ধ্ৰুৱজ্যোতি বৰা
(১) ভাষাই হ’ল অসমীয়া সংজ্ঞাৰ কেন্দ্ৰীয় বিষয়বস্তু
ভাষা জাতিৰ প্রাণ।
ভাষা নথকাকৈ পৃথিৱীত ক’ৰবাত জাতি আছে
বুলি মই নাজানো। হয়, এই ভাষাবোৰ কোনোবা জাতিৰ ক্ষেত্ৰত অত্যন্ত বিকশিত আৰু আধুনিক
আৰু আন কিছুমান জাতিৰ ক্ষেত্রত হয়তো ‘কথিত ভাষা’ oral language-ৰ পৰ্যায়তে আছে।
কিন্তু ভাষা নথকাকৈ কোনো এটা সত্তা টিকি থাকিব নোৱাৰে। যিবিলাক গোষ্ঠীৰ ভাষা হেৰাই
যায়, অতি কম দিনৰ ভিতৰতে সেই গোষ্ঠীবোৰো নিশ্চিহ্ন হৈ যায়। ভাষা হেৰোৱাৰ অৰ্থ
কেৱল ভাষা এটা নাইকিয়া হোৱাই নহয়, বৰঞ্চ তাৰ লগতে এটা মানৱ গোষ্ঠী, এটা সত্তা
নিশ্চিহ্ন হৈ যায়— with death of a language a community also dies.
আৰু এই ভাষাক ভিত্তি কৰিয়েই প্ৰাথমিকভাৱে
জাতীয় চেতনাবোধ আৰু জাতীয়তাবাদৰো জন্ম হয়। এটা উমেহতীয়া ভাষা নোহোৱাকৈ এনে
হোৱাটো খুব টান। অতি কম ক্ষেত্ৰতহে এনে হয়। এটা চিনাকি উদাহৰণ দিব বিচাৰিছোঁ।
আমাৰ চুবুৰীয়া নাগাসকলৰ প্ৰতিটো ট্ৰাইব বা নাগা জনজাতিৰ নিজা নিজা ভাষা— আও, আংগামী,
ৰেমা আদি ভাষা আছে। কিন্তু তেওঁবিলাকৰ সকলোৱে বুজা এটা উমৈহতীয়া ভাষা নাই। সেয়ে
তেওঁলোক অসমীয়া আৰু অন্যনা ভাষাৰ মিশ্ৰণেৰে ‘নাগামিজ’ বোলা ভাষা এটা নিজৰ আৰু
আনৰ লগত যোগাযোগৰ বাবে তৈয়াৰ কৰি ল’লে আৰু শেহতীয়াকৈ শিক্ষিত শ্ৰেণীয়ে ইংৰাজী
ভাষা গ্ৰহণ কৰিছে। কিন্তু কথাটো হ’ল যে উমৈহতীয়া নাগা ভাষা এটাৰ অবিহনেও নাগাসকলৰ
জাতীয় চেতনাবোধ অতি প্ৰবল আৰু জাতীয় স্বাৰ্থৰ বাবে, পৰিচয় আৰু স্বীকৃতিৰ বাবে
তেওঁলোকে দীঘলীয়া সময় জুৰি সংগ্ৰাম কৰি আহিছে। নাগাসকলক এটা জাতি নহয় বুলি ক’ব
নোৱাৰি, কিন্তু এটা কথা আমি বুজিব লাগিব যে এনে পৰিস্থিতিবোৰ হ’ল ব্যতিক্ৰম
মাথোন— সাধাৰণ সূত্ৰ নহয়৷
সাধাৰণভাৱে প্ৰাথমিক হিচাপে ভাষা
এটাক আধাৰ কৰিয়েই জাতি গঢ়ি উঠে। লাহে লাহেহে ইয়াৰ লগত আনবোৰ উপাদান যোগ হয়।
এক ভৌগোলিক ক্ষেত্ৰ, এই উমৈহতীয়া
ঐতিহাসিক অভিজ্ঞতা, এক সামগ্ৰিকভাৱে সকলো দিশ সামৰি লোৱা সাংস্কৃতিক পৰিমণ্ডলৰ নিৰ্মাণ
আৰু এই প্ৰক্ৰিয়াৰ মাজেৰে নিজে নিজক এটা জাতি, এটা জাতিসত্তা হিচাপে ভবাৰ
