অন্যযুগ/


বিনিৰ্মাণবাদ

  ড° তপোধীৰ ভট্টাচাৰ্য

অসমীয়া অনুবাদ : কুমুদ ঘোষ




৷৷ চাৰি ৷৷


        জে. হিলিছ মিলেৰ, পল দা মেন, জিওফ্ৰে হাৰ্টমেন আৰু হেৰল্ড ব্লুম : মূলতঃ এই চাৰিজন সমালোচককে আমেৰিকাত বিনিৰ্মাণবাদৰ মুখ্য পৰিপোষক বুলি কোৱা হয়৷ ডেৰিডাৰ বিখ্যাত নিবন্ধই যেতিয়া আমেৰিকাৰ বিদ্বৎ-সমাজত অভূতপূৰ্ব আলোড়ন সৃষ্টি কৰিলে, সেই সময়ত তেওঁলোকে ইয়েল বিশ্ববিদ্যালয়ত পঢ়ুৱাই আছে৷ মূলতঃ তেওঁলোকৰ চেষ্টাত বিনিৰ্মাণবাদে এক প্ৰণালীবদ্ধ তাত্ত্বিক আন্দোলনৰ ৰূপ লয়৷ পাছত অৱশ্যে তেওঁলোকৰ কোনো কোনোবাজন সেই বিশ্ববিদ্যালয়ৰ পৰা অন্যলৈ গুচি যায়৷ কিন্তু বিনিৰ্মাণবাদৰ সৈতে ইয়েল’-সমালোচকসকলৰ নাম ঐতিহাসিকভাৱে যুক্ত হৈ পৰে৷ ইয়াৰ অৰ্থ অৱশ্যে এয়া নহয় যে উল্লিখিত চাৰিজন তাত্ত্বিকৰ মাজত অভিন্ন চিন্তা প্ৰতিফলিত হৈছিল৷ প্ৰকৃতপক্ষে অন্য যিকোনো ধাৰাৰ দৰে তেওঁলোকৰ মাজতো পাৰস্পৰিক পাৰ্থক্য অনেক৷ তথাপি কিছু  কিছু সাধাৰণ প্ৰত্যয়, দৃষ্টিভংগী, সমালোচনাৰ অন্তৰ্বস্তু যিহেতু তেখেতসকলৰ মাজত স্পষ্ট ধৰা পৰিছে আৰু Deconstruction and Criticism  (১৯৭৯) নামৰ প্ৰবন্ধ সংকলনত এজনে আনজনৰ কথা বাৰেপতি উল্লেখ কৰিছে আৰু বক্তব্যৰ পৰাও ঐক্যসূত্ৰ প্ৰমাণিত হৈছে৷ তেওঁলোকৰ দাৰ্শনিক প্ৰস্থানভূমি যে অভিন্ন, তাত সংশয়ৰ কোনো কাৰণ নাই৷ অৱশ্যে এওঁলোকৰ প্ৰত্যেকেই ১৯৬৬ চনৰ পূৰ্বেই সাহিত্য সমালোচক হিচাপে যথেষ্ট খ্যাতি অৰ্জন কৰিছিল৷ অৰ্থাৎ দেৰিদাৰ বিখ্যাত বক্তৃতাই আলোড়ন সৃষ্টি কৰাৰ বছৰটোৰ পূৰ্বেই তেওঁলোকৰ নিজস্ব ক্ষেত্ৰ প্ৰস্তুত হৈছিল৷ এনে নহয় যে দেৰিদাৰ ভাবানুৰাগী হোৱাৰ বাবে তেওঁলোকে নিজৰ মানসিক প্ৰৱণতাসমূহ সম্পূৰ্ণৰূপে সলনি কৰি পেলাইছিল আৰু তাৰ লগতে ১৯৬৬ চনৰ পূৰ্বৱৰ্তী ৰচনাবোৰ প্ৰত্যাখ্যান কৰিছিল৷ এই বছৰটোৱে মাথোঁ তেওঁলোকৰ চিন্তাজগতত জলবিভাজন ৰেখা (watershed)-ৰ কাম কৰিছিল৷

        মিলেৰ-মেন-হাৰ্টমেন-ব্লুমে একে ধৰণেই যে ডেৰিডাৰ প্ৰভাৱ আত্মস্থ কৰি লৈছিল, তেনেও নহয়৷ ব্লুমে বহু ক্ষেত্ৰত ডেৰিডাক অস্বীকাৰ কৰিব বিচাৰিছিল৷ আমেৰিকাত এইজন মনীষীৰ প্ৰভাৱে বিদ্বৎসমাজক এনেদৰে আচ্ছন্ন কৰি থৈছিল যে, চিন্তা-চেতনাৰ নতুন দিগন্ত মুকলি কৰাৰ ক্ষেত্ৰত একমাত্ৰিক (mono dimensional) স্বীকৃতিও বাধা হৈ থিয় দিছিল৷ যিয়েই হওক, ইউৰোপত যিদৰে ফৰাছী বিদ্বানসকলৰ মাজত আকৰণোত্তৰবাদে এক বিশিষ্ট ৰূপ গ্ৰহণ কৰিছে, সেইদৰে আমেৰিকাত বিনিৰ্মাণবাদ স্বতন্ত্ৰ হৈ উঠা নাই৷ বৰং কব পাৰি, নৱ্য সমালোচকসকলৰ মাজত সাহিত্যতাত্ত্বিকসকলৰ আন্দোলনে এক প্ৰাথমিক ভেটি নিৰ্মাণ কৰিছিল, আৰু সেই ভেটিত থিয় হৈ ইউৰোপৰ পৰা পোৱা আকৰণবাদী চিন্তাক তেওঁলোকে নিজস্ব ধৰণে প্ৰসাৰিত কৰিলে৷ ইয়াৰ ফলত চিন্তাপ্ৰকৰণৰ ধাৰাবাহিকতা ৰক্ষিত হৈছে; আকৌ তাৎপৰ্যপূৰ্ণ সংশোধন আৰু পৰিমাৰ্জনৰ ফলত আকৰণোত্তৰ চেতনাৰ এটি বিশিষ্ট প্ৰকাশ বিনিৰ্মাণবাদ হিচাপে প্ৰতিষ্ঠিত হৈছে৷ এওঁলোকৰ আন এটি ডাঙৰ কৃত্বি হল এয়া যে, জীৱন আৰু জগত সম্পৰ্কে বিভিন্ন মীমাংসাত উপনীত হবলৈ গৈ উল্লিখিত সমালোচকসকলে কেৱল সাহিত্যতত্ত্বৰ ভূমিতেই নিজক আৱদ্ধ কৰি থোৱা নাছিল৷ এওঁলোকৰ প্ৰত্যেকেই নিজৰ চিন্তাৰ ধাৰাবাহিকতা অক্ষুণ্ণ ৰাখিছে, দেৰিদাই কেৱল তেওঁলোকৰ দৃষ্টিক নব্য চেতনাপ্ৰস্থান (School of consciousness)ৰ প্ৰতি আকৃষ্ট কৰিছে৷ ফলত তত্ত্ববিশ্ব আৰু প্ৰসাৰিত হৈছে; পথিকসকলে প্ৰচলিত পথৰ বাহিৰত ভৰি দিছে কিন্তু এই নৱ্য পৰিক্ৰমাত নিজা সাংস্কৃতিক পৰম্পৰা নিবিড়ভাৱে আত্মস্থ হৈছে৷ দৃষ্টিৰ সীমা আৰু দূৰলৈ আঁতৰি গৈছে, সম্ভাৱনাৰ অকৰ্ষিত ক্ষেত্ৰত তেওঁলোকে উদ্যম গ্ৰহণৰ প্ৰেৰণা লভিছে৷

