অন্যযুগ/


নিখুঁত বড়িৰ ৰচনা আৰু ক’ভিড-১৯-ক নিৰ্মূল কৰা সম্ভৱনে?

ড° ভাৰত বৰুৱা

চিকিৎসা বিজ্ঞানৰ কুশলীসকলৰ মতে মৌখিক প্ৰতিবিষাণু বা অৰেল এণ্টিভাইৰেল, যিটো তৈয়াৰ কৰা খুবেই কঠিন, সেইটোৱেহে  সম্ভৱত:অনাগত দিনত কভিড-১৯ অতিমাৰীৰ শিখাক নুমুৱাব পাৰিব আৰু ভবিষ্যতে এনে ধৰণৰ ভাইৰাছজনিত ৰোগৰ আবিৰ্ভাৱক প্ৰতিৰোধ কৰিব পাৰিব। যেতিয়াই কভিড-১৯ -য়ে সমগ্ৰ বিশ্ব ছানি ধৰিলে, আগতে অসাধ্য বুলি ভবা এটা কাম বিজ্ঞানীসকলে কৰিবলৈ সক্ষম হল।সেইটো হৈছে সুলভ তথা নিৰ্ভৰযোগ্য কভিড টেষ্ট বা পৰীক্ষণ আৰু এই টেষ্ট পৃথিবীৰ প্ৰায় সকলো প্ৰান্ততেই উপলব্ধ হল। লগতে মাত্ৰ ওঠৰ মাহ আগতে চিনাক্ত কৰা বিষাণু বা ভাইৰাছৰ নিৰাপদ আৰু ফলপ্ৰসূ প্ৰতিষেধকো শ শ নিযুত মানুহে লব পৰা হল। এয়া নিশ্চয়কৈ আধুনিক চিকিৎসা বিজ্ঞানৰ জয়যাত্ৰা। কিন্তু এই জয়যাত্ৰা আধৰুৱাহে কিয়নো, এই অতিমাৰীৰ পৰিসমাপ্তি ঘটাবৰ বাবে কেৱল প্ৰতিষেধক পৰ্যাপ্ত নহয়। আগশাৰীৰ চিকিৎসাবিদসকলে মন্তব্য দিছে যে, ভিড-১৯ এই ধৰাৰ পৰা অতি সোনকালে আতঁৰি যোৱাৰ কোনো সম্ভাৱনা নাই। কিয়নো বিশ্বৰ বহু দেশত পৰ্যাপ্ত প্ৰতিষেধকৰ পালি বহুলভাৱে উপলব্ধ হোৱা নাই। ইয়াৰ ফলত বিশ্বৰ সমগ্ৰ জনতাক প্ৰতিষেধক দি অতিমাৰী ৰোধ কৰা প্ৰায় অসম্ভৱ। বিশ্ব স্বাস্থ্য সংস্থাৰ মতে বিশ্বৰ অৰ্ধেক সংখ্যক জনতা বাস কৰা নিম্ন  তথা নিম্ন-মধ্যবিত্ত দেশ কেইখনৰ মাত্ৰ ১৭% মানুহেহে কভিড-১৯-ৰ প্ৰতিষেধক পাইছে বা লৈছে। আনকি অধিক শতকৰা হাৰত প্ৰতিষেধক প্ৰদান কৰা দেশ যেনে ইজৰাইল (৬৩%), ডেনমাৰ্ক (৬৯%), কানাডা (৬৬%), জাৰ্মানী (৫৮%), আমেৰিকা (৫১%) আদিত কমকৈ হলেও সংক্ৰমণ এতিয়াও অব্যাহত আছে । তদুপৰি, সেইবোৰ দেশৰো মুঠ জনসংখাৰ এটা ভাগ প্ৰতিষেধক লব পৰা বয়সৰ পৰিসীমাৰ তলত, এটা অংশই অনাস্থাৰ বাবে প্ৰতিষেধক লব নিবিচাৰে, আৰু এটা ভাগে বিভিন্ন কাৰণত প্ৰতিষেধক লব নিবিচাৰে।

