অন্যযুগ/


বুদ্ধিৰ সাগৰ বীৰবল

 ৰচনা পাঠক


(১৪)

 

শ্বাহেনশ্বাহ আকবৰে এদিন বীৰবলক সুধিলে,

: বীৰবল,  মোক এটা কথা বুজাই দিয়াঁচোন৷ বীৰবলে সমিধান দিলে,

: সোধক জাহাপনা৷

: বীৰবল, এই যে দিনত পোহৰ আৰু ৰাতি আন্ধাৰ হয়, কিয় হয় কব পাৰিবানে?

: জাহাপনা, এইটো প্ৰশ্নৰ উত্তৰ মূৰ্খ বা পাগল এটায়ো দিব পাৰিব৷  বীৰবলে কলে,

আকবৰে সুবিধা এটা পালে আৰু সুবিধাটো হেৰুৱাব নুখুজি মুহূৰ্তৰ ভিতৰতে কৈ পেলালে,

: সেই কাৰণেইতো মই তোমাক সুধিছোঁ!

বীৰবলে বুজিলে যে সম্ৰাটে তেওঁক মূৰ্খ আৰু পাগল বুলিলে৷ বাৰু ঠিক আছে; ইয়াৰ উচিত উত্তৰ সময়ত দিয়া হব৷  তেওঁ মন স্থিৰ কৰিলে৷

দুদিনমানৰ পাছত এদিন কথায় কথায় বীৰবলৰ আগত শ্বাহেনশ্বাহ আকবৰে কলে,

: বুজিছা বীৰবল? এই যে মোৰ প্ৰজাবোৰ! ইহঁত চব মূৰ্খ৷ চব গৰু আৰু গাধৰ দল৷

: হয় জাহাপনা!  বীৰবলে ততালিকে কৈ থলে,

: আৰু আপুনিয়েই ইহঁতৰ পিতা-মাতা সকলো৷

আকবৰে বুজিলে, বীৰবলে তেওঁক কি বুলি কলে!

(১৫)

শ্বাহেনশ্বাহ খুব জ্ঞানী মানুহ৷ কিন্তু কেতিয়াবা কেতিয়াবা তেওঁ এনে একোটা সিদ্ধান্ত লৈ পেলায় যে বীৰবলৰ ধাৰণাত শ্বাহেনশ্বাহ আকবৰ এজন তেনেই সাধাৰণ মূৰ্খ লোক যেন হৈ পৰে৷ তথাপি বীৰবলে সম্ৰাটক তেনে মূৰ্খামি কৰাত বাধা নিদিয়ে, – ৰাজ-ৰাজেশ্বৰৰ খেয়াল-খুচি বুলিওতো কথা এষাৰ আছে!

এবাৰ দুজনমান বিদেশী ব্যৱসায়ী লোক আহি শ্বাহেনশ্বাহৰ দৰ্শন প্ৰাৰ্থনা কৰিলে৷ শ্বাহেনশ্বাহেও তেওঁলোকক দৰ্শন দিলে, কথা-বাৰ্তা পাতিলে৷ কথায় কথায় বিদেশী কেইজনৰ ঘোঁৰাকেইটাৰ কথা ওলাল৷ শ্বাহেনশ্বাহে মন কৰিলে যে এই বিদেশী ঘোঁৰাকেইটা ভাল জাতৰ৷ বেছ ডাঙৰ, বলী আৰু তজবজীয়া৷

শ্বাহেনশ্বাহে ঘোঁৰাকেইটা কিনিব খুজিলে৷ বিদেশী কেইজনে ঘোঁৰাকেইটা শ্বাহেনশ্বাহক বিক্ৰী কৰি আৰু কুৰিটা ঘোঁৰাৰ বাবদ আগধন লৈ নিজৰ দেশলৈ গুচি গল৷

বীৰবলে সম্ৰাটক সুধিলে, জাহাপনা, অচিনাকী লোক কেইজনক যে আগধন দিলে, তেওঁলোক জানো আকৌ আহিব?

