অন্যযুগ/


সোণালী পল, সোণোৱালী অনুপল

 

বিদ্যুৎ বিকাশ শৰ্মা


(কটন কলেজৰ ১৯৮৬-১৯৮৮ বৰ্ষৰ উচ্চতৰ মাধ্যমিকৰ সমূহ সহপাঠীৰ হাতত)

“হুঁ হুঁ ধুমুহা আহিলেও

আকাশ ক’লা মেঘে ছানিলেও

ৰিম্‌ঝিম্‌ বৰষুণ পৰিলেও

তুমি যেন থাকা মোৰ কাষতে – এইটো ঠিক হ’বনে?” মই সুধিলোঁ।

 

“একদম পাৰফেক্ট”, ভাস্কৰ আনন্দত জঁপিয়াই উঠিল।

“কি পাৰফেক্ট, কি পাৰফেক্ট হাঁ? মোকো কোৱানা।” ৰশ্মিয়ে আব্দাৰ ধৰিলে। ভাস্কৰে তাৰ নতুনকৈ কিনা আইফোনটোত ফটো এখন উলিয়াই ৰশ্মিক দেখুৱালে আৰু ক’লে, “চোৱাঁ, এই ফটোখনৰ বাবে প্ৰদ্যুতক এটা কেপশ্বন দিয়াৰ কথা কৈছিলোঁ। আৰু সি ভূপেনদাৰ গানেৰে কেপশ্বনটো দিলে। পাৰফেক্ট হয় নে নহয় কোৱাঁ?”

ৰশ্মিয়ে দেখিলে ফটোখন আচলতে ভাস্কৰে নিজে অঁকা এখন ছবি। পানী ৰঙৰ কাম। ছবিখনত এহাল পুৰুষ আৰু নাৰীক পিছফালৰপৰা অংকন কৰা হৈছে। নাৰীৰ মূৰটো পুৰুষৰ কান্ধৰ ওপৰত সামান্য হাওলি পৰিছে। যেন এক বিশ্বাসযোগ্য অৱলম্বন বিচাৰি পাই নিৰ্ভাৰ হৈ পৰিছে। দুয়োৰে দৃষ্টি যেন অসীমত নিৱদ্ধ। আৰু সেই ৰহস্যময় অসীমৰ পৰা উঠি আহিছে প্ৰকাণ্ড প্ৰকাণ্ড পানীগছা। এই যেন ক্ষন্তেক পাছতে হুৰহুৰাই নামি আহিব এজাক বৰষুণ হৈ। ফটোখনলৈ চাই ৰশ্মি কিয় জানো আনমনা হৈ ৰ’ল। ভাস্কৰে ৰশ্মিৰ পৰিৱৰ্তন দেখি সুধিয়েই পেলালে - “হোৱাটছ্ আপ ৰশ্মি? কি হ’ল তোমাৰ?”

“পাৰফেক্ট”, মাত্ৰ এটা শব্দ উচ্চাৰণ কৰি ৰশ্মি তাৰপৰা আঁতৰি গ’ল।

“এই ছোৱালীবোৰৰ কি যে হয় বুজা নাযায়। এইমাত্ৰ হাঁহি-মাতি হুলস্থূল কৰি থকা মানুহজনী হঠাৎ নীৰৱ হৈ যাব পাৰে। কাৰণ সুধিলে একো উত্তৰ নাপাবা৷”  ভাস্কৰে সামান্য বিৰক্তি প্ৰকাশ কৰিলে।

মই কান্ধ জোকাৰি এনে ভংগী কৰিলোঁ যাৰ অৰ্থ হ’ব পাৰে - ‘কোনে জানে?”

*** 

“এই প্ৰদ্যুৎ, ৰেজিষ্ট্ৰেশ্বনৰ কাম কৰি লোৱাঁ সোনকালে।” কোনোবাই মোকেই উদ্দেশ্য কৰি কথাখিনি কোৱা যেন লাগিল। সচকিত হৈ ইফালে সিফালে চাওঁতেই দেখিলোঁ তাইক। মোৰ ফালে চাই হাঁহি আছে৷ এক মুহূৰ্তৰ বাবে ৰৈ গ’লোঁ৷ সেই যে সৰস্বতী পূজাত গাৰ্লছ হোষ্টেললৈ গৈছিলোঁ, ভিৰৰ মাজত লুকাই লুকাই চাইছিলোঁ, চকু দুটা দেখিলেই ভাব হৈছিল – এইমাত্ৰ যেন কান্দি দিব – তায়েই মাতিছে। সেই কলেজৰ প্ৰথম কেইদিনমানতেই মই তাইৰ চকু দুটা আৱিষ্কাৰ কৰিছিলোঁ। চকু দুটা দেখিলে মোৰ সদায় আওৰাবলৈ মন গৈছিল – ‘তুমি চকু মেলি দিলা, থম থমকৈ বহি থাকিল ক’লা দুটা পখিলা’। পৰীলৈ মনত পৰি গ’ল। ৰাতিপুৱা শ্বাৰ্ট-পেণ্ট, টাই, ৰুমাল বিচাৰি তায়েই সাজু কৰি দিছিল। ঘৰৰপৰা ওলাই আহোঁতে তাই কৈছিল- “ভালকৈ যোৱাঁ, তোমাৰ সেই তাইক লগ পাই যাবও পাৰাঁ। কিমান বছৰৰ মূৰত নহয়নে? লগ পালে মোক ক’ব লাগিব কিন্তু কেনে লাগিল।” মই মাত্ৰ কৈছিলোঁ- “ধেইৎ, কিবোৰ যে কোৱাঁ তুমি৷ ক’ত সেই ষোল বছৰত দেখা আৰু ক’ত এতিয়া পঞ্চাছৰ পাছত দেখা।” পৰীক তেনেকৈ কৈছিলোঁ যদিও এতিয়া এনে লাগিছে যেন মনৰ কোঠালৈ সেই ষোল বছৰীয়া অনুভূতিটো ঠেলি হেঁচি সোমাই আহিছে৷ তাইক কৈ দিওঁ নেকি যে তাইৰ চকু দুটা চাবলৈকে সৰস্বতী পূজাত ছোৱালী হোষ্টেললৈ গৈছিলোঁ, সম্পূৰ্ণ দুটা বছৰ তাইৰ চকু দুটাই মোক আচ্ছন্ন কৰি ৰাখিছিল। কি ক’ব বাৰু তাই?