        বিনিৰ্মাণ নামক পাৰিভাষিক শব্দটোক পল দি মেনেৰৰ দৰে যশস্বী সমালোচকে কি দৃষ্টিৰে চাইছিল, সেয়া বুজিবৰ বাবে তেওঁৰ এটি মন্তব্য স্মৰণ কৰিব পাৰোঁ : ‘Literature as well as criticism – the difference between being delusive is condemned (or privileged) to be for ever the most rigorous and consequently the most unreliable language in terms of which man names and transforms himself.’ (১৯৭৯: ১৯) ৷ এই ভাবনাৰ আঁত ধৰি বুজিব পাৰোঁ, জীৱনৰ বাগ্‌ধাৰাক সংক্ৰামিত আৰু ৰূপান্তৰিত কৰাৰ দায় বহন কৰে সংবেদনশীল মানুহে৷ আকৌ এনে ইঙ্গিতো পোৱা গৈছে যে, সাহিত্যিক পাঠকৃতি আৰু সমালোচকৰ বাগ্‌ধাৰা গঢ়ি উঠে নানা ধৰণৰ কূটাভাসৰ সৈতে মকামিলা কৰোঁতে৷ সাহিত্য আৰু সমালোচনাৰ মধ্যৱৰ্তী ব্যৱধানক যদি কেৱল আপাত-ধাৰণাবা বিভ্ৰমবুলি নস্যাৎ কৰোঁ, প্ৰাথমিক বিচাৰত কেইজনে সেয়া গ্ৰহণযোগ্য বুলি ধাৰণা কৰিব? দা মেনে যাক কঠোৰভাৱে শৃঙ্খলাপৰায়ণ বুলি ভাবিছে, একে লগতে সেয়া আকৌ সবাতোকৈ অবিশ্বস্ত হয় কেনেকৈ? এই দুই প্ৰৱণতাৰ অসম মিলনত যি পৰাভাষা (meta language) উদ্ভূত হৈছে, সেয়া কিদৰে মানৱবিশ্বৰ পৰিচায়ক হব পাৰে কিম্বা ৰূপান্তৰিত কৰিব পাৰে মানুহৰ দৰে জটিল অস্তিত্বক? এনেধৰণৰ কূটাভাসে সমস্যা সমাধানৰ পৰিৱৰ্তে সমস্যাক আৰু গ্ৰন্থিল নকৰিবনে? চিন্তাৰ স্বাভাৱিক প্ৰৱণতাক অস্বীকাৰ কৰি বাগ্‌ধাৰাৰ সংযোগ ক্ষমতাক খৰ্ব কৰা নাইতো! অস্তিত্বৰ মৰ্মমূলক যি সংশয়বাদে আলোড়িত কৰে সেয়া তেনেহলে কি এই সময়ৰ সেই অসুখ যাৰ কোনো উপশম নাই! যিমানেই ইয়াৰ আওতাৰ পৰা ওলাব বিচাৰোঁ, বাৰে বাৰে উভতি আহিব লগা হয় তাৰ বলয়লৈ৷ এই প্ৰক্ৰিয়াই নিৰৱচ্ছিভাৱে আমাৰ চৈতন্যৰ সকলো আকৰণ আৰু ধাৰাবাহিকতা ভাঙি দিছে : এই কথা যিদৰে লক্ষ্য কৰিছিল দাৰ্শনিকসকলে, তেনেকৈয়ে সাহিত্যতাত্ত্বিকসকলো এই বিষয়ত সচেতন হৈছিল৷ আৰু, শেষত সম্পূৰ্ণৰূপে ভিন্ন গোত্ৰৰ এক তাত্ত্বিক প্ৰকৰণ গঢ়ি তুলিছিল৷ ইয়াকে বিনিৰ্মাণৰ অভিধা দিয়া হৈছে৷ বিখ্যাত তাত্ত্বিক ক্ৰিষ্টফাৰ নোৰিছে লিখিছে, Deconstruction is a constant reminder of the etymological link between ‘crisis’ and ‘criticism. (১৯৪৩ : ১১-১২)৷ আপাতদৃষ্টিত যাক উদ্ভট ধাৰণা হয়, তাৰেই সীমান্ত চুই যেন পাঠকৃতিৰ তাৎপৰ্য বিশ্লেষণৰ সাম্প্ৰতিক প্ৰক্ৰিয়াই কালান্তৰৰ বাৰ্তা কঢ়িয়াই আনিছে৷ জীৱন যিহেতু পূৰ্বধাৰ্য উপসংহাৰ অনুযায়ী কেতিয়াও বিন্যস্ত নহয়, বিনিৰ্মাণে সমস্ত অনন্বয়ক চকুলৈ আঙুলিয়াই দেখুৱাই দিয়াৰ দায়িত্ব লয়৷ যিখিনি আৱৰণৰ আঁৰত, সিবিলাকক অনাবৃত কৰিব বিচাৰে বাবেই ভাষা, অভিজ্ঞতা বা মানৱিক সংযোগৰ সমস্ত স্বাভাৱিক সম্ভাৱনাক সংশয়বিদ্ধ কৰি বিনিৰ্মাণৰ কাম আৰম্ভ হয়৷ এইখিনিতে আৰু এটি গুৰুত্বপূৰ্ণ কথা উল্লেখ কৰা প্ৰয়োজন৷ বিনিৰ্মাণ মানৱিক চিন্তা আৰু মননৰ এনে এটি প্ৰক্ৰিয়া যাক ৰৈখিক ধাৰাবাহিকতাৰে প্ৰয়োগ কৰিব নোৱাৰি৷ নোৱাৰাৰ কাৰণ, কোনো ধৰণৰ অভ্যস্ততা বিনিমাৰ্ণপন্থাত অসম্ভৱ; তেনে সম্ভাৱনা (বা আশঙ্কা) দেখা দিলে নিজৰেই বিৰুদ্ধে আৰম্ভ হব বিচাৰে তাৰ দ্ৰোহ৷

        স্বাভাৱিকভাৱে সমালোচকসকলৰ মাজত বিনিৰ্মাণৰ উপযোগিতা আৰু গুৰুত্ব সম্পৰ্কে নানা ধৰণৰ প্ৰতিক্ৰিয়া দেখা গৈছে৷ কোনো কোনোৱে ইয়াক বিদ্যাচৰ্চাৰ জগতত ক্ষণিকৰ ফানুছ বুলি উৰুৱাই দিব বিচাৰিছে, কোনোৱে আকৌ ইয়াক জ্ঞানৰ গম্ভীৰ জগতত অনাৱশ্যক উৎপাত বুলি নিন্দা কৰিছে৷ সন্ত্ৰাসবাদীহঁতে যিদৰে অকাৰণ হিংস্ৰতাৰে সমাজৰ চলন্ত ধাৰাত ধবংসৰ আৱৰ্ত সৃষ্টি কৰে, তেনেকৈয়ে বিনিৰ্মাণপন্থায়ো সাহিত্যিক ভাবনাৰ সমস্ত নিময়-শৃঙ্খলাক ধবংস কৰি নৈৰাজ্য স্থায়ী কৰিব বিচাৰে৷ এই প্ৰতিক্ৰিয়া অস্বাভাৱিক নহয়৷ কিয়নো, সাহিত্য সমালোচনাৰ চিৰাগত পৰিকল্পনা আৰু ভাবকল্পক সক্ৰিয়ভাৱে যি কালাপাহাৰীপ্ৰৱণতাই আঘাত কৰিছে, তাৰ সম্পৰ্কে স্বস্তি বোধ নকৰাৰেই কথা৷ এই উপলব্ধি খুব কম মানুহৰ হৈছিল যে ভাষাক, চেতনাক, আকৰণক আক্ৰমণ কৰি আচলতে সিবোৰক বিনিৰ্মাণবাদৰ অৱসাদৰ কৃষ্ণগহ্বৰৰ পৰা বচাব বিচাৰিছে৷ ইয়াৰ কাৰণ যদি সন্ধান কৰোঁ, দেখিম, সমালোচনাৰ বিভিন্ন পদ্ধতিৰ মাজত যুগ যুগ ধৰি বহু তৰ্ক, কলহ আৰু মতৰ অমিল থাকিলেও কিছু কিছু যথাপ্ৰাপ্ত বিধি আৰু চিন্তাৰ আকৰণ সম্পৰ্কে অনুচ্চাৰিত মতৈক্যও আছিল৷ পৰস্পৰৰ মাজত দৃষ্টিকোণগত যত বৈষম্যই থাকক, এই বিষয়ত সকলো একমত আছিল৷ (কিম্বা তৰ্কাতীত বুলি এয়া লৈ কথা কোৱাৰোঁ তেনে কোনো তাগিদা বোধ কৰা নাছিল) যে, সাহিত্যিক পাঠকৃতি মাত্ৰেই তাৎপৰ্যগৰ্ভ আৰু সাহিত্য সমালোচনাৰ কাম হল সেই তাৎপৰ্য সম্পৰ্কে সকলোকে অৱগত কৰা৷ কিন্তু বিনিৰ্মাণে যেতিয়া সাহিত্যআৰু সমালোচনানামক দুটি চিৰাগত বৰ্গৰ মাজত বিদ্যমান লক্ষ্ণণ ৰেখাডালকে প্ৰত্যাহ্বান জনালে, বোদ্ধাসকল সচকিত হৈ পৰিল৷ সমালোচনা বিশেষ ধৰণৰ জ্ঞান আৰু সেয়াই কেতিয়াও সাহিত্যিক পাঠকৃতিৰ সমকক্ষ হোৱাৰ স্পৰ্ধা নেদেখুৱায় : সহজবোধ্য  মনস্তাত্ত্বিক কাৰণত এই বক্তব্য বিনা প্ৰশ্নে গৃহীত হৈ আহিছে৷ কিন্তু বিনিৰ্মাণবাদীসকলৰ ওচৰত সমালোচকৰ বাগ্‌ধাৰা কেতিয়াও অদ্ভূত নহয়; বৰং সেয়া দাৰ্শনিক বাগ্‌ধাৰাৰ দৰে নানা বিশিষ্ট লিখন-প্ৰক্ৰিয়া অৰ্থাৎ এনে নহয় যে, সাহিত্যিকৰ পাঠকৃতি নৱ নৱ উন্মেষশালিনী প্ৰতিভাৰ সৃষ্টি বুলিয়েই উচ্ছবৰ্গৰ বাগ্‌ধাৰা হিচাপে একমাত্ৰ বন্দনীয়৷ সমালোচকৰ বাগ্‌ধাৰাইও সমানে সমানে মাননীয় টেক্সট্‌ (পাঠকৃতি), কঠোৰ নিয়মবিন্যাস আৰু নিয়ত চলিষ্ণুতাৰ মাজেদি আশ্চৰ্য সেতু গঢ়িব পাৰে৷

