অন্যযুগ/


পাঠাগাৰ

উশাহৰ মাজত


° অমৰজ্যোতি চৌধুৰী৷ 
পাঞ্চজন্য৷ গুৱাহাটী, ২০২০

লেখক আৰু প্ৰকাশকে কোৱামতে এইখন এখন উপন্যাস৷ কিন্তু আমাৰ পঠন অভিজ্ঞতাই কৈছে, অসমীয়া সাহিত্যৰ সৰ্বাধিক দৈৰ্ঘ্যৰ চুটিগল্প এইটো৷ উশাহৰ মাজত৷ দেশ-কাল-ভাষা-সমাজ-জাতি নিৰ্বিশেষে মানুহৰ জীৱনত ঘটি থকা সংঘাতজৰ্জৰ অনেক সংঘটনৰ ই এক ৰূপকধৰ্মী বিবৃতি৷ কিতাপখন পঢ়াৰ সময়ত আমাৰ সন্মুখত থকা প্ৰশ্নটো আছিল: লেখকজনৰ পৰিচয় কি? উত্তৰ আছিল এজন সংস্কৃত মনৰ, অন্ধবিশ্বাসে‍ কাবু কৰিব নোৱৰা সামাজিক ঐতিহ্যৰ প্ৰতি শ্ৰদ্ধাৱান বিজ্ঞানী, শিক্ষাবি‍দ৷ তেনে এগৰাকী ব্যক্তিয়ে লিখা এই উপন্যাসখনে আধুনিক যান্ত্ৰিকতাই পঙ্গু কৰি পেলোৱা পৃথিৱীৰ যন্ত্ৰণা উদঙাই দেখুৱাইছে৷ সূক্ষ্ম সূক্ষ্ম মানৱীয় প্ৰমূল্যবোধৰ উপকৰণ কিছুমানৰ ওপৰত আন্তৰিকতাৰে আলোকপাত কৰিবলৈ যত্ন কৰাটো উপন্যাসখনৰ বিশেষ উল্লেখনীয় সম্পদ৷ উপন্যাসখনৰ বিষয়বস্তুত প্ৰকৃততে উপন্যাসৰ বিস্তাৰ নাই, উশাহৰ মাজত যেন এটা দীঘল চুটিগল্পহে৷ ভাষিক নিৰ্মাণৰ ক্ষেত্ৰতো বিশেষ সাৱধানতা অৱলম্বন কৰা বুলি বিশ্বাস নহয়৷ কিন্তু সাম্প্ৰতিক সময়লৈকে অসমীয়া ঔপন্যাসিকসকলে গুৰুত্ব দিবলগীয়া বুলি নভবা অথচ মানুহৰ ভৱিষ্যৎ সম্পৰ্কে আশঙ্কাৰ সৃষ্টি কৰা বিষয় এটাক উপন্যাসৰ ৰূপ দিয়াটোৱেই এটা ডাঙৰ খবৰ হোৱা উচিত৷

 

এদিন তেওঁ আহিব


অনুবাদ : হিল্লোল কুমাৰ পাঠক৷ 

পাঞ্চজন্য৷ গুৱাহাটী, ২০২০

অসমীয়া সাহিত্যৰ জগতখনত প্ৰকাশিত কিতাপৰ মাজত নাটক খুব কমেইহে পোৱা যায়৷ কলেজ-বিশ্ববিদ্যালয়ৰ পাঠ্যপুথি হিচাপে মনোনীত নাটকৰ বাহিৰে অসমীয়া ভাষাত নাটকৰ প্ৰকাশ একেবাৰে নগণ্য৷ বিশ্বপ্ৰসিদ্ধ নাট্যকাৰ ছেমুৱেল বেকেটৰ নাটক ‘ৱেইটিং ফৰ গ’ড’-ৰ অসমীয়া অনুবাদ এবাৰ কৰিছিল ড° শৈলেন ভৰালীদেৱে৷ সেই অনুবাদত মূল নাটকখনৰ কিছু অংশ অসমীয়া পাঠকৰ বাবে অপৰিচিত হ’ব বুলি ভাবি বাদ দিয়া হৈছিল৷ সম্প্ৰতি নাটকৰ কাৰণে জীৱনৰ সৰ্বাধিক উৎপাদনশীল বছৰবোৰ খৰচ কৰি থকা হিল্লোল কুমাৰ পাঠকে কৰা এই প্ৰসিদ্ধ নাটকখনৰ অসমীয়া অনুবাদ প্ৰকাশ পাইছে৷ মানুহৰ জীৱন যাপনৰ লক্ষ্য প্ৰকৃততে কি? জীৱনটো অৰ্থশূন্য বুলি জানিও মানুহে ইয়াক অৰ্থপূৰ্ণ কৰি তোলাৰ দৰে তাড়না এটা যে অনবৰতে অনুভৱ কৰি থাকে তাৰ আঁৰত কিহে ক্ৰিয়া কৰে? এনে বহু মৌলিক প্ৰশ্নৰ উত্তৰৰ সন্ধান কৰা ছেমুৱেল বেকেটৰ এই নাটকখনে পৃথিৱীৰে আধুনিক নাট্যজগতখনক এক প্ৰকাৰ শাসন কৰিছে৷ হিল্লোল কুমাৰ পাঠকে নাটকখন অনুবাদ কৰি নিশ্চিতভাৱে এটা ডাঙৰ দায়িত্ব পালন কৰেলে৷ একেদৰেই নাটক প্ৰকাশ কৰিবলৈ অসমীয়া প্ৰকাশকে আগ্ৰহ নেদেখুৱায় বোলা প্ৰচলিত কথাষাৰৰ বিপৰীতে গৈ পাঞ্চজন্য প্ৰকাশনৰ ধীৰাজ কুমাৰ লহকৰেও এটা জাতীয় দায়িত্ব পালন কৰিলে৷ 

