ঢেঁকীয়াপতীয়া জুইকুৰা
গোঁজৰণিত জীণ গৈছে বেলি
ঘৰবোৰৰ অংশত শেষৰ মাংস
মাটি টোপাটোপে লো-লালটি
উধানৰ তেজ টুকি টুকি
উৰিছে ফিৰিঙতি
আজি খাদী কাপোৰৰ গাঁতত
কপাল পালপাতি পৰিব
অশ্বত্থামাৰ বাটত
কিজানি ঠিক সেইপিনেই
মোহনৰ ভুল-ফুলনি
নিদ্ৰাৰত নৰখাদকৰ মূৰত
কৰ্বেটৰ লোতক দুটি
হায়! দুঃস্বপ্নৰ গুটি
সেয়ে নেকি সি নিচিনে
পাপৰ নীতি পুণ্য কি
হৈ-হাল্লা তৰ্ক বিননি
কিয় খেল-ক্ষতৰ শুকনি
আকৌ ভয়ৰ খোজতে ভৰি পৰে
জোন নুমাই নাযাবি অ’ চিকাৰীকাই
আজিচোন আন্ধাৰো ভোকাতুৰ
জানো তোৰ শৰৰ স্বভাৱ পোন
পিছে ধনুত যদি শগুণ পৰে
ঘূৰি ঘূৰি অভাৱহে বীৰ
চিকাৰৰ কাহিনীত
আঙুলিৰ দক্ষিণা দি আপোনঘাতী
মাৰীচৰ বাবেও এবাৰ চিঞৰিম
মৌনতাৰ ঠানিত কপৌ আঁকি
শেষ কৰিম চকুৰ চিয়াঁহী
কি লাভ নিয়তিক দোষি
মৃগৰ মাংসই বৈৰী
-----------