সঞ্জীৱ সভাপণ্ডিত
জীৱনত কিছুমান শব্দ নিজে কোৱা যায় আৰু বহুত শব্দ আনে কয়, আমি শুনো৷
কিছুমান শব্দ প্ৰয়োজনত সৃষ্টি হয়, কিছুমান এনেয়ে সৃষ্টি হয়৷
কিছুমান শব্দ ইচ্ছা কৰি সৃষ্টি কৰে, কিছুমান শব্দ ইতিহাসে-সময়ে সৃষ্টি কৰে৷
অসমৰ আকাশে-বতাহে আজি বহু দিনৰে পৰা বহু শব্দ মুখৰিত হৈ আছে৷ কিছুমান
শব্দ মাৰ গৈছে, আকৌ কিছুমান শব্দ নতুনকৈ সৃষ্টি হৈছে৷ ১৯৭০-ৰ দশকৰ মাজভাগৰ পৰাই
এনে বহুত শব্দই অসমক তোলপাৰ লগাই আছে৷ মন গ’লেও-নগ’লেও এনেবোৰ কথা শুনি থাকিবলৈ বাধ্য হৈছোঁ৷ তেনেকুৱা কিছুমান শব্দ বা কথা হ’ল—
অসমীয়া বুলি নিজকে কোৱাবিলাকৰ কণ্ঠত—
ক) অসমক স্বাধীনতাৰ দিনৰে পৰা কেন্দ্ৰীয় চৰকাৰে শোষণ-বঞ্চনা কৰি
আহিছে৷ অসমক কেন্দ্ৰই সদায় মাহী আইৰ দৃষ্টিৰেই চাই আহিছে৷
খ) অসমখনক বাংলাদেশীয়ে এফালৰ পৰা গ্ৰাস কৰি আনিছে৷ অসমত অসমীয়া সংখ্যালঘু হ’ল৷ অসমখন বাংলাদেশী মুছলমানে দখল কৰিলে৷ অসমত কেইবছৰমানৰ ভিতৰতে বাংলাদেশী মুখ্যমন্ত্ৰী হ’ব... ইত্যাদি।
নিজকে অসমৰ ভূমিপুত্ৰ-খিলঞ্জীয়া-জনজাতি বুলি কোৱাসকলৰ বহুতৰ কণ্ঠত—
ক) অসমীয়াবিলাকে আমাক ঠগিলে৷ আমি অসমীয়া নহয়৷ আমি অসমীয়াৰ লগত নাথাকোঁ৷
খ) আমাক বেলেগ ৰাজ্য লাগে৷ আমাক স্বায়ত্ত শাসন লাগে৷ আমি আমাৰ মতে চলিম৷
গ) আমি অসমীয়া ভাষা নকওঁ৷ আমি অসমীয়া মাধ্যমত নপঢ়োঁ ... ইত্যাদি।
আজিৰ দিনত সকলো শুদ্ধ৷ গতিকে কাৰো লগত এইবোৰ কথা লৈ ৰাজহুৱাকৈ যুক্তি-তৰ্ক কৰিব নোৱাৰি৷
মই নিজকে অসমীয়া বুলি ভাবোঁ৷ সেয়ে সকলো দোষ অসমীয়াৰ বুলি ক’লে মোৰ গাত লাগে, মনটো বেয়া লাগে৷ কথাবোৰ ভাবি চাওঁ৷
মোৰ সমুখতে অসমীয়া ভাষাত লিখা ছাইনব’ৰ্ড ভাঙি দলিয়াই দিয়া দেখিছোঁ
BTAD-ৰ অন্তৰ্গত ঠাইত৷ তহঁত অসমীয়াবিলাকে আমাক নষ্ট কৰিলি বুলি মিচিং মানুহে কোৱা
শুনিছোঁ৷ হাফলঙৰ ডিমাচা ল’ৰা-ছোৱালীয়ে ‘‘We don’t speak Assamese. We don’t
understand Assamese. We are Christians. Please speak in English or Hindi.’’
