অন্যযুগ/
অসমীয়া ভাষাত প্ৰিন্সিপিয়া
এটা ভাষা-পৰম্পৰাৰ সমাজ এখন
বৌদ্ধিকভাৱে কিমান আগবঢ়া, সেয়া নিশ্চিতভাৱে সেই ভাষাটোত মানুহৰ অভিজ্ঞতাৰ পৰা আহৰণ
কৰা জ্ঞান-বিজ্ঞানৰ কিমান টোকা লিপিবদ্ধ হৈছে সেইটোৱেই নিৰ্ণয় কৰে। যিসকল লোকৰ
চিন্তাৰে জগতখন আগ বাঢ়িছে সেইসকল চিন্তানায়কক লগ পোৱাৰ, তেওঁলোকৰ চিন্তাৰ সৈতে পৰিচিত হোৱাৰ, সময়ৰ পৰিপ্ৰেক্ষিতত তেওঁলোকৰ
চিন্তাক পুনৰাই চালি-জাৰি চোৱাৰ সুবিধা এনে লিপিবদ্ধ নথিসমূহেই আমাক প্ৰদান
কৰে। ডক্টৰ বাণীকান্ত কাকতিয়ে লিখি থৈ গৈছে যে আগবঢ়া জাতিসমূহৰ বৌদ্ধিক সম্পদ আহৰণ
কৰিয়েই পিছপৰা জাতিবোৰে নিজকে সভ্যতাৰ জখলাত আগবঢ়াই নিবলৈ সক্ষম হয়।
সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ
বিজ্ঞানীসকলৰ অন্যতম ছাৰ আইজাক নিউটনে খ্ৰীষ্টীয় ১৬৮৪ চনতে ৰচনাকাৰ্য আৰম্ভ কৰা
আৰু ১৬৮৭ চনত প্ৰথম সংস্কৰণ প্ৰকাশ পোৱা জগদ্বিখ্যাত পুথি ‘প্ৰিন্সিপিয়া: প্ৰাকৃতিক দৰ্শনৰ
গাণিতিক নীতি’
(Philosophiae Naturalis Principia Mathematica) অসমীয়া ভাষাত প্ৰকাশ পোৱাটো
নিশ্চিতভাৱে এই বছৰটোৰ অনেক বেয়াৰ মাজৰ এটা ভাল খবৰ। মন কৰিবলগীয়া কথা এইটোৱেই
যে মূলতঃ লেটিন ভাষাত লিখিত এই গ্ৰন্থখন
অসমীয়া ভাষাত প্ৰকাশ পাবলৈ সময় লাগিল তিনিশ তেত্ৰিছ বছৰ।
অসমত আজি আমি কিহৰ সৈতে যুঁজ
দি আছোঁ? বানপানী, দুৰ্নীতি-ভ্ৰষ্টাচাৰ, অবৈধ বিদেশী অনুপ্ৰৱেশকাৰী, বৈধভাৱে বিদেশৰ পৰা আনিবলগীয়া
মানুহ, মুদ্ৰাস্ফীতি, আমিয়ে বিনষ্ট কৰা প্ৰকৃতিয়ে
সৃষ্টি কৰা অনেক সমস্যাৰ বিৰুদ্ধে আমি যুদ্ধৰত। আমাৰ সামাজিক-বৌদ্ধিক, শৈক্ষিক-ৰাজনৈতিক, নৈতিক-অৰ্থনৈতিক সকলো
ক্ষেত্ৰৰে নেতৃত্ব কাৰ্যতঃ ব্যৰ্থ। ফলস্বৰূপে আমি নতুন ধৰণৰ জ্ঞানৰ সাধনাত মনোনিৱেশ
কৰাৰ পৰিৱৰ্তে পুৰণি সমস্যাবোৰকে আৰু অধিক গভীৰ কৰি কৰি নি আছোঁ। ছাৰ নিউটনে
কিন্তু ১৬৮৬ চনতে ইংলেণ্ডৰ ৰাজকীয় সমিতিৰ বৈঠকত ‘প্ৰিন্সিপিয়া’-ৰ আংশিক পাঠ আগ বঢ়াইছিল। এই তথ্যই কি সূচিত কৰে? ইংলেণ্ডৰ ৰাজকীয় প্ৰশাসকসকল প্ৰাকৃতিক বিজ্ঞানৰ প্ৰতি যে আগ্ৰহী
আছিল তাৰেই প্ৰমাণ এই তথ্যই দাঙি নধৰেনে? আমি তেতিয়া কি কৰি আছিলোঁ?
আমাৰ
পিতৃ-পিতামহসকলে? আজি আমি যি কৰি আছোঁ
সেইখিনিক তিনিটা শতিকাৰ পূৰ্বলৈ লৈ গ’লেই এইটো প্ৰশ্নৰ উত্তৰ অনুভৱ কৰিব পাৰিম।
আজিলৈকে অসমীয়া ভাষালৈ চাৰ্লছ
ডাৰউইনৰ ‘অ’ৰিজিন অৱ স্পেচিজ’ৰ দৰে গ্ৰন্থ অনুবাদ নহ’ল। আনহে নালাগে ৰবীন্দ্ৰনাথ
ঠাকুৰৰ ৰচনাৱলীয়েই অসমীয়া ভাষালৈ অনূদিত নহ’ল। ইয়াৰ পাছতো আমি জাতি হিচাপে নিজকে চহকী বুলি দাবী কৰোঁ
কেনেকৈ? আমাৰ কাষৰ বাংলাদেশ
নামৰ ৰাষ্ট্ৰখনত কিন্তু অনুবাদৰ যোগেদি এক নতুন বৌদ্ধিক জাগৰণৰ সূচনা হৈছে। ঢাকা বিশ্ববিদ্যালয়ৰ
উদ্যোগত বিশ্বৰ শ্ৰেষ্ঠ গ্ৰন্থসমূহৰ দ্ৰুত অনুবাদ সম্পন্ন হৈছে। আমাৰ ইয়াত কিন্তু
আজিকোপতি এখন বিশ্ববিদ্যালয়তো অনুবাদৰ বিভাগ এটা আৰম্ভ কৰিব পৰা নগ’ল।
সি যি নহওক, যি কামৰ উদ্যোগ ল’ব লাগিছিল
বিশ্ববিদ্যালয়কেইখনে, তথাকথিত জাতীয়
সাহিত্যৰ সংগঠনে অথবা চৰকাৰৰ শিক্ষা বিভাগে তেনে এখন গ্ৰন্থ অনুবাদ কৰি উলিয়ালে
অধ্যাপক জয়ন্ত কুমাৰ শৰ্মাই ব্যক্তিগত উদ্যোগত। তেজপুৰ বিশ্ববিদ্যালয়ৰ পদাৰ্থ
বিজ্ঞান বিভাগৰ অধ্যাপক শৰ্মাই সুদীৰ্ঘ সাত বছৰজোৰা নিৰন্তৰ যত্নৰে অনুবাদ কৰি
