ৰচনা পাঠক
(৭)
মাজে মাজে বীৰবলৰ একোষাৰ কথাই শ্বাহেনশ্বাহ
জালালুদ্দিন আকবৰক লাজত পেলাই দিয়ে৷ তেনে অৱস্থাতো পিছে আকবৰে হাঁহি হাঁহিয়েই
লাজ-অপমান সামৰি থয়৷
তেনেকুৱা ঘটনা এটাই ঘটিল৷
আকবৰৰ বৰপুত্ৰৰ নাম আছিল ছেলিম (পাছত তেওঁ
দিল্লীৰ শ্বাহেনশ্বাহ হৈ জাহাঙ্গীৰ নামেৰে প্ৰখ্যাত হৈছিল)৷ ছেলিমে এদিন পিতাকৰ
ওচৰত আপত্তি তুলিলে : সদায় বন্ধ ঘৰত গা ধুব লাগে৷ নদী বা জলাশয়ত মুকলিমুৰীয়া হৈ গা
ধোৱাৰ সুবিধা আমাৰ নাই৷ আটায়ে কৰিব পৰা কামটোকে যদি আমি কৰিব নোৱাৰোঁ, তেন্তে ৰজা
বা ৰাজকুমাৰ হোৱাত কোনো গৌৰৱ নাই৷ আছে যদি অপমানহে আছে!
শ্বাহেনশ্বাহ উপায়ান্তৰ হ’ল৷
ৰাজকুমাৰৰ ইচ্ছা পূৰণ নকৰিলেতো নহ’ব!
এতেকে এদিনাখন পিতা-পুত্ৰ উভয়েই ওলাল যমুনাৰ জলত স্নান কৰিবলৈ৷ লগত ল’লে
বীৰবলক৷
যমুনাতীৰত উপস্থিত হৈ শ্বাহেনশ্বাহ আৰু যুৱৰাজে
কাপোৰ-কানি সলাই গা ধুবলৈ ওলাল৷ সমস্ত কানি-কাপোৰ লৈ নৈৰ পাৰতে ৰৈ থাকিবলগীয়া হ’ল
বীৰবলে৷
বীৰবললৈ চাই ছেলিমে হঁহা দেখি আকবৰে সুধিলে,
: কি হ’ল? হাঁহিছা কিয়?
: দেউতা, মন্ত্ৰীবৰ বীৰবলক একদম গাধ এটাৰ নিচিনা লাগিছে৷
পুতেকৰ কথা শুনি আকবৰে ভাবিলে, এৰাতো, বীৰবলক অপমান কৰিবলৈ ইয়ে
উপযুক্ত সুযোগ৷ তেওঁ হাঁহি এটা মাৰি ক’লে,
: বীৰবল! তোমাক দেখিবলৈ এক্কেবাৰে এটা বোজা
বোৱা গাধৰ নিচিনা লাগিছে হে’৷
কোদোৰ বাহতহে যেন জুই দিলে শ্বাহেনশ্বাহে!
: তেনেকুৱা দেখিবই জাহাপনা৷ দুটাকৈ গাধৰ ভাৰ ব’ব
লগা হৈছেতো!
তাৰ মানে? ছেলিমে মনতে গুণা-গঁথা কৰি বুজিলে, তাৰ মানে আমি দুয়ো গাধ!
নিশ্চয় দেউতাই এতিয়া বীৰবলক কঠোৰ শাস্তি দিব৷— ছেলিমে ভাবিলে৷
পিছে নাই৷
আকবৰে প্ৰকাণ্ড গোঁফকোছাৰ তলেদি মিহিকৈ হাঁহি
এটা মাৰি পানীত জাঁপ দিলে৷
ইয়াকে কয় চুঙা চাই সোপা৷— বীৰবলে ভাবিলে৷
(৮)
অন্তেষপুৰত কিবা ঘৰুৱা সমস্যাক লৈ শ্বাহেনশ্বাহ খুব ব্যস্ত হৈ আছিল৷ তেনে
সময়তে খুব ব্যস্তভাৱে আহি বীৰবল তাতে সোমালগৈ৷
শ্বাহেনশ্বাহে নিজৰ পাৰিবাৰিক সমস্যাক লৈ
এনেভাৱে মগ্ন হৈ আছিল যে তাত বীৰবলৰ দৰে ‘বাহিৰা মানুহ’-ৰ
উপস্থিতি কোনোপধ্যে সহ্য নকৰিলে আৰু ক’লে,
: বীৰবল! তুমি এতিয়া যোৱাঁ৷ তোমাৰ সৈতে কথা
পাতিবলৈ এতিয়া মোৰ সময় নাই৷
: জাহাপনা!— ইতস্ততঃ কণ্ঠৰে বীৰবলে কিবা ক’বলৈ
মুখ মেলিছিলহে, আকবৰে আগতকৈও কঠোৰ হৈ ক’লে,
: যোৱাঁ বুলিছোঁ নহয়! তোমাৰ লগত এতিয়া মই কোনো
কথা পাতিব নোখোজোঁ৷
বীৰবল সামান্য আহত হ’ল৷
তথাপি সেও নামানি তেওঁ ক’লে,
: জাহাপনা, আপুনি একো কথা পাতিব নালাগে৷ আপুনি কেৱল শুনি
যাওক৷ যি ক’ব লগা আছে মই ক’মেই
নহয়!
