ড° তপোধীৰ ভট্টাচাৰ্য
অসমীয়া অনুবাদ :
কুমুদ ঘোষ
ড° তপোধীৰ ভট্টাচাৰ্য |
(সমকালীন বাঙালি প্ৰাবন্ধিকসকলৰ ভিতৰত অন্যতম ড॰ তপোধীৰ ভট্টাচাৰ্য৷ দিল্লী বিশ্ববিদ্যালয়ৰ আধুনিক ভাৰতীয় ভাষা আৰু সাহিত্য বিভাগৰ ৰবীন্দ্ৰ অধ্যাপক হিচাপে এসময়ত সেৱা আগবঢোৱা ড॰ ভট্টাচাৰ্যই পৰৱৰ্তী সময়ত অসম বিশ্ববিদ্যালয়, শিলচৰৰ উপাচাৰ্য হিচাপে অৱসৰ গ্ৰহণ কৰে৷ দেশ-বিদেশত কবি আৰু বাগ্মী বক্তা হিচাপে এইজন লেখক পৰিচিত৷ লেখকৰ সানন্দ অনুমতি সাপেক্ষে এই অনুবাদ আয়োজন৷)
বিনিৰ্মাণবাদ (decontructionism) আকৰণোত্তৰ (post-structure) চেতনাৰে সৈতে গভীৰভাৱে জড়িত৷ তাত্ত্বিক বিশ্লেষণৰ অস্ত্ৰ হিচাপে ইয়াৰ গুৰুত্ব অপৰিসীম যদিও ইয়াক স্বতন্ত্ৰ দৰ্শন হিচাপে স্বীকৃতি দিবলৈ সকলো সন্মত নহয়৷ জীৱন আৰু জগতৰ অজস্ৰ পাঠ যিমানে ৰচিত হৈছে, জটিলতা আৰু পৰস্পৰ-সাপেক্ষতা সিমানে দ্ৰুত বাঢ়িছে৷ বাগ্ধাৰা (discourse)ৰ তাৎপৰ্য বুজাৰ বাবে সমগ্ৰৰ সৈতে অংশৰ সম্পৰ্ক কিমানখিনি গুৰুত্বপূৰ্ণ, সেইয়া পৰিমাপ কৰা জৰুৰী৷ আৰু ঠিক ইয়াতেই সামাজিক আৰু নান্দনিক অস্তিত্বৰ নিৰ্মিতিবিজ্ঞান (architectonics)ক বুজাৰ বাবে কাৰ্যকৰী হৈ উঠে বিনিৰ্মাণৰ আকল্প (design)৷ এই বিষয়ত সৰ্বজনমান্য পথিকৃৎ হ’ল জাক ডেৰিডা৷ ১৯৬৬ চনত আমেৰিকাৰ জন্ছ হপকিঞ্চ বিশ্ববিদ্যালয়ত অনুষ্ঠিত এখন আলোচনাচক্ৰত তেওঁ ‘Structure, Sign and Play in the Discourse of the Human Sciences’ শীৰ্ষক প্ৰবন্ধটি পাঠ কৰে৷ সৰ্বতোভাৱে এই প্ৰবন্ধটো আছিল যুগান্তকাৰী৷ কিয়নো ইয়াৰেই আঁত ধৰি মাৰ্কিন যুক্তৰাষ্ট্ৰত নতুন ধৰণৰ তাত্ত্বিক ব্যাখ্যাৰ জন্ম হ’ল৷ প্লেটোৰ সময়ৰ পৰাই পাশ্চাত্য দৰ্শনত যিবোৰ আধিভৌতিক ভিত্তিক যথাপ্ৰাপ্ত ধাৰণাৰ মৰ্যাদা দি অহা হৈছিল, বিনিৰ্মাণবাদে সেইবোৰৰ সম্পৰ্কেই প্ৰশ্ন উত্থাপন কৰিলে৷ ডেৰিডাই কৈছে, আকৰণবাদী তত্ত্বৰ মাজতো আকৰণৰ ধাৰণাই কোনো নহয় কোনো তাৎপৰ্যৰ কেন্দ্ৰক সদায় পূৰ্বানুমান কৰিআহিছে৷ এই ‘কেন্দ্ৰ’ আকৰণৰ নিয়ন্তা কিন্তু নিজে কেতিয়াও আকৰণবাদী বিশ্লেষণৰ আধেয় নহয়৷ কেন্দ্ৰৰ আকৰণ যদি সন্ধান কৰিব বিচাৰোঁ, আমি অৱধাৰিতভাৱে আন এক কেন্দ্ৰৰ নিৰ্মিতিত গৈ উপনীত হ’ম৷ সৃষ্টি হ’ব অন্তহীন পৰম্পৰা৷ মানুহৰ চিন্তা কেতিয়াও কেন্দ্ৰহীন নহয়, নহয় আকৰণশূন্যও৷ আকৌ, প্ৰক্ৰিয়া যিহেতু গতিশীল, মুহূৰ্তৰ পাছতে মুহূৰ্ত, পৰিসৰৰ পিছতে পৰিসৰে গঢ়ি তোলে অনন্ত কেন্দ্ৰ, অনন্ত আকৰণ৷ মানুহে কেন্দ্ৰক আকাংক্ষা কৰে, কাৰণ তাত প্ৰতিটো সত্তাৰ উপস্থিতি অনুভৱগম্য হৈ উঠে৷ উদাহৰণস্বৰূপে ক’ব পাৰি, আমাৰ জীৱন-যাপনৰ কায়িক আৰু মানসিক অনুষঙ্গবোৰ সৰ্বদা ‘মই’ কেন্দ্ৰিক৷ মই আছোঁ সেয়ে জগত আছে, মই আছোঁ নিৰ্দিষ্ট সময়ৰ আকৰণত, পৰিসৰৰ বিশদ বিস্তাৰত৷ সময় আৰু পৰিসৰত প্ৰকট হোৱা সকলো ঠাঁচৰ মাজত অহং-কেন্দ্ৰিক ব্যক্তিত্ব অব্যক্ত হৈ ৰৈছে মূল ঐক্য-সূত্ৰ হিচাপে৷
