বিনয় মোহন শইকীয়া
(৫)
বিটকইনৰ উৎস – বিটকইনৰ ‘মাইনিং’ বা খনন
সোণ, ৰূপ, হীৰা, আদি যিকোনো মূল্যৱান ধাতু প্রকৃতিৰপৰা পাবলৈ সাধাৰণতে খনন কৰা হয়। খননত লাভ কৰা মূল্যৱান ধাতুবিধে স্বাভাৱিকতে ইতিমধ্যে উপলব্ধ ধাতুবিধৰ ব্যৱহার্যতাৰ পৰিমাণ বৃদ্ধি কৰে। এই ধাৰণাটোকে বিটকইনত প্রতীকী ৰূপত প্রয়োগ কৰা হৈছে। ডিজিটেল মুদ্রাৰ জটিল নেটৱর্ক ব্যৱস্থাটো চলাই ৰাখিবৰ বাবে সময়ে সময়ে নতুন বিটকইনৰ যোগান ধৰাটো এটা প্রয়োজনীয় চর্ত। গতিকে বিটকইনৰ নেটৱর্কত নতুন বিটকইন পাবলৈ যি পদ্ধতি প্রয়োগ কৰা হয় তাকে বিটকইনৰ মাইনিং বা খনন বুলি কোৱা হয়। বিটকইনৰ প্র’গ্রামিঙত ব্যৱস্থাটোলৈ কেতিয়া, কিমান আৰু কেনেকৈ বিটকইন আহিব সেই নির্দেশ তথা পৰিমাণ নির্দিষ্ট কৰি ৰখা হৈছে। উল্লেখযোগ্য যে নেটৱর্কত বিটকইনৰ যোগান পর্যায়ক্রমে বাঢ়ি গৈ এটা সময়ত সেয়া শেষ সীমাত উপস্থিত হ’ব। সেই সময় সীমা হৈছে ২১৪০ চন, আৰু বিটকইনৰ সর্বোচ্চ সীমা হৈছে ২১ নিযুত বিটকইন। নেটৱর্কত ২১ নিযুত বিটকইন উপলব্ধ হোৱাৰ পাছত বিটকইনৰ মাইনিং বন্ধ হৈ যাব, অর্থাৎ বিটকইনৰ পৰিমাণ স্থিৰ হৈ ৰ’ব। আৰু, এই স্থিৰ পৰিমাণৰ বিটকইন লৈয়ে নেটৱর্কটোৰ বিভিন্ন লেনদেন চলি থাকিব।
এতিয়া প্রশ্ন হয়,
নেটৱর্কৰ বাবে প্রয়োজনীয় বিটকইন সময়ে সময়ে আহিব ক’ৰপৰা? বিটকইনৰ লেনদেন সম্পর্কত
এই কথা উল্লেখ কৰা হৈছে যে নেটৱর্কৰ কিছুমান ব্যৱহাৰকাৰীয়ে প্রতিটো লেনদেনৰ
ক্ষেত্রতে লেনদেনটো যে শুদ্ধ অথবা সঠিক সেই কথা প্রমাণ কৰে আৰু তাৰ পাছতে ইয়াক
ব্লকত অন্তর্ভুক্ত কৰে যাতে গোটেই নেটৱৰ্কতে ই সকলোৰে দৃষ্টিগোচৰ হয়। এই কামটো কৰিবৰ
বাবে এক বুজন পৰিমাণৰ ‘কম্পিউটিং পাৱাৰ’ বা গাণনিক শক্তিৰ প্রয়োজন হয়। গতিকে এই
শক্তি খৰচ কৰি নেটৱর্কৰ অন্য ব্যৱহাৰকাৰীসকলে কিয় এই কাম কৰিবলৈ ইচ্ছা কৰিব?
