ড˚ নন্দ সিং বৰকলা
ৰঙালী বিহুৰ বৰ্ণময় ৰূপকলা বৰ্ণাঢ্য ৰূপেৰেই সামূহিক চৰিত্ৰক সাবটি ভাস্বত হ’ব লাগিব। ইয়াৰ জীৱন পৰিক্ৰমাত সাবটি নতুনৰ চকুত ঐতিহ্যপ্ৰীতি আৰু ইতিহাস চেতনাত তিতা মাটিৰ মৰমৰণিৰো সুন্দৰ সমাজ নিৰ্মাণৰ দ্ৰষ্টা আৰু স্ৰষ্টা নাভিকমল প্ৰসাৰিত নতুন প্ৰজন্মৰ চকুত তুলি ধৰিব লাগিব। ইয়াৰ জীৱন পৰিক্ৰমা ইতিবাচক জাতীয় কৃতীৰূপেই প্ৰতিভাত হোৱাটো একান্ত বাঞ্ছনীয়। আমাৰ জাতীয় জীৱন বহু ক্ষেত্ৰত আজি সংশয়ৰ গৰাহত। ভাষা, সংস্কৃতি, মাটি, জাতিৰ মৰ্যাদা বিপন্ন হোৱাৰ পথত। ব্যক্তিগত লালসা পূৰণৰ স্বাৰ্থত সামূহিক চৰিত্ৰক পদে পদে বিকলাংগ কৰি তোলাৰ তীৰ্যক প্ৰয়াস কিন্তু অধিককৈ চহৰৰ চিমেণ্ট সাম্ৰাজ্যৰ বাসিন্দাৰ পৰাই আহিব লাগিছে।
সাম্প্ৰতিক কালত ৰঙালী বিহুৱে পূৰ্বৰ ৰং হেৰুৱাইছে। গ্ৰাম্য জীৱনৰ মাটিক কেন্দ্ৰ কৰি বীজ, পথাৰ, কৃষক, গৰু, মৈ, নাãল, গৰুগাড়ী, তকা, ওখোন, মৰণা, যুৱলি, শ’লমাৰি, ফৈ, নাকী, কেপেয়া, শিকিয়া, এছাৰি, ভাৰপাচি অদিয়ে মৰ্যাদা হেৰুৱাই পেলাইছে। য’ত যিকণ বাকী আছে, তাকো প্ৰতি মুহূৰ্ততে অদ্ভ³ত আচৰণ কৰা, মদ্যপান কৰি মঞ্চত বিহুগীত গোৱা, বিহুগীতৰ বাদ্যযন্ত্ৰৰ সুষমাক জলাঞ্জলি দি গীতাৰ, বংগু, ৰেকৰ্ডিয়ান, কিব’ৰ্ড, পিয়ান’ৰ দ্বাৰা সম্পূৰ্ণ ব্যৱসায়িক স্বাৰ্থত বিহুমঞ্চত বিহুগীত গাই বিকৃত কৰা ব্যৱস্থাটোৰ দ্বাৰা আৰু কিমান দিনলৈ আমাৰ বিহুৱে মৰ্যাদা ৰক্ষা কৰিব পাৰিব· স্বতঃস্ফূৰ্তভাৱে সকলো জনগোষ্ঠীৰ অংশগ্ৰহণ ৰঙালী বিহুৰ অনন্য মৰ্যাদা। ৰাজহুৱা পৰিশীলিত ৰূপ এটা দিব নোৱাৰিলে বিহুৱে অসমীয়া জাতিৰ ‘বাপতিসাহন’ অভিধা ৰক্ষা কৰিব নোৱাৰিব।
আমাৰ বিহুটোৰ লগত শিপিনী, তাঁতশাল, প্ৰেমিক-প্ৰেমিকাৰ ভালপোৱাৰ বিনয় সততে চকুত লগা। কিন্তু বিশ্বায়নৰ প্ৰবল খুন্দাত তাঁতশালখনৰ অৱস্থা বৃহৎ উদ্যোগে যেন মোহাৰি পেলাইছে। তাঁতশালৰ বৰ্ণনাই আমাৰ বিহুটোক প্ৰদান কৰি আছে এক অতুল্য ৰূপকলা। বিহুগীতত সেয়ে আমি পাওঁ তাঁতশালৰ বৰ্ণনা, যিবোৰ নতুন প্ৰজন্মৰ অনেকৰ বুকুৰ পৰা সম্প্ৰতি নিলগলৈ ধাৱিত।
আমাৰ সমাজত মাউৰা বা বৰলাজনে বিহুৰ সময়ত দুখ আৰু যন্ত্ৰণাৰে হুমুনিয়াহ কাঢ়ে। কাৰণ বিহুৰ বতৰত তেওঁক এখন গামোচা দিবলৈও কোনোৱেই নাই। তাৰ বৰ্ণনা তলৰ বিহুগীতটিত পোৱা যায়–
“আই নাই মাউৰা, তিৰী নাই বৰলা
গামোচা দিওঁতা নাই,
পেৰাৰ এঁৱা সূতা পেৰাতে থাকিলে
শিপিনী পাবলৈ নাই।”
বিহুৱা ডেকাই শিপিনী (প্ৰেমিকা)-য়ে দিয়া চেনেহৰ ৰঙীন গামোচাৰ লগত হাঁচতিখনক লৈ মাছ মাৰিবলৈ ভাল বুলি যেতিয়া প্ৰেমিকাক ইতিকিং কৰে, তেতিয়া ৰঙীয়াল শিপিনীগৰাকীয়ে আকৌ সমস্ত দোষটো মাছুৱৈ ডেকাটোলৈহে ঠেলি দি গায়–
“পেঁপাটি বজাবৰ তিনিটি আঙুলি
মাজৰটি আঙুলি লৰে,
বহোঁ তাঁতৰ পাতত চকু আলিবাটত
মাকোঁ সৰি সৰি পৰে।”
গান্ধীজীয়ে কৈছিল– অসমীয়া শিপিনীয়ে সপোনত ফুল বাছিব পাৰে। তেনে নিপুণ প্ৰেমিকা শিপিনীৰ প্ৰেমিকৰ প্ৰতি থকা ভালপোৱা, স্নেহ, মৰম, আকুলতা বিহুগীতত পোৱা যায় এনেদৰে–
“বিজুলী বাঁহৰে লাহৰি গগনা
বহি তাঁতৰ পাতত বাওঁ,
উলটি-উভতি মাৰোঁ দোৰেপতি
জানোচা বাতৰি পাওঁ।”
যি শিপিনীয়ে কাপোৰ ব’ব নাজানে, তেনে শিপিনীক ‘থুপুৰী’ বুলি সমাজে মাতে। এনে শিপিনীক নানান ধৰণে কৰা ঠাট্টা, ইতিকিং আদি বিহুগীতত পোৱা যায় এনেদৰে–
“ব’বও নাজানে, কাটিবও নাজানে
লোকৰ শালে শালে ফুৰে,
ৰান্ধিব নাজানে, বাঢ়িব নাজানে
খৰি মুঠা মুঠা পোৰে।”
প্ৰেমিকাই কৃত্ৰিম খং দেখুৱাই প্ৰেমিকক আৰু তাঁতশালৰ পৰা যেন মূৰটো নুতুলিবই। কিন্তু তেওঁ প্ৰিয়জনক বিহুত বিহুৱানখন দিয়াৰ আকুল চেতনাৰ কথা বিহুগীতত পোৱা যায় এনেদৰে–
বিহুৱান এজুতি ব’লোঁ,
ছেগ চাই বাছিলোঁ চকুত লগাখিনি
তোমালৈয়ে বুলি থ’লোঁ”
তাঁতশালৰে সম্পৰ্ক থকা বিহুগীতে আমাৰ প্ৰাচীন সাংস্কৃতিক ধাৰাটো ধৰি ৰখাটো মন কৰিবলগীয়া। বিহুগীতত পোৱা যায়–
“এইবেলি বিহুটি ৰমকে জমকে
কপৌফুল ফুলিবৰ বতৰ,
কেতেকীৰ গোন্ধে পাই ৰচকীৰ ততে নাই
থেকেচি ভাঙি যায় যঁতৰ।”
পাহুৱাল ডেকাজনে এখন সোণৰ সংসাৰ কৰাৰ সপোনেৰে প্ৰেমিকাৰ বৰ্ণনা কৰা বিহুগীতত পাওঁ–
মইনো বাই যাম হাল
তুমি লগাই যাবা বিহুলৈ বিহুৱান
মইনো পাতি দিম শাল।”
প্ৰেমিকক নেদেখি মন ভাৰাক্ৰান্ত প্ৰেমিকাই যেতিয়া প্ৰেমিকক হঠাৎ দেখা পায়, তেওঁৰ মন আনন্দত নাচি উঠে। কিন্তু তাৰ বহিৰ্প্ৰকাশ নকৰে। যেন কাম খটি কৰাৰ বাবে তেওঁ অসন্তুষ্ট। বিহুগীতত পাওঁ–
লগাব নোৱাৰা মাত,
তোমাৰ খতি হ’ল হাতৰ কাঠি-কামী
আমাৰো খতি হ’ল তাঁত।”
তাঁতশাল এখন পাতি দিয়াৰ অভাৱত কোনো কিছু নথকা শিপিনীগৰাকীয়ে মনত দুখে দোলা দিয়ে। বিহুগীতত তাৰ সুৰ এনেদৰে শুনো–
“দিখৌ নৈ ইপাৰে, দিখৌ নৈ সিপাৰে
কোনে দিয়ে যাব মাকো,