৷৷ পাঁচ৷৷

        বিনিৰ্মাণবাদে যিহেতু কোনো ধৰণৰ অভিভাৱকত্ব মানি নলয়, সেয়ে অন্বিষ্ট পাঠকৃতিক স্বচ্ছন্দে ভাঙিব পাৰি৷ আচলতে নিৰন্তৰ অন্তৰ্ঘাতৰ মাজেদি জীয়াই ৰাখে তাৰ সজীৱতা আৰু অভিনৱত্বক৷ অন্যভাবে কব পাৰি, ধবংস মাজেদি প্ৰতিমুহূৰ্তত আবাহনকৰে নিৰ্মাণক৷ ফলত পাঠকৃতিৰ মাজত অলক্ষ্যে জাগি থাকে আৰু অনেক পাঠকৃতিৰ সম্ভাৱনা৷ তাৰ আৰম্ভ নাই, সমাপ্তিও নাই৷ প্ৰতিটো পাঠে যেন কঢ়িয়াই আনে অনাগত অন্য এক পাঠৰ বাৰ্তা৷ দেৰিদাৰ যুগান্তকাৰী গ্ৰন্থ Of Grammatology-ৰ পৃথিৱীখ্যাত বিশাল পাতনিত গায়ত্ৰী চক্ৰৱৰ্তী স্পিৱাকে লিখিছিল : ‘the structure preface-text becomes open at both ends. The text has no stable identity, stable origin ... each act of reading ‘the text’ is a preface to the next.’ (১৯৭৭: ১২)৷ একমাত্ৰ এইদৰেই সংবদনশীল পাঠকে প্ৰাতিষ্ঠানিকভাৱে চক্ৰবেহুৰ পৰা, সমস্ত দৃশ্য অদৃশ্যৰ শিকলি ভাঙি নিৰ্গম পথটি আৱিষ্কাৰ কৰি লব পাৰে৷ আৰু, গঢ়ি লব পাৰে তেওঁৰ নিজস্ব পাঠকৃতি৷ ক্ৰমাগতভাৱে তাক সলাই নলৈ এই কামত তেওঁ সিদ্ধ হব নোৱাৰে৷ যথাপ্ৰাপ্ত বাগ্‌ধাৰাক বাৰেপতি হস্তক্ষেপ নকৰাকৈ আৰু ক্ৰমাগতভাৱে তাক সলাই নলৈ এই কামত তেওঁ সিদ্ধ হব নোৱাৰে৷ পাঠকে মনত ৰাখিব লাগিব কেৱল ডেৰিডাৰ প্ৰবাদপ্ৰতিম উচ্চাৰণ : ‘There is nothing outside the text’ (১৯৭৬ : ১৬৩)৷ পাঠকৃতিৰ বাহিৰত যদি একোৱেই নাথাকে, তাৰ অৰ্থ, বাগ্‌ধাৰা মাথোন জগতৰ ছাঁ নহয়৷ ই এক স্বয়ংসম্পূৰ্ণ অথবা সৰ্বদা অসম্পূৰ্ণ জগত৷ আন ধৰণে কব পাৰি, পাঠকৃতিত সকলোবোৰেই আছে : জ্ঞাতা আৰু জ্ঞান, বিষয়ী আৰু বিষয়, আনকি হোৱা আৰু নোহোৱা৷ সেই ক্ষেত্ৰত বিনিৰ্মাণ আচলতে হৈ উঠে পৰা-নিৰ্মাণ (meta-construction)৷ কাৰ্য আৰু কাৰণ, বহিৰ্বৃত্ত আৰু অন্তৰ্বৃত্ত, উপস্থিত আৰু অনুপস্থিত, জগত আৰু সত্তা : পুৰণি ধৰণৰ দ্বৈততাৰে নহয়, নতুন সংলাপ (dialogue)ৰে পাঠকৃতিত অনবৰত অন্বিত আৰু অনন্বিত হৈ থাকে৷ বিনিৰ্মাণ যায় সম্ভাৱ্য নিৰ্মিতিৰ ফালে, আকৌ বিনিৰ্মাণৰ বাবে প্ৰস্তুত কৰি দিয়ে নিৰ্মাণ-পথ৷ চিহ্নায়ক আৰু চিহ্নায়িতৰ গণ্ডীৰ বাহিৰত, বিলীয়মান দিগন্তৰ ধূসৰতাত পাঠক প্ৰতীক্ষাৰত৷

        তদিনে যিবিলাকক পাঠকৃতি বুলি জানিছিলোঁ, সিবিলাকৰ পূৰ্বধাৰ্য সীমা আছে, সূচনাবিন্দু আৰু উপসংহাৰ পৃথকে পৃথকে চিনাক্ত কৰিব পাৰি৷ কত কেন্দ্ৰ, পৰিধি কিমানখিনি বিস্তৃত আৰু কিদৰে আৰোহী পথেদি শীৰ্ষবিন্দুত উপনীত হৈ অৱৰোহী পথত আকৌ সমস্ত আৱেগ নিঃশেষিত হৈছে : এই সকলোবোৰেই স্পষ্ট৷ সাহিত্যৰ সাংগঠনিক গঠন আৰু ঐক্যবোধ মানি লৈয়েই লেখক-পাঠক-সমালোচকে নিজৰ স্বাধীনএলেকাত দৃঢ় স্থিতি পাইছে৷ কিন্তু দেৰিদাই কলে এনে পাঠকৃতিৰ কথা যি সমস্ত পূৰ্বধাৰ্য সীমান্ত আৰু চিন্তাৰ বিভাজনক মচি গঢ়ি তোলে ‘by a sort of overrun!ইয়াৰ ফলত কোনো একক লেখকৰ ভূমিকা গৌণ হৈ পৰে; যৌথ পাঠ-উদ্যমৰ অভিব্যক্তি হিচাপে এই নতুন আৰু জায়মান অস্তিত্বটি হৈ উঠে সাধাৰণভাৱে পাঠসত্তা বা ‘textuality’-ৰ নিদৰ্শন৷ এই বিষয়ত বিনিৰ্মাণবাদীসকলৰ বাবে আদৰ্শ হল পাঠকৃতিৰ অন্তঃশায়ী বিবিধ পাৰ্থক্যবোধৰ আন্তৰ্পাঠ (inter-textuality) : ‘a differential network, a fabric of traces referring endlessly to something other than itself, to other differential traces’! পাঠসত্তা গঢ়ি উঠিছে নিৰন্তৰ প্ৰৱহমান অন্য সত্তাৰ অভিঘাতত, এই কথা যেতিয়া গভীৰভাৱে ভাবোঁ তেতিয়া অজস্ৰ অনুপস্থিতিৰ বিস্তৃতি অনুভৱ কৰোঁ উপস্থিতৰ উন্মোচনত৷ নানা ধৰণৰ সামাজিক আৰু নান্দনিক প্ৰশ্ন উত্থাপিত হৈছে পুনঃপুন; যিমানখিনি দৃশ্যমান, কেৱল মাত্ৰ সেই পৰিধিতে সমাধান পাম : এনে হব নোৱাৰে৷ বিনিৰ্মাণে আমাক অদৃশ্য অস্তিত্বৰ অমোঘ ভূমিকা সম্পৰ্কে সচেতন কৰি তোলে৷

        সেয়ে, আৰু যিয়েই হওক, বিনিৰ্মাণ কেতিয়াও একক পথগামী নহয়; একেলগে সেয়া ভাষ্যকাৰসকলৰ বাবে স্বস্তি আৰু অস্বিস্তিৰ কাৰণ৷ স্বস্তি, কিয়নো, এই পথত তেওঁলোকৰ স্বাধীনতা অবিসম্বাদী; আকৌ অস্বস্তিও, যিহেতু তেওঁলোকে কেতিয়াও উপনিষদৰ ঋষিৰ ভঙ্গীত কব নোৱাৰে বেদাহমেতম্‌’! তেওঁলোক সত্যৰ বহুমুখী আৰু বহুস্বৰিক (polyphonic)¸  বাগ্‌ধাৰাৰ আৰু এটি বিকল্পৰ প্ৰস্তাৱক মাত্ৰ৷ এই প্ৰসঙ্গত আমি স্বয়ং ডেৰিডাৰ পৰা পোৱা এটি সহজ সংজ্ঞা উল্লেখ কৰিব পাৰোঁ যিটো তেওঁ প্ৰসঙ্গক্ৰমে লুচিয়েন গল্ডমেনক কৈছিল৷ তেওঁৰ বক্তব্য হৈছেঃ ‘Simply  a question of being alert to the implications, to the historical sedimentation of the language which we use.’ (The structuralist controversy : ২৭১)৷ এই সহজ কথাষাৰৰ মাজত একাধিক গভীৰ চিন্তা অব্যক্ত হৈ আছে৷ আমাৰ কবি জীবনানন্দই লিখিছিল ব্যৱহৃত-ব্যৱহৃত-ব্যৱহৃত হতে হতে শুয়োৰেৰ মাংস হয়েযোৱাৰ কথা৷ বহু ব্যৱহাৰত জীৰ্ণ ভাষাই এসময়ত তাৎপৰ্য হেৰুৱাই পেলাই; তেতিয়া ভাষাক নতুন জীৱন দিয়াৰ স্বাৰ্থত ভাষাৰ পুৰণি শলখাবোৰ খুলি দিব লগা হয়, ভাঙি পেলাব লগা হয় লৰক-ফৰক মঞ্চখন৷