প্ৰতীচ্যৰ চিন্তাবিদসকলে কেন্দ্ৰায়নৰ আদিম আকল্পক নানা ধৰণৰ পাৰিভাষিক পৰিচয় দাঙি দিছে : সত্তা, নিৰ্যাস, মুখ্য উপাদান, সত্য, প্ৰকৰণ, সূচনাবিন্দু, উপসংহাৰ-প্ৰতীতি, উদ্দেশ্য, চেতনা, মানৱস্বৰূপ, ঈশ্বৰ প্ৰভৃতি৷ এইবোৰ পাৰিভাষিক প্ৰয়োগৰ বাহিৰত কোনো সম্ভাৱ্য ভাববিশ্ব (Conceptual world)ৰ কথা দেৰিদাই কিন্তু ক’ব বিচৰা নাই৷ কিয়নো কোনো এক নিৰ্দিষ্ট ধাৰণাৰ আকৰণক ভাঙিবলৈ গৈ যদি আকৌ সেই ধাৰণাৰ সঞ্চালক ভিত্তিতে বন্দী হ’ব লগা হয় – তেনেহ’লে বিনিৰ্মাণপন্থা পিতনিত হেৰাই যাব৷ যেনে, ধৰা হওক, চেতনাৰ কেন্দ্ৰায়নপ্ৰৱণ ধাৰণাক প্ৰত্যাখ্যান কৰাৰ বাবে যদি অৱচেতনাৰ প্ৰতিস্ৰোতেৰে তাৰ নিৰৱচ্ছিন্নতাক ভাঙি দিব বিচাৰে – কাৰ্যত এক কেন্দ্ৰৰ সলনি আন এক কেন্দ্ৰৰ আশ্ৰয়লৈ গুছি যোৱাৰ বিপত্তিয়ে দেখা দিয়ে৷ চেতনা-অৱচেতনাৰ দ্বৈততাময় ভাববিশ্বক স্থানচ্যুত কৰিবলৈ গৈ আমি সিবিলাকৰ অনিবাৰ্য কথোপকথন (dialogue)ত প্ৰৱেশ কৰোঁ৷ বৰং শৰীৰযআত্মা, ভালযবেয়া, পোহৰযআন্ধাৰ, গুৰুযলঘু জাতীয় দ্বিমেৰুবিষম বিভাজনে যি চিন্তা-পদ্ধতিৰ জন্ম দিয়ে, তাৰ প্ৰভাৱত কোনো এক মেৰুক কেন্দ্ৰ আৰু একমাত্ৰঅস্তিত্ব বুলি মানি লোৱাৰ সম্ভাৱ্য বিপদ সম্পৰ্কে আমি সচেতন হ’ব লগা হয়৷
ডেৰিডাই তেওঁৰ বিশ্ববিখ্যাত গ্ৰন্থ ‘Of Grammatology’-ত কেন্দ্ৰৰ আকাংক্ষাক ‘বাক্কেন্দ্ৰিকতা’ (logocentrism) বুলি কৈছিল৷ গ্ৰীক ভাষাত বাক্ হ’ল ‘logos’ আৰু ব্যঞ্জনাত তাক জ্ঞান বুলিবও পাৰি৷ ভাৰতীয় ঐতিহ্যত অনুৰূপ ঘটনাটো ঘটিছে ‘বেদ’ ৰ ক্ষেত্ৰত৷ ‘বেদ’ শব্দটোৰ উ¸ৎস-ধাতু হ’ল ‘বিদ্’, যাৰ অৰ্থ জ্ঞান৷ অৰ্থাৎ ‘বেদ’ হ’ল শব্দৰাশি, জ্ঞান, মহাগ্ৰন্থ, সমস্ত ভাবনাৰ আকৰ৷ ‘logos’ ৰ নিচিনাই৷ ভাৰতীয় ঐতিহ্যত বাক্ মন্ত্ৰদ্ৰষ্টা ঋষি, আকৌ স্বয়ং ঈশ্বৰ আৰু শব্দপুঞ্জ৷ ইউৰোপীয় সংস্কৃতিৰ আদিপৰ্বলৈ যদি দৃষ্টিপাত কৰোঁ, দেখা পাম, বাইবেলৰ নিউ টেষ্টামেণ্টত বাক্ বা শব্দক প্ৰভূত গুৰুত্ব দিয়া হৈছে৷ সমস্ত জাগতিক বস্তু বা অস্তিত্বৰ উৎস হিচাপে অৰ্থাৎ সাৰ্বিক উপস্থিতিৰ ৰূপক হিচাপে বাক্ক বৰ্ণনা কৰা হৈছে : ‘In the beginning was the word’৷ এটি মাত্ৰ আদি কাৰণৰ ‘কাৰ্য’ বা পৰিণতি হ’ল গোটেই জগত, এই মানৱবিশ্ব (human world)৷ আদিশব্দ সমস্ত পৰৱতীৰ্ উচ্চাৰণৰ নিয়ন্তা৷ এই কথাবোৰে আনিবাৰ্যভাৱে আমাক ভাৰতীয় সৃষ্টিতত্ত্বৰ কথা সোঁৱৰাই দিয়ে৷ ভাৰতীয় বিশ্বাসতো নাদব্ৰহ্ম বা ওঙ্কাৰ সমস্ত অস্তিত্বৰ উৎস আৰু নিয়ন্তা৷ বাক্ৰূপী ঈশ্বৰ অণোৰণীয়ান মহতো মহীয়ান৷ তাৰ পোহৰত সকলো আলোকিত, তাৰ গতিত সকলোবোৰ চলিষ্ণু : ‘তমেব ভান্তমনুভাতি সৰ্বং, তস্য