‘বাঘৰাণী খইৰী’
ডাক্তৰখানাত মোৰ দুঘণ্টামান দেৰী হৈ গৈছিল। উভতি আহি দেখোঁ গার্ডবোৰে কৈছে যে খইৰীক বিচাৰি পোৱা নাই। গাঁৱৰ মানুহক মাতিলোঁ পাতপাতকৈ খইৰীক বিচাৰিবলৈ। চাৰিওফালে সৰু সৰু ফুটুকানি হাবি। হঠাৎ দেখিলোঁ পুখুৰীৰ পাৰত বহি আছে খইৰী। আৰু তাইৰ পিছফালে বেলি বুৰ গৈছে। আমাক দেখি খইৰীয়ে হঠাৎ পুখুৰীটোৰ তললৈ নামি গ’ল আৰু কিছু সময়ৰ পাছত আকৌ ওপৰলৈ আহি আস্তে-আস্তে আমাৰ কাষলৈ আহিল। তললৈ নামি যোৱাটো তাইৰ লুকাচুৰি খেল— “দেখিলা, তোমালোকক কেনেকৈ মোক বিচাৰিবলৈ লগাই দিলোঁ?” খইৰী ৰ’দ ল’বৰ বাবে পুখুৰীলৈ গৈ তাৰপৰা ঘূৰি অহা নাছিল, অপেক্ষা কৰিছিল ৰ’দ ঢলি পৰা পর্যন্ত।
যচ্ছিপুৰলৈ উভতি আহিলোঁ আৰু তাৰ দুদিনৰ পাছত খবৰ পালোঁ
যে খমাৰ গাঁৱৰ মানুহে তেওঁলোকৰ গাঁৱত সেই হায়েনাটোক ঘেৰি লৈ কোবাই কোবাই মাৰিলে।
অনেক সময়ত অন্ধবিশ্বাস আৰু অহেতুক আতংকই মানুহৰ শক্তিৰ ওপৰত এক পক্ষাঘাত সৃষ্টি
কৰে।
খইৰীক নি পুৰণাকোটৰ পৰা টিকৰপৰালৈ গৈছিলোঁ। প্রায় আঠ কিলোমিটাৰ ৰাস্তা। তাতে বঙলাত গৰমৰ কাৰণে খুব
ব্যস্ত হৈ পৰিল খইৰী। তাই কেৱল পেটটো মজিয়াৰ ওপৰত ৰাখি ফোঁপাইছিল আৰু পানীত খেলিব
বিচাৰিছিল। কিছুপৰৰ পাছত তাইক গা ধুৱাই দিলোঁ। খইৰীক বেছ প্রফুল্লিত দেখা গল।
তাৰ পাছত চকুত এটা নির্লিপ্ত চাৱনি ৰাখি তাই দীঘল দি পৰি থাকিল, যেন ক’ব
বিচাৰিছিল, “এই ৰ’দখনত ইমান দূৰ ৰাস্তা
আহি ভাগৰ লাগি গ’ল।” সেই টিকৰপৰাত
তিনিটা হৰিণৰ পিছত চুপি চুপি খইৰীয়ে প্রায় তিনি কিলোমিটাৰ ৰাস্তা গুচি গৈছিল। তাৰ
পুনৰ কিছু সময়ৰ পাছত উভতি আহিছিল।
প্রায় গোটেই দিন ধৰি খইৰী প্রায় বাহিৰে বাহিৰেই
থাকে। ৰাতি কেতিয়াবা বাহিৰত শোৱে আৰু কেতিয়াবা ভিতৰত। কিন্তু ৰাতি যদি বাহিৰত ৰৈ
যায়, আমাক আহি বোৱাৰী
পুৱাতে জগায়হি। নাকত নাকটো ঘঁহি আদৰ ধৰেহি। খইৰীক অধ্যয়ন কৰি এটা কথা খুব
স্পষ্টকৈ জনা গৈছে যে খইৰী আটাইতকৈ বেছি চঞ্চল, আটাইতকৈ বেছি
সতর্ক হয় সন্ধ্যা সময়ত, নহয় খুব ৰাতিপুৱাতে। সেইখিনি
সময়ত খেলা-ধূলা, জঁপিওৱা-জঁপি কৰিবলৈ তাই আটাইতকৈ বেছি ভাল
পায়।
কিজানি সেয়া হোৱাৰে কথা। জংঘলত চিকাৰ কৰি নিজৰ খাদ্য আহৰণ কৰা জন্তুতো বাঘেই কেৱল নহয়; চিতাবাঘ আছে, ৰাংকুকুৰ আছে, হায়েনা আছে। সিহঁতৰ খাদ্যৰ পৰিসৰ প্ৰায় একেই। সেই একেই হৰিণ, শম্বৰ, বৰাগাহৰি, বনছাগলী, দলহৰিণ (দুটা ফেৰেঙণিৰ শিং থকা হৰিণ) নহ’লে কেতিয়াবা শহাপহু, নহ’লে বান্দৰ। এই খাদ্যৰ বাবে সিহঁতৰ মাজত অহৰত চলি থাকে এক হিংস্র অথচ নীৰৱ প্রতিযোগিতা। সিহঁতে যদি একেলগে চিকাৰ কৰিবলৈ বাহিৰ হয়, তেনেহ’লে সিহঁতে যি চিকাৰ কৰিব, সেয়াতো আৰু সমবায় ভিত্তিত ভগাই নাখায়, যাৰ যি চিকাৰ। গতিকে সিহঁতে একে সময়তে চিকাৰৰ বাবে ওলালে জন্তুবোৰ অযথা আতংকিত হৈ ইফালে-সিফালে পলাব। সেই কাৰণে সিহঁত চিকাৰলৈ ওলাব লাগিব বেলেগে বেলেগে আৰু সুযোগ বুলি, চাই-চিতি জন্তুবোৰক অযথা আতংকিত নকৰি নিজৰ নিজৰ চিকাৰ যোগাৰ কৰিব লাগিব।
সেই কাৰণে বাঘৰ চিকাৰৰ সময় হৈছে সন্ধ্যা অথবা
