বাঘিনীৰ সত্য জীৱন কাহিনী
অনুবাদ : ড° ৰত্নোত্তমা দাস বিক্ৰম
কিছু দিনৰ পাছত কুকুৰপোৱলিটোৰ চকু মেল খালে। আৰু সি সূৰুযৰ কোমল কিৰণত যাক
প্রথম দেখিলে, সেয়া আছিল তাৰ বাঘিনী মাহী খইৰী। চকু মেলাৰ পাছত খইৰীয়ে কুকুৰপোৱালিটো তাইৰ
মুখেৰে ধৰি নি চোতাললৈ গুচি গ’ল। চোতালৰ কাষত এজোপা
গছৰ তলত ব্লেকি শুই থাকিল। তাইৰ আৰু চিন্তা কিহৰ? তাইৰ পোৱালিৰ কথা বুজিবলৈ মাহীয়েক
আছেই। কিছু সময়ৰ পাছত খইৰীয়ে পোৱালি আনি গাখীৰ খুৱাবলৈ ব্লেকিৰ কাষত দিলে।
কুকুৰপোৱালিটোৱে চকু মেলাৰ পাছত প্রথমেই খইৰীক দেখি তাইৰ ওপৰত সমস্ত বিশ্বাস
ৰাখিছিল। সেই দিন ধৰি পোৱালিটো তাইৰ ঠেঙৰ পিছে পিছে। তাক বাঘিনীয়ে ডাঙৰ কৰাৰ
বাবেই আমি কুকুৰপোৱালিটোৰ নাম ৰাখিলোষ ‘বাঘা’৷ বাঘা অলপ ডাঙৰ হোৱাৰ পাছত কেতিয়াবা অবাধ্য হৈ কিবা দুষ্টামি কৰিলে মোৰ পৰা
মাৰ খায়। খইৰী যদি কাষত থাকে, সি মাৰ খাই তাইৰ ওচৰলৈ দৌৰি পলায়। খইৰী কাষত নাথাকিলে মাৰ খাই কেং কেং মুখ
মেলি ৰাউচি জোৰে। তাৰ ৰাউচি শুনি খইৰী য’তেই নাথকক দৌৰি আহি মোক
পিছফালেৰে আহি ঠেলা মাৰে আৰু মোলৈ কম কৰি চায়। তাৰ পাছত কুকুৰপোৱালিটো মুখেৰে
ধৰি তাৰ গাটো লাহে লাহে চেলেকি দিয়ে, যিদৰে মাকে পোৱালিক কৰে। খইৰীৰ এই
বাৎসল্যপ্রীতি দেখি মই যে লাজ পোৱা নাছিলোঁ, তেনে নহয়।
বাঘা (কুকুৰপোৱালিটো) এতিয়া ডাঙৰ হৈ ওজনত ওঠৰ কিল’গ্রাম। তাৰ জন্মদাত্রী
মাকতকৈ প্রায় ডেৰগুণ বেছি। আৰু খইৰীৰ ওজন বাঘাতকৈ এঘাৰ গুণ বেছি। দুয়োৰে
ঘ্রাণশক্তি একেই প্রবল। দুয়ো একেলগ হ’লে শিলিপালৰ ঘনঘোৰ জংঘলৰ চুকে-কোণেও সিহঁতৰ
পৰা কোনেও একো লুকুৱাব নোৱাৰে।
কণমানিতে খইৰী যিদিনা আহি আমাৰ ওচৰ পাইছিলহি, সেইদিনা মোৰ লাগিছিল যেন কোনো
সাংঘাতিক দাগী কয়দীক হাতে-ভৰিয়ে শিকলি লগাই আমাৰ ওচৰলৈ অনা হৈছে। পিছফালে পিঠিত
এডাল লোহাৰ শিকলি আৰু শিকলিৰে সৈতে বন্ধা আছিল এডাল দীঘল কুঁৱাৰ পানীতোলা ৰছী।
যিখন জীপত তাইক অনা হৈছিল, পাছফালে আৰু দুয়োকাষে পর্দাৰে ভালদৰে ঢাকি ৰখা আছিল, যাতে সুৰুঙা পাই তাই পলাব নোৱাৰে।
গাড়ী আহি বঙলাৰ পর্টিকোত ৰ’লহি। মই গৈ জীপৰ পাছফালৰ
পৰ্দাখন দাঙি দিয়াত ‘ফ্যাঁআ’ কৰি এটা শব্দ হ’ল, যেন কোনো ডাঙৰ অজগৰৰ গর্জন। তাইৰ ধৰাল নখ আৰু দাঁত দেখুৱাই মোক তাইৰ সাধ্য
অনুসাৰে ভয় খুৱাবলৈ চেষ্টা কৰিলে। মই পর্দাখন পেলাই দি সকলো মানুহক দূৰলৈ যাবলৈ ক’লোঁ।