ব্যৱহাৰকাৰীসকলে এই কাম কৰিবলৈ ইচ্ছা কৰাৰ কাৰণ হৈছে, এই কামৰ বিনিময়ত তেওঁলোকক
নির্দিষ্ট পৰিমাণৰ বিটকইন প্রদান কৰি পুৰস্কৃত কৰা হয়। আৰু, এই পুৰস্কৃত
বিটকইনখিনি নেটৱর্কে আন কোনো উৎসৰপৰা নিদিয়ে, ইয়াক নেটৱর্কে নতুনকৈ সৃষ্টি কৰি
দিয়ে; অর্থাৎ, এই বিটকইনখিনিৰ মাইনিং বা খনন হয়, যি নেটৱর্কত ইতিমধ্যে থকা বিটকইনৰ
পৰিমাণ বৃদ্ধি কৰে।
গতিকে ব্যৱহাৰকাৰীৰ ব্যক্তিগত কম্পিউটাৰক লেনদেনৰ প্রক্রিয়াত ফলপ্রসূভাৱে নিয়োগ কৰি নেটৱর্কটো চলাই ৰাখিব পৰা এই বিশেষ ব্যৱস্থাটোকে বিটকইনৰ মাইনিং বা খনন বুলি কোৱা হয়। আৰু, যিসকল ব্যৱহাৰকাৰীয়ে এই কাম সমাধা কৰে তেওঁলোকক কোৱা হয় মাইনাৰ। মাইনাৰে যিহেতু নেটৱর্কত হ’বলগীয়া লেনদেনৰ সত্য প্রতিপাদন কৰে, গতিকে পূর্বে উল্লেখ কৰা ব্লকৰ জটিল গাণিতিক সমস্যাও সমাধান কৰিবলৈ যত্ন কৰে। যিয়ে প্রথমে এই সমস্যাৰ সমাধান আগবঢ়ায়, তেওঁলোকক সেই ব্লকটো নেটৱর্কৰ সকলোৰে বাবে প্রকাশ কৰাৰ অধিকাৰ প্রদান কৰা হয়। যিয়ে ব্লকটো প্রকাশ কৰে তেওঁলোকেই পুৰস্কাৰ হিচাপে প্রাপ্য নির্দিষ্ট পৰিমাণৰ বিটকইনৰ অধিকাৰী হয়। অৱশ্যে মাইনিঙৰ বাবদ বিটকইনৰ যি পুৰস্কাৰ আগবঢ়োৱা হয় তাৰ পৰিমাণ সদায় একে নাথাকে। এটা সময়ৰ ব্যৱধানত সেইখিনি আধালৈ কমি গৈ থাকে। ২০০৯ চনৰ ৩ জানুৱাৰিত নাকাম’ট’ই প্রথম ব্লকটো (জেনেছিছ ব্লক) নেটৱৰ্কত প্রকাশ কৰি তাৰ বিনিময়ত ৫০ বিটকইন লাভ কৰিছিল। উল্লেখযোগ্য যে দুটা ব্লকৰ প্রকাশৰ মাজৰ সময়খিনি ১০ মিনিট বুলি ধার্য কৰা হৈছে। গতিকে প্রতি দহ মিনিটত নেটৱর্কত থকা বিটকইনৰ পৰিমাণ বৃদ্ধি পাই গৈ থাকে। প্র’গ্রামিঙত থকা নির্দেশ অনুসৰি প্রতি ২১০,০০০ সংখ্যক ব্লক প্রকাশৰ পাছত এই পুৰস্কাৰ আধালৈ কমি যায়। সেইমতে জেনেছিছ ব্লকৰ পাছত মাইনাৰে প্রতিটো ব্লকৰ বাবে ৫০ বিটকইন লাভ কৰাৰ সুবিধা ২০১২ চনৰ শেষলৈকে চলি আছিল। ২০১৬ চনত সেই পুৰস্কাৰ পূর্বৰ আধা অর্থাৎ ১২.৫ বিটকইনলৈ কমি যায়। ২০২০ চনৰ মে’ মাহত সেই পুৰস্কাৰ হয় ৬.২৫ বিটকইন, যিটো বর্তমান বাহাল আছে। অলপ মন কৰিলে গম পোৱা যাব যে প্রায় চাৰি বছৰৰ মূৰত পুৰস্কাৰৰ পৰিমাণ আধা হয়। এনেদৰে আৰম্ভণিৰপৰা ৬৪ বাৰ পুৰস্কাৰ আধা হোৱাৰ হিচাপ চলি থকাৰ পাছত এদিন বিটকইনৰ সৃষ্টি বন্ধ হৈ যাব। তেতিয়া নেটৱৰ্কত মুঠ বিটকইনৰ পৰিমাণ হ’ব ২১০০০০০০ (একৈছ নিযুত) বিটকইন। আৰু সেই সময়ৰ বছৰটো হ’ব ২১৪০ চন।
