ড০ পৰমানন্দ মহন্ত
কুৰি শতিকাৰ আগলৈকে উচ্চ শিক্ষাৰ ক্ষেত্ৰত
মহিলাক কোনো দেশতেই উৎসাহ যোগোৱা হোৱা নাছিল৷ সেই কালত বিজ্ঞানৰ শিক্ষা মহিলাৰ
বাবে সুদূৰপৰাহত আছিল৷ ক’বলৈ গ’লে দুই বিশ্বযুদ্ধই ধুই
যোৱাৰ পাছতহে বিজ্ঞানৰ শিক্ষা ছোৱালীৰ বাবে সুলভ হৈ পৰিল৷ ইয়াৰ প্ৰধান কাৰণ এটা
আছিল যুদ্ধকালীন পৰিস্থিতিত অনেক গৱেষণাগাৰ আৰু চিকিৎসা কাৰ্যত মহিলা কৰ্মীৰ
উল্লেখযোগ্য অৱদান৷ কিন্তু এই সহজলভ্যতাও
আহিছিল ইয়াৰ আগতেই অনেক দুৰ্দমনীয় মহিলাই বিজ্ঞানৰ বিভিন্ন ক্ষেত্ৰত দেখুওৱা
প্ৰতিভাৰ অত্যুজ্জ্বল চিকমিকনিৰ পাছতহে৷ বিজ্ঞানৰ অধ্যয়ন বা গৱেষণাৰ ক্ষেত্ৰত
পুৰুষে মহিলাক সোমাবলৈ দিয়ক বা নিদিয়ক, তালৈ কেৰেপ নকৰিও অনেক সাহসী মহিলাই নিজৰ
নিজৰ উপায়েৰেই নিজৰ আনুসন্ধিৎসু ক্ষুধাৰ নিবৃত্তি কৰি বিজ্ঞানৰ বিভিন্ন ক্ষেত্ৰক
সমৃদ্ধ কৰি গৈছে আৰু এনে অৱদানসমূহ বিজ্ঞানীসমাজত যথাযথভাৱে স্বীকৃতও হৈ আহিছে৷
অলপতে অসম বিজ্ঞান সমিতিয়ে প্ৰকাশ কৰা ড০ অদিতি
বেজবৰুৱাৰ ‘বিজয়িনী’ বিজ্ঞান প্ৰযুক্তিৰ বিভিন্ন শাখাত গৱেষণা কৰি অতি ওপৰ খাপৰ
আৱিষ্কাৰেৰে বিজ্ঞানজগতক চহকী কৰি থৈ যোৱা এনে কেইগৰাকীমান বাটকটীয়া
বিজ্ঞানী, প্ৰযুক্তিবিদৰ জীৱন-আলেখ্য৷ পদাৰ্থবিদ্যা, জ্যোতিৰ্বিদ্যা, ৰসায়ন
বিদ্যা, জীৱবিজ্ঞান, চিকিৎসা বিজ্ঞান, উদ্ভিদ বিজ্ঞান, গণিতৰ পৰা অভিযান্ত্ৰিক
বিদ্যালৈকে অনেক বিষয়ত এইসকল মহিলা বিজ্ঞানী আৰু অভিযন্তাই নিজ নিজ প্ৰতিভাৰ
স্বাক্ষৰ ৰাখি গৈছে৷ প্ৰায় তিনিশ বছৰজোৰা এই সময়ছোৱাত য়ুৰোপ, আমেৰিকা আৰু এছিয়াৰ
দৰে ভিন্ ভিন্ মহাদেশৰ মহিলা বিজ্ঞানীয়ে কিহৰ প্ৰেৰণাৰে তেওঁলোকৰ অধ্যয়নমূলক
অভিযানসমূহত আগবাঢ়িছিল, নিজৰ নিজৰ লক্ষ্যত উপনীত হোৱাৰ পথত কিমান বাধা-বিঘিনিৰ
