অন্যযুগ/


অসমীয়াৰ সংজ্ঞা-১

ডা° ধ্ৰুৱজ্যোতি বৰা
এই মুহূৰ্তত যদি অসমত কিবা বিষয়ৰ সম্পৰ্কে‍ আটাইতকৈ বেছি ‘কন্‌ফিউজন’ আহে, তেনেহ’লে সি হ’ল অসমীয়াৰ সংজ্ঞা সম্পৰ্কে। এই বিষয়ে মোৰ লগত বোধকৰোঁ কোনো দ্বিমত নহ’ব। কোনেও অসমীয়াৰ এটা সৰ্বজনগ্রাহ্য সংজ্ঞা দিব পৰা নাই। কিন্তু চিন্তাৰ কথা এইটোহে হৈছে যে এই বিষয়ে কোনো ‘ছিৰিয়াছ’ প্রয়াসো আমাৰ চকুত সততে পৰা নাই, কেৱল অসম সাহিত্য সভাৰ আৰু পূৰ্বৰ বিধানসভাৰ অধ্যক্ষ প্ৰণৱ গগৈ ডাঙৰীয়াৰ বাহিৰে। ব্যক্তিগত আলাপ-আলোচনাত আমি দেখা পাওঁ যে প্রতিজন অসমীয়া অকণমান চিন্তা-চৰ্চা কৰা লোকে বিষয়টোক লৈ নভবা নহয়, ভাবিছে আৰু নিজৰ মনত একোটা সংজ্ঞাৰ নক্সা ঠিক কৰি থৈছে। কেৱল তেওঁলোকৰ এই কথাটো মুকলিকৈ ৰাজহুৱাভাৱে আলোচনা কৰিবলৈ সংকোচ প্ৰচণ্ড। এই সংকোচৰ কাৰণ ধৰিবলৈ বৰ টান। জাতীয়তাবাদী শিবিৰৰ বিভিন্ন দল-সংগঠনবোৰো এই ক্ষেত্রত নিমাত হৈ আছে।
কিন্তু বিষয়টোৰ সমাধান ৰাজহুৱা আলাপ-আলোচনা, কিছু পৰিমাণে মুকলি বিতৰ্ক আৰু ব্যাপক মত-বিনিময়ৰ দ্বাৰাহে সম্ভৱপৰ। এইটো ব্যক্তিগত প্রয়াস নহয়, ব্যাপক ৰাজহুৱা আলোচনাৰ দ্বাৰাহে এনে এটা বিষয়ত এক সিদ্ধান্তিক দিশলৈ অহাটো সম্ভৱপৰ। ৰাজহুৱা ক্ষেত্ৰৰ বাহিৰত ই সম্ভৱপৰ নহয়। মই নিজে এই বিষয়ে লিখিত মাধ্যমত ব্যাপক মত প্রকাশ হোৱাটো বিচাৰোঁ। বৈদ্যুতিন মাধ্যম এই বিষয়ৰ বাবে উপযুক্ত নহয়, কাৰণ তাৰ স্থায়িত্ব নাথাকে। ই কেৱল এক জনমত গঠন কৰাৰ ক্ষেত্ৰত সহায় কৰিব পাৰে। আৰু ই এনে কৰা উচিত। লিখ, লিখি উলিওৱাৰ বিকল্প নাই। কথাটো প্ৰথমে সেয়ে উত্থাপন কৰি ল’লোঁ।
যদি অসমীয়া (আৰু ইংৰাজীতো) এই বিষয়টোৰ সম্পৰ্কত এশখনমান পাম্ফলেট— মত পুস্তিকা, প্রচাৰ পুস্তিকা ওলালেহেঁতেন তেতিয়াহ’লে আটাইতকৈ ভাল হ’লহেঁতেন। কিন্তু আমি বৌদ্ধিকভাৱে ইমান দৰিদ্ৰ হৈ গৈছোঁ যে তেনে কাম কৰাৰ আমাৰ