জংঘললৈ মাক বাঘিনী চিকাৰলৈ গ’লে সৰু সৰু পোৱালিবোৰ
লগত নিনিয়ে। পোৱালিবোৰ গুহাতে এৰি থৈ যায়। বাঘিনী নথকা সময়ত যদি কোনো শত্রু
গুহাৰ ভিতৰত সোমায়, তেনেহ’লে বাঘপোৱালিয়ে এনেদৰেই ‘ফ্যাঁআ’ কৰি ভয় খুৱায়। ডাঙৰ সাপে গর্জন কৰিছে বুলি ভাবি কোনেও গুহাৰ ভিতৰ নোসোমায়।
বাঘিনী যেতিয়া উভতি আহে, তেতিয়া ধীৰে ধীৰে ‘ওঁহঃ ওঁহঃ ওঁহঃ’ শব্দ কৰি
অহাৰ জাননী দিয়ে। পোৱালিবোৰে চুপ্-চাপ্ কাণ উনাই শুনে। মাক কাষ পালে সিহঁতেও
কেনকেনাই ‘ওঁহঃ ওঁহঃ’ কৰি মাকৰ কোলাত আঁউজি পৰে।
ময়ো আৰু এবাৰ জীপৰ পর্দা ডঙাৰ আগতে মাক বাঘিনীৰ দৰে শব্দ কৰিলোঁ। তাইৰ পৰিচিত ভাষা শুনি পোৱালিটোৱে চুপ হৈ কাণ থিয় কৰি শুনিলে। মই আকৌ এবাৰ ‘ওঁহঃ ওঁহঃ’ কৰাত তাই মোৰ
ফালে তাইৰ থুঁতৰিটো আগবঢ়াই ‘ওঁহঃ ওঁহঃ’ কৰিলে। তাইক কোলাত তুলি লৈ তাইৰ পিঠিৰ শিকলি আৰু ৰছী সকলো খুলি চুমা দি অলপ
আদৰ কৰি পুনৰ তাইক জীপৰ পিছৰ ছিটত এৰি দিলোঁ। তাইৰ মানৱী মাতৃয়ে জীপৰ আগৰ ছিটটো হাউলাই
জীপৰ ভিতৰলৈ সোমাই তাইৰ হাতৰ মৰমেৰে হাত বুলাই দেহাকণ, জান, সোণকৈ মাতিবলৈ ধৰিলে। বাঘপোৱালিটোৱেও আদৰ পাই মনৰ স্ফূর্তিতে বাগৰি পৰি আদৰ
পাবলৈ পেটটো দেখুৱালে।
তেতিয়া মোৰ চকুৰ আগত দেখা দিছিল দেৰাস্ বান্ধৰ কাষৰ বড়হাপিঠা জংঘলৰ এটা
ঘটনা। ১৯৬৮ চনৰ কথা। সকলো একোবাৰ চেষ্টা কৰি ভাগি পৰিছিল। জংঘলৰ এজনী মাইকী
হাতীয়ে তাইৰ সোঁফালৰ পাছ ভৰিটো দাঙি বাকী তিনিটা ভৰিৰে সকলোকে খেদিছিল। মানুহবোৰে
এডাল দীঘল বাঁহত একাষি কল ওলোমাই তাইৰ মুখৰ আগতে দেখুৱাইছিল। কিন্তু হাতীজনীয়ে
সেই কলআষি ঠেলা মাৰি পঠিয়াইছিল। বিৰক্তিৰে গছৰ ডাল ভাঙিছিল নহ’লে মাটিৰ পৰা বোকা উঠাই মানুহবোৰলৈ দলিয়াইছিল।
হাতীজনীৰ সোঁফালৰ পিছঠেঙৰ আঁঠুটো ধানৰ বস্তাৰ দৰে ফুলি আছিল। আৰু সেই আঁঠুটোৰ
পাছফালে এটা ফুটাৰে পূঁজ বৈ আছিল। হাতীজনীৰ চকুৰে অহৰহ চকুলো বাগৰিছিল, যেন গণেশৰ মূর্তি এটাইহে কান্দিছে, হাতীজনী সম্ভৱতঃ ফচল খোৱাৰ লোভত
কাৰোবাৰ পথাৰত সোমাইছিল আৰু সেই পথাৰৰ ৰখীয়াই তাৰ বিনা লাইচেন্সৰ বন্দুকেৰে গুলীয়ালে।
সেই গুলীয়ে হাতীক মাৰিব নোৱাৰে, বা মাত্র সেই ফঁকা শব্দত হাতীক খেদাবও নোৱাৰে। মাত্র অসুচল জেগাত আঘাত কৰে।
যাৰ ফলত লেপ্থেপ্ পূঁজ লৈ হাতীটো মাহ মাহ ধৰি জংগলত কান্দি কান্দি ফুৰিব লগা
হয়। সেইদৰে গুলী খোৱা হাতীয়ে মানুহক কি ইমান সহজে বিশ্বাস কৰিব পাৰিব?