: আহিব হে’! তেওঁলোকে কৈ গৈছে নহয়৷

বীৰবলে বাজী ধৰিলে,

: নাহে জাহাপনা৷ সিহঁতে আপোনাক ঠগিলে৷

: আহিবই চাবা৷ এমাহৰ ভিতৰত সিহঁতে মোক ঘোঁৰা আনি দি যাম বুলি কৈ গৈছে৷

বীৰবলে আৰু তৰ্কাতৰ্কি নকৰিলে যদিও সুবিধা বুজি শ্বাহেনশ্বাহক এই ভুলৰ বাবে এষাৰ ভালকৈ শুনাবলৈ বাট চাই ৰল৷

সময় গৈ থাকিল৷ এমাহ-দুমাহকৈ ছমাহমান পাৰ হল৷ শ্বাহেনশ্বাহে বাট চাই থকা ভাল জাতৰ বিদেশী ঘোঁৰা কুৰিটা লৈ বিদেশী ব্যৱসায়ীকেইজন নাহিল৷

এদিন ৰাজসভাত পণ্ডিত আৰু মূৰ্খৰ কথা ওলাল৷ শ্বাহেনশ্বাহে বীৰবলক কলে, বীৰবল! মোৰ দেশৰ পণ্ডিত আৰু মূৰ্খসকলৰ তালিকা এখন প্ৰস্তুত কৰিব লাগে৷ পাৰিবানে?

বীৰবলে উত্তৰ দিলে,

: জাহাপনা! পণ্ডিতৰ তালিকাখন আমাৰ বাকীসকল সভাসদকে কৰিবলৈ দিলে ভাল হয়৷ মূৰ্খৰ তালিকাখন বাৰু ময়েই প্ৰস্তুত কৰি আপোনাৰ হাতত দিম৷

সেইমতেই শ্বাহেনশ্বাহে বাকীসকল সমজুৱাক পণ্ডিতৰ তালিকাখন প্ৰস্তুত কৰাৰ দায়িত্ব দিলে৷ বীৰবলে বাদশ্বাহক পৰামৰ্শ দিলে যে তালিকা প্ৰস্তুত কৰিবলৈ সকলোকে কেইদিনমান ছুটী দিয়া হওক৷

সম্ৰাটেও তালিকা সাজু হৈ নুঠালৈকে দৰবাৰ বহুওৱা নহয় বুলি ঘোষণা কৰিলে৷

পাছদিনা শ্বাহেনশ্বাহ অন্তেষপুৰতে আছে৷ এনেতে প্ৰহৰী এজন আহি তেওঁক বীৰবলে দৰ্শন কৰিব খোজাৰ বাতৰি দিলেহি৷ সম্ৰাটে বীৰবলক অন্দৰ মহললৈকে আহিবলৈ অনুমতি দিলে৷

বীৰবল সোমাই আহিল আৰু শ্বাহেনশ্বাহ আৰু বেগম চাহেবা অৰ্থাৎ মহাৰাণীক যোধাবাঈক সম্ভাষণ জনালেহি৷ শ্বাহেনশ্বাহে সুধিলে,

: ছুটীৰ দিনত কিয়া আহিলা বীৰবল?

: জাহাপনা, মোৰতো ছুটী নাই৷ কাৰণ মোৰ মূৰ্খ লোকৰ তালিকাখন যোৱাৰাতিয়েই প্ৰস্তুত কৰি শেষ কৰিলোঁ৷ এইখন লওক৷  বুলি বীৰবলে নুৰিয়াই থোৱা তুলাপাত এখিনি শ্বাহেনশ্বাহলৈ আগবঢ়াই দিলে৷

শ্বাহেনশ্বাহে পৰম আগ্ৰহেৰে তালিকাখন লৈ মেলি চাই খঙত সিংহৰ দৰে গুজৰিবলৈ ধৰিলে

: বীৰবল! তোমাৰ ইমান সাহস! মোক তুমি মোৰ দেশৰ একমাত্ৰ মূৰ্খ বুলি কবলৈ সাহস কত পালা? বা, আজি তোমাৰ মূৰ কটাম৷

শ্বাহেনশ্বাহৰ কথা শুনি বেগম চাহেবায়ো বীৰবলৰ পিনে ফেঁটীসাপ এটাই চোৱাদি ফেট তুলি চালে৷ বীৰবলে পলম নকৰি কলে,

: জাহাপনা! মৰিবলৈ মোৰ ভয় নাই৷ কিন্তু মোৰ তালিকাখন যুক্তিৰে সমৰ্থন কৰাৰ কমেও এটা সুবিধা মই পাব লাগে৷

সম্ৰাটে বীৰবলৰ ফালে নোচোৱাকৈয়ে কলে,

: কি কব লগা আছে কোৱা৷

: জাহাপনা! আপুনি ভাল জাতৰ তজ্‌‌বজীয়া বিদেশী ঘোঁৰা কুৰিটা আনি দিবলৈ অচিনাকী বিদেশী মানুহ দুজনমানক নগদ কুৰি হাজাৰ স্বৰ্ণমুদ্ৰা দিয়া নাছিল জানো?

