বিনয় মোহন শইকীয়া
(১)
বিটকইনৰ পৰিচয়
অতি কম সময়ৰ ব্যৱধানত আমূল পৰিৱর্তন হোৱা যিকোনো ব্যৱস্থাৰ
বিষয়ে ক’বলৈ হ’লে সাম্প্রতিক সময়ৰ যোগাযোগ ব্যৱস্থাৰ উদাহৰণেই কিজানি আটাইতকৈ বেছি
প্রাসংগিক হ’ব। কিছুদিনৰ আগলৈকে দূৰত থকা কোনোবা এজন লোকৰ সৈতে লিখিত যোগাযোগ
স্থাপনৰ আটাইতকৈ সুচল তথা প্রচলিত ব্যৱস্থাটো আছিল চিঠি। কিন্তু বিজ্ঞানৰ সৌজন্যত
লাভ কৰা যোগাযোগ ব্যৱস্থাৰ আশ্চর্যজনক বিকাশৰ ফলত এতিয়া সমগ্র বিশ্বতে চিঠিৰ ঠাই
গ্রহণ কৰিছে বার্তা প্রেৰণৰ অন্য কেতবোৰ ব্যৱস্থাই; ম’বাইল ফোনৰ জৰিয়তে উপলব্ধ
হোৱাটছএপ্, মেছেজিং আদিৰ উপৰি ইণ্টাৰনেটৰ সংযোগ থকাসকলে ই-মেইলৰ (ইলেক্ট্রনিক মেইলৰ)
সুবিধা গ্রহণ কৰি পূর্বৰ চিঠি প্রেৰণৰ ব্যৱস্থাটোক প্রায় একাষৰীয়া কৰিছে। বিশেষকৈ
ই-মেইলে প্রদান কৰা আনুষ্ঠানিক অথবা বিধিসন্মত পত্র-প্রেৰণৰ সুবিধাই এই কাম বেছি খৰতকীয়া
কৰিছে। ইয়াৰ মূলতে আছে নতুন ব্যৱস্থাসমূহত থকা কেতবোৰ বিশেষ সুবিধা। সেইসমূহৰ ভিতৰত প্রথম হৈছে অতি কম সময়তে বার্তা প্রেৰণ আৰু
গ্রহণৰ সুবিধা। ইয়াৰ উপৰি আছে নির্দিষ্ট ঠিকনাত বার্তা গৈ উপস্থিত হোৱাৰ নিশ্চয়তা
আৰু প্রয়োজনীয় গোপনীয়তা। অলপ মন কৰিলে গম পোৱা যাব যে পূর্বৰ বার্তাপ্রেৰণ অথবা বার্তাগ্রহণৰ সৈতে
বর্তমানৰ ব্যৱস্থাটোৰ মাজত এটা মৌলিক পার্থক্য আছে। সেয়া হৈছে পৰম্পৰাগত বার্তাৰ প্রেৰক আৰু
গ্রাহকৰ মাজত মানৱ-নিয়ন্ত্রিত চৰকাৰী অথবা বে-চৰকাৰী অন্য এটা সংস্থা থাকে (চৰকাৰী
ডাক বিভাগ, বেচৰকাৰী কুৰিয়াৰ, আদি), যিয়ে এই কামটো প্রেৰক আৰু প্রাপক দুয়োজনৰে হৈ
সমাধা কৰে। কিন্তু বর্তমানৰ ব্যৱস্থাটোত ই সম্পূর্ণৰূপে মানৱ-ৰহিত এক প্রযুক্তিৰদ্বাৰা
নিয়ন্ত্রিত হৈছে, যাৰ ফলত কম সময়তে আৰু ওপৰঞ্চি অনেক সুবিধাৰে বার্তা প্রেৰণ-গ্রহণৰ
নিশ্চয়তা সম্ভৱ হৈছে। এটা কথা ঠিক যে ই-মেইলৰ সুবিধা উপলব্ধ হোৱাৰ আগতে প্রচলিত
ডাকসেৱাৰ সৈতে জড়িত অসুবিধাসমূহৰ কথা মানুহৰ মনলৈ অহা নাছিল; যাক আমি এতিয়া