উলিওৱা এই গ্ৰন্থখন সম্পাদনা কৰাৰ গুৰুদায়িত্ব পালন কৰিছে সন্দিকৈ ছোৱালী
মহাবিদ্যালয়ৰ পদাৰ্থ বিজ্ঞান বিভাগৰ অৱসৰপ্ৰাপ্ত অধ্যাপক বসন্ত ডেকাই। গ্ৰন্থখনৰ
সম্পাদনাৰ কামত অধ্যাপক ডেকাক সময় লাগিছিল পাঁচ বছৰ। অৰ্থাৎ দুজন ব্যক্তিৰ বাৰ বছৰজোৰা
অহোপুৰুষাৰ্থৰ ফলতহে এই গ্ৰন্থখন আমি হাতত তুলি ল’বলৈ সুবিধা পাইছোঁ।
গ্ৰন্থখনৰ প্ৰায়বোৰ কথাই
বিশুদ্ধ বিজ্ঞানৰ শিক্ষাৰ্থীৰ বাবে আকৰ্ষণৰ বিষয়, আমাৰ দৰে লোকৰ কাৰণে তেনেবোৰ বিষয় হৃদয়ঙ্গম নহয়। কিন্তু
গ্ৰন্থখন হাতত লৈ অনুভৱ কৰিছোঁ,
আমি যেন
কিবা এক অমূল্য সম্পদৰহে অধিকাৰী হৈ উঠিছোঁ। গণিত আৰু পদাৰ্থ বিজ্ঞানৰ লোকক গ্ৰন্থখনে
কিমান আনন্দিত কৰিব পাৰে তাৰ ধাৰণা কৰিবলৈ সম্পাদক বসন্ত ডেকাৰ এই কথাখিনি তুলি
দিছোঁ–
‘‘প্ৰিন্সিপিয়াখন (মই) কলেজত
থকা অৱস্থাত পঢ়িবলৈ পালে মোৰ ছাত্ৰীসকলে আৰু কিছু কথা জানিব পাৰিলেহেঁতেন। এজন
মানুহে একোটা জীৱনত কিমান কাম কৰিব পাৰে তাৰ শ্ৰেষ্ঠ উদাহৰণটোৰ সোৱাদ পালেহেঁতেন।
সাধাৰণ কেলকুলেটৰ নোহোৱাকৈ মগজু আৰু শ্ৰমৰ বিনিময়ত কেনে সুন্দৰ লজিকৰ সৃষ্টি হয়
সেয়া মোৰ ছাত্ৰীহঁতক ক’ব পাৰিলোঁহেঁতেন। এতিয়া বৰ্তমান যুগত সা-সুবিধা প্ৰচুৰ পোৱা
যায়। তথাপিও আকৌ এজন নিউটনৰ বাবে সকলো অপেক্ষাত আছে কেইবাশ বছৰ।’’
বিশ্বৰ সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ
চিন্তানায়কসকলৰ অন্যতম ছাৰ নিউটনৰ এই গ্ৰন্থৰ বহু কথা নিশ্চয় সময়ত সলনি হ’ব, কিছুমান হৈছেই; কিন্তু মানুহৰ সভ্যতাৰ বিকাশত ছাৰ নিউটনৰ ভূমিকাক আমি তেওঁৰ সময়ত থিয় হৈহে
বিচাৰ কৰিব লাগিব। সেই সময়ত অসমত স্বৰ্গদেউ গদাধৰ সিংহৰ ৰাজত্ব (১৬৮১-১৬৯৬)
চলিছিল। তেওঁৰ পুত্ৰ ৰুদ্ৰসিংহৰ সময়ৰ পৰাহে কিছু পৰিকল্পিতভাৱে অসমৰ মানুহে
বহিৰ্জগতলৈ চকু দিছিল বুলিব পাৰি। আমি প্ৰিন্সিপিয়াৰ অসমীয়া ৰূপকাৰ অধ্যাপক জয়ন্ত
কুমাৰ শৰ্মাক আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ আৰু অন্যযুগৰ পাঠকসকলৰ উদ্দেশ্যে
গ্ৰন্থখনৰ অনূদিত ৰূপটোৰ পাতনিস্বৰূপ ‘অনুবাদকৰ টোকা’-টি লেখকৰ
অনুমতিসাপেক্ষে প্ৰকাশ কৰিবলৈ পাই কৃতাৰ্থ বোধ কৰিছোঁ।
(সম্পাদনা কক্ষ:
অন্যযুগ)
প্ৰিন্সিপিয়া: প্ৰাকৃতিক দৰ্শনৰ গাণিতিক
নীতি
অনুবাদকৰ টোকা
ড° জয়ন্ত কুমাৰ শৰ্মা
ছাৰ আইজাক নিউটন সৰ্বকালৰ
সৰ্বশ্ৰেষ্ঠ বিজ্ঞানী হয় নে নহয় এই সম্পৰ্কে বিতৰ্কৰ অৱকাশ থাকিলেও তেওঁ যে
সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ বিজ্ঞানীসকলৰ এজন তাত কোনো সন্দেহ নাই। খ্ৰীষ্টীয় ষোড়শ শতিকাৰ মাজভাগত
প্ৰধানকৈ নিক’লাছ ক’পাৰনিকাছৰ সৌৰকেন্দ্ৰিক
মহাবিশ্বৰ আৰ্হিয়ে যি আধুনিক বৈজ্ঞানিক দৃষ্টিভংগীৰ সূত্ৰপাত কৰিছিল, প্ৰায় অৰ্ধশতিকাৰ পাছত খ্ৰীষ্টীয় সপ্তদশ শতিকাৰ
আৰম্ভণিতে জ’হান্ছ কেপলাৰৰ গ্ৰহ-গতি সম্পৰ্কীয় বিধি
আৰু গেলিলিঅ’ গেলিলিৰ পৰীক্ষামূলক
পদ্ধতি তথা জড়তাৰ নীতিৰে তাক দৃঢ়ভাৱে প্ৰতিষ্ঠা কৰে। ইয়াৰো প্ৰায় অৰ্ধশতিকাৰ পাছত
খ্ৰীষ্টীয় সপ্তদশ শতিকাৰ মাজভাগত ছাৰ আইজাক নিউটনৰ বলবিজ্ঞান সম্পৰ্কীয় গভীৰ গৱেষণা আৰু
ফলস্বৰূপে তেওঁ আৱিষ্কাৰ কৰা বিখ্যাত মহাকৰ্ষণ বিধি তথা বলবিজ্ঞানৰ বিধিসমূহে প্ৰকৃতাৰ্থতে
