অন্যযুগ/


বিজ্ঞানভিত্তিক অসমীয়া শিশু সাহিত্যৰ বিকাশৰ অন্তৰায়: এক চমু অৱলোকন

° ৰমেশ চন্দ্ৰ গোস্বামী


শিৰোনামত বাৱহৃত ‘শিশু সাহিত্য’ শব্দৰ দ্বাৰা শিশু আৰু চেমনীয়া উভয়ৰে বাবে ৰচিত সাহিত্যক বুজোৱা হ’ব। অর্থাৎ মোটামুটিভাৱে আঠৰ পৰা চৈধ্য বছৰমান বয়সৰ ল’ৰা-ছোৱালীৰ বাবে ৰচনা কৰা বিজ্ঞানভিত্তিক সাহিতাকহে সামৰা হ’ব। বিজ্ঞানভিত্তিক সাহিত্য বা বিজ্ঞান সাহিত্যনো কি? বিজ্ঞান সাহিত্য হৈছে বিজ্ঞান আৰু সাহিত্যৰ এক সুখগ্ৰাহ্য সংমিশ্ৰণ বা সহাৱস্থান। ইয়াত বৈজ্ঞানিক তত্ত্ব, তথ্য, সংবাদ আদিয়ে সাহিত্যৰ ৰসত বিধৌত হৈ চিকুণ ৰূপ পৰিগ্ৰহণ কৰে। উনুকিওৱা দৰকাৰ যে শিৰোনামত উল্লিখিত ‘বিকাশ’-এ অকল পুথি প্রকাশকে নুবুজাই সংবাদ-পত্ৰ, আলোচনী, ৰেডিঅ’, টেলিভিছন আদি অন্যান্য মাধ্যমকো বুজাব।
আমাৰ এই পত্ৰত বিজ্ঞানভিত্তিক শিশু সাহিত্যত কি ধৰণৰ কাম কোনে কেনেকৈ কৰি গৈছে বা কৰি আছে সেইবোৰ কথাৰ সলনি তেনে সাহিত্য সৃষ্টিৰ গুৰিতে থকা গোটাচেৰেক সমস্যাৰ কথাহে নিজৰ দৃষ্টিৰে চমুকৈ আলোচনা কৰা হ’ব। তদুপৰি তেনে সাহিত্য সৃষ্টিৰ বেলিকা চকুত পৰা সম্ভাৱনীয়তাৰ কথাও উল্লেখ কৰাৰ প্রচেষ্টা চলোৱা হ’ব।
অসমীয়া বিজ্ঞান সাহিত্যৰ আৰম্ভণি প্ৰায় ছশ বছৰ পুৰণি যদিও শিশু সাহিত্যত বিজ্ঞানৰ প্রৱেশ তুলনামূলকভাৱে একেবাৰে নতুন, সম্ভৱতঃ ১৯৪৩ চনতহে প্রকাশিত হয় প্রথমখন পুথি৷ ‘‘অসমীয়া ভাষাত ৰোহিণী কুমাৰ বৰুৱাৰ ‘বিজ্ঞানৰ সাধু’ (১৯৪৩)-খনেই প্রথম শিশু বিজ্ঞানৰ পুথি।’’ (অসমীয়া শিশু সাহিত্যৰ সংক্ষিপ্ত ইতিহাস: উপেন্দ্ৰ বৰকটকী)। তাৰ পাছত অনেক লেখক-লেখিকাই বিভিন্ন বিষয়ক উপজীৱ্য হিচাপে লৈ ভিন ভিন শৈলীৰে ভিন ভিন সময়ত কেইবাখনো শিশু উপযোগী বিজ্ঞান সাহিত্যৰ পুথি ৰচনা কৰি আহিছে। কিছুমানে কেইবাখনো স্বদেশী-বিদেশী অন্য ভাষাৰ শিশু বিজ্ঞান পুথি ভাঙনিও কৰিছে। কিতাপৰ ৰূপত প্রকাশ নকৰিলেও প্রায় ভাগ সংশ্লিষ্ট লেখক-লেখিকাই দায়িত্ব বুজি আলোচনী, বাতৰি কাকত, ৰেডিঅ’ বা টেলিভিছনৰ যোগেদিও তেওঁলোকৰ সৃষ্টিৰে এই দিশত বৰঙণি আগ বঢ়াই আহিছে।