        তাৰ বাহিৰেও, আমি যেতিয়া ব্যৱহাৰলব্ধ সমগ্ৰক দেখোঁ, তাক বিমূৰ্তায়িত আৰু আদৰ্শায়িত কৰি লওঁ; পাহৰি যাওঁ যে ব্যৱহাৰ বিধিৰ বস্তুনিষ্ঠ অনুপুঙ্খবোৰে ক্ৰমান্বয়ে তাক গঢ়ি তুলিছে৷ বিনিৰ্মাণে আমাক সচেতনতা ওলটাই দিয়ে, সাংগঠনিক পৰ্যায়বোৰ যেতিয়া নতুনকৈ চিনি পাওঁ, নিজৰ দৃষ্টিকোণক পুনৰ্গঠন কৰাৰ প্ৰয়োজন অনুভৱ কৰোঁ৷ এইবোৰেই হয়তো দেৰিদাই ইয়াক দৰ্শনৰ অন্তৰ্গত আত্মসমালোচনা বা স্বতোবীক্ষণ (auto-vision)’ (১৯৭৬ : ৬৪) বুলিব বিচাৰিছিল৷ বিভিন্ন অনুপুঙ্খ আৰু অনুষঙ্গ কিদৰে সমগ্ৰৰ প্ৰতীতিত যুক্ত হৈ থাকে, সেইয়া লক্ষ্য কৰি আৰু তাক কেৱলমাত্ৰ যথাপ্ৰাপ্তবুলি বিনিৰ্মাণবাদীসকল সন্তুষ্ট নাথাকে৷ সংযোজন-সংশোধন-পৰিৱৰ্তন বিকল্পয়ানৰ নিৰৱচ্ছিন্ন প্ৰক্ৰিয়াত মানুহৰ কত বিচিত্ৰ বাগ্‌ধাৰা গঢ়ি উঠিছে  আৰু প্ৰতিটো মুহূৰ্ততে সমাজ-সংস্কৃতি-ইতিহাসৰ ভঙা-গঢ়াৰ শাণিত হৈছে সম্ভাৱনা : এই উপলব্ধিতে অন্তৰ্দীপ্ত বিনিৰ্মাণ পন্থা৷ এয়া তাৰ সমালোচনা, এয়া তাৰ প্ৰস্তাৱনা আৰু এয়াইতো তাৰ পাঠকৃতি৷ স্বভাৱতঃ বিনিৰ্মাণ কেতিয়াও নিৰপেক্ষ নহয়, যথাপ্ৰাপ্ত স্থিতিত হস্তক্ষেপ কৰাই তাৰ প্ৰধান বৈশিষ্ট্য৷ এইবাবে দেৰিদাই তেওঁৰ Positions (১৯৮১ : ৯৩) নামৰ গ্ৰন্থত স্পষ্টভাৱে কৈছে, সকলো ধৰণৰ দৃঢ় গঠনত, বস্ত্ৰকেন্দ্ৰিক প্ৰতিষ্ঠানত, চিহ্নায়ক-নিৰ্ভৰ উপস্থাপনত বিনিৰ্মাণে হস্তক্ষেপ কৰে৷ সাধাৰণ বিশ্লেষণ বা সমালোচনাৰ প্ৰথাসিদ্ধ পথেদি বিনিৰ্মাণবাদ আগনাবাঢ়ে৷ আৰু সৰ্বশেষত, ‘deconstruction is deconstruction of dogmatic critique.’(প্ৰাগুক্ত)৷

        কোনো কোনোৱে কয়, ডেৰিডাৰ বিনিৰ্মাণবাদ হল : ভাষাৰ দৰ্শনক তাৰ নিজৰেই বিৰুদ্ধে সঞ্চালিত কৰাৰ কূট-কৌশল৷ এই বিষয়ত প্ৰতীচ্যৰ তাত্ত্বিকসকলে বিস্তাৰিত ব্যাখ্যা আগ বঢ়াইছে৷ ইয়াত সেয়া আকৌ উত্থাপন কৰিব বিচৰা নাই৷ মাত্ৰ ইমানেই ক, বিনিৰ্মাণবাদ হল এক আশ্চৰ্য চিন্তাধাৰা যিয়ে সৰ্বদা পৰিপূৰক বক্তব্যক নিদ্বিৰ্ধাই আমন্ত্ৰণ কৰে৷ ফলত এফালে যিদৰে ইয়াক প্ৰাকৰণিক (technical, formal) গণ্ডীত আৱদ্ধ কৰিব নোৱাৰি, তেনেকৈয়ে নৈৰাজ্যৰ গোপন আক্ৰমণ সম্পৰ্কেও সতৰ্ক হৈ থাকিব লগা হয়৷ তুলনামূলকভাৱে নিৰাপদ বক্তব্য দাঙি ধৰিছে কেভিন হাৰ্টে (১৯৮৯ : ১১৭)৷ তেওঁৰ মতে, ‘Deconstruction is not a methodology, it can only be defined by the practices done in its name.’! অত্যন্ত সঁচা কথা হ, এনে প্ৰয়োগ নিৰ্ভৰ তত্ত্ব কমেই আছে যাক প্ৰয়োগ-বৈচিত্ৰ্যৰ মাজেদি প্ৰতিনিয়ত নতুন কৰি তুলিব পাৰি৷ ইয়াৰ মাজত কোনো ধৰণৰ ৰক্ষণশীলতা নাই, বৰং তাৰ গতি আৰু উদাৰতাৰ প্ৰকৃত তাৎপৰ্য বহু সময়ত বহুতে ভালদৰে বুজিব নোৱাৰে৷ সাহিত্য হওক কিম্বা দৰ্শন, প্ৰত্যেকৰেই অন্বিষ্ট সত্তাৰ নিৰ্যাস আৰু অস্তিত্বৰ অমৌল উপাদানক আদিম উপাদানৰ পৰা পৃথক কৰি চিনাক্ত হোৱা৷ বিভিন্ন তাত্বিক বাগ্‌ধাৰাৰ মাজত যিয়েই সেই নিৰ্যাসৰ উপলব্ধি আৰু অন্বিষ্ট চিহ্নিত কৰাৰ পক্ষত সবাতোকৈ বেছি উপযোগী : তাকেই জিজ্ঞাসু মনে গ্ৰহণ কৰিব বিচাৰে৷ সত্যভ্ৰমৰ পৰা সত্যত উপনীত হোৱাৰ বাবে মানুহে বিচাৰে তাৎপৰ্যৰ সন্ধান আৰু ব্যাখ্যাৰ শুদ্ধতম পথ৷ কিয়নো শুকান পথ অবিহনে শুদ্ধ পাঠ অসম্ভৱ৷ বিনিৰ্মাণে যিহেতু একেলগে পথ সৃষ্টি কৰে আৰু পথো চিনাকি কৰি দিয়ে : এই কথা কব পাৰিমনে বাৰু, ‘এ পথে আলো জ্বেলে, এ পথেই পৃথিৱীৰ ক্ৰমমুক্তি হবে?’ ভালদৰে যদি প্ৰশ্ন উত্থাপন কৰা হয়, তেনেহলে ক্ৰিয়াত্মক পদ্ধতিৰ মাজৰ পৰাই মীমাংসাৰ সম্ভাৱনা ওলাব পাৰে : এয়া হল অন্তৰ্বৃত্ত (intricate, implicit) প্ৰত্যয়৷

 

৷৷ ছয় ৷৷

        চিন্তাবিদসকলৰ মাজত বিশ্লেষণৰ প্ৰাকৰণিক উপযোগিতা সম্পৰ্কেও প্ৰচুৰ দ্বন্দ্ব আৰু মতভেদ আছে৷ ডেৰিডাই জীৱনভাষ্যৰ দুটি প্ৰচলিত ধৰণ লক্ষ্য কৰিছিল, এফালে ৰুছোৰ আকল্প আৰু আনফালে নীৎসেৰ আকল্প (writing and Difference : ১৯৭৮ : ২৯৩)৷ প্ৰথম ধৰণৰ ভাষা বিষাদপ্ৰৱণ, স্মৃতিপীড়িত, নঞৰ্থক আৰু অনুপস্থিত উৎসৰ অসম্ভৱ বা হেৰুওৱাৰ উপস্থিতি সন্ধানৰ প্ৰৱণতা; দ্বিতীয় ধৰণৰ ভাষা ইতিবাচক, উল্লাসমুখৰ আৰু চিহ্নায়িত জগতৰ লীলাচ্ছন্দৰ লগতে প্ৰতিনিধিস্বৰূপৰ প্ৰতি সমৰ্থন জনোৱাই তাৰ লক্ষ্য৷ বিনিৰ্মাণবাদে জগত আৰু জীৱনক আকৰণত বিভক্ত আৰু বিন্যস্ত কৰাৰ প্ৰৱণতাক অস্বীকাৰ কৰে; দেৰিদাৰ শব্দবন্ধ অনুযায়ী, সেই প্ৰৱণতাৰ বিপৰীত পিঠিত আছে ‘free play’৷ তাত কেন্দ্ৰ নাই, আছে কেৱল পৰিধিৰ মুক্ত বিস্তাৰ৷ বিখ্যাত সমালোচক ৱেন বুথে দেৰিদাৰ বক্তব্য মানি লব পৰা নাছিল ৷ তেওঁৰ মতে ‘free play’ সুপৰিকল্পিত উন্মাদনা (‘methodical craziness’) বাহিৰে আন একোৱেই নহয়৷ ইয়াত পাঠকৃতি চূৰ্ণ-বিচূৰ্ণ হৈ পৰে৷ এই অৱস্থাকে বুথে তিনিটা বিশেষণৰে বুজাব বিচাৰিছে ‘endless, treacherous and terrifying’ (১৯৭৯ : ২১৬)৷  ডেনিছ ডোনোঘেই আশঙ্কা প্ৰকাশ কৰিছিল যে, লীলা আৰু প্ৰতাপৰ মাজত সংযোগ সূত্ৰ যদি প্ৰতিষ্ঠিত নহয়, বিনিৰ্মাণে সমস্ত মানৱিক প্ৰয়াসক মূলগতভাৱে তাৎপৰ্যৰিক্ত কৰি পেলাব পাৰে ( ১৯৮১ : ১৬৫-১৬৬)৷ এই বিতৰ্কত বহু আলোচকে  অংশ গ্ৰহণ কৰিছে৷ এই বিষয়ত স্বয়ং দেৰিদাই যিখিনি কৈছিল, সেয়া এনে ধৰণৰ : ‘There are thus two interpretations of interpretation, of structure, of sign, of play. The one seeks to decipher, dreams of deciphering a truth or an origin which escapes play and the order of the sign, and which leaves the necessity of interpretation as an exile. The other which is no longer turned towards the origin, affirms play and tries to pass beyond man and humanism, the name of man being the name of that being who, throughout the history of metaphysics or ontology, theology, in other worlds, through out his entire history has dreamed of full presence, the reassuring foundation, the origin and the end of play’ (প্ৰাগুক্ত : ১৯৭৮ : ২৯২)৷

