ৰিপুঞ্জয় বৰদলৈ
জগতত ঘটা বিভিন্ন আলৌকিক ঘটনাৰ বৈজ্ঞানিক
বিশ্লেষণৰ বাবে ‘অন্যযুগ’-ৰ পাতত
এটা নতুন বিষয়ৰ আৰম্ভণি— অলৌকিক ঘটনাৰ আঁৰৰ বিজ্ঞান।
পাতনিৰ কিছু কথা
“Scientific Temper is a way of life - an
individual and social process of thinking and acting- which uses a scientific
method, which may include questioning, observing physical reality, testing,
hypothesizing, analyzing, and communicating. Scientific temper describes an
attitude which involves the application of logic. Discussion, argument and analysis
are vital parts of scientific temper. Elements of fairness, equality and
democracy are built into it.” - Jawaharlal Nehru, ১৯৪৬
স্বাধীন ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰী হিচাপে
দায়িত্বভাৰ লোৱাৰ আগতেই ১৯৪৬ চনত পণ্ডিত জৱাহৰলাল নেহৰুৱে বৈজ্ঞানিক মানসিকতাৰ সম্পৰ্কত দিয়া ভাষণত উপৰোক্ত
কথাষাৰ কৈছিল৷ জৱাহৰলাল নেহৰুৰ এই ভাষণৰ ওপৰত গুৰুত্ব দিয়েই ১৯৭৬ চনত ভাৰতীয়
সংবিধানৰ ৪২ তম সংশোধনীত ‘বৈজ্ঞানিক মানসিকতা, অনুসন্ধানৰ ইচ্ছা আৰু মানৱতাবোধৰ বিকাশ ঘটোৱা’ বিষয়টো এঘাৰটা মৌলিক
কৰ্তব্যৰ অন্তৰ্ভুক্ত কৰা হয়। নেহৰুৰ মতে, বৈজ্ঞানিক মানসিকতাক জীৱনৰ এক গতিপথ বুলিব
পাৰি৷ ব্যক্তিগত আৰু সামাজিক চিন্তা-ভাবনা, কৰ্মৰাজি আদি তেতিয়াহে
বৈজ্ঞানিক মানসিকতাসম্পন্ন বুলি ক’ব পৰা যাব, যেতিয়া বিষয়বস্তুৰ সম্পৰ্কে থকা সকলো প্ৰশ্নৰ উত্তৰ পোৱা যাব। ৰহস্যজনক
প্ৰাকৃতিক ঘটনাবোৰক লৈ মানুহৰ মনত ওপজা সন্দেহ আঁতৰ কৰিবলৈ
বৈজ্ঞানিক পদ্ধতি যেনে বিশ্লেষণ, ধাৰণা, বাস্তৱিকতা আদিয়ে সেউজ সংকেত প্ৰেৰণ কৰে৷
কোনোবা এজন বা এশজন মানুহে ক’লে
বুলিয়েই আমি বিষয়টো নিজৰ জীৱনত চকু মুদি ব্যৱহাৰ কৰিম বা মানি চলিম সেইটো হ’ব অবৈজ্ঞানিক মানসিকতা৷
দেহত
জুই নলগা বাবাজী
ঘটনাৰ উৎস: দক্ষিণ ভাৰতৰ এটা বিখ্যাত মন্দিৰ। তাৰে এজন
বাবাজীৰ ভিডিঅ’ এটা
ৱাট্ছএপত দেখিলোঁ৷ ভিডিঅ’টোত দেখুৱাইছে বাবাজীগৰাকীয়ে
নিজৰ ঐশ্বৰিক শক্তিৰ বলত জুইৰ ওপৰত শুই দিয়াৰ পাছতো তেওঁৰ দেহত জুই লগা নাই৷ এই
ঐশ্বৰিক শক্তি তুমিও দেখুৱাব পাৰিবা। অৱশ্যে তাৰ কাৰণে তোমাক তলত দিয়া বস্তুকেইপদ
লাগিব৷
প্ৰয়োজনীয় সামগ্ৰী: এটা মানুহৰ আকৃতিৰ ৰবৰ বা প্লাষ্টিকৰ পুতলা, ৰাগ বা ডাঠ কাপোৰৰ সৰু
টুকুৰা দুডোখৰ, ষ্টপৱাচ্চ্ এটা, খৰিৰে জুই জ্বলোৱা চৌকা এটা৷
কি কৰিবা?