“এই প্ৰদ্যুৎ, কি ভাবি আছা?”, তাইৰ মাতত চক খাই উঠিলোঁ। খৰধৰকৈ তাইৰ ওচৰ পালোঁ। ৰেজিষ্টেশ্বনৰ কাম কৰিলোঁ পটাপট। কাম মানে সাংঘাতিক একো নহয়। আগতেই ধাৰ্য কৰা বৰঙনিৰ টকাখিনি তাইৰ হাতত দিলোঁ। বহী এখনত নিজৰ নাম, ফোন নম্বৰ, ই-মেইল ঠিকনা, ঘৰৰ ঠিকনা আদি লিখিলোঁ। চহী কৰিলোঁ ৷ তাৰ পাছত পোনে পোনে তাইৰ চকুলৈ চালোঁ। আছেনে এতিয়াও তাইৰ চকুত ‘ক’লা দুটা পখিলা”?

“কিমান বছৰৰ মূৰত ল’গ পালোঁ ন?”  মই চুচুক-চামাককৈ কৈ উঠিলোঁ।

“হাঁ, কি ক’লা? ওঁ, হয় দিয়াঁ। বহু বছৰ পাৰ হৈ গ’ল।” মোৰ ফালে নোচোৱাকৈ বৰঙণিৰ টকাখিনি হিচাপ কৰি থকা অৱস্থাতেই তাই ক’লে।

“ক’ত থাকাঁ আজিকালি?”

“লণ্ডনত।”

“আই মিন, তুমি লণ্ডনৰপৰা আহিছা?”

“আৰু নহ’লে ক’ৰপৰা আহিম?” ভাবলেশহীন কণ্ঠৰে তাই উত্তৰ দিলে। পাছ মুহূৰ্ততে মোৰ কান্ধৰ ওপৰেৰে অলপ দূৰলৈ চাই তাই চিঞৰি উঠিল- “এই ৰঞ্জন, এইফালে আহ, ৰেজিষ্ট্ৰেশ্বন কৰাই ল।” মই বুজি পালোঁ মোৰ সময় শেষ। এইবাৰ ৰঞ্জন নামৰ কোনোবা এটা (ৰঞ্জন কোন শাখাৰ আছিল বাৰু?) তাইৰ ওচৰলৈ আহিব যাক তাই ‘তই’ বুলি সম্বোধন কৰে। বুকুৰ কোনোবাখিনিত সামান্য বিষ অনুভৱ কৰিলোঁ। লগে লগে নিজক বুজালোঁ – সেই সময় কেতিয়াবাই পাৰ হৈ গ’ল।

পৰীক কি বুলি ক’ম? সেই সময়ৰ কথা, মানে কলেজৰ কথা, মনত ‘প্ৰথম প্ৰেমৰ উন্মেষ’ ঘটা সময়ৰ কথা ক’বলৈ গৈ মই পৰীক তাইৰ কথা কৈছিলোঁ। কৈছিলোঁ যে তাইক দেখিলে এনে লাগিছিল যেন মনৰ মাজত ক’ৰবাত এটা জুনুকা বাজি উঠিছিল। আৰু মোৰ প্ৰায়ে এই কবিতাফাঁকিলৈ মনত পৰিছিল– ‘জুনুক কৰি বাজিল জুনুকা। চেনিমৰা বাগিচাৰ চিঠি লৈ কোবাল খোজেৰে গুচি গ’ল ডাকোৱাল। গছে-গছে হেঁপাহৰ ৰঙীন ৰূমাল!’ পৰীয়ে এনে কথাবোৰত বৰ আনন্দ পায়। অলপো ঈৰ্ষাবোধ কৰা দেখা নাই কেতিয়াও। হয়তো ইয়াৰ নামেই আস্থা, বিশ্বাস। আজিও হয়তো তাই মোক সান্ত্বনা দিবলৈ ক’ব– হৈ যায়, বুজিছা। সময়ৰ লগে লগে অতি দৰকাৰী বুলি ভবা কিছুমান কথা মূল্যহীন হৈ পৰে। আৰু কিছুমান নতুন কথা গুৰুত্বপূৰ্ণ হৈ পৰে। হয়তো পৰী সচাঁ ৷ সময়ে কাঢ়ি নিব পাৰে চকুৰ ক’লা পখিলা। পখিলাৰ সলনি দি যাব পাৰে দুটা ক’লা মাৰ্বল– নিস্প্ৰাণ, নিৰাৱেগ।

****

“চৌধুৰী ছাৰৰ কেমিষ্ট্ৰি ক্লাছৰ কথা মোৰ এতিয়াও মনলৈ আহি থাকে। সেই যে প্ৰথম ক্লাছৰ দিনা কিবা কিবি মেজিক দেখুৱাইছিল।”

“অসমীয়াৰ ক্লাছৰ কথা নকৱ কিয়? কিয় নকৱ যে পটংগীয়া বাইদেৱে অসমীয়া বুজালে গোটেই ক্লাছৰূম নিস্তব্ধ হৈ পৰিছিল। তহঁত বিজ্ঞানৰ ল’ৰা-ছোৱালীবোৰে অলপ বেছি কৰ বে। বিজ্ঞান বাদ দিলে যেন পৃথিৱী অচল হৈ পৰিব।”

“আৰে, কলা আৰু বিজ্ঞানক লৈ কিহৰ কাজিয়া হাঁ? তাকো এই বয়সত? মোক দেখোন জানই পঢ়া-শুনাত মোৰ মন নবহিছিল। কেতিয়া ক্লাছৰপৰা ওলাই মুগলাই পৰঠা বা পোলাও খাব পাৰোঁ তাৰে চিন্তাতে সময় গৈছিল– হা  হা হা।

“সেইখিনিত, ঠিক অসমীয়া ডিপাৰ্টমেণ্টৰ সমুখত মোৰ এদিন সংগীতাৰ লগত খুন্দা লাগি গৈছিল। তাইৰ মস্ত খং উঠিছিল বে। ভাবিছিল চাগে মই ইচ্ছা কৰি খুন্দিয়াই দিছিলোঁ বুলি৷”

“সেইজনীক চিনি পাইছ? আমি যে ধোবাৰ জীয়েক বুলি মাতিছিলোঁ৷ সদায় বেলেগ বেলেগ ড্ৰেছত ক্লাছলৈ আহিছিল। মনত পৰিছেনে নাই?”