ভাসা সৰ্বমিদং বিভাতি’৷ বেদ অপৌৰুষেয়, স্বয়ংপ্ৰকাশ; বাণী আগেয়ে ব্যক্ত হৈছে ত্ৰিকালদশ¹সকলৰ ওচৰত, বহুকাল পাছত সেয়াই লিখিত ৰূপ পাইছে৷ সেয়ে বাক্ বা বাচনিক (verbal) উচ্ছাৰণৰ গুৰুত্ব ‘লেখা’তকৈয়ো বহুত বেছি৷ এই বিশ্বাস ডেৰিডাৰো; তেওঁৰ দ্বাৰা উত্থাপিত ‘বাক্কেন্দ্ৰিকতা’ বা ‘logocentrism’ৰ প্ৰধান বৈশিষ্ট্য হ’ল লেখাৰ তুলনাত কথনৰ শ্ৰেষ্ঠ¸ত্ব৷ ইয়াক তেওঁ কৈছিল, ‘phonocentrism’ বা ধবনিকেন্দ্ৰিকতা৷ ভাৰতীয়সকলৰ বাবে যিদৰে ‘বেদ’ তেনেকৈয়ে ইউৰোপীয়ানসকলৰ বাবে ‘বাইবেল’ বাক্কেন্দ্ৰিকতাৰ চমৎকাৰ দৃষ্টান্ত৷ বাইবেলৰ লিখিত ৰূপ আজি আমাৰ বাবে সুলভ হ’লেও ঈশ্বৰৰ বাণী প্ৰাথমিকভাৱে কথ্য৷ সেয়ে মানৱবিশ্ব মানে কথন-বিশ্ব (narrative world) ৷ ভিন্ ভিন্ অনুপুঙ্খ (detail)ৰ মিলনৰ যোগেদি সমগ্ৰৰ প্ৰতীতি অহৰহ গঢ়ি উঠিছে৷ প্ৰকৃত তাৎপৰ্য যদি বুজিব বিচাৰোঁ, অংশ আৰু সমগ্ৰৰ পাৰস্পৰিক সম্পৰ্কৰ অন্বয়সূত্ৰ পূৰ্বে স্পষ্ট কৰি ল’ব লাগিব৷ আৰু, সেইয়া সম্ভৱ হ’ব পাৰে কেৱল কথন-বিশ্বৰ বিনিৰ্মাণত৷
৷৷ দুই৷৷
আন ঠাইত লিখিছোঁ, মানুহৰ জগত আচলতে চিহ্নায়ক (signifier)-ৰ পৰম্পৰাৰে গ্ৰথিত জগত৷ তাৰ উপস্থিতি অমোঘ৷ তথাপি, অস্তিত্ব
আৰু জ্ঞানৰ প্ৰক্ৰিয়াত কেতিয়াবা কেতিয়াবা সেই উপস্থিতি খণ্ডিত হৈ পৰে, ধূসৰিত হৈ উঠে প্ৰতীতি৷ নিঃসন্দেহে এই বিপ্ৰতীপতা বা খণ্ডায়নও
তাৎপৰ্যশূন্য নহয়৷ এনে ঘটে কিয়, সেইয়া লৈ নানা মুনিৰ নানা
মত৷ এইখিনিতে আপাততঃ ডেৰিডাৰ বিখ্যাত আৱিষ্কাৰ ‘পাৰ্থক্যবোধ’ৰ তত্ত্বটি উল্লেখ কৰিব পাৰি৷ ফৰাচী ভাষাত যাক ‘difference’ বোলা হৈছে, তাৰ মাজত আছে দ্ব্যৰ্থবোধকতা অৰ্থাৎ দুটা অৰ্থৰ টনা-আজোৰা৷
এটা অৰ্থ হ’ল, দ্বিমত পোষণ কৰা আৰু
দ্বিতীয়টো মুলতুবী কৰি থোৱা৷ প্ৰথমটো হ’ল পৰিসৰ সংশ্লিষ্ট
ধাৰণা; চিহ্ন উদ্ভূত হয় পাৰ্থক্যবোধৰ পদ্ধতিৰ পৰা৷ কিয়নো
কোনো পদ্ধতি ফোঁপোলা নহয়, জঁটলগাও নহয়; পৰিসৰৰ শৃঙ্খলাক পৰ্যবেক্ষণ কৰিলে বুজিব পাৰি, সেইয়া
আচলতে পৰস্পৰ ভিন্নতাৰ সমাৱেশ৷ আনফালে, দ্বিতীয়টো
সময়-সম্পৃক্ত, কিয়নো যেতিয়া আমি কিবা এটা মুলতুবী কৰি থোৱাৰ
কথা কওঁ, তাৰ অৰ্থ হয়, কোনো উপস্থিতিক
এক সময় পৰ্বৰ পৰা অন্য সময়পৰ্বলৈ সঞ্চালিত কৰা৷ আমাৰ প্ৰতীতিৰ জগতত চিহ্নায়কবোৰে
কেতিয়াবা কেতিয়াবা উপস্থিতিৰ বোধক নিৰন্তৰ এক বিন্দুৰ পৰা আন বিন্দুলৈ আঁতৰাই দিয়ে৷ ফলত জগতৰ বিভিন্ন অনুপুঙ্খৰ মাজত
পাৰ্থক্যৰ উপলব্ধিও হৈ উঠে অনবৰত জায়মান এক প্ৰক্ৰিয়া৷ অলপ আগয়ে যি ধবনিকেন্দ্ৰিক
চিন্তাৰ কথা কৈছিলোঁ অৰ্থ্যাৎ য’ত লিখনতকৈ কথনৰ গুৰুত্ব বেছি
– সেয়াই সেই পাৰ্থক্যবোধক উপেক্ষা কৰিব বিচাৰে আৰু উচ্ছাৰিত
বাক্ক স্বত-উপস্থিতি বুলি ধাৰণা কৰে৷ এই বিষয়ত দেৰিদাৰ চিন্তাকে অনুসৰণ কৰিলে