অসমীয়া ভাষাত বিজ্ঞানভিত্তিক শিশু সাহিত্যৰ সাম্প্ৰতিক অৱস্থাৰ প্ৰেক্ষাপটত কেতবোৰ ত্ৰুটি-বিচ্যুতি চকুত পৰে-- অকল প্ৰকাশৰ পথতে নহয়, সৃষ্টি, পুথি প্রস্তুতকৰণ, পৰিৱেশন, পঠন-পাঠন, বহুতো দিশতে ৷ সেইবোৰে ইয়াৰ বিকাশৰ পথত অন্তৰায় সৃষ্টি কৰিছে। সমস্যাবোৰ অৱশ্যে‍ গুৰুত্ব অনুসাৰে ক্ৰমাংকিত কৰা সুবিধাজনক নহয়। সেয়ে তলত যেনেকৈ পৰা যায় কথাবোৰ লিপিবদ্ধ কৰিবলৈ চেষ্টা কৰা হ’ল।
বিজ্ঞানৰ এই জয়যাত্ৰাৰ দিনতো অসমীয়া লোকৰ এক বুজন অংশই বিজ্ঞানক অকল স্কুলীয়া পাঠ্যক্ৰমৰ অন্তৰ্ভুক্ত এটা টান বিষয় বুলিহে বিশ্বাস কৰে। সেয়ে তেনে অভিভাৱকসকলে আৰু স্কুলৰো বহুতো শিক্ষকে ছাত্ৰ-ছাত্ৰীক বিজ্ঞানৰ পৰীক্ষা-নিৰীক্ষা কৰা, বিজ্ঞানৰ অন্য কিতাপ-আলোচনী আদি পঢ়া, ৰেডিঅ’, টি.ভি.-ত বিজ্ঞান অনুষ্ঠান উপভোগ কৰাত উদ্‌গণি নোযোগায়। অৰ্থাৎ একাংশ অভিভাৱক তথা শিক্ষকৰ নিৰ্লিপ্ততাই শিশুক সাহিত্যৰ মাধ্যমেৰে বিজ্ঞান শিক্ষাৰ পৰা বঞ্চিত কৰি আছে।
এনে পৰিস্থিতিৰ দোহাই দিয়েই শিশুৰ বাবে বিজ্ঞান সাহিত্য ৰচনা কৰাই হোৱা নাই বা ভৱিষ্যতেও কৰা নহ’ব তেনে নহয়। লেখকসকলে এতিয়ালৈকে কম আয়তনৰ লেখা প্রকাশ কৰা নাই। হ’লেও শিশুৰ বাবে উপযোগীকৈ প্রকাশিত ৰচনাৰ মান, বিষয়বস্তু, শৈলী আদি বহু ক্ষেত্ৰত পুনৰ চিন্তা-চৰ্চা কৰাৰ প্রয়োজন কোনেও নুই কৰিব নোৱাৰে।
প্রথমতে বিষয়বস্তুৰ কথাকে লৈছোঁ৷ বিষয়বস্তুৰ বিভিন্নতা আৰু নতুনত্ব যিকোনো ভাষাৰ বিজ্ঞান সাহিত্যৰে বিকাশৰ এটা পূৰ্বচৰ্ত-- লাগিলে সি শিশু সাহিত্যই হওক বা প্রাপ্তবয়স্কৰ সাহিতাই হওক। বৰ্তমানলৈকে যিবোৰ শিশু উপযোগী বিজ্ঞান সাহ্যিতৰ ৰচনা প্রকাশিত হৈছে, সেইবোৰে পদাৰ্থ, ৰসায়ন, জীৱ বিজ্ঞান, পৰিৱেশ, শক্তি উৎপাদন, কৃষি, কিছু পৰিমাণে চিকিৎসা বিজ্ঞান আদি দিশ সামৰি লৈছে। হ’লেও তেনেবোৰ বিষয়তে যিবোৰ নতুন নতুন উদ্ভাৱন হৈছে, সেইবোৰ এতিয়া