(৩)
বিটকইনৰ প্রাসংগিকতা
বিটকইনৰ প্রাসংগিকতা কিয় আহিল সেই প্রশ্নৰ উত্তৰ দিয়াৰ আগতে বিশ্বজুৰি প্রচলিত বেংক ব্যৱস্থাৰ কিছু কথা জানিব লাগিব আৰু এই ব্যৱস্থাৰ কিবা ত্রুটী আছে নেকি তাকো চালি-জাৰি চাব লাগিব। কিন্তু তাৰ আগতে বিটকইনৰ সৈতে জড়িত দুটামান প্রয়োজনীয় কথা জানি থোৱা প্রয়োজন হ’ব। প্রথম কথা, বিটকইন সকলোৰে বাবে নহয়। বিটকইনৰ ক্রয়-বিক্রয় তথা ব্যৱহাৰৰ উপৰি বিটকইন মুদ্রা সুৰক্ষিত কৰি ৰখাৰ বাবে কিছু পৰিমাণৰ কাৰিকৰী জ্ঞানৰ প্রয়োজন হয়। আৰু, এই জ্ঞান খুব সহজে আয়ত্ত কৰিব পাৰি বুলিও ক’ব পৰা নাযায়। দ্বিতীয়তে, আমি মনত ৰাখিব লাগিব যে বিটকইনৰ বজাৰখন বহু পৰিমাণে অস্থিৰ; পৰিৱেশ, পৰিস্থিতিৰ সামান্য সাল-সলনিতে বিটকইনৰ মূল্য সাংঘাতিক ধৰণে উঠা-নমা কৰাৰ প্রৱণতা এটা সদায় থাকে। অৱশ্যে দিন যোৱাৰ লগে লগে এই বজাৰখনলৈ সুস্থিৰতা আহিব বুলি আশা কৰা যায়। কিন্তু সাম্প্রতিক অৱস্থাত ই এক অস্থিৰ বজাৰ বুলি মানি ল’বই লাগিব, যাৰ বাবে এই বজাৰখনত ধন বিনিয়োগ কৰা লোকসকলৰ বাবে হঠাতে আহিব পৰা বৃহৎ লাভৰ লগতে লোকচানৰ এটা অনিশ্চয়তা সদায় থাকি যায়।
বিটকইনৰ এই সীমাবব্ধতা সত্ত্বেও ইয়াৰ প্রতি মানুহৰ বাঢ়ি অহা আকর্ষণৰ কাৰণ কি হ’ব পাৰে? ইয়াৰ কাৰণ হৈছে, বিশ্বৰ প্রচলিত মুদ্রা ব্যৱস্থাত থকা কেতবোৰ উলাই কৰিব নোৱৰা দুর্বলতা। এই দুর্বলতাক একেবাৰে চমুকৈ ক’বলৈ হ’লে, এটা শব্দতে ক’ব পৰা যায়। সেয়া হৈছে, ‘বিশ্বাস বা আস্থা’। বিশ্বৰ প্রচলিত মুদ্রা ব্যৱস্থাত ‘বিশ্বাস বা আস্থা’ই মুখ্য স্থান আধিকাৰ কৰি আছে, আৰু এই ‘বিশ্বাস বা আস্থা’ৰ প্রতি সন্দেহৰ উদ্রেক কৰিব পৰাকৈ উদাহৰণো অৱশ্যে অনেক আছে। বিটকইন ধাৰণাৰ স্রষ্টা ছাটশ্বি নাকাম’ট’ই সেইবাবে তেওঁৰ বিটকইন সম্পর্কীয় স্বেতপত্রত স্পষ্টকৈ কৈছে, “আমি বিশ্বাসৰ ওপৰত ভৰসা নকৰাকৈ এটা ইলেক্ট্রনিক লেনদেন ব্যৱস্থাৰ প্রস্তাৱ কৰিছোঁ।” (“We have proposed a system for electronic transactions without relying on trust.”)
