গীত বৈভৱী
(১)
শেঁতা ঢেলা ৰুক্ষ ৰুগ্ন মলিয়ন
এই ভ্ৰমৰ চহৰ
বিৰাগ ভ্ৰমণ প্ৰাণৰ গহণত
ভাৰ্জিনিয়াই কয়
এটা ভ্ৰমৰ পৰা আন এটা ভ্ৰমলৈ মৰা
জাঁপটোতে পৰিপক্কতা
এতিয়া
ৰাতিটো গলে আৰু নৈঃশব্দ্ত সেই এটা মাত
কত যুগৰ আগতে শুনা
ভাব হয় ভ্ৰম সেই প্ৰাচীন সৰল সত্য
যি আৰম্ভ হৈছিল মৰাৰ আৰু জী উঠাৰো কত দিনৰ আগতেই
যাতনাৰ এই অনিন্দ্য প্ৰান্তৰ
হিয়াতে থাকক
পৰিপক্কতা ?
সিটো সকলো সুখ আৰু স্থূলতাৰ স্তাৱক
(২)
যেন কত যুগৰ পাছত
স্থানু হোৱা ভৰিৰেই এটা খোজ দিলোঁ
ভাবিলোঁ এই বাট জীৱনলৈ
ক’ত এটা সুৰত ডুবিলোঁ
নদীৰ কথাৰে হৃদয় ভৰালোঁ
ভাবিলোঁ ফিনিক্সৰ এই জীৱন এইবাৰ জীম
থামি নোযোৱালৈকে গতিয়েই জীৱন
আৰু পাহৰিলোঁ চিলভিয়াৰ
Dying is an art
এটা গিৰিখাদৰ তলৰ ডাৱৰক
পাতল ভৰিৰ পতাৰে চুই চোৱাৰ হেঁপাহক
বুকুৰ বান্ধ খুলি এৰি দিলোঁ
নিদ্ৰা আৰু তন্দ্ৰা মতা বড়িবোৰক ক’লোঁ
তোমালোক কেৱল টোপনিৰ বাবে
তাতকৈ বেছি আশা নকৰিবা
চোকা এটি ধাতুৰ পাত ডাষ্টবিনত পেলালোঁ
শুনাৰ কথা আছিল যি গান
শেষ ক্ষণত সাধাৰণভাৱে তাকে গুণগুণাই গা ধুলোঁ
আৰু ভাবিলোঁ কথাবোৰ সহজ
কেৱল বুকুৰ ভিতৰৰ মাত এটা লাগে
আত্মপ্ৰেম নাথাকিলেও
আত্মগ্লানি কাটিব পৰাকৈ
ভালপোৱাৰ চুৰী এখন লাগে
যেন পালোঁ
যেন নতুনকৈ চিনি পালোঁ
আৰু হঠাৎ বহু দূৰৰ এক ভ্ৰমৰ দুনিয়াত
এছটি বিৰাণ হাৱা
ঔদাস্যৰ প্ৰাচীন কথকতা
এপাহ ধুনীয়া ফুলৰ বুকুত দুটা ক’লা
পোক
গুলপীয়া কুটি কুটি
সেই পোক দুটা এতিয়া মোৰ চেতনাত
জীয়াৰ বাসনাত দুটি চলন্ত দাগ
(৩)
চেগুনৰ পাতত
জোনৰ পোহৰে পেলোৱা এটি ছাঁ
যেন
পাহৰণিৰ ( অথবা সোঁৱৰণিৰ )
বিমৰ্ষ কথকতা
এই পাহৰণিৰ জীৱন আছিল নে
নে সকলো আছিল
নঅঁকা ছবি
কোনেও কাহানিও নোকোৱা এটা গল্প
নোগোৱা এটা গান
ভ্ৰমৰ দৰে সেই ছাঁ
আঙুলিৰে তুলি হাতত ল’লোঁ
আন্ধাৰ শেতেলিত থ’লোঁ
বুকুলৈ বগাই আহে গা ভাৰী মেঘৰ
নিঃশব্দ গাজনি এটা
লয় হয়
ভ্ৰম ভ্ৰম এই জীৱন বিলাস ( নে মৃত্যু)
নিজৰ স’তে পতা কথা
নিজৰ স’তে পতা কথা
যিবোৰ কাৰোবালৈ
গোপনত সাঁচি ৰখা হয়
কোনেও কাহানিও নুশুনিব--এই কথা জানিও
(৪)
হঠাৎ
খিৰিকিৰ এচমকা আন্ধাৰত
দুটা জোনাকী
উমি উমি
উমি উমি
দৰক লাগিছোঁ
ভাবি আছোঁ
এয়া
ভ্ৰম
সোঁৱৰণী
নে হঠাৎ এচমকা অপাপ ল’ৰালি
(৫)
জীৱনৰ এধানি ভগ্নাংশৰে
অত ভ্ৰমৰ আয়োজন
ভ্ৰমতে দেখা সপোনৰো সপোনত
আৰু এটুকুৰা ভ্ৰম
দীঘল আঙুলিৰে যি কলিজা আঁকুহি নিয়ে
পদপথত শ হৈ জীৱন পৰি থাকে
শ্মশানৰ চিতাত তেজৰ কণাত
মৃতকৰ হুমুনিয়াহ
শৰীৰ দাহ্য
সপোন ?