ভিড-১৯ অতিমাৰী আৰু কেইবা বছৰ ধৰি বৰ্তি থাকিব পাৰে কিয়নো বিভিন্ন কাৰণত বহু সংখ্যক লোকে প্ৰতিষেধক লোৱা নাই বা লব পৰা নাই, আৰু বিষাণুৰ উৎপৰিৱৰ্তনৰ বাবে  সৃষ্টি হোৱা ৰূপান্তৰে প্ৰতিষেধকক আংশিকভাৱে হলেও অক্ষম কৰিছে। চিকিৎসক আৰু জন-স্বাস্থ্য কুশলীসকলৰ বক্তব্য হৈছে যে আমি এতিয়াও এবিধ মুখ্য সঁজুলিৰ পৰা বহু আঁতৰত - এটা মৌখিক প্ৰতিবিষাণু বা অৰেল এণ্টিভাইৰেল। আমাক সদায়েই এটা নতুন ধৰণৰ যতনৰ দৰকাৰ হ, অকল প্ৰতিষেধকৰ ওপৰত নিৰ্ভৰশীল হলে নচলিব। আমি যদি কভিড-১৯ ৰ অসুস্থতাৰ আৰাম্ভণিতেই ৰোগীক এটা নিৰাপদ আৰু কৰ্মক্ষম প্ৰতিবিষাণু বা এণ্টিভাইৰেলৰ পালি দিব পাৰোঁ, তেন্তে আমি ৰোগীক চিকিৎসালয়ত ভৰ্তি হোৱাৰ পৰা আৰু মৃত্যু হোৱাৰ পৰা বচাব পৰিম। লগতে স্বাস্থ্য-সেৱা বিভাগক অতিমাৰীৰ মাধমাৰৰ পৰা সকাহ দিব পৰা যাব। 

ভিড-১৯ বিষাণু বা ভাইৰাছ নি:শেষ কৰিব পৰা প্ৰতিবিষাণু অথবা যি কোনো ধৰণৰ বিষাণুজনিত তীব্ৰ সংক্ৰমণ ৰোধ কৰিব পৰা প্ৰতিবিষাণু বা এণ্টিভাইৰেল তৈয়াৰ কৰা সাধাৰণত কষ্টকৰ। এনে ধৰণৰ প্ৰতিবিষাণু অতি কম সময়ৰ বাবেহে কৰ্মক্ষম হৈ থাকে, সংক্ৰমণৰ পৰা পৰিপূৰ্ণ ৰূপত ৰোগ হোৱালৈকে। তাতোকৈ উল্লেখযোগ্য কথা যে, এটা প্ৰতিবিষাণু গৱেষণাগাৰত বিকশিত কৰি, ক্লিনিকেল প্ৰয়াসৰ জৰিয়তে ব্যৱহাৰৰ উপযোগী বুলি চিনাক্ত কৰি বজাৰত উপলভ্য হোৱালৈকে বহু বছৰৰ শ্ৰম জড়িত হৈ থাকে। কিন্তু সেই সময়ছোৱাৰ ভিতৰত যদি জন-স্বাস্থ্য ব্যবস্থাৰ উন্নতি কৰি বিষাণুৰ সংক্ৰমণ নিৰ্মূল অথবা কম কৰিব পৰা যায় তেন্তে গৱেষকসকলৰ কষ্ট অথলে যোৱাৰ দৰেই হৈ পৰে। এনেবোৰ কাৰণতেই প্ৰতিবিষাণুৰ গৱেষণাৰ ক্ষেত্ৰত বিত্তীয় সাহায্য সীমিত ধৰণেহে পোৱা যায় আৰু ফলস্বৰূপে প্ৰতিবিষাণুৰ বিকাশৰ গৱেষণা তুলনামূলকভাৱে অন্য ঔষধৰ গৱেষণাতকৈ অনেক গুণে পিছপৰা। 

প্ৰতিবিষাণু বা এন্টিভাইৰেল পিল্ বা বড়ি বিকাশ কৰা কঠিন কিয়? 