মুদ্রা ব্যৱস্থাৰ সৈতে জড়িত বিভিন্ন অনুষ্ঠান-প্রতিষ্ঠানৰ কর্ম প্রক্রিয়াত বিশ্বাসে কেনেদৰে কাম কৰে সেই বিষয়ে তলত আলোচনা কৰা হ’ল।
১) বাণিজ্যিক বেংক— আমি যেতিয়া বেংক ব্যৱহাৰ কৰোঁ, আমি এই বিশ্বাস ৰাখোঁ যে যেতিয়া আমি বিচাৰোঁ তেতিয়া এই ধন আমি উলিয়াব পাৰিম আৰু বেংকে আমাক ধন দিব নোৱৰা অৱস্থা এটা কেতিয়াও নাহে। এই বিশ্বাসৰ বিপৰীত অৱস্থা এটাৰ সৈতে আমি নিজে মুখামুখি নহ’লেও, তেনে অৱস্থা সৃষ্টি হোৱাৰ বাতৰি আমি নিজে প্রত্যক্ষ কৰা উদাহৰণ নিশ্চয় আছে। গতিকে আমি বেংকৰ ওপৰত বিশ্বাস কৰিলেও, এই কথা ঠিক যে সদায় সেই বিশ্বাসে কাম নকৰিবও পাৰে।
২) কেন্দ্রীয় বেংক— প্রত্যেকখন দেশৰে একোটাকৈ কেন্দ্রীয় বেংক থাকে যাৰ ওপৰত দেশখনৰ মুদ্রাৰ প্রচলন তথা নিয়ন্ত্রণ ব্যৱস্থা অর্পণ কৰা হয়। ভিন্ন দেশত এই বেংকটোক ভিন্ন নামেৰে জনা যায়; আমেৰিকা যুক্তৰাষ্ট্রৰ ফেডাৰেল ৰিজার্ভ, ইংলণ্ডৰ বেংক অব ইংলেণ্ড, ইউৰোপিয়ান ইউনিয়নৰ ইউৰোপিয়ান চেণ্ট্রেল বেংক, ভাৰতৰ ৰিজার্ভ বেংক অব ইণ্ডিয়া, আদি কেন্দ্রীয় বেংকৰ উদাহৰণ।
আমি জানো যে অর্থনৈতিক সূত্রমতে সোণ, ৰূপ, আদি মূল্যৱান বস্তুবোৰক মূল আধাৰ হিচাপে লৈ তাৰ সমমূল্যত কাগজৰ মুদ্রাৰ দৰে প্রতিভূ মুদ্রাৰ প্রচলন কৰা হয়। এই কাম লেনদেনৰ সুবিধাৰ বাবে কৰা হয় বুলি জনা যায়। কিন্তু বর্তমান সময়ত কেন্দ্রীয় বেংকবোৰে যি মুদ্রা প্রচলন কৰে, সেই মুদ্রাৰ বিপৰীতে কোনো ধৰণৰ মূল্যৱান বস্তু, যেনে, সোণ, ৰূপ, আদিক আধাৰ হিচাপে গ্রহণ কৰা ব্যৱস্থাটো মানি চলা নহয়। তাৰ সলনি এই মুদ্রাবোৰক আইনী ব্যৱস্থাৰে বৈধতা প্রদান কৰা হয়। এনে ধৰণৰ মুদ্রাক ‘ফিয়েট মানি’ বুলি কোৱা হয়। গতিকে এই কথা সহজে অনুমেয় যে ফিয়েট মানিৰ নিজাকৈ কোনো অন্তর্নিহিত মূল্য নাথাকে আৰু ইয়াৰ কোনো ব্যৱহাৰিক মূল্যও নাই। মানুহে ইয়াক মূল্যৱান বস্তু বুলি বিশ্বাস কৰা বাবেহে ইয়াৰ মূল্য আহিছে আৰু ইয়াক বিভিন্ন লেন-দেনৰ ক্ষেত্রত অন্য মানুহে