ক্ৰমে বুজিবলৈ কঠিন হৈ আহি আছে। জিনেটিক ইঞ্জিনিয়াৰিং, নেন’টেক্‌ন’ল’জি, কাণ্ডকোষ গৱেষণা, কৃষ্ণ গহ্বৰ ইত্যাদি নতুন নতুন বিষয় সঁচাকৈয়ে শিশুৰ বাবে বোধগম্য নহয়। তৎসত্ত্বে‍ও ক’ব লাগিব, অতি দক্ষ লেখকে তেনেবোৰ কঠিন অথচ বৰ্তমান সময়ত জানিবলগীয়া বিষয়ৰো লেখাও প্রস্তুত কৰিব পাৰিব। বিষয়বস্তু নিৰ্বাচনৰ বেলিকা আন এটা দিশৰ অভাৱ চকুত পৰে। সেয়া হৈছে ঔদ্যোগিক উৎপাদন প্রক্ৰিয়া সম্পৰ্কীয়৷ উদাহৰণস্বৰূপে অসমীয়া বিজ্ঞান সাহিত্যত শিশুৰ বাবে নালাগে, ডাঙৰৰ বাবেও বেকাৰিৰ বস্তু উৎপাদন, দুগ্ধজাত সামগ্ৰী উৎপাদন, ইটা, চীনামাটিৰ বাচন, প্লাষ্টিকৰ সা-সামগ্ৰী, চাবোন, বাচন- বৰ্তন, তেল আদি বিভিন্ন বয়-বস্তু উৎপাদন সম্পৰ্কীয় কথা লিখা পুথি চকুত নপৰে বুলিলেও হয়। অথচ বিষয়সমূহ অপ্ৰয়োজনীয় নহয়। এই প্ৰসংগতে মন কৰিবলগীয়া যে সকলো বিষয় সকলো বয়সৰ শিশুৰ বাবে হ’বও নোৱাৰে।
লেখা এটাৰ পৰিৱেশন পদ্ধতি অন্য এটা অত্যন্ত জৰুৰী কথা৷ কোনো প্রতিপাদ্য বিষয় কেনে ধৰণে কিমান বয়সৰ শিশুৰ কাৰণে প্রস্তুত কৰা হ’ব, তাক সুচিন্তিতভাৱে বিবেচনা কৰা দৰকাৰ৷ পোনপটীয়া ৰচনা সদায় অধিক প্রচলিত ঠিকেই, হ’লেও কাহিনীৰ ৰূপত লিখা ৰচনা, নাটক বা ৰূপক, আলেখ্য, কথোপকথন, আৱিষ্কাৰৰ বিৱৰণ, ভ্ৰমণ কাহিনী, কবিতা, চিঠি আদিৰ ৰূপত লিখিলে বিষয়বস্তু অধিক মনোগ্ৰাহী হয় যেন লাগে। ক্ষেত্ৰ বিশেষে হয়তো ৰসৰচনা, কাৰ্টুন আদিও গ্ৰহণযোগ্য হ’ব পাৰে। আকাশবাণীয়ে বিদ্যাৰ্থী অনুষ্ঠান আদি অনুষ্ঠানৰ যোগেদি প্ৰচাৰ কৰা বিজ্ঞানৰ ৰূপকসমূহ, নাট্যৰূপত লিখা ‘ট্ৰাইটনৰ অভিযান’ (প্ৰকাশক, বাণী প্ৰকাশ), চিঠিৰ ৰূপত লিখা ‘সাগৰৰ কথা’ (প্ৰকাশক—প্ৰথম প্ৰকাশ, অসম সাহিত্য সভা, দ্বিতীয় সংস্কৰণ, অন্বেষা) আদি পুথিৰ বিষয়ে এই প্ৰসংগতে‍ উনুকিয়াব পাৰি। পৰিৱেশন মনোগ্ৰাহী হ’লেহে শিশুসকল বিষয়বস্তুৰ সৈতে একাত্ম হয়, তেওঁলোকে কাহিনীৰ মাজত নিজকে বিচাৰি পায়।
