ড° পদ্মপাণি
একো একোজন বিদ্বান, আদৰ্শৱান শিক্ষকে
আমাৰ জীৱনত অতি গভীৰভাৱে প্ৰভাৱ পেলাই থৈ যায়৷ এনেসকল শিক্ষকৰ জীৱনৰ ব্ৰত হ’ল— ছাত্ৰসকলক
প্ৰকৃত শিক্ষাৰে শিক্ষিত কৰি তোলা, যাতে ভৱিষ্যতে তেওঁলোক প্ৰতিজন সুনাগৰিক হৈ সমাজ, জাতি তথা সমগ্ৰ দেশখনৰে
উন্নতি সাধিবগৈ পাৰে৷
যি জাতিয়ে এনে শিক্ষকসকলৰ প্ৰতি শ্ৰদ্ধা
জনাব নাজানে, তেওঁলোকৰ ত্যাগ আৰু মহৎ কৃতি-কৰ্ম সোঁৱৰণ কৰিব নোখোজে, সেই জাতিয়ে কেতিয়াও
নিজকে এটা সভ্য জাতি বুলি চিনাকি দিব নোৱাৰে৷
কথাখিনি মনলৈ আহিছে যোৱা বছৰ আগষ্ট
মাহত আমাৰ মাজৰ পৰা আঁতৰি যোৱা বিশিষ্ট পদাৰ্থবিজ্ঞানী তথা আদৰ্শৱান শিক্ষাগুৰু ড° ভূমিধৰ চৌধুৰী ছাৰৰ কথা মনত পৰি৷ শ্ৰদ্ধেয় চৌধুৰী ছাৰে অসমত বিজ্ঞান শিক্ষাৰ
ক্ষেত্ৰত, বিশেষকৈ পদাৰ্থ বিজ্ঞান শিক্ষাৰ ক্ষেত্ৰত এক অতি শক্তিশালী পৰম্পৰা গঢ়ি থৈ গৈছে৷
তদুপৰি, ছাত্ৰসকলৰ মনত বিজ্ঞানমনষ্কতা গঢ়ি তোলাৰ ক্ষেত্ৰতো ছাৰে অতি গুৰুত্বপূৰ্ণ ভূমিকা
পালন কৰি গৈছে৷ ছাৰ আছিল ড° হিৰণ্য চন্দ্ৰ ভূঞা, অধ্যাপক ফণীধৰ দত্ত
আদিৰ দৰে মহান শিক্ষাগুৰুসকলৰ আদৰ্শৱান ছাত্ৰ৷ সেয়েহে ছাৰ নিজেও হৈ উঠিছিল এজন আদৰ্শ
শিক্ষাগুৰু আৰু জন্ম দিছিল অধ্যাপক হৰেকৃষ্ণ গায়ন, ড° কুলেন্দু পাঠক, ড° অমৰেন্দ্ৰ তালুকদাৰ, ড° ইন্দুমোহন দাস, ড° পৰমানন্দ মহন্ত
আদিৰ দৰে অন্য এচাম আদৰ্শৱান শিক্ষকৰ৷ এনেসকল শিক্ষকৰ সান্নিধ্যলৈ আহিয়েই ড° জিতেন্দ্ৰনাথ গোস্বামী, ড° ভূপেন্দ্ৰনাথ গোস্বামী, ড° সৰ্বেশ্বৰ বুজৰবৰুৱা, ড° প্ৰশান্ত গোস্বামীৰ
দৰে ছাত্ৰই পৰৱৰ্তী জীৱনত খ্যাতিসম্পন্ন বিজ্ঞানী হ’বগৈ পাৰিছিল৷
জ্ঞানৰ গভীৰতা আৰু সাৱলীলতাই ছাৰৰ
বক্তৃতাসমূহ অতি আকৰ্ষণীয় কৰি তুলিছিল আৰু ছাত্ৰসকলক সন্মোহিত কৰি ৰাখিছিল৷ ছাত্ৰসকলৰ
মনস্তত্ত্ব বুজিবলৈ তেখেতে কেনে ধৰণৰ চেষ্টা কৰিছিল, তাৰ এটা উদাহৰণ দাঙি ধৰিব খুজিছোঁ—
কটন কলেজত অধ্যাপক হিচাপে যোগদান কৰি প্ৰাৰম্ভিক
সময়খিনিত তেখেতে বৰ খৰকৈ বুজাইছিল৷ ফলত ছাত্ৰসকলৰ বুজাত অত্যন্ত অসুবিধা হৈছিল৷ অথচ ছাত্ৰসকলে
মুখ খুলি একো ক’বও নোৱাৰিছিল৷ উপায় নাপাই তেওঁলোকে ছাৰৰ ক্লাছ্ আৰম্ভ হোৱাৰ ঠিক আগে
আগে ব’ৰ্ডত লিখি থ’বলৈ লৈছিল— ‘Royal Mail’৷ ছাৰে ইয়াৰ