আজি ওঠৰ মাহ ধৰি কভিড-১৯-ৰ তাণ্ডৱত সমগ্ৰ বিশ্বই কম্মাপন। এনে দুৰ্দিনত ঔষধ-প্ৰস্তুতকৰ্তাবোৰে ইটোৱে সিটোৰ লগত ফেৰ মৰাৰ চেষ্টা কৰিছে, কোনে আগতে প্ৰতিবিষাণু বা এণ্টিভাইৰেল তৈয়াৰ কৰি এই অতিমাৰীৰ জোৱাৰক শাম কটাব পাৰে। কিন্তু বাস্তৱিকতে এই ধৰণৰ প্ৰতিবিষাণু তৈয়াৰ কৰাৰ পথ দীঘলীয়া আৰু কষ্টসাধ্য। সচৰাচৰ, প্ৰতিশ্ৰুতিজনক প্ৰতিবিষাণু ৰোগীৰ কাষ নাপায়গৈ।  

বিষাণু অথবা ভাইৰাছবোৰ সলি-সিয়ান। সিহঁত আণুবীক্ষণিক, অতি সহজে উৎপৰিৱৰ্তন কৰিব, আৰু প্ৰতি দিনে নিজৰে হাজাৰ হাজাৰ নকল বা প্ৰতিলিপি তৈয়াৰ কৰিব পৰা ক্ষমতাসম্পন্ন। আচলতে সংক্ৰমিত কোষবিলাকেহে মূল বিষাণুটোৰ হৈ তাৰ নকলবোৰ তৈয়াৰ কৰে। বিষাণুৰ নিজৰ প্ৰজনন শক্তি নাই - সিহঁতে এটা জীৱকোষক সংক্ৰমিত কৰাৰ আগলৈকে নিৰ্জীৱ অথবা অক্ষম হৈ থাকে। আনহাতে, ঔষধৰ কামেই হৈছে ৰোগৰ কাৰকৰ প্ৰটিন বা উৎসেচক এটাক লক্ষ্যবস্তু হিচাপে লৈ প্ৰত্যাক্ৰমণ কৰা আৰু প্ৰতিৰোধ কৰা। কিন্তু বিষাণুৰ নিজৰ বুলিবলৈ সীমিত প্ৰটিন বা উৎসেচক হে আছে। সেই মুষ্টিমেয় প্ৰটিন আৰু উৎসেচকৰ সহায়তেই বিষাণুয়ে মৌলিক কাৰ্য যেনে - কোষত প্ৰৱেশ, প্ৰতিলিপি তৈয়াৰ, আৰু শেষত কোষৰ পৰা উধাও হোৱা - যাতে সেই একেখিনি কাম অন্য কোষত পূনৰাবৃত্তি কৰিব পাৰে। কিন্তু সেই এমুঠিমান প্ৰটিন আৰু উৎসেচকৰ শৃংখল আৰু সংৰচনা ভিন্ন গোত্ৰৰ বিষাণুৰ ক্ষেত্ৰততো বেলেগেই, একেটা শ্ৰেণীৰ বিষাণুৰ মাজতো অনুৰূপ নহয়। এনেবিলাক কাৰণতে যেতিয়া এটা ঔষধেৰে এটা বিষাণুক নিহত কৰিব বিচৰা হয় বিজ্ঞানীসকল বিপাঙত পৰে।গতিকে এটা বিষাণুৰ বাবে তৈয়াৰ কৰা ঔষধে আন এটা বিষাণুৰ ক্ষেত্ৰত কাৰ্যকৰী ক্ৰিয়া নকৰাতো খুবেই স্বাভাৱিক। তাৰ লগতে বিনিয়োগৰ নাটনি আৰু ক্লিনিকেল প্ৰয়াসৰ বাবে নিৰ্ভৰযোগ্য পশু-আৰ্হিৰ অভাৱে প্ৰতিবিষাণুৰ বিকাশ এটা জটিল সমস্যাত পৰিণত কৰিছে। 