কোনে দিয়ে যাব ৰাঁচ দোৰেপতি
কোনে দিয়ে যাব সাঁকো।”
তাঁতশালৰ লগত অসমীয়া শিপিনীৰ সম্পৰ্ক নিবিড়; আনকি খোৱা-বোৱাও পাহৰি থকা শিপিনীৰ বাবে গীত শুনো এনেদৰে–
“পৰুৱাই ৰান্ধিলে, পৰুৱাই বাঢ়িলে
পৰুৱাই নেখালে ভাত,
ৰাতিটোৰ ভিতৰত কাটে পাঁজি সূতা
পুৱালৈ তৰিলে তাঁত।”
অষ্টি˜কসকলৰ অৱদান তাঁতশাল। চীন দেশৰ পৰা অহা তাঁতশালৰ সম্পদৰ কথাও বিহুগীতত বিদ্যমান–
তাঁতৰ চাৰি বাতি ব।”
বিহু মূলতঃ কৃষিভিত্তিক উৎসৱ। তিৱাসকলৰ ‘ছগ্ৰা-মিছাৱ’, ‘ৱান ছ্যুৱা’, ‘বড়োসকলৰ ‘বৈছাগু’, ‘খৰাই পূজা’, কামৰূপ বা উত্তৰ কামৰূপত ‘ভঠেলি’, ‘মিচিংসকলৰ ‘আলি-আয়ে-লৃগাং’ কাৰ্বিসকলৰ ‘হাচাকেকান’, চাহ জনগোষ্ঠীৰ ‘কৰম পৰৱ’, ‘টুচু পৰৱ’, ডিমাছাসকলৰ ‘বসু’, ‘হংচেউ মাগওবা’ আদি উৎসৱসমূহ কৃষিৰ লগত জড়িত। ইয়াত গীত-মাত, নৃত্য, লোকাচাৰ, লোককলা, কৃষিকৰ্মৰ প্ৰস্তুতি বিদ্যমান। হেমাংস বিশ্বাসৰ এক উক্তি মন কৰিবলগীয়া– “যি নাই বিহুগীতত, সি নাই অসমত। যি নাই অসমত, সি নাই বিহুগীতত। অসম আৰু অসমীয়া জনমানসৰ নিৰ্ভুল দাপোণ এই বিহু। অসমৰ পাহাৰ-পৰ্বত, চৰাই-চিৰিকতি, নৈ, বিল, পথাৰ, সমাৰ, ফুল-ফল, গোন্ধ বৰণ আৰু সিবিলাকৰ মাজত কৰ্মৰত নাৰী-পুৰুষৰ এনে প্যানোৰামা ভাৰতৰ লোক সংগীতত বিৰল। বিহুগীতৰ সাহিত্যিক আৰু সংগীতিক ভেটিৰ ওপৰতেই থিয় হৈ আছে অসমীয়া সংস্কৃতিৰ উপৰিসৌধ।”
পৰিৱৰ্তন অৱধাৰিত ঘটনা। জ্যোতিপ্ৰসাদেও কৈছিল– “ৰূপান্তৰেহে জগত ধুনীয়া কৰে।” মানুহৰ জীৱন-জগত বৰ্তি আছে বিশাল সাংস্কৃতিক চেতনাৰে, লোককলা, পৰম্পৰা আৰু জাতীয় উৎসৱসমূহৰ বৰ্ণময় ৰূপবৰ্ণনাৰে। অসমৰ বৰ্ণময় বিশাল বৰ্ণাঢ্য বৃহৎ অসমীয়া জাতিৰ মৰ্মচেতনা বৰ্তি আছে জনগোষ্ঠীসমূহৰ ভাষা, কলা, সমন্বয়, ভ্ৰাতৃত্ববোধ, বৰ অসমৰ ধমনীক সাবটি বৈ থকা বৰলুইতৰ মূল্যমানক লৈ।
কৃষক ৰাইজৰ পথাৰৰ বিহুৱে যেতিয়া নিজৰ প্ৰাচীন ৰূপক পৰিগ্ৰহ কৰি থাকিব নোৱাৰিলে আৰু বিৱৰ্তনৰ বাটেৰে ই আহি মঞ্চ পোৱাৰ লগে লগে এয়া যেন বিহু নহয়, সাংস্কৃতিক অনুষ্ঠান– এনে ৰূপেই ব্যাপকতা লাভ কৰিছে। মাহ-হালধিৰ গোন্ধ ক্ৰমশঃ নোহোৱা হৈছে; নৈ, বিল পথাৰৰ পুখুৰীত গৰুবিহুৰ দিনা গা ধোৱা, গোবৰেৰে চোতাল মচা, গৰুৰ বিহুৰ দিনা চোতালত-গোহালিত, পদূলিত ঔষধ গছ-পাতেৰে জাক দিয়া আচৰণ আদিতো কৃপণালিৰে ক্ৰমশঃ নোহোৱাৰ দিশে অগ্ৰসৰ হ’ব ধৰিছে।
চীন দেশৰ য়ুনান প্ৰদেশৰ পৰা পঞ্চম আৰু ষষ্ঠ শতিকাত অসমলৈ প্ৰব্ৰজন হৈছিল চুতীয়াসকলৰ। অষ্টম আৰু নৱম শতিকাত প্ৰব্ৰজন হৈছিল মৰাণসকলৰ। এই দুই জনগোষ্ঠীয়ে বিহুত বিশেষ বস্ত্ৰ পৰিধান কৰিছিল, যি বিহুক নতুন মাত্ৰা প্ৰদান কৰিছিল। তেওঁলোকে বিহুত কপাহী আৰু মুগা চুৰিয়া পিন্ধিছিল। সেয়া নিয়ম আছিল। ভৰিৰ সৰু গাঁঠিলৈকে হুঁচৰি দলৰ সাতোলাই মুগাৰ বা কপাহী বৰচুৰিয়া পিন্ধিছিল। গাত মুগাৰ চাপকন পিন্ধা সাতোলাই পাঞ্জাবী চোলা, মূৰত গৰিমা বঢ়াইছিল উকা পাগে। গুৰুজনাৰ আবিৰ্ভাৱ হোৱাৰ পৰৱৰ্তী কালত ডিঙিত গামোচা আৰু কান্ধত মোনা ওলোমাই লোৱা প্ৰথা প্ৰৱৰ্তিত হৈছিল। এঙাচোলা, নাচনি চোলা, খঁৰা চোলা, বিহু চোলা, কুৰুতা চোলা, হানুৱা চোলা আদি বিহুৱাসকলে পিন্ধি বিহু মৰা বা বিহু হুঁচৰিৰ সময়ত পিন্ধাৰ নিয়মে আমাৰ জাতীয় উৎসৱৰ মৰ্যাদাৰে আমাক স্বাভিমানৰ কিৰিতিৰ অধিকাৰী কৰি আহিছে।
বিহুৰ অনন্য ৰূপকলাৰ লগতে ইয়াৰ ইতিহাস, ঐতিহ্যপ্ৰীতিৰ পটভূমিত মানুহৰ স্বাচ্ছন্দ্যৰ পৰিভাষাত নিহিত আছে কৃষি, কৃষক ৰাইজৰ জীৱন চেতনা। বিহুতে পথাৰ, কৃষক, শইচ, ভূমি কৰ্ষণৰ নতুন ৰূপচেতনাই নৱ্যৰূপ পায় আৰু সেউজীয়া হোৱাৰ দুৰ্বাৰ জলবায়ুক সাবটে। বিহুৰ বতৰৰ পৰাই আমাৰ পেটৰ ভোকৰ আকাশ নিৰ্বাপনৰ প্ৰস্তুতি আৰম্ভ হয়। আমাৰ চৌপাশৰ প্ৰকৃতিত নতুন ৰূপ আহে। মনোকৰ্ষক ৰঙৰ বিহুৱে নিজস্ব মৰ্যাদাৰে বিনন্দীয়া ঐতিহ্যমণ্ডিত ৰূপত প্ৰকৃতিক তুলি ধৰে। প্ৰকৃতিৰ এই বিনন্দীয়া ৰূপ পৰিগ্ৰহ কৰা সলনিৰ ব্যৱস্থাৰ অস্তিত্ব ভৱিষ্যৎ প্ৰজন্মই হদয়ংগম কৰোৱাৰ চূড়ান্ত দায়িত্বও বিহু সমিতিসমূহে বহন কৰিলে আমাৰ বিহুৰ মৰ্যাদা আৰু বাঢ়িব। সেয়ে মাটিৰ লগত সম্পৰ্কিত এই ৰঙালী বিহুৰ সাজ-পাৰৰ নান্দনিকতা দৃষ্টিনন্দনভাৱেই সংৰক্ষণ, উপস্থাপন নহ’লে গোলকীজগতৰ হাতোৰাত বিহু হেৰাব।
টঙালি, (জৰদ গছৰ মূৰাৰে নিৰ্মিত) বিহুৱান, হাঁচতি, বচোৱাল বা পখৰুতং, ৰিহা, পাগুৰি (পাপ), খচৌ খামটি সোনা, দুকোণীমোনা থুনপাক, মেখেলা আদি সম্প্ৰতি সংকটৰ গৰ্ভত, যাৰ অস্তিত্বই একালত বিহুক প্ৰদান কৰিছিল জনপ্ৰিয়তাৰ চকুত নতুন ৰূপব্যাখ্যাৰ সন্মান। এইবোৰ পৰিধানকালত কোনো পক্ষৰ আত্মসন্মান, স্বাভিমানে বিহুক লাভৱান কৰে, য’ত জাতীয় স্বাভিমান মুখ্য বিষয়ৰূপে পৰিশীলিত স্থান, তাত সংস্কৃতিৰ নামত আপোচ মানে জাতীয় চৰিত্ৰৰ জীৱনায়ুস টুটি অহা। এই আয়ুসৰেখাক ধৰি ৰখাটো হ’ব মৰ্যাদা, দায়িত্ব, কৰ্তব্য। ই সকলো মৰ্যাদাৰ ঊধৰ্বত। ভূপেনদাই গোৱাৰ দৰে... নহ’লে– “বিশ্বই আমাক বৰকৈ হাঁহিব।”