অসুবিধা বুলি কৈছোঁ তেতিয়া সেইসমূহক ব্যৱস্থাটোৰ কিছুমান অপৰিহার্য অংগ হিচাপেই
গ্রহণ কৰা হৈছিল। কিন্ত ই-মেইলৰ সুবিধা লাভ কৰাৰ পাছতহে তুলনামূলকভাৱে দুয়োটা
ব্যৱস্থাৰে সুবিধা-অসুবিধাসমুহ আমাৰ জ্ঞাত হৈছে আৰু তাৰ ভিতৰত যিটো বেছি সুবিধাজনক
আৰু কার্যক্ষম সেইটো মানুহে গ্রহণ কৰিবলৈ আৰম্ভ কৰিছে। এই কথা দোহৰাৰ প্রয়োজন নাই যে এবাৰ ই-মেইলৰ
সুবিধা গ্রহণ কৰাৰ পাছত পত্রপ্রেৰণৰ বাবে পূর্বৰ ডাকসেৱাৰ ব্যৱস্থালৈ ঘূৰি যোৱাৰ
কথা নিশ্চয় নাহে। অৱশ্যে এই কথাও ঠিক যে উন্নত দেশসমূহক বাদ দি দুখীয়া আৰু
উন্নয়নশীল দেশসমূহত ই-মেইলৰ দৰে মূলতঃ প্রযুক্তি-পৰিচালিত সেৱা গ্রহণ কৰা লোকৰ
সংখ্যা মুঠ জনসংখ্যাৰ খুব কম অংশৰ বাবেহে সম্ভৱ হৈছে। অর্থনৈতিক অৱস্থা আৰু
শিক্ষাগত অর্হতাৰ বৈপ্লৱিক বিকাশ অবিহনে এই সেৱা তেনে দেশৰ জনগণৰ বাবে উপলব্ধ
হোৱাটো সম্ভৱ হৈ নুঠে।
সি যি হওক,
প্রযুক্তিগত বিকাশৰ জৰিয়তে বার্তাৰ প্রেৰণ তথা গ্রহণৰ ক্ষেত্রলৈ অহা আশ্চর্যজনক
বিকাশৰ প্রসংগতে জনসাধাৰণৰ স্বার্থ জড়িত হৈ থকা অন্য এখন ক্ষেত্রতো ঠিক একে ধৰণৰ
বিকাশ সম্ভৱ হ’ব পাৰে বুলি একবিংশ শতিকাৰ প্রাৰম্ভত কিছু সংখ্যক ভৱিষ্যৎদ্রষ্টা
লোকে বিশেষ গুৰুত্বসহকাৰে চিন্তা-চর্চা কৰা আৰম্ভ কৰে। সেই ক্ষেত্রখন হৈছে মুদ্রা ব্যৱস্থাৰ ক্ষেত্র। মন কৰিবলগীয়া কথাটো হ’ল যে মুদ্রাৰ ক্ষেত্রখনতো
বার্তাৰ ক্ষেত্রৰ দৰে দুটা পক্ষ থাকে; একেবাৰে সৰল অর্থত, এটা পক্ষই সামগ্রী অথবা
সেৱা গ্রহণৰ বিনিময়ত মুদ্রা প্রদান কৰে আৰু আনটো পক্ষই সেই সামগ্রী অথবা সেৱা
প্রদানৰ বিনিময়ত মুদ্রা গ্রহণ কৰে। অর্থাৎ, বিনিময়ৰ জৰিয়তে
মুদ্রা ‘দিওঁতা’ আৰু মুদ্রা ‘লওঁতা’ এই দুটা পক্ষই থাকে। উল্লেখযোগ্য যে মুদ্রাৰ ৰূপ
সদায় একে নাথাকিলেও মুদ্রাৰ এই দুটা পক্ষ সদায় একেদৰেই আছে।
আমি জানো, মানৱ
সভ্যতাৰ আৰম্ভণিৰপৰাই মানুহে ভিন্ন ধৰণৰ মুদ্রা ব্যৱহাৰ কৰি আহিছে। সভ্যতাৰ আৰম্ভণিত
বিনিময়ৰ মাধ্যম হিচাপে জীৱন-যাপনৰ বাবে প্রয়োজনীয় তথা মূল্যৱান সামগ্রী কেতবোৰ