যিকোনো লেখাতে ভাষা অত্যন্ত গুৰুত্বপূৰ্ণ কাৰক। ভাষায়ো পাঠকৰ মনোযোগ নিয়ন্ত্ৰণ কৰে। লেখকসকলে শিশুসকলৰ বয়সৰ প্রতি চকু ৰাখিহে ভাষা ব্যৱহাৰ কৰা দৰকাৰ। কিন্তু দেখা যায় সৰহ সংখ্যক অসমীয়া বিজ্ঞান লেখাতে ভাষাৰ সাৱলীলতা কম। কঠিন শব্দৰ ব্যৱহাৰে শিশুৰ মন টেঙায়। অৱশ্য যুক্তাক্ষৰ থকা শব্দহে যে কঠিন তেনে কেতিয়াও নহয়; উদাহৰণস্বৰূপে, ‘অথচ’ শব্দৰ দৰে স্বৰবৰ্ণবিহীন শব্দও শিশুৱে নুবুজে৷ শিশুৰ বাবে প্রস্তুত কৰা লেখাত যিমান পাৰি যৌগিক বা জটিল বাক্য এৰি চুটি চুটি সৰল বাক্যহে ব্যৱহাৰ কৰিব লাগে। মন কৰিব পাৰি যে একাংশ অসমীয়া শিশু সাহিত্যৰ লেখকে শব্দ, বাক্য, বিষয়বস্তু, শৈলী সকলো দিশতে চকু দি উন্নত শিশু সাহিত্যৰ সৃষ্টি কৰি আছে।
বিজ্ঞানৰ লেখা প্রায়েই তথ্যনিৰ্ভৰশীল৷ কিছুমান তথ্য সময়ৰ লগে লগে সলনিও হয়। সেয়ে লেখকসকল সতৰ্ক পাঠকো হোৱা অনিবাৰ্য। তথ্য আৰু লেখাৰ বাবে বিষয়ৰ সমল নিৰ্ভৰযোগ্য উৎসৰ পৰা নল’লে ভুল তথা পৰিৱে‍শিত হোৱাটো নিশ্চিত। আন্তৰ্জাতিক বিশ্বকোষ Encyclopaedia Britanica The Grow Hill Encyclopaedia of Science and Technology, National Geographic Science Encyclopaedia, The Illustrated Science and Invention Encyclopaedia, Book of Knowledge ইত্যাদি;‍ উচ্চমানৰ আলোচনী, যেনে— Nature, New Scientist, Scientific American, Science ইত্যাদি নিৰ্ভৰযোগ্য উৎস। আনহাতে বৰ্তমান internet-তে প্রয়োজনীয় সকলো পোৱা যায় যদিও কিছুমান তথ্য আৰু কোনো কোনো ধাৰণাৰ ব্যাখ্যাৰ সঠিকতাৰ ওপৰত সন্দেহৰ অৱকাশেআ থাকে৷ তাৰ মানে লে‍খাৰ বাবে তথ্য সংগ্ৰহ কৰা প্রক্ৰিয়াও সুস্থ লেখাৰ ক্ষেত্ৰত এটা অপৰিহার্য অথচ অত্যন্ত কষ্টসাধ্য কথা। 