দেখোঁ যে কথন তাৰ নিয়ামক চিন্তা-উৎসৰ ওচৰা-ওচৰি৷ আমি যেতিয়া কাৰোবাক কথা-কোৱা শুনো,
এই কথা সুনিৰ্দিষ্ট উপস্থিতিৰ স্মাৰক বুলি বিবেচিত হয়৷ কিন্তু লেখাক
আমি তেনে বুলি ধাৰণা নকৰোঁ৷
প্ৰকৃতপক্ষে ধ্বনিকেন্দ্ৰিকতাই লিখনক কথনৰ অশুদ্ধ ৰূপ বুলি ধাৰণা কৰে৷
উদাহৰণ হিচাপে ক’ব পাৰি, কোনো বিখ্যাত
অভিনেতা, বাগ্মী বা ৰাজনৈতিক নেতাৰ কথনৰ মাজত তাৰ উপস্থিতি
তীব্ৰভাৱে স্পন্দিত হয়, কথনত বক্তাৰ বিশিষ্ট অস্তিত্ব
অনুভৱগম্য হৈ উঠে৷ কিন্তু লেখাত লেখক সৰ্বদা পূৰ্বধাৰ্য কোনো পদ্ধতিৰ অনুষঙ্গত
প্ৰকট হৈ থাকে৷ সেয়ে কথাৰ দৰে লেখাৰ মাজত মৌলিকতা দেখা নাযায় আৰু ব্যক্তিত্বৰ
প্ৰকাশক নহৈ সেইয়া হৈ উঠে ব্যক্তিত্বৰ আচ্ছাদক৷ কথাত বক্তাৰ উপস্থিতি অৱশ্যম্ভাৱী
কিন্তু লেখাত লেখকৰ উপস্থিতিৰ প্ৰয়োজন নাই৷ লেখাক ইচ্ছামতে পুনৰাবৃত্ত কৰিব পাৰি;
ছপাশালৰ অনুগ্ৰহত বহুবাৰ ছপা হ’ব পাৰে,
অনেক দূৰৱতীৰ্ প্ৰজন্মৰ কাষলৈকো লৈ যাব পাৰি৷ লেখাৰ এই
পুনৰাবৃত্তিয়ে অনিবাৰ্যভাৱে বিশ্লেষণ আৰু পুনৰ্বিশ্লেষণৰ প্ৰক্ৰিয়াকে সম্ভৱ কৰি
তুলিছে৷ কিন্তু কোনো কথা-বতৰাৰ ক্ষেত্ৰত এনে হোৱাৰ সম্ভাৱনা নাই৷ যদি সেইয়া হয়ো,
উচ্ছাৰণ মুহূৰ্তৰ মৌলিকতা ধবংস নকৰাকৈ কেতিয়াও বিশ্লেষণ আৰম্ভ নহয়৷
প্ৰত্যক্ষ কথন যেতিয়াই পৰোক্ষ কথনলৈ ৰূপান্তৰিত হ’ল, সেই মুহূৰ্তততে সেইয়া উদ্ভৱ-ক্ষণৰ সত্যতাৰ পৰা দূৰলৈ আঁতৰি গ’ল আৰু হৈ উঠিল নতুন অস্তিত্ব৷ কথনক যদি বিশ্লেষণৰ আধেয় কৰিব বিচাৰোঁ,
তাক আগেয়ে লিখিত ৰূপত পুনৰ্বিন্যস্ত কৰি ল’ব
লাগিব৷
যন্ত্ৰগ্ৰাহকৰ সাহায্যত যদি সংৰক্ষিত নকৰোঁ, যিকোনো
কথকৰ উচ্ছাৰিত ধবনি চিৰকালৰ বাবে শূন্যত মিলি যাব৷ তাক কোনোৱেই কেতিয়াও ওভতাই আনিব
নোৱাৰিব, সেয়ে কথন অনন্য আৰু শূন্য৷ উৎস-চিন্তাৰ সৈতে
সমান্তৰালভাৱে অভিব্যক্ত আৰু অপৰিৱৰ্তনীয় বাবে পৰৱতীৰ্ কোনো লিখন-মুহূৰ্তৰ দৰে তাক
ৰূপান্তৰিত কৰাৰ লেখমানো সুযোগ নাই৷ ফলত কথনবিশ্বৰ প্ৰতিটো মুহূৰ্ত অনন্তত উপনীত
হৈছে কিন্তু লিখনবিশ্ব (compositional world)ত প্ৰৱহমান কাল
আৰু পৰিসৰ বিধৃত হৈছে একক মুহূৰ্তৰ দাপোণত৷ দাৰ্শনিকসকলে এইবাবেই প্ৰায়েই
লেখাতকৈ কথনক সত্যৰ বাগ্ধাৰা হিচাপে গঢ়ি
তোলাৰ বাবে বেছি উপযোগী বুলি ভাবিছিল৷ তেওঁলোকৰ বক্তব্য হ’ল,
লিখিত সন্দৰ্ভই মূল চিন্তা প্ৰৱাহক বহুখিনি সলনি কৰে, সেয়ে কাৰ্যত সিবিলাকে দাৰ্শনিক সত্যৰ স্বীকৃতিক বিনষ্ট কৰে৷ সত্য সদাই
বিশুদ্ধ চিন্তাৰ ওপৰত নিৰ্ভৰশীল, সেয়ে লিখিত ৰূপান্তৰত সেইয়া
নিৰ্মাণৰ উপকৰণৰ দ্বাৰা সংক্ৰমিত হৈ পৰে৷ উপকৰণ-বিন্যাস অনিবাৰ্যভাৱে বাহুল্যৰ
ফালে হাউলি গৈ থাকে বাবেই চিন্তাৰ শুদ্ধতা আৰু পৰিচ্ছন্নতা লিখিতৰূপত শেষলৈ
অস্পষ্টতাৰ মেঘ আৰু কুঁৱলিৰ আঁৰলৈ আঁতৰি যায়৷ এইবাবে লেখা আৰু কথাৰ সম্পৰ্ক বিষয়ক
