অন্যযুগ/
বন্ধৰ পদ্য
ৰচনা পাঠক
লক্ডাউন, স্কুল নাই, তাতে দিছে বৰষুণ;
বৰ ভাল হ’ব জানা,
সঁচা মিছা ভবা মানা –
শুই শুই চাবলৈ মিঠা মিঠা ধুনীয়া সপোন।
নাথাকিব তাত জানা কিতাপৰ বোজা,
মিছ্ আৰু টিছাৰ চব তাত হোজা;
মা-দেউতায়ো খোলে আমাৰ লগত,
কিমান মধুৰ সেই সপোন জগৎ–
ময়ে তাৰ একমাত্ৰ প্ৰাণী জনা-বুজা।
হ’ম্ৱৰ্ক নাই বাবে নাই তিতা-কেহা,
কিতাপ-পত্ৰ লাগি থ’ক টেবুলতে ৰেহা,
খেলা-ধূলা উৎপাত,
পাক ঘৰ লুটপাত;
পুতলা পুতলা খেলোঁ ব’লাচোন নেহা।
নহ’লেবা আন এটা কাম কৰোঁ আহাঁ,
তুমি হোৱাঁ প্ৰিঞ্চিপাল, মই ছাৰ,– বাহাঃ
ক্লাছ টিছাৰ হ’বানে
ছাৰক পঢ়াই চাবানে·
ভাল লাগিব কৈ কৈ ঃ ‘ছাৰ, পঢ়াঁ পঢ়াঁ।’
‘ইস্কুলৰ চব ছাৰ শাৰী পাতি বহি
শুনি যাবা মোৰ কথা দুখ কষ্ট সহি,
নাকান্দিবা কিন্তু
নপঢ়াওঁ দিনটো,
উলিয়াই লোৱাঁহঁক কিতাপ আৰু বহী।
তুমিও বহিছা দেখোঁ মৰম লগা ছাৰ·
নবহিবা, তোমাৰ ভাৰ বে’ল বজোৱাৰ
তুমিতো নাপাৰাঁ গালি,
হাঁহি মাৰি কোৱাঁ খালি –
‘নপঢ়িলে উন্নতি নাই দুখীয়াৰ’।
লাজতে লুকাই থকা এইজনী কোন মিছ·
একো নকৈ হাঁহি থাকে ফিছ ফিছ ফিছ
প্ৰথমতে বহাঁ,
পাছতহে পঢ়া
নপঢ়িলে পিছে তুমি হৈ যাবা ডিছ্মিছ্!
এইজন কি ছাৰ ! পঢ়িব নাজানে·
পঢাঁ বুলি ক’লে মাথোঁ ভেঁ ভেঁকৈ কান্দে
(হে’ৰা) নপঢ়িলে নহ’ব!
পঢ়িবই লাগিব,
যেনেকৈ মাহঁতে আমাক নামানে।
তেনেকৈয়ে অজি তুমি পৰিলা ফাঁকত
মনোযোগ নিদিলে নহ’ব কিতাপত,
সদয়ে আমাক কোৱা
কথাষাৰ শুনি লোৱাঁ, –
ভয় নাই, নুলুকাবা দুৱাৰ-চুকত।
...ভাল লগা নাই পাই এইবোৰ খেলি,
ভাবি থাকোঁতেইচোন বুৰ গ’ল বেলি!
মা-দে’তা আহি পালে
আমাৰ ফালে চেল খালে;
নাখাওঁতেই কঁঠালটো থাকিবগৈ গেলি।
শিশু-কিশোৰৰ চ’ৰা
আজিৰ শিশুসকল পঢ়া-শুনাৰ প্ৰতি আগ্ৰহী হ’লেহে ভৱিষ্যতেও তেওঁলোকে পঢ়া-শুনাৰ প্ৰতি দায়বদ্ধ হৈ ৰ’ব আৰু শিশুকালতে গঢ় দিয়া অভ্যাসটোৱে ভৱিষ্যতে বুজন বয়সত তেওঁলোকৰ ব্যক্তিত্ব আৰু প্ৰতিভাক উজলাই তুলিব। সেয়ে বৰ্তমান অসমৰ শিশু আলোচনীকেইখনৰ প্ৰকাশ অনিশ্চিত ধৰণৰ হৈ পৰালৈ লক্ষ্য ৰাখি শিশু আৰু কিশোৰসকলৰ মানসিক খোৰাক যোগাবলৈ এই শিতানটো আৰম্ভ কৰা হৈছে। অহা সংখ্যাৰ পৰা এই শিতানটোৰ কলেৱৰ বৃদ্ধি কৰা হ’ব। ইয়াত (১) শিশু আৰু কিশোৰৰ বাবে লিখা আৰু (২) শিশু আৰু কিশোৰে লিখা লেখা প্ৰকাশ কৰা হ’ব। আগ্ৰহীসকলক লেখা পঠাবলৈ অনুৰোধ জনালোঁ।