কাহিলি পুৱা। চিতা বাঘৰ চিকাৰৰ সময় হৈছে মাজৰাতি। ৰাং কুকুৰৰ চিকাৰৰ সময় দিন।
সিহঁতৰ চিকাৰ অৱশ্যে যৌথ চিকাৰ। আঠ-দহটা ৰাংকুকুৰ ঘূৰি ফুৰে আৰু চিকাৰ দেখিলে
সেইটো খেদি খেদি নি আঁজুৰি ছিঙি বগৰাই পেলায়। আৰু হায়েনাবোৰেও কেতিয়াবা কেনেবাকৈ
সুবিধা পালে চিকাৰ নকৰা নহয়। কিন্তু মুখ্যত: মূলতে সিহঁত অন্য জন্তুৰ চিকাৰৰ ওপৰত
নিৰ্ভৰ কৰে। আনৰ চিকাৰৰ পৰা যি ৰৈ যায়,
সেয়া সিহঁতে চুপি-চেলেকি চাফা কৰি পেলায়। সিহঁতক জংঘলত চলা-ফিৰা কৰা
জন্তুবোৰৰ জমাদাৰ বুলি ক’লেও অত্যুক্তি কৰা নহ’ব। আমি যচ্ছিপুৰলৈ ঘূৰি আহোঁ মানে খইৰীয়ে তাইৰ
মানৱী মাতৃৰ হাতৰ যিখিনি ঠাইত কামুৰিছিল, তেওঁৰ সেই ঠাইখিনি
ফুলি ভিম্বাকাৰ হৈছিল। ডাক্তৰে আহি অপাৰেশ্বন কৰিব লগা হ’ল। তাকো
এনাস্থেছিয়া নিদিয়াকৈয়ে। ভীষণ কষ্ট। তাইৰ মানৱী মাতৃয়ে বিষত চিৎকাৰ কৰিছিল।
ঘৰৰ দুৱাৰ-খিৰিকী সকলো ভিতৰৰ পৰা বন্ধ আছিল। মাকৰ চিৎকাৰ শুনি খইৰী আহি ঘৰৰ
দুৱাৰত খুন্দিয়ালেহি। ড্রেছিং কৰা হৈ যোৱাৰ পাছত যেতিয়া দুৱাৰ খোলা হ’ল, তাই একে জাঁপে ঘৰৰ ভিতৰ পালেহি। প্রথমে আহি
ডাক্তৰ আৰু তেওঁৰ ছার্জিকেল বক্সটো শুঙিলে। যেন জানিব বিচাৰিছিল, তাত কিবা বিপদজনক বস্তু নাইতো! তাৰ পাছত গৈ মাকৰ ওচৰত “উহু-উহু’ কৰি সুধিলে, “কি হ’ল তোৰ, কিয় চিঞৰিছিলি তই?”।
যচ্ছিপুৰত সদায়ে খইৰীয়ে ব্লেকিৰ লগত খেলে। আনকি ব্লেকিকে খং কৰিলে বা ’ফাও’ কৰি দিলে খইৰী পিছুৱাই যায় আৰু ব্লেকিৰ লগত নালাগে বা বিৰক্তও নকৰে। আমি লক্ষ্য কৰাটো স্বাভাৱিক যে ব্লেকিৰ জৰিয়তে তাইৰ কুকুৰ জাতিটোৰ লগত বন্ধুত্ব হৈ গ’ল। কিন্তু অলক্ষিতে যচ্ছিপুৰ বঙলাৰ ভিতৰত এবাৰ এবাৰকৈ তিনিবাৰ বাহিৰৰ কুকুৰ সোমাই আহিছিল। কিন্তু কেতিয়াও কোনো এটায়ো নিস্তাৰ পোৱা নাছিল। কুকুৰ দেখিলে চোপ লৈ লুকাই পজিছন লয়, তাৰ পাছত দৌৰি গৈ কুকুৰটোক এটা ঢকা মাৰে আৰু সিমানতে কুকুৰ খতম! কিন্তু কুকুৰৰ মাংস খইৰীয়ে নোচোৱে।
কিছুদিনৰ পাছত অনালৈ গলোঁ। যোৱাৰ সময়ত খইৰীয়ে তাইৰ পুৰণা ৰাস্তাবোৰ চিনিব
পাৰিছিল। ওলায়েই তাই তাইৰ পুৰণা খোলাৰ ঠাইবোৰ নিৰিখিলে। মই কিছু ৰাস্তা টর্চ লৈ
তাইৰ লগত জংঘলৰ ভিতৰলৈ গলোঁ। কিছু দূৰ যোৱাৰ
পাছত তাইক ঘূৰি আহিবলৈ মাতিলোঁ। কিন্তু মোৰ
লগত ঘূৰি নাহি তাই বেছি ভিতৰলৈহে সোমাই গ’ল। মই আৰু ভিতৰলৈ নগৈ ঘূৰি আহিলোঁ। এটা সময়ত তাই চুপি চুপি আহি মোৰ দুয়ো ভৰিত জপটিয়াই ধৰিলেহি। পিছফালৰ পৰা
আহি জপটিয়াই ধৰা তাইৰ এটা অভ্যাসগত খেল।
বৰষুণ দিলে খইৰীৰ খুব ফুর্তি লাগে। বৰষুণত দুষ্ট শিশুৰ দৰে তাই ঘূৰি ফুৰে। নেৰানেপেৰা বৰষুণ হ’লেও তাই ঘৰৰ ভিতৰলৈ নাহে। মাজে মাজে ঘৰৰ ভিতৰলৈ আহি সকলোবোৰ তিয়াই থৈ যায়। সেই কাৰণে আমি প্রায়ে বৰষুণৰ দিনত বিছনাৰ ওপৰত তিৰ্পাল পাৰি থওঁ। অনেক সময়ত তাই ঘৰলৈ আহিব নিবিচাৰি হায়ৰাণ কৰে। তাইক ঘৰলৈ অনাৰ শেষ উপায়টো হ’ল নিজকে অসতর্কভাৱে ৰাখি খইৰীক পিছে পিছে আহি ধৰাৰ সুযোগ দিয়া। কেতিয়াবা বেছ জোৰেৰে ঢাক্কা লাগে। কিন্তু এই খেলত কেতিয়াও আমাৰ গাত তাইৰ নখ লাগি আমি আঘাত পোৱা নাই।
