ৰচনা পাঠক
বীৰবলৰ ডেকা কালৰ কথা৷
এদিন দৰবাৰত বহি থাকোঁতে শ্বাহেনশ্বাহে প্ৰশ্ন সুধিলে, অসাধ্য সাধন কৰি দেখুৱাব পৰা সভাসদ মোৰ এই দৰবাৰত আছেনে?
সমজুৱাসকলৰ মাজত প্ৰতিযোগিতা
আৰম্ভ হ’ল৷ কোনোৱে ঘৰৰ মুধচত উঠি জঁপিয়াই পৰি হাত-ভৰি ভাঙিলে, কোনোবাই গৰম পানীত বুৰ মাৰি গাৰ ছালত পানীজোলা ফুটালে, আন কোনোবাই আকৌ হাতী একোটাক ভুকুৱাই মাৰিব পাৰিম বুলি কৈ তাকে কৰি
দেখুৱাবলৈ গৈ হাঁহিয়াতৰ পাত্ৰ হ’ল৷
বীৰবলে প্ৰতিযোগিতাত ভাগ লোৱাৰ
কোনো লক্ষণ নেদেখুউৱাত শ্বাহেনশ্বাহে ক’লে,
-
মহামন্ত্ৰী বীৰবল! সকলোৱে কিবা নহয় কিবা
কৰিছে৷ পাৰক বা নোৱাৰক, যত্নতো কৰিছে! তুমি ইমান উদাসীন হৈ থাকি
প্ৰমাণ কৰিছা যে তুমি আচলতে এজন ভীৰু, কাপুৰুষ৷
ইমান গঞ্জনা শুনিও বীৰবলে একো নামাতিলে৷ মাথোঁ ক’লে,
-
জাহাপনা, কাইলৈৰ দিনটো মোক
ছুটী লাগে৷
পাছদিনা শ্বাহেনশ্বাহ আৰু বাকীসকল
সভাসদ দৰবাৰত ব্যস্ত হৈ থাকোঁতে বীৰবল শ্বাহেনশ্বাহৰ অন্দৰ মহলৰ হাৰেমত অৰ্থাৎ
ৰাণীসকলৰ ভিতৰ চ’ৰাত প্ৰৱেশ কৰিব খুজিলে৷ প্ৰহৰীয়ে বাধা
দিয়াত বীৰবলে অৰ্থপূৰ্ণ হাঁহি এটা মাৰি ক’লে যে বেগম চাহেবাই
নিজেহে তেওঁক লগ ধৰিব খুজি মাতি পঠাইছে৷ এইবুলি প্ৰহৰীৰ হাতত সোণৰ মোহৰ এটা দি
বীৰবল ৰাণীৰ মহলত প্ৰৱেশ কৰিলে৷
সেই কালত মোগল শ্বাহেনশ্বাহসকলৰ ৰাণী
অৰ্থাৎ বেগম চাহেবাসকল বাহিৰলৈ ওলোৱাৰ নিয়ম নাছিল৷ আনকি ৰজাৰ আটাইতকৈ মৰমৰ
ৰাণীগৰাকীয়েও ৰাজ দৰবাৰখন গচকি পোৱা নাছিল৷ বীৰবলে এই নিয়মটোকে ভংগ কৰাব খুজিলে
মহাৰাণী চাহেবাৰ দ্বাৰা৷
মহাৰাণী যোধা বেগম খুব ধুনীয়া আছিল৷ তদুপৰি
তেওঁ আছিল শ্বাহেনশ্বাহৰ খুব মৰমৰ৷
বীৰবল গৈ মহাৰাণীৰ সম্মুখত
উপস্থিত হ’লগৈ৷ মহাৰাণী আচৰিত হ’ল৷ তেওঁ
নিজকে সুধিলে, বীৰবলৰ কিবা বেয়া মতলব আছে নেকি বাৰু?
-
বেগম চাহেবা! মই আজি শ্বাহেনশ্বাহৰপৰা ছুটী
লৈছো৷ –
বীৰবলে অৰ্থপূৰ্ণ চাৱনি এটাৰে মহাৰাণীক ক’লে,
- ভাবিলোঁ, আজিৰ দিনটো আপোনাৰ লগতে
কটাওঁ৷ সঁচা কথা কৈছোঁ বেগম চাহেবা, আপোনাতকৈ সুন্দৰী নাৰী
আছে বুলি মই বিশ্বাস নকৰোঁ৷ আপুনি যদি দয়া কৰি শ্বাহেনশ্বাহক এৰি মোৰ লগত বিয়া হয়
তেন্তে মই অতি আনন্দিত হ’ম৷
মহাৰাণীয়ে ভাবিলে, কথা দেখোন বিষম! স্বয়ং শ্বাহেনশ্বাহৰ প্ৰিয় মন্ত্ৰীজনাই এনেকৈ পাটৰাণীজনীক
ভালপোৱাৰ প্ৰস্তাৱ দিবলৈ আহিছে৷ তাকো কৰিছে শ্বাহেনশ্বাহৰপৰা ছুটী লৈ...৷ এই কথাই কথা
নহয়৷ শ্বাহেনশ্বাহক এই মুহূৰ্ততে জনাই এওঁক উচিত শাস্তি দিয়াব লাগিব৷ – ভাবি ভাবি মহাৰাণীৰ চকুপানী ওলাল৷ বহাৰপৰা উঠি তেওঁ ভিতৰ দুৱাৰেদি ৰাজ
দৰবাৰলৈ খোজ ল’লে৷ আচলতে খোজ লোৱা নাই, তেওঁ এক প্ৰকাৰ কুকুৰ লৰহে ধৰিলে৷
বীৰবলো পিছে পিছে গ’ল৷
ৰাজ দৰবাৰত বেগম চাহেবাক দেখি শ্বাহেনশ্বাহ আচৰিত হ’ল
- আৰে! ই কি? বেগম চাহেবা তুমি?
-
জাহাপনা, বীৰবলে মোক... বীৰবলে মোক ... মহাৰাণীয়ে আৰু একো ক’ব নোৱাৰিলে৷ তেওঁক
শোকে খুন্দা মাৰি ধৰিলে৷
তেনে সময়তে বীৰবলে মাত লগালে,
- জাহাপনা, ভুল হ’লে ক্ষমা কৰিব৷ আচলতে মই বেগম চাহেবাক এই দৰবাৰলৈ আনি এটা অসাধ্যহে সাধন
কৰিবলৈ যত্ন কৰিছিলোঁ৷
বীৰবলৰ কথা শুনি বেগমে শ্বাহেনশ্বাহলৈ
চালে৷ লগে লগে দুয়ো হাঁহিবলৈ ধৰিলে৷ সভাসদসকলেও হাত চাপৰি বজালে৷
সকলোকে বীৰবলে শ্ৰদ্ধাৰে অভিবাদন
জনালে৷
(২২)
বীৰবলে ধঁপাত খাইছিল৷ আনহাতে আকবৰে খাইছিল পাণ৷ আকবৰে ধঁপাত খোৱাক লৈ বীৰবলক অনেক কথা শুনাইছিল৷ কিন্তু পাণ খোৱা কাৰণে বীৰবলে আকবৰক খুব প্ৰশংসা কৰিছিল৷ সেই প্ৰশংসা যে আচলতে প্ৰশংসাৰ ছলেৰে কৰা নিন্দাহে, শ্বাহেনশ্বাহ আকবৰেও নুবুজাকৈ থকা নাছিল, বুজিছিল৷ কিন্তু বীৰবলৰ নিচিনা তেওঁৰতো জিভাৰ আগত সৰস্বতী বহি থকা নাই যে তেওঁ বাক্যুদ্ধত বীৰবলক হৰুৱাব পাৰে!