: দিছিলো৷ কিন্তু ... শ্বাহেনশ্বাহে অসন্তোষীয়া সুৰত কলে৷

: কিন্তু তেওঁলোক নাহিল৷ আপোনাক তেওঁলোক ঠগিলে৷ এতিয়া মোক কওকচোন, আপোনাৰ চিন্তা আৰু কামটো মূৰ্খামি নহলনে? – বীৰবলে কলে৷

আকবৰে একো নামাতিলে৷ বেগম চাহেবাই বাদশ্বাহলৈ সন্দেহৰ চকুৰে এবাৰ চালে৷ বীৰবলে কলে,

: এতিয়া মোক যি শাস্তি দিয়ে দিয়ক৷

মহামতি শ্বাহেনশ্বাহে তলৰপৰা মূৰ ওপৰ নকৰিলে৷ 

(মহামতি আকবৰে লিখা-পঢ়া নাজানিছিল। গতিকে এইটো নিশ্চিতভাৱে মানুহে মনেসাজি উলিওৱা কাহিনীহে, বাস্তৱিক ঘটনা নহয়।)

(১৬)

: জাহাপনা, দেশত থকা প্ৰজাসকলৰ আটায়ে সঁচা কথা কয় বুলি আপুনি ভাবেনে? – এদিন ৰাজসভাত বীৰবলে শ্বাহেনশ্বাহক কলে৷

: তুমি কি ভাবাঁ? – শ্বাহেনশ্বাহে ওলোটাই সুধিলে৷ সভাসদসকলে ওপৰা-উপৰিকৈ কলে,

: নাই নাই জাহাপনা৷ আপোনাৰ দৰে সত্যনিষ্ঠ প্ৰজাহিতৈষী শ্বাহেনশ্বাহৰ দেশত কোনো মিছাকথীয়া থাকিবই নোৱাৰে৷

শ্বাহেনশ্বাহে কিন্তু সমজুৱাসকলৰ কথাত গুৰুত্ব নিদিলে৷ কাৰণ তেওঁ জানে যে সেইসকলে তেওঁৰ মন ভাল লগাবলৈ প্ৰায় অনবৰত মিছা কথাকে কৈ থাকে৷ পিছে সমাজৰ গণ্য-মান্য ব্যক্তি বুলি চিহ্নিত সভাসদসকলক মিছলীয়া বুলিবলৈও শ্বাহেনশ্বাহৰ সত্‌ নগল৷ সেয়েহে তেওঁ বীৰবলক কলে,

: বীৰবল! কাইলৈ তুমি মোৰ দেশৰ দহজন মিছলীয়া লোক লগত লৈ আহিবা৷ তদুপৰি তেওঁলোক যে মিছলীয়া সেইটো তুমি প্ৰমাণো কৰিব লাগিব৷

বীৰবলে তলমূৰকৈ মূৰ দুপিয়ালে৷

পাছদিনা ৰাতিপুৱা বীৰবলে নজন ব্যক্তিক লগত লৈ দৰবাৰ পালেগৈ৷ শ্বাহেনশ্বাহক অভিবাদন জনাই তেওঁ ব্যক্তিসকলক চিনাকি কৰাই  দিলে : এওঁ বিচাৰক, এওঁ ব্যৱসায়ী, এওঁ চিকিৎসক, এওঁ মহামতি শ্বাহেনশ্বাহৰ ৰাজকাৰেঙৰ কৰ্মচাৰী আদি৷ বীৰবলে এই বুলিও কলে যে এই আটাইকেইজনেই নিজৰ পদমৰ্যাদা আৰু কতৰ্ব্যবোধৰ তাগিদাত মিছা কথা কবলগীয়াত পৰে৷

শ্বাহেনশ্বাহs তেতিয়া তেওঁলোকক সুধিলে,

: বীৰবলৰ কথা সঁচানে? আটায়ে তল মূৰ কৰি হয় বুলি বুজালে৷ তেতিয়া শ্বাহেনশ্বাহs বীৰবলক সুধিলে,

: বীৰবল, ইয়াত নজনহে আছে! তোমাক দেখোন মই দহজন মিছলীয়া আনিবলৈ কৈছিলোঁ৷

: আছে জাহাপনা! দহ নম্বৰজনো ইয়াতে আছে৷

: কোনজন? – শ্বাহেনশ্বাহে উচপ খাই উঠি সমগ্ৰ দৰবাৰতে চকু ঘূৰালে৷ সভাসদসকলো সতৰ্ক হৈ উঠিল বীৰবলে বা কাক মিছলীয়া পাতে কি ঠিক?

: জাহাপনা! ৰাজ দৰবাৰত থাকি আনে মিছা কথা নকয় সেইটো বেলেগ কথা৷ মই কিন্তু আপোনাৰ মন ভাল লাগক বুলি প্ৰায়েই মিছা কথা কওঁ৷ গতিকে ময়েই আজিৰ দশম মিছলীয়া মানুহটো?