ব্যৱহাৰ কৰা হৈছিল; খাদ্য-শস্য, পোহনীয়া জীৱ-জন্তু, মূল্যৱান পদার্থ অথবা
মণি-মুকুতা, আদিৰ বিনিময়ত বিভিন্ন দ্রব্য তথা সেৱা গ্রহণ কৰা হৈছিল। মানুহে দেখা আৰু
নিজে স্পর্শ কৰিব পৰা এই ধৰণৰ মুদ্রাক ভৌতিক মুদ্রা (Physical Money) বুলি ক’ব পৰা যায়। মন কৰিবলগীয়া কথাটো হ’ল যে এই ধৰণৰ
বিনিময়ত মুদ্রাৰ ‘দিওঁতা’ আৰু ‘লওঁতা’, এই দুই পক্ষৰ বাহিৰে অন্য কোনো পক্ষৰ
উপস্থিতি নাছিল।
সভ্যতাৰ
অগ্রগতিৰ সৈতে মানুহৰ সামাজিক, ৰাজনৈতিক, অর্থনৈতিক ব্যৱস্থাও আগুৱাই গ’ল। সৰু সৰু
জনগোষ্ঠীবোৰ একত্রিকৰণ প্রক্রিয়াৰ মাজেৰে গৈ কালক্রমত গাঁও, চহৰ, ৰাজ্য,
সাম্রাজ্য আদিৰ মাজত সোমাই পৰিল। ৰাজনৈতিক পৰিৱর্তনৰ এই প্রক্রিয়াত মুদ্রাৰ ক্ষেত্রখনলৈকো
ভালেখিনি পৰিৱর্তন আহিল। চমুকৈ ক’বলৈ হ’লে, মূলতঃ ই পূর্বৰ ভৌতিক মুদ্রাৰপৰা ৰাজনৈতিক
মুদ্রালৈ পৰিৱর্তিত হ’ল আৰু মুদ্রাৰ বিতৰণ আৰু নিয়ন্ত্রণ ৰজা, মহাৰজা আদি কোনো এক
কেন্দ্রীয় শাসন ব্যৱস্থাৰ অধীনলৈ গ’ল। এনেদৰে গৈ গৈ সাম্প্রতিক সময়ত মুদ্রাৰ
নিয়ন্ত্রণ দেশ এখনৰ শাসন ব্যৱস্থাৰ অধীনত থকা কেন্দ্রীয় বেংকৰ (ভাৰতৰ ক্ষেত্রত ৰিজার্ভ
বেংক) ওপৰত ন্যস্ত কৰা হ’ল। এতিয়া এই ব্যৱস্থাৰ ফলতে বিভিন্ন দেশত এনে এটা সংস্থাই
দেশত বিভিন্ন শ্রেণীৰ মুদ্রাৰ প্রচলন আৰু বিতৰণৰ লগতে কৰ-ব্যৱস্থা, মুদ্রাবিধি,
মুদ্রা সম্পর্কীয় নীতি আদিও পৰিচালনা কৰিবলৈ আৰম্ভ কৰে।
আগতে উল্লেখ কৰা
হৈছে যে বর্তমান সময়ত ইণ্টাৰনেট প্রযুক্তিয়ে বিশ্বৰ প্রতিজন লোককে কোনো মধ্যস্থতাকাৰী
অবিহনেই ইজনে সিজনৰ সৈতে যোগাযোগ স্থাপনৰ পথ সুচল কৰি দিছে। লগতে মানৱ ইতিহাসত পোন প্রথমবাৰৰ বাবে সকলো ধৰণৰ
ভৌতিক আৰু ৰাজনৈতিক সীমাৰেখা কার্যতঃ নোহোৱা কৰি একেখিনি তথ্য সমগ্র বিশ্বৰ সকলো
লোকৰে সম্মুখত দাঙি ধৰিব পৰা অৱস্থা এটা সম্ভৱ হৈ উঠিছে। ইণ্টাৰনেট হৈছে এক
মুক্ত প্রযুক্তিৰ ফল; ইণ্টাৰনেটৰ ব্যৱস্থাই তথ্যসমূহ সকলোৰে বাবে সমানে মুকলি কৰি ৰখাৰ
চর্ত পূৰণ কৰি আহিছে। কোনো এক কেন্দ্রীয় নিয়ন্ত্ৰণৰ ব্যৱস্থা নথকা হেতু কেন্দ্রীয় এক বিকলতাই সমগ্র