আকবৰৰ হাঁহি উঠি গ’ল৷
(৯)
এদিন কিবা এটা সামান্য কথাত শ্বাহেনশ্বাহ আকবৰে বীৰবলক দৰবাৰৰপৰা ওলাই
যাবলৈ ক’লে৷ আগে-পাছেও তেনেকৈ কয় যদিও দুদিনমানৰ পাছতে পুনৰ দূত
পঠাই মতাই আনে বাবে বীৰবলে একো চিন্তা
নকৰি কেইদিনমান ঘৰতে জিৰণি ল’বলৈ পাব বুলি ভাবি আনন্দহে
পালে৷
ঘৰতে সোমাই থাকি থাকি বীৰবলৰ লাহে লাহে আমনি
লাগিব ধৰিলে৷ সদায়ে বাটলৈ চায়, জানোচা শ্বাহেনশ্বাহৰ কটকী আহিছেই! পিছে নাই!
অ’ এইবাৰহে শেনৰ এজাত!— বীৰবলে ভাবিলে, জাহাপনাই তাৰ মানে এইবাৰ মোক
সঁচাকৈয়ে বেয়া পালে! যিখন দেশৰ শ্বাহেনশ্বাহেই মোক বেয়া পায় সেইখন দেশতে থকাৰ কিবা অৰ্থ আছে
জানো? নাই৷
ভাবি-গুণি বীৰবলে স্থিৰ কৰিলে যে তেওঁ দেশ এৰি
বিদেশলৈ যাবগৈ৷ ভবা মতেই কাম৷ কেইদিনমানৰ পাছত বীৰবলৰ ঘৰ শূন্য হৈ পৰিল৷ বীৰবল
কেনিবা গ’লগৈ৷
ইফালে শ্বাহেনশ্বাহ আকবৰে কেইবাদিনো ভাবিছিল, বীৰবলক মাতি পঠোৱাৰ কথা৷
কিন্তু সদায়ে সৰু হৈ হৈ আগতীয়াকৈ মতাই অনাত জানো কিবা গৌৰৱ থাকিব পাৰে? দিল্লীৰ সম্ৰাট বুলিওতো কথা
এটা আছে!
গতিকে বীৰবলক মতাই অনা নহ’ল৷
পিছে শ্বাহেনশ্বাহ আকবৰৰ সেইখিনিতে এটা মহাভুল হ’ল৷
কেইদিনমানৰ পাছতে শ্বাহেনশ্বাহ এটা মহা বিপদত
পৰিল৷
আকবৰৰ দেশৰপৰা বীৰবল ক’ৰবালৈ
গুচি যোৱা বুলি তুৰস্কৰ সম্ৰাটে খবৰ পালে৷ খবৰটো পোৱা মাত্ৰকেই তুৰস্কৰাজৰ মনত এটা
বেয়া চিন্তা সোমাল৷ তেওঁ সদায়ে দিল্লীৰ শ্বাহেনশ্বাহ আকবৰৰ দেশখন আক্ৰমণ কৰি নিজৰ দেশ বহলোৱাৰ কথা
ভাবি আছিল৷ কিন্তু কামটোত তেওঁ আগবাঢ়িব পৰা নাছিল৷ কাৰণ দিল্লীৰ শ্বাহেনশ্বাহৰ
সৈতে শত্ৰুতা কৰিবলৈ তেওঁ কোনো বাট বিচাৰি পোৱা নাছিল৷
আগে-পাছে তেওঁ অনেক যত্ন কৰিছে আকবৰৰ সৈতে
বন্ধুত্বৰ ওৰ পেলাই শত্ৰুতা আচৰণ কৰিবৰ কাৰণে৷ কিন্তু বাৰে বাৰে আকবৰে এনে একোটা
উত্তৰ দিয়ে যে সেই উত্তৰ পোৱাৰ পাছত মহাশত্ৰুজনো বন্ধুহে হৈ পৰিব৷
তুৰস্কৰ চুলতানে অনুমান কৰিছে, আকবৰে দিয়া উত্তৰবোৰ আচলতে
তেওঁৰ মগজুৰপৰা ওলোৱা নহয়; তেওঁৰ ৰাজসভাৰ এজন
শ্ৰেষ্ঠ মন্ত্ৰী বীৰবলেহে সেইবোৰ উত্তৰ সাজু
কৰি দিছে৷
এইবাৰ বীৰবল নাই যেতিয়া আকবৰ নিশ্চয় শ’লঠেকত
পৰিব৷— চুলতানে ভাবিলে৷ ভাবি গুণি তেওঁ আকবৰলৈ এখন