প্রয়াস আৰম্ভ হয়। এই জাতি বোলা বস্তুটো মানৱসমাজৰ এটা স্বাভাৱিক বস্তু নহয়, যি
আকাশৰ পৰাও নপৰে আৰু নিজে নিজেও সৃষ্টি নহয়। সমাজৰ এচাম সচেতন জাতীয় চেতনাযুক্ত লোক—লেখক,
সাহিত্যিক, সামাজিক ব্যক্তি, ৰাজনীতিক, সকলোৰে সমৱেত প্রচেষ্টাত এটা সময় জুৰি
জাতিটো সকলো আধাৰক সামৰি তিল তিলকৈ নিৰ্মাণ কৰি উলিওৱা হয়। সমাজ, ভূমি আৰু
ইতিহাসত থকা স্বাভাৱিক আধাৰবোৰক গোট খুৱাই লৈ এই জাতীয় ভাবাপন্ন লোকসকলে (যিসকল
শিক্ষাগত আৰু শ্ৰেণীগতভাৱে সমাজৰ আগবঢ়া শ্ৰেণীবোৰৰ পৰাই আহে।) যিটো প্ৰক্ৰিয়াৰে জাতিযো
নিৰ্মাণ কৰে তাক সমাজবিজ্ঞানীসকলে এক অৰ্ধ্ব কৃত্ৰিম নিৰ্মাণ (semi artificial
construct) বুলি অভিহিত কৰিছে।
মন কৰিবলগীয়া যে এই সকলো
কাম-কাজৰ মূল আধাৰ হ’ল ভাষা৷ আমাৰ অসমীয়া জাতীয় পৰিচয় আৰু জাতিও ভাষাক আধাৰ কৰিয়েই
গঢ়ি উঠিছে।
(২) অসমীয়া সমাজত অন্তর্ভুক্তিৰ বিভিন্ন দিশ আৰু উপায়
সেয়ে যেতিয়া কোনোবা ৰাজনীতিজ্ঞই
এই সমগ্ৰ ঐতিহাসিক প্ৰক্ৰিয়াটোক নস্যাৎ কৰি অসমীয়া জাতীয়তাবাদৰ আধাৰ অসমীয়া ভাষা
নহয় বা অসমীয়া ভাষাক কেন্দ্ৰ কৰি অসমীয়া জাতীয়তাবাদ গঢ় লৈ উঠা নাই জাতীয়
মন্তব্য দিয়ে, তেতিয়া সংশয় হয় যে এয়া কিয় কোৱা হ’ল? এয়াতো অজ্ঞতা হ’ব নোৱাৰে।
এয়া হ’ল অসমীয়া জাতীয়তাবাদী ধ্যান-ধাৰণাক দুৰ্বল কৰা, জাতীয়াতাবাদক দুৰ্বল কৰাৰ
এক সচেতন প্ৰয়াস। ভাৰতৰ বিভিন্ন জাতিসত্তাবোৰক দুৰ্বল কৰি ভাৰ ঠাইত ৰাষ্ট্ৰবাদীহঁতে
অবৈজ্ঞানিক ৰাষ্ট্ৰবাদৰ প্ৰচলন কৰিব খোজে। তেওঁলোকৰ এনে কমৰ ক্ষেত্রত বাধা হ’ব
অসমীয়া জাতীয়তাবাদৰ দৰে কথাবোৰ। এই দিশতো আমি সচেতন হ’ব লাগিব।
অসমীয়া জাতিক যদি এক আধুনিক
জাতিৰ সংজ্ঞা দিবলগীয়া হয়, তেনেহ’লে ইয়াৰ কেন্দ্ৰত আমি ভাষাৰ দিশটো
শক্তিশালীভাৱে ৰাখিব পাৰিব লাগিব। নহ’লে জাতিটোৰ প্ৰাণস্পণ্ডনেই নাথাকিব। এইটো কেনেদৰে
কৰিব পৰা যায়, সেই বিষয়ে আমি সামান্য কথা ইয়াত ক’বলৈ চেষ্টা কৰিম। পাঠকসকলে মন
কৰিব।
প্ৰথম কথা— মই ভাবোঁ, অসমীয়া
জাতি আজিৰ পৰিস্থিতিত ভাৰতীয় নাগৰিককে লৈ গঠন হ’ব। গঠন হ’ব লাগিব। গতিকে আজিৰ অসমীয়া
জাতিৰ সদস্য এজন ভাৰতীয় নাগৰিক হ’ব লাগিব। বা়ংলাদেশৰ পৰা অহা বাংলাদেশী নাগৰিক