আলোচনা প্ৰসঙ্গত দেৰিদাই এই দুয়োৰে মাজত ‘violent hierarchy’ ৰ দৃষ্টান্ত দেখা পাইছিল৷ কথাক প্ৰধান আৰু লেখাক গৌণ বুলি ধৰি লোৱাৰ ফলত
যি ওখ-চাপৰ পৰ্যায়ক্ৰমটি ইউৰোপীয় দাৰ্শনিক পৰম্পৰাত সৃষ্টি হৈছিল, তাৰ আদিম অন্বিষ্ট হ’ল, অস্তিত্বৰ
উপস্থিতিক জাগ্ৰত কৰি ৰখা৷ কিন্তু এই ক্ৰম যদি অলৰ-অচৰ আৰু আমোঘ হ’লহেঁতেন, তেনেহ’লে অৱধাৰিতভাৱে সত্যৰ প্ৰতীতিয়ো খণ্ডিত হৈ
পৰিলহেঁতেন৷ সেয়ে ওখ-চাপৰ ধাৰণাটো যেতিয়া এক আকৰণত পৰিণত হয়, তাক অস্বীকাৰ কৰাৰ প্ৰৱণতাও দেখা দিয়ে৷ প্ৰকৃতপক্ষে ইয়াক বিনষ্ট কৰে আৰু
বিপৰীতমুখী কৰি তোলে, শিল ফুটুৱাই নিজৰা বৈ অহাৰ দৰে
প্ৰকাশিত হয় নতুন চিন্তা-প্ৰকৰণ৷ তেতিয়া দৃষ্টিৰ ৰৈখিকতাও ভাঙি যায়৷ আমি লক্ষ্য
কৰোঁ, কিদৰে কথা আৰু লেখা – এই উভয়েই
কিছুমান সুনিৰ্দিষ্ট বৈশিষ্ট্যৰ অংশীদাৰ৷ পূবৰ্ৰ অধ্যায়ত ইয়াক ‘writerly’ পাঠকৃতি (text) হিচাপে উল্লেখ কৰিছোঁ৷ যেতিয়া উভয়েই
এনে চিহ্নায়ক প্ৰক্ৰিয়াৰ দৃষ্টান্ত হৈ উঠে তেতিয়া তাৰ মাজত অস্তিত্বৰ উপস্থিতি
কিঞ্ছিৎ অস্পষ্ট৷ সেয়ে অলপ আগেয়ে যাক ওখ-চাপৰ পৰ্যায়ক্ৰম বুলি কৈছিলোঁ, তাৰ অস্বীকৃতি সম্পূৰ্ণ কৰিব লগা হয় সামূহিক বিপৰ্যায়ত, পৰিকল্পিত বিপ্ৰতীপতাত৷ তেতিয়া কথাক বৰ্ণনা কৰিব পাৰি লেখাৰেই এক বিশিষ্ট
ধৰণ হিচাপে৷ দাৰ্শনিক ধাৰণাৰ ক্ষেত্ৰত এই যে মেৰু সলনি ঘটিল, সেয়া হ’ল ডেৰিডা উত্থাপিত বিনিৰ্মাণৰ প্ৰথম ঢাপ৷
৷৷ তিনি৷৷
কথা/লেখা : এই যুগ্মকৰ
পাৰস্পৰিক সম্পৰ্ক কিমানখিনি অস্থিৰ আৰু পৰিৱৰ্তনশীল, সেয়া
বুজাবৰ বাবে ডেৰিডাই ‘পৰিপূৰক’ শব্দটো
পাৰিভাষিক অৰ্থত ব্যৱহাৰ কৰিছিল৷ আমাৰ মনত পৰিব, ইয়াৰ পূৰ্বে
ৰুছোৰ বাবে লেখা আছিল কেৱল মাত্ৰ কথাৰ সম্পূৰক; নিতান্ত কম
গুৰুত্বপূৰ্ণ উপাদান কথাত যুক্ত হ’লে তাক লেখা বুলি কোৱা হয়৷
কিন্তু দেৰিদাই ঠিক এইদৰে কোৱা নাই; মূল ফৰাচী ভাষাত ‘suhpleer’-এ কেৱল
পৰিপূৰক হোৱাকে নুবুজায়, আনৰ স্থান লোৱা অৰ্থাৎ বিকল্প হৈ
উঠাকো বুজায়৷ দেৰিদাই এইদৰে ক’ব বিচাৰে যে, লেখা কথাৰ কেৱল মাত্ৰ পৰিপূৰক নহয, বিকল্পও হয়৷ ইয়াৰ
কাৰণ কথন সৰ্বদা লেখাৰ মাজত পূৰ্বানুসৃত৷ প্ৰকৃপক্ষে ডেৰিডাৰ সিদ্ধান্ত হ’ল, সমস্ত মানৱিক ক্ৰিয়াৰ মাজত নিহিত হৈ আছে এই
পৰিপূৰকত্ব অৰ্থাৎ একেলগে সংযোজন আৰু বিকল্পায়ন (precess of alternation); যিদৰে, আমি যেতিয়া কওঁ যে সভ্যতাৰ পূৰ্বসূৰি হ’ল প্ৰকৃতি, সেই সময়ত প্ৰাগুক্ত ‘violent hierarchy’ ৰ
দৃষ্টান্ত পাওঁ৷ প্ৰকৃতিৰ শুদ্ধ উপস্থিতি সভ্যতাৰ বীজৰ দ্বাৰা যেতিয়া সংক্ৰমিত হ’ল, সেই শুদ্ধতা আৰু বৰ্তি নাথাকিল৷ তাৰ মানে,
এক নতুন সম্পূৰক উপাদান যুক্ত হৈ যথাপ্ৰাপ্ত স্থিতাৱস্থাকে সম্পূৰ্ণ