আধুনিক বৈজ্ঞানিক যুগ আৰম্ভ কৰা বুলি ক’ব পাৰি। এনে অৱস্থাত তেওঁৰ অতি বিখ্যাত গ্ৰন্থ ‘প্ৰিন্সিপিয়া’ হ’ল সৰ্বকালৰ এখনি
সৰ্বশ্ৰেষ্ঠ যুগান্তকাৰী ৰচনা।
মানৱজাতিৰ সৃষ্টিৰে পৰা মূৰৰ
ওপৰৰ আকাশখন— ইয়াৰ গ্ৰহ-নক্ষত্ৰৰ
গতিবিধি, চন্দ্ৰ-সূৰ্যৰ পৰিভ্ৰমণ, ধূমকেতুৰ আৱিষ্কাৰ, গ্ৰহণ আদি পৰিঘটনাই মানুহৰ
মনত বিস্ময়ৰ সৃষ্টি কৰি আহিছিল আৰু মানুহে এইবোৰ পর্যৱেক্ষণ কৰিবলৈ আৰম্ভ কৰিছিল।
এই পৰ্যৱেক্ষণলব্ধ জ্ঞান, মানুহৰ কল্পনা, ধৰ্মীয় সংস্কাৰ, লোককথা আদিৰ লগত মিশ্ৰিত হৈ
প্ৰাচীন মানৱ সভ্যতাসমূহৰ মাজত মহাবিশ্ব সম্পৰ্কে বিভিন্ন ধ্যান-ধাৰণাৰ সৃষ্টি
কৰিছিল আৰু তেওঁলোকে বিভিন্ন জ্যোতিৰ্বৈজ্ঞানিক চিন্তা-চৰ্চাৰ পাতনি মেলিছিল।
খ্ৰীষ্টপূৰ্ব প্ৰায় তিনি হাজাৰমানত সাজি উলিওৱা ইংলেণ্ডৰ ছেলিছবাৰিত থকা ষ্ট’ন্হেঞ্জ বীক্ষণাগাৰ প্ৰাচীনকালৰ
জ্যোতিৰ্বিজ্ঞান চৰ্চাৰ অন্যতম নিদৰ্শন। সেই সময়ৰে পৰা আৰম্ভ কৰি নিক’লাছ ক’পাৰনিকাছৰ পূৰ্বলৈকে প্ৰায় পাঁচ
হাজাৰ বছৰ জুৰি বিশ্বত গঢ়ি উঠা ইজিপ্তীয়, বেবিলনীয়, চীনদেশীয়, ভাৰতীয়, গ্ৰীক আদি সকলো সভ্যতাতে
মুখ্যতঃ ভূকেন্দ্ৰিক মহাবিশ্ব এখনৰ কথা কল্পনা কৰা হৈছিল। অৱশ্যে ইয়াৰ মাজতে
খ্ৰীষ্টপূৰ্ব তৃতীয় শতিকাৰ মাজভাগত গ্ৰীক জ্যোতিৰ্বিজ্ঞানী এৰিষ্টাৰকাছে
সৌৰকেন্দ্ৰিক মহাবিশ্বৰ আৰ্হি এটি দাঙি ধৰিছিল যদিও ই জনপ্ৰিয় নহ’ল। খ্ৰীষ্টাব্দ দ্বিতীয়
শতিকাৰ মাজভাগত প্ৰখ্যাত গ্ৰীক জ্যোতিৰ্বিজ্ঞানী ক্লডিয়াছ ট’লেমিয়ে সেই সময়ৰ ধাৰণাৰ ওপৰত
ভিত্তি কৰি এটি বিস্তৃত মহাবিশ্বৰ আৰ্হি দাঙি ধৰে। প্ৰায় ১৫০ খ্ৰীষ্টাব্দত ৰচনা
কৰা ট’লেমিৰ অতি বিখ্যাত
গ্ৰন্থ Mathematike
Syntais (গাণিতিক সংগ্ৰহ বিন্যাস)-ত এই সম্পৰ্কে বিস্তৃতভাৱে ব্যাখ্যা কৰা হৈছে। ৮২৭
খ্ৰীষ্টাব্দত আৰবীয় জ্যোতিৰ্বিজ্ঞানীয়ে এই গ্ৰন্থ Almagest (মহান গ্ৰন্থ) নামেৰে আৰবী ভাষালৈ অনুবাদ কৰে।
যদিও ট’লেমিৰ আৰ্হি
মহাবিশ্বৰ সঠিক আৰ্হি নাছিল,
তথাপি
সেই সময়ত অত্যন্ত ক্ষমতাশালী খ্ৰীষ্টান গীৰ্জাৰ দ্বাৰাও অনুমোদিত হোৱাৰ ফলত
পৰৱৰ্তী প্ৰায় ডেৰ হাজাৰ বছৰ জুৰি এই আৰ্হিয়ে বিশ্বৰ জ্যোতিৰ্বিজ্ঞান চৰ্চাৰ
ক্ষেত্ৰত অসামান্য প্ৰভাৱ বিস্তাৰ কৰি থাকে। ইয়াৰ পাছৰ সময়ছোৱাত ভাৰতীয় আৰু আৰবীয়
পণ্ডিতসকলে আৰ্হিটো বহু উন্নত কৰি তোলে।
কিন্তু আধুনিক সৌৰকেন্দ্ৰিক
মহাবিশ্বৰ আৰ্হি পোনপ্ৰথমে দৃঢ়ভাৱে উত্থাপন কৰে প’লেণ্ডৰ জ্যোতিৰ্বিজ্ঞানী নিক’লাছ ক’পাৰনিকাছে। ১৫৪৩
খ্ৰীষ্টাব্দত প্ৰকাশিত হোৱা তেওঁৰ বিখ্যাত গ্ৰন্থ De Revolutionibus Orbium Coelestium (স্বৰ্গীয় গোলকৰ
পৰিভ্ৰমণ সম্পৰ্কে)-ৰ জৰিয়তে তেওঁ প্ৰস্তাৱ কৰে যে সূৰ্য মহাবিশ্বৰ কেন্দ্ৰত
অৱস্থিত আৰু গ্ৰহবোৰে কিছুমান বৃত্তীয় কক্ষপথত সূৰ্যৰ চাৰিওফালে পৰিভ্ৰমণ কৰে।
মহাবিশ্বৰ একেবাৰে বাহিৰত স্থিৰ তাৰকাৰ গোলক অৱস্থিত। ট’লেমিৰ আৰ্হিৰে ভালদৰে ব্যাখ্যা কৰিব নোৱৰা গ্ৰহবোৰৰ জটিল
যাদৃচ্ছিক গতি এই আৰ্হিয়ে ব্যাখ্যা কৰিব পাৰিছিল। ইয়াৰে প্ৰায় অৰ্ধশতিকাৰ পাছত
জাৰ্মানিৰ
জ্যোতিৰ্বিজ্ঞানী জ’হান্ছ কেপলাৰে ক’পাৰনিকাছৰ এই আৰ্হি অধিক
উন্নত কৰি তোলে। ডেনমাৰ্কৰ জ্যোতিবিজ্ঞানী টাইক’ব্ৰাহেৰ যথেষ্ট সংখ্যক জ্যোতিৰ্বৈজ্ঞানিক তথ্য বিশ্লেষণ কৰি
কেপলাৰে গ্ৰহ-গতি