সময়ৰ সৈতে বিটকইন মাইনিং পদ্ধতিলৈ বৃহৎ পৰিৱৰ্তন অহা দেখা গৈছে। ২০০৯ চনত যেতিয়া বিটকইন নেটৱর্ক আৰম্ভ হয়, তেতিয়া যিহেতু নেটৱর্ক ব্যৱহাৰকাৰীৰ সংখ্যা কম আছিল, সেই সময়ত সাধাৰণ জোখৰ কম্পিউটাৰ এটাই বিটকইন মাইনিং কৰিবলৈ সমর্থ হৈছিল। কিন্তু যেতিয়া বিটকইন ব্যৱহাৰকাৰীৰ সংখ্যা বাঢ়ি গ’ল কম্পিউটাৰৰ কম্পিউটিং শক্তিও বাঢ়িবলৈ বাধ্য হ’ল। তাৰ ফলত উন্নত কম্পিউটাৰ হার্ডৱেৰৰ লগতে কম্পিউটাৰ চলাই ৰাখিবলৈ প্রয়োজন হোৱা বিদ্যুৎ শক্তিও বাঢ়ি গ’ল। এটা সময়ত বিটকইন মাইনিং ইমান প্রতিযোগিতামূলক হ’বলৈ ধৰিলে যে ব্যক্তিগত পর্যায়ত সেই কাম কৰাটো প্রায় অসম্ভৱ যেন হৈ পৰিল। ইফালে বিটকইন মাইনিঙৰ বাবে নতুন নতুন কম্পিউটাৰ হার্ডৱে’ৰো বজাৰত উপলব্ধ হ’বলৈ আৰম্ভ কৰিলে আৰু তাৰ লগতে ইলেক্ট্রিচিটিৰ খৰচো বহু পৰিমাণে বাঢ়ি গ’ল। সেইবাবে যি ঠাইত বিদ্যুতৰ মূল্য অধিক সেই ঠাইত বিটকইন মাইনিং লোকচানজনক কাম হিচাপেহে পৰিগণিত হ’বলৈ আৰম্ভ কৰিলে। ইয়াৰ সমাধান হিচাপে ক্লাউড মাইনিং ব্যৱস্থাৰ সূচনা হ’ল, যি ব্যৱস্থাত সস্তা দৰৰ বিদ্যুৎ উপলব্ধ দেশত থকা শক্তিশালী কম্পিউটাৰৰ পৰা মাইনিং শক্তি ক্রয় কৰি মাইনিং কৰিব পৰা হয়। এই ব্যৱস্থাত এনে সেৱা আগ বঢ়োৱা গোটে দৈনিক বা মাহেকীয়া হিচাপত মাইনাৰৰপৰা এক নির্দিষ্ট পৰিমাণৰ মূল্য আদায় কৰে।
‘কে’ম্ব্রিজ বিটকইন ইলেকট্রিচিটি কঞ্জাম্পশ্বন ইণ্ডেক্স’ৰ মতে, বিটকইন মাইনিঙৰ ফলত হোৱা বিদ্যুতৰ খৰচ ২০১৪ চনৰ ১.৯৫ টেৰাৱাট-আৱাৰ প্রতি বছৰৰ পৰা ২০১৯ চনত ৭৭.