এদিন ৰাজধানীৰপৰা আঁতৰৰ এখন ঠাইলৈ
যাবলগীয়াত পৰিছিল শ্বাহেনশ্বাহ৷ লগত গৈছিল বীৰবল৷ এক্কা গাড়ী এখনত বহি দুয়ো প্ৰকৃতিৰ মনোৰম
দৃশ্য উপভোগ কৰি কৰি গৈ আছে৷ এবাৰ আকবৰে দেখিলে, বাটৰ কাষতে এখন
ধঁপাতৰ বাৰী; তাতে এটা গাধ চৰি আছে৷ এই কথাও আকবৰৰ চকুত পৰিল
যে গাধটোৱে তলৰ ঘাঁহহে খাইছে; ধঁপাতৰ পাত এখিলাও খোৱা নাই৷
বাদশ্বাহে ক’লে,
চোৱাঁচোন বীৰবল! গাধয়ো ধঁপাত নাখায়৷
বীৰবলে সেইফালে চালে আৰু ক’লে,
হয় জাহাপনা! গাধইহে ধঁপাত নাখায়!
আকবৰে আৰু কথা বিচাৰি নাপালে৷
(২৩)
মানুহৰ হাতৰ তলুৱাত নোম নাই কিয়?
এদিন দৰবাৰত উত্থাপিত এই
প্ৰশ্নটোৰ উত্তৰ উপস্থিত সভাসদসকলৰ কোনেও শ্বাহেনশ্বাহ সন্তুষ্ট হোৱাকৈ দিব নোৱাৰিলে৷
সেইদিনা আক’ কিবা কাৰণত দৰবাৰলৈ বীৰবল পলমকৈ গৈছিল৷ তেওঁ দৰবাৰত উপস্থিত হওঁতে শ্বাহেনশ্বাহে বাকী সভাসদসকলক ককৰ্থনা কৰি আছে৷ বীৰবল পোনছাটেই সোমাই নগৈ প্ৰকাণ্ড স্তম্ভ
এটাৰ আঁৰ হৈ শ্বাহেনশ্বাহৰ কথা শেষ হোৱালৈ ৰ’ল৷ শ্বাহেনশ্বাহে কৈ আছে –
-
তোমালোকক মিছাতে মই ৰাজভঁৰালৰ সোণৰ
মোহৰবোৰ হাজাৰে হাজাৰে দৰমহা দিছোঁ৷ এই সামান্য প্ৰশ্নটোৰ উত্তৰ দিব নোৱাৰাঁ, ইফালে দাবী কৰাঁ যে তোমালোকতকৈ জ্ঞানী আৰু বুধিয়ক এই জগতত কোনো নাই! ধি্ক
তোমালোকৰ জ্ঞান-বুদ্ধিৰ অহংকাৰ! ছেঃ আজি দৰবাৰত বীৰবলো নাই নহয়! তেওঁ থকা হ’লে এক টিলিকিতে এইটো প্ৰশ্নৰ উত্তৰ দিলেহেঁতেন৷ তেওঁৰ সফলতাত তো তোমালোকৰ
কম ঈৰ্ষা নহয়৷ তেওঁৰ জ্ঞান-বুদ্ধিৰ স্বীকাৰ কৰিবা দূৰৈৰ কথা, তেওঁক তোমালোকে হিংসাহে কৰা!
শ্বাহেনশ্বাহ ৰ’ল৷
দৰবাৰ কাঁহ পৰি জীণ গৈছে৷ শ্বাহেনশ্বাহে আৰু কিবা কয় নেকি শুনিবলৈ ৰৈ একো নোকোৱা যেন
দেখি বীৰবল সোমাই গ’ল আৰু শ্বাহেনশ্বাহক অভিবাদন জনাই নিজৰ আসনত
বহিলগৈ৷ দৰবাৰ তেনেই থম্থমীয়া৷ বীৰবলে কাৰণটো বুজিছে, কিন্তু
একো নুবুজাৰ ভাও ধৰি তেওঁ সুধিলে,
- জাহাপনা! কিবা গুৰুতৰ বিষয়ৰ আলোচনা চলি আছিল যেন
পাওঁ! ময়ো ভাগ ল’ব পাৰিম নেকি?
-
তুমিও মানে?
– শ্বাহেনশ্বাহে আচৰিত হৈ ক’লে - তোমাৰ বাহিৰে মোৰ সোঁৱে-বাঁৱে আছে কোন বীৰবল?
-
সোধক জাহাপনা৷ মোৰ জ্ঞান-বুদ্ধিৰে আপোনাক
সন্তুষ্ট কৰিব পাৰিলে মই আনন্দিত হ’ম৷
আকবৰে সুধিলে,
-
মানুহৰ হাতৰ তলুৱাত নোম নাই কিয়?
এই প্ৰশ্নটোৰ উত্তৰ এইসকল সভাসদৰ এজনেও দিব নোৱাৰিলেহে’!
বীৰবলে ভাবিলে, শ্বাহেনশ্বাহৰ মন ভাল লগোৱাৰ আৰু বাকীসকল সমজুৱাৰ কটা ঘাত চেঙাতেল মৰাৰ এইটো
উত্তম সুবিধা৷ তেওঁ ক’লে,
- জাহাপনা! মই সাধাৰণ মানুহ৷
বিদ্যা-বুদ্ধিতো মই নিচেই সামান্য৷ গতিকে মই সকলো মানুহৰ কথা ক’ব
নোৱাৰিম৷ কিন্তু আপোনাকে ধৰি এই সভাৰ উপস্থিতসকলৰ হাতৰ তলুৱাত নোম নোহোৱাৰ কাৰণটো
মই বিচাৰি পাইছোঁ৷
- কোৱাঁ বীৰবল! আমাৰ কথাকে কোৱাঁ৷ – শ্বাহেনশ্বাহে অনুমতি দিলে৷ বীৰবলে চাৰিওফালে এবাৰ চকু পিৰিকিয়াই চালে আৰু ক’বলৈ ধৰিলে,
- জাহাপনা! আপুনি পৃথিৱীৰ গৰাকী, ৰাজ-ৰাজেশ্বৰ৷ ল’ৰালিৰেপৰা আপুনি ধন-সোণকে দান কৰি
আহিছে, পুৰস্কাৰকে দি আহিছে৷ এতেকে আপোনাৰ হাতত ধন-সোণৰ
ঘঁহনি ইমানেই খাইছে যে তাত আৰু নোম গজাৰ উপায় নাই৷
আকবৰে গোঁফকোছাৰ তলেদি মিহি হাঁহি
এটা মাৰিলে আৰু সুধিলে,
-
আৰু তোমাৰ?
- জাহাপনা! বীৰবলে ক’বলৈ
ধৰিলে, আপুনি দিয়া ধন-সোণৰ পুৰস্কাৰ মই ইমানেই পাইছোঁ যে সেইবোৰ লওঁতে লওঁতে মোৰ হাতৰ তলুৱাত গজিবলৈ নোমে সুবিধাই নাপালে৷
আকবৰে আকৌ এবাৰ হাঁহিলে আৰু
সোঁহাতখনেৰে সভাসদসকললৈ ইঙ্গিত কৰি সুধিলে,
-
আৰু এওঁলোকৰ?