সম্পৰ্কীয় তিনিটা বিখ্যাত বিধি আৱিষ্কাৰ কৰে। ১৬০৯ খ্ৰীষ্টাব্দত প্ৰকাশিত হোৱা
তেওঁৰ Astronomia Nova (নৱ জ্যোতিৰ্বিজ্ঞান)
গ্ৰন্থত ইয়াৰে প্ৰথম দুটা আৰু ১৬১৯ খ্ৰীষ্টাব্দত প্ৰকাশিত তেওঁৰ Harmonices Mundi (বিশ্বৰ সুসংবদ্ধতা)
গ্ৰন্থত তৃতীয়টো বিধি প্ৰকাশ পায়। ইতিমধ্যে বিখ্যাত ইটালীয় বিজ্ঞানী গেলিলিঅ’ গেলিলিয়ে দূৰবীক্ষণ আৱিষ্কাৰ
কৰে। ১৬০৯ খ্ৰীষ্টাব্দত তেওঁ প্ৰথমে এই দূৰবীক্ষণৰ সহায়ত আকাশ পৰ্যৱেক্ষণ কৰিবলৈ
আৰম্ভ কৰে আৰু চন্দ্ৰপৃষ্ঠৰ অসমতা, সৌৰকলংক, বৃহস্পতি গ্ৰহৰ
উপগ্ৰহ, শুক্ৰ গ্ৰহৰ কলা আদি
জ্যোতিৰ্বৈজ্ঞানিক পৰিঘটনা আৱিষ্কাৰ কৰে। ১৬১০ খ্ৰীষ্টাব্দত গেলিলিঅ’ৱে পৰ্যৱেক্ষণসমূহ Sidereus Nuncius (তৰাৰ বাৰ্তাবাহক) গ্ৰন্থত প্ৰকাশ কৰে যিয়ে ক’পাৰনিকাছৰ সৌৰকেন্দ্ৰিক আৰ্হি
অধিক দৃঢ়তাৰে প্ৰতিষ্ঠা কৰে। ১৬৩২ খ্ৰীষ্টাব্দত প্ৰকাশ পোৱা গেলিলিঅ’ৰ অতি বিখ্যাত গ্ৰন্থ Dialogo Sopra i Due Massimi Sistemi
Del Mondo, Tolemaico e Copernicano (ট’লেমি আৰু ক’পাৰনিকাছ— দুটা মুখ্য বিশ্ব নিকায়
সম্পৰ্কে কথোপকথন) এই ক্ষেত্ৰত সাহিত্যিক তথা দাৰ্শনিক দৃষ্টিকোণৰ ফালৰ পৰা অমূল্য
সৃষ্টি বুলি য়ুৰোপৰ বিদ্বৎ সমাজৰ দ্বাৰা প্ৰশংসিত হয়। অৱশ্যে ইয়াৰ বাবে গেলিলিঅ’ৱে গীৰ্জাৰ ৰোষত পৰি জীৱনৰ
শেষ দিনলৈ গৃহবন্দী হৈ থাকিব লগাত পৰে।
সৌৰকেন্দ্ৰিক আৰ্হিয়ে যথেষ্ট
সফলতা লাভ কৰিছিল যদিও কি কাৰকৰ প্ৰভাৱতনো গ্ৰহবোৰে সূৰ্যৰ চাৰিওফালে উপবৃত্তাকাৰ
কক্ষপথত পৰিভ্ৰমণ কৰে তাৰ সদুত্তৰ কোনেও দিব পৰা নাছিল। কেপলাৰে ইয়াৰ এটা ব্যাখ্যা
দাঙি ধৰিছিল যে এটা বলে গ্ৰহবোৰ ইয়াৰ কক্ষপথত ঠেলি থাকে আৰু আন এটা বলে সূৰ্যৰ পৰা
ইহঁতৰ দূৰত্ব নিয়ন্ত্ৰণ কৰে। আনহাতে খ্ৰীষ্টাব্দ ষোড়শ শতিকাৰ মাজভাগত দাৰ্শনিক
ৰেনে ডেকাৰ্টেই তেওঁ প্ৰস্তাৱ কৰা সৌৰজগতৰ চাকনৈয়া আৰ্হিৰ সহায়ত গ্ৰহবোৰৰ গতি
ব্যাখ্যা কৰিবলৈ যত্ন কৰিছিল। যদিও আৰ্হিটোৱে সূৰ্যৰ চাৰিওফালে গ্ৰহবোৰৰ একমুখী
গতি, একেখন তলত অৱস্থান
আদি ব্যাখ্যা কৰিবলৈ সক্ষম হৈছিল,
তথাপি
কেপলাৰৰ গ্ৰহ-গতি
সম্পৰ্কীয় বিধি তিনিটা ব্যাখ্যা কৰিবলৈ ই ব্যৰ্থ হৈছিল। আনহাতে খ্ৰীষ্টাব্দ ষোড়শ
শতিকাৰ শেষভাগত গেলিলিঅ’ৱে পৰীক্ষামূলক
পদ্ধতিৰে পতনশীল বস্তুৰ বিধিসমূহ আৱিষ্কাৰ কৰি আৰু পৰোক্ষভাৱে জড়তাৰ নীতি প্ৰৱৰ্তন
কৰি বলবিজ্ঞানক এটি নতুন আয়তন প্ৰদান কৰিছিল।
১৬৬১ খ্ৰীষ্টাব্দত নিউটনে
কেম্ব্ৰিজ বিশ্ববিদ্যালয়ত ভৰ্তি হোৱা পৰ্যন্ত ক’পাৰনিকাছ,
কেপলাৰ
গেলিলঅ’ৰ কৰ্মৰাজি প্ৰকাশ
পোৱাৰ পৰা আৰু প্ৰায় অৰ্ধ শতিকা পাৰ হৈ গৈছিল। তেতিয়ালৈকে ক’পাৰনিকাছৰ বিশ্বৰ
সৌৰকেন্দ্ৰিক আৰ্হি, কেপলাৰৰ গ্ৰহ-গতি সম্পৰ্কীয় বিধি
আৰু গেলিলিঅ’ৰ বলবিজ্ঞানৰ বল, বেগ, সৰণ,
ত্বৰণ
আদিৰ ধাৰণা সমগ্ৰ য়ুৰোপতে প্ৰশ্নাতীতভাৱে গৃহীত হৈ পৰিছিল। এনে ক্ষেত্ৰত
জ্যোৰ্তিবিজ্ঞান আৰু বলবিজ্ঞান—
এই
দুয়োবিধ বিজ্ঞানৰ সমন্বয় সাধন কৰি বলবিজ্ঞানৰ নীতি-নিয়মৰ জৰিয়তে জ্যোতিৰ্বৈজ্ঞানিক
পৰ্যৱেক্ষণসমূহ বিশ্লেষণ কৰা আৰু বলবিজ্ঞানক অধিক সংহত ৰূপত বিকশিত কৰাটো সেই সময়ত
বিজ্ঞানীৰ বাবে লোভনীয় প্ৰত্যাহবান হিচাপে পৰিগণিত হৈছিল। জ্ঞানান্বেষণৰ এই সাৰুৱা