শ্বাহেনশ্বাহে বীৰবলৰ পিঠিত চপৰিয়াই ধন্যবাদ দিলে আৰু সকলো সভাসদৰ মুখৰ ওপৰেদি এবাৰ চকুহাল বগৰাই দিলে৷ সকলোৱেই তলমূৰ কৰিলে৷

শ্বাহেনশ্বাহে গম পালে যে মিছলীয়া এজাকৰ মাজতে তেওঁ সদায় বহি থাকিবলগীয়া হয়৷

(১৭)

এদিন হঠাৎ সকলোকে আচৰিত কৰি শ্বাহেনশ্বাহৰ চন্দুকৰপৰা তেওঁৰ হীৰাপতোৱা আঙঠি এটা চুৰি হল৷ আঙঠিটো চুৰি হোৱাটোৱে ৰাজমহলৰ সোপাঢিলা নিৰাপত্তা ব্যৱস্থাকে প্ৰমাণ কৰিলে৷ দেশৰ আটাইতকৈ কৰ্মপটু চোৰাংচোৱাসকলেও চোৰৰ কোনো সম্ভেদ উলিয়াব নোৱাৰি চোৰাংচোৱা ব্যৱস্থাটোৰ ভিতৰ ফোপোলা স্বৰূপটোকো উদঙাই দেখুৱালে৷

শ্বাহেনশ্বাহ চিন্তিত হল৷ কপালৰ গাঁথি ঘোপা কৰি বহি থকা বাদশ্বাহক অকলশৰে পাই বীৰবলে সুধিলে,

: জাহাপনা! আপুনি কিবা এটা অশান্তিত ভুগি আছে অথচ মোক তাৰ ভাগ দিয়া নাই কিয়৷

: বীৰবল!  বুলি বাদশ্বাহে দীঘলীয়া হুমুনিয়াহ এটা কাঢ়িলে আৰু সকলো বিৱৰি কলে৷ বীৰবলে বুজিলে যে চোৰাংচোৱায়ো ধৰিব পৰা নাই যেতিয়া চোৰ কোনোবা শান্তই ব অৰ্থাৎ দৰবাৰৰ সভাসদসকলৰ মাজৰে কোনোবাই নিশ্চয় আঙুঠিটো চুৰি কৰিছে৷

পৰৱৰ্তী দিনা দৰবাৰ বহিছে৷ বীৰবলৰ দিহা অনুসৰি আকবৰে নিজৰ আঙুঠিটো চোৰে নিয়াৰ কথা ৰাজহুৱাকৈ ঘোষণা কৰিলে৷ চোৰ ধৰি দিয়াৰ দায়িত্ব মূৰ পাতি লৈ বীৰবলেও তন্ত্ৰ-মন্ত্ৰৰ সহায়ত চোৰ ধৰা পেলাব বুলি প্ৰচাৰ কৰি দিলে৷

তাৰ পাছত গঙ্গাজল, তুলসী, দুবৰি, সৰিয়হ, শুকান জলকীয়া, তিতা কেৰেলা, মাটিৰ কলহ আদি বিচিত্ৰ উপকৰণ কিছুমান লৈ উদ্ভট মন্ত্ৰ কিছুমান উচ্চাৰণ কৰি কৰি বীৰবলে চোৰ ধৰা প্ৰক্ৰিয়া আৰম্ভ কৰিলে৷ কিছু সময়ৰ পাছত কৰ্মী এজনে সভাসদসকলক প্ৰত্যেকৰে হাতে হাতে একোডালকৈ লাঠি দি গল৷ শ্বাহেনশ্বাহকো৷

বীৰবলে কলে,

: জাহাপনা আৰু সভাসদসকল! আপোনালোকৰ প্ৰত্যেককে দিয়া লাঠিডাল জোৰকৈ মুঠি মাৰি ধৰি থাকক৷

তাৰ পাছত বীৰবলে আৰু কেইটামান মন্ত্ৰ গাই কলে,

: জাহাপনা, মোক ক্ষমা কৰিব৷ আপোনাকো মই চোৰৰ তালিকাত ৰাখিছোঁ৷ এতিয়া মই অলপ ধ্যান কৰিম৷ ধ্যান ভংগ হলেই মই গম পাই যাম কোনে চুৰি কৰিছে৷

: কেনেকৈ? – আকবৰে সুধিলে৷

: যি চুৰি কৰিছে তেওঁৰ হাতত লৈ থকা লাঠিডাল হাতখনতে লাগি ধৰিব, নেৰোৱা হব৷  কথাষাৰ কৈ শেষ হল কি নহ, বীৰবলে মন কৰিলে যে এজন সভাসদে হঠাৎ মুঠি মাৰি ধৰি থকা লাঠিডাল এৰি দিছে৷ লগে লগে চিপাহী লগাই তেওঁক বন্দী কৰোৱা হল৷

আটায়ে বীৰবলক ধন্যবাদ দিলে৷ শ্বাহেনশ্বাহে সুধিলে,

: তুমি কেনেকৈ গম পালা বীৰবল?