খইৰীৰ এই মানৱী মাতৃয়ে সেইদিনা সকলোকে আঁতৰাই দি এডাল দীঘল মাৰিত
তিনি-চাৰিটামান কল ওলোমাই হাতীৰ লগত বিশুদ্ধ ওড়িয়াত কথা-বতৰা আৰম্ভ কৰিছিল। সেই
কথাৰে পুনৰাবৃত্তি : “আহ-হা! কোনে তোক এনেকৈ মাৰিলে অ’? বৰ কষ্ট হৈছে নহয়নে? মোৰ সোণটো অ’– হোঁ, এই কল দুটা খাই দে।”
মানৱী মা এতিয়া হাতীৰ যথেষ্ট ওচৰত। এবাৰ শুঁৰডাল দাঙিলেই বিনাকষ্টেৰে তেওঁক
মেৰিয়াই ধৰি ল’ব পাৰিব। কিন্তু হাতীৰ লৰ-চৰ নাই। তাৰ কুলাৰ
দৰে কাণ দুখন থিয় কৰি চুপ্-চাপ্ কথা শুনিছে। মানৱী মাতৃয়ে বাৰে বাৰে তাক আদৰ
কৰি কৰি কল খাবলৈ তোষামোদ কৰি আছে।
কিছু সময়ৰ পাছত হাতীটোৱে কি জানো ভাবি তাৰ শুঁৰডাল সামান্য আগবঢ়ালে। শুঁৰেৰে
কল চাৰিটাৰ গুৰিৰ ফালে ধৰিলে। পুনৰ অলপ সময় চুপ্-চাপ্ হৈ থাকিল। তাৰ পাছত শুঁৰডাল
উঠাই নিলে মুখৰ তল কোৱাৰিৰ ফালে। তাৰ পাছত চলিল দুই কোৱাৰিৰ পেষণ। কিছু সময়ৰ পাছত
আঙুঠি খুলি পেলোৱাৰ দৰে সোৱাদ নোহোৱা কলৰ ঠাৰি অংশ উলিয়াই পিছফাললৈ দলিয়াই
দিলে। ‘ফা’ কৰি এক দীর্ঘশ্বাস এৰিলে। চোবোৱা কাম
চলি থাকিল।
ইমান ডাঙৰ হাতীৰ মুখত মানুহৰ টি-পার্টিৰ প্লেটত ৰাখিব পৰা চাৰিটা মাত্র কল। হ’ল কি হ’ল, তাত মানুহৰ অনেক স্নেহ আৰু আদৰ মিহলি হৈ
আছিল। স্নেহৰ ভাষা বা ভালপোৱাৰ ভাষা প্রকাশ কৰিবলৈ কোনো নির্দিষ্ট ভাষাৰ প্রয়োজন।
নহয়। তেনে হোৱা হলে পশু-পক্ষীয়ে পৰস্পৰক ভালপোৱা আৰু স্নেহ কিদৰেনো বুজালেহেঁতেন।
সেই হাতীটোৰ ইতিহাস লিখিলে আৰু এটা দীঘল প্রবন্ধ হ’ব। এবাৰ তাৰ বিশ্বাস অহাৰ পাছত সি বিৰক্ত হোৱা দূৰৰ কথা, মানুহৰ কাৰণে যেন অপেক্ষা কৰিহে ৰ’ল। পশু-চিকিৎসক আহিল।
তাৰ ওপৰত হাউলি, বেঙা মেলি পিচকাৰীৰে পূঁজ উলিয়ালে, তাৰ ভিতৰত সোপাসোপে কাপোৰ গজ কাপোৰৰ
দৰে মাৰিৰে খুন্দি খুন্দি ভর্তি কৰিলে। হাতীটোৱে নিশ্চল হৈ সমস্ত কষ্ট সহি থাকিল।
তাৰ বিশ্বাস, এওঁলোক সকলোৱে প্রাণপণে লাগিছে তাক ভাল কৰিবৰ বাবেই।
কিন্তু একৈছ দিনৰ অক্লান্ত পৰিশ্ৰমৰ পাছতো নিৰপৰাধী বনৰীয়া হাতীটো ৰক্ষা কৰিব
পৰা নগ’ল। কোনো ধৰণৰ বাধা-বিঘিনি সৃষ্টি নকৰি, কোনো প্রকাৰৰ আপত্তি নকৰি মৰিবৰ অলপ