বিহুৱে যেতিয়া মঞ্চত আসন ল’লে, তেতিয়াই শিল্পীৰ বিহুগীতৰ ঠাইত আধুনিক গীত, আনকি ভোজপুৰী, হিন্দী গীতেও মুখ্য স্থান গ্ৰহণ কৰাত বিহু সংস্কৃতিৰ ৰূপটো তেনেই সংকুচিত হৈ আহিল। ফলত বিহুৱে প্ৰকৃত ৰূপ হেৰুৱালে। কৃষক জনতাৰ পৰাও ব্যৱধান বিস্তৰ হ’ল। আধুনিক মঞ্চত শিল্পীৰ ব্যয় বহুত। ফলত জনতাৰ ওপৰত মাত্ৰা চৰিল। ফলত নিষ্ঠাৰে যিসকল শিল্পী বিহুৰ লগত জড়িত, তেওঁলোকৰ মাজত ধূসৰ, ধূম্ৰায়িত ৰঙেৰে নিৰাশাৰ বতাহ উৰি চিন্তাৰ আশংকা আৰু বিভ্ৰান্তিয়ে তেওঁলোকক দিশহাৰা কৰিব লাগিছে। বিহু যেন আধুনিক সংগীতৰ মঞ্চ অনুষ্ঠান। আলফাৰ দৰে সংগঠনেও অৰণ্যৰ মাজৰ পৰা জাতীয় জীৱনৰ তেজৰ সিৰাই সিৰাই লিপিট খাই থকা বাপতিসাহোন থলুৱা বিহুগীতবোৰৰ ঠাইত হিন্দী বা ভোজপুৰী গীতৰ বিৰুদ্ধে শিল্পীসকলক আহ্বান দিবলগীয়া হোৱাটোৱে বহু কথাৰ বাৰ্তা বহন কৰিছে।
বিহুত, অৰ্থাৎ বিহুমঞ্চত একালত হাস্যৰসৰ ভূমিকা আছিল চকুত লগা, মালিতাৰ ৰেã বিহুক দিছিল অন্য এক গুৰুত্ব। নিজস্ব শৈলীত প্ৰদৰ্শিত হৈ থকা বিভিন্ন জাতি-জনগোষ্ঠীৰ বৰ্ণিল নৃত্য, গীত-মাতসমূহ সাম্প্ৰতিক কালত মঞ্চবিহুত খিচিৰি ৰূপত প্ৰদৰ্শিত হোৱাত সেইসমূহ নৃত্য-গীতে নিজস্ব পৰিশীলিত মাত্ৰা হেৰুৱাইছে। জনগোষ্ঠীসমূহৰ বৰ্ণিল, দৃষ্টিনন্দন গীত-মাতসমূহ অলপ অলপকৈ বহুতো জনগোষ্ঠীৰ মাত-কথা লগ লগাই গোৱাত এই গীত-মাতসমূহৰ মূল উপাদান, ৰং, মৰ্যাদা আৰু মনোকৰ্ষক চেতনা হ্ৰাস পোৱাই নহয়; বিকৃত ৰূপতো উপস্থাপন হৈছে। জনগোষ্ঠীয় নিৰ্বাচিত উপাদানসমূহক সাৱলীল আৰু পৰিশীলিত ৰূপত সমন্বয় ঘটাই যদি পৰিৱেশন কৰে, তেন্তে তাৰ চিত্ৰমূল্য, ব্যঞ্জনা, শব্দমূল্য, সাংস্কৃতিক ৰূপব্যাখ্যাই আমাৰ মনোজগতত ব’হাগৰ নতুন বৰষুণ, আহিনৰ গৰ্ভৱতী পৃথিৱীৰ পথাৰ, কুলি-কেতেকীৰ কুহুমবুলীয়া ঠোঁটেৰে ওলোৱা শুৱলা-সুৱদি মাতৰ দৰে নতুন প্ৰজন্মকো চহকী কৰিব।
বিহুৰ যদি পৰিৱৰ্তন হ’বই লাগে, তেন্তে সেয়াও হ’ব লাগিব চহা, কৃষক ৰাইজৰ স্বাৰ্থত। অৰ্থাৎ কৃষক ৰাইজৰ ভূমিকা হ’ব লাগিব সৰ্বাধিক। এতিয়া চহৰ, আনকি গ্ৰামাঞ্চলৰ বহুততে বিহুৰ লগত সম্পৰ্ক বিচাৰি হাহাকাৰ কৰোঁ। সম্প্ৰতি চহৰে ব্যাপক হাৰত গাঁও, পথাৰ ক্ৰয় কৰাৰ তাগিদাৰে চিমেণ্ট সাম্ৰাজ্যৰ বিস্তাৰৰ তীৰ্যক হাতোৰাই গ্ৰাম্য জীৱন, বিহুৰ দৰে জাতীয় উৎসৱ, বসন্তকালীন উৎসৱ আৰু নৃ-গোষ্ঠীয় বৰ্ণাঢ্য সংস্কৃতিৰ ৰূপকলা, ৰূপচেতনা, লোককলাকো ব্যাপক ৰূপত আঁকুহি চৰিত্ৰ বিকলাংগ কৰাৰ কচৰতত ব্যস্ত।
মনু সংহিতাত হাজাৰ বছৰৰ পূৰ্বে নাঙলৰ কথা পোৱা যায়। খ্ৰী:পূ: ৩০০ মানত ভাৰতৰ অঞ্চল বিশেষে লোৰ নাঙলৰ ব্যৱহাৰৰ কথা জনা যায়। কৃষিকৰ্মৰ প্ৰয়োজনত বৰষুণ বিচাৰি কৃষক ৰাইজে কৃষি প্ৰস্তুতি উৎসৱ পাতিছিল, যাৰ পৰম্পৰা আমাৰ সমাজ জীৱনত আজিও বিদ্যমান।
ব’হাগ মাহ আৰম্ভ হোৱাৰ পূৰ্বৰ দিনটোত সংক্ৰান্তি বা গৰুবিহু হিচােপ পালন কৰা হয়। গৰুবিহুৰ ৰূপব্যাখ্যা মূলতঃ কৃষিক কেন্দ্ৰ কৰিয়ে উদ্যাপিত। গৰুহালেই আমাৰ জীৱনৰ কৃষিকৰ্মৰ মূল। সেয়ে গৰুৰ লগতে কৃষি-কৰ্ষণৰ অন্যান্য আহিলাসমূহকো মাহ-হালধিৰে নোওৱা-ধুওৱাৰ প্ৰথা প্ৰাচীন আৰু মনোকাৰ্ষক।
মানুহ বিহুৰ বৰ্ণনা চমৎকাৰ। নতুন বস্ত্ৰ পিন্ধি গুৰুজনা বা পিতৃ-মাতৃ, সন্মানীয় ব্যক্তিক সেৱা কৰা প্ৰথাই আমাৰ সমাজত এক সন্মানীয় প্ৰথাৰূপে বৰ্তি আছে। সৰুৱে সেৱা কৰাত বৰজনে আশীৰ্বাদ দিয়া প্ৰথাই সমাজখনক এক শান্তিৰ শিকলিত বান্ধি ৰাখিছে।
গোসাঁই বিহুত নামঘৰ বা মন্দিৰত গোসাঁইসকলক শৰাই আগ বঢ়াই আশীৰ্বাদ লোৱা প্ৰথা অতীজৰে পৰা চলি আহিছে। চহৰত এই প্ৰথা ক্ৰমশঃ শিথিল হৈ আহিছে আৰু বহু ক্ষেত্ৰত ই বিলুপ্তিৰ পথত।
কুটুম বিহু বা মিতিৰ বিহুত মিতিৰ-কুটুম বা বংশ-পৰিয়ালৰ স’তে দেখা-দেখি, প্ৰীতিভাব বিনিময়, ভোজন, বস্ত্ৰ বিনিময় কৰা প্ৰথা সম্প্ৰতি নোহোৱা হোৱাৰ দিশে ধাৱমান।
গাঁৱৰ লোকসকলে পৰম্পৰাগতভাৱে গাঁৱৰ কোনো মুকলি ঠাইত সমবেত হৈ বিহু মৰা, আনন্দৰ পৰিৱেশৰ মাজত ইজনে সিজনক শুভেচ্ছা জনোৱা পদ্ধতিক মেলা হাট বা হাট বিহু বোলা হয়।
অসমীয়া লোকসাহিত্যত বিহুনাম বিহু-সংস্কৃতিৰ এক অনন্য সম্পদ। ইয়াৰ লয়-তাল-মানে প্ৰাণত নতুন শিহৰণৰ জন্ম দিয়ে। বিহুনামত জাতিৰ হদয়ৰ স্পন্দন, সমাজ উদ্বেলক প্ৰতিচ্ছবি আৰু জীৱনৰ ভাব-চেতনাৰ বুৰঞ্জীয়ে নতুন সুৰৰ, তালৰ ইতিহাস ধৰি আছে। বিহুনামৰ কথা থলুৱা, সৰল; প্ৰকাশভংগী মনোৰম, হদয়াকৰ্ষক, ছন্দবদ্ধ, সাৱলীল আৰু মনোমোহা।