: জাহাপনা! চুৰি কাৰ্য যিসকলে কৰা নাই তেওঁলোকৰতো কোনো ভয় নাই! গতিকে আটায়ে লাঠি নিজৰ নিজৰ হাতত নিৰ্ভয়ে লৈ থাকিল৷ পিছে চোৰজনে ধৰা পৰাৰ ভয়ত আগৰেপৰা ভুগিয়েই  আছিল৷ গতিকে তেওঁ হাত সাৰিবলৈ বুলি লাঠিডাল এৰি দিলে আৰু ধৰা পৰি গল৷

: বাঃ বীৰবল! চাব্বাছ! তোমাৰ জবাব নাই৷  আকবৰে কলে৷

(১৮)

শ্বাহেনশ্বাহৰ প্ৰিয়পাত্ৰ হবলৈ কাৰনো মন নাযায়? সভাসদ আটাইৰে যায়৷ যত্নও কৰে শ্বাহেনশ্বাহৰ মন জয় কৰিবলৈ৷ পিছে প্ৰতিটো যাত্ৰাতে ভকত গাঁথি লগাই দিয়েহি এই বীৰবল নামৰ মন্ত্ৰীজনে৷

বীৰবলৰ ওপৰত প্ৰায় সকলো দৰবাৰীৰে খং৷ খং মানে - উলামূলা খং নহয়, একেবাৰে টিঙিৰিতুলা!

এদিন বীৰবলৰ গা নৰিয়া কৰিছিল নেকি, দৰবাৰলৈ অহা নাছিল৷ তেওঁক বেছিকৈ বেয়া পোৱা দুজনমান সমজুৱাই শ্বাহেনশ্বাহৰ ওচৰত ওজৰ তুলিলে৷

: জাহাপনা! আমিনো কিহত হীন? বীৰবলতকৈ আমি বুদ্ধিতে কম নে বলতে কম? আপুনিনো আমাক গণিতাই নকৰা হল কিয়? বীৰবলৰ বাহিৰে আমিবোৰ জানো গছৰ মূঢ়া? আমাৰ শলা-পৰামৰ্শ নহলেও হয় যদি আমাক নো পাৰিষদ কৰি ৰাখিছে কিয়?

শ্বাহেনশ্বাহ আকবৰে হাঁহিলে মাত্ৰ৷ লগতে তেওঁ কলে যে বীৰবল দৰবাৰলৈ আহিলেই তেওঁ এই বিষয়টোৰ কিবা এটা নিষ্পত্তি কৰিব৷

কেইদিনমানৰ মূৰত বীৰবল দৰবাৰলৈ আহিল৷ লগে লগে শ্বাহেনশ্বাহকে ধৰি আটায়ে উচ্চস্বৰে হাঁহিবলৈ ধৰিলে৷ বীৰবলে শ্বাহেনশ্বাহৰ সম্মুখলৈ গৈ অভিবাদন জনালেগৈ।

: জাহাপনা! আপোনাক আনন্দিত দেখি মই বৰ সুখী হৈছোঁ৷ আকবৰে কলে,

: বীৰবল৷ মই হঁহাৰ কাৰণটো জানানে?

: নাজানো জাহাপনা! দয়া কৰি কওকচোন!

: চোৱাঁ বীৰবল! আমি দৰবাৰত উপস্থিত আটাইবোৰৰে চেহেৰা মোটামুটি সুন্দৰ৷ কিন্তু তোমাৰ ৰূপটো চোৱাঁচোন, কি যে কুন্ধচ!

বীৰবল থমক্‌ মাৰি ৰল৷ আটাইৰে ফালে এবাৰ চাই বীৰবলে দেখিলে, তেওঁক অপমান কৰাত আটায়ে সুখী হৈছে! অ তাৰ মানে যেনে কুকুৰ তেনে টাঙোন নামাৰিলে এতিয়া নহব!

বীৰবলে মূৰটো খজুৱালে আৰু কলে,

: জাহাপনা! মানুহৰ জন্ম কাহিনীটো জানেনে?