         এই বহুচৰ্চিত অনুচ্ছেদক আগুৰি আলোচকসকলৰ মাজত বাদানুবাদৰ অন্ত নাই৷ ডেৰিডাই যাক দুই ধৰণৰ ভাষ্যৰ ভাষ্যবুলিছে, পাৰস্পৰিক পাৰ্থক্য অনবৰত প্ৰমাণিত কৰাৰ বাহিৰে এইবিলাকৰ আৰু উপায় নাই! স্বাভাৱিকভাৱে এটি আনটিৰ সৈতে সমান্তৰাল অৱস্থাত আছে, পৰস্পৰ সম্পৃক্ত হোৱাৰ কোনো সুযোগ নাই৷ তথাপি ডেৰিডা অদ্বিতীয় এইখিনিতেই যে, তেওঁ এই দুয়োৰে মাজত নিৰ্বাচন কৰাৰ অৱকাশ দেখা নাই৷ বৰং মুক্ত বিস্তাৰৰ দৰ্শন ব্যক্ত হৈছে এই আশ্চৰ্য বক্তব্যত -  We must first try to conceive of the common ground, and the difference of this irreducible difference’ (পূৰ্ব  উল্লিখিত : ২৯৩)৷ তেওঁৰ চিন্তা আৰু বীক্ষণৰ এই দ্বিবাচনিক (dialogical) চৰিত্ৰ যদি অনুধাৱন কৰোঁ, আমাৰ সমুখত বিনিৰ্মাণৰ গভীৰতৰ সংবেদনশীল স্বভাৱ স্পষ্ট হব৷ এই যে যুক্তি বিস্তাৰৰ কথা লিখিছোঁ, অন্য দৃষ্টিৰেও সেইফালে চাব পাৰি৷ কোনো কোনোৱে কয়, পিয়াজৰ বাকলি গুচোৱাৰ দৰে এটাৰ পিছত এটা স্তৰ পাৰ হৈ সৰ্বশেষত অন্তৰ্বস্তুহীন শূন্যতাত যদি উপনীত হওঁ : সত্যৰ বোধও বাৰু বিপুল নীতিৰ মাজত হেৰাই নাযাবনে! কোনো বস্তুৰ উপস্থিতি যেতিয়া প্ৰত্যক্ষতাৰ পৰা অপসাৰিত হয়, সেয়াই বাৰু সত্যৰ সম্ভাৱনা আৰু অনুপস্থিতিৰ ছদ্মৱেশ গ্ৰহণ কৰি প্ৰাসঙ্গিক সত্যকো আঁতৰাই দিয়ে নেকি? প্ৰশ্নটো জটিল যদিও দাৰ্শনিকসকলেও এই বিষয়ত যথেষ্ট ভাবিছে৷ প্ৰকৃতপক্ষে ঋক্‌বেদৰ বিজ্ঞ কবিয়েও উচ্চাৰণ কৰিছিল, অসৎ অৰ্থাৎ অনস্তিত্বৰ পৰা অস্তিত্বৰ জন্ম কথা৷ অনস্তিত্বই যেতিয়া নিজৰ সৈতে কোনো পৰিপূৰকক যুক্ত কৰে তেতিয়াই সৃষ্টি হয় অস্তিত্বৰ অৱয়ব, আচলতে প্ৰপঞ্চ (illusion)৷ তত্ত্ববস্তু সেয়ে হয় আৰু নহয়ৰ দ্বিবাচনিকতাৰ ফচল; মোটৰ পিছত মোট মুক্ত হৈ অবয়ৱগত প্ৰপঞ্চ দেখা দিয়ে৷ সেয়ে প্ৰপঞ্চ আৰু তত্ত্ববস্তুৰ দ্বিবাচনিক সম্পৰ্ক সৰ্বদা স্বতঃসিদ্ধ৷ বিনিৰ্মাণে সেই সম্পৰ্কক চিনাকি কৰি দিয়ে,  সত্যত নিহিত উপস্থিত আৰু অনুপস্থিতৰ ক্ৰিয়াত্মক ভূমিকা আৰু সংযোজন-বিকল্পায়নৰ প্ৰক্ৰিয়াক কেৱল বিনিৰ্মাণৰ মাজেদি বুজিব পাৰোঁ৷ এই বিনিৰ্মাণ নিজেই যিহেতু অস্তিত্বৰ ভাষ্য, তাৰ আকৌ যেতিয়া ভাষ্য সৃষ্টি কৰোঁ - স্বাভাৱিকতে সেয়া কেতিয়াও একে হব নোৱাৰে৷ নানা বিকল্পৰ মাজত কোনে কোনটো গ্ৰহণ কৰিব, সেয়া ভাষ্যকাৰৰ অৱস্থান, আচলতে অৱস্থানগত পাৰ্থক্যৰ ওপৰত নিৰ্ভৰ কৰিছে৷ ডেৰিডাৰ মুখ্য ভাববীজ পাৰ্থক্য-প্ৰতীতিবা difference (যিটো সময় আৰু পৰিসৰৰ সৈতে সংশ্লিষ্ট) সেয়ে ‘turns out to be that which at once structures and destructures all positions’ (কেভিন হাৰ্ট : ১৯৮৯ : ১২২)৷

        বিনিৰ্মাণ পন্থাই প্ৰমাণ কৰে যে, আমি যদি কোনো উপস্থিতি আৰু অনুপস্থিতি দ্বিবাচনিক সম্পৰ্কৰ পৰা গ্ৰহণযোগ্য ভাষ্য গঢ়ি তুলিব পাৰোঁ, তেনেহলে তাত পাঠকৃতিৰ অস্তিত্বই প্ৰমাণিত হয়৷ নকলেও হয় যে, চিহ্নায়কৰ গ্ৰন্থনেৰে গঢ় লৈ উঠে অস্তিত্বৰ সেই বাগ্‌ধাৰা৷ তাৰ মানে, বিনিৰ্মাণ কৰিব পাৰি কেৱল সম্ভাৱনাৰ : যিটো ৰবীন্দ্ৰনাথৰ ভাষাত, ‘ইচ্ছে হয়ে ছিলি মনেৰ মাঝাৰে!মাকে যিদৰে সন্তানক সৃষ্টি কৰে অভিপ্ৰায়ৰ যোগেদি, তেনেকৈয়ে হোৱাৰ সম্ভাৱনা অৰ্থাৎ অনুপস্থিতিৰ পৰা জাগ্ৰত হয় সম্ভাৱ্য বাগ্‌ধাৰাৰ ৰূপৰেখা৷ এই বিষয়ত সমৰ্থন সংগ্ৰহ কৰিব পাৰোঁ দেৰিদাৰ ‘Dissemination’ৰ পৰা : ‘The dis appearance of truth as presence, the withdrawal of the present origin of presence, is the condition of all (manifestation of) truth. Non truth is the truth, Non presence is presence... It appears in its essence, as the possibility of its  own most proper non-truth, of its pseude-truth reflected in the icon, the phantasm, or the simulacrum. What is not what it is, identical and identical to itself unique, unless it adds to itself the possibility of being repeated as such. And its identity is hollowed out by that addition, with itself in the supplement that presents it.’ (১৯৮১ : ১৭৮)