হুঁচৰি খোলা, বিহুতলী নাচ বা যোজনা নাচৰ নেতৃত্ব লোৱা বাৰিকজনৰ ৰূপমূল্য, প্ৰজ্ঞা আৰু সাংস্কৃতিক চেতনাই বিহুক নতুন ৰূপত প্ৰতিষ্ঠা কৰি আহিছে বুনিয়াদী ৰূপ হেৰাব নিদিয়াকৈ। গামোচা আমাৰ বিহুৰ অনন্য সম্পদ। সম্প্ৰতি গামোচাখন বাহিৰৰ পৰাহে আমদানি হোৱা দেখা যায়। পানী গামোচা, তিয়নি গামোচা, ফুটুকী গামোচা, কমৰবন্ধা গামোচা, ফুলাম গামোচা আদিৰ লগত বৰদৈয়া, সৰুদৈয়া, লাই লিঙিয়া, টুপী হালোৱা, দাং, বৰৈ লগা, জুৰু¸লগা জাপিয়ে আমাৰ সংস্কৃতি, গৰিমাৰ প্ৰতিমাক নিটোল ৰূপত তুলি সংস্কৃতিৰ বৰকথা কৈ আছে।
স্বৰ্গীয় পুৰুষোত্তম দাসৰ “শ্ৰীময়ী অসমীৰ শীতল বুকুত উঠে উৎসৱৰ মধু আলোড়ন”– বিহুৰ পতাকা উত্তোলনৰ সময়ত পৰিৱেশন হোৱা এই গীতে বহন কৰি আছে অতুল্য, অনন্য ঐতিহ্যৰ জলবায়ু। ৰামধন আৰু লাহৰি গগনা, ঢোলৰ প্ৰধান অংশ, যেনে–কাঠৰ খোল, স কাটনী, ফৰিং, মলুৱা, কোৱনি, কুৰল, ফৰিঙা, পুলি আৰু বৰটিয়ে যিদৰে ঢোলৰ পূৰ্ণাংগ ৰূপ প্ৰদান কৰে, তেনেকৈ তিনি প্ৰকাৰৰ সুতুলি ক্ৰমে বটল সুতুলি, পিঠা সুতুলি, পক্ষী সুতুলিয়ে বিহুৱতীক ৰূপ প্ৰদান কৰি আহিছে। নেঘেৰী আৰু কলডিলীয়া খোপা নাচনীৰ অনন্য ৰূপ।
ৰাতিবিহুৰ ডেকা দলৰ মুখীয়াজনক ডেকা বৰা আৰু গাভৰুগৰাকীক গাভৰু বৰা বোলা হয়। ব’হাগ বিহু মূলতঃ কৃষি আৰু কৃষি অন্যতম গৰুহালক বন্ধা ৰছীডাল তৰা গছৰ আঁহ, মৰাপাট আৰু গুণমাৰিৰে এগুনীয়া পঘা, তিনিগুণীয়া পঘা, গলপটা, মৰাপাটৰ মোখোৰা, এৰাল, মৈজৰী বটি বিহুৰ লগত ইয়াক সংযুক্ত কৰা হয়।
আমাৰ মহিলাসকলে প্ৰস্তুত কৰা তিলপিঠা, নাৰিকলৰ পিঠা, লাড়ু, ঘিলাপিঠা, চুঙাপিঠা, পানীপিঠা, সান্দহ, আখৈ, মুড়ি, বকুল বৰা ধানৰ চিৰাৰে অতিথিক অপ্যায়ন কৰা হয়। এই জাতীয় পৰম্পৰা-ঐতিহ্য গোলকীজগতৰ হেঁচাত বহু ঠাইত শিথিল হৈ আহিছে।
হুঁচৰি বিহুৰ অন্য এক ৰূপ। সৰুতে মাজৰাতিত আইৰ চাদৰৰ আঁচলত ধৰি বিহুৱা দলৰ বিহু, হুঁচৰি উপভোগ কৰিছিলোঁ। সেই নান্দনিক সময় এতিয়া বিৰল। মাজৰাতি কাণ উনাই থাকোঁ, টোপনিয়ে চকুক নিন্দা কৰিলেও উমান লওঁ কেতিয়া অন্য এটা বিহুৱা দলে পদূলিৰ নঙলা খুলি চোতালত চক্ৰাকাৰে ঘূৰি ঘূৰি হদয় আচ্ছন্ন কৰিব।
ৰাজকাৰেঙত প্ৰৱেশ কৰা বিহুৰ চন-তাৰিখ নিশ্চিত নহয় যদিও সম্ভৱতঃ ১৭৭০ চনৰ পূৰ্বে বুলি অনুমান কৰিব পাৰি। কিয়নো ১৭৭০ চনৰ এপ্ৰিল মাহৰ চৈধ্য তাৰিখে ৰাজকাৰেঙত ৰাঘৱ মৰাণে হুঁচৰি বিহুৱা দলৰ আগত আশীৰ্বাদ লৈ থকাৰ সময়তে তেওঁক হত্যা কৰাৰ কথা বুৰঞ্জীত পোৱা যায়।
হুঁচৰিৰ পদ-ঘোষাত যদিও কৃষ্ণপ্ৰভুৰ নাম উল্লেখ আছে, তথাপি ই আধ্যাত্মিক ভাবৰ পৰা মুক্ত। হুঁচৰিৰ কিছুমান গীত-মাত, কথা, শব্দ, বাক্যই স্বৰ্গদেউসকলৰ পৰম্পৰা, বিশ্বাস, পৃষ্ঠপোষকতা, ঐতিহ্যক প্ৰতিনিধিত্ব কৰে– “স্বৰ্গদেউ ওলালে, বাটচ’ৰাৰ মুখলৈযদুলীয়াই পাতিলে দোলাযকাণত জিলিকিল নৰা জাংফাইযগাত গোমচেঙৰ চোলাযজোনৰ সাৰথি তৰা ঐ সমনীয়াযজোনৰ সাৰথি তৰা ঐ সমনীয়ায জোনৰ সাৰথি তৰাযস্বৰ্গদেউ সাৰথি গন্ধীয়া ফুকনেযমাতে তাওফাকৰ পৰা।”
সম্প্ৰতি বিশ্বায়নৰ ব্যাপক হাতোৰাত ৰাজনীতি, অৰ্থনীতি, বাণিজ্য, শিক্ষা-সংস্কৃতি, পৰম্পৰা, ঐতিহ্য সকলো প্ৰত্যাহ্বানৰ মুখত পৰিছে। খাদ্য, বস্ত্ৰ, থলুৱা নৃত্য, গীত-মাত, ভাওনা, পৰম্পৰাগত উৎসৱ, বাদ্য সকলোতে বিশ্বায়নে ব্যাপক হাৰত আত্মপ্ৰকাশ কৰিছে। ইয়াৰ লগতে বিহুক পণ্য কৰা হৈছে। বিহুমঞ্চ মুকলি কৰে ৰাজনৈতিক নেতাই। এই উৎসৱক সাংস্কৃতিক অনুষ্ঠানলৈ ৰূপান্তৰ কৰি সেই অনুষ্ঠানে ৰাজনৈতিক দলৰ পৃষ্ঠপোষকতাত প্ৰত্যক্ষ বা পৰোক্ষভাৱে পালন কৰিবলৈ লৈছে। এনে অশুভ পৰম্পৰাৰ হাতত বিহুৰ স্বকীয় ৰূপৰ দীঘ আৰু বাণিৰ আয়ুস খন্তেকীয়া।
ব’হাগেই জাতীয় প্ৰাণ, সময়ৰ মান আৰু অসমবাসীৰ জীৱন আকাশ। এনে বহুল বৰ্ণনা, ব্যাখ্যাক সাবটিয়ে“মহাবাহু ব্ৰহ্মপুত্ৰ মহামিলন তীৰ্থ, কত যুগ ধৰি আহিছে প্ৰকাশি সমন্বয়ৰ অৰ্থ” – এই মহান অৰ্থক তুলি ধৰিবলৈ বিহুক কাৰো পৈতৃক সম্পত্তি হ’বলৈ দিব নালাগিব। নহ’লে জাতিৰ মান নাথাকিব।
ব’হাগ আমাৰ জাতীয় জীৱন। আমাৰ তিনি বিহুৱে অসমীয়া জীৱন আয়ুসৰেখাডালক ধৰি আছে বাবেই কৃষিভিত্তিৰ এই ভূ-খণ্ডত এতিয়াও প্ৰাচীন বুনিয়াদ এটাৰ লগত আমাৰ জীয়াই থকাৰ সংগ্ৰামখনো বৰ্তি আছে। সময় পৰিৱৰ্তনশীল। ৰূপান্তৰৰ বুকুত জী উঠে নতুন সংস্কৃতি। অশালীনতাৰ পৰা শালীনতালৈ গতি কৰাটোৱেই সংস্কৃতি। সংস্কৃতিৰ অবিহনে কোনো জাতি জীয়াই থাকিব নোৱাৰে। এদিন নৈপাৰৰ, পথাৰৰ মাজৰ অথবা ঘৰৰ পুৰুষজনৰ অজ্ঞাতে ‘জেং বিহু’ মৰা নাচনীসকলেও পৰিৱৰ্তন গ্ৰহণ কৰিলে। সময়ৰ লগে লগে ত্ৰমশঃ ই ত্বৰান্বিত হ’ল মঞ্চলৈ।