বুলি মোকে মোৰ কাৰ্যালয়তে কোৱা শুনিছোঁ৷ Divide Assam 50 : 50 বুলি কৈ মোৰ সমুখতে
Assamese go back বুলি প’ষ্টাৰ লৈ চিঞৰা দেখিছোঁ৷ ১৯৫১ চনৰ পৰা লোকপিয়লৰ তথ্য
বিশ্লেষণ কৰি কেনেকৈ তেতিয়াৰ ৯.৫% অসমীয়া মুছলমান আৰু ৭-৮% বঙালী মুছলমান ২০১১ চনৰ
লোকপিয়লত প্ৰায় ৩৫% মুছলমান (২০২১-ত ৪০-৪২% হ’বগৈ বুলি ধাৰণা কৰা যায়) আৰু তেতিয়াৰ
প্ৰায় ১২% বঙালী হিন্দু গৈ ২০১১ চনৰ লোকপিয়লত প্ৰায় ৩০% বঙালী হিন্দু (২০২১-ত
৩২-৩৪% হ’বগৈ বুলি ধাৰণা কৰা যায়) হোৱা দেখিছোঁ৷ ১৯৫১ চনৰ অসম, খণ্ড-বিখণ্ড হৈ
২০২০ চনত আগৰ মাটিকালিৰ এক তৃতীয়াংশ হোৱা দেখিছোঁ৷ খহনীয়াত মাটি-ঘৰ হেৰুৱাই,
বাংলাদেশীৰ আগ্ৰাসনৰ প্ৰকোপত তিষ্ঠি থাকিব নোৱাৰি ঘৰ-বাৰী খেতি এৰি পলাই অহা
অসমীয়া মানুহ দেখিছোঁ৷ অবৈধ বিদেশীৰ বেদখলৰ প্ৰকোপত ৩৩% বনাঞ্চল থাকিব লগা
ৰাজ্যখনত মাথোঁ ৭-৮% বনাঞ্চলহে ৰোৱাগৈ দেখিছোঁ৷ সকলো ক্ষুদ্ৰ ক্ষুদ্ৰ
জাতি-জনগোষ্ঠীৰ স্বনিয়ন্ত্ৰণৰ বাবে সৃষ্টি হোৱা ৰাজনৈতিক অভিলাষৰ ফলত মানুহৰ মাজত
হিংস্ৰতা-তিক্ততা-বিদ্বেষ সৃষ্টি হোৱা দেখিছোঁ৷ আগতে ভাৰতবৰ্ষত হিন্দু-মুছলমানৰ
মাজত বিদ্বেষৰ ভাব আছিল৷ অসমত সেইবোৰ নাছিল৷ কিন্তু এতিয়া অসম এখন বিষময় ৰাজ্য৷ বঙালী,
বাংলাদেশী/ পূৰ্ববংগীয় মূলৰ হিন্দু-বঙালী মুছলমানৰ আগ্ৰাসনে সিবিলাকৰ প্ৰতি
বিদ্বেষতো বঢ়াইছেই, তাৰ ওপৰত এতিয়া লগ হৈছে প্ৰতিটো জনগোষ্ঠীৰ অসমীয়াৰ (?) প্ৰতি
বা ইটোৰ সিটোৰ প্ৰতি ঘৃণা আৰু শত্ৰুতা৷ অথচ আমাৰ সকলোৰে মূল
শত্ৰু (Common Enemy) আছিল অবৈধ বাংলাদেশীবিলাক৷ সিবিলাকে মাটি দখল কৰি, নিজস্ব
ৰাজনৈতিক শক্তি গঠন কৰি, বাহিৰৰ অৰ্থশক্তিৰে শক্তিমান হৈ, নিজৰ বুদ্ধি-শ্ৰম-সংগঠিত
প্ৰচেষ্টাৰে আৰু ৰাজনৈতিক দলবিলাকক Blackmail কৰি
অসমত গজ্গজীয়া হৈ বহিল৷ এতিয়া আৰু সিবিলাকক লৰচৰ কৰিবৰ কাৰো সাধ্য নাই৷ তদুপৰি NRC-খনত
বিভিন্ন জালিয়াতিৰে নিচেই কমেও ৭০ লাখ অবৈধ বাংলাদেশীয়ে নাম সুমুৱাই ভাৰতীয় হৈ
