অন্যযুগ/


বাঘিনীৰ সত্য জীৱন কাহিনী

  বাঘৰাণী খইৰী

মূল : অখিল মোহন পট্টনায়ক
অনুবাদ : ড° ৰত্নোত্তমা দাস বিক্ৰম



প্রায় ১৫০ মিটাৰ দূৰৰ পৰা হুঁ-উহুঁ’ কৰি দেও দি দি আগবাঢ়ি আহিল খইৰী। কিন্তু আমাৰ লগত ঘৰলৈ ঘূৰি যোৱাত তাইৰ অসন্তোষ অত্যন্ত স্পষ্ট। বৰং আমাকহে তাইৰ লগত আৰু দক্ষিণলৈ যাবলৈ ইংগিত দিলে, যেন সেইফালে তাইৰ কোনো ঈপ্সিত বন্ধুৱে অপেক্ষা কৰি আছে। তাই অলপমান সেইফালে আগুৱাই যায় আৰু পুনৰ পিছুৱাই আহি গাটো আৰু নেজডাল আমাৰ গাত ঘঁহায়, যিদৰে মেকুৰীবোৰে কৰে। আমি স্পষ্ট দেখিবলৈ পালোঁ যে খইৰী ঋতুমতী। অনেক খোঁচামতি কৰাত আমি তাইক বঢ়েইপানী ৰাষ্টাৰ দক্ষিণৰ এখন ঘাঁহনিলৈ লৈ আনিব পাৰিলোঁ। লগে লগে আমাৰ সংগ দিলে ব্লেকি আৰু তাইৰ পোৱালি বাঘাই। সিহঁতৰ লগত অনেক সময় ধৰি খইৰীয়ে খেলিলে।

তোষামোদ কৰি-মেলি আমি চম্পানলাৰ ওচৰৰ ডেৰ কিলোমিটাৰ দূৰত্বলৈ তাইক লৈ আহিলোঁ। কিন্তু চম্পানলাৰে ওচৰৰপৰা তাই চহলাৰ ফাললৈ দ্রুতগতিৰে যাবলৈ আৰম্ভ কৰিলে। মই কত তাইৰ সমানে সমানে যাব পাৰোঁ! যিমান মাতিলতো হুঁ-উহুঁ’ কৰি মাত দিলেও, পিছলৈ নুঘূৰিলে। কইৰাকচা আৰু মেচিন পাহাৰৰ অধিত্যকাৰ ভিতৰত তাই বোধহয় বিচাৰি পাইছে এক বিচিত্র গোন্ধ, যাৰ সন্ধানত তাই আত্মহাৰা। আমি তাইৰ পাছে পাছে প্রায় এক কিলোমিটাৰ গলোঁ। কিন্তু হঠাৎ দেখিলোঁ এটা প্রকাণ্ড দঁতাল হাতী আমাৰ বাট ভেটি থিয় হৈছে। তেতিয়ালৈ খইৰীয়ে হাতীটো অতিক্রম কৰি গুচি গৈছে। বতাহ খইৰীৰ দিশৰপৰা হাতীৰ দিশলৈ বলিছিল, সেয়ে দঁতাল হাতীটোৱে বাঘৰ গোন্ধ পাই ধীৰে ধীৰে বিপৰীত দিশলৈ যাবলৈ আৰম্ভ কৰিলে।

তেতিয়া প্রায় মাজৰাতি। আমি কইৰাকচামুখী ৰাষ্টাৰে উপায়ান্তৰ হৈ উভতি আহিলোঁ।

যদিও বিভিন্ন ঠায়ে ঠায়ে মানুহক পৰীয়া ৰাখি থৈছিলোঁ আৰু খইৰীৰ সন্ধান অব্যাহত আছিল, তথাপি আমাৰ দৈহিক সহ্যশক্তি আৰু আৰু ধৈৰ্যৰ সীমা অতিক্রম কৰি গৈছিলগৈ। ঠিক এই সময়ত যদি আমি টেলিমেট্রিক যন্ত্র ব্যৱহাৰ কৰিব পাৰিলোঁহেঁতেন, তেনেহলে অনেক কিছু তথ্য কিজানি পাব পৰা গলহেঁতেন।

খইৰী নিশ্চিতভাৱে তাইৰ পুৰুষ সংগী বিচাৰি গৈছিল কেৱল গোন্ধ লৈ লৈ। কাৰণ খইৰীয়ে তাইৰ সংগীক মাতিবলৈ কোনো সময়তে কোনো ধৰণৰ গোঁজৰণি মৰা নাছিল। কিন্তু আমি তেতিয়ালৈকে ক্লান্ত হৈ পৰিছিলোঁ আৰু আশংকা কৰিছিলোঁ, যদি খইৰীক যাবলৈ এৰি দিয়া যায়, কিজানি তাইক কোনোবা আদিবাসীয়ে কাঁড় মাৰি মাৰি পেলাব।

কেম্পলৈ ঘূৰি আহি সামান্য বিশ্রাম লৈ আমি আকৌ এবাৰ জীপ লৈ বাহিৰ হলোঁ খইৰীৰ সন্ধানত।