- জাহাপনা! বৰ দুখ লাগে যে মই পুৰস্কাৰ পোৱা দেখি
মোৰ এই মাননীয় সহকৰ্মীসকলে অনবৰতে হাত মোহাৰি
থাকিবলগীয়া হয়৷ আপুনিয়েই কওক, অনবৰতে মোহাৰি থকা হাতৰ তলুৱাত
বাৰু নোম গজিব কেনেকৈ?
এইবাৰ আকবৰে হাঁহি সামৰি ৰাখিব
নোৱাৰিলে৷ তেওঁ হাঃ হাঃ কৈ হাঁহিবলৈ ধৰিলে৷ সভাসদসকলে লাজত মূৰ দাঙিব নোৱৰা হ’ল৷
(২৪)
এবাৰ কিবা কথাত শ্বাহেনশ্বাহ আকবৰৰ খং
উঠি বীৰবলক ৰাজ্যৰ পৰা বাহিৰ হৈ যাবলৈ নিৰ্দেশ দিলে৷ বীৰবলেও স্থিৰ কৰিলে যে এইবাৰ
তেওঁ আকবৰক বিপদত পেলাইহে এৰিব৷ কাৰণ আগে-পাছেও ৰজাই তেওঁক খেদি দিয়ে আৰু দুদিনৰ
পাছতে বিপদত পৰি মানুহ পঠাই ঘৰৰপৰা মতাই নিয়ে৷ এইবাৰ জাহাপনাক তেনে সুবিধা দিয়া নহ’ব,
–তেওঁ থিৰাং কৰিলে৷
ঘৰতে সোমাই থাকিলেহে মতাই নিব!
এইবাৰ জাহাপনাক এনে সুবিধা নিদিওঁ৷ এইবুলি বীৰবলে ছদ্মবেশ ধৰি বেলেগ এখন ৰাজ্যলৈ
গুচি গ’ল৷
ইফালে বীৰবলহীন ৰাজসভাখন আকবৰৰ
তেনেই নিৰস আৰু শূন্য শূন্য লাগিবলৈ ধৰিলে৷ গতিকে তেওঁ বীৰবলৰ ঘৰলৈ মানুহ পঠিয়ালে৷
বাৰ্তাবাহক ঘূৰি আহি ক’লেহি-
-
বীৰবলৰ ঘৰৰ দুৱাৰত এটা প্ৰকাণ্ড তলাহে ওলমি আছে৷
আকবৰ বিবুধি হ’ল৷
ক’লৈ গ’ল মানুহটো? ছেঃ বৰ বেয়া কথা হ’ল৷ মই তেওঁক ইমান বেয়াকৈ ক’ব নালাগিছিল৷ মানুহটোৱে বাৰু মনত কমটো আঘাত পাই দেশান্তৰী হ’লনে? ক্ষমা খুজিবলৈও উপায় নাই! কি কৰোঁ? – আকবৰৰ মনত অনুশোচনা হ’বলৈ
ধৰিলে৷
কিছুদিন যোৱাৰ পাছত আকবৰ অধৈৰ্য হ’ল
আৰু বিভিন্ন দেশলৈ বীৰবলৰ সন্ধানত মানুহ পঠালে৷
দৰবাৰত আকবৰক ৰাজ্যশাসনত অমনোযোগী
যেন দেখি বাকীসকল সভাসদে বিবিধ উপায়েৰে তেওঁৰ মন যোগাবলৈ যত্ন কৰিব ধৰিলে৷ কিন্তু
আটাইখিনি ফুটুকাৰ ফেন৷ বীৰবল বীৰবলেই৷ শিল জানো সোণ হ’ব
পাৰে? ম’ৰা চৰাইৰ পাখি দুটিমান গাত
গুজি ল’লেই জানো কাউৰীটো কাউৰী গুচি ম’ৰা
হৈ পৰিব?
শ্বাহেনশ্বাহে সদায়ে বাটচ’ৰালৈ
চাই থাকে : জানোচা বীৰবল আহিছেই! পিছে নাই! এটা এটাকৈ
আটাইবোৰ মানুহ ঘূৰি আহিল; বীৰবলৰহে ছাঁটোও কোনেও দেখা নাপালে
হেনো৷
আকবৰে বুজিলে, বীৰবলে ওচৰৰ কোনোবা ৰাজ্যতে ছদ্মবেশ ধৰি আছে৷ নহ’লে
মানুহটো বতাহৰ লগত মিলি যাব কেনেকৈ?
গতিকে আকবৰে এটা বুদ্ধি পাঙিলে৷
কাকতীৰ হতুৱাই ওচৰ-পাজৰৰ আৰু দূৰৰো চিনাকি ৰজাসকলৰ প্ৰতি তেওঁ চিঠি এখন লিখালে৷
চিঠিখনৰ সাৰমৰ্ম হ’ল যে শ্বাহেনশ্বাহ আকবৰে গঙ্গা আৰু যমুনা নৈৰ
বিয়া পাতিছে৷ বিয়ালৈ সকলো ৰাজ্যৰ ৰজাই যাতে নিজৰ নিজৰ ৰাজ্যৰ নৈবোৰক পঠায়!
চিঠি পাই সকলো ৰজা হতভম্ব হ’ল৷
ইখন ৰাজ্যৰ ৰজাই আনখন ৰাজ্যৰ ৰজালৈ আনকি খবৰো পঠালে বোলে হিন্দুস্তানৰ সম্ৰাট
আকবৰৰ মানসিক ৰোগ হৈছে! এৰা, আকবৰ বলিয়া হ’ল!
পিছে এখন ৰাজ্যৰ ৰজাৰপৰা আকবৰলৈ
এখন চিঠি আহিল৷ চিঠিত লিখা হৈছে : যিহেতু আমাৰ ৰাজ্যৰ নৈবোৰে আপোনাৰ
ৰাজ্যলৈ যোৱা বাট-পথবোৰ চিনি নাপায়; গতিকে বাট দেখুৱাই নিবলৈ
আপোনাৰ ৰাজ্যৰ পুখুৰী এটাকে যদি ইয়ালৈ পঠাই দিয়ে তেন্তে আমাৰ আটাইবোৰ নৈকে বিয়া
খাবলৈ পঠাই দিব পাৰোঁ৷
চিঠিখন পঢ়ি আকবৰৰ মুখমণ্ডল
হাঁহিৰে উজলি উঠিল৷ তেওঁ বুজি পালে, এইখন চিঠি নিশ্চয় বীৰবলৰ বুদ্ধিমতেই লিখা হৈছে!