সন্মুখীন হৈছিল আৰু কি কঠিন দৃঢ়তাৰে এনে বাধা-বিঘিনিবোৰ অতিক্ৰম কৰিছিল ড°
বেজবৰুৱাৰ এই জীৱন আলেখ্যসমূহে তাৰে বিৱৰণ দাঙি ধৰিছে৷
লেখিকাই ‘লেখিকাৰ একাষাৰ’-ত ক’বৰ দৰে ‘জীৱনীবিলাকত তেওঁলোকৰ
কেৱল কৰ্মকে প্ৰাধান্য দিয়া হোৱা নাই, তেওঁলোকৰ জীৱন সংগ্ৰামৰ কথাও গুৰুত্ব সহকাৰে
উল্লেখ কৰা হৈছে৷’ ‘আমাৰ দৰেই তেজ-মঙহৰ দোষে-গুণে বিজড়িত সাধাৰণ মানুহ’ এইসকল
মহিলাই কিদৰে ‘নিজৰ ত্যাগ, কষ্টসহিষ্ণুতা, অধ্যৱসায় আৰু জ্ঞানৰ সাধনাৰে তেওঁলোকৰ
জীৱন মহিমামণ্ডিত কৰি তুলিছে’ তাৰেই কাহিনী কিতাপখনত বিবৃত হৈছে৷
‘বিজ্ঞান জগতত মহিলা’ শীৰ্ষক প্ৰাক্কথনেৰে লেখিকাই মহিলাৰ ক্ষেত্ৰত
বিজ্ঞান জগতত বৰ্তাই ৰখা বাধাসমূহ পুৰুষতান্ত্ৰিক সমাজৰ বিকাশৰ স্বাভাৱিক পৰিণতি
বুলি আওপকীয়াকৈ হ’লেও কৈছে এইবুলি: ‘‘পৃথিৱীৰ বিভিন্ন দেশ আৰু সংস্কৃতিত জ্ঞানৰ
অধিষ্ঠাত্ৰী দেৱ-দেৱীৰ ক্ষেত্ৰত দেৱীসকলেই সংখ্যাগৰিষ্ঠ বুলি ক’লে ভুল কোৱা নহ’ব৷
জ্ঞানৰ অধিষ্ঠাত্ৰী দেৱীস্বৰূপে গ্ৰীকসকলে এথেনা, ৰোমানসকলে মিনাৰ্ভা আৰু
ভাৰতীয়সকলে সৰস্বতীক বন্দনা কৰে৷ কিন্তু বাস্তৱ ক্ষেত্ৰত বৌদ্ধিক, বৈজ্ঞানিক,
ঔদ্যোগিক, প্ৰাযুক্তিক ক্ষেত্ৰত পুৰুষৰ আধিপত্য পৃথিৱীৰ বেছিভাগ সমাজৰে
ব্যাপ্তবৈশিষ্ট্য৷’’ বন্যপ্ৰাণীৰ ঘৰচীয়াকৰণ, কৃষিৰ উদ্ভাৱন আৰু বিকাশ আৰু সমাজ
গঠনৰ ক্ষেত্ৰত মহিলাসকলেই আগভাগ লোৱাটো ইতিহাসস্বীকৃত সত্য, কিন্তু ক্ৰমাৎ সমাজৰ
শৃংখলা বাঢ়ি যোৱাৰ লগে লগে মাইকীমানুহৰ স্বাধীনতা হ্ৰাস পাই অহাটো মন কৰিবলগীয়া৷
অৱশ্যে এই দিশত লেখিকাই আলোচনা আগবঢ়োৱা নাই৷ কুৰি শতিকাৰ আগলৈকে যে আমেৰিকা,
য়ুৰোপৰ দেশসমূহত উচ্চ শিক্ষাৰ ক্ষেত্ৰত মহিলাৰ প্ৰৱেশাধিকাৰ নথকাৰ তথ্য দাঙি ধৰি
ভাৰতত মহিলাৰ কাৰণে বিজ্ঞান, চিকিৎসাবিদ্যা আৰু অভিযান্ত্ৰিক বিদ্যাত থকা