কিছু বাট যোৱাৰ পাছত এটা প্রকাণ্ড দঁতাল হাতীয়ে আমাৰ বাট ভেটিছিল। কিন্তু অলপ সময়ৰ পাছত ধীৰে ধীৰে জংঘলৰ ভিতৰলৈ সোমাই গৈ আমাৰ বাট মুকলি কৰি দিলে। প্রকাণ্ড দঁতাল হাতী। তাৰ দীঘল দাঁত দুটা নামি আহি মাটিৰপৰা মাত্র এহাত ওপৰত ৰৈছে। এই সুন্দৰ সবল জন্তুবোৰক অশিক্ষিত চিকাৰীসোপাৰ পৰা বচাই ৰখা আমাৰ কর্তব্য। হাতীবোৰে সিহঁতৰ এই সুশান্ত দন্তসৌষ্ঠৱ নিজৰ সন্তানক দি যাব আৰু উৰিষ্যাৰ বন্যজন্তুৰ বিভৱ আৰু বর্ণাঢ্য হৈ উঠিব।

চহলা পাইছোঁ কি নাইপোৱা, কেইজনমান ফৰেষ্ট গার্ড আৰু গাঁৱৰ মানুহে লাঠি-টোকোন লৈ আমাৰ ওচৰলৈ দৌৰি আহি কলে যে খইৰীক পাঁচমান বজাত দলদলি পাহাৰৰ ওচৰত মানুহে দেখিছে। এজন গার্ডে তাইক খইৰী বুলি মতাত তাই পিছলৈ ঘূৰি চালে আৰু দূৰলৈ গুচি যাবলৈ ধৰিলে। তাই দহজনমান গাঁৱৰ মানুহ আৰু গার্ড মিলি চাৰিওফালে ঘেৰি পেলাইছিল কিন্তু তাই সকলোকে ভয় দেখুৱালে।

মই প্রায় এক কিলোমিটাৰ বাট দৌৰি দৌৰি সেই ঠাই পালোঁগৈ আৰু অলপ দূৰৰপৰাখইৰী, আহ-আহবুলি মাতিলোঁ। খইৰীয়ে মোলৈ এবাৰ চালে। কিন্তু আনকি মোকো দম দেখুৱাই তাইৰ সোঁ হাতোৰা দেখুৱাই তাইৰ গভীৰ অসন্তোষ প্রকাশ কৰিলে। কিন্তু মোৰ ওচৰলৈ অহাৰ পৰিৱর্তে তাই আৰু বেছি দূৰলৈ গৈ গৈ ঘন ঘাঁহনিৰ মাজত মিলিহে পৰিল।

মই এডাল বাঁহৰ টোকোন লৈ তাইৰ ওচৰলৈ দৌৰি দৌৰি গলোঁ আৰু তাইৰ বুকু, ডিঙি আৰু গালত পাঁচ-ছটা বেছ কোব দিলোঁ। তাই পেটটো দেখুৱাই বাগৰি দিলে, কিন্তু ‘গ্যাঁউ-গ্যাঁকৰি থাকিল। মই ডাঙৰকৈ কৈ উঠিলোঁ, “, ঘৰলৈ বল। এতিয়াই বল।তাই আশ্ৰয়ৰ বাবে আহি তাইৰ মাকৰ ওচৰত চৰণ-পশি উহুঁ-উহুঁ’ কৰিলেহি। ইমান জোৰত কোবোৱাৰ বাবে ময়ো অনেক সময় ধৰি বিষণ্ণ হৈ থাকিলোঁ।।

তাইক আমি ৰাষ্টাৰ ওচৰলৈ লৈ আনিলোঁ। তাতে তাইক কলিজাৰ মাংসৰ সৈতে দুটা কাম্পজ খাবলৈ দিয়া হল। আশা কৰা হৈছিল, কাম্পজ খাই খইৰী অলপ অৱশ হৈ পৰিব আৰু তাই সহজতে জীপৰ ভিতৰলৈ নিব পৰা যাব। কিন্তু খইৰীয়ে ডেৰ কেজিমান মাংস খালে যদিও কাম্পজে কোনো কাম নিদিলে। এই ডেৰ কেজি মাংস খইৰীয়ে খালে প্রায় পঁয়ত্রিছ ঘণ্টাৰ পাছত। কিন্তু যেনেকৈ নহওক সেই ঠাইৰপৰা খইৰীক আমি লৈ যাব লাগিব। মই জীপখন পিছুৱাই পিছুৱাই আস্তে আস্তে নিলোঁ আৰু চাৰিওফালৰপৰা মানুহবোৰে বেঢ়ি ধৰাত তাই জীপৰ ভিতৰ পালেগৈ।

যচ্ছিপুৰত খইৰীয়ে পুনৰ মোৰ ওচৰ চাপি অনেক আদৰ ধৰিলে। যেন তাই কৈছিল, “যি হ, , সকলো পাহৰি যা।কান্‌হা পার্কত এজনী বাঘিনীক নজৰবন্দী কৰি ৰখাত দেখা গৈছিল যে তাই তাইৰ পোৱালি এৰি অনেক দূৰ গৈ তাইৰ পুৰুষ সংগীৰ সৈতে মিলিত হৈ পুনৰ তাইৰ পোৱালিকেইটাৰ ওচৰলৈ ঘূৰি আহিছিল। আমি যদি এবাৰ সুযোগ দিব পাৰিলোঁহেঁতেন, তেনেহলে খইৰীৰ ক্ষেত্ৰতো নিশ্চয় সেয়াই হলহেঁতেন।