সামৰ্থ্য নাইকিয়া হৈ গৈছে যেন লাগিছে। আজি আমাৰ আৰু সেই সামৰ্থ্য নাই যেন অনুভৱ হয়। অথচ এটা সময়ত এইখন অসমতে জাতীয় প্রশ্ন, আত্মনিয়ন্ত্রণ, জাতীয় সমস্যা আদি বিষয়ক লৈ বহু লিখা-মেলা, গ্রন্থ, পুস্তিকা আদি প্রকাশ পাইছিল— প্রগতিশীল, জাতীয়তাবাদী, সোঁপন্থী, বামপন্থী সকলো শিবিৰৰ পৰা। অসমৰ জ্যেষ্ঠ বুদ্ধিজীৱীসকলে অংশ লৈছিল। আমি নিজেও অধ্যয়ন কৰিবলৈ আৰু লিখিবলৈ অনুপ্রাণিত হৈছিলোঁ। কিন্তু, আজি যেন বৌদ্ধিক শূন্যতা চাৰিও ফালে। জাতিৰ আত্মা— জাতিৰ বিবেক সদায় লোৱা লোকসকল অন্ধ বুদ্ধৰ দৰে যেন পদ্মাসনত বহি আছে পদ্মফুলৰ ওপৰত। ভাষা নোহোৱাকৈ জাতীয়তাবাদ হ’ব বুলি বহুতে নতুন নতুন আস্ফালন কৰিছে। এই বৌদ্ধিক পৰিৱেশত ৰোমহৰ্ষ হৈ পেপুৱা লগাৰ অৱস্থা হৈছে।

অসমীয়াৰ সংজ্ঞা সন্ধানৰ কাম্য চৰিত্ৰ

অসমীয়াৰ সংজ্ঞা বোলোঁতে যি অন্তঃসলিলা বাগ্‌ধাৰা (ই যে ৰাজহুৱা হোৱা নাই সেই বিষয়ে কৈ অহা হৈছেই) অসমত চলি আছে, এনে হোৱাৰ কাৰণ সম্পৰ্কে দুটা কথা ক’ব খোজোঁ। এই কথাখিনি অসমৰ বিভিন্ন মানুহৰ লগত আলাপ-আলোচনা কৰাৰ পাছত মোৰ ব্যক্তিগতভাৱে হোৱা অনুভৱ। আনৰ বেলেগো হ’ব পাৰে। কিন্তু মোৰ অনুভৱ মই পঢ়ুৱৈ‍সকলৰ লগত ভগাই ল’ব বিচাৰিছোঁ।
অসমীয়াৰ সংজ্ঞা সম্পৰ্কে অসমীয়া মানুহৰ যি চিন্তা-চেতনাৰ বাগ্‌ধাৰা সি বেছিভাগ ক্ষেত্ৰত সকলোকে সামৰি লোৱাৰ অন্তৰ্ভুক্তিক্ষম (inclusivist) নহয়। অসমীয়া জাতীয় জীৱনৰ আউটিৰ মাজত কাক কাক, কিমান বেছি মানুহক কেনেদৰে সামৰি ল’ব পৰা যায় তেনে চিন্তা অত্যন্ত কম বুলি মোৰ ধাৰণা হৈছে। অসমীয়াৰ অসমীয়াত্ব সম্পৰ্কে আমাৰ ধাৰণা কম, আৰু ধাৰণা কম বাবে আমাৰ আশংকাও বেছি। সেয়ে আমি অসমীয়া বুলি বেছি মানুহক চিনাকি দিবলৈ টান পাওঁ, কিজানি ক’ৰবাত আমাৰ অসমীয়াত্ব পনীয়া