বাধা-নিষেধৰ আলোচনা কৰি সদ্যহতে অৱস্থাৰ উন্নতি হোৱাৰ পৰিসংখ্যা দিছে৷
প্ৰবন্ধটোত আলোচিত আন এটা গুৰুত্বপূৰ্ণ বিষয় হৈছে বিজ্ঞানত বিৰাজমান
হোৱা লিংগ-বৈষম্য৷ লিংগ-বৈষম্য দুই ধৰণে প্ৰকাশ পায়— প্ৰথমে, গৱেষণাৰ ক্ষেত্ৰত
পুৰুষৰ তুলনাত মহিলাক প্ৰদান কৰা সা-সুবিধাসমূহ সীমিত কৰা, পাৰিতোষিকৰ ক্ষেত্ৰতো
মহিলাক আনকি বিনা পাৰিশ্ৰমিকেৰে নহ’লেও তুলনামূলকভাৱে কম পাৰিশ্ৰমিকেৰে খটুওৱা,
আৰু দ্বিতীয়তে যুটীয়াভাৱে সম্পন্ন কৰা বৈজ্ঞানিক গৱেষণাৰ কৃতিত্ব পুৰুষ কৰ্মীসকলে
আত্মাসাৎ কৰাত৷ এনেদৰে মহিলাৰ কামৰ কৃতিত্ব পুৰুষক দিয়াটোক এগৰাকী মহিলা লেখিকাই
‘মাটিল্ডা এফেক্ট’ বুলি নামকৰণ কৰিছিল৷ ইয়াৰ অনেক উদাহৰণ ইতিহাসস্বীকৃত৷ আনকি
বিজ্ঞানৰ সৰ্বোচ্চ সন্মান ন’বেল বঁটাৰ ক্ষেত্ৰতো বহুতো মহিলা বিজ্ঞানী অন্যায়ভাৱে
উপেক্ষিত হোৱাটো এটা চৰ্চাৰ বিষয়েই৷ কামৰ স্বীকৃতিৰ পৰা বঞ্চিত কৰাটোও বৈজ্ঞানিক
কাম-কাজ চলাই নিয়াৰ ক্ষেত্ৰত এক প্ৰকাৰৰ নিৰুৎসাহদায়ক কাৰকেই৷
লেখিকাৰ কথাৰেই, ‘তথাপি নাৰীয়ে হাৰ মনা নাই, আগবাঢ়ি গৈ আছে৷ বহুগৰাকী
মহিলা বিজ্ঞানীয়ে নিজৰ দুৰ্দান্ত সাহস, দৃঢ়তা আৰু ইচ্ছাশক্তিৰে বিজ্ঞানৰ ইতিহাসত
সোণালী আখৰেৰে স্বাক্ষৰ ৰাখি যাবলৈ সক্ষম হৈছে৷’ প্ৰতিগৰাকী মহিলা বিজ্ঞানীৰ
জীৱনেই অনন্ত প্ৰেৰণাৰ উৎস; প্ৰতিগৰাকীৰ প্ৰতিটো ক্ষণ লেখিকাই হৃদয়পৰশা
সহমৰ্মিতাৰে উজ্জীৱিত কৰি তুলিছে৷ সেয়েহে কিতাপখন পুৰুষ, মহিলা, প্ৰাপ্তবয়স্ক,
কিশোৰ-কিশোৰী নিৰ্বিশেষে সকলোৰে বাবে উপভোগ্য হৈ উঠিছে৷ ছাত্ৰ-ছাত্ৰীয়ে যদি ইয়াত
বিচাৰি পায় নিজৰ আকাংক্ষা পূৰণৰ উদ্দীপনা, সাধাৰণ পঢ়ুৱৈয়ে লাভ কৰিব সাহসেৰে সকলো
প্ৰত্যাহ্বান নেওচি লক্ষ্যপ্ৰাপ্ত লোকৰ অসাধাৰণ জীৱনৰ অভিজ্ঞতাৰ ৰেঙনি৷