তাৰ পাছত কইৰাকচা আৰু দলদলি পাহাৰৰ মাজত ঘূৰা-ঘুৰি কৰি কেইবাবাৰো বাঘৰ মল দেখিলোঁ। সেয়া খুঁচৰি খুঁচৰি দেখিলোঁ শম্বৰৰ নোম, ৰবাত বৰাৰ নোম। নিশ্চয় তাৰ ওচৰে-পাজৰে বাঘ ঘূৰিছে। কিছুদিনৰ পাছত কেইটামান হাতী ট্রেঞ্চ্ অতিক্ৰম কৰি চহলাৰ বঙলাৰ ভিতৰ সোমাবলৈ চেষ্টা কৰিছিল। ফৰেষ্ট গার্ডবোৰে ব্লেংক ফায়াৰ কৰি হাতীকেইটা খেদাই দি সিহঁত গল নে নাই ফ্লাশ্ব জ্বলাই চাব বিচাৰিছিল। হঠাৎ তেওঁলোঁকে দেখিলে দুটা চকু আঙঠাৰ দৰে জ্বলিছে। পিছঠেঙৰ ওপৰত বহি আছে এটা প্রকাণ্ড বাঘ, যিটো খইৰীৰ প্রকৃত সংগী হব পাৰিলেহেঁতেন। পোহৰ পৰাত নির্লিপ্ত ভাবেৰে বাঘটোৱে পিছমুৱা হৈ গুচি যোৱাৰ সময়ত সেইটো যে এটা মতা বাঘ, তাত কাৰো সন্দেহ নাথাকিল। বাঘটো যত বহি আছিল, সেই ঠাই আমাৰ কইৰাকচাৰ কোৱাৰ্টাৰপৰা মাত্র ১২৫ মিটাৰ দূৰত আছিল। আৰু সেই মল পৰীক্ষা কৰি দেখা গল যে সেই বাঘটো প্রায় তিনিসপ্তাহ ধৰি সেই অঞ্চলতে আছিল। খইৰী গুচি যোৱাৰ সময়ত সেই বাঘটোৱেও খইৰীৰ গোন্ধ পাই তাইক সেই অঞ্চলত বিচাৰি ফুৰিছিল।

খইৰীৰ শেষৰ দিনকেইটা

সেই দিনটো মোৰ স্পষ্ট মনত আছে। যিদিনা কণমানি খইৰী আমাৰ ওচৰলৈ আহিছিল। সেইদিনা তাই আছিল কোমল, উমাল, মাত্র ৮৮ চেণ্টিমিটাৰৰ এটা সৰু বাঘপোৱালি, অথচ আজি তাই চাৰে ছবছৰীয়া এজনী প্রকাণ্ড বাঘিনী। আজি তাইৰ গমনত সেই নিৰীহ কৌতূহল আৰু নাই, আছে এজনী সম্ভ্ৰান্ত ৰাজকুমাৰীৰ ভংগী। সেইদিনা তাই বিনা নিমন্ত্রণেৰে আহিছিল খইৰী নদীৰ পাৰৰ এফাল খোলা মুখৰ এটা পাথৰৰ খোলাৰপৰা, আজি তাই যচ্ছিপুৰ ডাকবঙলাত খোলা আকাশৰ তলত চলচলীয়া চকুৰে আমাৰপৰা শেষ বিদায় লৈ গুচি গৈছে।

আইৰ জঠৰৰ পৰা আমি এই পৃথিৱীলৈ আহোঁ আৰু ইয়াত আমাৰ লীলাখেলা সমাপ্ত কৰি পুনৰ গুচি যাওঁ মহাকালৰ গৰ্ভলৈ। ঈশ্বৰে আমাক এই পৃথিৱীলৈ পঠায় আৰু সেই ঈশ্বৰেই আমাক পুনৰ লৈ যায় নিজৰ কাষলৈ। এয়া সকলো ধৰ্মৰে চিৰন্তন বিশ্বাস।

কিন্তু কিয় জানো খইৰীয়ে যি সময়ত তাইৰ মানৱী মাতৃক মা..উঁ.. হ...উহুঁ’-কৈ শেষ বিদায় লৈ গুচি গল সেই সময়ত মই ঈশ্বৰৰ এই বিধান স্বীকাৰ কৰিব নোৱাৰিলোঁ। ইয়াক কি বুলি কোৱা যায় ? মায়া ? ইয়াকে কি কোৱা যায় সাংসাৰিক বন্ধন? নে হৃদয়ৰ সেই পৱিত্র স্নেহসম্পর্ক, ত সময়ে সময়ে ভগৱানৰ সিদ্ধান্তকো অন্যায় বুলি ভাবি গ্রহণ কৰিব নোৱাৰি?

১৯৭৪ চনৰ অক্টোবৰৰ ৫ তাৰিখৰ দিনা খইৰী আমাৰ ওচৰলৈ আহিছিল। আৰু ১৯৮১ চনৰ মাৰ্চ ২৮ তাৰিখৰ অপৰাহ্নত তাই আমাক এৰি থৈ গুচি গল। চাৰে ছটা বছৰ, ৩৩৬ সপ্তাহ আৰু ২৩৬২ দিন তাই আমাৰ লগত আছিল। ইমানখিনি জানো যথেষ্ট আছিল হৃদয়ৰ বন্ধনৰ বাবে ?