গ্রহণ কৰিব বুলি বিশ্বাস কৰে বাবেই ই চলি আছে। একাদশ শতিকাতে চীন দেশত এনেবিধৰ মুদ্রা প্রচলন কৰাৰ উদাহৰণ থাকিলেও আধুনিক কালত কুৰি শতিকাৰ আশীৰ দশকৰ আৰম্ভণিতেহে ইয়াৰ প্রচলন আৰম্ভ হয়। উল্লেখযোগ্য যে ১৯৭১ চনত আমেৰিকা যুক্তৰাষ্ট্রই মূল্যৱান বস্তুৰ প্রতিভূ হিচাপে ইয়াৰ মুদ্রা ‘ডলাৰ’ প্রচলন কৰাৰ সলনি আইনৰ দ্বাৰাহে ইয়াৰ বৈধতা প্রদান কৰা আৰম্ভ কৰে। তাৰ পিছৰপৰা এই ব্যৱস্থাটো অন্য দেশবোৰেও গ্রহণ কৰিবলৈ লয়৷ ফিয়েট মানিৰ মুখ্য উদ্দেশ্য হৈছে দেশখনৰ অর্থনৈতিক অৱস্থা নিয়ন্ত্রণ কৰিবলৈ কেন্দ্রীয় বেংকক অধিক ক্ষমতা প্রদান কৰা। এই ক্ষমতা প্রয়োগ কৰি কেন্দ্রীয় বেংকে ঠিক কৰে কিমান মুদ্রা ছপা কৰি অথবা প্রচলন কৰি অর্থনীতিক নিয়ন্ত্রণত ৰাখিব পৰা যাব। যদি প্রয়োজনতকৈ বেছি মুদ্রাৰ প্রচলন হয় তেনেহ’লে দেশত মুদ্রাস্ফীতি হয় আৰু তাৰ ফলত দেশখনৰ মুদ্রাৰ মূল্য হ্রাস পায়। মানুহে এই বিশ্বাস কৰে যে দেশে প্রয়োজনতকৈ অধিক মুদ্রা প্রচলন কৰি মুদ্রাস্ফীতিৰ দৰে অৱস্থাৰ সৃষ্টি নকৰিব। কিন্তু বাস্তৱ ক্ষেত্রত যে তেনে নোহোৱাকৈ থকা নাই সেই কথা সহজে গম পোৱা যায়। বিশেষকৈ ২০০৮ চনৰ বিশ্বজোৰা অর্থনৈতিক সংকটৰ পাছত সকলো দেশেই অধিক পৰিমাণে ফিয়েট মানি ছপা কৰি গৈছে আৰু এদিন ইয়ে আকৌ অন্য এক সংকটৰ সৃষ্টি কৰিব বুলি অনেকেই অনুমান কৰে।
৩) অনলাইন লেনদেনৰ মধ্যস্থতাকাৰী— আমি যেতিয়া অনলাইন ব্যৱস্থাৰে ধন প্রেৰণ কৰোঁ বা গ্রহণ কৰোঁ, এই লেনদেনৰ প্রক্রিয়াত আমি মধ্যস্থতাকাৰীৰ (পে’পল, ভিছা, আদি) ওপৰত দুই ধৰণে বিশ্বাস ৰাখোঁ; প্রথম বিশ্বাস হৈছে যে এই প্রক্রিয়াত একেখিনি ধনকে দুবাৰ খৰচ কৰা অর্থাৎ ডাবল স্পেণ্ডিং হোৱা নাই আৰু দ্বিতীয় বিশ্বাস হৈছে যে এই লেনদেনত, প্রেৰণ অথবা গ্রহণ, দুয়োটাৰ কোনোটোতে বিপৰীত লেনদেন, অর্থাৎ ৰিভার্ছ ট্রেঞ্জেকশ্বন নহয়। আমি এই বিশ্বাসো ৰাখোঁ যে আমাৰ ধনখিনি আমি যেনেদৰে বিচাৰোঁ তেনেদৰে খৰচ কৰিব পাৰোঁ। কিন্তু বাস্তৱত তেনে নহয়। চৰকাৰৰ নির্দেশত কেতিয়াবা এই মধ্যস্থতাকাৰীয়ে আমি বিচৰা ধৰণে আমাৰ ধন খৰচ কৰিবলৈ নিদিবও পাৰে।