চিঠি লিখিলে৷ চিঠিত তেওঁ লিখিলে যে চিঠিখন পোৱাৰপৰা এমাহৰ ভিতৰত আকবৰে তেওঁলৈ একলহ
জ্ঞান পঠাই দিব লাগিব৷ দিব নোৱাৰিলে তুৰস্কৰ সেনাই দিল্লী আক্ৰমণ কৰিব৷
যথা সময়ত চিঠিখন আকবৰৰ হাতত পৰিলহি৷ লগে লগে
তেওঁৰ মনটো বেয়া লাগি গ’ল৷ হয়, বীৰবল থকা হ’লে
এই প্ৰশ্নটোৰ উত্তৰ হেলাৰঙে দি পঠাব পৰা হ’লহেঁতেন৷ কিন্তু এতিয়া! ছেঃ
কি কৰা যায়৷
আকবৰে দেশৰ বিভিন্ন দিশত মানুহ পঠিয়ালে৷ অতি
সোনকালে বীৰবলক বিচাৰি আনিব লাগে৷
এমাহ সময়হে! এপষেকমানচোন গ’লেই!
তুৰস্কৰ চুলতানৰ প্ৰশ্নৰো উত্তৰ নাই, বীৰবলৰো খা-খবৰ নাই৷ নাই যি নাই, আমো নাই, ফৰ্মুটিও নাই— বিচাৰি যোৱা মানুহৰো খবৰ-খাতি নাই৷
কি কৰা যায়! শ্বাহেনশ্বাহৰ মনটো ক্ৰমে ক্ৰমে
হতাশাই আৱৰি ধৰিছে : যুদ্ধ এখন মানে সাধাৰণ কথা নহয় নহয়৷ অনেক মানুহ মৰিব, অনেক পংগু হ’ব৷
হকে-বিহকে ধন-সম্পত্তি হানি হ’ব৷ দেশখন ৰসাতলে যাব।
হওঁতে তুৰস্কৰ সেনাবাহিনীলৈ আকবৰে ভয় নকৰে৷ শত্ৰু
যিমানেই শক্তিশালী নহওক কিয়, দিল্লীৰ সম্ৰাটৰ সৈন্যই সকলোকে হৰুৱাব পাৰিব৷
কিন্তু যুদ্ধ এখন মানে কি ৰজা দুজনৰ মাজত হোৱা কথাৰ অমিলেই জানো?
অন্যায়৷ অন্যায়৷ প্ৰজাৰ ৰখীয়া ৰজাই কেৱল মুখৰ
কথাত লাগি যুদ্ধ এখন পাতি লোৱাটো ধৰ্মবিৰুদ্ধ কথা৷
অকস্মাতে শ্বাহেনশ্বাহৰ মনত খেলালে বীৰবলক
প্ৰথম লগ পোৱা গাঁওখনৰ কথা৷ লগে লগে ঘোঁৰাত উঠি শ্বাহেনশ্বাহে লগত আনকি কোনো গা-ৰখীয়া এটাও
নোলোৱাকৈ সেই গাঁৱৰ দিশত চেঁকুৰ ধৰিলে৷
ছদ্মবেশত যোৱা শ্বাহেনশ্বাহক কোনেও চিনি
নাপালেও বীৰবলে কিন্তু ঠিকেই চিনি পালে৷
: জাহাপনা! আপুনি এনেকৈ ইয়াত?— বীৰবলে সুধিলে৷
আকবৰে উত্তৰ নিদিলে৷ তেওঁ কেৱল নিৰ্দেশ দিলে,
: তুৰন্তে ৰাজধানীলৈ ব’লা
বীৰবল৷
দুয়ো দুটা ঘোঁৰাত উঠি ৰাজধানী পালেহি৷ বীৰবলক
আকবৰে ক্ষমা প্ৰাৰ্থনা কৰি বেয়া নাপাবলৈ ক’লে৷ বীৰবলে ক’লে
যে সম্ৰাটৰ মুখত এনে কথা নুশুৱায়৷ তেওঁ কেৱল গাঁৱৰ ঘৰত কেইদিনমান কটাই আহিবলৈ
বুলিহে দিল্লী এৰিছিল বুলিও ক’লে৷
ৰাজধানী পাই আকবৰে বীৰবলক তুৰস্ক ৰাজৰ চিঠিখন
দেখুৱালে৷ লগতে তেওঁ ক’লে যে অনাহকতে যুদ্ধ এখন হোৱাটো তেওঁ কামনা
নকৰে৷ গতিকে— কিবা এটা উপায় উলিওৱাঁ বীৰবল!