আৰু সত্যক অস্বীকাৰ কৰি
বাঢ়ি বাঢ়ি আকাশ চোৱা
ভ্ৰমৰ তেজ-মঙহৰ শৰীৰ
কি অগ্নিত পোৰে !
যদিহে মৃত্যুও হয়
এক বিশালকায় ভ্ৰম
জীৱনৰ দৰে
এই সময়ো
কি বিচাৰিম কি বিচাৰিম স্বপ্নৰ চিতাৰ পৰা
এই ভ্ৰমৰ শৰীৰ তুলি
সকলো আছে
আঙুলিৰ কথকতা
বিয়লিৰ বেলিমাৰ
ভাগৰ
অনিদ্ৰা
আত্মীয়
যি বিচাৰি বিচাৰি এক ভ্ৰমৰ জীৱন জীলোঁ
সেয়াওতো ভ্ৰম যেন লগা এক সত্যই আছিল
(৬)
নবজা বাঁহী এটাৰ সুৰে ৰাতি ৰাতি
গছজোপাৰ শিপা খান্দে
ভ্ৰমৰ গছ
মায়াৰ গছ
সনাতন গৰ্বী অথচ নিঃসংগ
শিপাৰ তলত শিল
তাৰো তলত নদী খৰস্ৰোতা
নবজা বাঁহীৰ সুৰ এটাৰনো শকতি কিমান
ফোঁপাই জোপাই ভ্ৰমৰ তলতে বহে
আৰু সেই ওঁঠযুৰিৰ কথা ভাবে
যি বাঁহীটো বজাব খুজিছিল
আকাশৰ উলম্ব
নীলা তৰা এটা আপোনমনে জ্বলে
আৰু ভাবে
ধৰাৰ অত অসুখ
অত মৃত্যু
অত অনিশ্চয়তাৰ পাছতো
এতিয়াও কোনোবাই বাঁহীত ফুঁ দিব খোজে !
সুৰটোৱে এৰাতি নীলা তৰাটোক সোধে :
তুমিও কি ভ্ৰমেৰে গঢ়া তিৰবিৰ তৰা
সৰিব খুজিও মই ৰৈ যাওঁ
ভ্ৰমৰ এটা পাত
সুন্দৰ বিচিত্ৰ অক্ষয় অব্যয় সকলো অস্তিত্বই
এক ভ্ৰমৰ অৱয়ব, মোক এই কথা
সময়ে বুজাই গ’ল
কোন কাহানিবাই
এই কথা কৈ এটা সুৰ,
এটা তৰাৰ কি ভ্ৰম ভাঙিব পাৰি
মই মৌনতাক খামুচি ধৰি ঠানিটোত ওলমি ৰওঁ
সৰিবলৈ মোক এজাক বতাহ-বিভ্ৰমৰ প্ৰয়োজন।
(৭)
অকস্মাৎ এখন ভ্ৰমৰ চহৰ ভস্ম হয়
অকস্মাৎ বৰনৈৰ বঁকিয়াত বিয়লি এটা হালি পৰে
অকস্মাৎ স্মৃতিময় কাতৰ কথাবোৰ মাটিচাকিৰ পোহৰত উজলি উঠে
আৰু প্ৰাৰ্থনা হয়
অকস্মাৎ মানুহ মৃতক হয়
মৃতক বায়ু পানী মাটি
অকস্মাৎ সোঁৱৰণি ভ্ৰম হয় । এটা অনন্ত যেন লগা
শোকৰ উৎসৱ উঁইহাফলু হৈ খহি থাকে
অকস্মাৎ
অকস্মাৎ
তই মোৰ স্মৃতিৰ চহৰত
ভ্ৰমৰ দৰে
মৃত্যুৰ দৰে
শোকৰ দৰে
এক অনন্ত কথকতা