আলোচ্য কিতাপখনৰ সন্দৰ্ভত আৰু এষাৰ কথা নকৈ নোৱাৰি৷ বিজ্ঞানীৰ জীৱনীৰ
ঘাই উপাদান বৈজ্ঞানিক কৰ্মৰাজিৰ বৰ্ণনা বুলিয়েই ধাৰণা হোৱা স্বাভাৱিক৷ লেখিকাই
মহিলা বিজ্ঞানীৰ বিষয়ে আন দুখন জীৱনীমালাৰ লগতো জড়িত হোৱাৰ কাৰণে মহিলা বিজ্ঞানীৰ
জীৱনীৰ সন্দৰ্ভত অভিজ্ঞতাপুষ্ট৷ সেয়েহে বিজ্ঞান প্ৰযুক্তিৰ দুৰূহ কথাবোৰৰ
কৌশলপূৰ্ণ উপস্থাপনেৰে এই পুথিতো লেখিকাই বিষয়বস্তুসমূহ বিজ্ঞানীসকলৰ জীৱনৰ লগত
সাঙোৰ খুৱাই দিয়াৰ ফলত বিষয়বোৰো অলপ বুজা-নুবুজা বিধৰ হৈ পৰাত পঢ়ুৱৈয়ে বিশেষ
অসুবিধা নোপোৱা হয়— যিহেতু বিজ্ঞান-প্ৰযুক্তিৰ বস্তুবোৰো বিজ্ঞানীগৰাকীৰ জীৱনৰ অংশ
হৈ পৰা যেন অনুভূত হয়৷ তথাপি দুই-এপদ বিষয়বস্তু অবোধ্য হৈ ৰ’ব নিশ্চয়৷ সেয়েহে
কিতাপখনৰ পঠন অভিজ্ঞতা ৰোমাঞ্চকৰ হৈয়েই ৰ’ব বুলি আশা কৰিব পাৰি৷
এগৰাকী কৃতবিদ্যা বিজ্ঞানীৰ ভাষাৰে কিতাপখনৰ আলোচনা সামৰোঁ৷
সাম্প্ৰতিক সময়ত COVID-19-ৰ সময়ত অতি চিনাকি হৈ পৰা RTA পৰীক্ষাৰ উদ্ভাৱক, ন’বেল বঁটা
বিজয়ী ‘চিকিৎসা পদাৰ্থবিদ’ ৰ’জলিন ইয়াল’ৰ উক্তি :
The world cannot afford the loss of the talents of half its people
if we are to solve the many problems which beset us —
বিশ্বৰ অৰ্ধেক লোকৰ প্ৰতিভাৰ অবিহনে আমাক আগুৰি থকা সমস্যাবোৰৰ সমাধান নিশ্চয়
সম্ভৱ নহয়৷
সঁচাকৈয়ে, ‘বিজয়িনী’ত বৰ্ণিত হৈছে চৌত্ৰিছগৰাকী বিজয়িনীৰ কাহিনী, যাৰ জীৱন নিজা নিজা আকাংক্ষাৰ লগতে সেইবোৰ পূৰণ কৰাৰ কাৰণে যোগ্যতা অৰ্জনৰ সাহস আৰু লক্ষ্যত উপনীত হোৱাৰ দৃঢ় সংকল্পৰে সমৃদ্ধ৷ কিতাপখনৰ কেইকপিমানকৈ বিশেষকৈ ছোৱালী উচ্চ/ উচ্চতৰ মাধ্যমিক বিদ্যালয় আৰু মহিলা মহাবিদ্যালয়সমূহৰ গ্ৰন্থাগাৰত থ’বলৈ আৰ্জি জনালোঁ৷