আমি তাইক সমাধি দিলোঁ। নিষ্প্রাণ দেহটোক কেইদিনেই বা ৰাখি থব পাৰি।

দুর্ঘনাটো ঘটিছিল বৰ অপ্রত্যাশিতভাবে। যচ্ছিপুৰত খইৰী যত আছিল, তাৰ কম্পাউণ্ডৰ চাৰিওফালে থকা বেৰ আছিল খুব মজবুত। সৰু কুকুৰ এটাও তাৰ ভিতৰলৈ সোমাই অহা সম্ভৱ নাছিল। মাত্র পুৰাণৰ কাহিনীৰ দৰে তক্ষকে যেতিয়া দংশন কৰিবঘৰ যিমান নিকপকপীয়াকৈ বন্ধ কৰি ৰাখিলেও, যিমান গড়-খাৱৈ খান্দি ৰাখিলেও, যিমান জুই জ্বলাই ৰাখিলেও, সেই বিধান খণ্ডন কৰিব পৰা নাযায়। এই বিশ্বাস মোৰ দৃঢ়তৰ হ, যেতিয়া খইৰীক জলাতংকই আক্রান্ত কৰিলে আৰু সেই ৰোগতে তাই আমাৰ পৰা শেষ বিদায় লৈ গুচি গল।

ৰাষ্টাত ঘূৰি ফুৰা কুকুৰৰ প্রতি খইৰীৰ আছিল চৰম বিতৃষ্ণা। বোধহয় এই কাৰণেই যে, সেই কুকুৰবোৰ বাঘৰ দৰে ভদ্র, খেলপ্রিয় আৰু অন্তৰংগ নহয়। সিহঁত খুব স্বার্থপৰ আৰু অসভ্য। সেইকাৰণে যচ্ছিপুৰ বঙলাৰ কম্পাউণ্ডৰ ভিতৰলৈ কোনো ৰাষ্টাৰ কুকুৰ যদি কেতিয়া কেনেবাকৈ সোমাই আহে তেতিয়া খইৰীয়ে সেইটোক চায় আৰু অলপমান সুযোগ পোৱা মাত্রকে একেটা ঢকাৰে মাৰি পেলায়। আগতে দুবাৰ এনে ঘটনা ঘটিছে। যচ্ছিপুৰ বঙলা, ত খইৰী আছিল, তাত তাঁৰৰ বেৰ এতিয়া যেনেকুৱা নিকপকপীয়া আগতে তেনেকুৱা নাছিল। আগতে ৰাষ্টাৰ কুকুৰ বিনা বাধাৰে সোমাই আহিব পাৰিছিল। কিন্তু দুবাৰ দুটাকৈ ৰাষ্টাৰ কুকুৰক খইৰীয়ে জঁপিয়াই কামুৰি নেফা-নেফ কৰি পেলোৱাৰ পাছত চাৰিওফালৰ বেৰ আমি ঘন নিকপকপীয়া কৰি তুলিছিলোঁ, যাতে সৰু ঢেকুৰা কুকুৰ এটাও তাৰ ভিতৰলৈ সোমাই আহিব নোৱাৰে।

সেইদিনা আছিল ফেব্ৰুৱাৰীৰ বিছ তাৰিখ। সেইদিনা কিবা গুৰুত্বহীন কামত মই ফচি ৰৈছিলোঁ দিল্লীত। কেনেকৈ জানো এজনী সৰু ঢেকুৰী কুকুৰ পেট চোঁচৰাই কম্পাউণ্ডৰ ভিতৰলৈ সোমাই আহিছিল। হঠাৎ সেইদিনা ৰাতিপুৱা প্লাবিক একাউণ্টছ কমিটি আহি পালে শিম্‌লিপাল। আৰু তেওঁলোঁকক বিদায় দিয়াৰ পাছত খইৰীৰে মানৱী মাতৃ ওলাই গৈছিল পড়িছা ফৰেষ্ট কলনিৰ ফালে। কিছু গল্প-গুজব কৰি তেওঁ উভতিছিল চাৰে এঘাৰমান বজাত। সাধাৰণতে মই বা খইৰীৰ মাক কোনো এজন বাহিৰলৈ গলে খইৰীয়ে তাঁৰৰ বেৰৰ কাষে কাষে ঘূৰি অপেক্ষা কৰে আৰু আমি ঘূৰি অহা বুলি জানিলেই হু-হুঁকৰি বেৰৰ কাষে কাষে আহি আহি গেটৰ ওচৰত থিয় হয়হি। তাৰ পাছত আমি ভিতৰলৈ আহিলে আমাৰ লগতে আহে। সেইদিনাও তাইৰ মাক ওভতাৰ সময়ত তাই তাঁৰৰ বেৰৰ কাষে কাষে ঘূৰি আছিল। কোনো লগ-সংগ নাছিল। মাক-বাপেকো ওচৰত নাছিল। গতিকে তাইৰ কিজানি ভাল লগা নাছিল। সেইদিনা মাকক ওভতা দেখি তাই গেটৰ ওচৰলৈ ঢপলিয়াই আহিলে। গেটৰ ওচৰত দুজোপা বাৰমহীয়া আমগছ আছে। হঠাৎ তাই কাণ পেলাই নেজ জোঁকাৰিবলৈ আৰম্ভ কৰিলে।