        এই বক্তব্যৰ পৰা এষাৰ অতি আৱশ্যকীয় কথা জানিব পাৰিলোঁ৷ সত্য যিদৰে আছে, তেনেকৈ আছে সত্যভ্ৰম আৰু আছে ছদ্মসত্য৷ যেতিয়া প্ৰতিমা গঢ়োঁ, কায়াৰ সৈতে ছায়াৰ সহচাৰীতা লক্ষ্য কৰোঁ : সেই মুহূৰ্তত সত্যভ্ৰমত প্ৰতীয়মান সত্যই নিজকে প্ৰসাৰিত কৰে৷ প্ৰতিমাত যি আছে বুলি ধাৰণা হয়, আচলতে সেইয়া নাই৷ ছাঁ, প্ৰতিফলনত যাক বিচাৰোঁ : সি থাকে আওতাৰ বাহিৰত৷ বিনিৰ্মাণে আমাক সত্য আৰু সত্যভ্ৰমৰ অদৃশ্য কিন্তু অমোঘ সম্পৰ্কৰ বিষয়ে অৱগত কৰে৷ পথ ভাবে আমি দেব, মূৰ্তি ভাবে আমি’ - ৰবীন্দ্ৰনাথৰ এই কবিতাফাকিলৈ মনত পৰে৷ বুজিব পাৰোঁ, যি প্ৰপঞ্চ সেয়া আচলতে তত্ত্ববস্তুত নিহিত সম্ভৱনা! অনন্যক বিভাজিত কৰাৰ কৌশল, পানীত যিদৰে প্ৰতিফলিত হয় চন্দ্ৰ, একেলগে উপস্থিত আৰু অনুপস্থিত, হয় আৰু নহয়৷ চিহ্নায়ক যদি বিন্যাসত সাৰ্থকভাৱে গ্ৰথিত হয়, ঈপ্সিত তাৎপৰ্য স্পষ্ট হব আৰু বিনিৰ্মাণৰ প্ৰক্ৰিয়াত পাঠকৃতিৰ বহুমাত্ৰিক সম্ভাৱনাও বাৰেপতি পুনৰাবৃত্ত হব৷ এক অৰ্থৰ পৰা উত্তীৰ্ণ হব পৰা যাব ভৱিষ্যতৰ কোনো সম্ভাৱ্য অৰ্থৰ উপকূলত৷ কিয়নো, বিনিৰ্মাণবাদে আমাক এই পাঠ দিছে যে, মানৱিক বাগ্‌ধাৰাত তাৎপৰ্যৰ কোনো উপসংহাৰ নাই৷ কোনোৱে কব নোৱাৰে যে, নিৰ্দিষ্ট এক বিন্দুত নিঃশোষিত হৈ যাব পাৰে সকলো সম্ভাৱনা, ব্যাখ্যা আৰু বিশ্লেষণৰ অৱকাশ৷ সাধাৰণতে ভাষ্যকৰসকলৰ মাজত এটা প্ৰৱণতা নিশ্চিতভাৱে দেখা যায় যে, চূড়ান্ত ব্যাখ্যা আৰু বিশ্লেষণ কৰা হৈ গ; ইয়াৰ পাছত যি হব সেয়া কেৱল চৰ্বিত চৰ্বণ৷ কিন্তু এই ধৃষ্টতা কোনো যথাৰ্থ বিনিৰ্মাণবাদীয়ে কেতিয়াও দেখুৱাব নোৱাৰে৷ সেয়ে, এই যুগৰ অন্যতম প্ৰধান চিন্তাবিদ মিচ্ছেল ফুকোৱে এইবাবেই ভাষ্য আৰু বিশ্লেষণক বৰ সন্দেহৰ চকুৰে চাইছিল৷ তেওঁৰ মতে, বিশ্লেষণ বা ভাষ্য উত্থাপন কৰা মানে হ‘to admit by definition an excess of the signified over the signifier, a necessary unformulated remainder of thought that language has left in the shade - a remainder that is the very essence of that thought, driven outside its secret - but to comment also presuhposes that this unspoken element slumbers within specch (parole), and that, by a super abundance proper to the signifier, one may in questioning it, give voice to a content that was not explicitly signified.’ (The Birth of the Clinec : ১৯৭৫ : XVI).

        প্ৰতিটো একক কথনত (পেৰল) অকথিত আৰু অকৰ্ষিত বাণী যিহেতু নিদ্ৰামগ্ন হৈ থাকে, চিহ্নায়ক অনন্ত সম্ভাৱনাৰে পূৰ্ণ৷ বিনিৰ্মাণৰ মাজেদি যেতিয়াই কোৱা আৰু নোকোৱা কথাৰ সেতু গঢ় লৈ উঠিছে, চিহ্নায়কৰ পৰিসৰ আৰু অধিক প্ৰসাৰিত হৈছে৷ চিহ্নায়ক পৰস্পৰাৰ অভ্যস্ত সম্বন্ধক যেতিয়া প্ৰশ্ন আৰু প্ৰতিপ্ৰশ্নৰে বিদ্ধ কৰিছোঁ, তেতিয়া উদ্‌ঘাটিত হৈছে অনাৱিষ্কৃত অন্তৰ্বস্তু৷ ভাষাৰ মাজত চিন্তাৰ কিছুমান পৰিসৰ সকলো সময়ত ধৰা নপৰাকৈ ৰৈ যায়; যিমানখিনি আলোকিত কৰিছিল, তাৰ মাজত কিন্তু সমস্ত ৰহস্য শেষ হৈ যোৱা নাই৷ বিনিৰ্মাণে দৃষ্টি নিক্ষেপ কৰে সেই বাঙ্ময় ছাঁৰ ফালে; তেতিয়া অনেক প্১২৬ন্ন অথচ সমৃদ্ধ নিজৰাৰ স্বপ্নভঙ্গ ঘটে৷ লেখাৰ অন্তৰালত থাকে অন্য এক লেখা, পাঠৰ অন্তৰালত অন্য এক পাঠ৷ ইয়াক কব পাৰি প্ৰত্ন-বাগ্‌ধাৰা (ur-discourse) আৰু প্ৰত্নপাঠ (ur-text)৷ বিনিৰ্মাণে প্ৰকাশিত আৰু অপ্ৰকাশিতৰ মাজৰ পাৰ্থক্য-প্ৰতীতি (conception of difference)ক স্পষ্ট কৰি দি সাহিত্যিক আৰু দাৰ্শনিক, এক কথাত মানৱিক, বাগ্‌ধাৰাৰ যাত্ৰাৰ পৰা যেন সমাপ্তিৰেখা মচি পেলাইছে৷ সেয়ে, যিসকলে কয়, বিনিৰ্মাণ মূলতঃ পাঠকৃতি সংশ্লিষ্ট প্ৰায়োগিক ক্ৰিয়া আৰু যিসকলে কয়, বিনিৰ্মাণ আচলতে পৰাদাৰ্শনিক তত্ত্ব : তেওঁলোকৰ মাজত কোনো বিৰোধ নাই৷ দুয়োপক্ষই ঠিক কথাই কয়৷ আমি আজি যেতিয়া কোনো পাঠকৃতি সম্পৰ্কে আলোচনা কৰোঁ অথবা পাঠকৃতি বিশ্লেষণৰ তত্ত্বৰ বিষয়ে যেতিয়া কথা কওঁ : দুয়োফালেদি অখণ্ড আপাত-বিভাজ্য সত্যৰ উপকূলত উপনীত হওঁ৷ অতি সহজ ভাষাত দেৰিদাই সেয়ে কৈছে, আমাৰ বাবে সকলো সময়তে আছে ‘Two texts, two hands, two visions, two ways of listening. Together simultaneously and separately.’ (Margins of Philosophy : ১৯৮২ : ৬৫)

 

৷৷ সাত ৷৷

        এই প্ৰবন্ধৰ এঠাইত আমেৰিকাৰ চাৰিজন বিনিৰ্মাণবাদীৰ কথা কোৱা হৈছিল৷ তেওঁলোকৰ পৃথক দৃষ্টিকোণ আৰু অৱদানৰ গুৰুত্ব সম্পৰ্কে অধিক আলোচনা কৰাৰ সুযোগ ইয়াত নাই৷ তেওঁলোকৰ সম্পৰ্কে মাত্ৰ ইমানেই কব পাৰি যে, কূটাভাসপূৰ্ণ বৌদ্ধিক জগততো সত্যবোধৰ বাবে তেওঁলোকৰ আকাংক্ষা কেতিয়াও স্তিমিত হোৱা নাছিল৷ বৰঞ্চ, তেওঁলোক যেন অপ্ৰাপনীয়ৰ বাবে, গ্ৰীক প্ৰত্নকথাৰ ছিছিফাছৰ দৰে, দুৰ্দম আকাঙক্ষাত বাৰেপতি পথৰ পৰা পথান্তৰলৈ দৌৰিছে৷ আধুনিকোত্তৰ কালৰ অজস্ৰ স্ব-বিৰোধিতা আৰু সাঁথৰে যেতিয়া সংকটৰ দহনবৃত্তক বঢ়াই নিছিল : হিলিছ মিলেৰ, দি মেন, হাৰ্টমেন আৰু ব্লুমে সেই সময়ত দ্বিধাদীৰ্ণ জগতৰ মাজত থাকিও নিজৰ সন্ধান অক্ষুণ্ণ ৰাখিছিল৷ তেওঁলোকৰ দ্বন্দ্বদীৰ্ণ পৰিৱেশত সত্য প্ৰথমেই প্ৰতিপন্ন হৈছিল বিভ্ৰম হিচাপে, কিন্তু বাগ্‌ধাৰাৰ তাৎপৰ্য সন্ধান কৰিয়েই তেওঁলোক ক্ষান্ত হোৱা নাছিল৷ নীৎশেৰ জ্ঞানতাত্ত্বিক সংশয়বাদে (epistemological scepticism) দি মেনৰ দৰে চিন্তাবিদকো যে প্ৰৱলভাৱে প্ৰভাৱিত কৰিছিল, তাত কোনো সংশয় নাই৷ সত্য কি : এই সম্পৰ্কত নীৎশেৰ স্পষ্ট বক্তব্য ‘Truths are illusions whose illusionary nature has been forgotten’ যে মূলতঃ সমকালীন সংকটৰ পৰিৱেশত তাত্ত্বিকসকলৰ বাবে অতি প্ৰাসঙ্গিক হৈ উঠিছিল, সেইয়া সহজেই অনুমেয়৷ ‘Allegories of Reading’ (১৯৭৯)  নামৰ কিতাপখনত সেই বক্তব্যৰ আঁত ধৰিয়েই যে দি মেনে তেওঁৰ চিন্তাক গঢ়ি তুলিছিল তাৰ প্ৰমাণ পোৱা যায়৷ সকলো সত্য যদি কল্পনাসৃষ্ট কথা-বিন্যাস (narrative texture)ৰ অৱস্থান্তৰ, স্বতঃসিদ্ধতাৰে বাগ্‌ধাৰা আৰু পাঠকৃতিৰ তাৎপৰ্যও সলনি হবলৈ বাধ্য৷ দি মেনে সেয়ে জটিলতাৰ বিন্যাসকে সকলো বিনিৰ্মাণবাদী সন্দৰ্ভৰ বৈশিষ্ট্য হিচাপে নিৰ্দেশ কৰিছে : ‘the deconstruction states the fallacy of reference in a necessarity referrential mode,’ (১৯৭৯ : ১২৫)৷