পৰিছে৷ ৰাস্তাত আস্ফালন কৰি থকা অসমীয়া জাতীয়তাবাদীসকলে এইবোৰ কথাৰ বিতং বিশ্লেষণ
কৰিব জনা নাই৷
আইনগতভাৱে অবৈধ বিদেশীৰ সমস্যাটোৰ ‘ভেল্কীবাজী’ সমাধান
হৈ যোৱাৰ পাছত এতিয়া এই গণতান্ত্ৰিক দেশত সংখ্যাৰ খেল চলিব৷ বাংলাদেশীৰ সন্মিলিত
শক্তিৰ আগত আমাৰ খিলঞ্জীয়া মানুহ খেৰকুটাৰ দৰে উৰি যাব, যদিহে এটা উদ্ভট ৰাজনীতি
কৰা নাযায়৷
স্বাধীনতাৰ পাছৰে পৰা কংগ্ৰেছ দলেই অসমত পূৰ্ববংগ/ বাংলাদেশৰ
পৰা মানুহ আনি আনি সকলো খালী-চৰকাৰী-উদ্বৃত্ত মাটিত বহুৱাইছিল৷ আমাৰ বঙালীৰ
পদলেহনকাৰী কমিউনিষ্টবিলাকে, বুদ্ধিজীৱীৰ নামত কেৱল কিতাপৰ কথা আওৰোৱা কিছুমান বাস্তৱ
জ্ঞানবিবৰ্জিত মানুহে তেতিয়া কেৱল সেইবিলাকত বঙালীৰ দুখ-কষ্টৰ মানৱীয়তাহে দেখিলে৷
অসমৰ খিলঞ্জীয়া মানুহ বিতাড়িত হোৱাটো সিবিলাকৰ চকুত নপৰিল৷
দেখা পাইছিল৷ কিন্তু সিবিলাকৰ মানত অসমৰ মানুহ মানুহ নহয়৷
দুখ-কষ্ট-সমস্যা কেৱল ভগনীয়া-অনুপ্ৰৱেশকাৰী-দখলকাৰী বঙালী হিন্দু আৰু বঙালী
মুছলমানৰহে আছে৷ পিলপিলকৈ সন্তান জন্ম দি সিবিলাকে এটা সময়ত যে কি ভয়ংকৰ জনবিস্ফোৰণৰ
সমস্যাৰ সৃষ্টি কৰিব, কি যে অকল্পনীয় আৰু ভয়াৱহ আৰ্থ-সামাজিক সংকটৰ সৃষ্টি হ’ব, সেইবোৰ
শাসক-বাঁওপন্থী-বুদ্ধিজীৱী— সকলোৱে বুজিও নুবুজাৰ ভাও জুৰিলে৷ ৰাজ্যত অবৈধভাৱে বাংলাদেশী বহুওৱা
মুখ্যমন্ত্ৰীক জননেতা অভিধাহে দিয়া হ’ল!
আৰু এতিয়া সেইবোৰৰ ফলত অসমৰ প্ৰতিটো থলুৱা জনগোষ্ঠী আজি অস্তিত্বৰ
সংকটত৷
এইখিনিতে এটা কথা বুজা দৰকাৰ৷ জনজাতি (Tribal) মানে
কোনো এটা ভাগত বিভক্ত জনসমষ্টি নহয়৷ সভ্যতাই কৰা পৰিৱৰ্তনৰ জখলাৰ বিভিন্ন ঢাপত
বিভিন্ন জনসমষ্টি থাকে৷ তাৰে কিছুমান ঢাপত থকা কিছুমান মানুহক জনজাতি বোলা হয়৷ জনজাতীয়
পৰ্যায় এটা মানসিক স্তৰহে৷ এইটো নৃতাত্ত্বিকসকলৰ মত৷ জনজাতীয়সকলৰ কিছুমান চৰিত্ৰগত
বৈশিষ্ট্য থাকে; যেনে পৰিৱৰ্তনৰ প্ৰতি অনীহা, আত্মসংৰক্ষণৰ প্ৰবল
আসক্তি তথা মোহ, তেওঁলোকৰ বাহিৰৰ জগতখনৰ প্ৰতি সন্দেহ, নিজৰ পৰম্পৰাৰ প্ৰতি
প্ৰচণ্ড মূল্যবোধ, আধুনিক শিক্ষা-চিকিৎসা-ব্যৱসায়-অৰ্থনীতি আদিৰ প্ৰতি বিৰাগ, নিজৰ