অৰ্থ বুজিব পাৰি শ্ৰেণীকোঠাত বুজাওঁতে অধিক সচেতন হৈছিল আৰু ছাত্ৰসকলে বুজিব পৰাকৈ
লাহে লাহে বুজাবলৈ লৈছিল৷ ছাত্ৰৰ প্ৰতি এনে সহৃদয়তাৰ উদাহৰণ বিৰল৷ শ্ৰেণীকোঠাৰ বাহিৰতো
শ্ৰদ্ধেয় চৌধুৰী ছাৰে ছাত্ৰসকলক চেনেহ কৰিছিল৷ মই পঞ্চাছ বছৰ আগতে ছাৰৰ ছাত্ৰ আছিলোঁ৷ কিন্তু যেতিয়াই
ছাৰৰ ওচৰলৈ গৈছিলোঁ, পাইছিলোঁ একেই মৰম-চেনেহ, আশীৰ্বাদ৷ আজিৰ চাম শিক্ষক-ছাত্ৰৰ বাবে এয়া হয়তো কল্পনাৰো
অগোচৰ৷
চৌধুৰী ছাৰে প্ৰথমে কটন কলেজত (১৯৪৬—১৯৫২)
অধ্যাপনা আৰম্ভ কৰি গৱেষণা কৰাৰ উদ্দেশ্যৰে ইংলেণ্ডৰ মানচেষ্টাৰ বিশ্ববিদ্যালয়ত যোগদান
কৰে (১৯৫৩—১৯৫৫) আৰু ঘূৰি আহি দুবছৰ আকৌ কটন কলেজত অধ্যাপনা কৰি গুৱাহাটী বিশ্ববিদ্যালয়ত
যোগদান কৰে৷ গুৱাহাটী বিশ্ববিদ্যালয়ত নতুনকৈ প্ৰতিষ্ঠা হোৱা পদাৰ্থ বিজ্ঞান বিভাগত
যোগদান কৰিয়েই চৌধুৰী ছাৰে বিভাগটো অত্যাধুনিক কৰি গঢ়ি তুলিবলৈ উঠি-পৰি লাগিছিল যাতে
উন্নত শিক্ষা বা গৱেষণাৰ বাবে অসমৰ ছাত্ৰ-ছাত্ৰী বাহিৰলৈ যাবলগীয়া নহয়৷ ‘অপ্টিকেল ডিফ্ৰেক্ট’মিটাৰ’-ৰ দৰে অত্যাধুনিক
যন্ত্ৰ-পাতিৰে বিভাগটো সজাই-পৰাই তুলিছিল৷ এই ক্ষেত্ৰত, বিশেষকৈ বিশ্ববিদ্যালয়ৰ বিত্তীয় অনুদান
পোৱাৰ ক্ষেত্ৰত ড° ভূমিধৰ চৌধুৰীদেৱক বিশেষ সহায় কৰিছিল
এসময়ৰ তেখেতৰেই প্ৰিয় শিক্ষাগুৰু আৰু বিশ্ববিদ্যালয়ৰ তদানীন্তন উপাচাৰ্য ড° হিৰণ্য চন্দ্ৰ ভূঞাদেৱে৷ গৱেষণাৰ বাবে এনে আন্তঃগাঁথনি (infrastructure) আৰু
এক্স-ৰে’—ক্ৰিষ্টেল’গ্ৰাফিৰ বিশেষ গৱেষণাৰ স্বীকৃতিস্বৰূপে ‘প্ৰফেছৰ এমেৰিটাছ’ (১৯৮৯) প্ৰদান কৰি
গুৱাহাটী বিশ্ববিদ্যালয়ে এইজনা বিজ্ঞানী আৰু শিক্ষাগুৰুক সন্মান যাচিছিল৷
চৌধুৰী ছাৰৰ অন্য এক কৃতি হ’ল অসমত
কম্প্যুটাৰ শিক্ষাৰ প্ৰচলন৷ গুৱাহাটী বিশ্ববিদ্যালয়ৰ পদাৰ্থ বিজ্ঞান বিভাগৰ মুৰব্বী
হৈ থাকোঁতে সেই সত্তৰৰ দশকতেই, যেতিয়া ভাৰতৰ বহু ঠাইত মানুহে কম্প্যুটাৰৰ বিষয়ে একো নাজানিছিল, ছাত্ৰসকলক কম্প্যুটাৰৰ প্ৰতি আকৰ্ষিত
কৰিবলৈ ECIL TDC-316 কম্প্যুটাৰটো স্থাপন কৰিছিল, শিক্ষাদানত সুবিধা হোৱাকৈ CCTV নেটৱৰ্কৰ
যোগেদি বিভাগটোৰ পৰীক্ষাগাৰ, শ্ৰেণীকোঠা আদি সংযুক্ত কৰিছিল৷ ছাৰৰ এনে দূৰদৰ্শিতাৰ বাবেই
ছাৰৰ সেই সময়ৰ এজন প্ৰিয় ছাত্ৰ দীপক গোস্বামী