        প্ৰাগুক্ত কিতাপখনৰ পূৰ্বেই বহু আলোচিত ‘Blindness and insight’ (১৯৭১) নামৰ কিতাপখনত দি মেনৰ বিনিৰ্মাণবাদী ভাবনাৰ সূত্ৰপাত ঘটিছিল৷ ডেৰিডাৰ ওচৰত ঋণী হোৱা সত্ত্বেও দি মেনে যে নিজা চিন্তাৰ আকাশ বিচাৰি পাইছিল, তাৰ প্ৰমাণ আছে তত্ত্ববিন্যাসৰ প্ৰয়োজনত পাৰিভাষিক শব্দাৱলী বিকাশৰ প্ৰচেষ্টাত৷ প্ৰকৃতপক্ষে, কেৱল ভাষ্যকাৰ অথবা ব্যাখ্যাকাৰী সমালোচক হিচাপে যিজন সীমাৱদ্ধ হৈ থাকিব নিবিচাৰে, আত্মপ্ৰকাশ কৰিব বিচাৰে স্বতন্ত্ৰ আৰু স্বাধীন তাত্ত্বিকৰ ভূমিকাত : তেওঁৰ এই গুৰুত্বপূৰ্ণ কামটো নকৰি উপায় নাই৷ দি মেনেও কৰিছিল আৰু কৰিবলৈ গৈ অনভ্যস্ত পাঠকৰ বাবে সাময়িক অস্বস্তিৰ কাৰণ হৈ পৰিছিল, সেইয়া অনুমান কৰা কঠিন নহয়৷ কিন্তু নতুন তত্ত্ববিন্যাস মানে নতুন পৰিভাষা; চিন্তাৰ প্ৰাতিষ্ঠানিকতাক ভাঙি যেন শিৱৰ জঁটাভাৰ ভেদ কৰি ভাগীৰথীৰ প্ৰৱাহ মুক্ত কৰি দিয়া৷ সেয়ে দি মেনে প্ৰাগুক্ত কিতাপখনত অন্ধতা আৰু অন্তৰ্দৃষ্টিক পাৰিভাষিক অৰ্থত প্ৰয়োগ কৰিলে; একেলগে তাত এই দুয়োৰে দ্বিৰালাপ (dialogue) আৰু কূটাভাস ব্যক্ত হল৷ তেওঁৰ মতে, সমালোচকসকল কেৱল কিছু কিছু ক্ষেত্ৰতহে অন্ধতাৰ বিনিময়ত ঈপ্সিত অন্তৰ্দৃষ্টিৰ অধিকাৰী হব পাৰে৷ এনেকুৱাও দেখা যায়, তেওঁলোকে এনে কোনো পদ্ধতিৰ সাহায্য লৈছে বা তত্ত্বৰ বুনিয়াদ নিৰ্মাণ কৰিছে যিটো হয়তো তেওঁলোকৰ যত্ন-ৰচিত অন্তৰ্দৃষ্টিৰ সৈতে অশোভন, এনেকি বিপৰীতো৷ দি মেনে বিশেষভাৱে লুকাচ, ব্লাঁশো আৰু পোলেৰ কথা কৈছিল : যিসকলে আচলতে যি বুজাব বিচাৰিছিল তাৰ পৰা সম্পূৰ্ণৰূপে ভিন্ন বক্তব্যত উপনীত হৈছিল৷ প্ৰাগুক্ত কূটাভাসৰ বাবেই অনিবাৰ্য হৈ পৰিছিল এই পাৰ্থক্য৷ প্ৰসঙ্গক্ৰমে উল্লেখ প্ৰয়োজন, দি মেনে কবিতাৰ ভাষা বিশ্লেষণত এই অন্ধতা আৰু অন্তৰ্দৃষ্টিৰ দ্বিবাচনিকতা (dialogue) লক্ষ্য কৰিছিল৷ তেওঁৰ মতে, এনে হোৱাৰ কাৰণ সমালোচকসকল অৱচেতনভাৱে এক ধৰণৰ ঐক্যবোধৰ পৰা অন্য ধৰণৰ ঐক্যবোধত উপনীত হয়৷ তেওঁ আমেৰিকাৰ নৱ্য সমালোচকসকলৰ কথা কৈছিল, যিসকলে সেই ঐক্যবোধ পাঠকৃতিৰ মাজত আৱিষ্কাৰ নকৰে, আৱিষ্কাৰ কৰে বিশ্লেষণী প্ৰক্ৰিয়াৰ মাজত৷ পাঠকৃতিৰ প্ৰতিটো উপাদানক তেওঁলোকে সমগ্ৰৰ বিন্যাসত আৰু সমগ্ৰক সমস্ত উপাদানৰ সংযোগত অৰ্জিত ঐক্যবোধত চাব বিচাৰে৷ দি মেনৰ ধাৰণা এওঁলোকে বিশ্লেষণী ক্ৰিয়াৰ বৃত্তক পাঠকৃতিৰ ঐক্য বুলি ধাৰণা কৰে; সেয়ে তেওঁলোকৰ বাগ্‌ধাৰাত এক ধৰণৰ অন্ধতা প্ৰকাশিত হয়৷ বিনিৰ্মাণপন্থাৰ দায়িত্ব হল এই কূটাভাসৰ প্ৰক্ৰিয়াক স্পষ্ট কৰি তোলা৷

         দি মেনে তেওঁৰ আলোচনাত দৰ্শন আৰু সাহিত্যৰ বাগ্‌ধাৰাত পাঠকৃতিৰ সৃষ্টি সম্পৰ্কীয় সমস্যাক লৈও আলোচনা কৰিছে৷ এই বিষয়ত ডেৰিডাই কিছু গুৰুত্বপূৰ্ণ বক্তব্য আগ বঢ়াইছে৷ এক বিশিষ্ট লিখন-প্ৰণালী হিচাপে দৰ্শন কিমানখিনি গ্ৰহণযোগ্য আৰু দাৰ্শনিকসকলৰ সমুখত সাহিত্য কিদৰে প্ৰতিভাত হয়, এই বিষয়ত কূট তৰ্কৰ অভাৱ নাই৷ বিনিৰ্মাণপন্থাৰ মাজেদি সাহিত্য আৰু দৰ্শনৰ কোনো নতুন  পৰ্যায়ক্ৰম গঢ়ি তোলা সম্ভৱনে : এই বিষয়ত দেৰিদাৰ বক্তব্য স্পষ্টৰূপে প্ৰাগুক্ত পৰ্যায়ক্ৰম গঠনৰ বিৰোধী৷ সাম্প্ৰতিক আলোচনাত, বিশেষকৈ তাত্ত্বিক সন্দৰ্ভ (discourse), দৰ্শনে এনেকৈ সাহিত্যিক বাগ্‌ধাৰাৰ মাজেদি অন্তৰ্দীপ্তি সঞ্চাৰ কৰিছে যে, বিনিৰ্মাণৰ দায়ত্ব বহুখিনি বাঢ়ি গৈছে৷ দি মেনে তেওঁৰ প্ৰাগুক্ত দুয়োখন কিতাপতে বিনিৰ্মাণৰ নিজস্ব শৈলী প্ৰয়োগ কৰি পাঠ-বিশ্লেষণৰ অত্যন্ত গুৰুত্বপূৰ্ণ আদৰ্শ আমাৰ সমুখত তুলি ধৰিছে৷ তেওঁৰ আৰু এটি প্ৰণিধানযোগ্য মন্তব্য হ, পাঠ সৰ্বদা অৱধাৰিতভাৱে ভ্ৰান্তপাঠ, কিয়নো সমালোচনাত্মক বাগ্‌ধাৰা আৰু সাহিত্যিক পাঠকৃতিৰ মাজত অনবৰত কিছুমান পূৰ্বধাৰ্য ভাবকল্প(theme)ই অন্তৰ্ঘাত কৰিছে৷ সাহিত্যস্ৰষ্টাই যিদৰে এফালেদি বাস্তৱক কম-বেছি ৰূপকায়িত কৰিছে, তেনেকৈ আনফালেদি ধীমান তাত্ত্বিকেও যথাপ্ৰাপ্ত পাঠকৃতিৰ পৰা তাৎপৰ্য সূত্ৰ বিচাৰিবলৈ গৈ কোনাবা নহয় কোনোবা ৰূপক আৰু প্ৰতীকৰ আশ্ৰয় লৈছে৷ দুয়োপক্ষই এক ধৰণৰ চিহ্নায়কৰ পৰা অন্য এক ধৰণৰ চিহ্নায়কত উপনীত হৈছে৷ দি মেনে ধাৰণা কৰে, কিছুমান ভ্ৰান্তপাঠ ঠিক আৰু কিছুমান ভুল৷ প্ৰতিটো ভাষাতে কথন এইদৰে বিশিষ্ট ভ্ৰান্তিৰ মাজেদি সৃষ্টি হয়৷ এই ভ্ৰান্ত পাঠ যিমানে বেছি স্বীকৃত হয়, সিমানে বাগ্‌ধাৰা সমৃদ্ধ হৈ উঠে৷ যথাপ্ৰাপ্ত জগতৰ পৰা পাঠকৃতি আৰু পাঠকৃতিৰ পৰা আলোচকৰ সন্দৰ্ভত উপনীত হোৱাৰ বাবে আমি বাৰেপতি ডেৰিডা-কথিত পৃথক হোৱা আৰু স্থগিত ৰখাৰ অন্তবৃৰ্ত দ্বিবাচনিক (dialogical)  ক্ৰিয়াৰ মাজেদি যাব লগা হয়৷ একমাত্ৰ বিনিৰ্মাণে চিনাকি কৰাই দিব পাৰে সেই প্ৰক্ৰিয়াক, ভ্ৰান্ত পাঠ গঢ়ি উঠাৰ পৰ্যায়সমূহক৷