দিনৰ আগতে তাৰ অবিশ্রান্ত অশ্রুপাতেৰে সি যেন কৈ গ’ল, “মোৰ লগত আৰু কিয় লাগিছ, মইতো আৰু নাবাচোঁ।” আজি অনেক দিনৰ পাছতো তাৰ সেই ভাষাবিহীন ভাষাৰ কথা মনত পৰিলে মোৰ দুচকু পানীৰে
ভৰি আহে। কেতিয়াবা ভাব হয় সেই সৰুকালিতে পঢ়া চিন্দবাদ বণিকৰ গল্পবোৰ কিজানি
সত্য।
চিন্দবাদ মানুহ আছিলতো? বনত অনেক দঁতাল হাতী দেখি হাতীদাঁতৰ লোভত চিন্দবাদে চিকাৰ কৰিছিল এটাৰ পাছত
এটাকৈ হাতী। তাৰ আগতে তাত নাছিল মানুহ, নাছিল বন্দুক। হাতীবোৰো মানুহৰ দৰে
বুঢ়া হৈ মাৰিছিল। গতিকে, মানুহৰ কুৎসিৎ অভিলাষ সম্পর্কে অনভিজ্ঞ, সৰল, অচতুৰ হাতীবোৰক এটাৰ পাছত এটাকৈ মাৰি
শুৱাই দিয়াতো চিন্দবাদৰ কাৰণে অপেক্ষাকৃতভাৱে সহজ আছিল। কিন্তু এবাৰ এটা অসতর্ক
মুহূর্তত চিন্দবাদ ধৰা পৰি গৈছিল এটা দঁতাল হাতীৰ কবলত। চিন্দবাদে ভাবিছিল এইবাৰেই
কিজানি সকলো শেষ। কিন্তু আশ্চর্য! হাতীটোৱে চিন্দবাদক একোৱে নকৰিলে, কেৱল তাৰ পিঠিত বহুৱাই দি অতিক্ৰম কৰিলে দীঘল এক পথ। যি ঠাইত হাতীটোৱে
চিন্দবাদক লাহেকৈ তাৰ পিঠিৰ পৰা নমাই পুনৰ উভতি গ’ল, সেই ঠাই চিন্দবাদে আশ্চর্যচকিত হৈ দেখিলে যে পর্বত প্রমাণ হাতীদাঁত দ’ম হৈ
পৰি আছে। চিন্দবাদে পিছলৈ ঘূৰি চালে। সেই তাল হাতীটোৱে নির্বিকাৰ ভাবেৰে খোজ
পেলাই উভতি গৈছে। সেই ঠাইটুকুৰা আছিল হাতীৰ মৰিশালি। সেই তাল হাতীটোৱে যেন ক’লে,
“চাৰিটা হাতীদাঁতৰ কাৰণে ইমান হাতী মাৰিবৰ কি দৰকাৰ? দাঁতেই যদি লাগে, যিমান লাগে নে।” সেই চিন্দবাদৰ দিনৰে পৰা আজি পর্যন্ত তথাকথিত সভ্য মানুহৰ কোনো পৰিৱৰ্তন হোৱা
নাই।
এৰা, সেই মানৱী মাতৃয়ে খইৰীৰ পেটত হাত বুলাওঁতে বুলাওঁতে খইৰীৰো ভয় ভাঙি গৈছিল।
তাই পটাপট ওলাল জীপখনৰ ভিতৰখন তদাৰক কৰিবলৈ। বাঘপোৱালিৰ কৌতূহল মানুহৰ কেঁচুৱাতকৈ
কোনো গুণে কম নহয়। জীপৰ তল, ব্রেক, গিয়েৰ সকলো তাই এটা এটাকৈ শুঙি শুঙি গমি চালে। পুনৰ জীপৰ পিছফাললৈ উভতি আহি পিছফালৰ
কপাটখনত আঁউজি পৰি আগঠেং আৰু পিছঠেং চাৰিওটা হলৌ বান্দৰৰ দৰে বুকুৰ কাষত চপাই কুঁচি-মুচি
বহি ৰ’ল। তাৰ পাছত ধীৰ নিশ্বাসত তাইৰ কোমল পেটটো উঠা-নমা কৰা দেখা