বহুত ডাঙৰ হৈ যোৱাৰ পাছতো তাইৰ এই লুকা-চুৰিৰ খেল
অব্যাহত আছে।
১৯৭৬ চনৰ এপ্রিল মাহৰ মাজৰ সময়। খুব দোকমোকালিতে
শুনিবলৈ পালোঁ, ওচৰে-পাজৰে
এটা বন ছাগলীয়ে বেবাইছে। বাঘ বা অন্য হিংস্র জন্তুৰ গোন্ধ পালে যিদৰে বেবায়,
সেইটোৱে সেইদৰেই বেবাইছিল। তাৰ ঠিক অলপ সময়ৰ পাছত উঠি
দেখিলোঁ খইৰী নাই। কইৰাকচা
কেম্পৰ চাৰিওফালে ঘূৰি তাইক বহুত বিচাৰিলোঁ। কিন্তু নাপালোঁ। ভাবিলোঁ নিশ্চয় বনছাগলীটোৰ বেবনি শুনি সেইটো
খেদি খেদি জংঘলৰ ভিতৰলৈ গুচি গৈছে। পাছত জানিব পাৰিলোঁ, বনছাগলীটো খেদি খেদি খইৰী দুটা
পাহাৰ পাৰ হৈ গৈছিল।
সেইদিনা ৰাতি এঘাৰ বজাত শিম্লিপালৰ একা-বেঁকা
হাবিতলীয়া বাটেৰে দুখন জীপত কেইজনমান চৰকাৰী কৰ্মচাৰী উভতি আহিছিল। খইৰী জীপৰ
শব্দৰ লগত বেছ অভ্যস্ত তথা পৰিচিত। জীপৰ শব্দ শুনি তাই বোধকৰোঁ অনুমান কৰিলে, আমি জীপ লৈ ক’ৰবালৈ গৈছোঁ বুলি। গতিকে তাই ৰাস্তাৰ কাষলৈ গুচি আহিছিল। জীপৰ লাইটৰ পোহৰত
খইৰীক স্পষ্টকৈ দেখিবলৈ পাই তেওঁলোকে জীপ ৰখালে। তেওঁলোকে জানিছিল যে
ৰাতিপুৱাৰেপৰা খইৰীক বিচাৰি পোৱা নাছিল। তেওঁলোকৰ ভিতৰৰে এজনে সাহস কৰি “খইৰী-খইৰী” বুলি মতাত খইৰীয়ে ইফালে-সিফালে চাই
আস্তে-আস্তে জীপৰ ফালে এখোজ-দুখোজকৈ ৰাজকীয়
ভংগীত আগবাঢ়িবলৈ ধৰিলে।
শিম্লিপালৰ গভীৰ জংঘলৰ ভিতৰত দোভাগ নিশা এজনী
ৰয়েল বেংগল টাইগাৰ জীপৰ ফাললৈ আগবাঢ়ি আহিছে। এই অভাৱনীয় পৰিস্থিতিত জীপত থকা
চৰকাৰী কৰ্মচাৰী কেইজনৰ মনত যে আতংক উদ্রেক হ’ল, তাত বিস্মিত হ’বলগীয়া একো
নাই। কিন্তু তেওঁলোঁকৰ সেই মুহূর্তৰ আতংক আঁতৰ হোৱাৰ পাছত তাকে লৈ কে বেছ হাস্যকৰ
পৰিস্থিতিৰ সৃষ্টি হ’ল। কিন্তু সেই প্রসংগ বর্তমানৰ বাবে
অপ্রাসংগিক।
খইৰী জীপখনৰ ওচৰলৈ আহি ইমানকেইজন মানুহৰ নিকট
উপস্থিতি সত্তেও আগছীটৰ ওপৰত দুই ঠেঙত ভৰ দি হাউলি পৰি মূৰটো ইফালে সিফালে কৰি
মানুহবোৰ চাবলৈ ধৰিলে। তাই বোধকৰোঁ ভাবিছিল,
“আশ্চর্য! ইহঁত মোৰ ওচৰলৈ নাহে কিয়?” কিন্তু
সেই পৰিস্থিতি কোনে কি ভৰসাত তাইৰ ওচৰলৈ যাব? নিৰাশ হৈ সেইখন
জীপৰপৰা গৈ তাই দ্বিতীয়খন জীপত চৰজমিন তদন্ত আৰম্ভ কৰিলে। জীপৰ বাহিৰে-ভিতৰে সকলোবোৰ
চাই-মেলি লৈ যেতিয়া তাই নিশ্চিত হ’ল যে তাত আমি নাই,
তাই অলপ নিৰাশ হৈ আস্তে-আস্তে জংঘলৰ ভিতৰলৈ সোমাই
গ’ল।
নিখোজ খইৰীক যে দেখা পোৱা গৈছে, এই সম্বাদ লৈ সেই ঠাইৰপৰা জীপ
ৰাওনা হৈছিল কইৰাকচা কেম্পলৈ। আমি সেই জীপতে এক মুহূর্তও বিলম্ব নকৰি গুচি আহিছিলো
খইৰীক দেখা পোৱা ঠাইখিনিলৈ। সেইখিনি গৈ পাই ‘খইৰী-খইৰীকৈ
মাতিলো। প্রথমে কোনো সাৰি-শব্দ নাই। তাৰ পাছত দেখিলোঁ জীপৰ পোহৰত দুকুৰা জুইৰ দৰে
জ্বলি থকা ডাঙৰ দুটা চকু গছ-পাতৰ আঁৰৰপৰা আস্তে আস্তে জীপৰ ফালে আহিছে। মুহূৰ্তৰ
ভিতৰতে জীপত উজ্জ্বল পোহৰত নিজকে সম্পূর্ণ উদ্ভাসিত কৰি থিয় দিলে খইৰীয়ে। মতাত
ওচৰলৈ আহিল আৰু ওচৰলৈ আহি তাইৰ মৰম সনা ‘উহু-উহু স্বৰেৰে
আমাৰ দেহত তাইৰ নাকটো ঘঁহি আমাক হার্দিক অভিনন্দন জনালে।
কিন্তু যত যিমান কষ্ট কৰি একোবাৰ ভয় দেখুৱাই বা