খইৰীক তেনেকৈ দেখি তাইৰ মানৱী মাতৃয়ে ইফালে-সিফালে চালে, সুধিলে, “খইৰী, কাক বিচাৰিছ? খইৰী?” ডিউটিত থকা ফৰেষ্ট গার্ডজনে তেওঁ কলে, “মা, ৰাষ্টাৰ কুকুৰ এজনী সোমাই আহিছিল। খইৰীয়ে তাইকে বিচাৰিছে।গাৰ্ডৰ কথা আধা শেষ হৈছে কি নাই, খইৰী হাফোলা মাৰি গৈ ৰাষ্টাৰ কুকুৰজনী মাৰি ডিঙি কামুৰি মুচৰি পেলালে। মাকে ঢপলিয়াই গৈখইৰী, ঐ খইৰী। কি কৰিছ?” বুলি চিঞৰাতহে কুকুৰজনী এৰি দিলে। তেতিয়ালৈ তাইৰ দুই আগঠেঙৰ হাতোৰা আৰু মুখ কেঁচা তেজেৰে লুতুৰি-পুতুৰি। কুকুৰজনী তেতিয়ালৈ মৰিছিল। এনেকুৱাকৈ খইৰীয়ে তাইক কামুৰি ছিঙি টুকুৰা-টুকুৰ কৰিছিল যে কুকুৰজনীৰ ডিঙি-পিঠি চিনি উলিওৱা টান হৈছিল। কেৱল দেখা গৈছিল কেঁচা তেজেৰে লুতুৰি-পুতুৰি নেফানেফ হোঁৱা মাংস আৰু হাড়। অৱলীলাক্রমে সেই তেজ খইৰীয়ে চেলেকি চেলেকি খাই পেলালে।

আগৰ দুবাৰ খইৰীয়ে যি দুটা ৰাষ্টাৰ কুকুৰ মাৰিছিল। সেইকেইটাৰ মূৰ দুটা আমি পৰীক্ষাৰ বাবে ভূবনেশ্বৰৰ ভেটেৰিনাৰী হস্পিতাললৈ পঠিয়াই দিছিলোঁ। কাৰণ আমি দেখা নাছিলোঁ, খইৰীয়ে সেই কুকুৰ দুটা কেতিয়া কেনেকৈ মাৰিছিল। গতিকে আমি ভাবিছিলোঁ যদি কুকুৰ দুটা পাগল আছিল আৰু খইৰীয়ে কামোৰাৰ সময়ত খইৰীকো যদি সিহঁতে কামুৰিছিল, তেনেহলে ঘটনা সাংঘাতিক। পৰীক্ষাৰদ্বাৰা জনা গৈছিল যে কুকুৰ দুটাৰ জলাতংকৰ কোনো উপসর্গ নাছিল। কিন্তু খইৰীয়ে এইবাৰ যিজনী কুকুৰ কামুৰি নেফানেফ কৰিছিল, সেয়া আমি পৰীক্ষাৰ বাবে পঠিওৱা নাছিলোঁ। কাৰণ মাক আৰু গার্ড দুয়োৰে চকুৰ আগতে ঘটনাটো ঘটিছিল আৰু তেওঁলোক পূৰাপূৰি নিশ্চিত আছিল যে খইৰীক কুকুৰজনীয়ে কামোৰা নাছিল।

মই দিল্লীৰপৰা উভতি আহিলোঁ দুই মার্চত। আহি দেখোঁ খইৰী ঠিকেঠাকেই আছে। একেই ফুর্তিবাজ, একেই সেই দৌৰাদৌৰি, একেই সেই দুষ্টামি। কতো অলপো পৰিৱৰ্তন নাই। মোক দেখি তাই দৌৰি আহিল আৰু মোৰ গাত গা ঘঁহাই আদৰ ধৰিলে। তাৰ পাছত তাইৰ আগঠেং দুটা মোৰ কান্ধৰ ওপৰত উঠাই মৰম কৰিলে, যিদৰে তাই আগতেও কৰে। সঁচাকৈয়ে যেন জীয়েকজনীয়েহে আদৰুৱাকৈ তাইৰ দেউতাকক জনাই দিব বিচাৰিলে, “জান, আৰু এটা ৰাষ্টাৰ কুকুৰ আকৌ সোমাই আহিছিল। দিছোঁ তাক মজা।মই তাইৰ মূৰটো দুই হাতৰ তলুৱাৰে দাঙি ধৰি মৰম কৰিলোঁ। তাই ফুর্তিতে হুঁ-উহুঁ’ শব্দ কৰিছিল। যেন মই ঘূৰি অহাত তাইৰ বহুত আনন্দ। মোৰ লগত দিল্লীৰপৰা অফিচাৰকেইজনক তাই আগৰদৰে স্বাগতম জনালে। অলপমানো জানিব পৰা নাছিল যে জলাতংক ৰোগৰ বীজাণুৱে তেতিয়ালৈ তাইৰ ৰক্তত দ্রুতগতিৰে বৃদ্ধি লাভ কৰিছিল।।