৪) চৰকাৰ— আমাৰ ধনখিনিৰ ওপৰত চৰকাৰে কোনো ধৰণৰ কর্তৃত্ব নখটায় বুলি আমি যি বিশ্বাস কৰোঁ সেয়া যে সত্য নহয় সেই কথা বুজিবলৈ আমাৰ বাকী নাই। বিমুদ্রাকৰণৰ দৰে ব্যৱস্থা এতিয়া তেনেই সাধাৰণ কথা হৈ পৰিছে, য’ত চৰকাৰে নিশাটোৰ ভিতৰতে মুদ্রাৰ ক্রয়ক্ষমতা নোহোৱা কৰিব পাৰে।২০১৩ চনত চাইপ্রাছত চৰকাৰে বেংকত থকা বিনিয়োগকাৰীৰ সম্পত্তি বাজেয়াপ্ত কৰি চৰকাৰী ধাৰ পৰিশোধ কৰিছিল। ইয়াৰ উপৰি চৰকাৰে কিছুমান সামগ্রী তথা সেৱাক নিষিদ্ধ ঘোষণা কৰি অনলাইন প্রক্রিয়াৰ লেনদেন বন্ধ কৰি ৰাখে।
৫) লেনদেনত পৰিচয়ৰ প্রয়োজনীয়তা— বেংক, লেনদেনৰ মধ্যস্থতাকাৰী, চৰকাৰ, আটায়ে ধনৰ অনলাইন লেনদেনত লেনদেন কৰোঁতাৰ পৰিচয় বাধ্যতামূলক কৰিছে। গ্রাহকক জনাৰ উদ্দেশ্যত ‘কে ৱাই চি’ পদ্ধতিৰে প্রতিজন বেংকৰ গ্রাহকে নিজৰ পৰিচয় বিভিন্ন ধৰণে বেংকত জমা দিয়াটো বাধ্যতামূলক কৰা হৈছে। ইয়াৰ ফলত গ্রাহকে গোপণীয়তা তথা সুৰক্ষাৰ ক্ষেত্রত বহুখিনি আপোচ কৰিবলগীয়া হৈছে।
ওপৰত উল্লেখ কৰা প্রচলিত মুদ্রাৰ সৈতে জড়িত বিশ্বাসক বিটকইনে কেনেদৰে কম গুৰুত্ব প্রদান কৰিছে সেই বিষয়ে আমি এটা এটাকৈ পৰীক্ষা কৰি চাব পাৰোঁ।
১) বাণিজ্যিক বেংক— বিটকইনৰ ব্যৱহাৰত বেংকৰ প্রয়োজন নাই। বিটকইনৰ গৰাকী নিজেই নিজৰ ধনৰ বেংকৰ দৰে আৰু উপযুক্ত সাৱধানতা গ্রহণ কৰিলে সেই ধন ক্ষয়-ক্ষতি হোৱাৰ কোনো সম্ভাৱনা নাথাকে।
২) কেন্দ্রীয় বেংক— বিটকইন কোনো কেন্দ্রীয় বেংক বা কেন্দ্রীয় অনুষ্ঠানৰ সৃষ্টি নহয়। বিটকইন হৈছে এক নির্দিষ্ট আৰু সুস্থিৰ জোখত নেটৱর্কে সৃষ্টি কৰা মুদ্রা। ইয়াত মুদ্রাস্ফীতিৰ কোনো সম্ভাৱনা নাই।
৩) লেনদেনৰ মধ্যস্থতাকাৰী— বিটকইনৰ লেনদেনত ধনৰ প্রেৰণ আৰু গ্রহণ কৰোঁতাৰ মাজত কোনো মধ্যস্থতাকাৰী নাথাকে। এইটো ইয়াৰ অন্যতম বৈশিষ্ট্য।