লগে লগে তেওঁ নিজে সৈন্য কেইজনমান
লৈ সেইখন ৰাজ্য পালেগৈ৷ সেই ৰাজ্যৰ ৰজাক লগ ধৰি সুধি-পুচি তেওঁ বীৰবলক উদ্ধাৰ
কৰিলে৷
আচলতে বীৰবল ছদ্মবেশী পণ্ডিত এজন
হৈ সেইখন ৰাজ্যৰ ৰাজসভাতে আছিল৷
(২৫)
শ্বাহেনশ্বাহৰ বাসভৱনৰ দুজন ৰক্ষীয়ে
বীৰবলক ভাল নাপাইছিল আৰু সৰু সুৰা অপকাৰ কৰি তেওঁক মাজে সময়ে আমনি কৰি আহিছিল৷
এদিন বীৰবলে সিহঁতক শাস্তি দিবলৈ মন কৰিলে৷
সেইদিনা দৰবাৰ বহা নাছিল৷
ৰাতিপুৱাৰেপৰা ভালেখিনি চিন্তা-ভাৱনা কৰি বীৰবলে এটা কবিতা ৰচনা কৰিলে আৰু আবেলি
পৰত চোলাৰ জেপত কবিতাটো লৈ ৰাজভৱনলৈ বুলি খোজ দিলে৷
ৰাজভৱনৰ প্ৰথমজন ৰক্ষীয়ে বীৰবলক
বাধা দিলে, বোলে জাহাপনাই এতিয়া জিৰণি লৈছে৷ বীৰবলে ক’লে বোলে, ভাই মোক সোমাবলৈ দিয়া৷ আজি জাহাপনাই মোক যি
পুৰস্কাৰ দিব তাৰে পূৰাপূৰি আধা মই আজি তোমাক দিম৷
তেতিয়া পুৰস্কাৰৰ আশাত ৰক্ষীজনে
তেওঁক সোমাবলৈ দিলে৷
দ্বিতীয়জন ৰক্ষীয়েও তেওঁক বাধা
দিলে আৰু তেৱোঁ প্ৰথমজনক কোৱা কথাখিনিকে কৈ গৈ আকবৰৰ ওচৰ পালেগৈ৷
- জাহাপনা! অসময়ত আমনি কৰিছোঁ, ক্ষমা কৰিব৷ আচলতে মই এনেকুৱা এটা সুন্দৰ কবিতা লিখিলোঁ যে সেইটো প্ৰথম
আপোনাকে শুনাবলৈ বুলি মই উধাতু খাই আহিছোঁ৷
আকবৰে কবিতা শব্দটো শুনিয়েই
উৎসাহী হৈ উঠিল৷ বীৰবলে তেওঁক কবিতাটো শুনালে৷
আকবৰ প্ৰসন্ন হৈ বীৰবলক এশটা সোণৰ
মোহৰ দিবলৈ ধনভঁৰালীক নিৰ্দেশ দিলে৷ বীৰবলে ক’লে,
- জাহাপনা, আজি মোক সোণৰ মোহৰ
পুৰস্কাৰ নালাগে৷ মোক আজি এশটা সৌকাৰ কোব দিয়ক৷
বাদশ্বাহ আচৰিত হ’ল
যদিও বীৰবলৰ কথাতে মান্তি হ’ল৷ তেতিয়া সৌকাধৰাক লৈ বীৰবল
ৰক্ষী দুজনৰ ওচৰত উপস্থিত হ’ল৷ দুয়োজন ৰক্ষীকে পঞ্চাছটাকৈ
সৌকাৰ কোব দিয়াই উঠি বীৰবলে বাদশ্বাহলৈ চাই ক’লে;
-
জাহাপনা! আনৰ সম্পত্তিলৈ লোভ কৰা মানুহক ভগৱানে
এনেকুৱা শাস্তিয়েই নিদিয়েনে?
বাদশ্বাহে হাঁহিলে৷
সেইদিনাৰপৰা ৰক্ষী দুজনে বীৰবলক
অপকাৰ কৰা দূৰৰে কথা, তেওঁৰ নামটো শুনিলেও ভয়ত কঁপি থাকিবলৈ ল’লে৷
(২৬)
-
এই কথাই কথা নহয়৷ তাক ভালকৈ এশিকনি দিব লাগিব৷ – ভাবি ভাবি দৰবাৰৰপৰা বীৰবল ঘৰলৈ আহি আছিল৷ দৰবাৰত ঘটা ঘটনাটো মনত পৰাত
তেওঁৰ গা-মন তেনেই জ্বলি উঠিল৷
ঘটনাটো হ’ল
এনেকুৱা : শ্বাহেনশ্বাহৰ নাপিতটোৱে বীৰবলক সমূলি দেখিব নোৱাৰে৷
সেইবুলি সি যে মহামন্ত্ৰী বীৰবলক প্ৰাণে মৰাৰ বুধি সাজিব পাৰে, এই কথা বীৰবলে সপোনতো ভবা নাছিল৷ পিছে বীৰবলে নভবাখিনিকো সি পাষণ্ডই ভাবিলে৷
দৰবাৰলৈ আহি নাপিতটোৱে শ্বাহেনশ্বাহক
ক’লেহি,
-
জাহাপনা! যোৱাৰাতি মই এটা বৰ দুখ লগা সপোন
দেখিলো৷
শ্বাহেনশ্বাহে জানিবলৈ বিচৰাত সি ক’লে
যে আকবৰৰ স্বৰ্গগামী পিতৃ-পিতামহসকলে বৰ দুখ কৰিছে৷ দুখৰ কাৰণ, আকবৰে তেওঁলোকৰ খবৰ-খাতি নোলোৱা হ’ল৷
নাপিতৰ কথাই আকবৰৰ মনৰ দুৰ্বল
অংশতে আঘাত হানিলে৷ কেনেকৈনো স্বৰ্গগত উপৰি পুৰুষৰ খবৰ ল’ব
পাৰি জানিব খোজাত নাপিতে ক’লে যে ৰজাই নিজৰ খুব বিশ্বাসী,
মৰমৰ, মৰ্যাদাসম্পন্ন লোক এজনক স্বৰ্গলৈ পঠাই
দিব লাগে৷
জীয়া মানুহকনো স্বৰ্গলৈ পঠাব পাৰি
কেনেকৈ? শ্বাহেনশ্বাহৰ এই প্ৰশ্নৰো উত্তৰ সি ঠিক কৰি আনিছিল :
বোলে খৰি-খেৰ এদ’ম গোটাই তাৰ মাজতে মানুহজনক বহুৱাই জুই দি
দিব লাগে৷
তাৰ পাছতে প্ৰশ্ন হ’ল,
কাক পঠাব লাগে৷
নাপিতে ক’লে,
-
জাহাপনা, গোটেই দেশখনৰ ভিতৰত
আপোনাৰ মৰমৰ আৰু বিশ্বাসী লোক এজনেই আছে! সেইজন হ’ল
প্ৰধানমন্ত্ৰী বীৰবল৷ তেখেতৰ মৰ্যাদাও আপোনাৰ ঠিক পিছতেই!