হ’ব নোৱাৰিব। কিন্তু তেনে এজন বাংলাদেশী নাগৰিক যদি আইনী প্ৰক্ৰিয়াৰে ভাৰতীয়
নাগৰিক হৈ পৰে তেনেহ’লে তেনে এজন লোক অসমীয়া জাতিৰ সদস্য হ’ব বিচাৰিলে হ’ব
পাৰিব। অসমীয়া জাতিৰ আধুনিক সংজ্ঞাই তেনে এজন লোকক অসমীয়া জাতিৰ সংজ্ঞাত
অন্তৰ্ভুক্ত কৰি ল’বলৈ সক্ষম আৰু ইচ্ছুক হ’ব লাগিব। কেনেদৰে এই কাম আমি কৰিব
পাৰিম, সেই বিষয়ে পাছত মন্তব্য কৰিছে।
অন্য জাতিৰ লোক অসমীয়া জাতিৰ অংশ
বা অংশীদাৰ বা সদস্য হ’ব পাৰিবনে নোৱাৰে? এই ধৰক বাঙালী, হিন্দুস্থানী, তামিল,
তেলুগু, নেপালী আদি। এইবোৰতো স্বীকৃত জাতি। তেওঁলোক অসমীয়া জাতিৰ অন্তৰ্ভুক্ত হ’ব
পাৰিব নে নোৱাৰে। সেই কথাটো অতি গুৰুত্বপূৰ্ণ কথা। অসমত বহু যুগৰ পৰা বাঙালী, মাৰোৱাৰী,
বিহাৰী, নেপালী আদি লোকে বাস কৰি আছিছে। (তেওঁবিলাক ভাৰতীয় নাগৰিকো)। তেওঁবিলাক
অসমীয়া জাতিৰ সদস্য হ’ব পাৰিবনে? পৰা উচিতনে? আৰু যদি হয়, কেনেদৰে হ’ব? অসমীয়া
জাতিক এটা আধুনিক অন্তৰ্ভুক্তিক্ষম জাতি হিচাপে গঢ়ি তুলিবলৈ হ’লে এই
মানুহখিনিয়ে ইচ্ছা প্ৰকাশ কৰিলে তেওঁবিলাক অন্তৰ্ভুক্ত হোৱাৰ বাট খোলা থাকিব লাগিব।
পৃথিৱীত মূল মূল জাতিবোৰ গঠন হৈছে বহু জাতিৰ স্বেচ্ছাকৃত যোগদানৰ জৰিয়তে। ব্ৰিটিছ
জাতি ইংলিছ, স্কটিছ, আইৰিছ জাতিৰ সন্মিলন— তাত আমাৰ নাগৰিকত্ব লোৱা বিভিন্ন
ভাৰতীয় জাতি, আনকি আমাৰ অসমীয়াও অন্তৰ্ভুক্ত হৈছে। এমেৰিকাতো ক’বই নালাগে,
এমেৰিকান বুলিলে আমি মি এমেৰিকান জাতিৰ কথা ভাবো তাত অন্তৰ্ভুক্ত নোহোৱা জাতি বোধকৰোঁ
নাই। ইয়াৰ পৰা এইটোৱেই স্পষ্ট হৈ পৰে যে এটা আধুনিক জাতি গঢ়ি উঠোঁতে বিভিন্ন
জাতিৰ যোগদান সম্ভৱপৰেই নহয়, কাম্যও। আধুনিক অসমীয়া জাতি গঢ়ি তোলোঁতে আমিও সকলো
জাতিক অন্তৰ্ভুক্ত কৰিব পাৰিব লাগিব।
জাতি বুলি কওঁতে জাতি-বৰ্ণ কথা
দুটা একেলগেই কোৱা যায়। বৰ্ণৰ ভাৰতীয় প্ৰেক্ষাপটত এট সুকীয়া স্থিতিও আছে। আমাৰ
সমাজ যিহেতু এখন জাতিবিভক্ত সমাজ, এই সমাজখনত উচ্চ বৰ্ণ, নিম্ন বৰ্ণ, দলিত,
মহাদলিত সকলো আছে। আধুনিক জাতি এটা সমাজত থকা সকলো বৰ্ণকেই সামৰি লৈ গঢ়ি উঠা জাতি
হ’ব লাগিব। আমি কথাটো মন কৰিবলগীয়া।
(আগলৈ…)