একোবাৰ আদৰ কৰি মাতিলতো তাই কিন্তু কোনোপধ্যে জীপৰ ভিতৰলৈ আহিবলৈ ৰাজী নহ’ল। আদি যৌৱনত তাইৰ মানসিক অৱস্থা
কি আছিল সেই কথা কোনেনো ক’ব পাৰিব। তাৰ পাছত বেছ বিৰক্ত হৈ
আমি চহলা ৰাস্তাৰ ফালে খোজকাঢ়ি যাবলৈ কৰিলোঁ। তায়ো আমাৰ লগে লগে আহি থাকিল। চহলা
আহি পোৱাৰ পাছত তাত কিছু ছাগলীৰ মাংস খাই পানী খালে। খোলা আকাশৰ তলত তাই পেট পেলাই
শুই পৰিল আৰু তাইৰ কাষতে ময়ো। প্রায় দুঘণ্টাৰ পাছত পূবে ফেঁহুজালি দিলে। খইৰীৰ
এইটো অত্যন্ত প্রিয় মুহূর্ত। খইৰীয়ে যাবলৈ আৰম্ভ কৰিলে দক্ষিণ দিশলৈ। আমিও তাইৰ
লগে লগে গ’লোঁ। বেছ চাৰি-পাঁচ কিলোমিটাৰ বাট যোৱাৰ পাছত তাই
পুনৰ পূবমুৱা হৈ চাৰি কিলোমিটাৰ ৰাস্তা আগবাঢ়ি গ’ল। তাইৰ পৰিচিত কইৰাকচা কেম্পলৈ।
দুটা পাহাৰ পাৰ হৈ যোৱাৰ যি দুঃসাহস খইৰীয়ে তাইৰ
কৈশোৰৰ শেষ প্রান্তত
কৰিছিল, তাই তাৰ ফলো পালে। অর্থাৎ, বাট
হেৰুৱাই তাই নিজৰ ঘৰলৈ উভতিব পৰা নাছিল। ভোকে-পিয়াহে প্রায়ে পোন্ধৰ ঘণ্টা কটাবলগীয়াত পৰিছিল। এই শিক্ষা খইৰীয়ে পাহৰা নাছিল। বন্যজন্তুৰ যেতিয়া আদি কৈশোৰত
সিহঁতৰ এলেকা আৱিষ্কাৰ কৰিবলৈ বুলি অকলে ওলাই যায়, যেতিয়া
সিহঁতৰ খাদ্য দেখি তাৰ ওপৰত নিজৰ শক্তি পৰীক্ষা কৰে, তেতিয়া
সিহঁতে অনেক শিক্ষা পায়। এবাৰ শিক্ষা পালে সিহঁতে আৰু নাপাহৰে। কাৰণ এবাৰ শিক্ষা
নাপালে বা পাহৰি গ’লে সিহঁতৰ বাচি থকা এক জীৱন-মৰণ সমস্যা হ’ব। আমি মানুহবোৰৰ দৰে বাৰম্বাৰ একেটা ভুল কৰাৰ বিলাস সিহঁতৰ ভাগ্যত নাই।।
গতিকে এবাৰ কইৰাকচা কেম্পৰ আশ্ৰয়লৈ ঘূৰি অহাৰ পাছত
তাই পূৰা তিনিদিন কেম্প এৰি ক’লৈকো নগ’ল। কেতিয়াবা কইৰাকচা নদী আৰু চম্পানলা
ঝর্ণাৰ স্বচ্ছ পানীত জঁপিওৱা-জঁপি কৰি গা ধোৱে। আৰু তাৰ পাছত গাটো জাৰি-জোঁকাৰি ঘূৰি
আহে। কইৰাকচা নদী আমাৰ বঙলাৰপৰা মাত্র চৈধ্য-পোন্ধৰ হাত হ’ব।
কিন্তু এদিন ৰাতি হঠাৎ বৰাগাহৰি অহাৰ শব্দ শুনা গল।
খইৰীয়ে উত্তৰ দিশৰপৰা বলা বতাহত ভাঁহি অহা সিহঁতৰ গোন্ধ পাই কাণ দুখন ওপৰলৈ থিয় থিয় কৰি হঠাৎ উঠি
পৰি বৰাহবোৰ অহাৰ দিশলৈ আগ বাঢ়িল। মই চার্চ লাইট লৈ তাইৰ পাছে পাছে গিলাবেড়া পাহাৰ
পর্যন্ত গলোঁ। আৰু প্রায় আধাঘণ্টাৰ
পাছতহে তাইক কেম্পলৈ ঘূৰাই আনিব পাৰিলোঁ।
তাৰ পাছদিনা পুৱাতে উঠি খইৰীয়ে কেম্পৰ চাৰিওকাষৰ
অঞ্চলৰ জংঘলত তাইৰ এলেকা নির্দিষ্ট কৰাৰ অভিযানত ওলাল। আমি যিদৰে আমাৰ পাৰা এলেকাৰ
ক’ত কি কি আছে জানিব
বিচাৰোঁ, ঠিক সেইদৰে সিহঁতেও সিহঁতৰ এলেকাৰ ভিতৰৰ সকলো কথা
জনাটো দৰকাৰ। প্রায় এসপ্তাহৰ ভিতৰত তাইৰ এলেকাটোৰ বিষয়ে সকলো কথা খইৰীয়ে জনা হ’ল। এইবাৰ তাই আৰু কেম্পলৈ ঘূৰি অহাৰ বাট নাপাহৰিব।
এদিন ৰাতি খইৰী চোতালত শুই আছিল। ৰাতি প্রায় এঘাৰ বাজিছিল। মই তথাপি মোৰ জংঘলৰ পোছাকযোৰ খোলা নাছিলোঁ। হঠাৎ খইৰী উঠি পূবদিশৰ ফালে যাবলৈ আৰম্ভ কৰিলে। মই লগে লগে ইলেক্ট্রিক টর্চ লৈ তাইৰ পিছ ল’লোঁ। দেখিলোঁ তিনিটা হাতী, তিনিজনী মাখুন্দী হাতী, দুটা সৰু হাতী আৰু এটা পোৱালি হাতীৰ পিছে পিছে খোজ লৈছে খইৰীয়ে। খইৰীয়ে শুই থকাৰ সময়তো তাইৰ সদাজাগ্রত দুই কাণ উনাই হাতীকেইটা অহাৰ শব্দ শুনিব পাৰে। হাতীকেইটা বেছ খৰকৈ আগুৱাই গৈছিল। আৰু খইৰীয়ে মেকুৰী খোজেৰে চুপি চুপি সিহঁতৰ পিছে পিছে গৈ আছিল চম্পানলা পাৰ হৈ, মেচিন পাহাৰ হৈ কইৰাকচা নদীৰ ফাললৈ। ঠিক কইৰাকচা নৈৰ ওচৰত এজনী মাখুন্দী হাতীৰ ভৰি পিছলি নলা এটাত পৰি গ’ল। কিন্তু লগে লগেই হাতীজনী উঠি পৰি নলাটোৰ বিপৰীতে থকা ওখ বান্ধটোৰ ওপৰলৈ উঠি গ’ল। খইৰীৰ পৰা এক নিৰাপদ দূৰত্বলৈ।
