ৰমানন্দন বৰা
বাৰ
নিজৰ সন্তানক নিজৰ ভেটিত জন্ম দিবলৈ পোৱাটো পৰম গৌৰৱৰ কথা৷
নিজৰ খোপনি ৰোৱা, পুৰুষৰ সন্মান ৰক্ষা কৰা কাম বুলি বেণুৱে ভাবে৷ সেয়ে সি
আপ্ৰাণ চেষ্টা কৰি লৰালৰি কৰিছিল৷ ফাগুনতে ঘৰটো তৰিবলৈ তাৰ বৰ হেঁপাহ৷ সকলো ঠিকেই আছিল৷
কিন্তু আইৰ ঘৰলৈ যাম, দুইহাতে খাম, বিধতাই বোলে ময়ো পিছে পিছে যাম৷ মানুহে পাতে, ঈশ্বৰে ভাঙে৷ বাঘে ধৰাৰ
ঘটনাটোৱে তাৰ বহুত কথা ওলট-পালট কৰি পেলালে৷ সময় মতে কামবোৰ হৈ উঠাৰ সম্ভাৱনা নাইকিয়া হ’ল৷ সি বুজিলে এই সংসাৰত
মানুহ নামৰ জীৱটো এফালে বৰ শক্তিশালী, আনফালে তেনেই নিশকটীয়া৷ গাইগুটীয়া মানুহটোৰ যে একো মূল্য
নাই সি হাড়ে হাড়ে বুজিলে৷ সঙ্গীৰ ৰূপত পুহিৰাম নথকা হ’লে সেইদিনাই তাৰ জীৱনৰ বন্তিগছেই নুমালেহেঁতেন৷
মানুহক জীয়াই থাকিবলৈ হ’লে মানুহৰ দৰকাৰ৷ বেয়াৰ মাজত ভাল, নিৰাশাৰ মাজত আশা, আশংকাৰ মাজত সাহস আনিব পাৰে কেৱল মানুহে৷
বকুল চাপৰিৰ মানুহে বেণুৰ কাৰণে সেই কথাটো অধিক সঁচা কৰি
তুলিলে৷ পুহিৰামে আৰু বেণুৱে কাটি থৈ অহা খেৰখিনি ভাগে ভাগে ভালদৰে
গুটিয়াই-মুঠিয়াই বান্ধি ঘৰৰ চোতাল পোৱালেহি গাঁৱৰ ল’ৰাহঁতে৷ নতুন ভেঁটিটোৰ কাষতে এটা মেজি সাজি
খেৰখিনি থ’লেহি৷
বাকী দায়িত্বও সিহঁতেই ল’ব, পিছে কিবা এটা খুৱাব লাগিব৷ “ভিনি, চিন্তা নকৰিবা৷ ঘৰ হৈ যাব৷ তুমি ৰাইজখনক ভাৰসা
কৰিবা৷ ল’ৰাহঁতক
কিবা এটা খুৱাই দিবা৷ দেখিবা তোমাৰ নতুন ঘৰে হাঁহি হাঁহি তোমাক মাতি আছে৷” বলেনে বুধিৰ লগতে উৎসাহো দিলে৷
বেণুৱেও সেই মতেই কৰিলে৷ গাঁওখনত সেইটোৱেই নিয়ম৷ বকুল গাঁৱত এতিয়াও নামঘৰ বুলি এটা নিৰ্দিষ্ট ব্যৱস্থা গঢ় লোৱা নাই৷ চাপৰিয়াল মানুহৰ মনলৈ এতিয়াও নাম-প্ৰসঙ্গ, আসন, বন্তি, নামতী, পাঠেকী আদিৰ দৰকাৰ জাগি উঠা নাই৷ বকুল চাপৰিৰ বোপাৰাম বিষয়াহঁতৰ চল্লিছঘৰীয়া চুবুৰী আৰু পূবফালৰ বিহাৰী, নেপালী কেইঘৰৰ চুবুৰীটোৰ মাজতে ডাঙৰ শিমলুজোপাৰ তলতে ওখ সমান ঠাইখিনিত ডেকাহঁতে মিলি এটা দীঘলীয়া ঘৰ সাজিছিল৷ খেৰৰ চাল আৰু বাঁহৰ বেৰ কঁকাললৈকে ওখ৷ তালৈকে বকুলৰ গণেশ, বলেন, বীৰেনহঁতো আহে অৰ্জুন, পাৰচ, ধনবাহাদুৰহঁতো আহে৷ সোমবাৰে সন্ধিয়া তাতে গোট খায়৷ কেতিয়াবা ঢোল-খোল বায়, কেতিয়াবা নাগৰা বায়, কেতিয়াবা একোকে নকৰি বিড়ি-চিগাৰেট হুঁপি ঘৰাঘৰি গুচি যায়৷
সোমবাৰে বেণুৱে বলেনৰ লগত তালৈ গৈ ভাৰসা
কৰিলে৷ সকলোৱে একমুখে হ’ব বুলিলে৷
“পিছে কি গোটোৱা হ’ব? ”
“হাঁহ, লগত মাছো থাকিব৷ ”
জেঠায়েকে ক’লে, “ডেকাহঁতে বাৰু কাম কৰিব মই বুজিছোঁ৷ আমাৰ ফটিক আৰু
হাঁহিৰামক ক’বি৷
কাঁড়ী চোৱাত সিহঁতৰ সমান পাকৈত এইছোৱাত নাই৷” বেণুৱে তেওঁলোকৰ ঘৰলৈ গৈ ক’লেগৈ৷
* * *
এটা ঘৰ, এটা পৰিয়াল, এখন সংসাৰ৷ এটা সপোনৰ সম্পূৰণ, আন এটা সপোনৰ আধাৰ৷
নিজাকৈ এখন ঘৰ বন্ধা বৰ সহজ কথা নহয়৷ ফাগুনৰ পহিলা বুধবাৰতে
ঘৰৰ কাম আৰম্ভ কৰিলে বেণুৱে৷ সেইদিনাই তিথি, বাৰ, নক্ষত্ৰ শুভ বুলি জেঠপেহাক বোপাৰামে নিজাকৈ পঞ্জিকা চাই
কৈছিল৷
কামটো এদিনীয়া নহয়৷ ঠিক ঠাক জোখ-মাখ কৰি চ’ৰা ঘৰ, মাৰল ঘৰ, পাকঘৰৰ খুঁটা পোতা এটা ডাঙৰ কাম৷ আগতে আনি কাটি, গোৰাই, শুকুৱাই থোৱা ভলুকা বাঁহৰ খুঁটা৷ গাঁত খান্দি পোতোঁতে এদিন৷ মকাল বাঁহৰ গাধৈৰ বেৰবোৰ বৈ গাঁঠি দিওঁতে কে’বাদিনো গ’ল৷ চ’তি, মাৰলি, ৰুৱা-কামি, বগলী, বহিখোৱা, চাল- এইবোৰ সাজি লওঁতে দুদিন যোৱাৰ পিছত আহিল ঘৰ চোৱাৰ পৰ্ব৷
ঘৰ চোৱাৰ দিনা বেণু-পাহিতাৰ লগতে সোণ জেঠাইৰ পুৱাৰে পৰা গাত
তৰণি নাই৷ বিধে বিধে কাম৷ চালৰ ওপৰত চাৰিটামান মানুহ৷ কাঁড়ী চোৱাত ওস্তাদ ফটিক, হাঁহিৰামৰ উপৰি দেৱেন আৰু
মঙলা৷ গুটিয়াই থোৱা খেৰৰ মুঠিবোৰ ওপৰলৈ দলিয়াবলৈ চাৰিটা বিপিন, জগত, যোগেন আৰু অকণমান৷ দঁতীয়া টঙাল তুলোৱাত অতুল
আৰু দিলীপ৷ কাঠি-কামি যা-যোগাৰ দিয়া, ইটো-সিটো লা-ধো কৰি নিজৰ হাজিৰাটো
দিছেহি আৰু দুটামানে৷ বেণু আৰু পাহিতাই হাতে-কামে বৰ বিশেষ একো কৰিব লগা হোৱা নাই৷
হোৱা নাই মানে সিহঁত এটাও কাম কৰিবৰ উপযুক্ত হৈ থকা নাই৷ বেণুৱে কাম কৰিব নোৱৰা হ’ল, পাহিতাও গা-ভাৰী৷ ৰাইজখনেই সকলো কৰিছে৷ ঘৰ চোৱা