১ টেৰাৱাট-আৱাৰ প্রতি বছৰলৈ বৃদ্ধি পাইছে। সস্তা দৰৰ ইলেকট্রিচিটি বিচাৰি এতিয়া বিটকইনৰ মাইনাৰসকলে তেওঁলোকৰ মাইনিং কাম-কাজ আইচলেণ্ডত স্থাপন কৰিছে। কাৰণ তাত জিঅ’থার্মেল বিদ্যুৎ কম দৰত উপলব্ধ হয় আৰু তাৰ শীতল বায়ুক কম্পিউটাৰ শীতলীকৰণৰ বাবে বিনা খৰচে ব্যৱহাৰ কৰিব পৰা হয়। অলপ দিনৰ আগলৈকে বিটকইন মাইনিঙত সকলোৰে আগত থকা চীন দেশে তিব্বতত অৱস্থিত কম খৰচী জলবিদ্যুৎ প্রকল্পৰ বিদ্যুৎ ব্যৱহাৰ কৰিছিল। উত্তৰ আমেৰিকাত মাইনিঙৰ বাবে প্রাকৃতিক গেছৰ পৰা উৎপন্ন কৰা বিদ্যুৎ প্রয়োগ কৰাৰ উপৰি বায়ুৰপৰা উৎপন্ন কৰা বিদ্যুতো লাভজনক বুলি বিৱেচিত হৈছে। ২০২১ চনৰ এপ্রিল মাহলৈ চীনদেশৰ শ্বিনজিয়ান প্রদেশৰ কয়লাৰ পৰা উৎপন্ন কৰা বিদ্যুৎ প্রায় এক তৃতীয়াংশ বিটকইন মাইনিঙত ব্যৱহাৰ কৰা হৈছিল। ২০২১ চনৰ মে’ মাহত চীনত বিটকইন মাইনিং নিষিদ্ধ ঘোষণা কৰা হয় যদিও এতিয়াও তাত বিশ্বৰ ২০ শতাংশ মাইনাৰ থকা বুলি কোৱা হয়, যি বিশ্বৰ মুঠ বিটকইন শক্তিৰ বুজন অংশ খৰচ কৰে বুলি প্রকাশ পাইছে। চীনৰ উপৰি সমগ্র বিশ্বৰে বিটকইন মাইনিঙত খৰচ হোৱা বিদ্যুতৰ মূল অংশীদাৰ হৈছে, আমেৰিকা যুক্তৰাষ্ট্র (৩৫%), কাজাখস্তান (১৮%) আৰু ৰুছদেশ (১১%)।
বিটকইনৰ অন্যান্য উৎস
মাইনিঙৰ উপৰি বিটকইন লাভ কৰাৰ আন উৎসও আছে।
১) বিনামূল্যৰ বিটকইন – কিছুমান ৱে’বছাইট বা এপ্ আছে যিবোৰে ইচ্ছুক ব্যক্তিক বিনামূল্যে বিটকইন প্রদান কৰে। এনে ৱে’বছাইট বা এপক ‘বিটকইন ফ’চেট’ (faucet) বুলি জনা যায়। সাধাৰণতে ইচ্ছুক ব্যক্তিক কিছুমান সহজ সমস্যা সমাধান কৰিবলৈ দি পুৰস্কাৰ হিচাপে এনে বিনামূল্যৰ বিটকইন প্রদান কৰা হয়। বর্তমান সময়ত (১২/৭/২০২২) ১ বিটকইনৰ মূল্য ভাৰতীয় টকাৰ হিচাপত প্রায় ১৬ লাখ। ইমান মূল্যৱান বস্তু এটা মানুহক বিনামূল্যে দিয়া কথাটো অবিশ্বাস্য যেন লাগিলেও সঁচা। ছাইটবোৰে এই কাম কৰাৰ মূলতে হৈছে যে মানুহে বিনামূল্যে বিটকইন লাভৰ আশাত এই ছাইটবোৰত প্রৱেশ কৰি তাত পঞ্জীয়ন কৰে আৰু এই পঞ্জীয়নকৃত গ্রাহককে মূলধন হিচাপে লৈ ছাইটবোৰত বিভিন্ন বিজ্ঞাপন প্রকাশ কৰা হয়। এনে বিজ্ঞাপনৰপৰা লাভ কৰা ধনৰ এটা অংশ তাৰ পঞ্জীয়নকৃত গ্রাহকক প্রদান কৰা হয়। আৰু, এনেদৰে প্রদান কৰা বিটকইনৰ পৰিমাণ সাধাৰণতে নিচেই কম হয়। পায়বোৰ ছাইটেই ১ ছাটশ্বি এককৰ বিটকইনহে মানুহক বিনামূল্যে প্রদান কৰে। ১ ছাটশ্বি = ০.০০০০০০০১ বিটকইন (১ বিটকইনৰ ১০০ নিযুত ভাগৰ এভাগ)। উল্লেখযোগ্য যে প্রথম অৱস্থাত মানুহক বিটকইনৰ প্রতি আকর্ষিত কৰিবৰ বাবেও বিনামূল্যে বিটকইন প্রদান কৰা হৈছিল যদিও বর্তমান তেনে সুবিধা নাই বুলিবই পাৰি।