“তই যে তেতিয়া কলেজৰ মেগাজিনত কবিতা, গল্প লিখিছিলি, আজিকালি লিখ নে নাই?”

“ভাই চাউল, ডাইল, চেনি, চাহপাত, ল’ৰা-ছোৱালীৰ স্কুল, হ’মৱৰ্কৰ মাজত ক’ত আৰু কবিতা।”

“তোৰ কথা ক দোস্ত। তই যে কিবা গাঁৱৰ ল’ৰা-ছোৱালীক লৈ খেতি কৰাৰ কথা আছিল, কিমান দূৰ আগবাঢ়িছে?”

“নাই ভাই, চেষ্টা কৰিছিলোঁ যদিও সফল নহ’লোঁ। কিন্তু মই এতিয়াও বিশ্বাস কৰোঁ আমাৰ ভৱিষ্যৎ আমাৰ মাটিতহে আছে বুজিছ।”

আস্‌, কিমান কথা! কিমান স্মৃতি! হঠাৎ যেন পাহাৰী নদীৰ নিচিনাকৈ হিলদল ভাঙি আহিছে। কোনে কোনটো কথা আগতে ক’ব তাকে লৈ প্ৰতিযোগিতা। কোনে কাক নিজৰ চিনাকি দি আচৰিত কৰি দিব তাৰে প্রতিযোগিতা। সেই তাহানিৰ লেংলেঙীয়া, খীন-মিন কৰুণাই যদি এতিয়া বিশালাকৃতি ধাৰণ কৰি মোক আচৰিত কৰি তুলিছে, তেন্তে মোৰ দাঢ়িবিহীন চিকুণ মুখখনে প্ৰশান্তৰ ওচৰত মোক অচিনাকি কৰি তুলিছে৷ প্রায়বোৰৰে একে অৱস্থা। কাৰণ সকলোৰে প্ৰফাইলবোৰ সলনি হৈছে। কাৰোবাৰ চুলিত ৰূপালী ৰং, কাৰোবাৰ তালু উদং, কাৰোবাৰ বিশাল বপু অথবা কাৰোবাৰ ভগ্ন স্বাস্থ্য। মোৰ কিন্তু এনেকৈ ক’বলৈ মন গৈছে - ‘ৰূপালী ৰং চুলিত লাগিছে, বেয়া নেদেখি, লাগক। সোণালীখিনি মচি নিদিবা, বুকুজুৰি বৈ থাকক।”

কথা পাতি থাকোঁতে হঠাৎ কোনোবা এটাই হয়তো কৈ উঠিছে– “ব’ল ব’ল, ফটো উঠোঁগৈ। সৌখন বেনাৰৰ ওচৰত ফটো উঠি ভাল লাগিব।” লগে লগে হয়তো দলটো আঁতৰি গৈছে। আকৌ অইন দুজনমান গোট খাইছে। আকৌ সেই একেই পঁয়ত্ৰিছ বছৰৰ আগৰ কথা। সকলোৱে যেন নিজক আকৌ এবাৰ আবিষ্কাৰ কৰিব খুজিছে।

বন্ধুত্ব মাথোঁ এটা শব্দ নহয়, ই এক নীৰৱ প্ৰতিশ্ৰুতি– এই কথাখিনি লিখি থোৱা বেনাৰখনক বেকগ্ৰাউণ্ড হিচাপে লৈ বহুতে ফটো উঠা দেখা গ’ল– হয়তো সকলোৰে মনত কথাখিনিয়ে দোলা দি গৈছে৷ সৌৱা ধীৰেণ, মৰমী, নিৰেণ, দীপক আৰু জগদীশ বেনাৰখনৰ সমুখৰপৰা আঁতৰি গ’ল কি নগ’ল ঠেলা-হেঁচাকৈ ঠিয় দিলেহি অজিত, সৌমাৰ, ৰাজীৱ আৰু মণিকংকনা। ডিজিটেল কেমেৰা, ম’বাইলৰ কেমেৰাৰ সুবিধা লৈ আমি হাজাৰ হাজাৰ ফটো উঠোঁ আৰু উঠাওঁ ভিন ভিন ভংগিমাত। তথাপি যেন এই বেনাৰখনৰ সমুখৰ ফটোৰ কথাই বেলেগ। সকলোৰে মনবোৰ আৰ্দ্ৰ কোমল হৈ উঠিছে নেকি?

মোৰ যে ঠিক কেনে লাগিছে মই নিজে বুজিব পৰা নাই, কাকো বুজাবও পৰা নাই। ঠিক যেন টাইম মেশ্বিনৰ ভিতৰৰপৰা এইমাত্ৰ ওলাই আহিছোঁ। ইফালে সিফালে চাইছোঁ। ভালকৈ ধৰিব পৰা নাই এতিয়া মই কি কৰা উচিত, কাৰ সতে কি কথা পতা উচিত। চিনাকি চিনাকি লাগিও যেন সকলোবোৰ হঠাৎ অচিনাকি যেন লাগি যাব খোজে ৷ এই যে সমুখত ফিজিক্স গেলেৰী, ওচৰতে অসমীয়া ডিপাৰ্টমেণ্ট, অলপ আগলৈ অন্য এটা চৌহদত কেমেষ্ট্ৰিৰ শ্ৰেণীকোঠা– এই  সকলোবোৰৰে প্ৰতিটো বিন্দুত লীন হৈ আছে পঁয়ত্ৰিছ বছৰ আগৰ উন্মাদনা। কেৱল উন্মাদনাই নে? হয়তো আছে কিছু স্বপ্ন, কিছু জীৱন আৰু কিছু ভগ্ন স্বপ্ন৷ সেই সকলোবোৰে যেন চাৰিওফালৰপৰা হাত বাউল দি মাতি আছে মোক। কাৰ ওচৰলৈ যাম, কাৰ ওচৰলৈ নাযাম সেই বিষয়ে মই যেন এটা স্থিৰ সিদ্ধান্তত উপনীত হ’ব পৰা নাই। উন্মাদনা, সপোন নে সপোনৰ ভগ্নাৱশেষ?