ব্যৱস্থাটোকে বিকল কৰি তোলাৰ আশঙ্কাও নোহোৱা হৈছে।
কেন্দ্রীভূত
নিয়ন্ত্রণ নোহোৱাকৈ ইণ্টাৰনেটৰ সেৱা চলাই ৰাখিব পৰা অনন্য বৈশিষ্ট্যক মুখ্য উপাদান
হিচাপে লৈ ছাটশ্বি নাকাম’ট’ নামৰ এগৰাকী ছফ্টৱেৰ বিশেষজ্ঞই এবিধ নতুন মুদ্রাৰ লগতে
সেই মুদ্রা বিনিময়ৰ এটা অভিনৱ প্রস্তাৱ বিশ্ববাসীৰ সম্মুখত আগবঢ়ায়। নাকাম’ট’ই
প্রস্তাৱ কৰা এই মুদ্রাবিধৰ নাম হৈছে ‘বিটকইন’।
‘বিটকইন’ বুলিলে প্রকৃততে কি বুজায়?
‘বিটকইন’ বুলি ক’লে তলৰ দুটা অর্থৰ যিকোনো এটা বুজাব -
১) ‘বিটকইন’ এবিধ ‘ডিজিটেল কাৰেঞ্চি’ অথবা ‘ডিজিটেল
মুদ্রা’।
২) ‘বিটকইন’ এবিধ ইণ্টাৰনেটৰ জৰিয়তে মুদ্রা আদান-প্রদান কৰিব
পৰা ব্যৱস্থা।
এতিয়া দুয়োটা অর্থকে এটা এটাকৈ আলোচনা কৰা হওক।
১) মুদ্রা হিচাপে ‘বিটকইন’ৰ সংজ্ঞা -
‘বিটকইন’ এবিধ ডিজিটেল (digital), বিকেন্দ্রীকৃত (decentralized), একৈক অথবা মধ্যস্থতাকাৰীবিহীন (peer to peer), ছদ্মনামী (pseudonymous), সংকেতলেখন বিদ্যাৰ ওপৰত আধাৰিত (based
on cryptography) মুদ্রা।’
বিটকইনৰ এই সংজ্ঞাটো আধুনিক তথ্য-প্রযুক্তিৰ সৈতে সুপৰিচয়
নথকা সাধাৰণ পাঠকৰ বাবে বোধগম্য নহ’ব বুলি অনুমান কৰিব পাৰি। অর্থাৎ, এই
সংজ্ঞাত থকা কাৰিকৰী শব্দবোৰৰ অর্থ নাজানিলে এই সংজ্ঞাৰ অর্থও নিশ্চয়কৈ অজ্ঞাত
হৈয়ে ৰ’ব। গতিকে সংজ্ঞাটো বুজি পাবলৈ বিটকইন প্রসংগত ইয়াত থকা সেই শব্দবোৰৰ বিষয়ে
সাধাৰণ ধাৰণা এটা লৈ থোৱা উচিত হ’ব।
ক) ডিজিটেল (digital) – বিটকইন কেৱল ‘ক’ড’ অর্থাৎ সংকেত লিপিতহে থাকে, ইয়াৰ কোনো ভৌতিক অস্তিত্ত্ব
নাই। অৱশ্যে মানুহে ইয়াক বুজাবৰ বাবে ইয়াৰ কিবা এটা আকৃতি দি প্রস্তুত কৰি ল’ব পাৰে,
কিন্তু কার্যতঃ ই ক’ডৰ জগতখনতহে থাকে।
খ) বিকেন্দ্রীকৃত (decentralized) – ইয়াত কোনো কেন্দ্রীয় বেংক অথবা সংস্থা নাই, যি বিটকইনৰ
প্রচলন অথবা নিয়ন্ত্রণ কৰে। সমগ্র বিশ্বতে সিঁচৰতি থকা
স্বতন্ত্র ব্যক্তিৰদ্বাৰা গঠিত এটা ব্যক্তিসমূহে কম্পিউটাৰ প্রগ্রেম এটা চলাই ৰাখি