প্ৰয়োজনৰ সীমাবদ্ধতা ইত্যাদি৷
অসম তথা উত্তৰ-পূৰ্বাঞ্চল নামৰ ভূখণ্ডৰ মানুহবিলাক, ‘সাধাৰণভাৱে
বৰ্ণ হিন্দু’, মুছলমান, বঙালী আৰু ভাৰতীয় মূলৰ মানুহখিনিক বাদ দি বাকী সকলো মানুহেই জনজাতীয়৷
মুছলমান, বঙালী আৰু ভাৰতীয় মূলৰ মানুহখিনি তেওঁলোকৰ নিজস্ব ধৰ্মীয় আৰু
সাংস্কৃতিক পৰম্পৰাৰ জোৰত জনজাতীয় প্ৰভাৱৰ পৰা মুক্ত হৈ থাকিল৷ কিন্তু বাকী সকলো
মানুহ কিবা নহয় কিবা ধৰণে জনজাতীয় বায়ু-পানীৰ প্ৰভাৱত থাকিল৷ সেয়ে ওপৰত উল্লেখ কৰা
চৰিত্ৰগত বৈশিষ্ট্যবিলাকৰ কাৰণে উত্তৰ-পূব ভাৰতৰ বাকী মানুহবিলাকৰ (জনজাতীয় আৰু
জনজাতি প্ৰভাৱাধীন) আধুনিকতাৰ ফালে তীব্ৰ গতিত ধাৱমান হোৱা পৃথিৱীখনৰ
পৰিবৰ্তনবিলাকৰ লগত তাল মিলোৱাত যথেষ্ট পলম হ’ল৷ ফলত তেওঁলোক যথেষ্ট
পিছপৰা বা খাপচাৰা হৈ থাকিল৷
জনজাতিসকলৰ আন এটা প্ৰধান চৰিত্ৰগত আঁসোৱাহ হ’ল যে তেওঁলোকে ভৱিষ্যতৰ
বেছি দূৰলৈকে নেদেখে৷ ফলত তেওঁলোকে ওচৰতে ঘটি থকা ব্যৱসায়-বাণিজ্যৰ ৰেহ-ৰূপ একো
বুজি নাপায়৷ তেওঁলোকৰ চাৰিওফালে কোনোবা ব্যৱসায়ীয়ে বিঘাই বিঘাই মাটি কিনি থকা
দেখিও তেওঁলোকে প্ৰশ্ন নকৰে হঠাৎ এনেকে মানুহে মাটি কিনাৰ অৰ্থ কি! তেওঁলোকৰ
গাঁৱৰে কোনোবা এটা আহি তেওঁৰ মাটি বিক্ৰী কৰাৰ প্ৰস্তাৱ দিয়াৰ লগে লগে আৰু অলপ টকা
হাতত পৰাৰ লগে লগে তেওঁলোকে বিনা দ্বিধাই নিজৰ সাতামপুৰুষীয়া মাটি বিক্ৰী কৰি
দিয়ে৷ হাজাৰ হাজাৰ বিঘা মাটি এনেকৈ জনজাতীয় মানুহৰ হাতৰ পৰা ওলাই গৈছে৷
বহুত ক্ষেত্ৰত দেখা গৈছে যে নিজৰ সৰ্বস্ব বিক্ৰী কৰি সৰ্বস্বান্ত হৈ
বহুত জনজাতীয় মানুহ পথৰ ভিক্ষাৰীও হৈ পৰিছে৷
পৰম্পৰা বুলি মদ খোৱাটো উত্তৰ-পূব ভাৰতৰ বহুত জনজাতিৰ ধ্বংসৰ এক
অন্যতম কাৰণ৷ মদ খাই খাই অকালতে মৃত্যুবৰণ কৰা, বেমাৰী হৈ পৰা, অৰ্থহীন
হৈ পৰা, সমাজৰ আৱৰ্জনা হৈ পৰাটো ইয়াৰ হাজাৰ হাজাৰ জনজাতীয় পৰিয়ালৰ কৰুণ সত্য৷
মদ খাবলৈ মাটি বিক্ৰী কৰাটো আছেই৷ মাটি বিক্ৰী কৰা টকাৰে অন্য কিবা ভাল কৰাৰ সলনি, গাড়ী