 বহু দশক ধৰি বিজ্ঞানীসকলে এইটোৱেই ঠিৰাং কৰিব পৰা নাছিল যে বিষাণুৰ নিজাকৈ প্ৰটিন বা উৎসেচক আছে নে নাই। তেওঁলোকে মাত্ৰ ধৰি লৈছিল যে বিষাণুৱে জব্দ কৰা কোষবোৰে নিজা প্ৰটিন আৰু উৎসেচক ব্যৱহাৰ কৰি বিষাণুৰ নতুন প্ৰতিলিপি তৈয়াৰ কৰি থাকে। ১৯৬৭ চনতহে বিজ্ঞানীসকলে প্ৰথম আৱিষ্কাৰ কৰে যে বিষাণুৰ উৎসেচক, পক্সভাইৰাছ ডি. এন. এ.-নিৰ্ভৰশীল আৰ. এন. এ. পলিমাৰেজ। এই উৎসেচকেই বিষাণুৱে বহন কৰা বংশগতিৰ সূত্ৰৰ ভাঙনি কৰি আৰ. এন. এ.-ৰ সৃষ্টি কৰে যি বিষাণুৰ নিজা প্ৰটিন তৈয়াৰ কৰিবলৈ লয়। এইদৰে বিজ্ঞানীসকলে বিষাণুৰ প্ৰথম উৎসেচকক চিনাক্ত কৰাৰ পাছৰপৰা তেওঁলোকে সেই উৎসেচকক নিহত কৰাৰ লক্ষ্য লৈ ঔষধৰ বা প্ৰতিবিষাণু ৰূপাঙ্কণৰ কাম আৰাম্ভ কৰে, যদিও সেই দিশত উন্নতি উৎসাহজনক নাছিল। প্ৰতিবিষাণু বা এণ্টিভাইৰেলতকৈ প্ৰতিজৈৱিক বা এণ্টিবেক্টেৰিয়েলৰ বিকাশতহে বিজ্ঞানীসকলে বেছিকৈ মনোনিৱেশ কৰা দেখা গল। এচাইক্লভিৰ্ নামৰ প্ৰতিবিষাণু ১৯৭৪ চনত পেটেণ্ট্ কৰাৰ আগলৈকে এনে ধৰণৰ ঔষধৰ কোনো চিন-মোকাম নাছিল। ১৯৮০ চনৰ পৰাহে মানৱ শৰীৰত এই প্ৰতিবিষাণু ব্যৱহাৰৰ বাবে অনুমোদিত হৈছিল। এই এচাইক্লভিৰে হাৰপিছ, বসন্ত আদিৰ বিষাণুৰ নিৰাময় কৰিবলৈ সক্ষম হৈছিল। এই প্ৰতিবিষাণুৰ কাৰ্যক্ষমতাৰ কাৰণ হৈছে যে কোষৰ ভিতৰত প্ৰৱেশ কৰি নিজকে ডি. এন. এ.-ৰ এটা উপাদানৰ ৰূপলৈ পৰিৱৰ্তিত কৰিছিল। এই প্ৰক্ৰিয়াই বিষাণুৰ ডি. এন. এ. পলিমাৰেজক ছলনা কৰি ঔষধবিধক বিকশিত ডি. এন. এ. শৃংখলৰ লগত সন্নিবিষ্ট কৰি পেলাইছিল আৰু বিষাণুৰ উৎপাদন প্ৰক্ৰিয়াৰ অন্ত পেলাইছিল। 

এই আৱিষ্কাৰ অতি গুৰুত্বপূৰ্ণ আছিল কিয়নো এই ঔষধে কেৱল বিষাণুৰ ডি. এন. এ. পলিমাৰেজক হে অক্ষম কৰিছিল কোষবিলাকৰ অন্য প্ৰটিন বা উৎসেচকক স্পৰ্শও কৰা নাছিল, গতিকে পাৰ্শ্বক্ৰিয়া কম হৈছিল। তেতিয়াৰে পৰা গৱেষকসকলে তেনে ধৰণৰ পদক্ষেপ লবলৈ কাম কৰি আহিছে যাতে ঔষধৰ লক্ষ্য কেৱল বিষাণুৰ প্ৰটিন বা উৎসেচক, কোষৰ উপাদান যাতে নহয়। প্ৰতিবিষাণু ৰূপাঙ্কণ কৰা গৱেষকসকল সদায় এটা কথাক লৈ সতৰ্ক হোৱা দৰকাৰ। সোইটো হৈছে, বিষাণুৰ কোনটো উপাদান আটাইতকৈ লেহুকা। যেনে ধৰক এখন বাহনৰ তেল কমি গলে অভিজ্ঞতাৰ পৰা আপুনি জানে যে কিছুদূৰ সুকলমে চলাই যাব পাৰিব। কিন্তু বাহনৰ টাইমিং বেল্ট যদি ছিগে তেন্তে বাহনৰ ইঞ্জিন অকামিলা হৈ পৰিব। গতিকে এটা বিষাণুৰ কেপচুলত বাহনৰ টাইমিং বেল্টৰ সমতুল্য কি আছে আৰু সেইটো বিভিন্ন গোত্ৰৰ বিষাণুৰ ক্ষেত্ৰত কিমান বেলেগ বেলেগ, এনে ধৰণৰ দিশবোৰত গৱেষকসকলে গুৰুত্ব দিবলৈ লৈছে। 