এসময়ৰ বিহুৰ যি জীৱনীশক্তি, মানুহৰ সৰ্বাত্মক কল্যাণৰ বিস্ময়কৰ স্বৰ্তঃস্ফূৰ্ত চৰিত্ৰ, উৎসাহ পৰিশীলিত ব্যঞ্জনা, সেইবোৰ প্ৰাক্ইংৰাজ যুগৰ শেহলৈকে এক গতিশীল ৰূপত আমাৰ চকুত ধৰা দি অসমৰ সমাজ জীৱনক উদ্বেলিত কৰি আহিছিল। প্ৰত্যয়, প্ৰত্যাশা, প্ৰাপ্তিৰ উদ্দীপনাই আৱাল-বৃদ্ধ-বনিতাক আৱৰি সেউজীয়াৰ স’তে নতুন প্ৰাণৰ সঞ্চাৰ কৰিছিল। বিশাল বুঢ়া লুইতৰ গভীৰতাৰ দৰে প্ৰচণ্ড সোঁতত আমি যেন এই বিনন্দীয়া সংস্কৃতিৰ হাতত ধৰি বংগোপসাগৰলৈ ঢাপলি মেলিছোঁ... পৃথিৱীৰ মহাজাতিৰ সমন্বয়ৰ পানীত স্নান কৰি আৰু নিজকে বিশ্বত এক মহাজাতি ৰূপে প্ৰতিষ্ঠা কৰিবলৈ।
এসময়ৰ এই বিশ্বমুখী চৰিত্ৰৰ বিহু আজি গোলকীকৰণ সংস্কৃতি আৰু সভ্যতাৰ গৰ্ভত পতনমুখী ৰূপত থিয় হৈ পূৰ্বৰ যি উদ্যম, সেয়া ক্ৰমশঃ স্তিমিত হোৱাই নহয়, ভোগবাদৰ কবলত ই কেংগাৰুৰ আগঠেং দুখনৰ দৰে নিশকটীয়া হৈ আহিব লাগিছে। মঞ্চত বিহুত নগৰীয়া সভ্যতাৰ চিন্তা আৰু চেতনাই ভোগবাদী সমাজৰ চৰিত্ৰক প্ৰতিনিধিত্ব কৰি কৃষি আৰু কৃষকৰ মংগলৰ বাট ৰচনা কৰা, জীয়াই থকাৰ অফুৰন্ত শক্তিৰে আমাক নিত্য-নতুন চিন্তাৰ খোৰাক দিয়া বিহুৱে লাভ কৰিলে পণ্যতাৰ পোছাক। যেন অকাল মৃত্যুৰ অনুশীলন। বহুজাতিক ক’ম্পেনিসমূহৰ প্ৰত্যক্ষ আৰু পৰোক্ষ নিৰ্দেশত মঞ্চবিহুত হেৰাব লৈছে স্বমহিমা। যেন অস্তিত্বৰ বিলুপ্তিৰ আখৰা। য’ত যিকণ বাকী আছে, তাকো শুভ মানৱিক বুদ্ধিসম্পন্ন ব্যক্তি আৰু ব্যক্তিত্বৰ চিন্তাৰ অভাৱত নিৰন্তৰ নিঃশেষ হোৱাৰ পথত। বিহুমঞ্চ যেন এখন বজাৰ। কোনোবা দিল্লী, মুম্বাই, কলকাতাৰ মধ্যৰাতিৰ শিল্পীৰ বিৰক্তিদায়ক অনুষ্ঠানত বিকলাংগ নৱপ্ৰজন্মৰ একাংশ। বজাৰ দৰ-দামত ত্ৰুেতা-বিক্ৰেতাৰ উচ্ছ3াসহীন, প্ৰাণহীন ঠেক বিকট সংস্কৃতিৰ পৰিমণ্ডলত তাহানিৰ বিহুৰ জীৱটো কোনোমতে বাচি আছে। বিহুৰ মহত্ত্ব আৰু অস্তিত্ব ধুই-পখালি নৱ প্ৰজন্মৰ চকুত তুলি ধৰিবলৈ হ’লে আমি চাব লাগিব গ্ৰাম্য অঞ্চলৰ মানুহৰ দুখ, দুৰ্দশা আৰু তেওঁলোকে কিহক ভিত্তি কৰি আজিও এক পৰিশীলিত সমাজ এখন ধৰি ৰাখিছে। বানৰ কৰাল গ্ৰাস, প্ৰাকৃতিক দুৰ্যোগ, খৰাং বতৰ, সামাজিক দুৰ্নীতি, ডাইনীৰ ৰূপত মানুহৰ হত্যা আদি দিশবোৰে এতিয়াও গ্ৰাম্য জীৱন কঁপাই আছে। দক্ষিণ ছাইবেৰীয়া, য়ুৰোপ আৰু আফ্ৰিকাৰ বিস্তীৰ্ণ অঞ্চলত কৃষিকৰ্মৰ বাবে সাজু হ’বৰ সময়ত সেই অঞ্চলৰ কৃষক-সমাজে শিলক পূজা কৰি, অগ্নিক পূজা কৰি অগ্নিৰ চাৰিওফালে নানা নৃত্য-গীত-মাত কৰাৰ গৰ্ভত দেখা যায় যে সমূহীয়া এনে অগ্নিপূজাত ওপৰৰ বায়ুমণ্ডল পাতল হৈ সেই পাতল ঠাই পূৰণ কৰিবলৈ জলবায়ু এলেকাৰ পৰা অহা জলীয় বাষ্পৰ প্ৰকোপত বৰষুণ হয় আৰু লগে লগে কৃষিভূমিৰ কৰ্ষণত ব্যস্ত হয় কৃষক। এনেবোৰ কৰ্ম কৰোঁতে ছাইবেৰীয়াৰ নিগ্ৰ’সকলে প্ৰকাণ্ড একোটা ঢোলত শব্দৰ ঝংকাৰ তোলে। ঢোলৰ দুয়োফালৰ চামৰাৰ অংশক তেওঁলোকে নাৰীৰ যৌনাংগ ৰূপে জ্ঞান কৰে। তেওঁলোকৰ বিশ্বাস যে নাৰী-পুৰুষ যিদৰে বংশ বিস্তাৰৰ প্ৰতীক, নাৰী-পুৰুষৰ মিলনেই এই পৃথিৱীক ৰসাল, সেউজীয়া আৰু ভৱিষ্যৎপ্ৰজন্মক ধৰি পৃথিৱী চলি আছে। সেয়ে ঢোলৰ দুয়োফালৰ চামৰাক নাৰীৰ যোনী আৰু মাৰিডালক পুৰুষৰ যৌনাংগ ৰূপে জ্ঞান কৰে। আমাৰ অসমতো অতি প্ৰাচীন কালত জনজাতীয় লোকসকলৰ মাজত চলি থকা এনে ধৰণৰ পৰম্পৰা আজিও কাৰ্বি, বড়ো, মিচিং, ৰাভা, তিৱা, ডিমাছাসকলৰ মাজত বিদ্যমান। কাৰ্বিসকলৰ ‘বুতৰকেকুঁ’ মিচিংসকলৰ ‘আলি-আই-লিগাং’ আদি উল্লেখযোগ্য আৰু ই আমাৰ বিহুৰ পৰম্পৰাৰ স’তে একে।
যেতিয়ালৈকে আমি গাঁৱৰ সভ্যতাৰ স’তে নিজকে একত্ৰ কৰি চহৰীয়া মঞ্চত গ্ৰাম্য জীৱনৰ প্ৰত্যয় আৰু প্ৰত্যাশাৰে বিহুক আদৰি খোজ কাঢ়িব নোৱাৰিম, তেতিয়ালৈকে বিহুৱে প্ৰকৃত মৰ্যাদা লাভ কৰিব নোৱাৰিব। নগৰীয়া সভ্যতাৰ গৰাহত পৰি গ্ৰাম্য অঞ্চলৰ ডেকাসকলৰ সৰহ সংখ্যকেই মদপানীত মুখ দিছে বুলি সংবাদ মাধ্যমত প্ৰায় দেখিবলৈ-পঢ়িবলৈ পাওঁ। নগৰীয়া জীৱনৰ সামাজিক আৰ্দ্ৰতাই গ্ৰাম্য জীৱনৰ অৰ্থনৈতিক, সামাজিক আৰু সাংস্কৃতিক ভেঁটি ভাঙি আনিছে। সৰলতা, নৈতিকতা, মানৱতা আদি কথাবোৰ ক্ৰমশঃ তল পৰিব লাগিছে। অসহিষ্ণু মানুহৰ জীৱন প্ৰণালীত বিশ্বাস হেৰাব ধৰিছে। হেৰাব ধৰিছে মানুহৰ আত্মবিশ্বাস আৰু সন্মানো।
বাতৰি কাকত, আলোচনীৰ পাতত বিহুৰ সময়ত যিবোৰ লেখা ছপা হয়, তাৰ লগত বিহুৰ ৰূপৰ ব্যৱধান বিস্তৰ। বিহুৰ এনে লেখাবোৰ দেখি বহু সময়ত অক্ষি নমিত হয়। বিহুৰ জীৱনীশক্তি স্বৰ্তঃস্ফূৰ্ত সৃষ্টিৰ আৱেগ, আনন্দ মৰহিব লাগিছে। সেয়ে ইয়াৰ ঐতিহ্যও ম্লান। ঐতিহ্য মানে অতীতসৰ্বস্ব নহয়। সময়ৰ গতিত ঐতিহ্যও সলনি হ’ব– তাত সন্দেহ নাই। কিন্তু তাহানিৰ ঐতিহ্যৰ ভেঁটিতে আমাৰ সংস্কৃতি, চিন্তা, চেতনা, সামাজিক মূল্যবোধ জীয়াই ৰাখিব লাগিব। সময়ৰ পৰিৱৰ্তনৰ লগে লগে আমাৰ মন আৰু চেতনাও পৰিৱৰ্তন হ’ব। কিন্তু একেদিনাই যদি এই পৰিৱৰ্তন কোনোবাই বিচাৰে, সেয়া হ’ব আমাৰ আত্মহনন। কিন্তু বিহুক যদি কোনোবাই সলনি কৰিব খোজে, তেন্তে তাৰ দায়িত্বও নিতান্তই কৃষকৰ।