বাকী সভাসদসকলেও যিহেতু বীৰবলক
দেখিব নোৱাৰিছিল; গতিকে বাটৰ হুল আতঁৰোৱাৰ আশা এফেৰি দেখি
তেওঁলোকেও নাপিতৰ মততে হয়ভৰ দিলে৷ অগত্যা বিশেষ চিন্তা-ভাৱনা নকৰাকৈয়ে শ্বাহেনশ্বাহে
বীৰবলকে স্বৰ্গলৈ পঠাবলৈ সিদ্ধান্ত কৰিলে৷
বীৰবল তেনেই শ’লঠেকত
পৰিল৷ পিছে সন্ধিৰ বাঁহ যে বুধিৰেহে কাটিব পাৰি তেওঁ বাৰুকৈয়ে জানে৷ সেয়েহে তেওঁ ক’লে,
-
জাহাপনা! আপোনাৰ উপৰি পুৰুষসকলৰ খবৰ-বাতৰি ল’বলৈ
মোক নিৰ্বাচন কৰি আপুনি যথাৰ্থতে মোক সম্মানিত কৰিছে৷ পিছে জাহাপনা, মোক পঠোৱাৰ প্ৰস্তুতি চলে মানে মোক এমাহৰ ছুটী লাগে৷
শ্বাহেনশ্বাহেও ছুটী মঞ্জুৰ কৰিলে৷
দুদিনমান ঘৰতে বহি বহি চিন্তা কৰি
বীৰবলে এটা বুদ্ধি উলিয়ালে৷ যিখন ঠাইত তেওঁক পুৰিবলৈ খৰি খেৰ জমা কৰা হ’ব,
সেই ঠাইলৈ নিজৰ ঘৰৰ ভিতৰৰ পৰা এটা সুৰংগ খন্দোৱাবলৈ বীৰবলে মনস্থ
কৰিলে৷ কথা মতেই কাম৷ পষেক মানৰ ভিতৰতে ৰাতি ৰাতি কুৰিজন বনুৱা লাগি বীৰবলৰ ঘৰৰ
শোৱনী কোঠাৰপৰা সেই নিৰ্দিষ্ট ঠাইলৈ এটা সুৰঙ্গ খান্দি উলিয়ালে৷
ইতিমধ্যে ঠাইখনত খৰি-খেৰ দ’মোৱা
হৈছিল৷ পৰ্বতাকাৰ ধাৰণ কৰা কাঠ-খৰিবোৰৰ মাজেদিও মানুহ এজন তললৈ নামি সুৰঙ্গইদি
বীৰবলৰ ঘৰলৈ মনে মনে গুচি আহিব পৰাকৈ ব্যৱস্থা কৰা হ’ল৷
ইমানখিনি কাম এমাহৰ ভিতৰতে হৈ
উঠিল৷ এমাহৰ পাছৰ নিৰ্দিষ্ট দিনটোত শ্বাহেনশ্বাহৰপৰা বিদায় লৈ কৰ্মীবোৰে পাতি দিয়া
জখলাইদি বীৰবল খৰিৰ দ’মটোৰ ওপৰত উঠিল৷ শ্বাহেনশ্বাহৰ নিৰ্দেশত সেৱকে
খৰিত জুই জ্বলাই দিলে৷
দাউ দাউকৈ জ্বলি উঠা লেলিহান জুইৰ মাজেদি গৈ বীৰবল যে নিজৰ ঘৰ পালেগৈ কোনেও গমকে
নাপালে৷
নাপিতটোৱে বীৰবল মৰা পৰিল বুলি
ভাবি মনে মনে খুব আনন্দ পালে৷
আকবৰৰহে ভাল নলগা হ’ল৷
বীৰবলহীন ৰাজ দৰবাৰখন তেওঁৰ মনত শ্মশান শ্মশান লাগিল৷ সদায়ে তেওঁ বাটলৈ চাই থকা হ’ল : জানোচা বীৰবল আহি পায়হি!
শ্বাহেনশ্বাহে বাট চাই থকা দেখি
নাপিতটোৱে মনে মনে হাঁহে আৰু নিজকে কয় : মৰা মানুহনো ঘূৰি আহেনে?
পিছে আহিল! এদিন বীৰবল স্বৰ্গৰপৰা ঘূৰি আহি আকৌ শ্বাহেনশ্বাহ আকবৰৰ দৰবাৰ পালেহি।
নাপিতটোৰ মূৰত বিনা
মেঘে বজ্ৰপাত ঘটাই এদিন ডাঢ়ি-চুলিৰে ভোবোকাৰ ৰূপ লৈ বীৰবল আহি দৰবাৰ পালেহি৷ এমাহমান
ঘৰতে পুথি-পাঁজি পঢ়ি-শুনি সেইদিনা মলিয়ন সাজ এজোৰ পিন্ধি বীৰবল শ্বাহেনশ্বাহক দেখা
কৰিবলৈ আহিল৷
আকবৰ আনন্দিত হ’ল৷
বীৰবলক তেওঁ উপৰ্যুপৰি উপৰি পুৰুষৰ খবৰ সুধিবলৈ ধৰিলে৷
বীৰবলে কৈ গ’ল
: ভাল, ভাল৷ আটায়ে পৰম সুখত আছে৷ পিছে
জাহাপনা! তেওঁলোকৰ বিশেষকৈ পুৰুষসকলৰ কাৰণে এটা বৰ দুখজনক কথা হৈছে৷
-
সেইটো কি? সেইটো মই দূৰ কৰিব
পাৰিমনে বীৰবল?
-
পাৰে জাহাপনা! আপুনি ইচ্ছা কৰিলে নোৱৰা কাম কি
আছে৷
-
কোৱাঁ৷ তেওঁলোকৰ দুখৰ কাৰণ কোৱাঁ৷ – বুলি কৈ আকবৰে বীৰবলৰ মলিয়ন কামিজটোত চকু পৰাত কৈ উঠিল,
-
তেওঁলোকৰ কাপোৰ ধোৱা ধোবা নাই?
-
আছে
জাহাপনা!
-
তেন্তে তোমাৰ কামিজটো ইমান লেতেৰা কিয়?
-
জাহাপনা! মই স্বৰ্গলৈ যাওঁতে কানি-কাপোৰ একোকে
নিয়া নাছিলোঁ নহয়৷ সেয়েহে একেযোৰকে পিন্ধোতে পিন্ধোতে অলপ লেতেৰা হৈছে আৰু৷
-
ঠিক আছে৷ বীৰবল, কোৱাঁ, মোৰ পিতৃ-পিতামহৰ দুখৰ কাৰণ কি?
বীৰবলে আটাইলৈকে এবাৰ চালে আৰু
লাহে লাহে নিজৰ ডাঢ়ি-চুলিত হাত ফুৰাই ফুৰাই ক’বলৈ ধৰিলে,
-
দেখিছে জাহাপনা! এই কেইদিনতে মোৰ চুলি-ডাঢ়িৰ
অৱস্থা কি হৈছে? এতিয়া আপোনাৰ পিতা শ্বাহেনশ্বাহ হুমায়ুন বা আপোনাৰ
ককাদেউতাক শ্বাহেনশ্বাহ বাবৰৰ ডাঢ়ি-চুলিৰ অৱস্থা কি হৈছে কল্পনা কৰকচোন! তেখেতলোকে
আপোনাৰ আটাইতকৈ দক্ষ ক্ষৌৰকাৰজনক অতি সোনকালে স্বৰ্গলৈ পঠাই দিবলৈ কৈছে৷
নাপিতটো ওচৰতে আছিল৷ সি মুহূৰ্ততে
বীৰবলৰ বুদ্ধিৰ ওচৰত পৰাস্ত হোৱা বুলি হাড়ে হাড়ে বুজিলে৷
কেইদিনমানৰ পাছত বীৰবলক স্বৰ্গলৈ
পঠোৱাৰ দৰেই নাপিতকো পঠোৱা হ’ল৷ পিছে নাপিততো আৰু বীৰবল নহয়!