হৈ যায়। সেয়ে আমি আক বাদ দিব খোজোঁ, তাক বাদ দিব খোজোঁ। আৰু তাৰ কাৰণ বহুত দেখুৱাবলৈ চেষ্টা কৰোঁ। জনজাতীয়সকল আজি নিজা নিজা নৃগোষ্ঠীগত বা এৱনিক পৰিচয়ৰ প্রতি অধিক আগ্ৰহী। লগতে তেওঁলোকে ষষ্ঠ অনুসূচীৰ অধীনত স্বায়ত্ত শাসনৰো দাবী কৰে। তেওঁলোকে সময়ে সময়ে তেওঁলোকৰ কোনো কোনো নেতাই ‘‘আমি অসমীয়া নহয়’’— এনে জাতীয় চুটি বুদ্ধিৰ ঘোষণাও দিয়ে। গতিকে অসমীয়াৰ মনত দুৰ্ঘোৰ সন্দেহ যে তেওঁলোক আচলতে অসমীয়া হয় নে নহয়, বা হ’ব নে নহ’ব। অসমীয়াৰ সংজ্ঞাই তেওঁলোকক সামৰিব নে নাসামৰে? কেনেদৰে সামৰিব? অবিশ্বাস, সন্দেহ আৰু সংশয় সকলোৱেই এই ক্ষেত্ৰত ক্ৰিয়াশীল। তেনেদৰে মুছলমানসকল? তেওঁলোক কি? তেওঁলোক অসমীয়ানে বাৰু? আমি বহুতো অসমীয়া মানুহে এনেদৰে কথা কওঁ— এইখন অসমীয়া গাঁও, সেইখন মুছলমান গাঁও। এই দিশবোৰ আছে। আমি বেয়া পালেও আছে। মাৰোৱাৰী, উত্তৰ ভাৰতীয় হিন্দীভাষী, নেপালী, চাহ বাগানৰ আৰু প্রাক্তন চাহ শ্রমিকসকল। এইবোৰৰ ক্ষেত্ৰতো কম-বেছি পৰিমাণে এই চিন্তাবোৰ আছে। গতিকে অসমীয়াৰ বিপদ বহুত। অসমীয়াৰ বিপদ হ’ল (exclusivism) নিজৰ গোটৰ পৰা, নিজৰ ধ্যান-ধাৰণাৰ পৰিধিৰ পৰা যিমানক বাদ দি ৰাখিব পৰা যায় বাদ দি ৰখা। এনে ধৰণৰ চিন্তা-ভাবনাই যে আমাক সীমিত আৰু সংকুচিত কৰি আনি থাকে বহু সময়ত সেই কথাৰ আমি ভুকে নলওঁ। আৰু পিঁয়াজৰ বাকলি গুচাই গুচাই নি থাকিলে এসময়ত সি ভিতৰৰ ডিলডালো নাথাকিবগৈ।
এনে এটা পৰিস্থিতিত আমি অন্তৰ্ভুক্তিক্ষম হ’ব লাগিব। আমি পিঁয়াজৰ বাকলি গুচোৱা জাতি নহৈ, এক্সক্লুছিভিষ্ট নহৈ ইনক্লুছিভিষ্ট হ’ব লাগিব, হৃদয়, মগজু আৰু চেতনাৰে আৰু অসমীয়াৰ সংজ্ঞা যিমান পাৰি সিমান বহলকৈ দিবলৈ চেষ্টা কৰিব লাগিব। তেহে হয়তো আমাৰ ভৱিষ্যৎ সুৰক্ষিত হ’ব।

ষষ্ঠ দফাৰ ‘অসমীয়া জনগণৰ’ ব্যুৎপত্তিগত অৰ্থ কি?