চিত্ৰৰ কথালৈ আহোঁহঁক। বিজ্ঞান লেখাত চিত্ৰৰ প্রয়োজনীয়তা সম্পৰ্কে প্রতিগৰাকী লেখক আৰু পঢ়ুৱৈয়ে জানে। লেখা এটাৰ যি ঠাইত যি ধৰণৰ ছবিৰ প্রয়োজন, তাতেই সেই ছবিটো নবহুৱাই কিছু আগতে বা পাছতহে বহুওৱাৰ প্রৱণতা দেখা যায়। চিত্ৰই বিষয়বস্তু বুজাতে যে সহায় কৰে তেনে নহয়, ই শিশুসকলক কিতাপলৈ আকৰ্ষণো কৰে। আকৰ্ষণৰ তাগিদাত ঠাই বিশেষে বিজ্ঞান কাৰ্টুন চিত্রও সন্নিৱিষ্ট কৰিব পাৰি। কিন্তু অতি প্রয়োজন নহ’লে লেখ, জটিল বিদ্যুৎ বৰ্তনী আদি এৰাই চলা ভাল। অসমীয়া শিশু বিজ্ঞান সাহিত্যৰ বেলিকা চিত্ৰৰ ওপৰত প্রয়োজন অনুপাতে গুৰুত্ব দিয়া নহয়৷ (ইয়াৰ বিপৰীতে ইংৰাজীত এনেকুৱা শিশু পুথিও দেখিবলৈ পোৱা যায় য’ত প্রতিপাদ্য বিষয়বস্তুৰ প্রায় আশী শতাংশ ছবিৰেই আগবঢ়াই নিয়ে।) সেইবুলি শিশুৱে বুজিয়েই নোপোৱা ছবি দিয়াতকৈ নিদিয়াহে শ্ৰেয়। 
সম্ভৱতঃ সু্সম্পাদনাৰ অভাৱেই বিজ্ঞানভিত্তিক অসমীয়া শিশু সাহিত্যৰ প্রকাশ আৰু বিকাশৰ অন্যতম মুখ্য অন্তৰায়৷ নিচেই কম ব্যতিক্ৰম বাদে প্ৰায়বোৰ পুথিতে সম্পাদনাৰ অভাৱ পৰিলক্ষিত হয়। কোনোখন হয়তো সমলৰ অভাৱত দুৰ্বল, কোনোখনত তথ্যৰ ভুল, বাক্যৰ গাঁথনি আসোঁৱাহযুক্ত, ব্যাকৰণগত অশুদ্ধতা, বৰ্ণাশুদ্ধি। ক’ৰবাত আকৌ শিৰোনাম অনুসাৰে বিষয়বস্তু উপস্থাপন কৰাই হোৱা নাই, য’ত গুৰুত্ব দিয়া উচিত, তাৰ সলনি অন্য কথাতহে গুৰুত্ব দিয়া হৈছে, এনেকুৱা। পৰিভাষাৰ কথাতো আছেই!
কপি-সম্পাদনাৰ সংস্কৃতি আমাৰ পুথি বা আলোচনী প্ৰকাশন শিল্পত তেনেই অচিনাকি৷ লেখকে যেনেকৈ পাণ্ডুলিপি জমা দিয়ে তেনেকৈয়ে ই ছপাশাল পায়গৈ। সম্পাদকে যিখিনি কৰে, সেয়াই সম্পাদনা, সেয়াই কপি সম্পাদনা৷ ছপাশাল পোৱাৰ পূৰ্বেই পাণ্ডুলিপিৰ কপি সম্পাদনা হৈ গ’লে পুথিখন নিম্নতম আসোঁৱাহপূৰ্ণ হৈ‍ ওলাব বুলি আশা কৰা যায়।
যিকোনো ভাষাৰ সাহিত্যতে অনুবাদৰ প্ৰয়োজন কোনেও নুই কৰিব নোৱাৰে। ই এক ধৰণৰ বৌদ্ধিক বিশ্বায়ন। অসমীয়া শিশু সাহিত্যতো ভালেমান গ্রন্থ অনূদিত হৈছে যদিও বিজ্ঞানভিত্তিক শিশু সাহিত্য তাৰ পৰা এতিয়াও ভালেখিনি বঞ্চিত হৈ আছে। নেছনেল বুক ট্রাষ্টে কেইবাখনো বিজ্ঞান পুথি অনুবাদ কৰাইছে ঠিকেই; হ’লেও শিশু উপযোগী গ্ৰন্থৰ সংখ্যা তাতোকৈ বেছি হোৱা বাঞ্ছনীয়৷ ব্যক্তিগত অনুবাদক, প্ৰকাশকৰ প্ৰচেষ্টাতো তেনে পুথি বেছিকৈ ওলোৱা নাই। ‘ইলেকট্ৰনিক