ক্ষেত্ৰখনত নিউটনৰ ধাৰণাসমূহে গঢ় লৈ উঠিবলৈ আৰম্ভ কৰে আৰু অৱশেষত খ্ৰীষ্টাব্দ
সপ্তদশ শতিকাৰ শেষাৰ্ধৰ ভিতৰত তেওঁ এইক্ষেত্ৰত বহু সফলতা লাভ কৰিবলৈ সক্ষম হয়।
বলবিজ্ঞানৰ বিভিন্ন পৰিস্থিতিত এইবোৰৰ প্ৰয়োগৰ ক্ষেত্ৰত নিউটনৰ বিশ্লেষণৰ সুসংহত
ৰূপেই হ’ল ১৬৮৭ খ্ৰীষ্টাব্দত
প্ৰকাশ পোৱা সৰ্বকালৰ এখনি সৰ্বশ্ৰেষ্ঠ গ্ৰন্থ Philosophiae Naturalis Principia Mathematica (প্ৰাকৃতিক দৰ্শনৰ
গাণিতিক নীতি) বা ‘প্ৰিন্সিপ্ৰিয়া’৷
আধুনিক বিজ্ঞানৰ যুগ আৰম্ভ
কৰা অতি বিখ্যাত এই ‘প্ৰিন্সিপ্ৰিয়া’ গ্ৰন্থখন প্ৰণয়ন কৰা হৈছিল
দৰাচলতে দুবছৰতকৈও কম সময়ৰ ভিতৰত–
১৬৮৪
খ্ৰীষ্টাব্দৰ শৰৎকালৰ শেষৰ পৰা ১৬৮৬ খ্ৰীষ্টাব্দৰ গ্ৰীষ্মকালৰ আৰম্ভণিৰ ভিতৰত।
অৱশ্যে ‘প্ৰিন্সিপিয়াৰ’ উৎসৰ বিষয়ে আলোচনাৰ ক্ষেত্ৰত
আমি তিনিটা সময়ৰ কথা বিবেচনা কৰিব লাগিব, লণ্ডনৰ প্লে’গ মহামাৰিৰ বছৰকেইটা— ১৬৬৫ আৰু ১৬৬৬ খ্ৰীষ্টাব্দ, ১৬৭৯ খ্ৰীষ্টাব্দ আৰু ১৬৮৪
খ্ৰীষ্টাব্দ।
১৬৬৫ আৰু ১৬৬৬ খ্ৰীষ্টাব্দত, অৰ্থাৎ লণ্ডনৰ প্লে’গ মহামাৰিৰ বছৰকেইটাত নিউটন উল্ছথ’ৰ্পত থকা সময়তে তেওঁ প্ৰধানকৈ
তেওঁৰ বিখ্যাত মহাকৰ্ষণ বিধি আৱিষ্কাৰ কৰিছিল আৰু ইয়াৰ সত্যাসত্য নিৰূপণৰ
প্ৰচেষ্টা চলাইছিল বুলি জনা যায়। নিউটনৰ নিজৰ লেখাৰ উপৰি ৱিলিয়াম হুইছটন, হেন্ৰি পেম্বাৰটন আৰু ৱিলিয়াম
ষ্টুকলেইৰ লেখাৰ পৰা এই কথা জানিব পাৰি। প্ৰধানকৈ পৃথিৱীৰ চাৰিওফালে চন্দ্ৰৰ
পৰিভ্ৰমণ গতিৰ ক্ষেত্ৰত নিউটনে তেওঁৰ নতুনকৈ আৱিষ্কৃত মহাকৰ্ষণ বিধি প্ৰয়োগ কৰি
চাইছিল। ষ্টুকলেইৰ লেখাৰ পৰা আৰু জানিব পাৰি যে এদিন উদ্যানত বহি থাকোঁতে হঠাতে আপেল এটি ভূ-পৃষ্ঠত সৰি পৰা ঘটনা এটিয়ে নিউটনক মহাকৰ্ষণ বিধি সম্পৰ্কে
চিন্তা কৰিবলৈ প্ৰেৰণা দিছিল। মহাকৰ্ষণ
বিধিয়ে চন্দ্ৰৰ গতি ব্যাখ্যা কৰাত প্ৰায় সফল হৈছিল যদিও প্লে’গৰ বছৰকেইটা শেষ হোৱাত
কেম্ব্ৰিজলৈ ঘূৰি আহি নিউটনে এই সম্পৰ্কীয় অধ্যয়ন আৰু আগ বঢ়াই নিনিলে।
ইয়াৰ পাছত ১৬৭৯ খ্ৰীষ্টাব্দৰ
আগলৈকে নিউটনে মহাকৰ্ষণ আৰু গ্ৰহ-গতি সম্পৰ্কে বিশেষ গভীৰ চিন্তা-চৰ্চা কৰাৰ কোনো প্ৰমাণ
নাযায়। ১৬৭৯ খ্ৰীষ্টাব্দত কিছু দিনৰ বাবে ৰ’বাৰ্ট হুক আৰু নিউটনৰ মাজত চিঠি-পত্ৰৰ আদান-প্ৰদান আৰম্ভ
হয়। নিউটনে বলবিজ্ঞান সম্পৰ্কে পুনৰ চিন্তা-চৰ্চা আৰম্ভ কৰে আৰু মহাকৰ্ষণ বিধিৰ
সহায়ত কেপলাৰৰ গ্ৰহ-গতি সম্পৰ্কীয় বিধি তিনিটাৰ দুটা প্ৰমাণ কৰিবলৈ সক্ষম হয়।
কিন্তু ইয়াৰ পাছতে নিউটনৰ এই সম্পৰ্কে অধিক অধ্যয়নৰ বাবে আকৰ্ষণ পুনৰ কমি যায়।
১৬৮৪ খ্ৰীষ্টাব্দৰ জানুৱাৰি মাহত লণ্ডনৰ ৰাজকীয়
সমিতিৰ বৈঠকত এডমাণ্ড হেলি,
খ্ৰিষ্ট’ফাৰ ৰেন আৰু ৰ’বাৰ্ট হুকে গ্ৰহগতি সম্পৰ্কীয়
কেপলাৰৰ বিধিকেইটাৰ সম্পৰ্কে আলোচনা কৰি আছিল। আলোচনাত হুকে দাবী কৰিলে যে
তেওঁ ব্যস্ত বৰ্গ বিধিৰ পৰা কেপলাৰৰ আটাইকেইটা
বিধি প্ৰমাণ কৰিব পাৰিব। আনহাতে হেলিয়ে স্বীকাৰ কৰিলে যে এই
ক্ষেত্ৰত তেওঁ এতিয়াও সফল হ’ব পৰা নাই। কিন্তু
ৰেনে হুকৰ দাবীৰ ওপৰত সন্দেহ প্ৰকাশ কৰিলে। এই ঘটনাৰ সাত মাহৰ পাছত ১৬৮৪
খ্ৰীষ্টাব্দৰ আগষ্ট মাহত হেলিয়েকেম্ব্ৰিজত নিউটনক সাক্ষাৎ কৰে। প্ৰাথমিক আলোচনাৰ পাছত হেলিয়ে নিউটনক প্ৰশ্ন কৰিলে
যে সূৰ্যৰ পিনে ব্যস্ত বৰ্গ বলেৰে আকৰ্ষিত হোৱা গ্ৰহবোৰৰ গতিপথ কেনেকুৱা হ’ব? নিউটনে লগে লগে উত্তৰ দিলে যে গ্ৰহবোৰৰ গতিপথ উপবৃত্তাকাৰ হ’ব। তেতিয়া হেলিয়ে নিউটনক কেনেকৈ তেওঁ