 

চিত্ৰ-শিল্প : শিক্ষা আৰু প্ৰয়োগ

সুজিত দাস৷ অকণিৰ সাহিত্য সভা৷

 পুৰণিগুদাম, নগাঁও, ২০১৮

সাম্প্ৰতিক সময়ৰ অসমীয়া চিত্ৰশিল্পীসকলৰ ভিতৰত দেশে-বিদেশে খ্যাতি অৰ্জন কৰা সুজিত দাসে বিশেষকৈ শিশু আৰু কিশোৰসকলৰ উদ্দেশ্যে চিত্ৰশিল্প, ভাস্কৰ্যশিল্প আদিৰ পৰিচয়, সেইবোৰৰ মাধ্যম তথা কিছু কৌশল, দেশ-বিদেশৰ চিত্ৰ-ভাস্কৰ্যৰ বিভিন্ন শৈলীৰ আভাস দি এই পুথিখন লিখি উলিয়াইছে৷ পুথিখনত কেৱল সেইখিনিয়েই নাই, লগতে আছে আধুনিক পৃথিৱীৰ বহু প্ৰসিদ্ধ শিল্পী আৰু তেওঁলোকৰ শিল্পৰ বিষয়ে, লগতে আছে ভাৰত আৰু অসমৰ বহু সংখ্যক শিল্পীৰ শিল্পকৰ্ম সম্পৰ্কীয় পৰিচয়মূলক ধাৰণাও৷ পুথিখনত ভাৰতৰ প্ৰাচীন গুহাচিত্ৰ আৰু দেৱাল-চিত্ৰ সম্পৰ্কীয় প্ৰাথমিক ধাৰণাখিনিও দিবলৈ যত্ন কৰা হৈছে৷ ভাৰতৰ বিভিন্ন অঞ্চলত গা কৰি উঠা বিভিন্ন চিত্ৰশৈলীৰ বিষয়ে ধাৰণা দিবলৈ যত্ন কৰাৰ উপৰি লেখকে পুথিখনত পুথিচিত্ৰ, পটচিত্ৰ, পোৰামাটিৰ ভাস্কৰ্য, বিভিন্ন দেশ আৰু সমাজৰ পৰম্পৰাগত চিত্ৰশিল্প আদিৰ বিষয়েও লিখিবলৈ যত্ন কৰিছে৷ লেখকে লগতে যত্ন কৰিছে বিশেষভাৱে খ্যাত কেইখনমান চিত্ৰৰ বিষয়ে বিশদভাৱে আলোচনা কৰিবলৈ৷ এই গ্ৰন্থখনে আগ্ৰহী সৰু ল’ৰা-ছোৱালীক দৃষ্টিৱেদ্য শিল্পকলাৰ জগতত কাম কৰিবলৈ নিশ্চিতভাৱে অনুপ্ৰে‍ৰণা যোগোৱাৰ লগতে কৰিকৰী জ্ঞান বঢ়াব৷ 