: আপুনি নিশ্চিন্তমনে ৰাতিটো শোৱক জাহাপনা৷ মই
এই প্ৰশ্নৰ উত্তৰ নিশ্চয় দিম৷
বুলি বীৰবল ঘৰলৈ আহিল৷ পাছদিনা তেওঁ বজাৰৰ পৰা
এটা মাটিৰ কলহ কিনি তাত ‘জ্ঞানৰ কলহ’ বুলি লিখিলে৷ লিখি উঠি কলহটো
লৈ তেওঁ শ্বাহেনশ্বাহৰ কাৰেঙৰ পিছফালৰ শাক-পাছলিৰ বাৰীখন পালেগৈ৷
কলহটো এঠাইত লৰচৰ নোহোৱাকৈ ৰাখি তাৰ ভিতৰলৈ গছত
ওলমি থকা কোমোৰা এটা সুমুৱাই থৈ বীৰবলে দুজন সৈন্যক দায়িত্ব দিলে কলহটো আৰু
কোমোৰাটো যাতে কোনেও লৰচৰ নকৰে সেইটো নিশ্চিত কৰিবলৈ৷
তাৰ পাছত বীৰবল ৰাজদৰবাৰ পালেহি৷
আকবৰে সুধিলে,
: বীৰবল, প্ৰশ্নৰ উত্তৰ ক’ত?
: জাহাপনা, কলহটো কিনিলোঁ৷ এতিয়া তাত জ্ঞান ভৰাই আছোঁ৷ দুই
তিনিদিনতে ভৰ্তি হ’বগৈ৷ তেতিয়া পঠাই দিম৷ আপুনি চিন্তা নকৰিব৷
দুদিনমানৰ পাছত বীৰবল আকৌ শ্বাহেনশ্বাহৰ বাৰীত
সোমাল৷ কলহটোত সোমাই থকা কোমোৰাটো ইতিমধ্যে ডাঙৰ হৈছিল৷ তেওঁ ঠাৰিডালত ধৰি
কোমোৰাটো টানি চালে : নোলায়৷ কলহৰ ডিঙিটোতকৈ কোমোৰাটো শকত হৈছে৷
বীৰবলে কোমোৰাটোৰ ঠাৰিডাল কাটিলে আৰু কলহটো ৰাজ
দৰবাৰলৈ অনালে৷
দৰবাৰৰ আটাইৰে চকু কপালত উঠিল৷
বীৰবলে শ্বাহেনশ্বাহৰ অনুমতি লৈ তুলাপাত এখিলা
আৰু পাখি কলম এটা হাতত লৈ খচখচকৈ চিঠি এখন লিখিলে আৰু তলত শ্বাহেনশ্বাহক চহী
কৰিবলৈ ক’লে৷ চিঠিখনত চকু ফুৰাই শ্বাহেনশ্বাহে ক’লে,
: বাঃ বীৰবলৰ জবাব নাই৷
বীৰবলেনো কিদৰে এই অসাধ্য সাধন কৰিলে?— সমজুৱাসকল আচৰিত হ’ল৷
এজনে মৰণত শৰণ দি উঠি মূৰ দোঁৱাই ক’লে,
: জাহাপনা, বুদ্ধিৰ ক্ষেত্ৰত বীৰবল মহোদয়ৰ লগত আমাৰ নিচিনা
মুৰুখমতিৰ তুলনা নহয়৷ তেখেতেনো চিঠিখনত কি লিখিছে দয়া কৰি জনাবনে?