ভোজটো অকল কাম কৰা মানুহকেইটাৰেই নহয়, ওচৰ-চুবুৰীয়া আটাইৰে বৰ হেঁপাহৰ৷ লংদৈ, চেনিমাই, তৰবৰীহঁতে শাক-পাচলি কুটাৰ
পৰা বাচন-বৰ্তন যোগাৰ কৰি চৰুৰ তলত জুই দিয়ালৈকে সকলো কাম কৰিছে৷ মাথোন ভোজলৈ বুলি গোটোৱা হাঁহ পাঁচোটা মাৰি কুটি-বাচি দিয়াৰ দায়িত্ব থাকিল বাঁহিয়াৰ ওপৰত আৰু কলপাত
কাটি অনাৰ ভাৰ প্ৰদীপৰ৷ চুৰট এটা হুপি হুপি সোণ জেঠায়ে ৰন্ধা-বঢ়াৰ তদাৰক
কৰিলে৷ জেঠপেহাকে ঘৰ চোৱা কেইজনক তামোল-পাণ, চাহ-গুৰৰ যোগান ধৰিলে৷
“হেৰ’ শোগে ধৰা, খেৰ মুঠি হাতত পৰাকৈ দলিয়াব
নোৱাৰ৷ বৰ মতা পুৰুষ ওলাইছ৷” - অকণমানে মুধচত বহি থকা দেৱেনলৈ খেৰ মুঠি দলিয়াব নোৱৰাত তাক
দেৱেনে ধিক দিছে৷
“ৰ, ৰ, ধৰ এইবাৰ৷ মুখলৈকে মাৰিছোঁ৷ ” - অকণমানে
জোৰেৰে দলিয়াই দিয়া মুঠিটো কৌশলেৰে ধৰি দেৱেনে চালৰ ওপৰত মেলি ধৰিলে৷
“আও, বিয়া নপতা আবিয়ৈটোক কোনে
চালৰ ওপৰলৈ তুলিলে? নাম নাম৷ ডাং বৰলাটো৷ ছোৱালী এজনী ভুলাব নোৱাৰিলি? কি ঘৰ চাবি?” - দৃশ্যপটত নতুনকৈ আগমন ঘটা ঘনই এইবাৰ মঙলাক জোকালে৷
“অ’ আমাৰ ঘনকাই৷ ভাল আহিলা৷ ৰ’বা, বেণুৰ ঘৰটো চাই তোমাৰ মূধচটো চাই দিম৷” মঙলাই ইতিমধ্যে মাজ তালুৰ
চুলি সৰি তপা হোৱা ঘনৰ মুখ মাৰিলে৷
বোপাৰাম বিষয়াই গৰুকেইটাক পানী খুৱাই থৈ আহোঁগৈ বুলি ওলোৱাৰ
লগে লগে ল’ৰাহঁতৰ
প্ৰিয় বস্তুবিধৰ যোগান দিলেহি পুহিৰামে৷ ঘৰৰ মূধত বহি চুৰট এটা হোপা মৰাৰ আমেজেই বেলেগ৷
ফটিক আৰু হাঁহিৰাম বাকীকেইটাতকৈ অলপ বয়সিয়াল যদিও, একেলগে এহোপা মৰাত কোনো বাধা নাই৷ তাতকৈ বয়সস্থসকলৰ সন্মুখতহে সন্মানৰ খাতিৰত সিহঁতে চুৰট নোহোপে৷
দিনটোৰ ভিতৰত চ’ৰা ঘৰ আৰু মাৰল ঘৰৰ চাল তিনি বেচাকৈ চাই হ’ল৷ পাকঘৰটো বাকী ৰ’ল৷ পানী বেছাৰ পৰা মূধচলৈকে
বেছ গদগদীয়াকৈ চোৱা হৈছে৷ ফটিকহঁতে নিখুঁত হাতেৰে কাঁড়ী ধৰি ঘৰটো দেখাত শুৱনি কৰি
তুলিলে৷ দিনটো খোৱা-বোৱা, হাঁহি-ফূৰ্তিৰ মাজেৰে বহুতখিনি কাম হ’ল৷ বেণুৱে ভাবিলে৷ পাকঘৰটোৰ কাম কাইলৈ কৰিম