এই কথা জানিলে প্ৰশ্ন কৰাত নিউটনে ক’লে যে তেওঁ গণনাৰ দ্বাৰা এই কথা জানিব পাৰিছে। কিন্তু হেলিয়ে গণনাখিনি চাব বিচৰাত
নিউটনে লগে লগে সেইখিনি দেখুৱাব নোৱাৰিলে আৰু হেলিক কথা দিলে যে তেওঁ সেইখিনি
নতুনকৈ কৰি হেলিলৈ পঠিয়াই দিব। দৰাচলতে গণনাখিনি নিউটনৰ লগতে আছিল আৰু সেইখিনি ভালদৰে পৰীক্ষা
কৰিবলৈ কিছু সময় লোৱাৰ কাৰণেহে নিউটনে হেলিক দেখুওৱা নাছিল। অৱশেষত সেই
বছৰৰে নৱেম্বৰ মাহত নিউটনে এডৱাৰ্ড পেগেটৰ জৰিয়তে ন পৃষ্ঠাৰ এটি লেখা হেলিলৈ পঠিয়াই দিলে।
লেখাটোৰ নাম আছিল— De Motu
Corporum in Gyrum (কক্ষপথত থকা বস্তুৰ গতি সম্পৰ্কে) বা ‘ডি মটু’ আৰু ইয়াত হেলিয়ে বিচৰাতকৈও বহু বেছি
বৈপ্লৱিক গণনা সোমাই আছিল। মুঠতে এঘাৰটা প্ৰতিজ্ঞা, তিনিটা সংজ্ঞা, চাৰিটা প্ৰকল্প আৰু দুটা প্ৰমেয়িকা আছিল আৰু ইয়েই আছিল ‘প্ৰিন্সিপিয়া’-ৰ আৰম্ভণি। ‘ডি মটু’খন পঢ়িয়েই হেলিয়ে বুজিব পাৰিলে যে
জ্যোতিৰ্বিজ্ঞানৰ নিউটনৰ লেখাটোৱে এক মহৎ বিপ্লৱৰ সূচনা কৰিব। সেয়ে নৱেম্বৰ মাহতেই
হেলিয়েনিউটনক দ্বিতীয়বাৰ
সাক্ষাৎ কৰে আৰু নিউটনৰ আৱিষ্কাৰসমূহ প্ৰকাশ কৰিবলৈ তেওঁক সন্মত কৰে। ১৬৮৪
খ্ৰীষ্টাব্দৰ ডিচেম্বৰত হেলিয়ে কথাটো ৰাজকীয় সমিতিক অৱগত কৰে। অৱশেষত ১৬৮৫ খ্ৰীষ্টাব্দৰ
ফ্ৰেব্ৰুৱাৰি মাহত নিউটনৰ লেখাসমূহ Propositiones
de Motu (গতিৰ প্ৰতিজ্ঞা সম্পৰ্কে) নামেৰে ৰাজকীয় সমিতিৰ কাৰ্যবিৱৰণীত পঞ্জীয়ন কৰা হয়
আৰু তেওঁ যিমান পাৰে সোনকালে বলবিজ্ঞান সম্পৰ্কীয় নিজৰ আৱিষ্কাৰসমূহ ইয়াত
অন্তৰ্ভুক্ত কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰে।
পোনতে নিউটনে ‘প্ৰিন্সিপিয়া’-খন ‘ডি মটু’-ৰ এটি বহল ৰূপহে হ’ব বুলি ভাবিছিল। কিন্তু শেষত
তেওঁ ইয়াত বিভিন্ন বিষয় অন্তৰ্ভুক্ত কৰিবলৈ পৰিকল্পনা কৰে। ১৬৮৪ খ্ৰীষ্টাব্দৰ মে’ মাহত ইয়াক ৰাজকীয় সমিতিলৈ
প্ৰেৰণ কৰে। অৱশ্যে ইয়াৰে দুটা প্ৰতিজ্ঞা ১৬৭৯ খ্ৰীষ্টাব্দৰ ডিচেম্বৰ মাহতে আৰু
দহ-বাৰটামান প্ৰতিজ্ঞা ১৬৮৪ খ্ৰীষ্টাব্দৰ জুন আৰু জুলাই মাহত লেখা হৈছিল। দৰাচলতে
১৬৮৪ খ্ৰীষ্টাব্দৰ অক্টোবৰৰ পৰা ১৬৮৫ খ্ৰীষ্টাব্দৰ অক্টোবৰৰ ভিতৰত ল্যুকাছিয়ান
অধ্যাপক হিচাপে নিউটনে De Motu
Corporum Liber Primus (বস্তুৰ গতিৰ প্ৰথম নিয়ম সম্পৰ্কে) শীৰ্ষক যি ‘ল্যুকাছিয়ান বক্তৃতা’ প্ৰদান কৰিছিল তাকেই ‘প্ৰিন্সিপিয়া’-ৰ প্ৰথম খণ্ডৰ খচৰা বুলি
বিবেচনা কৰা হয়। ১৬৮৪ খ্ৰীষ্টাব্দৰ জুন
মাহৰ প্ৰথম সপ্তাহত ৰাজকীয় সমিতিত সিদ্ধান্ত লোৱা হয় যে ‘প্ৰিন্সিপিয়া’-খন ছপোৱাৰ দায়িত্বত থাকিব হেলি আৰু তেওঁ ইয়াৰ ছপা
খৰচো বহন কৰিব। ইয়াৰ লগে লগে প্ৰথম খণ্ড ছপাশাললৈ প্ৰেৰণ কৰা হয়। ‘প্ৰিন্সিপিয়া’-ৰ দ্বিতীয় খণ্ডৰ খচৰা
প্ৰস্তুত কৰা হৈছিল ১৬৮৫ খ্ৰীষ্টাব্দৰ গ্ৰীষ্মকালৰ ভিতৰতে, কিন্তু ছপাশালৰ বাবে পাণ্ডুলিপি প্ৰস্তুত হৈ উঠে ১৬৮৬
খ্ৰীষ্টাব্দৰ জুন মাহতহে। কিন্তু তৃতীয় খণ্ডৰ বাবে কিছুমান জ্যোতিৰ্বৈজ্ঞানিক
তথ্যৰ আৱশ্যক হ’ল আৰু এইবোৰৰ লগত
নিউটন ভালদৰে পৰিচিত নাছিল। অৱশ্যে তেওঁ ৰাজকীয় জ্যোতিৰ্বিজ্ঞানী জন ফ্লেমষ্টীডৰ
লগত এই বিষয়ে আলোচনা কৰিবলৈ সুবিধা পালে।
