সকলোৰে বাবে এখনেই নিমন্ত্ৰণী পত্ৰ
কাৰো হাতত নাছিল স্বাগতৰ বাবে
সুদীৰ্ঘ দিন টুলুঙা নাৱত চিপ্চিপাই পানী খেলি
আহি আছিল শোকযাত্ৰী
কোলাহল সামৰি শূন্যতাৰ পুৰণি পোছাক বিচাৰি
হামখুৰি খাই পৰিছিল কাতৰ নদীত
সপোনৰ তীৰখেলত সকলো ধৰাশায়ী
তৰাবোৰক সুহুৰিয়াই জগাবলৈ কেও নাছিল ক’তো
চুই গৈছিল প্ৰতিটো কফিনৰ ঢাকনি
পানীৰ দাপোণত নিজৰ খহি পৰা মুখ চাই
মানুহবোৰ দৌৰিছিল পিছলৈ
সহস্ৰ তৰোৱাল
অঙ্গক্ষত হৈছিল সকলো ...
আওপুৰণি জোন
পূৰ্ণজন্মৰ বাবে আতুৰ...!