আকবৰে হাঁহি এটা মাৰি চিঠিখন পঢ়ি গ’ল,
মহামহিম তুৰস্কৰ চুলতানৰ সমীপেষু,
আপুনি বিচৰা জ্ঞানৰ কলহটো পঠালোঁ৷ কলহটোত একহল
জ্ঞান আছে৷ উলিয়াওঁতে সাৱধান হ’ব৷ যদিহে জ্ঞানখিনি উলিয়াওঁতে কলহটো ভাগে তেন্তে
জানিব, আমি আপোনাৰ ৰাজ্য আক্ৰমণ কৰি ছাৰখাৰ কৰি পেলাম৷ ইতি৷
দিল্লীৰ শ্বাহেনশ্বাহ জালালুদ্দিন আকবৰ
: কলহটোতনো কি আছে? সমজুৱাসকলে পুনৰ সুধিলে৷
আকবৰেও সুধিলে বীৰবলক৷
বীৰবলে বীৰৰ দৰে গহীন হাঁহি এটা মাৰি ক’লে, কলহটোৰ ডিঙিতকৈ দীঘল আৰু শকত
কোমোৰা এটা!
তুৰস্কৰ চুলতানে চিঠি আৰু জ্ঞানৰ কলহটো পাই
মূৰে-কপালে হাত দিবলগীয়াত পৰিল৷
আনহাতে, বীৰবলে শ্বাহেনশ্বাহ আকবৰৰ দৰবাৰৰ প্ৰধান মন্ত্ৰীৰ দায়িত্বভাৰ লাভ
কৰিলে৷
(১০)
ৰাজ দৰবাৰত এটা গম্ভীৰ সমস্যা সম্বন্ধে আলোচনা চলি
আছিল৷ অৱশেষত বীৰবলৰ মন্ত্ৰণা অনুসৰি সমস্যাটোৰ সমাধান এটা ওলাল৷
শ্বাহেনশ্বাহৰ মনটো পাতল পাতল লাগিল৷ তেওঁ
সমজুৱাসকলৰ উদ্দেশ্যে প্ৰশ্ন এটা দাঙি ধৰিলে,
: গছৰ পাতবোৰৰ ভিতৰত আটাইতকৈ ভাল পাত কি?
সভাসদসকলে বিভিন্ন গছপাতৰ নাম কৈ সম্ৰাটক সন্তুষ্ট কৰিবলৈ যত্ন কৰিলে :
তুলসী পাত, পদুমপাত, কলপাত-বেলপাতৰ পৰা মহানিম, ঘোঁৰানিম, নেমুটেঙা, জলকীয়াকে ধৰি তিতা কেৰেলাৰ
পাতলৈকে যাৰ যি নাম মনলৈ আহিল কৈ গ’ল৷
শ্বাহেনশ্বাহ কিন্তু সন্তুষ্ট নহ’ল৷
অৱশেষত তেওঁ বীৰবলৰ ফালে চালে৷
বীৰবলে মন কৰিলে, শ্বাহেনশ্বাহে পাণ চোবাই আছে৷ লগে লগে বীৰবলে
কৈ পেলালে,
: জাহাপনা, মোৰ বোধেৰে পাণ অৰ্থাৎ পাণ গছৰ পাততকৈ ভাল
গছপাত থাকিবই নোৱাৰে৷ বোধকৰোঁ জাহাপনাই সেই কাৰণেই সদায় পাণ খায়৷
আকবৰ বিমোৰত পৰিল৷ এৰাতো! এতিয়া পাণক ভাল গছপাত
নহয় বুলি তেওঁ কয় কেনেকৈ?
তেওঁ এমোকোৰা হাঁহি মাৰি ক’লে,
: বাঃ বীৰবল বাঃ! তোমাৰ জবাব নাই!
(১১)
শ্বাহেনশ্বাহে এদিন বীৰবলক সুধিলে, বীৰবল, তুমি বাৰু মোক এনে এটা
মানুহৰ সন্ধান দিব পাৰিবানে যি একে সময়তে সাধুলোক, ৰান্ধনি, পানীভাৰী আৰু গাধ?