অসম চুক্তিৰ ষষ্ঠ দফাত যে অসমীয়া মানুহ— Assamese People বুলি কোৱা হৈছে তাৰ মানে বা তাৰ অৰ্থ অসমীয়া মানুহে কি বুজিছে? কেনেদৰে বুজিছে। এইটো এটা অতি চিন্তনীয় বিষয়। যদিও ইয়াত ক’তো অসমীয়া জাতি (nation) বা অসমীয়া জাতিসত্তা (এখন বহুজাতিক দেশ ভাৰতবৰ্ষ গঢ়ি তোলাৰ অন্যতম জাতি হিচাপে) বুলি কোৱা হোৱা নাই। কিন্তু কথাই কথাই আমি জাতিৰ কথাটো আৰু জাতিসত্তাৰ অৰ্থটো ব্যৱহাৰ কৰিছোঁহঁক, যেনে— জাতি-মাটি-ভেঁটি এই বাক্যাংশত। জাতীয় জীৱন, জাতীয় সংগঠন আদি শব্দৰ প্ৰকাশত, জাতীয় চেতনা আদি ধাৰণাত। অসম চুক্তিৰ ষষ্ঠ দফাৰ অধীনতো আমি কৰা আমাৰ আলোচনাত অসমীয়া জনগণ কথাষাৰ আমি জাতি বা জাতিসত্তা এই অৰ্থতেই ব্যৱহাৰ কৰিছোঁ; কিন্তু কথাষাৰ মুকলিকৈ আমি স্বীকাৰ কৰা নাই।
আৰু এই আলোচনা এনে ধৰণেই হোৱা উচিত কিয়?
তাৰ আগতেই এটা কথা কৈ ল’ব বিচাৰোঁ,
অসম আৰু অসমীয়া সত্তাৰ, অসমীয়া জাতি আৰু জাতি গঠনৰ আজি বিৰোধী এচাম ওলাইছে আৰু ক্ৰমে এওঁলোকৰ ছেমি বৌদ্ধিক (অৰ্ধ-বৌদ্ধিক) আস্ফালন ৰাজহুৱাকৈ বাঢ়ি আহিছে। মানৱ সমাজৰ বিকাশৰ, বিৱৰ্তনৰ সকলো নিয়ম আৰু ইতিহাস নিজৰ স্বাৰ্থত অকাতৰে ভৰিৰে মোহাৰি এইচামে জাতি আৰু জাতিসত্তাৰ বৈ‍জ্ঞানিক ধাৰণাটোৰেই বিৰোধিতা কৰে, কাৰণ এইবোৰ তেওঁলোকৰ ন্যস্তস্বাৰ্থ তথা নিৰন্তৰ অৱদমন (oppression) আৰু আধিপত্যবাদ (hegemany)-ৰ বাটত এটা বাধা হিচাপে থিয় দিয়ে। এক ভাৰত, অখণ্ড ভাৰত, এক দেশ, এক ভাষা এনে ধৰণৰ ধ্যান-ধাৰণাৰে তেওঁলোকে বৃহৎ ভাৰতীয় আধিপত্যবাদকে ভাৰতৰ সকলো ৰাজ্য, ভাষা, সকলো জাতিৰ ওপৰত জাপি দিব বিচাৰে। এই বৃহৎ ভাৰতীয় আধিপত্যবাদ যে এচাম উত্তৰ ভাৰতীয়, হিন্দীভাষী, সমগোত্ৰীয় লোকৰ আধিপত্যবাদ সেই কথাটো চকুৰ আঁৰ কৰিবলৈকে ‘এক দেশ-এক ভাষা’ এনে ধৰণৰ শ্লোগানবোৰ দেশপ্ৰেমৰ আৱৰণ দি লৈ আহে। এই আধিপত্যবাদৰ স্বাভাৱিক বাধাবোৰ হ’ল অন্যান্য ভাৰতীয় ভাষা, ভাৰতীয় জাতিসত্তাসমূহ, অন্য পৰিচয়। বহুভাষিক বহুত্ববাদী ভাৰত নহয়, একে, সমবাদী