কিনি, জুৱা খেলি উৰাই দিয়াৰ কাহিনীও দেধাৰ৷
নাগালেণ্ড, মিজোৰাম, মেঘালয় আদিতো আগতে মানুহৰ অৱস্থা ভাল নাছিল৷ কিন্তু খ্ৰীষ্টান ধৰ্মৰ
আগমনে সেইবিলাক ঠাইত বহুত পৰিৱৰ্তন আনিলে৷ এইবোৰ ৰাজ্যত খ্ৰীষ্টান ধৰ্মৰ
প্ৰভাৱ সাংঘাতিক৷ গীৰ্জাৰ জোৰত মদ বন্ধ হৈ যোৱাৰ ফলত সেইবোৰ মানুহে বহুত উন্নতিও
কৰিছে৷
অসমৰ জনজাতীয়সকলৰ বহুলাংশ মদৰ কাৰণেই ধ্বংস হৈ গৈছে৷ আধুনিক
বিজ্ঞানমনস্ক শিক্ষাৰ পৰা এনেবোৰ মানুহ বহু যোজন দূৰৈতে আছে৷ তাৰে ফলত আজিও ‘ডাইনী
হত্যা’-ৰ নিচিনা নাৰকীয় ঘটনা ঘটিয়েই আছে৷ এতিয়াও বেজালি চিকিৎসাৰ প্ৰতিহে বহুত
জনজাতি মানুহৰ আগ্ৰহ৷
বহুত ঠাইত ওচৰত ডাক্তৰ-ঔষধ নথকাটোও অৱশ্যে এটা কাৰক৷ কিন্তু সেই বুলি
জৰা-ফুকাকেই একমাত্ৰ বাট বুলি ভবা মানুহৰ সংখ্যাও নগণ্য নহয়৷
জনজাতীয় মানুহবিলাক প্ৰকৃতিৰ লগত সংপৃক্ত হৈ থকা মানুহ৷ তেওঁলোকক
প্ৰয়োজনতকৈ অধিক একো নালাগে৷ সেয়ে তেওঁলোকৰ উচ্চাকাংক্ষা কম৷ তেওঁলোকে দুবেলা
দুমুঠি খাবলৈ যিমান লাগে সিমানকণ উপাৰ্জন বা উৎপাদন কৰিবলৈ যিমান কষ্ট কৰিব লাগে
সিমানকণহে কৰে৷ ফলত তেওঁলোকে মাটিবিলাক পেলাই থয়৷ সঞ্চয় বুলিবলৈ একো নাই৷
এনে মানুহৰ মাজৰ পৰা সুস্থ সামাজিক নেতৃত্ব দিব পৰা মানুহ ক’ৰ পৰা
ওলাব! গতিকে স্বাস্থ্যহীন, উদ্যমহীন, অৰ্থহীন, শিক্ষাহীন,
ভৱিষ্যৎ দৃষ্টিহীন, নেতৃত্বহীন এই জনজাতীয় মানুহবিলাক, বাংলাদেশী হিন্দু-মুছলমান
বা অন্য ব্যৱসায়িক মনোভাৱৰ বা আৰ্থিকভাবে সৱল মানুহৰ আগত তিষ্ঠি থাকিব নোৱৰা হৈছে৷
আৰু নোৱাৰেও৷
সেয়ে এতিয়া সকলো জনগোষ্ঠী বা জনজাতীয় মানুহৰ চিঞৰ-বাখৰ চলিছে৷ অসম
আন্দোলনৰ পাছত যেতিয়া আন্দোলনকাৰী নেতাবিলাক ধনী আৰু ক্ষমতাৱান হোৱা দেখিলে, তেতিয়া
সকলো জনজাতি/জনগোষ্ঠীৰে গা লৰিল বা চকু গজিল৷ তাৰ পাছত যেতিয়া বন্দুকৰ জোৰত ‘আলফা’
ধনী আৰু শক্তিশালী হোৱা দেখিলে আৰু অসমীয়াৰ প্ৰভুত্ব (hegemony) প্ৰতিষ্ঠা
কৰিবলৈ চেষ্টা কৰা দেখিলে, তেতিয়া বাকীবিলাক জনজাতি/জনগোষ্ঠীয়ে আত্মনিয়ন্ত্ৰণৰ অধিকাৰ বিচাৰি