“এই প্ৰদ্যুৎ, কি ভাবি আছা বে?”, কাৰোবাৰ মাতত আৰু একে সময়তে পিঠিত পৰা এটা প্ৰচণ্ড ঢকাত চক খাই উঠিলো। পিছফালে ঘূৰি চাই দেখো সদা হাস্যবদন তপন আৰু এগৰাকী ভদ্ৰমহিলা। ভদ্ৰমহিলাক চিনি পোৱা নাই। স্মৃতিৰ কোঠালি চলাথ কৰিও কোনো এখন মুখৰ লগত এইখন মুখৰ সাদৃশ্য বিচাৰি পোৱা নাই। কিবা এষাৰ ক’ম বুলি ভাবোঁতেই ভদ্ৰমহিলালৈ আঙুলিয়াই তপনে কৈ উঠিল– “এয়া কোন কোৱাঁ?”

মই ভাবিলোঁ– এতিয়াহে ফৰিঙৰ মৰণৰ পাল। চাওঁ-নেচাওঁকৈ মহিলাৰ ফালে চালোঁ৷ মহিলাৰ মুখত স্মিত হাঁহি। ওহোঁ, নাই নোৱাৰোঁ। অলপ নাৰ্ভাছ হ’লোঁ। মোৰ অৱস্থা তপনে বুজি পালে আৰু ক’লে “নিৰ্মালি। এতিয়া চিনি পাবা নিশ্চয়।

“মাই গড!”, ক’ব নোৱাৰাকৈয়ে মোৰ মুখৰপৰা আশ্চৰ্যসূচক শব্দযুগল ওলাই আহিল। এইজনী নিৰ্মালি– মই বিশ্বাস কৰিব পৰা নাই। এই মঙহৰ ভৰত পোত গৈ থকা মহিলাগৰাকী সেই সময়ৰ ধুনীয়া ছোৱালীবোৰৰ ভিতৰৰ এজনী আছিল। তপন আৰু নিৰ্মালিৰ প্ৰেমৰ বিভিন্ন কাহিনীয়ে হোষ্টেলৰ আড্ডাবোৰ, দুটা ক্লাছৰ মাজৰ সময়বোৰ ৰসাল কৰি ৰাখিছিল। মোৰ অৱস্থা দেখি দুয়োৰে মুখত আকৰ্ণ বিস্তৃত হাঁহি ফুটি উঠিছে৷ তপনে মোৰ কান্ধত হাত থৈ আকৌ সুধিলে– “অলপ আগতে কি ভাবি আছিলা?”

“নাই, এনেয়ে চাইছিলোঁ।”

“চাই কি পালা?”

আস, কি যে প্ৰশ্ন, কেনেকৈ কওঁ ইয়াক এই টাইম মেশ্বিনৰ অনুভুতিটোৰ কথা?

মোৰ উত্তৰটো চাগে গুৰুত্বপূৰ্ণ নহয় ৷ কাৰণ মই কিবা ক’বলৈ পোৱাৰ আগতেই নিৰ্মালিয়ে কৈ উঠিল– “ব’লা, একেলগে ফটো উঠোঁ। চবেই উঠিছে। এতিয়াতো কেৱল ফটোৰ সময়। চোৱাৰ আৰু দেখুওৱাৰ।”

 

উঠিলোঁ ফটো। নিৰ্মালিয়ে ম’বাইলত ফটো দেখুৱালে। আমাৰ তিনিজনৰ পিছফালৰ বেনাৰখনত জিলিকি আছে – “বন্ধুত্ব মাথো এক শব্দ নহয়, ই এক নীৰৱ প্ৰতিশ্ৰুতি।”

মই মাথোঁ ভাবিছোঁ আজিলৈ কিমানবাৰ মই এই প্ৰতিশ্ৰুতি ৰক্ষা কৰিব পাৰিছোঁ। এই বেনাৰখনৰ প্ৰায় লগালগিকৈ কিছু কোমল মুখৰ ল’ৰা-ছোৱালীৰ ফটো। একেখন ফ্ৰেমত বন্ধা। তলত লিখা আছে মাথোঁ এটা শব্দ- “বিদায়”। সেয়া বিশ্ব বিশ্বজিত। চাকৰিৰ ইণ্টাৰভিউ দিবলৈ গৈ হোটেলৰ এটা কোঠালিৰ একেখন বিছনাতে ৰাত্ৰি যাপন কৰিছিলোঁ। সেয়া সীমান্ত – সদায় কান্ধত এটা শান্তিনকেতনী জোলোঙা ওলমাই ঘূৰি ফুৰিছিল। সৌটো পাৰ্থ। গ্ৰীক দেৱতাৰ দৰে সৌন্দৰ্য আৰু পৌৰুষৰ অধিকাৰী আছিল। সেই সময়ত তাক দেখিলে ঈৰ্ষাবোধ নকৰাকৈ থকা নাছিলোঁ। দুডাল বেণীৰে সৌজনী মনীষা। কেতিয়া, কোন সময়ত নিঃশব্দে আমাৰ সকলোৰে মাজৰপৰা আতৰি গ’ল গমেই নাপালোঁ। বন্ধুত্বৰ দাবীৰে না মোক সিহঁতে কিবা ক’বলৈ সুযোগ পালে, না মই সিহঁতৰ কথা শুনিবলৈ সময় উলিয়াব পাৰিলোঁ। চিনাকী মুখবোৰ সময়ৰ কোনটো কেঁকুৰিত কেতিয়া অদৃশ্য হৈ গৈছিল ধৰিবই পৰা নাছিলোঁ। আজি কিন্তু এনে লাগিছে যে সেই কবিয়ে কোৱাৰ দৰে – “...যেনিয়েই চাওঁ তেনিয়েই দেখোঁ তোমাৰ কৰুণ মুখ। ভাঁজে ভাঁজে কঁপি উঠে এমুঠি কঠিন শোক।” মনে মনে পাৰ্থ, সীমান্ত, বিশ্বহঁতক শেষবাৰৰ বাবে ক’লোঁ – “বিদায় বন্ধুসকল।”