খ্ৰী:পূ: ২০০-ত মনু সংহিতাত প্ৰথম লোহাৰ নাঙলৰ কথা পোৱা যায়। অৱশ্যে ভাৰতৰ উত্তৰাঞ্চলত খ্ৰী:পূ: ৫০০ মানতে লোহাৰ নাঙলৰ দ্বাৰা কৃষিকৰ্ম কৰাৰ অনেক তথ্য আছে। প্ৰেম-ভালপোৱা, গীত-মাতৰ লগত এৰাব নোৱৰা সম্পৰ্ক সৃষ্টিৰ। এই সৃষ্টি কৃষিকৰ্মৰে হওক বা মানুহৰ সুকুমাৰে কলাৰে হওক। ঋতু পৰিৱৰ্তনো এই ক্ষেত্ৰত উল্লেখযোগ্য। নৃত্য-গীত-মাতত যি আনন্দ, সেই আনন্দ আৰু ত্বৰান্বিত কৰিছিল ডাৱৰৰ সমষ্টিৰ আকাশত যেতিয়া ক’লা ক’লা মেঘে জন্ম দিছিল বৰষুণৰ আৰু হুৰ হুৰ বৰষুণে যেতিয়া পৃথিৱীক স্পৰ্শ কৰিছিল, তেতিয়া কৰ্ষণ আৰম্ভ হৈছিল আৰু কৃষকৰ হাতৰ আঙুলিৰ ফাঁকেৰে সৰি পৰিছিল পৃথিৱীত সেউজীয়া বীজ। এই বীজে পৃথিৱীৰ বক্ষ ফালি শিৰোন্নত পৰিয়াল হৈ আকাশলৈ গতি কৰি দূৰ কৰে আমাৰ পেটৰ ভোক। এই কৃষিকৰ্মৰ সৃষ্টিৰ স’তে ব’হাগ মাহ বা বসন্ত ঋতুৰ সৌহাৰ্দ সম্পৰ্ক নিবিড়।
কিন্তু গোলকীকৰণ, দুনিয়াৰ বিভিন্ন উদ্যেগীকৰণ আৰু মানুহৰ দ্ৰুত বংশবিস্তাৰৰ ফলত মাটিৰ আৰ্দ্ৰতা কমি অহাৰ লগে লগে পৰিৱৰ্তন হোৱা ব্যাপক জলবায়ুৰ দৃশ্যপটে কৃষিকৰ্মত ব্যাপক প্ৰভাৱ পেলাব লৈছে। গোলকীকৰণ পৃথিৱীৰ সংস্কৃতিয়ে কঢ়িয়াই অনা বৃহৎ বৃহৎ জাতিৰ কবলত সৰু সৰু জাতি-জনগোষ্ঠীসমূহৰ সংস্কৃতি আজি বিপন্নপ্ৰায়। এনে অৱস্থাত এইবোৰৰ সঠিক সংৰক্ষণ সম্ভৱ হ’ব গ্ৰাম্য জীৱনৰ স্বাৱলম্বিতা, স্বতন্ত্ৰতা, শিক্ষা আৰু সংস্কৃতি বিকাশৰ দ্বাৰাহে।
ভোগ আৰু আনন্দৰ, অনন্য সৌন্দৰ্যৰ বিহু হ’ল ভোগালী বিহু। পুহ মাহৰ শেষৰ দিনটো ভোগালীক আদৰা, উদ্যাপন কৰাৰ পৰম্পৰা প্ৰাচীন। সূৰ্যৰ উত্তৰায়ণৰ এই বিৰল সময় শীতৰ প্ৰভাৱত আড়স্ত। অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ বৰ্ণাঢ্য জনগোষ্ঠীৰ লোকে অতি সাৱলীল মননশীলতাৰ মাঘ বিহু বিভিন্ন নামেৰে পালন কৰে। ইয়াত ধৰ্মীয় পৰম্পৰাৰ ঐক্যমানৰ ৰূপবৰ্ণনা মন কৰিবলগীয়া। বড়ো কছাৰীসকলে ‘মাগু’, ডিমাছাসকলে ‘মাগসাঁঈডোৰা’, দেউৰীসকলে ‘মাঘীয় সংক্ৰান্তি’, মিছিংসকলে মাগ আগৰাতি, হাজংসকলে ‘পুযনু’, ৰাভাসকলে দুমাছি পালন কৰে। অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ সকলো জনগোষ্ঠীয়ে গৰখীয়াসকলক বিশেষ সন্মান জনাই নানা ধৰণে মান ধৰে।
সৰুতে মোৰ জনমৰ গাঁও বৰকলা (নগাঁও)-ত শিখ-অনাশিখ লোকৰ বিৰল-বিশাল সমাৱেশেৰে এখন বিশাল পথাৰ (মাজপথাৰ)-ত ভেলাঘৰ মেজিৰ বৰ্ণনাত আধ্যাত্মিক অগ্নিপূজাৰ মানুহৰ কল্যাণ বিচাৰি গঞাৰ মন্ত্ৰমুগ্ধ প্ৰাৰ্থনাত স্থিৰ হোৱা মানুহে আমাক এতিয়াও বিস্ময় কৰি ৰাখিছে। সূৰ্যস্নানৰ পূৰ্বেই আইৰ চাদৰৰ আঁচলত ধৰি ভেলাঘৰৰ সন্মুখত অগণন মানুহৰ চিনা-নিচিনা মুখবোৰে মোক মানুহ আৰু পৃথিৱীৰ সন্ধান দিছিল।
বিশাল ভেলাঘৰ আৰু আকাশমুখী মেজিৰ অৱয়ব আৰু মানুহৰ আধ্যাত্মিক ভক্তিবন্দনাৰ অভিব্যক্তিৰ নাম-প্ৰসংগৰে অগ্নিদেৱতাক কৰা বিনম্ৰ প্ৰাৰ্থনা, সেৱাত আইৰ স’তে জলন্ত মেজিৰ সন্মুখত আঁঠু লৈছিলোঁ। মাহ-প্ৰসাদ, নানা পিঠা-পনা অগ্নিৰ বাবে সপি দি উৰুলিকৃত মন্ত্ৰৰে সমাজৰ বৰমুৰীয়াৰ দ্বাৰা ভেলা, মেজিত জুই দিওঁতে নিৰ্বাক-সবাক বিস্ময়কৰ মানুহৰ মুখ আৰু আকাশলৈ জুই শিখাই ৰং বিলোৱা পৰিভাষাত মানুহ, সমাজৰ কল্যাণ সাবটি আমাৰ জাতীয় উৎসৱৰ মহত্ত্ব উপলব্ধি কৰিছিলোঁ। গোটেই বছৰটোৰ বাবে অগ্নিয়ে শক্তি, সাহস আৰু সমৃদ্ধিৰ বাবে নিৰাপত্তাৰ উত্তাপ দিয়াৰ বৰ্ণময় বৰ্ণনাত ফেঁহুজালিৰ পোহৰৰ ৰক্তিম সুৰুযে মানুহক গা-ধোৱাব খোজোঁতে মানুহ সেউজীয়াৰ সন্তান হৈ উঠিছিল।
গ্ৰাম্য জীৱনৰ উৰুলিকৃত ধ্বনি-প্ৰতিধ্বনিত আধ্যাত্মিক বিশ্বাস আৰু লোকসংস্কৃতিৰ তীব্ৰ জাগতিক চেতনাৰ পৰম্পৰা আমাৰ জাতীয় উৎসৱ, পথাৰ-সমাৰৰ বিমূৰ্ত ভোকৰ আকাশ নিৰ্বাপনৰ সৌন্দৰ্য। সেয়ে মানুহৰ মুখে মুখে বাগৰি যায় গীত, লোকগীত, বনগীতৰ আধুনিক গীতলৈকে উৎসৱ-পাৰ্বণৰ নৱ্য চেতনাৰ আত্মা। ভূপেনদাই গোৱাৰ দৰে– “মাঘত দেখো উৰুকা নহয় তুমি নহ’লে”... এনে তীব্ৰ মানৱীয় প্ৰমূল্যত সিক্ত আমাৰ ভোগালী বিহু ৰঙেৰে, গুণেৰে, ঐশ্বৰ্যৰ বিশাল বৰ্ণনাৰে বিভূষিত, য’ত গঞাৰ জীৱনৰ অনন্য ৰূপকথা লিপিত খাই আছে। পৰম্পৰা, লোকবিশ্বাস, সংস্কৃতি, আধ্যাত্মিক চিন্তা-চেতনাৰ বৰ্ণনা ক্ৰমশঃ ধূসৰ-ধূমায়িত। এনে পৰিৱেশেৰে আমি লালিত-পালিত হ’ব লাগিলে জগতৰ পৰিচয় হেৰাব। জ্যোতি ককাইদেৱেও কৈছিল– “ৰূপান্তৰেহে জগত ধুনীয়া কৰে।” এই ৰূপান্তৰো হ’ব লাগিব গ্ৰাম্য জীৱনৰ চিন্তাজগতৰ সোণ-ৰূপৰ অমূল্য শব্দসম্ভাৰক নতুন ৰূপত সাঁচ দিছে। তাৰ শিপা থাকিব লাগিব।