এই মুদ্রা-ব্যৱস্থাটো সক্রিয় কৰি ৰাখে।
গ) একৈক অথবা মধ্যস্থতাকাৰীবিহীন (peer to peer) – আমি প্রত্যেকেই নিজৰ বিটকইন নিজে নিয়ন্ত্রণ কৰোঁ, আৰু
আমি যেতিয়া কোনোবা এগৰাকী ব্যক্তিলৈ বিটকইন প্রেৰণ কৰোঁ তেতিয়া সেই বিটকইন পোনে পোনেই সেই ব্যক্তিগৰাকীলৈ যায়। ইয়াত কোনো বেংক অথবা মধ্যস্থতাকাৰী নাই।
ঘ) ছদ্মনামী (pseudonymous) – বিটকইনৰ আদান-প্রদানবোৰ সকলোৰে সম্মুখত মুক্ত হৈ থকা
‘ব্লকচেইন’ নামৰ লেজাৰ এখনত থকা বাবে সেয়া সকলোৰে দৃষ্টিগোচৰ হয়। সেই লেজাৰত
মুদ্রাৰ প্রেৰক আৰু প্রাপকক কিছুমান আখৰ আৰু অংকৰ সমষ্টি হিচাপে চিনাক্ত কৰা হয়।
যদি কোনোবাই বিচাৰে যে তেওঁৰ মুদ্রাৰ লেনদেন কোনেও জানিব নালাগে, তেনেহ’লে বিটকইনত
তেওঁ সেই কাম বেনামী হিচাপেও কৰিব পাৰে।
ঙ) সংকেত লেখন বিদ্যাৰ ওপৰত আধাৰিত (based
on cryptography) – ডিজিটেল মুদ্রা হিচাপে বিটকইনৰ
শক্তি তাৰ সংকেতৰ ওপৰত নির্ভৰশীল। অতি শক্তিশালী সংকেত লেখন বিদ্যাৰ ওপৰত আধাৰিত
বিশেষ সংকেত ইয়াত ব্যৱহাৰ কৰা হয়, যাতে প্রয়োজনীয় অনুমতি অবিহনে কোনেও এই মুদ্রাৰ
কাষ চাপিব নোৱাৰে।
ওপৰৰ ব্যাখ্যাৰদ্বাৰা বিটকইন মুদ্রাৰ বিষয়ে সকলোৱে নিশ্চয়
এটা থূলমূল ধাৰণা কৰিব পাৰিব।
এতিয়া আমি বিটকইনৰ দ্বিতীয়টো পৰিচয়লৈ যাওঁ।
২) মুদ্রা আদান-প্রদান কৰিব পৰা এটা ব্যৱস্থা হিচাপে ‘বিটকইন’।
এটা নতুন ডিজিটেল মুদ্রা হিচাবে বিটকইন অভিনৱ, তাত কোনো
সন্দেহ নাই। কিন্তু বিটকইনৰ আটাইতকৈ উল্লেখযোগ্য তথা বৈপ্লৱিক বৈশিষ্ট্য হৈছে তাৰ
অনন্য লেনদেন ব্যৱস্থাটো। এই প্রসংগত এটা কথা কৈ থোৱা উচিত হ’ব যে বিটকইনৰ আগতেওঁ
ডিজিটেল মুদ্রা সৃষ্টি কৰিবলৈ যত্ন কৰা হৈছিল যদিও সেই মুদ্রা সফল নহ’ল। ইয়াৰ
বিফলতাৰ মূল কাৰণটো তলত ব্যাখ্যা কৰা হ’ল।
আমি জানো যে
আমাৰ ভৌতিক জগতখনত একেখিনি ধন একে সময়তে দুঠাইত থাকিব নোৱা্ৰে। যদি ধনখিনি নগদ ধনৰ ‘ক’ বহীত থাকে তেনেহ’লে সেইখিনি ধন সেই সময়ত নগদ ধনৰ ‘খ’ বহীত
থাকিব নোৱাৰে। যদি থাকে, তেনেহ’লে একেখিনি ধনকে দুবাৰ খৰচ কৰাৰ