বুলি ওপৰত থকাকেইটা তললৈ নামিল৷
তাৰ পাছৰ এটা সপ্তাহৰ ভিতৰত পাকঘৰটো চোৱাৰ পৰা কেউটা কোঠাৰ
বেৰা, দুৱাৰ-খিৰিকী
আদি লগোৱাৰ লগতে বেৰবিলাকত গৰু গোৱৰ আৰু মাটি মিহলাই প্ৰথম এমোচন দিয়া হ’ল৷ ভেটিটোত কুমতি, হাবুৰুকাৰ উৎপাতৰ পৰা ৰক্ষা
পাবলৈ প্ৰতিদিনে বগা আলতীয়া মাটিৰে মচা হ’ল৷ বকুল চাপৰিত ৰঙা আলতীয়া মাটি দৰৱত দিবলৈও
পাবলৈ নাই৷
মানুহখিনিৰ ওচৰত বেণুৰ কৃতজ্ঞতাৰ অন্ত নাই৷ ইয়াকে কয় ৰাইজ
বুলিলে ৰজা, জ্ঞাতি
বুলিলে গঙ্গা৷ জ্ঞাতিয়ে উদ্ধাৰিলেহে উদ্ধাৰ৷ সি বুজিলে সংসাৰত তাৰ নিজাকৈ একো
মূল্য নাই৷ ব্ৰহ্মপুত্ৰৰ বুকুল বিশাল জলধাৰাত এটা মাত্ৰ জলবিন্দু সি৷ অকলে একো
মূল্য নাই, অস্তিত্ব
নাই৷ সমূহীয়া অস্তিত্বৰে সিও বলীয়ান৷
ৰাতি পাহিতাই তাক সুধিলে, “নতুন ঘৰটো হ’লেই বুলিব পাৰি৷ কেতিয়াকৈ যাম বুলি ভাবিছা?”
“এৰা, ভাবিব লাগিব৷”
বৰ সহজ নহয়৷ এখন ঘৰ এৰি আনখন ঘৰলৈ যাবলৈ বৰ কষ্ট৷ মনটোত বৰ
যাতনা৷ ভোগদৈ পাৰক সি আজিও পাহৰিব পৰা নাই৷ ক’লাই মহাজনৰ ঘৰখনৰ পৰা সি পাহিতাৰ মোহত ওলাই
আহিল৷ বকুল চাপৰিত জেঠায়েকে সাবটি আশ্ৰয় দিয়াই নহয়, সিহঁতক নতুন গছপুলি ৰোৱাৰ দৰে গুজিলে৷ সেই
ঘৰখনৰ এটা কোঠা সিহঁতক তেৱেঁই দিছে৷ যোৱা ভাদৰ পৰা ফাগুনলৈ সাত মাহ এই কোঠাটোৰ এই বেৰ
দুখনে হিচাপ ৰাখিছে পাহিতা আৰু তাৰ প্ৰতিটো অন্তৰঙ্গ মুহূৰ্তৰ৷ এই ঘৰখন এৰি আঁতৰি
যোৱাটো বৰ সহজ কথা নহয়৷ দুয়োটা ঘৰ বাৰীয়ে বাৰীয়ে লগালগি হ’লেও, কমেও এশ গজ দূৰ৷ গা-ভাৰী পাহিতাক সেই ঘৰটোলৈ নিয়া উচিত হ’বনে? অকলশৰীয়া গৰ্ভৱতী মানুহজনীয়ে পাৰিবনে? ঘৰ-দেউতি তাইৰ সৈতে সুজিবনে? সন্তান জন্মাৰ পিছত কণমানি
কেঁচুৱাটোক লৈ মাইকী মানুহজনীয়ে অকলে পাৰিবনে? সি কামে-বনে বাহিৰে বাহিৰেই থাকিব লাগিব৷
মানুহ লাগে৷ এনেকুৱাতে মিতিৰ-কুটুম্ব, বংশ-পৰিয়াল লাগে৷ এজনী মানুহ
পাহিতাৰ লগত থাকিবলৈ ক’ত পাব সি? কোন আহিব? বহু চিন্তা কৰিও সি উত্তৰ উলিয়াব নোৱাৰে৷
(আগলৈ)