প্ৰদীপ পাটগিৰি
নোমলে আনিলে নোমাল কুকুৰ
দেখিবলৈ বৰ ভাল,
পাল খুৰাই নৈত মেলিছে নাও
তৰি দিছে শুকুলা পাল৷
ছাইৰ বিশাল স্তুপ চাই
অন্তৰত লাগিল দুখ,
সকলো যে চাই হৈ গ’ল
সকলোৰে সকৰুণ মুখ৷
পুখুৰীত চিপ বাই আছিলোঁ
চিপ চিপ বৰষুণত তিতি,
ডাঙৰ বাই ক’ৰবাৰ পৰা
দৌৰি আহিল লৈ ফুলাম ছাতি৷
ধোৰা সাপ ধৰা মানুহজন
হেনো মায়ঙৰ যাদুকৰ,
গৰমৰ বন্ধত গুৱাহাটীলৈ যাম
চাম চিৰিয়াখানা, যাদুঘৰ৷
ঠিকনা :
গাঁও : বাৰাপেটা
ডাক : মইনামাতা-৭৮১৩১৫,
বাকসা, অসম
ভৰ্ৰাম্যভাষ : ৮৪৭৪০ ২১৫২৫