 বিষাণুৰ সংক্ৰমণ, পোষক কোষত প্ৰৱেশ আৰু প্ৰতিলিপি তৈয়াৰ কৰা প্ৰতিটো পৰ্যায়তে বিষাণু প্ৰতিহত কৰাৰ সুযোগ থাকিব পাৰে। কিন্তু যিহেতু বিষাণুৱে মাত্ৰ এমুঠিমান প্ৰটিনৰ সংকেতহে বহন কৰে তাৰ ভিতৰত মাত্ৰ এটা বা দুটা প্ৰটিনকহে প্ৰতিবিষাণুৱে বাছনি কৰিব পাৰে। আৰু সেই বাছনি কৰা বিষাণুৰ প্ৰটিন বা উৎসেচক কেইটাৰ ক্ৰিয়া পোষক কোষৰ ক্ৰিয়াৰ লগত একে হব পাৰে। এই ধৰণৰ সাদৃশ্যৰ কাৰণে প্ৰতিবিষাণুৱে বিষাণুৰ প্ৰটিন বা উৎসেচকক আক্ৰমণ কৰাৰ লগতে মানৱীয় পোষক কোষৰ প্ৰটিন বা উৎসেচককো প্ৰতিহত কৰে। ফলস্বৰূপে প্ৰতিবিষাণুৰ প্ৰৱল পাৰ্শ্বক্ৰিয়া দেখা যায়।

 এনে ধৰণৰ সম্ভাৱনা থকা সত্তেও প্ৰতিবিষাণুৰ বিকাশ কৰা গৱেষকসকলে বিষাণুৰ কেইবাটাও লাগতিয়াল প্ৰটিনক পোষক কোষক ক্ষতি নকৰাকৈ বাছনি কৰিবলৈ সক্ষম হৈছে। আৰু যেতিয়াই এনে ধৰণৰ জন-স্বাস্থ্যমূলক ভাবুকিৰ সৃষ্টি হয় তেওঁলোকে সেই নিৰ্ধাৰিত প্ৰটিন কেইটাকেই প্ৰথমে বাছনি কৰে। বিষাণুৰ যিবিধ উৎসেচকে ডি. এন. এ. বা আৰ. এন. এ.-ৰ প্ৰতিলিপি তৈয়াৰ কৰাত সহায়ক হয়, সেইবিধ উৎসেচকক লক্ষ্য ৰাখিয়েই মূলত প্ৰতিবিষাণু ৰচনা কৰাৰ কাম চলি আহিছে। তাৰ মূল কাৰণটো হল এইবিধ উৎসেচক প্ৰায়েই প্ৰতি গোত্ৰৰ বিষাণুৰ ক্ষেত্ৰত একে হোৱা দেখা যায়, গতিকে এবিধ প্ৰতিবিষাণু কেইবাটাও সংক্ৰমণৰ বাবে উপযোগী হব পাৰে। যেনে ধৰক এইচ. আই. ভি.-ৰ সংক্ৰমণৰ ক্ষেত্ৰত আৰ. এন. এ.-ৰ পৰা ডি. এন. এ.-লৈ ৰূপান্তৰণ কৰা বিষাণুৰ ৰিভাৰ্ছ টেঞ্চচক্ৰিপটেজ নামৰ উৎসেচকবিধক প্ৰতিহত কৰাৰ চেষ্টা কৰা হয়। সেইদৰে হেপাটাইটিচ্ চি, এইচ. আই. ভি, ভিড-১৯ সংক্ৰমণৰ ক্ষেত্ৰত পোষক কোষৰ ভিতৰত বিষাণুৰ প্ৰটিন কৰ্তন কৰিব পৰা উৎসেচক প্ৰটিয়েজক নিষ্ক্ৰিয় কৰাৰ প্ৰয়াস কৰা হয়। আমাৰ হাতত বেছি প্ৰতিবিষাণু নাই যি বহুল পৰিসৰৰ প্ৰভাৱ দেখুৱাব পাৰে। গতিকে বিষাণুৰ এটা নিৰ্দিষ্ট প্ৰটিনক বাছনি কৰি প্ৰতিবিষাণু তৈয়াৰ কৰাটো বেছি ফলপ্ৰসূ হব।আনকথাত এবিধ বিষাণু এবিধ প্ৰতিবিষাণু। গুৰুত্বপূৰ্ণ কথা যে এনে ধৰণৰ বাছনিৰ ফলত প্ৰতিবিষাণুৰ দ্বাৰা পোষক কোষৰ ক্ষতি হোৱাৰ সম্ভাৱনা তেনেই নগণ্য। গতিকে এনে ধৰণৰ বিষাণুৰ প্ৰতিলিপি তৈয়াৰৰ পথ ৰোধ কৰিব পৰা  অথবা পোষক কোষত বিষাণুৰ প্ৰৱেশ ৰোধ কৰিব পৰা প্ৰতিবিষাণু বা ঔষধবিধে ক্লিনিকেল প্ৰয়াসৰ খলপা পাৰ হৈ বজাৰত বিক্ৰী কৰিব পৰা পৰ্যায় পোৱালৈকে পথ অধিক সুগম হোৱাৰ সম্ভাৱনা বেছি। 