১৬৮৬ খ্ৰীষ্টাব্দৰ জুন মাহৰ ভিতৰত তৃতীয় খণ্ডৰ খচৰা পাণ্ডুলিপি প্ৰস্তুত হৈ উঠে।
ধূমকেতুৰ গতিপথ সম্পৰ্কীয় কিছু কথা বাদ দি এই খণ্ড ছপাশালৰ বাবে সাজু হৈ উঠে ১৬৮৭
খ্ৰীষ্টাব্দৰ মাৰ্চ মাহত। অৱশেষত সম্পূৰ্ণ তিনিটা খণ্ডৰে সৈতে ‘প্ৰিন্সিপিয়া’ প্ৰকাশ হয় ১৬৮৭ খ্ৰীষ্টাব্দৰ
জুলাই মাহত। ইয়াৰ প্ৰথম খণ্ড হ’ল ‘বস্তুৰ গতি’, দ্বিতীয় খণ্ড হ’ল ‘প্ৰতিৰোধী মাধ্যমত বস্তুৰ গতি’ আৰু তৃতীয় খণ্ড হ’ল ‘বিশ্বনিকায়ৰ গাণিতিক
ব্যাখ্যা’৷ ‘প্ৰিন্সিপিয়া’-ত অতি প্ৰখ্যাত বিশ্বজনীন
মহাকৰ্ষণ বিধিৰ উপৰি নিউটনৰ গতি সৰ্ম্পকীয় বিখ্যাত বিধি তিনিটা ব্যাখ্যা কৰা হৈছে।
তদুপৰি কেপলাৰৰ গ্ৰহ-গতি সম্পৰ্কীয় বিধি তিনিটাৰ প্ৰমাণো ইয়াত আগবঢ়োৱা হৈছে।
বিভিন্ন বেলেগ বেলেগ পৰিস্থিতিত বস্তুৰ গতিবিধি সম্পৰ্কে আলোচনা কৰাৰ উপৰি ইয়াত
জলস্থিতিবিজ্ঞান আৰু চন্দ্ৰৰ গতি সম্পৰ্কেও আলোচনা কৰা হৈছে।
‘প্ৰিন্সিপিয়া’-ৰ প্ৰকাশ সমগ্ৰ বিশ্বৰে বিদ্বৎ সমাজৰ বাবে এক যুগান্তকাৰী পৰিঘটনা। এই গ্ৰন্থই বিশ্বৰ প্ৰাকৃতিক দৰ্শনৰ
অধ্যয়নৰ সুঁতিকেই সলনি কৰি দিলে এনে নহয়, ই নিউটনৰ জীৱনৰ গতিকো সলাই পেলালে আৰু তেওঁ এগৰাকী অতি প্ৰখ্যাত ব্যাক্তিত
পৰিণত হ’ল। এই গ্ৰন্থখন
প্ৰকাশৰ আগতেই, ১৬৮৭ খ্ৰীষ্টাব্দৰ
প্ৰথমাৰ্ধতেই ইয়াৰ কথা সমগ্ৰ ইংলেণ্ডতে বিয়পি পৰিছিল। প্ৰধানকৈ ইয়াৰ প্ৰকাশৰ ঠিক
আগে আগে হেলিয়েPhilosophical
Transactions আলোচনীত ইয়াৰ সম্পৰ্কত লিখা সমীক্ষাই বিশ্বৰ সমগ্ৰ উৎসাহী পঢ়ুৱৈক ইয়াৰ বিষয়ে অৱগত কৰি তোলে।
১৬৮৮ খ্ৰীষ্টাব্দৰ বসন্ত আৰু গ্ৰীষ্মকালৰ ভিতৰত য়ুৰোপৰ তিনিখন গৱেষণা আলোচনী— নেদাৰলেণ্ডৰ Bibliobeque universelle, ফ্ৰান্সৰ Journal
des Scavans আৰু জাৰ্মানীৰ Acta
Eruditorum-ত ‘প্ৰিন্সিপিয়া’-ৰ সমীক্ষা প্ৰকাশ পায়। লগে
লগে সমগ্ৰ বিশ্বৰে বিজ্ঞানী আৰু গণিতজ্ঞসকল নিউটন আৰু ‘প্ৰিন্সিপিয়া’-ৰ প্ৰশংসাত পঞ্চমুখ হৈ পৰে। অৱশ্যে বিজ্ঞানী খ্ৰীষ্টীয়ান হাইগেন্ছ আৰু গটফ্ৰিড লেইব্নিজে ‘প্ৰিন্সিপিয়া’-ৰ মূল কথাখিনি মানি লোৱা
নাছিল, কিন্তু ইয়াৰ গভীৰ
প্ৰভাৱ অস্বীকাৰ কৰিব পৰা নাছিল।
অত্যন্ত সাৱধানতা অৱলম্বন
কৰা সত্ত্বেও ১৬৮৭ খ্ৰীষ্টাব্দৰ ‘প্ৰিন্সিপিয়া’-ৰ প্ৰথম সংস্কৰণত বহু সংখ্যক ভুল ৰৈ গৈছিল। সেই
ভুলবোৰ শুধৰণি কৰি আৰু নতুন কিছুমান কথা সংযুক্ত কৰি ১৭১৩ খ্ৰীষ্টাব্দত ‘প্ৰিন্সিপিয়া’-ৰ দ্বিতীয় সংস্কৰণ প্ৰকাশ কৰা
হয়। ট্ৰিনিটি মহাবিদ্যালয়ৰ জ্যোতিৰ্বিজ্ঞান আৰু পৰীক্ষামূলক দৰ্শনৰ প্লুমিয়ান
অধ্যাপক ৰ’জাৰ কোটছৰ সুদীৰ্ঘ
পাতনি ‘প্ৰিন্সিপিয়া’-ৰ দ্বিতীয় সংস্কৰণ অন্যতম
বৈশিষ্ট্য। ১৭২৬ খ্ৰীষ্টাব্দত ‘প্ৰিন্সিপিয়া’-ৰ তৃতীয় সংস্কৰণ প্ৰকাশিত হয়।
ইয়াতো কিছুমান নতুন কথা অন্তৰ্ভুক্ত কৰা হয়। খ্ৰীষ্টাব্দ অষ্টাদশ শতিকাৰ ভিতৰতে ‘প্ৰিন্সিপিয়া’ বহুতো য়ুৰোপীয় ভাষালৈ অনূদিত
হয়। পাছত এছিয়াৰো কেইবাটাও মুখ্য ভাষালৈ ‘প্ৰিন্সিপিয়া’ অনূদিত হয়। ১৭২৯ খ্ৰীষ্টাব্দত এন্দ্ৰু ম’টে ইয়াক লেটিনৰ পৰা ইংৰাজীলৈ ভাঙনি কৰে আৰু ফলত সমগ্ৰ
বিশ্বৰে অনুসন্ধিৎসু পাঠকে এই গ্ৰন্থ অধ্যয়ন কৰাৰ সুযোগ পায়। কেলিফ’ৰ্নিয়া বিশ্ববিদ্যালয়ৰ গণিতৰ