য়ুনিফৰ্ম ভাৰতৰ ধাৰণা এওঁলোকৰ বাবে বাটৰ বাধা। সেয়ে তেওঁলোকৰ নেতাই আস্ফালন কৰে ‘ভাষা’ জাতিসত্তাৰ আধাৰ হ’ব নোৱাৰে। ভাষাটোৰ স্থিতিয়েই হ’ল এওঁলোকৰ বাবে আটাইতকৈ অসুবিধাজনক। যিকোনো প্ৰকাৰে তেওঁলোকে স্বতন্তৰীয়া ভাষাৰ সামাজিক অৱস্থিতি দুৰ্বল কৰি পেলাব বিচাৰে। এনে কৰাৰ এটা অমোঘ অস্ত্ৰ হ’ল ভাষাটোৰ শৈক্ষিক স্থিতি দুৰ্বল কৰিবলৈ ইয়াক শিক্ষাৰ মাধ্যম হিচাপে গুৰুত্ব কমাই অনা, যাতে ভৱিষ্যতৰ প্রজন্মই বেছি বেছি পৰিমাণে নিজৰ মাতৃভাষাৰ পৰা দূৰ হৈ পৰে আৰু সৰ্বভাৰতীয় গেলামালৰ বেপাৰীহঁতৰ উদ্দেশ্য সিদ্ধি হয়। অসমত আমি এনেকুৱা প্রক্ৰিয়া এটাৰ মাজেদি গৈ আছোঁ নেকি ৰাইজে কথাবোৰ বিচাৰ কৰি চাওক আৰু চুঃ চুঃ কা কা বুলি চিঞৰাৰ লগে লগে মাতৃভাষা মাধ্যম আমাৰ জন্মস্বত্ব আমাক লাগে বুলিও চিঞৰক। 
কিছুমান আন্তৰ্জাতিকভাৱে গৃহীত সূত্ৰৰ অধীনতহে অসমীয়া জাতিৰো সংজ্ঞা নিৰূপণ হ’ব পাৰে

আমি যদি সঁচাকৈয়ে অসমীয়াৰ সংজ্ঞা সম্পৰ্কে ছিৰিয়াছ আলোচনা কৰিবই বিচাৰোঁ, তেতিয়াহ’লে আমি আন্তৰ্জাতিক সমাজ আৰু ৰাজনীতি বিজ্ঞানৰ কিছুমান পৰীক্ষিত সূত্ৰৰ সহায় ল’ব লাগিব। এইবোৰৰ অবিহনে এনেই মনেগঢ়া ধাৰণাৰে আলোচনা কৰাৰ খুব বিশেষ এটা অর্থ নাথাকে।
অসমীয়া বুলি ক’লে আমি কি বুজিব লাগিব?
অসমীয়া বুলি ক’লে আধুনিক অৰ্থত আমি অসমীয়া জাতি বা জাতিসত্তা বুলি বুজিব লাগিব— নেশ্বন অৰ নেশ্বনেলিটি‍। এই নেশ্বন আৰু নেশ্বনেলিটি, জাতি আৰু জাতিসত্তাৰ মাজত মূল পাৰ্থক্যটো হ’ল যে এটা জাতিসত্তাই যেতিয়া এখন দেশ গঠন কৰিবলৈ— জাতিৰাষ্ট্ৰ গঠন কৰিবলৈ সক্ষম হয়, তেন্তে তাক সাধাৰণতে ‘জাতি’ বুলি সমাজ বিজ্ঞানীসকলে অভিহিত কৰে। আনহাতে, এখন দেশৰ ভিতৰত বিভিন্ন জাতি যদি থাকে, অৰ্থাৎ এখন বহুজাতিক ৰাষ্ট্ৰৰ মাজত যদি বহুতো জাতি থাকি এখন দেশ আৰু এক উমৈহতীয়া পৰিচয়ে‍ৰে মহাজাতি গঠন কৰে, তেনেহ’লে তেনে বহুজাতিক ৰাষ্ট্ৰৰ মাজত বাস কৰা জাতিসমূহক জাতিসত্তা বুলি অভিহিত কৰিব পাৰি। আন ধৰণে জাতি আৰু