 আনহাতে কোনো কোনো গৱেষকে প্ৰতিবিষাণুৰ দ্বাৰা বৰং পোষক কোষবোৰ ওপৰত প্ৰতিক্ৰিয়া সৃষ্টি কৰাৰ প্ৰচেষ্ঠাতহে জড়িত হৈছে। তেওঁলোকৰ সুত্ৰ মতে এনে কৌশলেৰে তেওঁলোকে এনে প্ৰতিবিষাণু তৈয়াৰ কৰিব পাৰিব যিটোৱে যিকোনো গোত্ৰৰ বিষণুকে প্ৰতিহত কৰিব পাৰিব। এই ধৰণৰ মতমত ৰখা বিজ্ঞনীসকলৰ লক্ষ্য হৈছে সেই গোত্ৰৰ বিষাণু, যিবিলাক বিষাণুৱে ভবিষ্যতে মহামৰী সৃষ্টি কৰাৰ আশংকা অতি বেছি। তেওঁলোকে পৰৱৰ্তী পাঁচ বছৰত পাঁচটি বহুলভাৱে ব্যৱহাৰ কৰিব পৰা প্ৰতিবিষাণু তৈয়াৰ কৰাৰ লক্ষ্য আগত ৰাখি কামত আগবাঢ়িছে। তেওঁলোকৰ মূল বক্তৱ্য হৈছে, আমি যদি পোষক কোষৰ ওপৰত প্ৰভাৱ পেলাব পাৰোঁ তেন্তে বিষাণুৱে কি প্ৰভাৱ পেলাব সেই কথাৰ দৰকাৰ নপৰিব। পিছে তেওঁলোক এই বিষয়েও জ্ঞাত যে এনে প্ৰতিবিষাণুৱে মানৱ শৰীৰত গুৰুত্বপূৰ্ণ পাৰ্শ্বক্ৰিয়াৰ সৃষ্টি কৰিব পাৰে।

 কিন্তু প্ৰতিবিষাণু বিকাশৰ ক্ষেত্ৰত প্ৰত্যাহ্বান কেৱল বিষাণুৰ পোষক কোষত প্ৰতিলিপি তৈয়াৰ কৰা কাৰ্য বন্ধ কৰা বা পোষক কোষত বিষাণুৰ প্ৰৱেশ ৰোধ কৰাটোৱেই নহয়। তাৰ পাছৰ পৰ্যায়ত এইটোও নিশ্চিত কৰা যাতে প্ৰতিবিষাণুৱে প্ৰথমে পৰীক্ষণ কোষ, আৰ্হি জীৱকোষ আৰু শেষত মানৱ কোষত কৰা পৰীক্ষাবোৰত সুকলমে উত্তীৰ্ণ হয়। 