৪) চৰকাৰ— বিটকইন হৈছে ‘দেশহীন মুদ্রা’; ই গোটেই বিশ্বতে প্রচলিত মুদ্রাবিশেষ। গতিকে ইয়াত কোনো এখন দেশৰ চৰকাৰে কৰিব পৰা নঞর্থক প্রভাৱ সামান্য। চৰকাৰে বিটকইন বেংকৰপৰা বাজেয়াপ্ত কৰিব নোৱাৰে, বিটকইনৰ গৰাকীক চৰকাৰে বিটকইন খৰচ কৰাত কোনো ধৰণৰ বাধা বা নিষেধাজ্ঞা আৰোপ কৰিব নোৱাৰে। চৰকাৰে অৱশ্যে প্রচলিত এক্সেঞ্জত ইয়াৰ লেনদেন বন্ধ কৰি বিটকইনৰদ্বাৰা ফিয়েট মানি ক্রয় কৰাত বাধা আৰোপ কৰিব পাৰে। কিন্তু এয়া প্রচলিত মুদ্রাৰ তুলনাত তেনেই সামান্য নিয়ন্ত্রণ বুলি ক’ব পৰা যায়।
৫) লেনদেনত পৰিচয়ৰ প্রয়োজনীয়তা— বিটকইনৰ লেনদেনত যদি ধনৰ গৰাকীয়ে ইচ্ছা কৰে তেনেহ’লে নিজৰ পৰিচয় গোপনে ৰাখিব পাৰে। যদিও ইয়াৰ সকলো লেনদেন ব্লকচেইনত সকলোৰে সমুখত মুকলি হৈ থাকে, ধন প্রেৰণ আৰু গ্রহণ কৰোঁতাৰ পৰিচয় থাকে কেৱল সংখ্যা আৰু আখৰৰ বিশেষ বিশেষ সজ্জাত। ধনৰ গৰাকী সাৱধান হ’লে তেওঁৰ পৰিচয় অজ্ঞাতে ৰখাত কোনো অসুবিধা নাই।
ধনৰ ব্যৱহাৰ তথা লেনদেনত বিভিন্ন অনুষ্ঠান-প্রতিষ্ঠানৰ বিশ্বাসৰ ওপৰত অত্যধিক বিশ্বাস নোহোৱা কৰাটোৱে আছিল নাকাম’ট’ৰ প্রধান উদ্দেশ্য। সেই উদ্দেশ্য পূৰণ হোৱাৰ পাছতো বিটকইনৰ অন্য বহুতো সুবিধা পাছত প্রমাণিত হৈছে। তাৰে কেইটামান তলত উল্লেখ কৰা হ’ল।
ক) ব্যৱহাৰৰ সুচলতা— যদিও বিটকইন পাবলৈ ইমান সহজ নহয়, তাক খৰচ কৰিবলৈ বেচ সহজ। ধন যালৈ প্রেৰণ কৰা হয়, তেওঁৰ পাব্লিক এড্রেছটো নির্দিষ্ট স্থানত লিখি বা তেওঁৰ ‘কিউ আৰ’ ক’ডটো স্কেন কৰি, ধনৰ পৰিমাণটো ভৰাই, ছেণ্ড বুটামটো টিপিলেই এই কাম সমাধা হয়।
খ) ইণ্টাৰনেটৰ সৈতে সংযোজিত— বিটকইন ইণ্টাৰনেটৰ বাবেই প্রস্তুত কৰা হৈছে। অনলাইন সেৱাৰ সৈতে বিটকইন সংযোজন কৰা বৰ সহজ। বহুকেইটা ৱেবছাইটে বিটকইনৰ লগত জড়িত বিভিন্ন সেৱা, যেনে, ইয়াৰ শেহতীয়া মূল্য, ব্লকচেইনৰ বিৱৰণ, আদি আগবঢ়ায়।
গ) দ্রুতগতি— বিটকইনৰ লেনদেন ই-মেইলৰ সমানেই দ্রুতগতিৰ। এখন দেশৰ প্রচলিত মুদ্রা অন্য দেশলৈ পঠাবলৈ হ’লে কেইবা দিনো লগাৰ পৰিৱর্তে বিটকইনক মাথোঁ কেই ছেকেণ্ড মানৰহে প্রয়োজন হয়।