*** 

“বল, ব’ল। নহ’লে চব শেষ হৈ যাব।” কান্ধত থপৰিয়াই প্ৰীতম আঁতৰি গ’ল। কি শেষ হৈ যোৱাৰ কথা ক’লে সি? মোৰ ভাবান্তৰ দেখি একেলগে থিয় হৈ থকা চহিদুৰে ক’লে– “যোৱা ব্ৰেকফাষ্ট খাই লোৱাঁ। তাৰ পাছতে মূল প্রগ্রেমবোৰ আৰম্ভ হ’ব। মই খালোঁ।”

খোৱাটো বৰ জৰুৰী নহয় (পৰীয়ে ৰাতিপুৱা ৰুটি-ভাজি খুৱাই পঠিয়াইছে) যদিও প্ৰীতমৰ পিছে পিছে গ’লোঁ৷ অসমীয়া ডিপার্টমেণ্টৰ এটা ক্লাছৰূমত খোৱাৰ আয়োজন। ঢেৰ কিবাকিবি আছে ৷ প্ৰীতমৰ ওচৰতে বহি সামান্য অলপ খাই ওলাই আহিলোঁ। বাৰণ্ডাত এজাক ল’ৰা-ছোৱালী(?)। “আজিকালি বেছি খাব নোৱাৰা হ’লোঁ ৷ অলপ ইফাল সিফাল হ’লেই এচিডিটি, বদহজমে কাহিল কৰি পেলায়।” – সেয়া অনুপৰ মাত যেন লাগিছে ৷ হয়, সেইটো অনুপ। এনে বেমাৰ সংক্ৰান্তীয় কথাবোৰ এই বয়সত বেছ সংক্ৰামক হয় কিজানি। অনুপৰ কথা শেষ হ’ল কি নহ’ল, আৰম্ভ হৈ গ’ল বিভিন্নজনৰ ভিন ভিন শাৰীৰিক সমস্যাৰ বৰ্ণনা।

“চাহত চেনি নাখাৱেঁই, ৰাতি মাত্ৰ দুখন ৰুটি খাওঁ। তথাপি ‘ছুগাৰ’টো কণ্ট্ৰ’ল হোৱা নাই বুজিছ”, কৰুণাই তাৰ টেংটেঙীয়া মাতটোৰে ক’লে।

“মোৰ আকৌ ইউৰিক এচিডৰ প্রব্লেম ৷ ছাগলীৰ মাংস বাদ দিয়াৰ নিচিনাই। মাঘবিহুৰ উৰুকাতহে দুডোখৰ মুখত দিওঁ”, ৰবীনে কৈ উঠিল।

“মোৰ দেখোন আঁঠুৰ বিষটো নুগুচাই হ’’ল। কেলচিয়াম টেবলেট খায়ো পাত্তা পোৱা নাই দেখোন”, কস্তুৰীয়ে কোৱা কথাখিনি বেছিভাগ তিৰোতাৰ ক্ষেত্ৰতে সঁচা।

কোনেও যেন এই কথা নাজানে তেনে ভাবত ৰমেশে ক’লে, “বি পি-টো কিন্তু চবেই কণ্ট্ৰ’লত ৰাখিব লাগে। ই হৈছে ছাইলেণ্ট কিলাৰ। কেতিয়া ই মৃত্যুদূতৰ ৰূপ লৈ কাৰ ওচৰলৈ আহে একো ঠিক নাই। পৃথিৱীত কিজানি আটাইতকৈ বেছি মানুহ হাই বি পি-ৰ কাৰণে মৃত্যুমুখত পৰে।”

“বায়ৰনৰ নাম শুনিছ? বিখ্যাত কবি যে? আচ্ছা, শুনিলে ভাল, নুশুনিলেও একো কথা নাই। এই বায়ৰনে এদিন সন্ধিয়া ঘৰৰ পৰা কিছু দূৰলৈ খোজ কাঢ়ি ফুৰিবলৈ গৈছিল। কিন্তু ঘৰলৈ যেতিয়া ঘূৰি আহিছিল, কবিতাৰ কিবা কথা ভাবি ভাবি ঘৰ পাৰ হৈ পঞ্চাছ কিল’মিটাৰ দূৰলৈ গুচি গৈছিল। এইখিনি কথা কোৱাৰ কাৰণ কি বুলি ভাব তহঁতে? বুজা নাই? আৰে বাবা, তহঁতে যিবোৰ বেমাৰৰ কথা কৈ আছ, সেইবোৰ চব জীৱনশৈলীয়ে মাতি অনা। জীৱন শৈলী সলনি কৰ, দেখিবি বেমাৰ গায়েব। অফিচত দিনৰ দিনটো বহা বহা কেৱল বহা। ঘৰলৈ গৈ হয় লেপটপ, টিভি নহ’লে ম’বাইল লৈ আকৌ বহা। খানা কিন্তু বকাসুৰৰ দৰে। মাছ, মাংস, কণী, ক্ৰীম নহলে ভাত ভিতৰলৈ নাযায় তহঁতৰ। শুন, মানুহৰ ভৰি দুখন থিয় হোৱা বা খোজ কঢ়াৰ বাবে। বহি থাকিবলৈ নহয়। ডেইলী খোজ কাঢ়। বজাৰলৈ গাড়ীৰে যোৱাৰ সলনি খোজ কাঢ়ি যা, চেলুনলৈ খোজ কাঢ়ি যা, ফাৰ্মাচীলৈ খোজ কাঢ়ি যা ৷ মাজে মাজে বায়ৰনৰ নিচিনাকৈ কোনোবা লংকালৈ খোজ কাঢ়ি গুচি যা ৷ মুঠতে খোজ কাঢ়। দেখিবি তহঁতৰ বেমাৰবোৰ ভাল হ’বই, লগতে পৃথিৱীৰো প্ৰদূষণ নামৰ বেমাৰটো ভাল হৈ যাব ৷” এক দীঘলীয়া ভাষণ সমাপ্ত কৰি ৰক্তিমে সমুখৰ সকলো শ্ৰোতাৰ মুখৰ ওপৰেৰে দৃষ্টি বগৰাই নিলে– যেন পৃথিৱীৰ সবাতোকৈ সাৰুৱা ভাষণটোহে দি উঠিছে। কিন্তু শ্ৰোতাসকলৰ মুখত এক মধ্যবয়সীয়া উদাসীনতা ফুটি উঠিছে। ভাবটো যেন এনেকুৱা– বেটা, বায়ৰনৰ কথা বাদ (কথাটো অলপ গাজাখুৰি গল্প যেন লাগিছেই), বাকীবোৰ কথা আমি নাজানো বুলি ভাবিছ নেকি। কিন্তু এইবোৰ মানি চলিবলৈ সময় ক’ত? এই ভাগ-দৌৰৰ জীৱনত খোজ কাঢ়ি ঘূৰি ফুৰা যায় কেনেকৈ হা?