(double spending) সুবিধা থাকিব,
যিটো ধনৰ লেনদেনত কেতিয়াও হ’বলৈ দিব পৰা নাযায়। কিন্তু যিহেতু ডিজিটেল মুদ্রা হৈছে
কম্পিউটাৰৰ ক’ড বা সংকেত, গতিকে সেই ক’ড একে সময়তে বিভিন্ন স্থানত থাকিব পাৰে। গতিকে তেনে অৱস্থাত
ডাবল স্পেণ্ডিঙৰ পূৰামাত্রাই সম্ভাৱনা থাকে। এইটো
এটা অতি গুৰুতৰ সমস্যা আৰু ইয়াৰ ফলত বাধাহীন জালিয়াতিৰ সম্ভাৱনা থাকে। কিন্তু আমিতো আজিকালি ডিজিটেল
ব্যৱস্থাৰে বিপুল পৰিমাণৰ ধনৰ লেনদেন কৰি থাকোঁ, সেই কাম কেনেদৰে সম্ভৱ হৈছে? এই
কাম সম্ভৱ হৈছে ‘পে’পল’ (PayPal), ‘গুগল পে’’-ৰ দৰে কোনো এক তৃতীয় পক্ষৰ মধ্যস্থতাকাৰীৰ জৰিয়তে, যিয়ে এই
সমস্যাটো (ডাবল স্পেণ্ডিং) সমাধানৰ ব্যৱস্থা কৰে। এই তৃতীয় পক্ষই সকলো লেনদনৰ ওপৰত তীক্ষ্ণ নজৰ ৰাখি এই কথা নিশ্চিত কৰে যে একেখিনি ধনকে যাতে দুবাৰ খৰচ কৰিব
পৰা নাযায়।
কিন্তু দুবাৰ
খৰচ কৰাৰ সমস্যাটো সমাধানৰ বাবে কোনো এক তৃতীয় পক্ষ নিয়োগ কৰা ব্যৱস্থাটোত আন
কেতবোৰ সমস্যাৰ সৃষ্টি হোৱাৰ আশঙ্কা থাকে। ইয়াৰ প্রথম সমস্যাটো হৈছে, ইয়াত
‘এক স্থানীয় কেন্দ্রীভূত বিকল’ (single point of failure) অৱস্থাৰ আশঙ্কা। ইয়াৰ অর্থ হৈছে যে কিবা কাৰণত যদি
লেনদেনৰ মধ্যস্থতাকাৰী এই তৃতীয় পক্ষত কিবা কাৰিকৰী সমস্যাই ব্যৱস্থাটো বিকল কৰি
তোলে তেনেহ’লে গোটেই লেনদেন প্রক্রিয়াটোৱে বন্ধ হৈ যাব। দ্বিতীয় সমস্যাটো হৈছে যে
যদি তৃতীয় পক্ষই কিবা এটা লেনদেন অনুমোদন নকৰে তেনেহ’লেও সেই লেনদেন কৰিব পৰা
নাযাব। আন সমস্যাটো হৈছে এই সেৱা আগবঢ়োৱাৰ বাবদ তৃতীয় পক্ষই লেনদেনকৃত ধনৰ ওপৰত
এটা বুজন অংশ কমিছন হিচাপে আদায় লয়।
কিন্তু বিটকইনৰ
লেনদেনত ডাবল স্পেণ্ডিং সমস্যাটো কোনো তৃতীয় পক্ষৰ সেৱা গ্রহণ নকৰাকৈ নিজাকৈয়ে
সমাধান কৰাৰ ব্যৱস্থা কৰা হৈছে, ইয়াত কোনো তৃতীয় পক্ষ বা কেন্দ্রীয় নিয়ন্ত্রণ নথকা
বাবে এঠাইত হোৱা কাৰিকৰী বিকল অৱস্থাই ব্যৱস্থাটোত কোনো প্রভাৱ পেলাব নোৱাৰে, আৰু
ইয়াত কমিছনৰ পৰিমাণো তুলনামূলকভাৱে কম হয়।
(আগলৈ)