নামৰ ল’ৰাটো’, ‘হৈ‍টি-টৈ‍টি', ‘বেলুনত পাঁচ সপ্তাহ’, ‘অদৃশ্য মানৱ’ আদি তেনে মুষ্টিমেয় কেইখনমান পুথি৷
অসমীয়া শিশু বিজ্ঞান সাহিত্যৰ বিকাশৰ পথত আন এক অন্তৰায় হৈছে উপযুক্ত/ আগ্ৰহী প্ৰকাশৰ অভাৱ। অনস্বীকাৰ্য যে এক বুজন সংখ্যক প্রকাশকেই ব্যৱসায়িক লাভালাভৰ চিন্তা কৰিবই। সেয়ে গল্প-উপন্যাস, প্ৰবন্ধ, ভ্ৰমণ কাহিনী, সাধুকথা আদিৰ তুলনাত বহুতো প্রকাশকে স্কুল-কলেজীয়া পাঠ্যপুথি, প্ৰসংগ পুথি তথা সহায়িকা ধৰণৰ পুথি প্রকাশৰ প্রতিহে অধিক আগ্ৰহী হোৱা দেখা যায়। জীৱন-জীৱিকাৰ তাড়নাত সেয়া খুবেই স্বাভাৱিক। তাৰ মাজতে সকলো প্রকাশন প্ৰতিষ্ঠানে ছেগা-চোৰোকাকৈ শিশু গ্ৰন্থও প্রকাশ কৰি আছে। তৎসত্ত্বে‍ও ক’ব লাগিব, প্রকাশক গোষ্ঠীৰ ফালৰ পৰা শিশু সাহিত্যই আৰু তাৰ ভিতৰতো বিজ্ঞানভিত্তিক শিশু সাহিত্যই যথাযোগ্য গুৰুত্ব লাভ কৰা নাই। 
ইয়াৰ ভিতৰতে‍ ব্যতিক্ৰমো আছে। যেনে, অসম শিশু সাহিত্য ন্যাস, অসম বিজ্ঞান সমিতি, পূৰ্বৰ কালছোৱাৰ অসম প্রকাশন পৰিষদ, নেছনেল বুক ট্ৰাষ্ট ইণ্ডিয়া, অন্বেষা, মৌচাক প্রকাশন, বাণী প্ৰকাশ, লয়াৰ্ছ বুক ষ্টল, অসম বুক হাইভ আদি কেইখনমান প্রতিষ্ঠানে এই দিশত আন বহুতৰে তুলনাত অধিক বৰঙণি আগবঢ়াইছে। 
বিক্ৰীৰ সমস্যালৈ আহোঁ। বিক্ৰী হয়তো সিমান ডাঙৰ সমস্যা নহয়। কিয়নো, যোৱা কেইটামান দশক জুৰি অসমীয়া শিশু সাহিত্য পুথিৰ সন্ধানত গ্ৰন্থমেলাবোৰত বহু অভিভাৱকে ভিৰ কৰা দেখা গৈছে। আনকি স্থায়ী দোকানবোৰতো। তাৰে একাংশই শিশুৰ বাবেও কিতাপ বিচাৰি হায়ৰান হোৱাৰ কথা শুনা যায়। তাৰ বিপৰীতে প্রকাশকসকলেহে গ্ৰাহকক সন্তুষ্ট কৰিব পৰাকৈ কিতাপ উলিয়াই দিব পৰা নাই। বিক্ৰী কৰাৰ সলনি বিক্ৰী কৰিবলৈ গ্ৰন্থ নোহোৱাটোহে আমাৰ বোধেৰে বেছি ডাঙৰ সমস্যা৷