এতেকে নাপিত সঁচাকৈয়ে স্বৰ্গলৈকে গ’লগৈ৷
(২৭)
তুৰস্কৰ সম্ৰাটে হিন্দুস্তানৰ শ্বাহেনশ্বাহ আকবৰৰ দৰবাৰৰ পণ্ডিতসকলৰ কথা প্ৰায়েই শুনে৷ মাজে মাজে তেওঁৰ মনত খেদ ওপজে
– নিজৰ ৰাজ্যৰ পণ্ডিতসকলৰ কথা ভাবি৷ বিশেষকৈ বীৰবল নামৰ বুদ্ধিয়ক আৰু জ্ঞানী
পণ্ডিতজনৰ নিচিনা অন্ততঃ এজন লোক যদি তুৰস্কৰ ৰাজসভাত থাকিলেহেঁতেন! –সম্ৰাটে ভাবিলে৷
পিছে নিজৰ উজীৰ-নাজিৰসকলে সম্ৰাটক
বুজালে যে বীৰবল তেনেই সামান্য পণ্ডিত৷ বুধিৰ বেলিকাও বীৰবল তুৰস্কলৈ আহিলে তেনেই
ঠোঁট-মুখ চেলেকি উভতি যাবলগীয়াতহে পৰিব৷
অৱশেষত সম্ৰাটে আকবৰলৈ চিঠি
লিখিলে : কমেও দহদিনৰ কাৰণে বীৰবলক তুৰস্কলৈ পঠাওক৷ নহ’লে
তুৰ্কী সেনাই হিন্দুস্তান আক্ৰমণ কৰি ছাৰখাৰ কৰি পেলাব৷
অগত্যা আকবৰেও বীৰবলক দুদিনমান
বিদেশ ফুৰি আহিবলৈ পঠালে৷ বীৰবলেও বুজিলে যে তুৰস্কৰ সম্ৰাটে নিশ্চয় তেওঁৰ বুধি-বৃত্তিৰ পৰীক্ষা নোলোৱাকৈ নাথাকে৷
তেওঁ যি ভাবিছিল সেয়া ষোল অনা
সঁচা বুলি প্ৰমাণিত হ’ল৷ কাৰণ, ৰাজধানী
চহৰত সোমোৱা মাত্ৰকে তেওঁক দুজন কটকী আহি ক’লেহি যে চুলতানে
তেওঁক পোনেই দৰবাৰলৈকে মাতি পঠাইছে৷ তেঁৱো কিবা এটা বুজি পালে আৰু ৰং মনেৰে ৰাজ
দৰবাৰলৈ সোমাই গ’ল৷
কিন্তু ই কি?
সিংহাসনত দেখোন চুলতান নাই! সভাসদসকলেও তেওঁক একোকে কোৱা নাই৷ বীৰবলক অপ্ৰস্তুত
কৰাৰ ফাকটি!
যি হ’ল
হ’ল৷ বীৰবলে চাৰিওফালে চালে৷ এজন সভাসদৰ ওচৰলৈ গৈ তেওঁ ক’লে,
-
চুলতান, আপুনি সিংহাসনতহে বহিব
লাগে! এনেকৈ চুচুক্ চামাক্ কৰি সভাসদসকলৰ মাজত লুকাই থাকিব লাগে কিয়?
সঁচাকৈ, সেইজনেই আছিল চুলতান৷ তেওঁ ততালিকে উঠি গৈ সিংহাসনত বহিলগৈ৷ বাকী
সভাসদসকলে বীৰবলক প্ৰশংসা কৰিলে৷ চুলতানে সুধিলে,
-
বীৰবল ডাঙৰীয়া, মই লুকাই থাকোঁতে
আপুনি কেনেদৰে চিনি পালে যে ময়েই মই? আগে-পাছেতো আপোনাৰ আৰু
মোৰ দেখা-সাক্ষাৎ হোৱা নাই!
বীৰবলে ক’লে,
পৰ্যবেক্ষণ শক্তিৰ বলতে মই আপোনাক চিনি উলিয়ালোঁ মহামান্য চুলতান৷
আপুনি পিৰিক্ পাৰাক্কৈ বাকীসকলৰ পিনে চাই আছিল আৰু বাকীসকলে আটায়ে কেৱল আপোনাৰ
পিনেই চাই আছিল৷
(২৮)
দিল্লীত এজন প্ৰখ্যাত চিত্ৰকৰ
আছিল৷ বিশেষকৈ প্ৰতিকৃতি অঁকাত তেওঁৰ খ্যাতি দেশে-বিদেশে ৰজন্জনা হৈ পৰিছিল৷
দেশ-বিদেশৰ অনেক ৰজা-মহাৰজাই তেওঁক নিমন্ত্ৰণ কৰি নিজৰ নিজৰ প্ৰতিকৃতি অঁকাই
লৈছিল৷ সম্ৰাট আকবৰ আছিল প্ৰতিভাক শ্ৰদ্ধা জনাব জনা ব্যক্তি৷ সেয়ে তেওঁ চিত্ৰকৰজনক
মাটি-ভেটি, লগুৱা-লিগিৰী দি চিত্ৰকলাৰ চৰ্চা
কৰিবলৈ সুবিধা কৰি দিছিল৷
দিল্লীতে এজন সদাগৰ আছিল৷ মানুহজন
আছিল মহা কৃপণ৷ শুকান জেওৰা খৰি এডাল চেপিলে ৰস ওলাব পাৰে, কিন্তু সেই সদাগৰৰ হাতেৰে ফুটাকড়ি এটাও এনেয়ে সৰি নপৰে৷ বিলাসিতা কৰিবলৈ
তেওঁৰ বৰ মন, পিছে বিলাসিতাৰ নামত ধন খৰচ কৰিবলৈ তেওঁ নাৰাজ৷
সেই বিশ্ববিখ্যাত চিত্ৰকৰৰ হতুৱাই
নিজৰ প্ৰতিকৃতি এখন অঁকাবলৈ তেওঁৰ বৰ আশা আছিল৷ কিন্তু চিত্ৰকৰজনক ধন দিব লগা হ’ব
বাবে তেওঁ মনৰ আশা মনতে সামৰি যত্ন কৰি আছিল : কি বুধিৰেনো
ধন খৰচ নকৰাকৈ ছবিখন অঁকাই ল’ব পৰা যাব৷
ভাবোঁতে ভাবোঁতে তেওঁৰ মনত
কুটবুধি এটাই উখল-মাখল লগালে৷ সেয়ে এদিন গৈ তেওঁ চিত্ৰকৰৰ বহা পালৈগৈ৷
-
তুমি বোলে খুব সুন্দৰ প্ৰতিকৃতি আঁকিব পাৰাঁ?
-
ঈশ্বৰৰ অনুগ্ৰহত যত্ন কৰি কৰি পৰা হৈছোঁ আৰু৷
-
তুমি এখন ছবিত কিমান ধন লোৱাঁ?
-
এহাজাৰ স্বৰ্ণমুদ্ৰা৷
-
তোমাক মই দহ হাজাৰ স্বৰ্ণমুদ্ৰা দিম৷ কিন্তু মোৰ
ছবিখন অবিকল হ’ব লাগিব৷ সামান্য বিকৃত হ’লেও
তুমি ধন নোপোৱাঁ৷
-
ঠিক আছে৷ – চিত্ৰকৰে ক’লে৷
সেই চুক্তিমতেই কেইবাদিনো যত্ন
কৰি চিত্ৰকৰে প্ৰতিকৃতিখন আঁকি উলিয়ালে৷ ছবিখন দিবলৈ তেওঁ যেতিয়া সদাগৰৰ ঘৰলৈ গ’ল
তেতিয়া সদাগৰে আগৰপৰা পাঙি থোৱা বুধি মতেই ক’লে,
-
নাকটো বেঁকা হ’ল দেখোন! কি ছবি
আঁকিছা এইখন?