সলাই দিলে৷ কোনো কোনোৱে অৱশ্যে এই কথা ক’ব পাৰে যে, কথা/লেখা যুগ্মকৰ দৰে, প্ৰকৃতিয়ো সৰ্বদা সভ্যতাৰ
দ্বাৰা সংক্ৰামিত৷ সেই ক্ষেত্ৰত মৌলিক প্ৰকৃতি বুলি একো নাই, আমি কল্পিত শুদ্ধতাৰ কথা কৈ আচলতে এক প্ৰত্বকথাকে স্বীকৃতি দিব বিচাৰোঁ৷
মঙ্গল/অমঙ্গল কিংবা পাপ/পূণ্য অথবা ভাল/বেয়া এই জাতীয় সংযোজন/বিকল্পায়ন প্ৰক্ৰিয়া আমি
বিশ্বসাহিত্যৰ নানা পাঠকৃতিত আৱিষ্কাৰ কৰিব পাৰোঁ৷ সিবিলাকত ডেৰিডাৰ বিনিৰ্মাণ
তত্ত্ব সমৰ্থিত হয়৷
মুঠ কথা হ’ল, পাঠৰ সূচনাত
পাঠকে লক্ষ্য কৰে ওখ-চাপৰ পৰ্যায়টিক; পৰৱৰ্তী ঢাপত পাঠকে এই পৰ্যায়ৰ মাজত মেৰুসলনি কৰিবলৈ উৎসাহী
হৈ উঠে আৰু চূড়ান্ত পৰ্বত নতুন কোনো বৰ্গীকৰণ প্ৰতিহত কৰাৰ
বাবে বিকল্পায়নৰ প্ৰক্ৰিয়াত অংশ গ্ৰহণ কৰে৷ বিনিৰ্মাণবাদী পাঠত যথাপ্ৰাপ্ত
বাগধাৰাক এক ধৰণৰ পৰিকল্পিত সন্ত্ৰাসৰ মাজেদি সম্পূৰ্ণ ৰূপান্তৰিত কৰি পেলোৱা হয়৷
এক মেৰুৱে আন এক মেৰুৰ স্থান লোৱাত আৰু নানা ধৰণৰ সম্ভাৱ্য বিকল্প প্ৰকট হোৱাত
যথাপ্ৰাপ্ত পৰিসৰ সম্পূৰ্ণৰূপে নতুন হৈ উঠে৷ বিপ্ৰতীপতা আৰু অন্তৰ্বিপ্লৱৰ মাজেদি
গ্ৰন্থনাৰ পুৰণি যুক্তি-শৃঙ্খলা সম্পূৰ্ণৰূপে বিপৰ্যস্ত হৈ পৰে৷ পাঠকৃতি তেতিয়া
কাৰ্যত টুকুৰা-টুকুৰ হৈ যায়৷ এই সম্পৰ্কে দুজন বিজ্ঞ সমালোচকে মন্তব্য কৰিছিল : ‘Deconstruction can begin when we locate the moment when a text
transgresses the laws it appears to set up for itself’ (চেল্ডেন আৰু হ্বিড্ডোওচোন : ১৯৯৩ : ১৪৭)৷ নিজৰ বাবে
সৃষ্টি কৰা নিয়মক পাঠকৃতিয়ে যেতিয়া নিজেই ভাঙি পেলাব বিচাৰে, তেতিয়া প্ৰতিটো বাগ্ধাৰাই কাৰ্যত এক ৰণক্ষেত্ৰৰ দ্যোতনা আনে৷
এইবাবেই বিনিৰ্মাণবাদৰ দৰে ক্ৰিয়াত্মক তত্ত্ব নিঃসন্দেহে বিৰল৷ কেৱল যে
আখ্যানৰ ক্ষেত্ৰতে সেয়া প্ৰযোজ্য এনে নহয়, কবিতাৰ বক্তব্য
বিশ্লেষণৰ ক্ষেত্ৰতো সেয়া বিশেষ উপযোগী বিবেচিত হ’ব পাৰে৷
সাম্প্ৰতিক বাংলা সাহিত্যতো কিছু সংখ্যক বিনিৰ্মাণবাদী পাঠ সম্প্ৰতি লক্ষ্য কৰিছোঁ,
যিয়ে সমালোচনাত্মক বাগ্ধাৰাৰ
ক্ষেত্ৰতো সম্পূৰ্ণ পট-পৰিৱৰ্তনৰ ইঙ্গিত কঢ়িয়াই আনিছে৷ কোনো কোনো সাম্প্ৰতিক
তাত্ত্বিকে উপন্যাস, চুটিগল্প আৰু কবিতাৰ ক্ষেত্ৰত সাৰ্থক
বিনিৰ্মাণবাদী পাঠ উপস্থাপন কৰিছে৷ প্ৰকৃপক্ষে এই সময়ত আৰু অধিক উদ্যম যুক্ত হ’লে বাংলা সাহিত্যৰ ইতিহাস পুনঃপঠিত আৰু পুনৰ্নিমিত হ’ব৷ সংযোজন/বিকল্পায়ন সম্পৰ্কে যি বক্তব্য অলপ আগেয়ে
উপস্থাপন কৰা হৈছে, তাৰ সাৰ্থক প্ৰয়োগত বাঙালিৰ বিৱৰ্তনপ্ৰৱণ
সাংস্কৃতিক পাঠকৃতিত সম্পূৰ্ণৰূপে নতুন চিহ্নায়ক পৰস্পৰা উন্মোচিত হ’ব৷
ডেৰিডাৰ নিবন্ধ ‘Signature
Event Context’-ক অনুসৰণ কৰি আমি লেখাৰ তিনিটা বৈশিষ্ট্য সম্পৰ্কে
অৱগত হওঁ৷ প্ৰথমতে, কোনো লিখিত চিহ্নক তাৰ উত্থাপক লেখকৰ