জাতিসত্তাৰ মাজত কোনো ধৰণৰ পাৰ্থক্য নাই। আমাৰ দেশলৈ চাওঁ আহক। ভাৰতবৰ্ষ এখন ৰাষ্ট্ৰ। এখন আচলতে বহুজাতিক ৰাষ্ট্ৰ— আৰু ইয়াৰ মাজত বিভিন্ন পৰ্যায়ত ৰাজ্যৰ শাসনভাৰ গ্রহণ কৰি বৰ্তি আছে বিভিন্ন জাতি, যেনে— অসমীয়া, বাঙালী, পাঞ্জাবী, মাৰাঠা আদি। এই সকলো ভাৰত ৰাষ্ট্ৰখন গঠন কৰা একো একোটা জাতিসত্তা। সকলোৱে মিলি উমৈহতীয়া ভাৰতীয় পৰিচয়ৰে ভাৰতীয় মহাজাতি আৰু স্বাধীন সাৰ্বভৌম ভাৰতীয় ৰাষ্ট্ৰ গঠন কৰিছে। সেই অর্থত অসমীয়া এটা জাতি বা জাতিসত্তা, যাৰ গৃহভূমি হ’ল ভাৰত আৰু ভাৰতৰ ভিতৰৰ অসম বোলা ৰাজ্যখন। পৃথিৱীৰ ভিতৰতে ই যথেষ্ট এক ‘য়ুনিক’ অৱস্থা।
এইটো সঁচা নে মিছা আমি নিজকে নিজে প্রশ্ন কৰি চাওঁ আহক। যদি সঁচা হয়, তেনে অসমীয়া জনগণ বোলক বা যি নামেৰেই অসমীয়াক বুজোৱা নহওক কিয়, আমি সদায় অসমীয়া জাতি (বা জাতিসত্তা) হিচাপে বুজিব লাগিব। এই বিষয়ত আমি স্পষ্ট আৰু নিশ্চিত হ’ব লাগিব। কিন্তু কিয়? এই প্ৰশ্ন যদি কৰা হয়, তেন্তে ক’ব লাগিব যে যেতিয়ালৈকে আমি অসমীয়া জনগণক অসমীয়া জাতি হিচাপে গ্রহণ নকৰোঁ, তেতিয়ালৈকে আমি আমাৰ আলোচনাত স্পষ্টতা কেতিয়াও পাব নোৱাৰোঁ আৰু আধিপত্যবাদী ৰাষ্ট্ৰীয়তাবাদী ফেচিষ্ট ষড়যন্ত্ৰকো প্ৰতিহত কৰিব পৰা যাব, অসমীয়াৰ সংজ্ঞাও নিৰ্ণয় কৰিব পৰা যাব আৰু ভৱিষ্যতৰ বাবে অসমীয়া জাতিৰ জাতীয় পৰিক্ৰমাৰ পথ নিৰ্ণয় কৰিব পৰা যাব।

জাতিৰ তত্ত্ব আৰু জাতিৰ সংজ্ঞা
আমাৰ আজিৰ আলোচনা জাতিৰ তত্ত্ব সম্পর্কীয় নহয়। কেৱল অসমীয়াৰ সংজ্ঞা নিৰ্ণয়ৰ বাবে কৰা আলোচনা। আৰু এই কামত আমি সংজ্ঞা নিৰ্ণয়ৰ কাম-কাজ অসমীয়া জাতি হিচাপে কৰিবলৈ যত্ন কৰিম। কিয় কৰিম আৰু কিয় এনে কৰা উচিত, সেইটো আমাৰ পৰৱৰ্তী আলোচনাতেই স্পষ্ট হৈ পৰিব বুলি আশা কৰোঁ।
জাতি এটাক প্রথমে আমি এক ঐতিহাসিক বিৱৰ্তনৰ প্রক্ৰিয়াৰে গঠিত এক সুস্থিৰ জনসমষ্টি বুলি অভিহিত কৰিব পাৰোঁ। যিটো সময়ৰ লগে লগে পৰিৱৰ্তনশীল (বিশেষকৈ গঠনৰ দিশৰ পৰা) আৰু সংবৰ্ধনশীল, আন আন জনসমষ্টিৰ অন্তৰ্ভুক্তিৰে ই নিৰন্তৰ বাঢ়ি আহিব পাৰে। অসমীয়াই যে এই চৰ্তবোৰ পূৰণ কৰে সেই বিষয়ে কাৰোবাৰ মনত সামান্যতম সংশয় আছে নেকি? মোৰ ধাৰণা, থাকিব নালাগে।