আকবৰে মূৰ জোঁকাৰিলে৷ বীৰবলে কৈ গ,

: ভগৱানে মানুহ সৃষ্টি কৰি একে সময়তে মানুহৰ কাৰণে আৰু কিছুমান বস্তু সৃষ্টি কৰিছিল যেনে : ৰূপ, বল, ধন-সম্পদ, নাম-যশ, ক্ষমতা, বুদ্ধি ইত্যাদি৷ আপোনালোকে ৰূপ, বল-ক্ষমতা, সা-সম্পত্তিকে ধৰি চব লৈ ললে৷ মোলৈ থাকিলগৈ কেৱল বুদ্ধিখিনিহে! মই ৰূপবান নহৈ কুৎসিত হোৱাৰ ইয়েই একমাত্ৰ কাৰণ৷

কাৰো মুখত মাত নোহোৱা হল৷ বীৰবলে যে এনেকৈ আটাইকে লাজত পেলাব কোনেও ভবা নাছিল৷

আকবৰো অপমানিত হল৷ তেওঁ বীৰবলক আকৌ ঠেকত পেলাবলৈ সুযোগ বিচাৰি থাকিল৷ দৰবাৰৰ কাম চলি থকাৰ মাজতে শ্বাহেনশ্বাহে সুধিলে,

: বীৰবল, তোমাৰ পত্নীয়ে খাৰু পিন্ধেনে নিপিন্ধে?

: পিন্ধে জাহাপনা৷

: কোৱাঁচোন৷ তোমাৰ পত্নীয়ে কোনখন হাতত কেইযোৰ খাৰু পিন্ধে৷

: সেইটো মই কব নোৱাৰিম জাহাপনা! মই ...

বীৰবলৰ কথা শেষ হবলৈকে নাপালে, আকবৰে কৈ গ,

: ৰাতিপুৱাৰপৰা গধূলিলৈ অনবৰতে দেখি থকা তোমাৰ পত্নীৰ হাতৰ খাৰু কেইডাল এই সামান্য প্ৰশ্নটোৰ উত্তৰ দিব নোৱাৰাঁ তুমি? তোমাৰ বুদ্ধি-বৃত্তিৰ ওপৰত মোৰ সন্দেহ হৈছে বীৰবল৷

বীৰবল জানো পৰি মৰা ভকত? মুঠেই নহয়৷ তেওঁ ততালিকে সুধিলে,

: জাহাপনা, আপোনাৰ গোঁফকোছাত কিমানডাল ডাঢ়ি আছে জনাবনে?

: সেইটো মই কেনেকৈ ক? – আকবৰ উচ্‌‌প খাই উঠিল, 

: সেইটো কব পৰা কথা নেকি?

: কিয় জাহাপনা! মই ৰাতিপুৱা আৰু গধূলিহে মোৰ পত্নীক দেখোঁ৷ আপুনি ৰাজসভাত বহি থাকোঁতেও গোঁফকোছা পকায়েই থাকে দেখোন৷ গতিকে মোৰ প্ৰশ্নৰ উত্তৰ আপুনি দিব পাৰিবই লাগিছিল৷

ইয়াকে বোলে কোৰে কাটি গ্ৰহণী চপোৱা৷  আকবৰে মৰ্মে মৰ্মে উপলব্ধি কৰিলে৷

(১৯)

এদিন ৰাজদৰবাৰত বিশেষ কাম নাছিল৷ শ্বাহেনশ্বাহ আৰু সভাসদসকলে হাঁহি-স্ফূৰ্তি কৰি আছিল৷ এবাৰ আকবৰে সভাসদসকলক জব্দ কৰিবলৈ বুলি এটা প্ৰশ্ন তুলিলে :

এনে এবিধ বীজ অৰ্থাৎ গুটিৰ নাম কব লাগে যে যি গুটিৰপৰা সকলো ধৰণৰ গছ গজে৷

বু-বু বা-বাৰে দৰবাৰ গম্‌‌গমাই উঠিল৷ এনেকুৱা একো বীজ থাকিব নোৱাৰে৷ নাই ৷ কতো নাই৷

সভাসদসকল একমত হৈ বাদশ্বাহক উত্তৰ দিলে৷

শ্বাহেনশ্বাহে বীৰবললৈ চালে আৰু সুধিলে,

: মহামন্ত্ৰী বীৰবল! আমি এইটো সিদ্ধান্ত গ্ৰহণ কৰিব পাৰোঁনে? বীৰবলে উত্তৰ দিলে,

: জাহাপনাই  ইচ্ছা কৰিলে পাৰে৷ পিছে মোৰ বোধেৰে কথাটো ইমান পোনপটীয়া নহয় জাহাপনা! মই ভাবোঁ সকলো গছৰে বীজ হৈছে পানী৷ পানী নহলে একো গছৰ গুটিয়েই  গঁজালি মেলিব নোৱাৰে৷

আকবৰে, লগতে সভাসদসকলে যেন নতুনকৈহে উপলব্ধি কৰিলে!