২) বস্তু অথবা সেৱাৰ বিনিময়ত বিটকইন - মানুহে নিজৰ কিছুমান
বস্তু বা সেৱা বিটকইনৰ বিনিময়ত বিক্রী কৰিও বিটকইন লাভ কৰিব পাৰে। ই-বে’ৰ (Ebay)দৰে কেতবোৰ ৱেবছাইটে বিনিময়ৰ মাধ্যম হিচাপে কেৱল বিটকইনহে গ্রহণ কৰি এনে
ব্যৱস্থা সহজ কৰি তুলিছে। মানুহে ঘৰ, গাড়ী আদি বিটকইনৰ বিনিময়ত বিক্রী কৰাৰ অনেক
উদাহৰণ আছে।
৩) প্রচলিত মুদ্রাৰ বিনিময়ত বিটকইন – বিটকইন লাভ কৰাৰ
আটাইতকৈ সহজ আৰু প্রচলিত ব্যৱস্থাটো হৈছে প্রচলিত মুদ্রাৰে বিটকইন ক্রয় কৰাটো। এনেদৰে বিটকইন লাভ কৰাৰ বহুতো উপায় আছে যদিও বহুলভাৱে প্রচলিত দুটা
উপায় হৈছে –
ক) দুজন ব্যক্তিৰ মাজৰ ব্যক্তিগতভাৱে কৰা লেনদেন – স্থানীয়ভাৱে দুজন ব্যক্তিয়ে মুখামুখিকৈ নির্দিষ্ট মূল্যৰ বিনিময়ত বিটকইন ক্রয়-বিক্রয় কৰিব পাৰে। এনে ধৰণৰ লেনদেনৰ বাবেও কিছুমান ৱে’বছাইটে প্রয়োজনীয় সেৱা আগবঢ়ায়।
খ) এক্সেঞ্জৰ জৰিয়তে বিটকইন লাভ – বিটকইন লাভৰ আটাইতকৈ বেছি প্রচলিত ব্যৱস্থাটো হৈছে এক্সেঞ্জৰ জৰিয়তে বিটকইন ক্রয় কৰা। ডলাৰ, পাউণ্ড, ইউৰ’, য়েন, আদি বিশ্বৰ আগশাৰীৰ মুদ্রাৰ বিনিময়ত বিটকইন ক্রয় কৰাৰ সুবিধা অনেক এক্সেঞ্জে আগ বঢ়াই আহিছে। প্রকৃততে বিটকইনৰ নেটৱর্ক প্রসাৰিত কৰি তোলাৰ ক্ষেত্রত এই এক্সেঞ্জবোৰে প্রভূত অৰিহণা যোগাই আহিছে।
অন্যান্য ডিজিটেল মুদ্রা বা ক্রিপ্ট’ কাৰেঞ্চি
আমাৰ আলোচনাত ডিজিটেল মুদ্রাৰ বাটকটীয়া বিটকইনৰ বিষয়ে
আলোচনা কৰা হৈছে যদিও বর্তমান সময়ত এনে ধৰণৰ বহু সংখ্যক ডিজিটেল মুদ্রা (বা
ক্রিপ্ট’ কাৰেঞ্চি) বিশ্বত প্রচলন হৈ আছে। তাৰে কেইটামান উল্লেখযোগ্য ডিজিটেল
মুদ্রাৰ সম্পূর্ণ আৰু চমু নাম তলত উল্লেখ কৰা হৈছে।
১) বিটকইন (Bitcoin (BTC) )
২) ইথেৰিয়াম (Ethereum
(ETH) )
৩) টেথাৰ (Tether (USDT))
৪) বাইনেন্স কইন
(Binance Coin (BNB))