অসহায় ব্যঘ্র শিশুৱে আশ্রয় পালে। দুদিন হ’ল, তাই বোধকৰোঁ একোকে খাবলৈ পোৱা নাই। কিন্তু পেটত খাদ্য নাথাকিলেও আদৰতো পাইছে।
আৰু জীৱনৰ প্রতি ভয়ো নাই। তাইৰ চকুত আৰু আতংক বা ভয়ৰ লেশমাত্রও নাছিল। কেৱল আছিল
জীৱজগতৰ অনাবিল স্নেহ আৰু বিশ্বাস। খইৰীৰ চকু টোপনিত ঢুলি ঢুলি পৰিছিল। অলপ সময়ৰ
পাছতে তাই ঘোৰ টোপনিত ঢলি পৰিল। জীপৰ পিছফালৰ পর্দা লাহেকৈ পেলাই দি আমি সকলো চুপচাপ
তাৰ পৰা গুচি আহিলোঁ। ৰাউচি ধৰি কন্দা কেঁচুৱা ক্লান্ত
হৈ শুই পৰিলে আমি যি কৰোঁ, সেয়াই কৰিলোঁ। মাজতে এবাৰ জীপৰ
ওচৰলৈ গৈছিলোঁ। জীপৰ ভিতৰত নাক ঘোৰঘোৰাই শুই আছে খইৰী। তাই বাৰু তাইৰ বাঘিনী মাকৰ সপোন দেখিছিল নেকি?
আমি বঙলাৰ বাৰান্দাত বহি আছিলোঁ। টোপনি ভাঙিলেই তাই খাবলৈ বিচাৰিব। আমি তাইৰ খাদ্যৰ কাৰণে গাখীৰ যোগাৰ কৰা আৰম্ভ কৰিলোঁ।
যচ্ছিপুৰ ফৰেষ্ট বাংলোৰ কাষৰ ছয় নং ৰাষ্ট্ৰীয় ঘাইপথে কলিকতা আৰু বোম্বেক
জোৰা লগাইছে। ৰাস্তাৰ সিপাৰে এক বিস্তীর্ণ মুকলি ঠাই। ৰিংটোৰ বাট পাৰ হৈ এঢলীয়া
হৈ পৰিছে আৰু তাৰ পাছতে হঠাতে বাগৰি পৰিছে খইৰী ভন্দনলৈ। খইৰী নদী বৈ আহিছে নৈৰ্ঋত
কোণৰ পৰা আৰু ভন্দন নদী বৈ আহিছে পূর্ব কোণৰ পৰা। আৰু দুই নদী আহি মিলিত হৈছেহি
যচ্ছিপুৰ গাঁৱৰ নামনিত। পাহাৰে পাহাৰে নাচি-বাগি আহি দুয়ো যেন খুব ক্লান্ত হৈ পৰিছে, সেয়েহে যচ্ছিপুৰ আহি পাওঁতে সিহঁতৰ গতি সন্তানসম্ভৱা নাৰীৰ দৰে মন্থৰ।
মিলনথলী কুৰটোত সিহঁতে যেন ভাগৰ মাৰিবলৈহে বহি পৰিছে, তাৰ পাছত দুয়ো মিলি পুনৰ বৈ গৈছে ৰাষ্ট্ৰীয় ঘাইপথৰ দলঙৰ তলেদি পশ্চিম দিশলৈ।
দুয়ো নদীৰ গভীৰ বন্ধুত্বৰ বাবেই দুয়োকে একেলগে কোৱা খইৰী-ভন্দন।
এই খইৰী নদীৰ উৎপত্তিস্থল হ’ল শিলিপাল হাবিৰ মাজৰ এক
ঠাই। সেই আদি দিনৰে পৰা সেই মূল জলধাৰৰ পানী ভন্দন নদীৰ পানীৰ সৈতে মিলি কিমান যে
বৈ গৈছে ৰাষ্ট্ৰীয় ঘাইপথৰ সেই দলঙৰ তলেৰে! তথাপি খড়িয়া জনজাতিৰ ধূনা ভৰোৱা
মোনাৰ ধূলি আজিও যেন সেইদৰেই পৰি আছে সেই জলকুণ্ডত। নিখোজ বাঘপোৱালিটোৰ মাক
বাঘিনীজনীয়ে সেই বাটেৰে কিমানবাৰ চাগে তাইৰ হেৰোৱা শিশুকন্যাক বিচাৰি ঘূৰি
ফুৰিছিল!