পুতলাটোৰ দেহৰ পৰা সকলো কাপোৰ খুলি কাষলতিৰ তলৰ
পৰা আঁঠুলৈকে ডাঠ কাপোৰৰ ভালকৈ তিনি-চাৰি পাক মেৰিয়াই দিয়া৷ এতিয়া পুতলাটো জ্বলি
থকা জুইৰ ওপৰত এনেদৰে ৰাখা যাতে জুই পুতলাটোৰ পেট আৰু পিঠি অংশতহে পৰে৷ ঘড়ী বা
ষ্টপৱাচ্চত সময় চোৱা, পুতলাটো কিমান সময়লৈকে
নজ্বলাকৈ থাকিল৷ তুমি লাভ কৰা তথ্যই তোমাৰ লগতে সকলোকে আচৰিত কৰিব৷
কাৰণ ব্যাখ্যা:
ভিডিঅ’টোত সন্ত বা বাবাগৰাকীয়ে ৰঙা ৰঙৰ ডাঠ ৰাগ (ব্লেংকেট) এখনৰে নিজৰ দেহাটো বহু পাক
মেৰিয়াই জুইৰ ওপৰত একতীয়াহৈ শুই পৰিছে৷ তেওঁৰ কাপোৰেৰে মেৰিয়াই নৰখা ঠাইত কিন্তু জুই লাগিব
নোৱৰাকৈ চৌকাটো সাজি লোৱা হৈছে৷ এনেদৰে দুই মিনিটমান জ্বলন্ত
জুইৰ ওপৰত থকাৰ পাছত তেওঁ থিয় হওঁতে দেখিলোঁ তেওঁৰ পিঠিৰ ফালে থকা ৰাগখনৰ অকণমান অংশ জুয়ে পুৰিছে
কিন্তু তলৰ অংশবোৰত জুই লগা নাই৷ পুতলাৰ ক্ষেত্ৰতো একেই ঘটে৷
মানুহৰ দেহৰ জ্বলন উষ্ণতা আৰু প্লাষ্টিকৰ জ্বলন
উষ্ণতা কম বাবে জুয়ে তৎক্ষণাত পুৰিব৷ কিন্তু ৰাগখন মেৰিয়াই লোৱাৰ লগে লগে জ্বলন
উষ্ণতা মানৱ দেহৰ সলনি ডাঠ ৰাগৰ ওপৰত নিৰ্ভৰশীল হৈ পৰিল৷ উদাহৰণস্বৰূপে, কাগজৰ গিলাচত চাহ বনাই খাব পাৰি৷
তদুপৰি ৰাগখন কেইবাপাকো
মেৰিয়াই লোৱাৰ ফলত তৰপসমূহৰ মাজত সৃষ্টি হোৱা খালী ঠাইবোৰ তাপৰ কুপৰিবাহী৷
উদাহৰণস্বৰূপে, ঠাণ্ডা
দিনত এখন ডাঠ ব্লেংকেটতকৈ দুখন পাতল ব্লেংকেট মেৰিয়াই ল’লে বেছি গৰম লগাৰ লেখীয়া ঘটনা৷
সাৱধান— পুতলাৰ বাহিৰে নিজে কৰি নাচাবা৷
গজালে ফুটাব নোৱৰা বেলুন
প্ৰয়োজনীয় সামগ্ৰী: গজালৰ এখন পিৰা, ফুলোৱা বেলুন দুটা, এটা গজাল৷
কি কৰিবা?
বেলুন এটা ফুলাই লোৱা৷ হাতত থকা নতুন গজালৰ
জোঙা অংশৰে বেলুনৰ ওপৰত হেঁচা দিয়া৷ লগে লগে বেলুনটো ধপ্কৈ শব্দ কৰি ফুটি যাব৷
এতিয়া যাদুৰ লাঠিডাল লৈ তুমি নিজে বনোৱা গজালৰ পিৰাখনত মন্ত্ৰপূত পানী ঢালি সকলোৰে সন্মুখত ৰাখিবা৷ ফুলাই থোৱা আনটো বেলুন লৈ গজালৰ ওপৰত ৰাখি লাহেকৈ হেঁচি ধৰা৷
দেখিবা ইমানকেইটা গজালৰ জোঙা মূৰত বেলুনটো হেঁচা খাই থকা সত্ত্বেও ফুটা নাই৷ এই দৃশ্যই সকলোকে আচৰিত কৰি তুলিব৷
কাৰণ ব্যাখ্যা:
পদাৰ্থ বিজ্ঞানৰ চাপৰ সূত্ৰই এই মেজিকৰ মূল
কাৰণ৷ আমি জানো যে বল বাঢ়িলে চাপ বৃদ্ধি পায়; কিন্তু বল প্ৰয়োগ কৰা অংশৰ পৃষ্ঠকালি
বাঢ়িলে চাপ হ্ৰাস হয়৷ এটা গজালৰ জোঙা অংশই বেলুনৰ এক নিৰ্দিষ্ট অংশত (অতি কম পৃষ্ঠকালি) বল প্ৰয়োগ কৰাৰ ফলত বেলুনটো হঠাতে
ফুটি যায়৷ কিন্তু গজালৰ পিৰাখনত ওপৰৰ পৰা দিয়া হেঁচা কেইবাটাও গজালৰ জোঙা অংশত পৰা
বাবে ইয়াৰ পৃষ্ঠকালি বাঢ়ি যায় আৰু লগে লগে চাপ হ্ৰাস পায়৷ অৰ্থাৎ আগতে যি হেঁচাত
বেলুনটো ফুটিছিল গজালৰ পিৰাত সেই হেঁচাত বেলুনটো ফুটাব নোৱাৰি দৰ্শকৰ সন্মুখত এক অলৌকিক কাণ্ড হিচাপে দেখা দিয়ে৷ তোমালোকে এইটো মেজিক দেখুওৱাৰ আগতে
নিজে কেইবাবাৰো অনুশীলন কৰি চাবা৷ কিমানলৈকে হেঁচা দিলে বেলুনটো নুফুটিব সেইটো
তোমাৰ অভ্যাসৰ ওপৰতে নিৰ্ভৰ কৰিব৷
নাৰিকলৰ পৰা ওলাল তেজ!