“চা, এই বেমাৰবোৰৰ মূল কাৰণ হৈছে ষ্ট্ৰেছ বা মানসিক চাপ। মনটোক চাপমুক্ত কৰি ৰাখিবি তো বেমাৰে পাত্তা নাপায়। ভাবি চা, কলেজৰ দিনবোৰত ক’ত কিমান ৰাস্তাই-ঘাটে ছিঙৰা, পকৌৰি খাই ফুৰিছিলোঁ, একো বেমাৰ নাছিল। আৰু এতিয়া সিদ্ধ অমিতা খালেও হজম হ’ব নোখোজে। কাৰণ কিন্তু মানসিক চাপ ৷” সৰ্বজান্তাৰ নিচিনা এক কমেণ্ট উফৰি আহিল শ্যামলৰ মুখৰ পৰা।

“কলেজৰ দিনৰ লগত এতিয়াৰ দিনৰ তুলনা কৰি কি লাভ? সেই সময়ত পৃথিৱীখন আছিল আমাৰ ভৰিৰ তলত। আৰু এতিয়া গোটেই পৃথিৱীখন আমাৰ মূৰৰ ওপৰত। সেইটোৱেই ডিফাৰেঞ্চ। সময় সলনি হ’ল বন্ধু।” পুৰঞ্জয়ে এক দাৰ্শনিকসুলভ মন্তব্য আগ বঢ়ালে। পুৰঞ্জয়ৰ কথাত সকলোৱে যেন সকাহ পালে। শাৰীৰিক সমস্যাবোৰ যে ৰক্তিমে কোৱাৰ দৰে এলাহ আৰু অধিক ভোজনৰ বাবে নহয় তাৰ সপক্ষে এক সবল যুক্তি বিচাৰি পালে।

অনিতা আহি আমাৰ ওচৰ পালে। এইমাত্ৰ ব্ৰেকফাষ্ট খালে যেন লাগিছে। কিন্তু তাইৰ চকু দুটা ফুলি আছে কিয়? কন্দাৰ নিচিনা লাগিছে দেখোন। কোনোবাই কিবা বেয়াকৈ ক’লে নেকি? মই ৰৈ নাথাকি অলপ জোকাবলৈ তাইক সুধিয়েই পেলালো– “তোমাৰ চকুৰ লেক্ৰিমেল গ্লেণ্ড অলপ উত্তেজিত হৈ পৰিছে যেন লাগিছে। কাৰণ কি?” তাই একো নুবুজাৰ নিচিনাকৈ মোৰ ফালে চাই থাকিল। “মানে তুমি কান্দিছা কিয়?”, মোৰ মুখত হাঁহিৰ ৰেখা ফুটি উঠিল। এইবাৰ অনিতাৰ মুখতো হাঁহি ওলাল– “বাঃ, বায়ল’জি এতিয়াও মনত আছে তাৰমানে? নাই অ’, এইটো মোৰ এটা বেমাৰ। এই যে সকলোকে আজি কিমান বছৰৰ মূৰত লগ পালোঁ, ইমান ভাল লাগিল যে কান্দোন ওলাই আহিল।” মই ভাবিলো অন্ততঃ আজি এটা দিনৰ বাবে আমাক সকলোকে অনিতাৰ বেমাৰে পাওক, স্মৃতিৰ ৰেলগাড়ীত উঠি আমাৰ ওচৰলৈ আহক সেই সময়ৰ নিৰ্দোষ আনন্দৰ মুহূৰ্তবোৰে আৰু আৰ্দ্ৰ কৰি তোলক আমাৰ সকলোৰে হৃদয়। মোৰ আওৰাবলৈ খুব মন গৈছে – ‘হাতৰ মুঠিতেই ভাল/ মেলি দিলেই উৰি যায়/ স্মৃতিৰ ৰঙীন ৰূমাল/মোৰ চিৰদিন, চিৰকাল।’ 

***

“সৌজনী কোন নো? মই চিনি পোৱা নাই। একেবাৰে সৰু ছোৱালীৰ নিচিনা লাগিছে দেখোন।”, অলপ দূৰত চেলোৱাৰ কামিজ পিন্ধি থিয় হৈ থকা মহিলাগৰাকীৰ ফালে চাই যতীনে সুধিলে। যতীনৰ দৃষ্টি অনুসৰণ কৰি মই দেখিলো সেইজনী মল্লিকা। যতীনক ক’লোঁ

“মল্লিকা।”

“অলপ ধেমালি কৰোঁ নেকি?”

“কি ধেমালি?”

“চাই থাক।”

মোক অলপ আচৰিত কৰি যতীনে প্ৰায় চিঞৰি মাতিলে– “এ মল্লিকা।” মল্লিকাই ইফালে সিফালে ঘূৰি চোৱা দেখি যতীনে এইবাৰ হাতবাউল দি ওচৰলৈ মাতিলে। মল্লিকা কলা শাখাৰ আছিল। আমি আছিলোঁ বিজ্ঞানৰ। স্বাভাৱিকতে তাইৰ নিশ্চয় আমাৰ কথা মনত নাই। গতিকে তাই অলপ থেৰোঁ-গেৰোঁকৈ আমাৰ ওচৰলৈ আহিল। তাই এক প্রশ্নবোধক চাৱনিৰে যতীনৰ ফালে চালে। যতীনে তাৰ ট্ৰেডমাৰ্ক দুষ্ট হাঁহিটো মুখত লৈ মল্লিকাক সুধিলে– “ৰহস্যটো কি?”