অনেক সময় ধৰি সিহঁতে পূবৰপৰা উত্তৰলৈ আৰু উত্তৰপৰা
পূবলৈ অহা-যোৱা কৰিলে। এবাৰ হাতীকেইটা কেম্পৰপৰা চাৰি কিলোমিটাৰ দূৰৰ কইৰাকচা নৈ
অতিক্রম কৰি গুচি গ’ল। সিহঁতক নৈৰ সিপাৰে দেখি খইৰী নিজেই নলাৰ ভিতৰৰপৰা ওলাই আহি কিছু
সময় নৈত সাঁতুৰিলে। যাৰ কেৱল শব্দহে মই শুনি থাকিলোঁ। টৰ্চৰ পোহৰে মোক সেই ঘোৰ বনাঞ্চলত ৰাস্তাহে দেখুৱাইছিল
মাত্র। হঠাৎ দেখিলোঁ মোৰ সন্মুখত প্রায় দুই মিটাৰ দীঘল এটা আঁক আঁক বিষাক্ত ৰণা
সাপ। আৰু অলপ হোৱা হ’লেই
মোৰ ভৰি সেইটোৰ গাতে পৰিলহেঁতেন। কিন্তু নিথৰ হৈ পৰি থকা সেই বিষধৰ সৰ্পক নির্ভুলভাৱে অতিক্রম কৰি পাৰ হৈ গৈছে ইমানকেইটা হাতী আৰু স্বয়ং খইৰী। সেই
বন্যজন্তুবোৰৰ বেছ ডাঙৰ ডাঙৰ মুঠ চল্লিছটা ভৰিৰ ভিতৰত এটা ভৰিও ঘোৰ অন্ধকাৰৰ
সত্তেও সাপটোৰ গাত নপৰিল। অদ্ভুত সিহঁতৰ বোধশক্তি।
কিছু সময়ৰ পাছত খইৰী পানীৰপৰা উঠি আহি ধীৰে ধীৰে কইৰাকচা কেম্পৰ ফালে যাবলৈ ধৰিলে। তাইৰ তীক্ষ্ণ চকু আৰু তীক্ষ্ণতৰ ঘ্রাণশক্তিৰ বাবে সেই আন্ধাৰতো তাই অনায়াসে নির্ভুলভাৱে কেম্পৰ ফালে গৈ আছিল। মাজে মাজে মোৰ ওচৰলৈ আহি মোৰ কাপোৰত নাকটো ঘঁহি এবাৰ-দুবাৰ সস্নেহ অভিবাদন জনাই থৈ যায়। নলাটো আমি তিনিবাৰ অতিক্ৰম কৰিবলগীয়া হ’ল। তাৰ পাছত কেম্পৰপৰা মাত্র তিনি চাৰিমিটাৰ দূৰত তাইৰ সুনির্বাচিত বিছনাত খইৰী শুই পৰিল। তাৰ পাছত তাইৰ পেটতে মূৰটো লগাই ময়ো তাতে শুই পৰিলোঁ। তাৰ পাছদিনা পুৱাতে আমি যচ্ছিপুৰলৈ উভতি আহিলোঁ।
এই ঘটনাটোৰ এমাহমানৰ পাছত আমি আকৌ এবাৰ গৈছিলোঁ
কইৰাকচা কেম্পলৈ। সেইবাৰো খইৰী চাৰিদিন ধৰি নাপাত্তা হৈ গৈছিল। তেতিয়ালৈ তাইৰ
বয়স প্রায় দুবছৰ। আৰু সেইবাৰ তাই গুচি গৈছিল যৌৱনৰ আহ্বান শুনি।
এপ্রিল, ১৯৭৬ চনত খইৰীয়ে আমাক এৰি আঁতৰি গৈছিল। ক’ৰবাত এটা বনছাগলীৰ আর্ত চিৎকাৰে তাইক দুটা ডাঙৰ ডাঙৰ পাহাৰ পাৰ কৰাই নিছিল। বোধহয় বনছাগলীটো নাপাই ওভতাৰ সময়ত তাই বাট হেৰুৱাইছিল। সেইদিনা ৰাতি আমাৰ কেম্পৰপৰা কেইজনমান চৰকাৰী অফিচাৰ জীপ লৈ উভতি আহিছিল। জীপৰ পৰিচিত শব্দ শুনি খইৰী আহি ৰাস্তাৰ ওপৰত থিয় হ’ল। জীপ ৰ’ল। জীপৰ ওচৰলৈ আহি খইৰীয়ে তন্ন-তন্নকৈ জীপখন শুঙিলে। অফিচাৰ আৰু ড্রাইভাৰ সকলো আতংকিত হৈ পৰা সত্তেও তেওঁলোকে খইৰীক ঠিক চিনিব পাৰিলে। আমাৰ কেম্পলৈ খবৰ আহিল। খইৰীৰ অবর্তমানত আমি খুব ম্রিয়মান হৈ পৰিছিলোঁ। অত্যন্ত উৎসাহ আৰু উল্লাসেৰে আমি গ’লোঁ খইৰীক আদৰি আনিবলৈ। খইৰী সকলোঁ সময়তে মানিনী। তাইৰ মন নগ’লে তাই একো কাম নকৰে। যিমান হ’লেও ৰাণীতো! সেইদিনা ৰাতি যিমান খোচামতি কৰা সত্তেও জীপত আহি বহিবলৈ তাই নাৰাজ। আমিও নিৰুপায়। একোবাৰ তাইৰ আগে আগে একোবাৰ তাইৰ পিছে পিছে খোজকাঢ়ি আহি পালেহি চহলা কেম্প। তাতে অলপ ছাগলী মাংস খালে আৰু চহলা এৰি যাবলৈ একোতে মান্তি নহ’ল। আমি সেই ৰাতি বাধ্যত পৰি চহলাতে থাকিলোঁ। আৰু তাৰ পাছদিনা ৰাতিপুৱা কিছুপৰ ঘূৰাঘূৰি কৰাৰ পাছত দয়া কৰি খইৰী আমাৰ লগত কইৰাকচা কেম্পলৈ আহিল।