প্ৰয়োজনীয় সামগ্ৰী: বাকলি নথকা নাৰিকল দুটা, পটেছিয়াম পাৰমাংগানেট৷
কি কৰিবা?
দৰ্শকক নাৰিকল দুটা চুই চাবলৈ দিবা৷ তাৰ পাছত
বাকলি গুচোৱা নাৰিকল দুটা লৈ সকলোৰে আগত মন্ত্ৰ মাতিবা৷ এতিয়া ৰাইজৰ মাজৰ পৰা
দুগৰাকী মহিলা মাতি তেওঁলোকক হাতত নাৰিকল দুটা ল’বলৈ ক’বা৷
নাৰিকল দুটা লৈ থকা অৱস্থাত তুমি ডাঙৰ ডাঙৰকৈ মহিলা দুগৰাকীৰ গাত কমণ্ডলুৰ পৰা বেল
পাতৰে পানী ছটিয়াই মন্ত্ৰ মাতিবা৷ এতিয়া নাৰিকল দুটা সকলোৰে সন্মুখত ভাঙিবলৈ দিয়া৷ সকলোকে
আচৰিত কৰি এটা নাৰিকলৰ পৰা তেজ ওলাব৷ লগে লগে যিগৰাকী মহিলাই সেই নাৰিকল ভাঙিছিল, তেওঁৰ গাত প্ৰেতাত্মা আছে বুলি ৰাইজে দোষাৰোপ কৰিব৷ সেই সময়তে ৰাইজে
মহিলাগৰাকীক ডাইনী বুলি সন্দেহ কৰি কিবা অঘটন ঘটোৱাৰ আগতে তুমি সমস্ত ঘটনাৰ
ব্যাখ্যা আগ বঢ়াই সকলোৰে চকু মুকলি কৰিবা৷
কাৰণ ব্যাখ্যা:
বজাৰৰ পৰা বাকলি গুচোৱা দুটা নাৰিকল
আনিবা৷ ফাৰ্মাচীৰ পৰা বেজী দিবলৈ ব্যৱহাৰ কৰা ছিৰিঞ্জ এটা আনি পটেছিয়াম পাৰমাংগানেটৰ দ্ৰৱ
নাৰিকলৰ চকুৰ কোমল অংশইদি ভিতৰত সুমুৱাই দিবা৷ পটেছিয়াম পাৰমাংগানেটৰ ৰঙা দ্ৰৱই
নাৰিকলৰ পানী তেজাল ৰঙা কৰি তুলিব৷ ফলত মহিলাগৰাকীয়ে নাৰিকলটো ভঙাৰ লগে লগে ৰঙা
তেজৰ দৰে পানী ওলাই পৰিব৷ ৰসায়ন বিজ্ঞানৰ এই সাধাৰণ কৌশল ব্যৱহাৰ কৰি আমাৰ সমাজত
বৰ্তমানেও ডাইনী চিনাক্ত কৰি আহিছে৷
সেইবাবে তোমালোকে সমাজত দেখি থকা ভেল্কীবাজী, অলৌকিক ঘটনাবোৰ নিজ চকুৰে চাই ইয়াৰ আঁৰত থাকিব পৰা বিজ্ঞানৰ যোগসূত্ৰ উলিয়াবলৈ চেষ্টা কৰিবা৷ এই ক্ষেত্ৰত তোমালোকে শিক্ষাগুৰুসকলৰ সহায় ল’বা৷ তেতিয়াহ’লে আজিলৈ ৰাখিছোঁ৷ ঔম ব্ৰিম ক্ৰিং ব্ৰিং জমজম...৷