একুৰা বিশাল জুয়ে মানুহৰ মলিয়ন মন, চিন্তা, অশুচী চেতনাক পুৰি পুৰি নতুন জীৱনৰ নাট ৰচি, মনৰ চুক-কোণ চিকুণাই গ্ৰাম্য সংস্কৃতিৰ নিভাঁজ ছবি আঁকে। মানুহ মানুহৰ অমল উৎসৱ এনে প্ৰচ্ছন্ন ধ্যান-ধাৰণাৰে অগ্নিয়ে দাহ কৰা ভেলা ঘৰ, মেজিৰ তপত অঙঠাবোৰ মানুহে সীহৰ পাত্ৰত কঢ়িয়াই নি ঘৰৰ বাৰীৰ চৌহদত সিঁচি দিছিল। লোকবিশ্বাস মতে এনে কৰিলে ঘৰৰ চৌহদৰ ভিতৰলৈ অপশক্তিয়ে প্ৰৱেশ কৰিব নোৱাৰে। এনে জনবিশ্বাসৰ হাতত মেজিৰ জুই আনি দল-মূল, তামোল-নাৰিকলৰ গুৰিত সিঁচি শইচময় জীৱনৰ সন্ধানত মনবোৰ কৰ্ষণ কৰিছিল।
কৃষিজীৱী মানুহৰ অমল বিশ্বাসৰ সেন্দূৰীয়া জীৱনত বিহুৰ তাৎপৰ্যৰ গৰ্ভত থকা আনন্দ, শোক, বিশ্বাস, হেঁপাহবোৰ বিলাব পাৰিছিল বুকুৰ বঙিয়া মেলি। যিবোৰ আছিল বে-নজীৰ। পথাৰৰ সোণালী নৰাৰ পৰিয়াল, জোনাকৰ স্নিগ্ধতা, নানা ফুলৰ ৰং আৰু সুগন্ধিয়ে হদয় আচ্ছন্ন কৰি তুলিছিল। ইঘৰ-সিঘৰ, সাতোঘৰ গঞাৰ পৰিয়ালৰ মাজত ভোগালীৰ ৰস, ৰং আৰু ভোগৰ বিশাল সোৱাদ বিতৰণে মানুহক বান্ধি ৰাখিছিল অমন স্নেহেৰে। নামঘৰ, গুৰুদ্বাৰত দবা-কাঁহৰ শব্দ যেন মাঘ বিহুৰ উৰুকা, বুঢ়া-মেধা ককাৰ নিভাঁজ প্ৰজ্ঞাৰ ব্যাকৰণ, জ্যামিতি, সৰল বিজ্ঞান– য’ত গাঁও, মানুহ, মানুহৰ সভ্যতা, পৃথিৱী আৰু সমাজ এনে সংজ্ঞাত লিপিত খাই আছিল তাহানিৰ মানুহৰ বুকুত ভোগালী বা উৎসৱৰ মৌ-ৰস।
সেয়ে হয়তো ৰুদ্ৰ বৰুৱাৰ কলমত নিগৰিছিল–
এনেদৰে-
“মাঘৰ মেজি মোৰ জ্বলে দপ্দপাই
বেৰি সমনীয়াই ধৰোঁ
সুৰীয়া গীতেৰে হাতৰ চাপৰিৰে
নৈৰে পাৰ উতলা কৰোঁ।”
ভোগালীৰ বিষয়ে নৱকান্ত বৰুৱাই কৈছে–
“পুহমহীয়া জাৰত কঁপি নিহালিখন লওঁ
মাঘ নে আমাৰ ভোগালী মাহ বিহুৰ পিঠা খাওঁ।”
ভূপেনদাই গাইছে–
“অসমৰ ৰাইজে নিজক পাহৰিলে
ভোগালীতো দুৰ্ভোগ পাব।”
ড˚ লীলা গগৈৰ মতে–
“নৌ ধলদাট দিওঁতেই মেজি জ্বলি উঠিল।
ধাম-ধুমকৈ পানী হিলৌ ফুটিবলৈ ধৰিল...
জয় ৰাম বোলা, জয় হৰি বোলা”
(নৈ বৈ যায়)
: মাঘি সপ্তমিৰ এপৰে কালি
আহু এৰি ধৰো শালি।
: যদি সাজে মাঘৰ শেষ
ধন্য ৰজা, ধন্য দেশ।
: মাঘত বাটে পোৱালি মেসে
মুকলি গৰুৱে গোহালি এৰে।
এই গীত, ফকৰা-যোজনা, ডাকৰ-বচন, কবিতাসমূহ কৃষিবৰ্ণনা, বতৰৰ ৰূপ-ৰং আৰু দেশ-কাল মানুহৰ ভৱিষ্যৎ মহিমাকে তুলি ধৰিছে। গীতে সকীয়াই দিছে জাতিৰ দায়িত্ববোধো, ভোগালীক ৰূপান্তৰ কৰি জীয়াই ৰখাৰ তাগিদাকো। মেজিৰ জুইৰ উত্তাপ বৰ্ণনাত মানুহৰ জাতি, মাটিক প্ৰতিনিধিত্ব কৰাৰ কথাত সাংঘাতিক প্ৰগতিৰ চিন্তা নিবিষ্ট হৈ আছে।
আমাৰ ভোগালী বিহুত দৰিদ্ৰ, দুখীয়াজনেও পেট ভৰাই খাব পাৰে, নানা খাদ্যসম্ভাৰ এইসকলেও তেওঁলোকৰ খেতি-খোলাত মেজি সাজে, সাজে ভেলাঘৰ, কৰে অগ্নিপূজা। কাঠ আৰু নৰাৰ মেজিত প্ৰাণ ঢালিব পাৰিছিল। এতিয়া ক্ৰমশঃ অৰণ্য নিঃশেষ হৈ আহিছে। পথাৰত নৰাৰ অভাৱ, কাৰণ পথাৰত চিমেণ্টৰ গোলকীজগতৰ তাগিদা।
ভোগালীৰ মেজি বা ভেলাঘৰ সাজিবলৈ বাঁহৰ প্ৰয়োজন। জখলাত থকা আখিৰ দৰে আখি থকা বাঁহ প্ৰয়োজন ভেলাঘৰৰ বাবে। এনে বাঁহ সাধাৰণতে পোৱাটো কঠিন। ভেলাঘৰৰ বাঁহৰ বেৰ সাধাৰণতে চুৰি কৰিয়ে নিৰ্মাণ কৰা হয়। ভেলাঘৰত ৰাতি যাপন কৰাটোও বৰ আনন্দ আৰু ৰোমাঞ্চকৰ। কেতিয়াবা ই শিহৰণকাৰীও। ঢোল-পেঁপাৰ শব্দই ডেকাসকলৰ মনত নতুন প্ৰাণৰ সঞ্চাৰ কৰে। কুঁৱলিৰ বিশাল দলিচাৰ মাজত বাহিৰৰ হিম যেন শীতল আৰু দেৰদেৰীয়া বতাহত ভেলাঘৰৰ নৈশ যাপন অন্য এক বিৰল অভিজ্ঞতা।
আমাৰ ৰাজ্যখন বিভিন্ন ভূমিপুত্ৰ নৃ-গোষ্ঠীয় থলুৱা লোকৰ আৱাসথলী। তাহানি পাহাৰ-ভৈয়ামৰ মিলনৰ কথা প্ৰাচীন গীত-মাত, নৃত্যকলাত বিচাৰিলে সতেজ হৈ থকা ছবিখনে এতিয়া হদয়ত যন্ত্ৰণা দিয়ে। ভূপেদাৰ “মই আজি কহিমাৰে আধুনিকা ডালিমী” অথবা “পাহাৰ-ভৈয়ামৰ সংগমথলীতে বন্ধু এজন মোৰ আছিলে এদিন” আদি গীতসমূহে বৰ অসমৰ নিভাঁজ সম্প্ৰীতিৰ বৰ ৰূপটোক ভাৰতত জিলিকাই ৰাখিছিল। এতিয়া জনগোষ্ঠীসমূহৰ মাজত অশান্তি, উত্তেজনা। সুকীয়া ৰাজ্যৰ ধাতৱ হুচিয়াৰী। মানুহৰ মুখত হিলৌৰ শব্দ। অসম-নাগালেণ্ড সীমান্তত জুই জ্বলিছে। এয়া মাঘৰ মেজিৰ জুই নহয়। এয়া মানুহ দাহন কৰা জুই।
জনগোষ্ঠীয় লোকসকলৰ নানা উৎসৱ-পাৰ্বণ, লোকাচাৰ ক্ৰমশঃ গোলকীজগতৰ জহত ধনী হ’ব খোজা আঢ্যৱন্ত মধ্যবিত্ত অসমীয়াৰ বুকুৰ পৰা হেৰাই থাকিল। য’ত যিকণ বাকী আছে, তাকো চেতনাহীন মানুহৰ হাতত মৰিবলৈ ক্ষণ গণিছে। পশ্চিমীয়া আধুনিক শিক্ষাৰে বিশাল উদ্যোগীকৰণৰ বতাহত উটি যাবলৈ ধৰা আমাৰ নৱ-প্ৰজন্মৰ সৰহ সংখ্যকৰ হাতত তেনে উদ্যোগত উৎপাদিত সামগ্ৰীৰ বিক্ৰী আৰু উৎপাদন ব্যৱস্থাৰ পাঠ্যপুথিত আত্মনিয়োগ কৰিবলৈ দিয়াত আমাৰ সন্তানৰ বুকুৰ পৰা ত্বৰিত গতিত হেৰাই থাকিল বা হেৰাব ধৰিছে জনগোষ্ঠীয় বুকুৰ উমৰ মহিমা। হেৰাব ধৰিছে জনজাতিবিলাকৰ চহকী সাংস্কৃতিক সত্তা আমাৰ বুকু আৰু চকুৰ পৰা।