কইৰাকচাত এটা আকস্মিক ঘটনা ঘটিল। এয়া মে’, ১৯৭৬। হঠাৎ খইৰী কেম্পৰপৰা উধাও। তাইক বিচাৰি বিচাৰি তিনিটা সৰু সৰু পাহাৰ
পাৰ হৈ তাইক পালোঁগৈ লেম্বুদানা পাহাৰৰ ওপৰত। যেতিয়াই খইৰীক দেখিলোঁ, খইৰীয়ে তাইৰ স্বভাৱসুলভ কৌতুকেৰে দৌৰিবলৈ আৰম্ভ কৰিলে, “চাওঁ, ধৰচোন মোক!” কিন্তু পাহাৰ
বগাই বগাই মোৰ ৰুদ্ধশ্বাস গতি। মই আৰু পাহাৰত উঠি খইৰীৰ সৈতে খেল খেলিব পৰা অৱস্থাত নাছিলোঁ। কিন্তু ভাগ্য, মোক থিয় হোৱা দেখি খইৰী দৌৰি আহিল। সেইটোও এটা দৃশ্য। ঘন জংঘলৰ ভিতৰত দৌৰিছে
এশ বাসত্তৰ কেজি ওজনৰ সাতাইছ মাহ বয়সৰ খইৰী। বয়ঃপ্রাপ্ত এজনী বাঘিনী দৌৰিছে তাইৰ
স্বভাৱৰ পৰিপ্ৰেক্ষিতত। সেই দৌৰ এক চাবলগীয়া দৃশ্য। মই যদি নাজানিলোহেঁতেন,
মোৰফালে দৌৰি অহা বাঘিনীজনী খইৰী বুলি, তেনেহ’লে মোৰ হৃদযন্ত্রৰ ক্রিয়া বন্ধ হৈ গ’লহেঁতেন। খইৰী
চিধাই দৌৰি আহি তাইৰ দুই আগঠেং মোৰ কান্ধত ৰাখি তাইৰ মুখৰ ভিতৰত মোৰ মূৰটোৰ আধামান
ভর্তি কৰি দিলে। সম্ভৱ সমতল ঠাই হোৱা হ’লে মই তাইৰ সৈতে
বাগৰি দিলোহেঁতেন। কিন্তু সেই পাহাৰৰ থিয়, ওখ ঠাইত মোৰ সেই
সাহস নহ’ল। মই নিজকে চম্ভালি লওঁমানে মোৰ ডিঙিৰ সোঁফালৰ বেছ
কিছু অংশত খইৰীৰ দাঁতৰ আঁচোৰ লাগিল। খইৰী অত্যন্ত স্পর্শকাতৰ। তাৰ লগে লগে
বুজি পালে যে তাই ধেমালিতে মোৰ আঘাত কৰি পেলাইছে। মোক লগে লগে এৰি দি তাই দূৰলৈ
গুচি গ’ল। মই কাল বিলম্ব নকৰি এডাল মাৰি লৈ লগে লগে খইৰীৰ
পাছে পাছে দৌৰিলোঁ। যিকোনো জন্তুক তাৰ ভুলৰ বাবে লগে লগে দণ্ড নিদিলে তাৰ ভুল শুধৰোৱা
সম্ভৱ নহয়। গতিকে এইটোৱেই সময়, এতিয়াই খইৰীয়ে মাৰ খাব
লাগিব।
মোৰ হাতত মাৰি দেখি খইৰী বেছ কিছু ক্ষণৰ বাবে
সংকুচিত হৈ পৰিল আৰু ‘উহুঁ-উহুঁ’ কৈ মোক তাইৰ ক্ষমা প্রার্থনা জনাব বিচাৰিলে।
কিন্তু শাসন মানে শাসন। খইৰীয়ে শিকিব লাগিব। মই খইৰীৰ ওচৰলৈ গৈ হাতত থকা
মাৰিডালেৰে তাইৰ নাক আৰু ডিঙিৰ ওপৰত বেছ কেইচাটমান শোধালোঁ। অলপ ‘গাঁউগাঁউ’ কৰি খইৰীয়ে ওচৰেৰে বৈ যোৱা নলা এটাৰ
সিপাৰে অদৃশ্য হৈ গ’ল। মই মোৰ ক্ষতস্থানত ৰুমাল এখন বান্ধি
কেম্পলৈ উভতি আহিলোঁ। মই আশা কৰিছিলোঁ খইৰীয়ে নিজে নিজে কেম্পলৈ ঘূৰি আহিব বুলি,
কিন্তু আধাৰাতি উঠি দেখিলোঁ, খইৰী উভতি অহা
নাই।
শিম্লিপালৰ ঘন জংগলত বৰষুণ দিছে। প্রচণ্ড বৰষুণ, যি
বৰষুণে শিম্লিপালৰ বহুদিন ধৰি জমা হােৱা আৱৰ্জনা ধুই চাফা কৰে। আকাশত বিজুলী-ঢেৰেকণি। কিন্তু খইৰী যে ঘূৰি অহাই নাই! মই যাব লাগিব। মই হাতত এটা
ফ্লাশ্ব লাইট লৈ বাহিৰ ওলালোঁ। আৰু ফৰেষ্ট বিভাগৰ কেইজনমান কর্মচাৰীয়ে লণ্ঠন লৈ মোক
নিবলৈ আকৌ এবাৰ আহিল। মই যেতিয়া ‘খইৰী-খইৰী’বুলি মাতিলোঁ, তাই ক’ত জানো
আছিল, হঠাৎ আহি তাইৰ দুই আগঠেঙেৰে মোৰ ভৰি দুটাত ধৰি ‘উহু-উহু’ কৰিবলৈ ধৰিলে। সেই ‘উহু-উহু’ মাতত একেধাৰে আছিল ক্ষমাপ্রার্থনা আৰু মোক