বীৰবলে ক’লে,
: নিশ্চয় মহাৰাজ৷ কালিলৈ আপুনি আপোনাৰ প্ৰশ্নৰ
উত্তৰ পাব৷
পাছদিনাখন বীৰবলে এজন যজমান ব্ৰাহ্মণক ৰাজদৰবাৰলৈ
লৈ আহিল৷ শ্বাহেনশ্বাহৰ দৃষ্টি ব্ৰাহ্মণৰ প্ৰতি আকৰ্ষণ কৰি বীৰবলে ক’লে,
: জাহাপনা, আপুনি বিচৰা ব্যক্তি এইজনেই৷
: এইজন? এইজন দেখোন ব্ৰাহ্মণ! এওঁ কেনেকৈ মই বিচৰাজন হ’ব?
বীৰবলে ব্যাখ্যা কৰিবলৈ আৰম্ভ কৰিলে :
: জাহাপনা, এওঁ ব্ৰাহ্মণ। এওঁ বেদ আদি শাস্ত্ৰ অধ্যয়ন
কৰিছে৷ গতিকে এওঁ সাধুলোক৷ এওঁ নিজৰ আহাৰ নিজে ৰান্ধি খায়, আনে ৰন্ধা নাখায়৷ গতিকে এওঁ
ৰান্ধনি৷ আনহাতে আনৰ হাতৰ জল এওঁ স্পৰ্শও নকৰে৷ গতিকে নিজৰ প্ৰয়োজনীয় পানী নৈৰপৰা
এওঁ নিজে আনি লয়৷ গতিকে এওঁ পানীভাৰীও৷
বীৰবল ৰ’ল৷ শ্বাহেনশ্বাহে সুধিলে,
: আৰু চতুৰ্থটো গুণ? এওঁ গাধ কেনেকৈ হ’ল?
বীৰবলে বিনয়েৰে ক’লে,
: এওঁ নিতান্তই গাধ, জাহাপনা! নহ’লে
এওঁ ইমান কষ্ট স্বীকাৰ কৰাৰ প্ৰয়োজন আছে জানো?
দৰবাৰৰ সকলো সদস্যই হো হোকৈ হাঁহি উঠিল৷
শ্বাহেনশ্বাহেও৷
বীৰবলে ব্ৰাহ্মণক অপমানিত নহ’বলৈ
অনুৰোধ কৰি ধনৰ টোপোলা এটা দি বিদায় দিলে৷
(১২)
এদিন শ্বাহেনশ্বাহ আকবৰে বীৰবলক নিজৰ অন্দৰমহল অৰ্থাৎ অন্তেষপুৰলৈ
মতাই পঠালে৷
বীৰবলো ততাতৈয়াকৈ গৈ সম্ৰাটৰ ওচৰ পালেগৈ আৰু
যথাৰীতি শ্ৰদ্ধা-সম্ভাষণ জনালে৷
শ্বাহেনশ্বাহে ক’লে, বীৰবল মই তোমাৰপৰা কিবা
হাঁহি উঠা কথা শুনিবলৈকে অপেক্ষা কৰি আছোঁ৷
বীৰবলে চোকা দৃষ্টিৰে শ্বাহেনশ্বাহলৈ চালে আৰু
ক’লে, দিল্লীৰ শ্বাহেনশ্বাহ আকবৰে সামান্য হাঁহিৰ কথা এষাৰ শুনিবলৈ অপেক্ষা
কৰি আছে! ইয়াতকৈ ডাঙৰ হাঁহি উঠা কথা কি হ’ব পাৰে?
ইয়াকে কয় খুঁটি পুতি উজুটি খোৱা৷— শ্বাহেনশ্বাহে ভাবিলে৷
বীৰবল ব্যস্তভাৱে গুচি গ’ল৷
(১৩)
অ’তৈ-ত’লৈ
ফুৰিবলৈ যাওঁতে বীৰবল আছিল শ্বাহেনশ্বাহ আকবৰৰ একান্ত সংগী৷
এদিন পাল্কী এখনত উঠি ঘূৰি ফুৰোঁতে বীৰবলক
জোকাই চাবলৈ বুলি আকবৰে ক’লে,
: বীৰবল! মোৰ তোমাৰ কথা ভাবি বৰ দুখ লাগে হে’!
: কিয় জাহাপনা? মোৰ কি হ’ল?
: তুমি যে ইমান নিৰ্বোধ, অৰ্থাৎ মূৰ্খ!
বীৰবলে তপৰাই উত্তৰ দিলে,
: আগতে মই এনেকুৱা নাছিলোঁ জাহাপনা! এতিয়া
সঙ্গদোষত পৰি অৱশ্যেই মই মূৰ্খ হৈ পৰিছোঁ৷
আকবৰৰ কটা ঘা এডোখৰতহে যেন কলখাৰণি পৰিল!