চিঞৰি উঠিল৷
লগে লগে আৰম্ভ হ’ল ৰাজনৈতিক অভিলাষ৷ ৰাজনৈতিক ক্ষমতাই সকলো সৌভাগ্যৰ
দুৱাৰ মুকলি কৰি দিব বুলি সিবিলাকে ভাবিবলৈ ল’লে৷ লগে লগে আৰম্ভ হ’ল কুটিল
ৰাজনীতি৷ সংৰক্ষণ লগা হ’ল৷ হোজা মানুহবিলাকে সকলো সমস্যাৰ সমাধান কেন্দ্ৰীয় চৰকাৰে
কৰি দিব বুলি ভাবিবলৈ ল’লে৷ আমাক অমুক লাগিব, নহ’লে আমি অসমীয়া নহওঁ বুলি ভাবুকি
দিয়া আৰম্ভ হ’ল৷ সমুখত অৱস্থাপন্ন আৰু ক্ষমতাৱান অসমীয়াকেইজনক দেখি অসমীয়াবিলাকেই
সিবিলাকৰ সকলো অনৰ্থৰ মূল বুলি ঘৃণা-হিংসা আৰু বিদ্বেষৰ লক্ষ্য হৈ পৰিল৷
কোনেও কিন্তু শিক্ষা-ব্যৱসায়-কৰ্ম-শ্ৰম-সংগঠন-মাটিৰ ব্যৱহাৰৰ দ্বাৰা
নিজকে সৱল-শক্তিশালী কৰাৰ বাবে ব্যাপক একো প্ৰস্তুতি নচলালে৷ ফলত এই মানুহবিলাকৰ
কাৰো বৰ্তমানৰ আধুনিক প্ৰতিযোগিতামূলক পৃথিৱীখনত কোনো গুৰুত্বপূৰ্ণ স্থান
নোহোৱা হ’ল৷ কি দলং নিৰ্মাণ, কি গৃহ নিৰ্মাণ, কি যান্ত্ৰিক উৎপাদন, কি কৃষি উৎপাদন, কি
প্ৰতিযোগিতামূলক পৰীক্ষা— ক’তো এই জনজাতীয় মানুহৰ উপস্থিতি চকুতেই নপৰে৷ কথাতো এনেকুৱা হৈছেগৈ
যে এইবোৰ মানুহ নহ’লেও অসম চলি যাব৷ বৰং হয়তো ভালকৈহে চলিব৷
এনে পৰিস্থিতিতো অৱশ্যে এটা কথা উল্লেখ কৰিব লাগিব যে কিছু সংখ্যক
এনে মানুহে কিছু পৰিমাণে কৃষি উৎপাদনত মন দিছে৷ বহুতৰ আৰ্থিক অৱস্থাৰ পৰিৱৰ্তনো
হৈছে৷
কিন্তু এসোপা মানুহে এতিয়াও সংবিধানৰ ষষ্ঠ অনুচ্ছেদ, জনজাতিকৰণ, সংৰক্ষণ
আদি কথাবোৰতে লাগি আছে৷ সংবিধানে সংৰক্ষণৰ সৰ্ব্বোচ্চ সীমা বান্ধিয়ে থৈছে৷ এতিয়া
আৰু অধিক সংখ্যক জনগোষ্ঠীক জনজাতিকৰণ কৰি সংৰক্ষণ দিবলৈ গ’লে প্ৰত্যেকৰ ভাগত
‘মিঠৈ’ কমকৈ পৰিব৷ ফলত আৰু অধিক সংঘাতৰ সৃষ্টি হ’ব৷
গতিকে এই পন্থাৰে একো লাভ নহ’ব৷
মোৰ বিবেচনাত, জনজাতি বেল্টৰ মাটি উদ্ধাৰ কৰাটো, প্ৰথম কাম হোৱা
উচিত৷
দ্বিতীয়তে, সংবিধান সংশোধন কৰি হ’লেও অসমৰ প্ৰতিটো জনগোষ্ঠীক (অভৌগোলিক
হ’লেও) স্বায়ত্ত শাসন দিব লাগে আৰু ১৯৫১ চনৰ লোকপিয়লৰ ভিত্তিত, সেই সময়ত থকা
অনুপাতত, অসম বিধান সভাৰ ৮০% আসন থলুৱা জনগোষ্ঠীৰ কাৰণে সংৰক্ষিত কৰিব লাগে৷ যেনে শৰণীয়া