উদাহৰণ স্বৰূপে ৰেমডেজিভিৰ নামৰ প্ৰতিজৈৱিকবিধে সৰু আৰ্হিৰ জীৱকোষ আৰু বান্দৰ জাতীয় জীৱৰ কোষত কৰা ইবলাৰ বিষাণুৰ বিৰুদ্ধে পৰীক্ষণত খুউব ভাল ফলাফল দেখুৱাইছিল। কিন্তু মানৱ শৰীৰত ইবলা বিষাণুৰ বিপক্ষে কৰা পৰীক্ষাবোৰৰ এইবিধ প্ৰতিজৈৱিকৰ ফলাফল তেনে সন্তোষজনক নহল। বিজ্ঞানীসকলে মত পোষণ কৰে যে প্ৰতিবষাণু বিকাশৰ ক্ষেত্ৰত এনে ধৰণৰ উজুটিবোৰৰ আন এটা কাৰণ হল পৰীক্ষণৰ বাবে উপযুক্ত আৰ্হিৰ অভাৱ।

পেট্ৰিডিচৰ পৰীক্ষণ অথবা গাণিতিক আৰ্হিৰ সহযোগত বিজ্ঞানীসকলে প্ৰতিবিষাণুৰ স্বাস্থ্যবিধানৰ ফলদায়ক দিশবোৰৰ কিছু আগজাননী পাব পাৰে, কিন্তু তেনে আৰ্হিবোৰে কি প্ৰশ্নৰ উত্তৰ দিব পাৰে আৰু কি প্ৰশ্নৰ উত্তৰ দিব নোৱাৰে সেই সম্পৰ্কেও বিজ্ঞানীসকলে প্ৰতি খোজতে চিন্তা কৰিব লগা হয়। আৰ্হিবোৰ কেৱল পৰ্যায় ক্ৰমে আগবঢ়াত সহায়ক হয়, কিন্তু ব্যৱহাৰিক দিশত মানৱ শৰীৰত এটা প্ৰতিবিষাণুৱে কি ৰূপত কাম কৰিবগৈ সেই চিন্তাতহে বিজ্ঞানীসকল সদায়েই সজাগ থাকিব লাগে। 

জৈৱিক দিশটোৱে প্ৰতিবিষাণুৰ বিকাশৰ ক্ষেত্ৰৰ বিগত পঞ্চাছ বছৰত বহু বাধাৰ সৃষ্টি কৰিলেও এটা কথা পৰিলক্ষিত হল যে উপযুক্ত উদ্দীপকে উদ্ভাৱন সম্ভৱ কৰি তোলে। কেইবা দশক ধৰি হেপাটাইটিচ চি-ৰ বিষাণুৰ বিষয়ত গৱেষণা আৰু প্ৰতিবিষাণু তৈয়াৰ কৰাত কৰা বিনিয়োগৰ ফলস্বৰূপে প্ৰতিবিষাণুৰ বিষয়ে সামগ্ৰিক জ্ঞান বৰ্ধিত হৈছে। তাৰ ফলস্বৰূপে বৰ্তমান এটা চমু পিল বা বড়িৰ কৰ্চৰ দ্বাৰাই হেপাটাইটিচ চি নিৰাময় কৰিব পাৰি। গতিকে এইডচ আৰু হেপাটাইটিচ চি-ৰ ক্ষেত্ৰত নিশ্চয়কৈ চিকিৎসা বিজ্ঞানৰ জয়যাত্ৰ অনস্বীকাৰ্য। 

কিন্তু এইডচ আৰু হেপাটাইটিচ চি দুয়োটাই দীৰ্ঘস্থায়ী ৰোগ, গতিকে ই গোলকীয়ভাৱে বহুল প্ৰভাৱ পেলায়, ফৰ্মাচিউটিকেল উদ্যোগৰ বাবে বহুল গোলকীয় বজাৰৰ সৃষ্টি কৰে লগতে নতুন আৰু উন্নত নিৰাময় বিকাশত উদগণি দিয়ে