এনে ব্যৱস্থাৰ পৰিৱৰ্তন ঘটাবলৈ বা সাংস্কৃতিক শিপাডাল শক্তিশালী কৰি ৰাখিবলৈ গণমাধ্যমসমূহৰ ভূমিকা ক্ৰমশঃ দুখলগাকৈ শীৰ্ণ। মাটিৰ ভৰত, ৰসত পূৰঠ আমাৰ জীৱনৰ বুনিয়াদ জীৱনৰ শোভাযাত্ৰা, য’ত লিপিত খাই আছে উত্তৰ-পূৰ্বাঞ্চলৰ জনগোষ্ঠীবিলাকৰ অভগন জাতীয় উৎসৱ, জাতীয় চেতনা নিৰ্মল বিশ্বাস আৰু প্ৰচণ্ড শক্তি। এইবোৰে নিভাঁজ ৰূপত, স্ব-মহিমাৰে অস্তিত্ব অক্ষুণ্ণ ৰাখিব পাৰিলে উত্তৰ-পূৰ্বাঞ্চলৰ জাতীয় ঐক্যৰে, আধ্যাত্মিক, সামাজিক প্ৰমূল্যৰে কৃষিশক্তিৰ নিৰ্ভেজালকৈ ধৰি ৰাখিব পৰা ক্ষেত্ৰ হ’ব তাত অকণো সন্দেহ নাই। এনে ব্যৱস্থাক জীয়াই ৰাখিবলৈ বিজ্ঞাপনৰ জগতত পণ্য হ’বলৈ ধৰা ভোগালী বিহুৰ দৰে উৎসৱসমূহক ৰক্ষা কৰিবলৈ গণমাধ্যমে ল’বলগীয়া ভূমিকা ল’লে উত্তৰ-পূৰ্বাঞ্চলৰ চৰিত্ৰই ভাৰতত সুকীয়া ৰূপ পৰিগ্ৰহ কৰিব।
অতীত কালৰে পৰা আমাৰ জনগোষ্ঠীয় ভূমিপুত্ৰ ভাইসকলে নানান অংগ-ভংগীৰে জুই-শিল, পানী-পাহাৰ-পৰ্বত আদিক পূজা কৰি আহিছে। খেতিৰ বাবে বতৰৰ দেৱতাক পূজা কৰি একুৰা জুই জ্বলাই নানা গীত-মাতেৰে ডাঙৰ একোটা ঢোলৰ দুই মূৰত এডাল ঢোলমাৰিৰে কোব মাৰি বতৰক আহ্বান কৰে। ঢোলৰ দুইটা মূৰক নাৰীৰ যোনী আৰু ঢোলমাৰিডালক পুৰুষক যৌনাংগৰূপে জ্ঞান কৰা জনগোষ্ঠীসমূহে বিশ্বাস কৰিছিল যে, পুৰুষ-নাৰীৰ সংগমত যিদৰে পৃথিৱীৰ প্ৰজন্মৰ জন্ম হয়, তেনেদৰে অগ্নিপূজাই আকাশৰ বায়ুমণ্ডলত ঢোলৰ মাতত বায়ুমণ্ডলত আমূল পৰিৱৰ্তন আনি বৰষুণৰ আগমন ঘটায়, যিয়ে কৃষিৰ বাবে মাটিক নতুন প্ৰাণ দিয়ে। বৰষুণ মানেই সম্ভাৱনা আৰু নতুনৰ আহ্বান।
এনে পৰম্পৰাৰ এই উৎসৱসমূহক নিজস্ব চৰিত্ৰ অক্ষুণ্ণ ৰখাৰ ক্ষেত্ৰত গণমাধ্যমে দৰাচলতে দায়িত্ব ল’ব লাগিব। ৰূপান্তৰৰ পথেৰে গৈও মাটিৰ নৱ্য-চেতনাৰ ৰসবোধৰ বুনিয়াদী চেতনাৰ ভূমিকা। অন্যহাতে অতীতৰ থলুৱা লোকনৃত্যসমূহত আছে বতাহ-বৰষুণ-ধুমুহা-গাজনিত বিহ্বল হোৱা পৰিস্থিতিৰ পৰা নিৰাপদ স্থানত আশ্ৰয় লোৱা কৃষিজীৱী মানুহৰ প্ৰৱণতা। য’ত আমাৰ সমাজ জীৱনত বিশ্বাস আৰু পৰম্পৰাৰ বাটটো চিকুণাই ৰখা হৈছে। এই বাটক গোলকীজগতে নিঃশেষ কৰাৰ পৰিকল্পনাৰ বিৰুদ্ধে গণমাধ্যমে মাত মাতিবই লাগিব।
গৱেষক পণ্ডিত ড˚ প্ৰমোদ চন্দ্ৰ ভট্টাচাৰ্য্যই কোৱাৰ দৰে “ভোগালী বিহু বা মাঘবিহুৰ সময়ত মেজিমঠ, ভেলাঘৰ (হেৱালিঘৰ), দলভাত (লগভাত), কণীযুঁজ, ম’হযুঁজ, সমূহীয়া মাছমৰা, সমূহীয়া চিকাৰ, গাই গৰু উদয় দিয়া, অগ্নি বন্দনা, চিৰা-সান্দহ, লাড়ু-পিঠা, মাহ-কড়াই আদি ভক্ষণ, পানভোজন, সভা মেলা আদি বিভিন্ন কৰ্মবোৰত কিমান পৰিমাণে বৈদিক যুগৰ মহাব্ৰত, যজ্ঞৰ ঐতিহ্য ৰক্ষা কৰিছে, কিমান পৰিমাণে আদিম গোষ্ঠীৰ তথা লৌকিক প্ৰভাৱ ৰক্ষিত হৈছে সেয়া সূক্ষ্ম বিচাৰৰ বিষয়।” এনে পৰম্পৰা আৰু বিশ্বাস উত্তৰ-পূৰ্বাঞ্চলৰ অন্যান্য জনগোষ্ঠীৰ উৎসৱ-পাৰ্বণতো বিদ্যমান। এই সুৰীয়া, আপুৰুগীয়া, ঐতিহ্য স্বৰ্ণখচিত চন্দ্ৰতাপখনক বিচ্ছিন্ন কৰিবলৈ বিশ্ব-সংস্কৃতিয়ে গোলকী মাত-কথা মেলি দিছে। ইয়াৰ প্ৰতিৰোধৰ বাবে গণমাধ্যমৰ মাত শক্তিশালী নহ’লে আৰু আমাৰ চেতনা তীব্ৰ নহ’লে আমাৰ জাতীয় চেতনা কেংগাৰুৰ আগঠেং দুখনৰ নিচিনা নিশকতীয়া হৈ পৰিব।
মাঘ বা ভোগালী বিহুত সমূহীয়াভাৱে পথাৰৰ ভেলাঘৰত বিল বা নৈত মাছ মাৰি, সমূহীয়া চিকাৰ কৰি ভোজ-ভাত খোৱা, ম’হযুঁজ, কণীযুঁজ, বুলবুলি চৰাইৰ যুঁজ, ঠায়ে ঠায়ে কুকুৰা চৰাইৰ যুঁজে ভোগালীৰ ৰূপ-বৰ্ণনা কৰি আছে। আমাৰ ভোগালীৰ লগত সংপৃক্ত হৈ থকা ম’হযুঁজৰ গুৰুত্ব আৰু মূল্যক বৰ্ণনা কৰিছিল প্ৰখ্যাত কথাছবি পৰিচালক হেমেন দাসৰ আঁহতগুৰিৰ ম’হযুঁজৰ সম্পৰ্কত নিৰ্মাণ কৰা ‘যুঁজ’ কথাছবিয়ে ১৯৯০ চনত, যেতিয়া ৰাষ্ট˜ীয় কথাছবিৰ ৰজত-কমল বঁটা লাভ কৰিছিল। এনে চহকী সংস্কৃতি আৰু লোকবিশ্বাসক শুভ মানৱিক বুদ্ধিসম্পন্ন এচাম মননশীল লোকেই কৃষিজীৱী সমাজত ধৰি ৰাখিব লাগিব।
মোৰ জনমৰ গাঁও বৰকলাত তাহানিৰ ককা-আজোককাৰ দিনত একেখন পথাৰত শিখ-কোঁচ-লালুং-হীৰা-যোগী-মুচি আদি সম্ৰদায়ে একেলগে ভোগালী পালন কৰি ভোজভাত খোৱা পৰম্পৰাত নিহিত থকা ঐক্য-প্ৰীতিয়ে নতুন মাত্ৰা বহন কৰিছিল।
মূলতঃ কৃষিজীৱী জীৱনৰ লগত বিহুৰ ঐতিহ্য নিহিত, য’ত লোকবিশ্বাস আৰু লোকপৰম্পৰাৰে বিভিন্ন নৃ-গোষ্ঠীয় বিহুক কেন্দ্ৰ কৰিয়েই কৃষি সমৃদ্ধ হৈ আহিছে। সেয়া লাগে আমাৰ তিনি বিহুৱেই হওক, ডিমাছাসকলৰ বূসু, কাৰ্বিসকলৰ বুটৰ কেকো, বড়োসকলৰ বৈশাখু আৰু মাগৌ উৎসৱ, ৰাভাসকলৰ লাঙা পূজা আৰু বাৰাই, মিচিãৰ আলি-আই-লৃগাং যিয়েই নহওক, প্ৰত্যেকটোৱেই কৃষিৰ লগত জড়িত। ৰঙালীয়ে ভৱিষ্যৎ নিৰাপত্তা উৰ্বৰ বিশ্বাস দিয়ে, কঙালীয়ে হতাশা-অমংগলৰ বিপৰীতে আশাৰ বিশ্বাস আৰু ভোগালীয়ে দিয়ে প্ৰাপ্তিৰ বিপুল ৰঙৰ ভোগৰ বিশ্বাস– যাৰ গৰ্ভত নিহিত থাকে প্ৰচণ্ড শ্ৰম।
ভ্ৰাম্যভাষ: ৯৪৩৫১-৬৯০৩৮