মল্লিকাৰ মুখৰ অসহজ ভাবটো আৰু বেছি স্পষ্ট হৈ পৰিল। তাই ওলোটাই সুধিলে

“কি ৰহস্য?”

“এতিয়াও, মানে পঞ্চাছ বছৰ বয়সতো তুমি ইমান ধুনীয়া হৈ আছা কেনেকৈ? ইচ্‌কা ৰাজ ক্যা হ্যায়?”

মল্লিকাই থতমত খালে। তাই চাগে এনে এটা প্ৰশ্নৰ মুখামুখি হ’ব লাগিব বুলি ভবাই নাছিল। নিজক সম্বৰণ কৰি তাই যতীনক ক’লে– “মই বুঢ়া হোৱা কথাটো কেতিয়াও মনলৈ নানো। মই কি বিশ্বাস কৰোঁ জানা– আমি যদি হাঁহি যাওঁ আমাৰ মুখত বলিৰেখাই কেতিয়াও ঠাই নাপায়।”

মল্লিকাৰ কথাষাৰ মোৰ মনঃপূত হ’ল। সমান্তৰালকৈ এই ভাবটোও মনলৈ সোমাই আহিল– জীৱনে জানো সকলোকে হাঁহি যাবলৈ সুযোগ দিয়ে? 

***

“ব’ল ব’ল হলত বহোঁগৈ। কোৰাছ আৰম্ভ হ’বই এতিয়া ৷” অজিতৰ কথাত মোৰ কাণ দুখন সজাগ হৈ উঠিল। কোনে জানো কৈছিল, কোৰাছৰ কথা, সুৰ আৰু সংগীত হেনো ৰমেনৰ। পেচাত এতিয়া সি ডাক্টৰ। কেনেকৈ যে সময় উলিয়ায় ভাবি আচৰিত হওঁ। হলত বহোঁ মানে কোৰাছ আৰম্ভ হ’ল

‘সোণালী পল

সোণোৱালী অনুপল

মন মোৰ ওভতে এৰি অহা বাটে

হেৰোৱা দিনৰ, এনাজৰী মৰমৰ...!” 

ৰমেন, ঋতু, দীপা, হৰেন, অৱনী– সকলোৱে প্ৰাণ ঢালি গাইছে গীতটো। গীতৰ শেষত হাত তালিৰ শব্দত হলঘৰ গমগমাই উঠিল। গীতটোৰ কথা, সুৰ আৰু সংগীতত এনে কিবা এটা আছিল যে মোৰ চকুৰে টপ টপকৈ চকুপানী সৰি পৰিছিল। মই চকুপানী মচাৰ চেষ্টা নকৰিলোঁ। দেখিলোঁ মোৰ কাষতে বহা দিগন্তৰো চকু সেমেকি উঠিছে৷ কোৰাছ চলি থকা সময়তে ভাস্কৰে তাৰ ম’বাইলৰ কেমেৰাৰে সকলোৰে মুখবোৰ ধৰি ৰাখিবলৈ যত্ন কৰিলে। তাৰ ম’বাইলৰ কেমেৰাত মোৰ চকুপানী বৈ থকা মুখৰ ছবি বন্দী হৈ ৰ’ল। যিকোনো ছবিৰ কেপশ্বন দিয়াটো ভাস্কৰৰ অন্যতম চখ। কেতিয়াবা ফটোবোৰ চালে মোৰ চকুপানী বৈ থকা ফটোখনৰ সি কি কেপশ্যন দিব বাৰু? এনে এক নাম দিব নেকি – ‘মন-মাটি মোৰ ৰোমাঞ্চিত যুৱক; চকুৰ পতাৰপৰা বৈ আহিছে দুখন নৈ।’

****

দীঘল চুলিৰ কেমেৰামেনজন ঘামি উঠিছে। বিভিন্ন এংগোলৰপৰা তেওঁ ফ’কাছ কৰি চাইছে। প্ৰায় দুশ মানুহক একেটা ফ্ৰেমৰ মাজত ধৰি ৰাখিবলৈ তেওঁ ঢেৰ দৌৰা-দৌৰি কৰিবলগীয়া হৈছে। তেওঁ এবাৰ প্রস্তাৱ দিছিল যে মানুহখিনিক দুটা দলত ভাগ কৰি ফটো তোলা হওক কিন্তু সত্যেনৰ এটাই কথা– “ইয়াৰ্কি নেকি? ফটো এখনেই হ’ব লাগিব। দুটা দলত ফটো তোলা নহ’ব কোনো কাৰণতে। দুটা দলত ফটো উঠাব লাগিলে প্রফেশ্বনেল কেমেৰামেনৰ কোনো প্রয়োজন নাই। আটাইকেইজন মানুহ এটা ফ্ৰেমৰ মাজত থাকিব লাগিব৷” গতিকে কেমেৰামেনৰ দৌৰাদৌৰি চলি আছে। কাৰোবাক যদি এফালে আঁতৰি যাবলৈ কৈছে কাৰোবাক আকৌ অলপ সমুখলৈ যাবলৈ কৈছে। কাৰোবাক যদি মাটিত বহিবলৈ কৈছে, কাৰোবাক আকৌ পিছফালে থিয় হ’বলৈ কৈছে। কিন্তু নাঃ, কোনোপধ্যে সকলোকে ফ্ৰেমৰ মাজত ৰাখিব পৰা নাই। নিৰঞ্জনে তাৰ গলগলীয়া মাতটোৰে কৈ উঠিল – “মনৰ ফ্রেমত থাকিলেই হ’ল, কেমেৰাৰ ফ্ৰেমৰ মাজত থাকিলোঁ বা নথাকিলোঁ ক্যা ফৰ্ক পৰতা হ্যায়?” মই তাৰ মুখৰ ভাষা পঢ়িবলৈ চেষ্টা কৰিলোঁ। ভাবিলোঁ আজি ইয়াৰপৰা উভটি যাওঁতে সকলোবোৰ মুখ মই মোৰ মনৰ ফ্ৰেমত লৈ যাব পাৰিম নে?