চিত্ৰকৰে ছবিখন ঘূৰাই আনিলে৷ ঘৰত
বহুপৰ একেৰাহে চায়ো তেওঁ নাকটো বেঁকা হোৱা নেদেখিলে৷ ছবিখন একেদৰেই পাছদিনা সদাগৰৰ
ঘৰলৈ নিয়াত সদাগৰে ক’লে,
-
ওঁ, নাকটো এতিয়া ভাল হৈছে৷
কিন্তু এই চকুটো অলপ গণ্ডগোলীয়া হোৱা নাইনে? এইটো ঠিক কৰি
দিবা৷
চিত্ৰকৰ পুনৰ উভতিল৷ সেইদিনাও
চিত্ৰকৰে ছবিখনত অকণো বিকৃতি দেখা নাপালে৷ পাছদিনা পুনৰ সেইখন লৈ তেওঁ সদাগৰৰ ঘৰ
পালেগৈ৷ সদাগৰে পুনৰ একেদৰেই ক’লে৷ মুঠতে সদাগৰৰ মতে ছবিখন ভাল হোৱা
নাই৷
তাৰ পাছতে সদায়ে একেটা ঘটনাই
ঘটিল৷ প্ৰতি দিনেই সদাগৰে ছবিখনৰ কিবা নহয় কিবা এটা খুঁত উলিয়ায় আৰু চিত্ৰকৰক বিফল
মনোৰথ কৰি ঘূৰাই পঠায়৷
চিত্ৰকৰে বুজিলে, আচলতে সদাগৰৰ ধন দিবলৈ মন নাই৷ তেওঁ চিন্তা-ভাৱনা কৰি অৱশেষত বীৰবলৰ কাষ
চাপিল৷
আদিৰপৰা অন্তলৈ গোটেইখিনি কথা
শুনি বীৰবলে চিত্ৰকৰক এটা পৰামৰ্শ দিলে৷
পাছদিনা চিত্ৰকৰ পুনৰ গ’ল
সদাগৰৰ ঘৰলৈ৷ এইবাৰ তেওঁ চিত্ৰখন কাপোৰেৰে মেৰিয়াই লৈ গ’ল৷
সদাগৰক চিত্ৰখন দিয়াত সদাগৰে কাপোৰৰ আৱৰণ গুচালে৷ কিন্তু আৰে! ই কি? এইখনতো চিত্ৰ নহয়, এখন দাপোণহে!
-
সদাগৰ মহোদয়, আপোনাৰ অবিকৃত প্ৰতিকৃতি
এইখনেই৷ এতিয়া মোক দহ হাজাৰ স্বৰ্ণমুদ্ৰা আৰু ইমানদিনে কৰা লটিঘটিৰ বাবদ আৰু
দুহাজাৰ স্বৰ্ণমুদ্ৰা – মুঠ বাৰ হাজাৰ স্বৰ্ণমুদ্ৰা আদায়
দিয়ক৷ অন্যথা মই শ্বাহেনশ্বাহৰ দৰবাৰলৈ যাম৷
সদাগৰৰ মুখে তেনেই কেঁহেৰাজ বটাৰ
বৰণ ধৰিলে৷ লাজে অপমানে তেওঁ চিত্ৰকৰক ধন-বিত দি বিদায় দিলে৷
(২৯)
এবাৰ শ্বাহেনশ্বাহৰ টান নৰিয়া হৈছিল৷
দেশ-বিদেশৰ নানান কবিৰাজ-বেজ জ্ঞানীয়েও তেওঁৰ নৰিয়া ভাল কৰিব পৰা নাছিল৷
অৱশেষত আকবৰে জীয়াই থকাৰ আশাকে
এৰিব খুজিলে৷ পিছে তেনে সময়তে এজন কবিৰাজ আহি দেখিলে যে মহাৰাজৰ আচলতে জ্বৰহে হৈছে! সাধাৰণ জ্বৰ, অথচ
অসাধাৰণ ৰোগী! গণ্য-মান্য লোকে হাঁচি এটা মাৰিলেও গোটেইখন ৰৌজাল-বৌজাল লাগে৷
আকবৰৰো সাধাৰণ জ্বৰকে অসাধাৰণভাৱে জটিল ৰোগ বুলি ভাবি বিবিধ
দৰব-জাতি খুৱাই থকা কাৰণে তেখেতৰ শৰীৰ বেছিকৈ দুৰ্বল হৈ পৰিছে!
কবিৰাজজনৰ কথা আকবৰে কিন্তু
বিশ্বাস নকৰিলে৷ তেওঁৰ মতে তেওঁ কিবা মাৰাত্মক ৰোগত ভোগাটোৱেই সত্য৷
অৱশেষত কবিৰাজে বীৰবলৰ শৰণাপন্ন
হৈ আটাইবোৰ কথা ভাঙি-পাতি ক’লে৷ তেতিয়া বীৰবলে কবিৰাজজনক কাণে
কাণে এটা বুধি দিলে৷
পাছদিনা কবিৰাজজন পুনৰ আহিল আৰু
বাদশ্বাহক ক’লে,
- জাহাপনা, মোক ক্ষমা কৰিব৷ কালি
আপোনাৰ ৰোগটো চিনাক্তকৰণত মই ভুল কৰাটো হয়৷ ঘৰলৈ গৈ নানান পুথি-পাঁজি পঢ়ি দেখিলোঁ
যে হয়, আপোনাৰ নৰিয়া জটিল৷ পিছে আশা এৰিবলগীয়া নাই৷ এটা
বস্তু খালেই আপোনাৰ অসুখ নোহোৱা হ’ব৷
-
বস্তুটো কি?
– সম্ৰাটে অধৈৰ্য হৈ সুধিলে৷
-
এগিলাছ মাথোঁ বলদৰ গাখীৰ৷ সেইটো ঔষধ যোগাৰ
নোহোৱালৈকে আপোনাক মই এইকেইটা ঔষধ খাবলৈ অনুৰোধ কৰিছোঁ৷ – এইবুলি কবিৰাজে শ্বাহেনশ্বাহৰ দাসীৰ হাতত জ্বৰৰ দৰব আৰু
সেইখিনি খোৱাৰ নিয়ম বুজাই দি গুচি গ’ল৷ সম্ৰাটে তেওঁক দিব
খোজা মাননিও তেওঁ নল’লে৷ মাথোঁন ক’লে
যে সম্ৰাট আৰোগ্য হ’লেহে তেওঁ বক্ছিছ ল’বলৈ আহিব৷
শ্বাহেনশ্বাহে মুহূৰ্ততে বীৰবলক মতাই
পঠালে৷ বীৰবলো আহি হাজিৰ হ’লহি৷
- বীৰবল, মোক এগিলাছ বলদৰ গাখীৰ
লাগে৷
-
বলদৰ গাখীৰ?
জাহাপনা, বলদেতো গাখীৰ নিদিয়ে!
- বীৰবল, মই কোনো কথাই নুশুনো৷
তুমি মোক অনেক বিপদৰ মুহূৰ্তত সহায় কৰিছা৷ এইটো বিপদো পাৰ কৰাৰ দায়িত্ব তোমাৰ৷
-
কিন্তু জাহাপনা!