কছাৰীসকলক বড়ো কছাৰী, ডিমাচা কছাৰী, সোণোৱাল কছাৰী, ৰাভা কছাৰী আদি সকলোৰে লগত মিলাই জনসংখ্যা অনুপাতে ৰাজনৈতিক ক্ষমতা
দিব লাগে৷ মুঠতে বাংলাদেশী হিন্দু আৰু বাংলাদেশী মুছলমানক অসমত ৰাজনৈতিক মাতব্বৰিতা
দেখুওৱাৰ পৰা বাৰণ কৰিব লাগে৷
কিন্তু ৰাজনৈতিক আসন সংৰক্ষণে কোনো জাতি-জনজাতিক একো উন্নতি বা
উৎকৰ্ষতা দিব নোৱাৰে৷ বাংলাদেশী মূলৰ মানুহবিলাকে নিজৰ শ্ৰম, পৰিশ্ৰম, সংগঠনৰ
জোৰত অসমৰ সকলো জনজাতিক অসমৰ প্ৰায় সকলো কৰ্মক্ষেত্ৰৰ পৰা বিতাড়িত কৰিছে৷
স্বাস্থ্যৱান আৰু আৰ্থিকভাৱে স্বচ্ছল এই মানুহবিলাকৰ প্ৰতি ইতিমধ্যে যথেষ্ঠ সংখ্যক আমাৰ জনজাতীয়
যুৱতী আকৰ্ষিত হৈ বিবাহ বান্ধোনতো সোমাই ধৰ্মান্তৰিতও হৈছে৷
গতিকে অসমৰ জনজাতি সকলক নতুন ধৰণৰ নেতৃত্বৰ প্ৰয়োজন আহি পৰিছে৷ কিবা
ধৰণে ঐক্যবদ্ধ হৈ নাথাকিলে বাংলাদেশীৰ আগ্ৰাসনত এই সকলোবোৰ জনজাতি এক প্ৰকাৰ
নিঃচিহ্ন হৈ পৰিব৷
বৰ্তমান অসমৰ কোনো জনগোষ্ঠীৰ কোনো নেতা, ভৱিষ্যতৰ মানুহ বা জনগোষ্ঠী
গঠন কৰিবৰ বাবে প্ৰয়োজন হোৱা দৰ্শন-জ্ঞান-শিক্ষা-সক্ষমতাৰ ফালৰ পৰা অক্ষম৷ নতুন
মানুহ ওলাব লাগিব৷
এই সকলো কথাৰ শেষত এটা কথা ক’বই লাগিব যে জনজাতিৰ উন্নতিকৰণ বিষয়টো
আচলতে অত্যন্ত জটিল৷ উন্নতি বুলি ক’লে আমি সাধাৰণতে উন্নত দেশৰ উন্নত প্ৰযুক্তিয়ে
অনা আৰু উন্নত বিশ্বৰ উন্নত বজাৰ ব্যৱস্থাই আনি দিয়া উন্নত সামগ্ৰীৰে ভৰপূৰ জীৱন-যাপন
আদিৰ কথা বুজোঁ৷ আনহাতে এই সকলো কথা জনজাতিসকলৰ জীৱন ধাৰণৰ প্ৰণালী আৰু জীৱন
প্ৰকৰণৰ লগত সম্পূৰ্ণকৈ খাপ নাখায়৷ ভেৰিয়াৰ এলউইনকে আদি কৰি পৃথিৱীৰ বহু নৃতত্ত্ব
সমাজতত্ত্ববিদে জনজাতিসকলৰ স্বকীয়তা বজাই ৰখাৰ দিশটোত অত্যধিক গুৰুত্ব দিছে৷ যদি
উন্নতিৰ লগত স্বকীয়তা সংৰক্ষণৰ কথাটো মিহলি হৈ নাথাকে তেনেহ’লে জনজাতি উন্নতি এটা
প্ৰহসনহে হ’ব আৰু ই এটা কিম্ভুত-কিমাকাৰ ৰূপ ল’ব৷
সেয়ে এই অত্যন্ত স্পৰ্শকাতৰ বিষয়টো ভাবি-চিন্তি জনা-বুজা মানুহে পৰিচালনা কৰিব লাগে৷