মার্চ ২৩ পর্যন্ত খইৰী আছিল সম্পূর্ণ সুস্থ। মার্চ ১৯-ৰপৰা ২৩-লৈ খইৰীৰ মাক যচ্ছিপুৰত নাছিল। যদিও খইৰীয়ে আমাক একো জানিবলৈ দিয়া নাছিল, তথাপি তাই চকুৰপৰা জনা গৈছিল খইৰীয়ে তাইৰ মানৱী মাতৃক মনত পেলাইছিল। এয়া জনা গল মার্চ ২৩-, যেতিয়া নীহাৰ (খইৰীৰ মানৱী মাতৃৰ নাম) চাৰিদিনৰ পাছত যচ্ছিপুৰলৈ উভতি আহিল। খইৰীয়ে মোৰপৰা যিমান লুকুৱালেও নীহাৰ ঘূৰি অহাৰ আগৰ খইৰী আৰু নীহাৰ ঘূৰি অহাৰ পাছৰ খইৰী যে পূৰাপূৰি বেলেগ আছিল, সেই কথা মই বেছ ভালদৰে ধৰিব পাৰিছিলোঁ। এইবাৰ খইৰীৰ স্ফূর্তি চায় কোনে? দেউতাক, মাক, জম্বু, লগ-সংগী সমস্তৰে ওচৰত তাইৰ ভৰি যেন স্ফূর্তিতে মাটিত নপৰিবই। ২৪ তাৰিখ ৰাতিপুৱা পর্যন্ত অসুস্থতা বা বিচলিত ভাবৰ কোনো লক্ষণ তাই আওভাওৰ পৰা জানিব পৰা হোৱা নাছিল সেইদিনা ৰাতিপুৱা সাতমান বজাত তাই কেনে এক লুভীয়া চকুৰে চাইছিল যচ্ছিপুৰ বঙলাৰ কম্পাউণ্ডৰ পূব ফালৰ তাঁৰৰ বেৰৰ সিপাৰে চৰি থকা এটা কুমলীয়া দামুৰী পোৱালিলৈ। তাৰ পাছত বেৰৰ সিপাৰে চৰি থকা এজনী ছাগলীৰৰ লগে লগে বেৰ এইপাৰে তাই কিছু বাট খোজকাঢ়ি গৈ আছিল। তাৰপাছত কিন্তু তাই উভতি আহিছিল আৰু জম্বুৰ লগত খেলিছিল।

সেইদিনা ৰাতিপুৱা জম্বুৰ সৈতে তাই বাৰ মিনিটমান খেলিছিল আৰু সেই খেলাৰ ভিতৰতে এবাৰ তাই মুখখন মেলি খুব জোৰেৰে শূন্যতে এবাৰ হামি মাৰিছিল। মই দেখাৰেপৰা জম্বুৰ সৈতে ইমান সময় ধৰি তাই কেতিয়াও নেখেলে। আগতে তাইৰ মন গলে জম্বুৰ ওচৰলৈ তাই হাফোলা মাৰি আহে আৰু তাৰ থৰঙা কলা কলা নোমত মুখখন ঘঁহে। সেই সময়ত জম্বুৰ স্ফূর্তি চায় কোনে? ম্বুৱে তাৰ আগঠেং দুটা খইৰীৰ কান্ধত ৰাখি ফুর্তিত গদ্‌গদ্‌ হৈ পৰে। সেয়া এক বিৰল দৃশ্য। বেলেগ বেলেগ প্ৰজাতিৰ দুটা হিংস্র বনৰীয়া জন্তুৱে কেনেদৰে পৰস্পৰক ভাল পাব পাৰে সেয়া নেদেখিলে বিশ্বাস নহব।

এই খেল কিন্তু খুব বেছি এক বা ডেৰ মিনিটৰ ভিতৰতে শেষ হয়। সেইদিনা খইৰীয়ে যেতিয়া সুদীর্ঘ বাৰ মিনিট ধৰি জম্বুৰ লগত খেলিলে, মই অলপ আচৰিত হলোঁ। ইমান সময় ধৰি তাইতো কেতিয়াও নেখেলে। মই তাইৰ যোৱা মাহৰ লগবুক আনি দেখিলোঁ ফেব্ৰুৱাৰি ২০-ৰপৰা ২১-ৰ ভিতৰত তাই জম্বুৰ লগত এবাৰো এক মিনিট বেছি খেলা নাই। তেন্তে এইবাৰ ইমানকৈ খেলাৰ কাৰণ কি হব পাৰে? খইৰীয়ে কি সেই সময়ত জানিছিল নেকি যে তাই দিন শেষ হৈ আহিছিল, আৰু জম্বুৰ সৈতে সেয়াই আছিল তাইৰ শেষ খেলা?

ইয়াৰ ভিতৰত দুবাৰ মেঘে বৰষি পৰশি গৈছিল শিম্‌লিপালৰ জংঘলৰ ওপৰেৰে। আৰু যচ্ছিপুৰ বঙলাৰ কম্পাউণ্ড সামান্য সেমেকি সেমেকি আছিল। প্রথমজাক বৰষুণ প্রায় সাত মিনিট আৰু দ্বিতীয়জাক বৰষুণ প্রায় তিনি মিনিটৰ বাবে আহিছিল। খইৰীয়ে জানি-বুজিয়েই থিয় হৈছিল সেই বৰষুণত আৰু আকাশলৈ মুখ কৰি তিতিছিল। বোধহয় তিতিবলৈ পাই তাইৰ ভাল লাগিছিল আৰু তাই জনাই দিব বিচাৰিছিল যে, “ফুঃ... এই বৰষুণক মই খাতিৰ কৰিম!তাইৰ হালধীয়া ছালত কলা কলা আঁচ থকা দেহটোত কিনিকিনীয়া বৰষুণৰ কণ কণ বগা বিন্দুবোৰ দেখা গৈছিল বিচিত্র। সঁচাকৈয়ে যেন কলা কলা আঁচ থকা হালধীয়া পিঠিয়াএখন মেৰিওৱা হৈছে আৰু তাৰ ওপৰত ঢাকি দিয়া হৈছে এখন পাতল নোমাল বগা নোমৰ চাদৰ। তাৰ ভিতৰত ৰ, বৰষুণ,শীত একোৱে সোমাব নোৱাৰে।