-
কোনো কিন্তু মই শুনিব নোখোজো৷ মোক যদি জীৱন্ত
অৱস্থাত চাবলৈ বিচাৰাঁ তেন্তে মোক এগিলাছ বলদৰ গাখীৰ আনি খুউৱাঁ৷ অন্যথা মোলৈ আশা
নকৰিবা বীৰবল৷
শ্বাহেনশ্বাহৰ কথাৰ সুৰটো তেনেই
নিশকতীয়া হৈ পৰিল৷ বীৰবলে খন্তেক চিন্তা কৰাৰ ভাও জুৰি ক’লে,
-
জাহাপনা, আপুনি মোক মাত্ৰ
দুটা দিনৰ সময় দিয়ক আৰু এই দুটা দিনত আপুনি আজিৰ কবিৰাজজনে দিয়া ঔষধকে খাই থাকক৷
দুদিনৰ পাছত মই আপোনাক বলদৰ গাখীৰ খুৱাম৷
এইবুলি বীৰবলে শ্বাহেনশ্বাহৰপৰা বিদায়
লৈ তেওঁৰ হাতধৰী লিগিৰী কেইজনীৰ ওচৰলৈ গৈ ক’লে,
-
জাহাপনাক আগৰ দৰববোৰ নিদিবি৷ অকল আজিৰ কবিৰাজজনে
দিয়া দৰবটোহে দিবি৷
বীৰবল ঘৰ পালেহি৷
ইতিমধ্যে শ্বাহেনশ্বাহে নতুন দৰবটো
খাবলৈ আৰম্ভ কৰিলে৷
পাছদিনা বীৰবল দৰবাৰলৈ নগ’ল৷ শ্বাহেনশ্বাহৰ লিগিৰীয়ে তেওঁলৈ খবৰ পঠিয়ালে যে নৰিয়া কমিছে৷
সেইদিনাৰ ৰাতিলৈ ৰাজ কাৰেঙৰ গাতে
লাগি থকা যমুনা নৈৰ ঘাটত তিৰোতা এজনীয়ে বৰ বৰ মাতেৰে গান গাই গাই কাপোৰ থুকুচিবলৈ
লাগিল৷ ৰজাৰ শোৱনী কোঠাটোৰ একেবাৰে তলতে নৈৰ ঘাটটো৷ এতেকে তিৰোতাজনীৰ গান শুনি
শুনি ৰজা বিৰক্ত হ’ল৷ ইমান বেসুৰা গান, তাতে
গাইছে ডাঙৰ ডাঙৰকৈ৷
বহুপৰ বহু ধৈৰ্য ধৰি কাপোৰ
থুকুচাৰ শব্দ আৰু তাল-মান নোহোৱা গান শুনি আকবৰৰ মূৰ বিষাবলৈ ধৰিলে৷ তেওঁ ততালিকে
ৰক্ষী দুজনক মাতি আনি তিৰোতাজনীক ধৰি আনিবলৈ হুকুম দিলে৷
ৰক্ষী দুজনে তিৰোতা এজনীক ধৰি
আনিলে৷ শ্বাহেনশ্বাহো শোৱনী কোঠাৰ পৰা ওলাই আহিল৷ তিৰোতাজনীক দেখা মাত্ৰেই তেওঁৰ খঙে
চুলিৰ আগত ধৰিলেগৈ৷
-
হেৰ’ তই কেনে তিৰোতা হোঁ? এই মাজ ৰাতিখন কাপোৰ ধুবলৈ আহিছ কেলেই? কাম কৰাৰ
সময় অসময়ৰ জ্ঞানকণো তোৰ নাইনে? তিৰোতাজনীয়ে তলমূৰকৈ ক’লে,
-
অপৰাধ মাৰ্জনা কৰিব জাহাপনা! কথা হ’ল,
আমাৰ মালিকে আজি আবেলি ল’ৰা এটা প্ৰসৱ কৰিলে৷
কেঁচুৱাৰ লগত লাগি-ভাগি কাপোৰ-কানিবোৰ ধুবলৈ এতিয়াহে সময় ওলাইছে হুজুৰ! ভাগৰ
লাগিছে যদিও মালিকৰ কেঁচুৱা হোৱাৰ আনন্দতে মুখেদি ক’ব
নোৱাৰাকৈয়ে দুই-এফাঁকি গীতো ওলাইছে৷
মালিকে ল’ৰা জন্ম দিলে! – ই কেনে কথা? শ্বাহেনশ্বাহে ভাবিলে, তিৰোতাজনী চেৰাবলিয়া নেকি?
-
হেৰ’ তই মোক চিনি পোৱা নাই হ’বলা? মিছা কথা কৈ মোৰ শান্তি ভংগ কৰা, মোৰ লগত চুপতি কৰাৰ শাস্তি কিমান ভয়াৱহ তই নাজাননে?
-
মই মিছা কোৱা নাই হুজুৰ! আপোনাৰ যদি সন্দেহ হৈছে
তেন্তে মোৰ মালিকক মতাই আনি সুধি চাব পাৰে৷
আও! এই ইমানকৈ ন-দি কৈছে যে?
মতা মানুহৰ কেঁচুৱা জন্ম হৈছে?
-
তোৰ মালিকে যে মিছা কথা নক’ব
বা আনৰ কেঁচুৱা এটাকে আনি নিজৰ বুলি মোক নেদেখুৱাবহি তাৰ কি নিশ্চয়তা আছে?
-
আছে হুজুৰ৷ আমাৰ মালিকে কৈছে, মোৰনো ল’ৰা জনম দি লাজ পাবলগীয়া কিটো আছে? জাহাপনাৰ সাম্ৰাজ্যত আজিকালি বলদ গৰুৱেও গাখীৰ দিয়ে হেনো!
কথাষাৰ শুনি শ্বাহেনশ্বাহ চক্ খাই গ’ল৷
বলদে গাখীৰ দিয়ে? মানে?
-
হেৰ’ তোৰ মালিকৰ নাম কি?
-
জাহাপনা, মই আপোনাৰ প্ৰধান মন্ত্ৰী
বীৰবল মহাশয়ৰ ঘৰতে ইখন-সিখন কৰোঁ৷
আকবৰে বুজি পালে৷ গোটেই ঘটনাটো যে
বীৰবলৰ পৰিকল্পিত সেয়া বুজি উঠি তেওঁৰ হাঁহি উঠিল৷ ইতিমধ্যে আগদিনাৰ আবেলি সময়ৰপৰা
দৰব খাই খাই তেওঁৰ গাটোও অকণমান ভাল লাগিছিল৷ তেওঁ ক’লে,
-
হ’ব হ’ব৷ তই এতিয়া কাপোৰ ধুব নালাগে– মোৰ হুকুম৷ তই তোৰ
মালিকৰ ঘৰলৈ যা৷ আৰু কাইলৈ ৰাতিপুৱাতে মালিকক মই মাতিছোঁ বুলি কবিগৈ৷
তিৰোতাজনীয়ে ক’লে,
তেখেত আক’ ভয়ত কঁপি আছে৷ জাহাপনাক হেনো তেখেতে
কিবা এটা আনি দিব লাগিব৷
-
হেৰ’ তেওঁক তই ক’বি যে মই বিচৰা বস্তুটো ইতিমধ্যে পালোঁ৷ গতিকে তেওঁ আৰু বিচাৰিব নালাগে৷
আৰু শুন, তই আজি ভয়-ডৰ নকৰি মোৰ আগত যিখন নাটক কৰিলি তাৰ
কাৰণেও মহাৰাণীৰ ওচৰৰপৰা কাইলৈ পুৰস্কাৰ লৈ যাবিহি যা!
এইবুলি কৈ সম্ৰাট নিজৰ শোৱনী কোঠাত সোমাল৷ বিছনাত দীঘল দি তেওঁ ভাবিলে – বাঃ! বীৰবল কম বুদ্ধিয়ক নহয়৷