জোনমণি দাস
কবিতা-চবিতা লিখে,
দূৰণিৰ তৰা লেখে।
আঙুলিৰ মূৰত ঘনাই গণি
অলেখ-অযুত তৰা,
কৃষ্ণ কমল বৰা।
কবিতা লিখিও কবি নহ’ল
সদায় লাগে গজা।
গৰম গজা চোবাই ককাই
পৰম মজা পায়,
ৰাশিফলটোহে চায়।
ককাৰ কবিতা কোনেও নপঢ়ে
কাকতেও নছপায়,
হেঁপাহেই নপলায়।
কাগজ-কলম মোনাতে থাকেই
কুৰিটা কবিতা জেপত,
সদায়েই লিখে মেজত।
কান্ধত মোনা ডিঙিত চেলেং
দেখাতেই ‘কবিবৰ’,
ভিৰাই মাৰি লৰ।
ঠিকনা:
পাঞ্চজন্য প্ৰিণ্টিং এণ্ড পাব্লিছিং
বামুণীমৈদাম, গুৱাহাটী— ২১