ৰাতি প্রায় আঠ বজাত মই আৰু খইৰীৰ মাকে তাইৰ বাবে খোৱা লৈ আহিলোঁ। খইৰীয়ে আমালৈ চালে মাত্র, কোনো প্রতিক্রিয়া নেদেখুৱালে। তাৰ তিনি মিনিটমান পাছত তাই উঠি মাকৰ কাষ ওচৰ পালে আৰু তেওঁৰ শাৰীৰ আঁচলত মুখ ঘঁহি আদৰ কৰিলে। আমি তাইৰ কাৰণে অনা মাংসৰ গোন্ধ তাই পাইছিল, কিন্তু খাবলৈ কোনো আগ্রহ নেদেখুৱালে। মনে মনে অনুভৱ হৈছিল সঁচাকৈয়ে যেন তাইৰ মাকৰ শাৰীৰ আঁচলত মুখ ঘঁহি তাই বাৰে বাৰে কৈছিল, “মোৰ অকণো ভোক নাই, মা।

ৰাতি তাই একোকে নাখালে। বাছাজনী লঘোণে শুই থাকিল। যিকোনো মাক ব্যস্ত হৈ উঠাৰে কথা। আমি চিন্তিত হৈ পৰিলোঁ। আজি পুৱাৰেপৰা খইৰীক এনেকুৱা বেলেগ যেন লাগিছে কিয় ? ৰাতিপুৱাও তাইক অস্থিৰ দেখা গৈছিল। গার্ডবোৰে আহি নীহাৰৰ আগত অভিযোগ দিলেহি—“মা, মা, খইৰীয়ে আমাক চার্জ কৰিছে।খইৰী পশু হলেও শিশুকালৰেপৰা চাফ-চিকুণ পৰিৱেশত ডাঙৰ হৈছে। মাকৰ শাৰীৰ আঁচলত ঘুম মাৰি শোৱাটোতো তাইৰ পুৰণা অভ্যাস। গতিকে ময়লা, লেতেৰা, ঘামলগা গা বা কাপোৰ-কানিৰ গোন্ধ তাই একেবাৰেই সহিব নোৱাৰে। লেতেৰা, ঘামলগা গা আৰু লেতেৰা কাপোৰ-কানি দেখিলে তাই গ্যাঁউ-গ্যাঁকৈ তাইৰ বিৰক্তি আৰু খং প্রকাশ কৰে। সেই কাৰণে গার্ডবোৰে আহি যেতিয়া অভিযোগ কৰিলেহি, খইৰীৰ মানৱী মাতৃয়ে সিহঁতক কৈছিল, “তোমালোকে লেতেৰা, ঘামলগা কানি-কাপোৰ পিন্ধি আহিছা। খইৰী বিৰক্ত নহব কিয়? তোমালোকে গা-পা ধুই চাফ-চিকুণ হৈ হাঁগৈ।এইটো হল এটা কথা। ৰাতিপুৱা জম্বুৰ সৈতে ইমান সময় ধৰি খেলিলে। দিনত আমূলো নাখালে, মাংসও অলপমান খায়েই উঠি গল। পাছবেলা মুঠেও মাংস নাখালে আৰু আকৌ ৰাতি উপবাসেই শুই থাকিল। খঙেৰে তাইক শুনাই তাইৰ মাকক কলোঁ, “বুজিছা, খাহীৰ মাংস খাই খাই এইৰ মুখত জুতি নলগা হৈছে। সেই কাৰণে এইবোৰ লেচু উলিয়াইছে। আজি তাইক খাবলৈ নিদিবা। থাকক লঘোণে। কেনেকৈ নোখোৱাকৈয়ে থাকে চাওঁচোন।মাকে তাইক দেখুৱাই মাংসখিনি লৈ অনাৰ ভাও ধৰিলে। কিন্তু খইৰীয়ে মাত্র থমথমকৈ চাই থাকিল। আনদিনা হোৱা হলে মই এইদৰে মিছাকৈ খং কৰিলে তাই আমাৰ ওচৰলৈ আহি আদৰ ধৰিলেহেঁতেন। কলেহেঁতেন, “সঁচাকৈ খং কৰিছ নেকি? মই এনেয়েহে মিছাকে দুষ্টামি কৰিছিলোঁ। দে, এইবাৰ মই ভাল ছোৱালীৰ দৰে চব খাই পেলাম।” তাৰ পাছতো আমি নিদিলে আমাৰ পিছে পিছে লাগি থাকিলহেঁতেন আৰু চাৰিওফালে ঘূৰি ঘূৰি আকৌ লাগি থাকিলহেঁতেন। আজি কিন্তু তাই তেনে একোকে নকৰিলে, আমাৰ পিছে পিছেও নাহিল। সেই একেই ভাবলেশহীন চকুৰে থম্‌থম্‌কৈ চাই থাকিল, যেন কত কি ঘটিছে তাই একো নাজানে।।

এই গোটেইবোৰ ভাবি আমি ছটফটাবলৈ ধৰিলোঁ। ৰাতি টোপনি নাহিল। তথাপি এসময়ত অলপমান চকুৰ পতা জাপ খাইছিল। হঠাৎ আধাৰাতি মোৰ টোপনি ভাগি গল। মই ধৰফৰাই উঠি বিছনাৰ ওপৰত বহি পৰিলোঁ। তাৰ পাছত ভাবিলোঁ, চাই আহোঁচোন, খইৰীয়ে কি কৰিছে।