অনুপস্থিতিতো পুনৰাবৃত্ত কৰিব পাৰি৷ সাধাৰণতে, সুনিৰ্দিষ্ট
এটি প্ৰসঙ্গ আৰু গ্ৰহীতাৰ উপস্থিতিত সেই চিহ্নই নিৰ্দিষ্ট ৰূপ অৰ্জন কৰে৷ কিন্তু
প্ৰাগুক্ত লেখক আৰু সেই প্ৰসঙ্গই গ্ৰহীতাৰ সৈতে সম্পৰ্কহীনভাবেও চিহ্নক ব্যৱহাৰ
কৰিব পাৰে৷ দ্বিতীয়তে, লিখিত চিহ্ন সাধাৰণতে এটি প্ৰকৃত
প্ৰসঙ্গ আৰু লেখকৰ অভিপ্ৰায়ৰ সৈতে সম্পৃক্ত হৈ থাকে৷ কিন্তু পৰৱতীৰ্ কোনো সুযোগত
সম্পূৰ্ণৰূপে ভিন্ন প্ৰসঙ্গত আৰু লেখকৰ অভিপ্ৰায়ৰ সৈতে নিঃসম্পৰ্কিতভাৱে, পাঠকে সেইয়া পাঠ কৰিব পাৰে৷ এইদৰে দেখা যায়, কোনো এক
নিৰ্দিষ্ট বাগ্ধাৰাৰ চিহ্ন পৰম্পৰাক আন এক বাগ্ধাৰাত ভিন্ন অনুষঙ্গত উপস্থাপন
কৰিব পাৰি৷ তৃতীয়তে, লিখিত চিহ্নক দুই ধৰণে পৰিসৰৰ সৈতে
যুক্ত কৰিব পাৰি৷ এক, কোনো এক নিৰ্দিষ্ট চিহ্ন-পৰম্পৰাৰ পৰা
বিচ্ছিন্ন কৰি তাক আন কোনো কালৰ পৰিধিত যুক্ত কৰিব পাৰি৷ এই তিনিটা সূত্ৰ অনুযায়ী
লেখাক কথাৰ পৰা পৃথককৈ চাব পাৰি৷ এইখিনিতে অৱশ্যে এটা প্ৰশ্ন ৰৈ যায়৷ যদি প্ৰসঙ্গৰ
পৰা বিচ্ছিন্ন কৰি চিহ্নায়কবোৰক ইচ্ছামতে পুনৰাবৃত্ত কৰা হয়, তেনেহ’লে সিবিলাকৰ মান্যতা থাকে কেনেকৈ? কিয়নো আমি ইতিমধ্যে জানিছোঁ, তাৎপৰ্য সকলো সময়ত
প্ৰসঙ্গ-নিৰ্ভৰ৷ সেই ক্ষেত্ৰত লেখা অনেকখিনি দায়িত্বশূন্য হৈ যোৱা নাইনে বাৰু?
দুৰ্বোধ্য প্ৰশ্ন বুলি ইয়াক এৰাই চলিব নোৱাৰি, কিয়নো, সামাজিক আৰু নান্দনিক ভাবাদৰ্শৰ অন্বয়-অনন্বয়
কিংবা প্ৰাসঙ্গিকতা-অনিবাৰ্যতা সংক্ৰান্তীয় সমস্যাও সমাধান দাবী কৰিছে৷ ওখ-চাপৰ
অৱস্থানৰ পৰ্যায়ক্ৰমক যেতিয়া বিনিৰ্মাণ কৰোঁ, কেনে ধৰণৰ
চিহ্নায়ক পুনৰাবৃত্ত হ’ব আৰু কোনবোৰ স্থিৰ থাকিবঃ সেয়া মেৰু
সলনিৰ পাছত ঠিক কৰিব লগা হয়৷ তেতিয়া কথাৰ অন্তৰালত অন্য কথা, ৰূপৰ অন্তৰালত অন্য ৰূপ, সম্পৰ্কৰ অন্তৰালত অন্য
সম্পৰ্ক চকুত পৰে৷ আচলতে দৃষ্টিও সেই স্বেচ্ছাবৃত বিপৰ্যয়ৰ পাছত সম্পূৰ্ণৰূপে নতুন হৈ উঠে৷ যি অ’তদিনে অন্ধকাৰত আছিল ৰুদ্ধ, তাত দেখা দিয়ে পোহৰৰ
চিক্মিক্নি, পোহৰে কিন্তু চকু চাট মাৰি নধৰে, চোৱাৰ দিগন্তক বৃদ্ধি কৰে৷ পুৰণি পাঠৰ পৰা উজলি উঠে আশ্চৰ্য নতুন, এনেকি অভাৱনীয় পাঠকৃতিৰ ৰৌদ্ৰবলয়৷
বিনিৰ্মাণে পাঠকৃত্তিক নিষ্ক্ৰীয় নিৰাসক্ত হৈ থাকিবলৈ নিদিয়ে, তাক কৰি তোলে সক্ৰিয় প্ৰাণবান, জগত-জীৱনৰ স্পন্দন
সম্পৰ্কে চিৰ-উৎসুক৷ প্ৰতীচ্যৰ তাত্ত্বিকে সেয়ে কাব্যিকতাৰ পৰশ সানি উচ্ছাৰণ কৰে : ‘Text is a performance’৷ এয়া শিল্পিত উপস্থাপনা হ’বই নোৱাৰে য’ত পৰে দেৰিদা কথিত চিহ্নায়কৰ পৰ্যায়ক্ৰম অন্য প্ৰেক্ষিতত পুনৰাবৃত্তিৰ
উপযুক্ত বুলি বিবেচিত নহয়৷ ইয়াকেই ৰোলাবাৰ্তে কৈছিল ‘always already
written’৷ তাৰ অৰ্থ, যি আছে সেইয়া পূৰ্বেই
বাগ্ধাৰাৰ গভীৰত সম্ভাৱনা হিচাপে নিহিত আছিল৷ এই চিৰ-উপস্থিতিক সমস্ত অনুপস্থিতিৰ