জলধাৰৰ ওপৰত কিছু দূৰত নাসি পাহাৰ উত্তৰ-দক্ষিণাকৈ দুয়োফালে বিয়পি আছে। নাসি
পাহাৰ পাৰ হৈ সাঞ্জ নদী। সেই নদী বৈ গৈছে পূব দিশেৰে বংগোপ সাগৰলৈ, কিন্তু খইৰী নদীৰ মোহ পশ্চিম দিশলৈ। যচ্ছিপুৰ তাৰ পৰা নাকৰ পোনে পানে পোন্ধৰ
কোশ দূৰত।
মূল জলধাৰাৰ অলপ ওপৰলৈ উঠি গ’লে পোৱা যায় এটুকুৰা
সৰু সমতল ঠাই। তাৰ সেই মূৰটোত শিলৰ খোৰোং এটাৰ ভিতৰত বাঘৰ গুহা। তাৰ পৰা দুই কোশ
বাটৰ দূৰত্বত এখন অকলশৰীয়া আদিবাসী গাঁও। গাঁওখনৰ নাম জেনাবিল। তাৰ পৰা চাৰি কোশ
গ’লে আৰু এখন অকলশৰীয়া পল্লী গাঁও কবাটঘাই। ঘোঁৰাৰ খুৰাৰ আকৃতিৰ এই দুয়োখন
গাঁৱক চাৰিফালে ঘেৰি ৰাখিছে। আঠ-দহ কোশ বিয়পি ঘোৰ জংঘল, পর্বত আৰু নলা-নদীয়ে।
সেইদিনা আছিল অক্টোবৰৰ তিনি তাৰিখ। সেইদিনাও আনকালৰ দৰে জেনাবিলৰ আদিবাসী কেইজনমান
খড়িয়া মানুহ আশ-পাশৰ জংঘললৈ গৈছিল আলু, কচু, ধূনা, মৌ আদি বিচাৰি তেওঁলোকৰ জীৱিকা
অন্বেষণত। তেওঁলোক গৈ পাইছিলগৈ খইৰী নদীৰ মূল জলধাৰৰ কাষ। ইতিমধ্যে সূৰুয দেৱতা
পশ্চিমত ঢলি পৰিছে। আঁজলি পাতি জলধাৰাৰ পানী পেটভৰাই খাই খড়িয়াকেইজন ভাগৰ
পলুৱাবলৈ বহি পৰিল। কিয়নো, এই পর্যন্ত একোতো পোৱাই নাই। ঘৰলৈ খালী হাতেৰে উভতিলে ল’ৰা-ছোৱালীয়ে খাব কি? আন একো নহ’লেও আলু-কচু দুটামানকে বিচাৰি নিবতো পাৰিব
লাগিব। কিন্তু বেলা ঢলিল। সময় আৰু নাই। গধূলিৰ আন্ধাৰ হোৱাৰ আগতে গাঁৱলৈ ঘূৰি যাব
লাগিব। সকলোৱে নিজৰ নিজৰ মোনা সামৰি-সুতৰি ওলাল জংঘল পাৰ হৈ ওপৰৰ সেই সৰু সমতল ঠাইটুকুৰালৈ।