এৰাতো! সদায় চকুৰ আগত দেখি থাকিও আমি এই জ্ঞান লব পৰা নাছিলোঁ দেখোন! 

হয়, হয়  বীৰবল বীৰবলেই, মহাজ্ঞানী!

(২০)

শ্বাহেনশ্বাহৰ সভাসদসকলৰ এজন বৰ পেট কপটীয়া স্বভাৱৰ আছিল৷ তেওঁ এদিন দৰবাৰলৈ আহোঁতে ধনৰ টোপোলাটো কিবা কাৰণত সৰি পৰিল আৰু ৰক্ষী এজনে পাই সেইটো নিজৰ লগত ৰাখি থলে৷ ৰক্ষীজনে ভাবিলে, বিয়লি ঘৰলৈ যাবৰ পৰত সেইটো তেওঁ সভাসদজনক ঘূৰাই দিব৷

পিছে ধনৰ মোনাটো হেৰোৱা বুলি গম পাই সভাসদজনে হৈ চৈ লগাই দিলে৷ তেওঁ দাবী কৰিলে যে তেওঁৰ ধনৰ মোনাটো কোনোবাই চুৰি কৰিছে৷

শ্বাহেনশ্বাহ বিমোৰত পৰিল : দৰবাৰত বা ৰাজমহলত সভাসদ এজনৰ ধনৰ টোপোলা এটা চুৰি হোৱাটো বেছ অপমানজনক কথা৷ শ্বাহেনশ্বাহs ৰাজমহলৰ সকলোকে তালাচী চলোৱাৰ হুকুম দিলে৷

চিপাহীয়ে সেই বিশেষ ৰক্ষীজনৰ হাতত ধনৰ মোনাটো পালেগৈ আৰু শ্বাহেনশ্বাহক কথাটো জনালে৷ ৰক্ষীজনে শ্বাহেনশ্বাহক কলে,

: জাহাপনা, ধনৰ টোপোলাটো তেখেতৰপৰা সৰি পৰা দেখি মই তুলি লৈছোঁ সঁচা৷ পিছে মই সেইটো তেখেতক ঘূৰাই দিম বুলি ভাবিছিলোঁ৷

: লগে লগে ঘূৰাই নিদিলি কিয়? – শ্বাহেনশ্বাহs গহীনাই সুধিলে৷

ৰক্ষীজনে কলে যে ইতিমধ্যে সভাসদজন দৰবাৰত সোমাই গৈছিল আৰু ৰক্ষীসকল দৰবাৰত প্ৰৱেশ কৰাৰ অনুমতি নাছিল বাবে তেওঁ মোনাটো সভাসদজনক তেতিয়াই ঘূৰাই দিব পৰা নাছিল৷

শ্বাহেনশ্বাহে ৰক্ষীজনৰ কথাকে সঁচা বুলি বিশ্বাস কৰিছিল৷ কিন্তু সভাসদসজনে কোনোপধ্যেই মানি নললে যে তেওঁৰ ধনৰ মোনাটো হেৰাইছিল৷ তেওঁ ৰক্ষীজনে সেইটো চুৰি কৰা বুলিয়েই দাবী কৰি থাকিল৷

সভাসদজনৰ সম্মানৰ কথা ভাবি অৱশেষত শ্বাহেনশ্বাহে সেই ৰক্ষীজনকে চোৰ বুলি মানি  লে আৰু শাস্তিৰ নিৰ্দেশ দিলে?

শাস্তি হ, এই পুহমহীয়া জাৰত শুদা গাৰে পুখুৰীৰ পানীত ডিঙিলৈকে বুৰ গৈ থাকি এনিশা কটাব লাগিব৷ শাস্তিৰ সময়খিনিত পুখুৰীৰ পাৰে পাৰে চিপাহী নিযুক্ত থাকিব৷

কথামতেই কাম৷ ওৰে ৰাতি পানীত বুৰ গৈ থাকি ৰক্ষীজন ৰাতিপুৱা পুখুৰীৰপৰা আধামৰা হৈ কোনোমতে উঠি আহিল৷

সভাসদজনক বাদশ্বাহে সুধিলে, তাৰ শাস্তি ঠিকেই আছেনে?