আনহাতে সংকটপূৰ্ণ তথা নাতিদীৰ্ঘ বিষাণুজনিত সংক্ৰমণৰ ক্ষেত্ৰত প্ৰতিবিষাণুৰ কৰ্চ সংক্ৰমণৰ লগে লগে লোৱা অতি প্ৰয়োজনীয়। যিহেতু প্ৰতিকাৰৰ সময় খুবেই সীমিত গতিকে ঔষধৰ বজাৰখনো তেনে ধৰণেই সংকুচিত হোৱা দেখা যায়। অন্য কাৰণ হৈছে যে যি এলেকাত বিষাণুৰ সংক্ৰমণ হয় সেই এলেকাত প্ৰতিবিষাণুৰ বিকাশৰ কাৰণে মোটা ৰাজহ বিনিয়োগ কৰিবলৈ সক্ষম হোৱা বিনিয়োগকাৰী নাথাকিবও পাৰে। চৰকাৰী বিনিয়োগ নহলেও ৰাজহুৱা খণ্ডৰ বিনিয়োগও বহু ক্ষেত্ৰত সহায়ক হয় যদিও ৰাজহুৱা খণ্ডৰ বিনিয়োগৰ মনোনিৱেশ সংক্ষিপ্ত। ৰাজহুৱা খণ্ডৰ বিনিয়োগকাৰীৰ জন-স্বাস্থ্যজনিত ৰুচি সলনি হয়, কেতিয়াবা যদি ইবলা কেতিয়াবা জিকা আৰু আন কেতিয়াবা সেইটো আকৌ ইবলা হয়গৈ।গতিকে প্ৰতিবিষাণু বিকাশৰ পথ সদায় খলাবমাই হৈ থাকিল। কিন্তু সাম্প্ৰতিক অতিমাৰীৰ প্ৰকোপে ঔষধ বা প্ৰতিবিষাণুৰ বিকাশত আগভাগ লোৱাসকলক কি ধৰণে প্ৰতিবিষাণু বিকাশৰ দিশটো সুকীয়াভাবে বিচাৰ-বিবেচনা কৰিব লাগে সেই দিশত চিন্তা কৰিবলৈ বাধ্য কৰিলে। অতিমাৰীয়ে সমগ্ৰ পৃথিৱীতে তোলপাৰ লগোৱাৰ পাছত, তৎক্ষণিক কভিড-১৯-ৰ প্ৰতিবিষাণু নথকাৰ পাছতহে হঠাৎ নিদ্ৰাভংগ হল আৰু এই সময়ছোৱাৰ ভিতৰত কিছু সংখ্যক প্ৰতিবিষাণু বিকশিত হৈছে। আন এটা মন কৰিব লগা কথা হল যে প্ৰতিষেধক বা ভেকচিনৰ কাম হৈছে এজন ব্যক্তিক সংক্ৰমণৰ পৰা বচাই ৰখা, গতিকে সংক্ৰমণৰ আগতেই লোৱা অতি প্ৰয়োজনীয়। আনহাতে প্ৰতিবিষাণুৰ কাম হৈছে বিষাণুৰ দ্বাৰা আক্ৰান্ত ব্যক্তিৰ শৰীৰত বিষাণুক বিভিন্ন প্ৰকাৰে প্ৰতিহত কৰা। সম্ভৱত: অতিমাৰীৰ পৰা এক শিক্ষা হল যে প্ৰতিষেধক বা ভেকচিনৰ বাদেও সহজলভ্য প্ৰতিবিষাণুৱে জনস্বাস্থ্যৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা লয় - যেতিয়াই প্ৰদুৰ্ভাৱ হয়, সেই প্ৰদুৰ্ভাৱ ঋতুকালীনেই হওক বা বিশ্বমাৰীয়েই হওক। এই প্ৰদুৰ্ভাৱ ৰোধ কৰাত প্ৰতিষেধক যেনেদৰে দৰকাৰী প্ৰতিবিষাণুৰ কামো তেনেদৰেই গুৰুত্বপূৰ্ণ। 


তথ্য সংগ্ৰহ: CDC, Chemical Engineering News (CEN.ACS.ORG)

লেখকৰ ঠিকনা :
Associate Professor
Department of Chemistry and Biochemistry
Kennesaw State University
Kennesaw, GA 30144

অন্যযুগৰ প্ৰকাশিত সংখ্যাসমূহ