স্বৰ্ণলতা ৰায়ৰ আৰ্হি তিৰুতা

আৰু অন্যান্য ৰচনা


সম্পাদনা :  সঞ্জীৱ পল ডেকা৷ 

বান্ধৱ৷ গুৱাহাটী, ২০১৯

গুণাভিৰাম বৰুৱাৰ জ্যেষ্ঠ কন্যা স্বৰ্ণলতা ৰায়ে ৰচনা কৰা ‘আৰ্হি তিৰুতা’ নামৰ পুথিখনক লৈ অসমীয়া সাহিত্যৰ ইতিহাস প্ৰণেতাসকলে বহু ভুল তথ্য প্ৰকাশ কৰি গৈছে৷ খালৈতে জুলুকি বোৱা স্বভাৱটোৰ বাবেই বহু গৱেষকে তেওঁলোকৰ গৱেষণা গ্ৰন্থতো ভুল তথ্যকেই বাৰম্বাৰ দাঙি ধৰি গৈছে৷ কিন্তু ১৯১৯ চনত প্ৰকাশিত এই সৰু পুথিখন অসমীয়া সাহিত্যৰ ইতিহাসৰ এখন বিশেষভাৱে গুৰুত্বপূৰ্ণ কিতাপ৷ দুষ্প্ৰাপ্য হৈ পৰা এই পুথিখন উদ্ধাৰ কৰি সম্পাদনা কৰি উলিয়াইছে সঞ্জীৱ পল ডেকাই৷ পুথিখনৰ পাতনি লিখিছে ৰঞ্জিত কুমাৰ দেৱগোস্বামীয়ে৷ পৰম্পৰাগতভাৱে ইতিহাসখ্যাত ৰাজনৈতিক ৰমণী বা স্বজন-স্বজাতিৰ হকে জীৱন ত্যাগ কৰা নাৰীকে সাধাৰণতে বেছিকৈ বন্দনা কৰা হয়৷ তাৰ উপৰি সমাজ অনুসাৰে সতীৰ ধাৰণাৰেও নাৰীক বন্দনা কৰা হয়৷ এই পুথিখনত পিছে তেনে নাৰীৰ পৰিৱৰ্তে সাধাৰণ জীৱন যাপন কৰাৰ মাজেদি অসাধাৰণত্বৰ পৰিচয় দিয়া কেইগৰাকীমান নাৰীৰ জীৱনাদৰ্শৰ বিষয়েহে দাঙি খৰা হৈছে৷ কৰমেতিবাই, খনা, মীৰাবাই, ৰাবেয়া, মেৰী কাৰ্পেণ্টাৰ, এলিজাবেথ ফ্ৰাই, জয়মতী কুঁৱৰী, শচী আই আৰু ফ্লোৰেন্স নাইটিঙ্গেলৰ জীৱন সম্পৰ্কে মূল পুথিখন ৰচনা কৰা হৈছিল৷ সাম্প্ৰতিক সংকলনত কৰমেতি বাইৰ উপৰি প্ৰকৃত লাজ কি?, যতোধৰ্ম্মস্ততোজয়ঃ, মণিকা আদি ৰচনাৰ লগতে লেখিকাই সাহিত্যৰথী বেজবৰুৱালৈ দিয়া চিঠি এখনো সংকলিত কৰা হৈছে৷ তদুপৰি গুণাভিৰাম বৰুৱা আৰু জ্ঞানদাভিৰাম বৰুৱাই স্বৰ্ণলতা সম্পৰ্কে লিখা টোকা একোটাও পুথিখনত সন্নিৱিষ্ট কৰা হৈছে৷ এই পুখিখন পুনৰ প্ৰকাশ কৰি সঞ্জীৱ পল ডেকাই এটা গুৰুত্বপূৰ্ণ ঐতিহাসিক দায়িত্ব পালন কৰা বুলি অনুভৱ হৈছে৷

 

