুনত এওঁ গুৱাহাটীৰ পৰা বৰপেটালৈ গৈ তাত
গৰ্গৰাম বৰুৱাৰ পৰা সদৰামিনৰ কাৰ্যভাৰ লয়। আকৌ লেফটেনেণ্ট্ গৱৰ্নৰৰ আদেশ মতে এই
বছৰৰে ৩ নৱেম্বৰত আকৌ এওঁ ডিব্ৰুগড়ৰ সদৰামিন হৈ যায়। ১৮৩৫ চনত এওঁ লিখা
বঙলা-অসমীয়া অভিধান এখন কৰ্নেল জেন্কিন্সক উপহাৰ হিচাপে আগ বঢ়ায় আৰু এই বৃটিছ
বিষয়াজনে সেইখন শিৱসাগৰত থকা ব্যাপ্টিষ্ট্ মিছনক দান কৰে। সেই কালৰ অসমীয়া ভাষাৰ এওঁ
এজন অধিকাৰী পণ্ডিত আছিল বুলি ব্ৰন্সনে তেওঁৰ অভিধানৰ পাতনিত লিখা কথাৰ পৰাই ধৰিব পাৰি।
অসমত বৃটিছ আগমনৰ পাছৰে পৰা যি সাহিত্য-সংস্কৃতি চৰ্চাৰ আৰম্ভণি
হৈছিল, তাত নিশ্চিতভাৱে ‘বৃহত্তৰ ভাৰতীয়ত্ব’ (Pan
Indian)-ৰ প্ৰভাৱৰ লগতে য়ুৰোপীয় কেতবোৰ ধাৰণাও বিদ্যমান আছিল।
কাৰণ পূৰ্বতে বুৰঞ্জী কেৱল ৰজাঘৰৰ আদেশত ৰচিত হোৱাত অনিচ্ছা সত্ত্বেও লেখকে
কেতিয়াবা অতিৰঞ্জিত বা অশুদ্ধ তথ্য তাত সন্নিৱিষ্ট কৰিবলগীয়া হৈছিল। কিন্তু বৃটিছৰ
আমোলত ৰচিত হোৱা বুৰঞ্জী পুথিবোৰ সামন্ততান্ত্ৰিক একঘেয়ামী বুৰঞ্জী চৰ্চাৰ পৰা
পৃথক আছিল। আত্মজীৱনীৰ ৰূপতো বহুতো নতুনকৈ শিক্ষিত হোৱা চামে চলিত সামাজিক ঘটনাৱলী
লিপিবদ্ধ কৰি থোৱাত ভৱিষ্যতে ই গৱেষণাৰ ক্ষেত্ৰত বাৰুকৈয়ে সহায়ক হ’ল। লক্ষণীয়ভাৱে, সেই সময়ৰ লেখকসকলে কথিত
ভাষাকে সচৰাচৰ ব্যৱহাৰ কৰিবলৈ লোৱাত প্ৰবসুৱা (বঙালী, হিন্দী)
ভাষাও বুৰঞ্জী পুথিবোৰত সোমাই পৰে। ইয়াৰ পৰা প্ৰতীয়মান হয় যে, ভাষা ব্যৱহাৰৰ ক্ষেত্ৰত তেওঁলোক শুচিবায়ুগ্ৰস্ত নাছিল। তদুপৰি সততে
অনীহাৰ পাত্ৰ কৃষক, পাইক, সৰ্বহাৰা
শ্ৰেণীটোৰ দুৰ্দশাৰ কথাও আমাৰ আলোচিত সময়ৰ লেখকসকলে উজাগৰ কৰাত, সমাজ আৰু সাহিত্যত নৱজাগৰণৰ পথ প্ৰশস্ত হ’ল। পৰৱৰ্তী সময়ত অসমীয়া ভাষাৰ
প্ৰতিষ্ঠা আৰু জাতীয় চেতনাৰ উন্মেষত এই জাগৰণে বিশেষ ভূমিকা লোৱা দেখা যায়। মুঠতে,
বুৰঞ্জী চৰ্চাৰ ক্ষেত্ৰত সমগ্ৰ সময়ছোৱাই আছিল এক বোধোদয়ৰ যুগ।
সহকাৰী অধ্যাপক
চিনামৰা মহাবিদ্যালয়
ভ্ৰাম্যভাষ: ৯৪৩৫৩৫৭২২২