: নাই জাহাপনা! ওৰে ৰাতি আপোনাৰ মহলত জ্বলি থকা চাকিৰ তাপ তাৰ গাত লাগি আছিল৷ গতিকে সি পানীৰ ঠাণ্ডা অনুভৱেই কৰিব নোৱাৰিলে৷ গতিকে জাহাপনা! তাক এমাহ বন্দীশালত ৰাখিব লাগে৷

শ্বাহেনশ্বাহেও উপায়ান্তৰ হৈ সেইমতে নিৰ্দেশ দিলে৷

বীৰবলে গোটেই কথা-কাণ্ডখিনি মন কৰি আছিল৷ শ্বাহেনশ্বাহে যে ৰক্ষীজনৰ প্ৰতি অকণো সুবিচাৰ কৰা নাই, বীৰবলে বুজি পাইছিল আৰু ইয়াৰ প্ৰতিকাৰৰ ব্যৱস্থা কৰিবলৈ মনতে গুণা-গঁথা কৰি আছিল৷

কেইদিনমানৰ পাছত বীৰবলে শ্বাহেনশ্বাহক দুপৰীয়াৰ আহাৰৰ বাবে নিমন্ত্ৰণ জনালে৷ লগতে বাকীসকল সভাসদকো৷

যথা সময়ত সকলো আহিল৷ বীৰবলে সকলোকে আথে-বেথে বহুৱালে আৰু কলে,

: অকণমান বহক জাহাপনা! বাকীবোৰ হৈয়ে আছে৷ মাত্ৰ ভাতকিটা হলেই খাব পৰা যাব৷

পল-অনুপলকৈ সময় গৈ থাকিল৷ দুপৰীয়াৰ ভাত খোৱাৰ সময় পাৰ হৈ গল৷ কিন্তু খাবলৈ দিয়াৰ কোনো লক্ষণ নেদেখি আকবৰ অধৈৰ্য হৈ উঠিল৷ বীৰবলক মাতি আনি তেওঁ কলে,

: বীৰবল! তুমি কি লৰা-ধেমালি কৰিবলৈ আহিছাহে’? ভাত হৈছে যদি দিয়াঁ, খাওঁ। নাই হোৱা যদি যাওঁ৷

বীৰবলে ব্যস্ত-সমস্ত হৈ কলে,

: খন্তেক বহক জাহাপনা! এই হলেই আৰু৷

আকৌ বহিবলৈ বাধ্য হল শ্বাহেনশ্বাহ৷ বহি বহি আকৌ তেওঁৰ আমনি লাগিল৷ এইবাৰ তেওঁ বীৰবলেনো কি ৰান্ধিছে চাওঁগৈ বুলি ৰান্ধনিশালত সোমালগৈ তেওঁ৷ শ্বাহেনশ্বাহে দেখিলে, ৰান্ধনিশালৰ পাভতি চাঙত ভাতৰ চৰু এটা ওলমাই থোৱা আছে আৰু তাৰ ঠিক পোনে পোনে মজিয়াৰ মাটিত চাকি এটা জ্বলাই থোৱা হৈছে৷

: বীৰবল! তুমি এইখন কি বলিয়ালি কৰিছা? – আকবৰে সুধিলে৷ বীৰবলে অঁকৰাৰ দৰে কলে,

: বলিয়ালি নাই কৰা জাহাপনা! চব নিয়ম মতেই হৈছে। ভাতিকটা হল বুলিয়েই ধৰক৷

: মুৰ্খ! এই চাকিটোৰ জুইকণে চাউল সিজাব পাৰিব জানো? আৰু চৰুটোও দেখোন চাৰি-পাঁচ হাতৰ ওপৰতহে আছে৷

: পাৰিব জাহাপনা! আপোনাৰ ৰাজমহলৰ চাকিগছিৰ পোহৰত ইমান দূৰৰ পুখুৰীটোৰ পানীখিনি যদি গৰম হয় তেন্তে এই চাৰি হাতৰ আঁতৰত থকা ভাতৰ চৰুটো এই চাকিটোৰ জুইকণৰ তাপত গৰম নহবনে?

শ্বাহেনশ্বাহৰ মুখখনে কেঁহেৰাজ বটাৰ ৰং ধৰিলে৷ তেওঁ নিজৰ দোষ উপলব্ধি কৰিলে আৰু ৰক্ষীজনক সম্মান সহকাৰে মুকলি কৰি দিবলৈ নিৰ্দেশ দিলে৷

তদুপৰি তেওঁৰ বিচাৰ প্ৰক্ৰিয়াত হস্তক্ষেপ কৰা বাবে সেই কুটবুধিয়া সভাসদজনক ৰাজ দৰবাৰৰপৰা বৰ্খাস্ত কৰি দিলে৷

 

অন্যযুগৰ প্ৰকাশিত সংখ্যাসমূহ