সৃষ্টি অন্তদৃৰ্ষ্টি

° বনজিত ভট্ট৷ নক্সা৷ 

ধেমাজি-ডিব্ৰুগড়, ২০২১

বিজ্ঞানৰ ছাত্ৰ তথা শিক্ষক হৈও সুকুমাৰ কলাৰ সাধনাত জীৱনৰ অৰ্থৰ সন্ধান পোৱা লোক ড° বনজিত ভট্ট৷ সৃষ্টি অন্তদৃৰ্ষ্টি শিৰোনামেৰে শেহতীয়াকৈ প্ৰকাশ পোৱা তেওঁৰ চিন্তা আৰু চেতনাৰ প্ৰতিফলকস্বৰূপ এই পুথিখন চাৰে চাৰিশ পৃষ্ঠাৰ৷ পুথিখনক মুঠতে সাতোটা ভাগত ভগোৱা হৈছে৷ ঐতিহ্যৰ ৰেঙনি শীৰ্ষক প্ৰথম ভাগত ৮ টা, চেতনাৰ জলছবি নামৰ দ্বিতীয় ভাগত ৩০ টা, দৃষ্টি ধ্বনি নামৰ তৃতীয় ভাগত ২৫ টা, সমাজ-বীক্ষণ শীৰ্ষক চতুৰ্থ ভাগত ২৬ টা, আলাপ অথবা সংলাপ শিৰোনামৰ পঞ্চম ভাগত সাক্ষাৎমূলক কথোপকথনধৰ্মী চাৰিটা, উক্তি-বক্ৰোক্তি শাৰ্ষক ষষ্ঠ ভাগত ব্যঙ্গধৰ্মী ২৮ টা নাতিদীৰ্ঘ প্ৰবন্ধৰ উপৰি সপ্তম ভাগত সন্নিৱিষ্ট হৈছে সোতৰটা গীত আৰু কবিতাৰ লগতে শিশু আৰু কিশোৰৰ বাবে লিখা এঘাৰটা লেখা৷ ড° ভট্টৰ দৃষ্টিত সৰু-ডাঙৰ বুলি বিষয়ৰ কোনো শ্ৰেণীবিভাজন নাই৷ সমাজ আৰু মানুহৰ স্বাভিমান ৰক্ষা, প্ৰকৃতিৰ ওপৰত মানুহে চলোৱা অমানুষিক বলাৎকাৰ, ৰাজনৈতিক ক্ষেত্ৰত সঘনে দেখা পোৱা ৰং সলোৱা খেলা, সমাজক নেতৃত্ব প্ৰদান কৰা সাংস্কৃতিক কৰ্মীসকল আদি সকলো বিষয়েই লেখকৰ চেতনাত আন্দোলন সৃষ্টি কৰে৷ সেয়েহে কিতাপখনক কোনো বিশেষ বিষয়ৰ কিতাপ বুলিব নোৱাৰি৷ লেখকে নিজে গ্ৰন্থখনৰ লেখাবোৰক ‘আত্মালাপৰ এক আক্ষৰিক প্ৰকাশ’ বুলি কৈছে৷ মানুহৰ চেতনাক সংবেদনশীল আৰু ধাৰাল কৰিবলৈ কিতাপখনৰ লেখাসমূহে নিশ্চিতভাৱে সহায় কৰিব৷

 

আল্লা মেঘ দে পানী দে


বিপুল কুমাৰ দত্ত৷ 

পাঞ্চজন্য৷ গুৱাহাটী, ২০২০

সমসাময়িক সমালোচকৰ দৃষ্টি আকৰ্ষণ কৰিব পৰা সকলো অৰ্হতা সম্পূৰ্ণৰূপে থাকিও উপেক্ষিত হৈ ৰোৱা আধুনিক অসমীয়া কবিকুলৰ এজন হৈছে বিপুল কুমাৰ দত্ত৷ কেৱল অসমীয়াতে নহয়, সমান্তৰালভাৱে তেওঁ বাংলা ভাষাতো কবিতা ৰচনা কৰে৷ দেশী-বিদেশী কেইবাটাও ভাষা তেওঁৰ দখলত৷ তেওঁৰ কাব্যভাষা একক আৰু অননুকৰণীয়৷ তেওঁ মানুহৰ কবি, কোনো কৃত্ৰিমতালিপ্ত কাব্যিক স্বাৰ্থ পূৰণৰ দৌৰত তেওঁ নাই৷ সেয়ে সমাজৰ নিম্নবৰ্গৰ জীৱন ঘাইকৈ তেওঁৰ কবিতাৰ অস্থিমজ্জা নিৰ্মিত হৈছে৷ প্ৰগতিবাদী কবিসকলৰ ক্ষেত্ৰত সততে উঠা অভিযোগটো হৈছে ব্যঞ্জনাৰ পৰিৱৰ্তে বক্তব্যৰ ওপৰত অধিক গুৰুত্ব দিয়ে যাৰ ফলত তেওঁলোকৰ কবিতা হৈ পৰেগৈ ভাষণৰ নামান্তৰ৷ এই অভিযোগ নিশ্চিতভাৱে সকলো প্ৰগতিবাদী কবিৰ ক্ষেত্ৰত নাখাটে৷ বিপুল কুমাৰ দত্তৰ কবিতাও নিৰলঙ্কাৰ হৈও অলঙ্কৃত, অলঙ্কৃত হৈও নিৰলঙ্কাৰ৷ প্ৰয়োজনাধিক তেওঁ কাহানিও লিখা নাই৷ নিজৰ ভাবনা যিখন সমাজৰপৰা আহিছে, সেইখন সমাজৰ চলতি ভাষাটোও তেওঁৰ কবিতালৈ আহিছে৷ আল্লা মেঘ দে পানী দে পুথিখনৰ নামটোতো কবিজনৰ ভাষিক বৈশিষ্ট্য ৰক্ষিত হৈছে৷ গণজীৱনৰ বঞ্চিত অংশটোৰ মনোভাৱনা উপলব্ধিৰ যত্ন পুথিখনৰ কবিতাৱলীয়ে ধৰি ৰাখিছে৷

অন্যযুগৰ প্ৰকাশিত সংখ্যাসমূহ