ঘ) সুৰক্ষিত— বিটকইনৰ লগত থকা ক্রিপ্ট’গ্রাফি বা সাংকেতিক চিহ্ন খুব আগবঢ়া, আৰু বর্তমান ইয়াক ভঙাটো প্রায় অসম্ভৱ বুলি বিৱেচিত হৈছে। এতিয়ালৈকে বিটকইনৰ যিমান চুৰি হৈছে সেই সকলোবোৰ ব্যক্তিগত জমা অৱস্থাৰপৰা, অথবা এক্সেঞ্জ হেকিং কৰি কৰা হৈছে। বিটকইনৰ সৈতে জড়িত ক্রিপ্ট’গ্রাফি ভংগ কৰিবলৈ লুকাই চুৰকৈ কৰা প্রচেষ্টাৰ লগতে কেইবাজনো ছিকিউৰিটি এক্সপার্টে মুকলিকৈ ইয়াৰ সুৰক্ষা ক’ড ভংগ কৰিবলৈ প্রত্যাহ্বান জনাই বিফল হৈছে।
ঙ) মুদ্রাস্ফীতিৰ সম্ভাৱনা নাই— বিটকইনৰ গোটেই প্রক্রিয়াত কিমান বিটকইন উৎপন্ন হ’ব আৰু কি হাৰত হ’ব, এই সকলো বিটকইনৰ ছফ্টৱেৰত নির্দিষ্ট হৈ থকাৰ বাবে, ইয়াত মুদ্রাস্ফীতিৰ সম্ভাৱনা নাই।
অৱশ্যে পূর্বে উল্লেখ কৰাৰ দৰে বিটকইনৰ কিছুমান অসুবিধা নথকা নহয়।
ক) প্রথম আৰু মুখ্য অসুবিধাটো হৈছে ইয়াৰ তত্ত্ব আৰু কর্মপদ্ধতিৰ জটিলতা। ক্রিপ্ট’গ্রাফি, ব্লকচেইন, মাইনিং, নিজৰ বিটকইন সুৰক্ষিত কৰি ৰখা, ছফ্টৱেৰ আপডেট কৰা, আদি কথাবোৰে মানুহক প্রায়ে এই ক্ষেত্রখনত প্রৱেশ কৰাৰ আগতেই নিৰাশ কৰি তোলে। সুখৰ কথা যে দিন যোৱাৰ লগে লগে ইয়াক বোধগম্য কৰি তুলিবৰ বাবে অনেক প্রচেষ্টা চলাই থকা হৈছে আৰু তাৰ সুফলো লাভ কৰিব পৰা হৈছে।
খ) বিটকইনৰ দুর্লভতা— বিটকইন নিজৰ হাতলৈ অনাটো এতিয়াও খুব সহজ পদ্ধতি নহয়। অনলাইন পদ্ধতিৰে ইয়াক লাভ কৰিবলৈ কেইবাদিনো নহয়, কেইবা সপ্তাহো লাগি যাব পাৰে। অৱশ্যে নতুন নতুন এক্সেঞ্জ প্রতিষ্ঠা কৰা হৈ আছে, আৰু মানুহৰ হাতত থকা বিটকইন অন্য মানুহক বেচাৰ সম্ভাৱনাও বৃদ্ধি পাই গৈ আছে।
গ) জমা সুৰক্ষা— অন্য মুদ্রাৰ দৰেই বিটকইন ভালদৰে সুৰক্ষিত কৰি নাৰাখিলে চুৰি হোৱা সম্ভাৱনা অধিক।
ঘ) অনিশ্চিত ভৱিষ্যৎ— বিটকইনৰ ভৱিষ্যৎ কি সেই বিষয়ে সঠিককৈ ক’ব পৰা নাযায়। ই বিশ্বৰ মুখ্য মুদ্রা ব্যৱস্থা হোৱাৰ পৰা নিশ্চিহ্ন হৈ যোৱালৈকে সকলো সম্ভাৱনাই ইয়াৰ সৈতে জড়িত হৈ আছে বুলি অনুমান কৰা হয়।
(আগলৈ)