        সেয়ে এই কথা স্পষ্ট যে, সাৰ্থক সাহিত্যিক পাঠকৃতি নিশ্চিতভাৱে আত্মবিনিৰ্মাণৰ আকৰ৷ দি মেনৰ জৰিয়তে আমি অৱগত হৈছোঁ, ‘Literary text simultaneously asserts and denies the authority of its own rhetorical mode.’ দি মেনৰ বাহিৰেও ভ্ৰান্ত পাঠ সম্পৰ্কে হেৰল্ড ব্লুমে তেওঁৰ A Map of Misreading (১৯৭৫)  নামৰ কিতাপখনত দিগ্‌দৰ্শক আলোচনা কৰিছে৷ তেওঁ দেখুৱাইছে, সকলো সৃষ্টিশীল কবিয়েই তেওঁলোকৰ পূৰ্বসূৰীসকলৰ ৰচনাক নিজস্ব সংবেদন অনুযায়ী ভ্ৰান্ত পাঠ কৰিছে, বিনিৰ্মিত কৰিছে৷ উদাহৰণ হিচাপে তেওঁ শ্যেলিৰ ‘Ode to the West Wind’-ৰ কথা কৈছে, যিটো নবীন সৃষ্টিৰ স্বাৰ্থত ৱাৰ্ডচৱাৰ্থৰ ‘Immortality’ নামৰ কবিতাটোক বহুখিনি বিনিৰ্মাণ কৰি ভ্ৰান্ত পাঠ গঢ়ি তুলিছে৷ পূৰ্বসূৰীসকলৰ বাগ্‌ধাৰাত হস্তক্ষেপ নকৰাকৈ কোনো উত্তৰসূৰীয়েই তেওঁৰ ঈপ্সিত পৰিসৰত উপনীত হব নোৱাৰে৷ ব্লুমৰ বক্তব্য অনুসৰণ কৰি আমি এই জৰুৰী উপলব্ধিত উত্তীৰ্ণ হওঁ : No poem stands on its own, but always in relation to another. In order to write belatedly, poets must enter a psychic struggle, to create an imaginative space. This involves misreading their masters in order to produce a new interpretation.’ (চেলডেন আৰু হ্বিচোঅচন: ১৯৯৩ : ১৫৩)৷ এই বিনিৰ্মাণবাদী দৰ্শনৰ পোহৰত বুজিব পাৰোঁ, মেঘনাদ বধ কাব্যত মাইকেল মধুসূদনেও বাল্মীকিৰ ৰামায়ণৰ যুগোপযোগী ভ্ৰান্তপাঠউপস্থাপিত কৰিছিল৷ তেওঁৰ সূক্ষ্ম আৰু ব্যাপক বিনিৰ্মাণত ৰচিত হৈছিল ঊণৈছ শতিকাৰ বাংলা কবিতাত সৃষ্টিশীলতাৰ নতুন ইতিহাস৷ প্ৰকৃপক্ষে এনে দৃষ্টান্ত আৰু অজস্ৰ দিব পৰা যায়৷ বিশেষকৈ ৰবীন্দ্ৰনাথৰ মাজত এনে ‘aggressive wrenching of predecessors, meaning’-ৰ নিদৰ্শন প্ৰচুৰ আছে৷

        কেৱল যে সাহিত্যিক বাগ্‌ধাৰাৰ ক্ষেত্ৰত বিনিৰ্মাণ গুৰুত্বপূৰ্ণ এনে নহয়; ইতিহাসৰ বাগ্‌ধাৰা যেতিয়া গঢ় লৈ উঠে, দেখোঁ, বাৰেপতি বাগ্‌ধাৰা যেন তথ্য সমাৱেশৰ পৰা চেতনাৰ আকৰণৰ ফালে আঁতৰি যাব বিচাৰিছে৷ চেতনাৰ ৰঙেৰে ৰঞ্জিত কৰি সলনি কৰি লব বিচাৰিছে তথ্যক; এই নিৰন্তৰ হস্তক্ষেপ বিনিৰ্মাণ অবিহনে ঐতিহাসিক বাগ্‌ধাৰাত অসম্ভৱ৷ হেডেন হোৱাইটে তেওঁৰ Tropics of Discourse (১৯৭৮) কিতাপখনত ইতিহাস ৰচনাতত্ত্বৰ নতুন ধাৰণা তুলি ধৰিছে৷ তাৰ উপৰি উল্লেখযোগ্য জিওফ্ৰে হাৰ্টমেনৰ বিশ্লেষণো, তেওঁ The Fate of Reading (১৯৭৫) আৰু Criticism in the Wilderness কিতাপ দুখনত বিভিন্ন উৎসজাত বাগ্‌ধাৰাক আন্তৰ্পাঠ (intertextuality) হিচাপে ব্যৱহাৰ কৰি তেওঁৰ নিজস্ব তাত্ত্বিক বাগ্‌ধাৰা গঢ়ি তুলিছে৷ তেওঁ বিচাৰে, সমালোচকসকল আৰু সৃজনীশীল হৈ উঠক- চিন্তাৰ প্ৰথাগত সীমান্তসমূহ সমালোচকৰ বৰ্ণনাই মচি দিয়ক৷ তাত ধাৰাবাহিক অৰ্থ নাথাকিলেও কোনো ক্ষতি নাই; স্ববিৰোধিতা আৰু ভাবনাৰ পৰম্পৰা বৰং উন্মোচিত হৈ থাকক৷ সেয়ে লক্ষণীয় হৈ উঠে হাৰ্টমেনৰ দ্বাৰা উদ্ধৃত ডেৰিডাৰ Glass-অৰ অংশবিশেষ যত আকৌ জাঁ জেনেৰ The Thief’s Journal-ৰ কিছু বৰ্ণনা আন্তৰ্পাঠ হিচাপে ব্যৱহৃত হৈছে৷ হাৰ্টমেনে ব্যাখ্যা প্ৰসঙ্গত লিখিছিল : ‘Writing is always theft or bricolage of the logos... Writing is an act of crossing the line of the text, of making it indeterminate.’ আন এজন বিখ্যাত বিনিৰ্মাণবাদী তাত্ত্বিক জে. হিলিছ মিলেৰে সত্তৰৰ দশকৰ পৰাই উপন্যাসৰ পাঠ বিশ্লেষণক নতুন মাত্ৰা প্ৰদান কৰি আহিছে৷  তেওঁৰ Fiction and Repetition (১৯৮২) নামৰ কিতাপখন স্বতন্ত্ৰভাৱে উল্লেখযোগ্য৷ তাৰ বাহিৰেও বাৰবাৰা জনচনে তেওঁৰ The Critical Difference (১৯৮০) কিতাপখনত সাহিত্যিক পাঠকৃতি আৰু সমালোচনাত্মক বাগ্‌ধাৰাৰ অসামান্য বিনিৰ্মাণবাদী বিশ্লেষণ কৰিছে৷ তেওঁ দুই ধৰণৰ বাগ্‌ধাৰাক ‘a network of differences’ বুলি সমান মৰ্যাদা দিছে৷ বাৰ্তেৰ বালজাক আলোচনা বিনিৰ্মাণ কৰি বাৰবাৰাই অন্তৰ্দৃষ্টি আৰু অন্ধতাৰ দ্বিবাচনিক প্ৰক্ৰিয়াৰ যেন আৰু এক দৃষ্টান্ত সংগ্ৰহ কৰিছে৷

        বিনিৰ্মাণবাদে স্বভাৱধৰ্মৰে অনবৰত ৰূপৰ পৰা ৰূপান্তৰলৈ, মাত্ৰাৰ পৰা মাত্ৰান্তৰলৈ যোৱাৰ পথ সন্ধান কৰি আহিছে৷ তাৰ নিৰ্দিষ্ট পাথেয় নাই; আনকি, পূৰ্বধাৰ্য কোনো লক্ষ্যও নাই৷ পথ নিৰ্মাণ কৰোঁতে পাথেয়ও আৱিষ্কাৰ কৰিছে৷ আকৌ সেই পথেই পাথেয়ক এৰি আহিছে পিছত, পথৰ ওপৰত৷ বিনিৰ্মাণে কেৱল প্ৰশ্ন কৰে, উত্তৰৰ আভাস দিয়ো অচিৰে তাক ৰূপান্তৰিত কৰে প্ৰশ্নলৈ৷ মানুহৰ বাগ্‌ধাৰাত সত্য যিদৰে বিম্বিত হয়, সেইদৰেই তাক মানি লয়৷ স্বভাৱত সি অপৌত্তলিক, সেয়ে কতো তাৰ প্ৰতিমা নাই ৷ নিৰ্মাণ আৰু বিনিৰ্মাণৰ চক্ৰক অক্ষুণ্ণ ৰখাৰ বাহিৰে এই পন্থাৰ কোনো দায়িত্ব নাই৷ সেয়ে নিৰ্দ্বিধাই তাত্ত্বিকতাকো বিনিৰ্মাণবাদে অস্বীকাৰ কৰে৷

 

অনুবাদকৰ ঠিকনা :

নকছাৰি - ৭৮৫৬৩৫

যোৰহাট, অসম৷

অন্যযুগৰ প্ৰকাশিত সংখ্যাসমূহ