৫) এক্স আৰ পি (XRP (XRP) )
৬) টেৰা (Terra
(LUNA))
৭) কাৰডানো (Cardano (ADA))
৮) ছোলানা (Solana (SOL))
৯) পোলকাডট (Polkadot
(DOT))
১০)
লাইটকইন (Litecoin (LTC))
ভাৰতত বিটকইন
চৰকাৰীভাৱে বিটকইন বা অন্য ডিজিটেল মুদ্রাক ভাৰতত আইনগত বৈধতা প্রদান কৰা হোৱা নাই। অৱশ্যে পূর্বে এইবিধ মুদ্রাক সম্পূর্ণৰূপে নিষিদ্ধ কৰাৰ যি প্রস্তুতি চলিছিল তেনে স্থিতি এতিয়া বহুখিনি শিথিল হৈছে। ২০২২-২৩ বর্ষৰ বাজেট দাখিলৰ সময়ত কেন্দ্রীয় বিত্তমন্ত্রী নির্মলা সীতাৰমণৰ বক্তব্যত এই কথাৰ প্রমাণ পোৱা গৈছে। কেন্দ্রীয় বাজেটত মন্ত্রীগৰাকীয়ে এই সম্পর্কীয় দুটা গুৰুত্বপূর্ণ ঘোষণা কৰিছে; প্রথমে, ভাৰত চৰকাৰে ‘ক্রিপ্ট’ এছেট’ অর্থাৎ ডিজিটেল সম্পত্তিত ৩০% কৰ আৰোপ কৰিব আৰু দ্বিতীয়তে, ২০২২-২৩ বিত্তীয় বর্ষৰপৰা দেশত ডিজিটেল টকা প্রচলন কৰিব। এই ঘোষণাৰপৰা এই কথা অন্ততঃ অনুমান কৰিব পৰা হয় যে আমাৰ দেশতো ডিজিটেল মুদ্রা বৈধ হোৱাৰ দিশে উচ্চ পর্যায়ত চিন্তা-চর্চা আৰম্ভ হৈছে। ভাৰতত ডিজিটেল মুদ্রা সম্প্রকীয় কোনো ধৰণৰ আইনগত বিধি-ব্যৱস্থা নহ’লেও বিভিন্ন সমীক্ষাৰপৰা এই কথা জানিব পৰা হৈছে যে ভাৰতত বর্তমান সময়ত প্রায় ২ কোটি মানুহে সক্রিয়ভাৱে ডিজিটেল মুদ্রাৰ বিনিয়োগত অংশ লৈ আছে। বিশেষকৈ সমগ্র বিশ্ব জুৰি সাম্প্রতিক সময়ত মুদ্রাস্ফীতিৰ যি ঊর্ধ্বগতি দেখিবলৈ পোৱা গৈছে তাৰ পৰিপ্রেক্ষিতত ডিজিটেল মুদ্রাত বিনিয়োগ অতি প্রাসংগিক হৈ পৰিছে। ভাৰতত ‘ৱাজিৰএক্স’ (WazirX) বা অন্য বহুকেইটা ডিজিটেল মুদ্রাৰ এক্সেঞ্জত বিটকইন তথা অন্য ডিজিটেল মুদ্রাৰ লেনদেন সম্পাদন কৰিব পৰা হয়। এই এক্সেঞ্জবোৰৰ ৱেবছাইটত এই লেনদেন সম্পর্কে সবিশেষ জানিব পৰা যায়।
***
সহায় লোৱা গ্রন্থ :
1.
Bitcoin for the
Befuddled. by Conrad Barski and Chris Wilmer.
2.
Bitcoin Step by Step by Michael
Caughey
3.
Bitcoin For Dummies by Pripto,
Published by: John Wiley & Sons, Inc.,
4.
Learning Bitcoin by Richard Caetano
5.
Bitcoin Beginner by Sam Petterson