যৱনিকা আঁতৰাই বাঙ্ময় কৰি তুলিব লগা হয়৷ তেতিয়াই পুৰণি তটৰেখা জুৰি দেখা দিয়ে নবীন
তাৎপৰ্যৰ জলোচ্ছ্বাস৷ চূড়ান্তভাৱে ৰূপান্তৰিত হৈ পৰে লিখনবিশ্ব (compositional
world/ microcosm)’৷ কোৱা বাহুল্য, এই
ৰূপান্তৰত সংযোজন-বিকল্পায়নৰ বিনিৰ্মাণবাদী প্ৰক্ৰিয়াই অতি সূক্ষ্ম আৰু
সুদূৰপ্ৰসাৰী ভূমিকা গ্ৰহণ কৰে৷
বিনিৰ্মাণ পন্থাৰ প্ৰচুৰ প্ৰভাৱত সমসাময়িক বেছ কিছু প্ৰধান বৌদ্ধিক
ঐতিহ্যই নিজৰে কৃৎকৌশল আৰু আধেয় সম্পৰ্কে মৌলিক পুনৰ্মূল্যায়ন কৰিবলৈ বাধ্য হৈছে৷ সম্ভৱত
ইয়াৰেই ফলত আপাতদৃষ্টিত বাঘে-ছাগে একে ঘাটত পানী খাইছে৷ যেনে, মাক্সৰ্বাদৰ সাম্প্ৰতিক আলোচকসকলে বিনিৰ্মাণবাদৰ সৈতে দাৰ্শনিক সাযুজ্যতা বিচাৰি পাইছে৷ আচলতে মানুহৰ পৃথিৱীত এতিয়া আৰু
একোৱেই অসম্ভৱ নহয়৷ এফালে ভাঙিব ধৰিছে সমস্ত ৰৈখিকতা, আনফালে
মচ খাই আহিছে আৰোপিত ঐক্যবোধ৷ এই সময়ৰ দাবী হৈছে, দৃষ্টিৰ বহুত্ব
আৰু অনেকাৰ্থ দ্যোতক (heteroglossia)-ৰ প্ৰেৰণা৷ শৃঙ্খলা আৰু আকৰণৰ ওচৰত আৰু নিৰ্বিচাৰ আনুগত্য নহয়, এতিয়া কাম্য উদাৰ আৰু মুক্ত বিশ্লেষণী সমালোচনাৰ পাঠ, একাত্ম হোৱাৰ পৰিচয়সূত্ৰ নহয়, পাৰ্থক্যৰ প্ৰতীতি৷
আৰু সবাৰে ওপৰত, ভাববস্তু (theme) আৰু
চিন্তাপ্ৰণালীৰ সাৰ্বভৌমত্ব আৰু সমগ্ৰায়ন (totalisation) সম্পৰ্কে
সংশয়৷ শুদ্ধতাৰ নামত অনড়তা নহয়, এতিয়া কাম্য গতিৰ মূল্যত
নিৰীক্ষা অৰ্জন৷ এই সকলোবোৰ সম্ভৱ হৈছে বিনিৰ্মাণৰ মনন আৰু আৱেগত৷ সেয়ে সময়ৰ
প্ৰেৰণাত মাইকেল ৰিয়ানে তেওঁৰ বহু আলোচিত 'Marxism and Deconstruction' (১৯৮২) নামৰ কিতাপখন লিখি আমাক চিন্তাসূত্ৰ উপহাৰ দিছে৷ এইদৰে বিভিন্ন
প্ৰচলিত দৰ্শন প্ৰস্থানে (School of Philosophy) বিনিৰ্মাণবাদলৈ
আনিছে নতুন তৰঙ্গাভিঘাত৷ চিন্তাৰ ৰৈখিকতা ভাঙি গৈছে, সম্ভাৱনাৰ নতুন নতুন দিগন্ত মুক্ত হোৱাত সাম্প্ৰতিক
তাত্ত্বিকসকল কাৰ্যত হৈ উঠিছে অভিযাত্ৰী আৰু আৱিষ্কাৰক৷ ইউৰোপৰ দেশে দেশে যিদৰে প্ৰসাৰিত হৈছে নতুন চিন্তাবলয়,
তেনেকৈযে. আমেৰিকাতে তাৰ প্ৰচুৰ প্ৰভাৱ দেখিবলৈ পোৱা গৈছে৷ ‘নব্য সমালোচক’ সকলৰ প্ৰকৰণবাদে দীৰ্ঘকাল ধৰি যি
তাত্ত্বিক শৃঙ্খলৰ ক্ৰমাগত চৰ্চাৰ অভ্যাস গঢি. তুলিছিল, তাক
ভাঙি পেলোৱাৰ বাবে মাৰ্কিন চিন্তাবিদসকলে চেষ্টা কৰিছিল৷ নথ্ৰপফ্ৰাইয়ৰ প্ৰত্নকথা
সমালোচনা, লুকাছৰ হেগেলীয় মাক্সৰ্বাদ, ফৰাচী আকৰণবাদ : বিভিন্ন সময়ত বিপ্ৰতীপ ভাবনাৰ আয়ুধ হৈ উঠিছে৷
সিবিলাকত প্ৰাগুক্ত শৃঙ্খলটি কিঞ্ছিত পৰিমাণে শিথিল হ’লেও
ইপ্সিত মুক্তি অহা নাই৷ বিনিৰ্মাণবাদ
যেতিয়া দেৰিদাৰ প্ৰাগুক্ত বিখ্যাত নিবন্ধ পাঠৰ সূত্ৰে আমেৰিকাৰ তত্ত্বজগতত উপস্থিত
হ’ল, তেতিয়াই আহিল সেই কাঙ্ক্ষিত পৰ্বান্তৰৰ মুহূৰ্ত৷
(ক্ৰমশঃ)