ঘূৰাই পোৱাৰ আনন্দ। বাধ্য ছোৱালীৰ দৰে খইৰী মোৰ সৈতে কেম্পলৈ ঘূৰি আহিল আৰু কেম্পত
মোক বহুত আদৰ কৰি তাইৰ বিছনাত শুবলৈ গ’ল। এই ঘটনাৰ চাৰিদিনৰ
পাছত খইৰী আকৌ এবাৰ কেম্প এৰি গুচি গৈছিল বাহিৰলৈ। তাইৰ পদচিহ্ন পৰিছিল তালবন্ধৰ
ফালে। যোৱা ৰাতি কোনোবাই কিজানি কাঁড় মাৰি বৰাগাহৰি মাৰিছিল। কিন্তু মৃত গাহৰিটো
লৈ যাব পৰা নাছিল। কিজানি তীড়বিদ্ধ অৱস্থাতে বহুত দূৰত গৈ বৰাটো মৰিছিল। সেই
বৰাটোৰ গোন্ধতে ওলাই আহিছিল খইৰী। পদ চিহ্ন চাই চাই খইৰীক সেইদিনাও বিচাৰি পাইছিলোঁগৈ
প্রায় তিনি চাৰি কিলোমিটাৰ দূৰত। আৰু সেইদিনাও খইৰী মোৰ লগত ঘূৰি আহিছিল।
ইয়াৰ পাঁচদিনৰ পাছৰ কথা। আকৌ খইৰী নাপাত্তা হৈ গ’ল ৰাতিপুৱা চাৰি বজাতে। মই তাইক বিচাৰিবলৈ গৈ অনেক সময় গিলাবেড়া পাহাৰৰ ওপৰত তাইক মাতি ঘূৰি আছিলোঁ। প্রায় আঠ বজাত তাই পুনৰ লুকা-ভাকু খেলাৰ দৰে মোৰ সোঁ কান্ধত ঢকা মাৰি মোক জনাই দিছিল; মই ইয়াতে আছোঁ। কতো হেৰাই যোৱা নাই। আকৌ পাছদিনা এটা উৰণীয়া কেৰ্কেটুৱাৰ শব্দ শুনি তাই গুচি গৈছিল চন্দন পাহাৰৰ ওপৰলৈ। পাছদিনাও পুনৰবাৰ তাই নিখোজ হৈছিল। ক’লৈ যে কিয় গুচি গৈছিল মই নাজানো।
কিন্তু আমি ইমান দিন ধৰি যি সন্দেহ কৰিছিলোঁ, সেয়াই বোধকৰো সত্য প্রমাণিত হৈছে।
খইৰী ঋতুমতী হৈছে। সমস্তৰে অজানিতে মুকলি হৈ তাই পলাই যাব বিচাৰিছে বাৰম্বাৰ। কোনো
বন্য বাঘৰ সন্ধানত আমি ব্যগ্র হৈ পৰিলোঁ। কিন্তু কোনো সন্ধান নাপালোঁ। পুনৰ পাছদিনা খইৰী ৰাতি এঘাৰ বজাত এটা শম্বৰৰ মাত শুনি গুচি গৈছিল। আমি
বিচাৰি বিচাৰি গৈ দেখিলোঁ খইৰী জোপোহা এটাৰ তলত আৰামেৰে শুই আছে। সেই সময়ৰ খইৰীৰ
সুন্দৰ ৰঙীণ আলোকচিত্ৰ এখন মই উঠাইছিলোঁ। তাইৰ নেজৰ তলৰ সৰু সৰু বগা নোমৰ ভিতৰত বিন্দু বিন্দু ৰক্ত। খইৰী ৰজস্বলা।
পুনৰ তাৰ পাছদিনা খইৰী আকৌ গুচি গ’ল। আমি তাইক বিচাৰি বিচাৰি বৰেইপানী জলপ্রপাতৰ ফালে ৰাস্তা ধৰিলোঁ, য’ত আগৰবাৰ খইৰী জীপৰ ওচৰলৈ আহিছিল। প্রায় দহ মিনিটমানৰ পাছত খইৰী নিজেই আহি আমাক দেখা দিলে। আৰু আমি লগে লগে চহলা পাৰ হৈ কইৰাকচা কেম্পলৈ খোজ কাঢ়ি কাঢ়ি আহিলোঁ। কিন্তু তাৰ পাছদিনাও হঠাৎ তাই গুচি গ’ল লেম্বুদানা পাহাৰলৈ আৰু আমাৰ চকুৰ পচাৰতে লুকাই পৰিল। আমি প্রায় পাঁচ ঘণ্টা ধৰি খইৰীক বিচাৰিলোঁ। আমি প্রায় আঠ কিলোমিটাৰ পথ অতিক্রম কৰিলোঁ, কিন্তু খইৰীৰ খবৰ নাই। এইবাৰ আমি গ’লোঁ বৰেইপানীৰ ৰাস্তাৰে। শেষত গৈ দেখিলোঁ যে খইৰীয়ে আৰাম কৰিছে কইৰাকচা পাহাৰৰ পশ্চিম দিশত। আমাক দেখি খইৰী আস্তে আস্তে নবাবৰ খোজেৰে আগবাঢ়ি আহিল। বাটত আহোতে চম্পানলা ঝর্ণাত তাই গা ধুলে। তাৰ পাছত তাই আমাৰ লগত কেম্পলৈ আহিল। অলপমান খোৱা হোৱাৰ পাছত তাই শুবলৈ গ’ল খোলা পথাৰত।
ৰাতি এঘাৰ বজাত খইৰী হঠাৎ উঠি ব্যস্ত, চঞ্চল হোৱা যেন লাগিল। মই তাইৰ
কাষতে শুই আছিলোঁ। মই তাই গাত
লাহে লাহে চপৰিয়াই হাত বুলাই দিলোঁ। চম্পানলাৰ নলাৰ ফাললৈ চাই তাই এবাৰ সৰুকৈ গোজৰণি মাৰিলে। এনে লাগিল যেন তাই
