ৰচনা পাঠক
প্ৰাৰ্থীসকলৰ দীঘল ‘কিউ’
প্ৰাৰ্থীজন হ’ব লাগে বেচ ‘দিলদাৰ’৷
গদাধৰে ভাবি আছে, ‘‘পাই যাম মই,
দিনৰ দিনটো মই ফুৰিম চলাই,
ৰামবদন হোটেলত পাও ভাজি খাই৷’’
এনেতে পৰিল ডাক— গদাধৰ ডেকা!
কোনে মাতে বুলি চায় চকু কৰি বেঁকা৷
তাৰে পাল পৰা বুলি
বুকুখন গ’ল ফুলি,
পাৰ হৈ দুৱাৰডলি—
পৰ্দাখন চালে তুলি৷
আছে বৰ অফিচাৰ সন্মুখত বহি,
সেমেনা-সেমেনি কৰি গদাধৰে ক’লে,
অফিচাৰে ক্ৰমে ক্ৰমে নাম-ধাম সুধি
ভাবিলে ল’ৰাৰ গাত আছে বেচ বুধি৷
‘‘তথাপি পৰীক্ষা এটা কৰা হওকচোন!’’
— বুলি চাব বিচাৰিলে প্ৰাৰ্থীৰ গুণ৷
‘‘তুমিতো চাকৰি পাই হ’বা চকীদাৰ,
অফিচতে কৰিব লাগিব ৰাতি পাৰ৷’’
— ‘‘হয় ছাৰ’’ বুলি সি মিচিকি হাঁহিলে,
— ‘‘তেতিয়াতো...’’ বুলি ছাৰে আকৌ সুধিলে:
— ‘‘তেতিয়াতো ৰাতি ৰাতি ধৰিব টোপনি,
সংসাৰৰ মহবোৰে কৰিব আমনি৷
তেনে অৱস্থাত তুমি কি কৰিবা কোৱা,
সি ক’লে হাঁহি মাৰি— ‘‘সেই চিন্তা ছাৰ,
আগতেই কৰি দিহা কৰি থৈছোঁ তাৰ৷’’
অফিচাৰে সন্দেহেৰে তাৰ ফালে চালে,
মনে মনে থৈ দিম চুক এটা লৈ৷
ৰাতি হ’লে বাহিৰৰ বেঞ্চিখনতে,
হৈ গ’ল চমৎকাৰ!
‘‘পিছে এই বুদ্ধি জানা ইয়াত নচলে,
তাতোকৈ ভাল হ’ব ঘৰতেই শুলে৷’’
বাহিৰলৈ যাবলৈ দিলে সঁকীয়াই৷
গদাধৰে বুজিলে সি চাকৰি নাপায়,
কথাতেই বঁটা-গঁতা দুয়োটাই পায়৷
তাৰো হ’ল একেই বিলাই,
বুদ্ধিয়ক বোলাবলে’ যাওঁতে নিজক,