মই অহাৰ শব্দ শুনি খইৰী উঠি পৰিল, মোৰ কাষলৈ আহিল আৰু হঠাৎ মোৰ সোঁ ভৰিটো তাইৰ মুখৰ ভিতৰত ভৰাই চেপি ধৰিলে। এজনী ভোকাতুৰ ঢেঁকীয়াপতীয়া বাঘিনী আৰু তাই সমুখত জুতিলগা নৰমাংসৰ এক মূৰুতি। খইৰী নহৈ আন হোৱা হলে ভাবিবলৈকো তৰণি পোৱা নগলহেঁতেন। মোৰ কিন্তু অখণ্ড বিশ্বাস আছিল, যিমান ভোকাতুৰ হলেও খইৰীৰ ওপৰত মোৰ যি অটল বিশ্বাস, সেয়া তাই নষ্ট হবলৈ নিদিয়ে। সেয়ে ভিতৰি ভিতৰি অলপমান চমকি গলেও মই কোনো প্রতিক্রিয়া প্রকাশ নকৰিলোঁ। মই জানিব পাৰিলোঁ, খইৰীয়ে মোৰ ভৰিটো তাইক মুখৰ ভিতৰত সুমুৱাই চেপি ধৰাটো তাইৰ অনাবিল ভালপোৱাৰ এক প্রকাশ হিচাপে মাত্র। প্রায় আধাঘণ্টা ধৰি সেইদিনা ৰাতি মই আছিলোঁ খইৰীৰ লগত। 

সেইদিনা ৰাতি হৰিশ আছিল পহৰাদাৰ। খইৰীক (সাধাৰণতে) আমি শিকলিৰে বান্ধি নাৰাখোঁ। আনকি ৰাতিও তাই মুকলি হৈয়েই থাকে। কিন্তু তাইৰ কাৰণে দিনে-ৰাতিয়ে চৌবিছ ঘণ্টাই পহৰাদাৰীৰ ব্যৱস্থা থাকে। সাধাৰণতে দেখা যায়, খইৰী যেতিয়া শোৱে, সেই সময়ত তাইৰ পহৰাদাৰে কাষতে থাকি তাইক পহৰা দিয়ে। খইৰীয়ে কেতিয়াবা যে আক্রমণ কৰিবও পাৰে তেনেকুৱা আশংকা নথকাত তাইৰ ৰাতিৰ পহৰাদাৰে মাজে মাজে টোপনিয়াই থকাও দেখা যায়। ৰাতি প্রায় তিনিটা বজাত পহৰাদাৰে আহি গার্ড শুই পৰিলে জগায় আৰু দুয়ো মিলি পুৱা জংঘলৰ ফালৰপৰা ফুৰি আহে। সেইদিনা কিন্তু ব্যতিক্রম ঘটিল। সেইদিনা ৰাতি খইৰী যি সময়ত শুই আছিল, তাইৰ পহৰাদাৰ হৰিশ অলপ দূৰৰ এজোপা গছৰ গুৰিত আঁউজি বহি শুই পৰিছিল। ৰাতি প্রায় দুই বজাত খইৰী উঠি তাৰ ওচৰলৈ আহিল আৰু তাৰ ভৰিৰ গোৰোহাৰ ওচৰত কামুৰি দিলে। তাৰ ভৰিত আছিল আঁঠুলৈকে পৰা ডাঠ ৰবৰৰ ফুল শ্বু। তথাপি খইৰীৰ তীক্ষ্ণ কুকুৰ দাঁতে ৰবৰ ফুটাই ছালৰ ভিতৰত দুঠাইত প্রায় দুই ছেণ্টিমিটাৰ দকৈ সোমাই গল। খইৰী হঠাৎ আহি গোৰোহাত ধৰিবলৈ লওঁতেই হৰিশৰ টোপনি ভাগি গৈছিল আৰু সি বিৰবিৰাই উঠি চিঞৰ মৰাত খইৰীয়ে থৰকাচুতি হেৰুৱাই অলপ দূৰ চুপচাপ থিয় হৈ থাকিল। তাই সঁচাকৈয়ে যেন এক গুৰুতৰ অপৰাধ কৰি পেলাইছে আৰু অপৰাধ কৰাৰ সময়ত হঠাৎ ধৰা পৰি গৈছে। অলপ পৰ তাই গুম হৈ থিয় হৈ থাকিল আৰু তাৰ পাছত মূৰটো তললৈ কৰি ধীৰ খোজেৰে গুচি গল তাইৰ শোৱা ঠাইলৈ। তাৰ পাছত তাই শুই থাকিল ৰাতিপুৱা পাঁচ বজালৈকে।

তাইৰ শোৱা ঠাইলৈ উভতি গৈ খইৰীয়ে বাৰু সঁচাকৈয়ে কান্দিছিল নেকি, এনে এক দোষ কৰা বুলি? আমি মানুহবোৰে যেতিয়া প্রথমবাৰ কিবা এটা দোষ কৰোঁ আৰু দোষ কৰি উঠি ধৰা পৰি যাওঁ, সেই সময়ত যিদৰে পাপবোধে আমাক ব্যাকুল কৰে, তাইৰো কি তেনেকুৱাই লাগিছিল ? কি ঠিক, সেইদিনা ৰাতি খইৰীক লক্ষ্য কৰাহলে জানিব পৰা গলহেঁতেন যে তাইৰ চিধা গৈ শোঁওতেই তাইৰ টোপনি আহিছিল নে কিছু সময় দুঃশ্চিন্তাত ছটফটোৱাৰ পাছতহে তাইৰ টোপনি আহিছিল।

                                                                                                (ক্ৰমশঃ)

অন্যযুগৰ প্ৰকাশিত সংখ্যাসমূহ