দ্বিতীয়তে, এটা জাতিৰ এক নিৰ্দিষ্ট ভৌগোলিক ক্ষেত্ৰ থাকে। ভাৰতৰ ভিতৰত অসম ৰাজ্য অসমীয়া জাতিৰ ঐতিহাসিক প্ৰক্ৰিয়াৰে গঢ়ি উঠা এক নিৰ্দিষ্ট ভৌগোলিক ক্ষেত্ৰ— সেই বিষয়ে কাৰো দ্বিমত নাই। এনে ৰাজ্য এখন বহুজাতিক দেশৰ অন্তৰ্গত হোৱাৰ বাবে এক ফেডাৰেল আৰ্হিৰ অন্তৰ্গত৷ ইয়াত ক্ষমতাৰ তাৰতম্য থাকিব পাৰে আৰু আছে। কিন্তু ই নিৰ্দিষ্ট আৰু স্বাভাৱিক ভৌগোলিক ক্ষেত্ৰৰ ধাৰণাৰ কোনো ধৰণৰ পৰিৱৰ্তন ঘটোৱা নাই।
তৃতীয়তে, জাতি এটা গঠনৰ বাবে প্ৰয়োজন হয় উমৈহতীয়া ‍অভিজ্ঞতা— (shared experience) ঐতিহাসিক বিৱৰ্তনৰ এক পথ পৰিক্ৰমাত জাতিটোৱে ভাল-বেয়া যিবোৰ অভিজ্ঞতা আহৰণ কৰে, সেইবোৰে এই জনসমষ্টিক এক বান্ধোন, এক স্মৃতিৰ বান্ধোন দিয়ে৷
চতুৰ্থতে, এক উমৈহতীয়া সাংস্কৃতিক পৰিমণ্ডল থাকিব লাগে। তিনিটা বিহু, গীত-মাত, নৃত্য আৰু সাংস্কৃতিক দিশৰ পৰা আমাৰ এটা উমৈহতীয়া সাংস্কৃতিক পৰিমণ্ডল আছে নে নাই বিচাৰ কৰি চাওঁ আহক।
পঞ্চমতে, নিজকে এটা জাতি হিচাপে পৰিচয় দিবলৈ আৰু পৰিচিত হ’বলৈ উমৈহতীয়া ইচ্ছা আছে নে নাই, সেইটো অতি গুৰুত্বপূৰ্ণ। এই common will-টো identify oneself as a nation and be identified as so by others হ’ল সমানেই গুৰুত্বপূৰ্ণ। এইটো নাথাকিলে একোৱেই নাথাকে। জাতিটোৰ ধাৰণাৰ প্রতি, সীমনাৰ প্রতি আৰু ইয়াৰ সাংস্কৃতিক আৰু অন্যান্য প্ৰতীক— ‘ছিম্বল’-ৰ প্ৰতি আৱেগজড়িত বিশ্বস্ততা আৰু জাতীৰ নামত সকলো কষ্ট-ক্লেশ স্বীকাৰ কৰিবলৈ ইচ্ছা-প্ৰয়োজন  হ’লে চৰম আত্মত্যাগৰ বাবে প্রস্তুত থকাটোত জাতি এটাৰ সদস্যসকলৰ জাতীয় চৰিত্ৰৰ ভিতৰত পৰে।
আৰু সৰ্বশেষত আটাইতকৈ গুৰত্বপূৰ্ণ দিশ! সেইটো হ’ল— এক উমৈহতীয়া ভাষা। ভাষাটো জাতিৰ প্রাণ।
এই দিশটোৰ বিষয়ে আমি পিছৰ খণ্ডত আলোচনা কৰিম।

অন্যযুগৰ প্ৰকাশিত সংখ্যাসমূহ