আৰু কিছু দৌৰাদৌৰি কৰাৰ পাছত কেমেৰামেন আৰু লগতে সত্যেনো নিশ্চিত হ’ল যে এনেকৈ নহ’ব। বেলেগ ‘তৰিকা’ লগাব লাগিব৷ অৱশেষত ঠিক হ’ল যে কেমেৰামেন থাকিব ফিজিক্স বিল্ডিঙৰ চাদৰ ওপৰত আৰু আমি থাকিম বিল্ডিঙৰ সমুখৰ খালী ঠাইখিনিত। কথামতে কাম ৷ এইবাৰ সকলোবোৰ মুখ একেটা ফ্ৰেমৰ মাজত সোমাল। আমি সকলোৱে আমাৰ হাতবোৰ ওপৰলৈ দাঙিলোঁ। ক্লিক ক্লিক ক্লিককৈ কেমেৰামেনে কেইবাবাৰো চাটাৰৰ বুটাম টিপিলে। আমাৰ মুখবোৰ বন্দী হৈ পৰিল। কেমেৰাৰ ভিউ ফাইণ্ডাৰতে আমাক ফটো দেখুওৱা হ’ল। ফটো প্ৰিণ্ট হোৱালৈ ৰ’বলৈ কাৰো যেন ধৈৰ্য নাই। ওপৰলৈ দাঙি থকা হাতবোৰ দেখি এনে ভাব হ’ল যেন আমি আকাশ চুবলৈহে যত্ন কৰিছোঁ।

****

এই সময়খিনি যেন গাম্ভীৰ্যৰ মুখা খুলি থোৱাৰ সময়। মঞ্চত নচাই নাচিছে, গান গোৱাই গান গাইছে। সুৰীয়া মাতেৰে গীত এটা গোৱাৰ প্ৰতিভা সকলোৰে নাথাকে। কিন্তু হাত-ভৰি জোকাৰি নাচিবলৈ বৰ বেছি প্ৰতিভাৰ দৰকাৰ নাই কিজানি। কাৰণ গীত গোৱাতকৈ নচা মানুহৰ সংখ্যা বহুত বেছি। নৱ, ববী, শ্যামলীহঁতে এটাৰ পাছত এটাকৈ সুন্দৰ গান গাইছে। মই দৰ্শক তথা শ্ৰোতা। চকুৰ সমুখত এজাক মধ্যবয়সীয়া মানুহ কিশোৰ-চেমনীয়ালৈ ৰূপান্তৰিত হৈছে। সকলোৰে চকুৱে-মুখে চিকমিকাই উঠিছে সেই কলেজৰ দিনৰ, সেই সোণালী পল, সোণোৱালী অনুপলৰ আভা। মধ্যবয়সীয়া ভৰিবোৰত একেৰাহে বেছি সময় নাচিবলৈ জোৰ নাথাকে। গতিকে কেইজনমানে যদি ভাগৰ লাগি বহি পৰিছে, অইন কেইজনমান উঠি গৈছে নাচিবলৈ। এই ঘটনাৰ পুনৰাবৃত্তি চলি আছে- দুজনমান বহিছে, অইন দুজনমান উঠি গৈছে নাচিবলৈ। দুজনমান যদি বহিছে...

“হেৰা, তোমাৰ আকৌ কি হ’ল? ফোনত কথা পতাৰ পাছৰপৰা জলকা লাগি বহি আছা যে? সিফালে মিস্ত্ৰীয়ে কিবা কব্জা লাগে বুলি কৈ আছে দেখোন। কি যে মানে...৷”, পৰীৰ মাতত মোৰ সম্বিত ঘূৰি আহিল। হয়, অলপ আগতে ৰাজদ্বীপৰ ফোন আহিছিল। পৰীক কেনেকৈ কওঁ যে তাৰ ফোনকলটোৱে অকৌ এবাৰ সোঁৱৰণীৰ সোণৰ ভঁৰাল খুলি দিলে। পৰীক এইটোও কোৱা নাযায় যে স্মৃতিৰ কপাহ কোমল অনুভুতি আৰু মিস্ত্ৰী, কব্জা, গজাল, হাতুৰী আদি দুখন বেলেগ পৃথিৱীৰ বস্তু...।

ৰাজদ্বীপৰ কথাৰপৰা বুজা গৈছিল যোৱাবছৰৰ দৰে এইবাৰো মিলন সমাৰোহ হ’বলৈ গৈ আছে ৷ মই অংশ ল’ম নে নল’ম নিশ্চিত কৰিব লাগে। ক’ত জানো পঢ়িছিলোঁ–অলৌকিক সৌন্দৰ্য হেনো বাৰে বাৰে উপভোগ কৰাৰ চেষ্টা কৰিব নালাগে। গতিকে মই ভাবি আছো যৌৱনৰ সেই অদ্ভুৎ ভাললগা দিনবোৰক বাৰে বাৰে চুই চাবলৈ চেষ্টা কৰিম জানো? ৰাজদ্বীপক কি কওঁ...?


*** 


স্পষ্টীকৰণ:

১) গল্পটোত উদ্ধৃত আটাইবোৰ কবিতাৰ পংক্তি শ্ৰদ্ধেয় হীৰেন ভট্টচাৰ্যদেৱৰ কবিতাপুথি “সুগন্ধি পখিলা”ৰ পৰা লোৱা হৈছে।

২) গল্পৰ চৰিত্ৰসমূহ সম্পূৰ্ণ কাল্পনিক। কোনো চৰিত্ৰৰ নাম বাস্তৱৰ কোনো ব্যক্তিৰ নামৰ লগত মিল থাকিব পাৰে। কিন্তু সেয়া সম্পূৰ্ণ কাকতালীয়।


ঠিকনা : 

মাইক্ৰ’ৱেভ ষ্টেশ্যন, বি এত এন এল

খলিহামাৰি, ডিব্ৰুগড়-৭৮৬০০১

ভ্ৰাম্যভাষ : ৯৪৩৫৭২৯৬৬৯

ই-মেইল : bidyutsarma@gmail.com



 

অন্যযুগৰ প্ৰকাশিত সংখ্যাসমূহ