ইতিহাস বিভাগৰ অধ্যাপক ফ্ল’ৰিয়ান কাজ’ৰিয়ে বিস্তৃত টোকাসহকাৰে ‘প্ৰিন্সিপিয়া’-ৰ এন্দ্ৰু ম’টৰ ইংৰাজী অনুবাদখন সম্পাদনা
কৰে। ১৯৩৪ খ্ৰীষ্টাব্দত কেলিফ’ৰ্নিয়া বিশ্ববিদ্যালয়
প্ৰেছে ইয়াক প্ৰকাশ কৰি উলিয়ায়।
হাৰ্ভাড বিশ্ববিদ্যালয়ৰ
ভিক্টৰ এছ থমাছ (এমেৰিটাছ) অধ্যাপক আইৰ’ম বাৰ্নাৰ্ড ক’হেনে এনি হুইটমেন আৰু জুলিয়া বুন্দেজৰ সহযোগত ‘প্ৰিন্সিপিয়া’-ৰ এটি সম্পূৰ্ণ নতুন
অনুবাদ আগ বঢ়ায়। কেলিফ’ৰ্নিয়া বিশ্ববিদ্যালয় প্ৰেছে
১৯৯৯ খ্ৰীষ্টাব্দত ইয়াক প্ৰকাশ কৰে। ‘প্ৰিন্সিপিয়া’-ৰ অনুবাদৰ আৰম্ভণিতে
প্ৰফেছৰ বাৰ্নাৰ্ডে লিখা ‘A
Guide to Newton’s Principia’ শীৰ্ষক এটা সুদীৰ্ঘ
লেখা সংযোগ কৰা হৈছে আৰু ই পাঠকক যথেষ্ট সহায় কৰিছে। ‘প্ৰিন্সিপিয়া’ সম্পৰ্কে বিভিন্ন আলোচনা-বিলোচনা আৰু তথ্য এই লেখাটোত অন্তৰ্ভুক্ত কৰা হৈছে। ‘প্ৰিন্সিপিয়া’-ৰ এন্দ্ৰু ম’টৰ অনুবাদতকৈ অধ্যাপক ক’হেনৰ অনুবাদ বহু
পৰিমাণে উন্নত আৰু আধুনিক। ম’টৰ অনুবাদত থকা
বিভিন্ন দুৰ্বলতা ইয়াত আঁতৰ কৰা হৈছে। অৱশ্যে গণিত আৰু পদাৰ্থবিজ্ঞানৰ
ছাত্ৰ-ছাত্ৰীৰ সহজবোধ্য আন এটি ইংৰাজী অনুবাদৰ প্ৰয়োজনীয়তা এতিয়াও নুই কৰিব
নোৱাৰি।
যদিও আৰম্ভণিতে সম্পূৰ্ণ
ব্যক্তিগত কাৰণত ‘প্ৰিন্সিপিয়া’-ৰ অনুবাদৰ বিষয়ে চিন্তা কৰা
হৈছিল, পাছত ইয়াৰ
বিদ্যায়তনিক গুৰুত্ব উপলব্ধি কৰি কামটো গভীৰভাৱে হাতত লোৱা হ’ল। বৰ্তমানৰ অসমীয়া অনুবাদ
আৰম্ভ কৰাৰ সময়ত অধ্যাপক ক’হেনৰ ইংৰাজী অনুবাদখন অনুবাদকৰ হাতত পৰা নাছিল। গতিকে এই
অনুবাদ কাজ’ৰিৰ সম্পাদিত ‘প্ৰিন্সিপিয়া’-খনৰ পৰাহে কৰা হৈছে। অৱশ্যে ম’ট-কাজ’ৰিৰ অনুবাদতকৈ অধ্যাপক ক’হেনৰ অনুবাদ যথেষ্ট
উন্নত আৰু আধুনিক হোৱাৰ বাবে ‘প্ৰিন্সিপিয়া’ সম্পৰ্কে আলোচনাৰ ক্ষেত্ৰত
পাছৰখনহে বেছি নিৰ্ভৰযোগ্য বুলি অনুভৱ কৰিছোঁ।
পঢ়ুৱৈক মূল গ্ৰন্থৰ সোৱাদ
দিবলৈ যত্ন কৰা হেতু অনুবাদ সাধ্যনুসাৰে আক্ষৰিক কৰা হৈছে। কিন্তু ইংৰাজী আৰু
অসমীয়া ভাষাৰ বাক্যৰ গঠনপ্ৰণালী একে নোহোৱা বাবে অনুবাদৰ কোনো কোনো অংশত বাক্যৰ
সাৱলীলতা ৰক্ষা কৰিব পৰা হোৱা নাই। তদুপৰি মূল গ্ৰন্থতে দীঘল তথা কঠিন পাক লগা
বাক্য ব্যৱহৃত হোৱা কাৰণে অনুবাদৰো কিছু কিছু অংশত তেনে ধৰণৰ বাক্য ব্যৱহাৰ কৰিব
লগা হৈছে। এনে ক্ষেত্ৰত ‘প্ৰিন্সিপিয়া’-খন ব্যৱহাৰ কৰোঁতে পঢ়ুৱৈৰ কিছু যত্নৰ আৱশ্যক
হ’ব। অনুবাদ আৰম্ভ কৰাৰ পৰাই
এইটো স্পষ্ট হৈ পৰিছিল যে কামটো যথেষ্ট কঠিন হ’ব। আনকি অধ্যাপক ক’হেনেও ‘প্ৰিন্সিপিয়া’-ৰ তেওঁৰ নতুন অনুবাদৰ আগকথাত
কৈছে যে কোনো অনুবাদক বা সম্পাদকেই ‘প্ৰিন্সিপিয়া’-ৰ সকলো পাঠ, ইয়াৰ বিভিন্ন প্ৰতিজ্ঞাৰ
প্ৰমাণ সম্পূৰ্ণৰূপে বুজি পোৱা বুলি দাবী কৰিব নোৱাৰে। আনকি হেলিয়েও ‘প্ৰিন্সিপিয়া’-ৰ সকলো কথাৰ গাণিতিক তাৎপৰ্য
বুজি পোৱা নাছিল। এনে ক্ষেত্ৰত ভাৰতীয় ভাষাত বোধহয় প্ৰথম এই অসমীয়া অনুবাদ
সম্পূৰ্ণ শুদ্ধ হ’বই বুলি চিন্তা কৰাটো
ভুল হ’ব। যিকোনো অসুবিধাৰ
ক্ষেত্ৰত ম’ট-কাজ’ৰিৰ ইংৰাজী অনুবাদৰ উপৰি
অধ্যাপক ক’হেনৰ
সুবৃহৎ ইংৰাজী অনুবাদখন ব্যৱহাৰ কৰিলে পঢ়ুৱৈ উপকৃত হ’ব।
(প্ৰিন্সিপিয়া: প্ৰাকৃতিক দৰ্শনৰ গাণিতিক নীতি। আইজাক নিউটন। অসমীয়া অনুবাদ: ড° জয়ন্ত কুমাৰ শৰ্মা। সম্পাদনা: বসন্ত ডেকা। প্ৰকাশক: অৰ্কিড প্ৰকাশন, লেম্ব ৰোড, লতাশিল, গুৱাহাটী– ৭৮১০০১)