তাইৰ সেই ঈপ্সিত স্থানলৈ যাব বিচাৰিছে। তাৰ পাছত আকৌ মোৰ কোলাত মূৰ গুজি তাই শুই পৰিল।
কিন্তু সেই শোৱা শোৱা নাছিল। এঘণ্টামানৰ পাছতে তাই বাহিৰ হ’ল গিলাবেড়া পাহাৰৰ ওপৰলৈ। ক’ৰবালৈ যোৱাৰ সময়ত যেনেকৈ আদৰ কৰি থৈ যায়, তেনেকুৱা
আদৰ প্রায় দহদিন হ’ল তাই কৰা নাই। চুপ চাপ সমস্তৰে অজানিতে
গুচি যাবলৈ তাই ভালপোৱা হৈছে।
খইৰী যোৱাৰ লগে লগে তিনিজন ফৰেষ্ট গার্ডে তাইৰ পিছ ল’লে। তেতিয়া ৰাতি চাৰে তিনি বাজিছে। খইৰী কইৰাকচা নদীৰ পানীত পেটটো বুৰাই ৰাখি দহমিনিটমান তেনেকৈয়ে বহি ৰ’ল। তাৰ পাছত হঠাৎ উঠি পৰি একে জাঁপেৰে অদৃশ্য হৈ গ’ল মেচিন পাহাৰৰ ওখখিনিত। খবৰ পাই মই গিলাবেড়ালৈ খোজকাঢ়ি গ’লোঁ। মেচিন পাহাৰ আৰু গিন্দা পাহাৰ, বৰেইপানী ৰাস্তাৰে। প্রায় দহকিলোমিটাৰ পথত ৰাস্তাত খইৰীৰ পদচিহ্ন দেখিছিলোঁ। পশ্চিমমুখী। তাতে দুজন ফৰেষ্ট গার্ডক ৰ’বলৈ কৈ মই উভতি আহিলোঁ। আশ-পাশৰ গাঁৱৰ মানুহবোক খবৰ দিয়া হ’ল, যিয়ে যেতিয়াই খইৰীক দেখিব, তুৰন্তে যেন কেম্পত খবৰ দি যায়। খইৰী বন্য বাঘিনী নহয়। তাই পোহনীয়া, তাৰ সংকেতস্বৰূপে খইৰীৰ ডিঙিৰ চাৰিওফালে এডাল গলাবন্ধনীৰ সংকেত দিয়া হৈছে। গতিকে খইৰীক চিহ্নিত কৰাত কাৰো অসুবিধা হোৱাৰ কথা নাই। কিন্তু সেয়া ভৱিষ্যতৰ কথা। বর্তমান ওঠৰ ঘণ্টা ধৰি খইৰীৰ খবৰ নাই। খইৰী তাইৰ সংগীবোৰৰ দৰে আজি এক বন্য অৱস্থাত নাই। তাইৰ মানৱস্নেহত বন্দী। যিকোনো মানুহ দেখিলে তাই হয়তো আদৰ কৰিবলৈহে ওচৰ চাপি যাব। শিম্লিপাল আদিবাসী অধ্যুষিত অঞ্চল। খাদ্যৰ প্রচণ্ড অভাৱ। আদিবাসীবোৰে ধনু-কাঁড় লৈ খাদ্য সংগ্রহৰ বাবে সদা-সর্বদা প্রস্তুত। কোনোবাই কেতিয়াবা খইৰীক দেখি তীৰ সঞ্চালন কৰি দিব পাৰে। তেনেহ’লে খইৰী আৰু ঘূৰি নাহিব নেকি?
পুৱা ঠিক সাত বজাতে আমি আকৌ ওলালোঁ খইৰীৰ
সন্ধানত। নলাৰ ওচৰ পাই দেখিলোঁ যে বালিৰ ওপৰত পশ্চিম দিশলৈ খইৰীৰ পদচিহ্ন দুটামান
পৰিছে। কিন্তু সেয়া যথেষ্ট প্রমাণ নহয়,
হ’ব পাৰে সেই পদচিহ্ন দুই-তিনিদিনৰ আগৰ,
যেতিয়া তাই আমাক চহলাৰ ফালে লৈ গৈছিল। তাতে আমি এজন ফৰেষ্ট গার্ড
ৰাখিলোঁ। যদি
দৈৱাৎ খইৰীয়ে সেই বাটেৰে দক্ষিণ দিশলৈ ওভতে।
কেম্পলৈ উভতি আহি সামান্য মধ্যাহ্নভোজন কৰি আকৌ বাহিৰ হ’লোঁ দক্ষিণ দিশলৈ। কিছু বাট গৈ দেখিলোঁ এটা উঁইহাফলু হাতীৰ খোজত চেপেটা হৈ গৈছে। ওপৰত সৰুকৈ এটা বাঘৰ ঠেঙৰ তলুৱাৰ দাগ। জানিবলৈ কষ্ট নহ’ল যে সেই দাগ খইৰীৰ সোঁফালৰ পিছঠেঙৰ তলুৱাৰ দাগ। তাৰ পাছত আমাৰ আত্মবিশ্বাস আহি গ’ল আৰু আমি দক্ষিণ দিশলৈ যাবলৈ আৰম্ভ কৰিলোঁ। কিন্তু অলপ পাছে পাছে সেইবোৰ ৰাস্তা একোটা ঠাইত দুভাগ হৈ গৈছে, কোন দিশেৰে যাম আমি? নিৰুপায় হৈ ডাঙৰ ডাঙৰকৈ “খইৰী-খইৰী” বুলি তিনি-চাৰিবাৰ্মান চিঞৰিলোঁ কেৱল। দুইফালে চাওঁতে কেৱল উত্তংগ পৰ্বত আৰু অধিত্যকা। কাষেৰে বৈ গৈছে জড়দিহনলা।
বেলি মূৰৰ ওপৰত। আৰু বেলিৰ কিৰণত পেট পেলাই পৰি আগঠেং দুটা ৰাখি মোলৈ চাই ৰৈছে খইৰী, এজনী দুষ্ট ছোৱালীৰ দৰে। “তাৰমানে তোমালোক চবেই মোক বিচাৰি পাই গ’লা!” ইয়াকে ক’ব বিচাৰিছিল সেই দুটা দুষ্ট চকুৱে।
(ক্ৰমশঃ)