শিশুৰ বাবে উপযুক্ত বিজ্ঞান আলোচনীৰো অভাৱ অনুভূত হয়। দেখা গৈছে, বহু দশক আগৰ পৰাই অসমৰ প্ৰায়বোৰ বাতৰি কাকত আৰু আলোচনীয়ে শিশুৰ বাবে কিছু ঠাই আছুতীয়াকৈ ৰাখি আহিছে। কিন্তু সেই ঠাই বিজ্ঞানৰ বাবে বুলি নহয়, সাধাৰণ বিষয়বস্তু বুলিহে ৰখা হয়। দীৰ্ঘকাল চলি থকাৰ বিচাৰত চালে অকল ‘নতুন আৱিষ্কাৰ’ নামৰ শিশু আলোচনীখনহে শিশুৰ বাবে প্ৰস্তুত কৰা বিজ্ঞান সাহিত্যৰ আলোচনী যেন লাগে। একেদৰে বিজ্ঞান সুৰভিও এখন শিশুৰ বাবে প্ৰকাশিত বিজ্ঞান আলোচনী আছিল৷
আকাশবাণীয়ে বিভিন্ন ৰূপত শিশুসকলৰ বাবে বিজ্ঞান প্ৰচাৰ কৰি আছে। তেওঁলোকে কেইবাজনো দক্ষ লেখকৰ ৰূপক, কথিকা, সাক্ষাৎকাৰ, আলেখ্য আদি প্ৰচাৰেৰে‍ শিশুৰ বাবে কাম কৰি আহিছে। হ’লেও ক’ব লাগিব, বৰ্তমান সময়ত ৰেডিঅ’ৰ শ্ৰোতাৰ সংখ্যা হ্ৰাস পাইছে। তাৰ বিপৰীতে টেলিভি‍ছনৰ অনুষ্ঠানহে উপভোগ কৰিব বিচৰাৰ সংখ্যা বাঢ়ি গৈছে৷ সেয়ে আকাশবাণীৰ নিচিনাকৈ টেলিভিছনৰ যোগেদিও শিশুৰ বাবে বি‍জ্ঞান সাহিত্যৰ সম্প্ৰচাৰ আমি বিচাৰোঁ৷  
শেষত আন এটা ডাঙৰ সমস্যাৰ কথা উনুকিয়াব খোজোঁ— বৰ্তমান বিজ্ঞানভিত্তিক শিশু সাহিত্য ৰচনা কৰিবলৈ ইচ্ছুক লোকৰ সংখ্যা কমিছে। আজিৰ তুলনাত কাইলৈৰ প্রজন্মত তেনে লোকৰ প্রায় বিলুপ্তিয়েই ঘটিব যেন লাগে। তাৰ কাৰণ একাধিক। এটা কাৰণ হৈছে এই যে বৰ্তমান অসমীয়াৰ সলনি ইংৰাজী মাধ্যমত শিক্ষা গ্ৰহণ কৰা ছাত্ৰ-ছাত্ৰীসকলৰ প্ৰায়ভাগেই এনেকুৱা বিষয়ত তেনেই উদাসীন৷ আন এটা কাৰণ, একাংশ বিজ্ঞানৰ ছাত্ৰ বা ব্যক্তি নিজ নিজ বিষয়ৰ গৱে‍ষণাৰ প্রতিযোগিতাত ব্যস্ত; অইনফালে চকু দিবলৈ তেওঁলোকৰ সঁচাকৈয়ে সময় নাথাকে। তাৰ ভিতৰত একেবাৰে বিৰল ব্যতিক্ৰম অৱশ্যেই থাকিব পাৰে।
(২০০৭ চনৰ গুৱাহাটী গ্ৰন্থমেলাৰ আলোচনাচক্ৰত পঠিত লেখাৰ সামান্য সংশোধিত ৰূপ)

প্ৰসংগ: 
(১) অসমীয়া শিশু সাহিত্যৰ সংক্ষিপ্ত ইতিহাস— উপেন্দ্ৰ বৰকটকী
(২) বিজ্ঞান লেখকৰ হাতপুথি— (সম্পাদক) ড° দীনেশ চন্দ্ৰ গোস্বামী
(৩) অসমীয়া বিজ্ঞান সাহিত্য— অতীতৰ পৰা বৰ্তমানলৈ, সম্পাদক: ক্ষীৰধৰ বৰুৱা
(৪) অসমীয়া সাহিত্যৰ ৰূপৰেখা— ড° মহেশ্বৰ নেওগ

অন্যযুগৰ প্ৰকাশিত সংখ্যাসমূহ