পাছলৈ ৰাষ্ট্ৰীয় তথ্য-বিজ্ঞান কেন্দ্ৰৰ উপসঞ্চালক প্ৰধান হ’বগৈ পাৰিছিল৷
চৌধুৰী ছাৰে ১৯৮২ চনত বিশ্ববিদ্যালয়ৰ
বিজ্ঞানগুৰু হিচাপে অৱসৰ গ্ৰহণ কৰাৰ পাছতো অসমৰ শৈক্ষিক তথা গৱেষণা জগতলৈ বিৰল অৱদান
আগ বঢ়াই গৈছিল৷ অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদ (AHSEC)-ৰ অধ্যক্ষ পদত অধিষ্ঠিত হৈ
থাকোঁতে তেখেতে অসমৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়সমূহত কম্প্যুটাৰ বিজ্ঞান বিষয়টো এটা ঐচ্ছিক বিষয়
হিচাপে প্ৰৱৰ্তন কৰিবলৈ সক্ষম হৈছিল৷ তদুপৰি, তেখেতৰ এসময়ৰ প্ৰিয় ছাত্ৰ শ্ৰী দুৰ্লভচন্দ্ৰ
মহন্ত আৰু ড° কুলেন্দু পাঠক আদিৰ লগ লাগি পৰিৱেশ
সম্পৰ্কীয় অসমৰ প্ৰথমখন গৱেষণামূলক পত্ৰিকা Journal of the Environmental Science প্ৰকাশ কৰিছিল৷
আমি বহুতে হয়তো নাজানো যে এই বিৰল প্ৰতিভাৰ অসমীয়া বিজ্ঞানীজনক ন’বেল বঁটা কমিটিয়েও
ন’বেল বঁটাৰ বাবে উপযুক্ত বিজ্ঞানীৰ নাম মনোনয়ন কৰিবলৈ অনুৰোধ জনাইছিল৷
শৈক্ষিক আৰু গৱেষণাৰ দিশৰ কথা বাদ
দিও ছাৰ আছিল
এজন সুগায়ক আৰু ভাল খেলুৱৈ৷ ছাত্ৰাৱস্থাত সংগীতৰ প্ৰতি ছাৰৰ গভীৰ ৰাপ আছিল৷ ক’লকাতাত
স্নাতকোত্তৰ পঢ়ি থাকোঁতে বিভিন্ন অনুষ্ঠানত তেখেতে গীত পৰিৱেশন কৰিছিল৷ আনকি ক’লকাতাৰ আকাশবাণী
কেন্দ্ৰয়ো তেখেতক গীত পৰিৱেশন কৰিবলৈ আমন্ত্ৰণ জনাইছিল৷ চৌধুৰী ছাৰৰ সংগীতলৈ থকা ৰাপ
তেওঁৰ পিতৃয়ে ভাল পোৱা নাছিল৷ সেয়েহে তেখেতে সংগীতচৰ্চা বাদ দিছিল যদিও জীৱনৰ বিয়লি
বেলিকা, বিশেষকৈ অৰুণমণি বাইদেউৰ বিয়োগৰ পাছত, ঘনিষ্ঠ দুই-এজনৰ আগত সেই সময়ত গোৱা
গীতৰ দুই-এটা কলি গাই শুনাইছিল৷ সেইদৰে কটন কলেজত চাকৰি কৰা সময়ত ছাৰ কটন কলেজৰ ক্ৰিকেট টীমৰ ভাৰপ্ৰাপ্ত
শিক্ষক আছিল আৰু তেখেতৰ শিক্ষাগুৰু/সহকৰ্মী ড° হিৰণ্য চন্দ্ৰ ভূঞা, অধ্যাপক ফণীধৰ দত্তৰ লগত নিয়মীয়াভাৱে লন্ টেনিছ্ খেলিছিল৷
ব্যক্তিগত জীৱনতো ছাৰ অতি সুখী ব্যক্তি
আছিল৷ স্বামী-স্ত্ৰী দুয়ো শিক্ষা আৰু গৱেষণাৰ লগত অহৰ্নিশে ব্যস্ত থাকিও তেওঁলোক অত্যন্ত সুখী দম্পতী আছিল৷
আৰু কেইদিনমানৰ পাছতে সমগ্ৰ দেশজুৰি
পালন হ’বলগীয়া শিক্ষক দিৱসৰ প্ৰাক্ক্ষণত এই বিশিষ্ট পদাৰ্থবিজ্ঞানী আৰু মহান শিক্ষাগুৰুজনালৈ মোৰ
অন্তৰৰ গভীৰ শ্ৰদ্ধা নিৱেদিছোঁ৷