অন্যযুগ/


ডিক’ল’নাইজেশ্বন

 পঙ্কজ প্ৰতিম বৰদলৈ

 

বৰ্তমান সময়ত বিদ্যায়তনিক ক্ষেত্ৰত সততেই চৰ্চিত হৈ থকা এটা ধাৰণা হৈছে- ডিকল’নাইজেশ্বন৷ অসমীয়াত ইয়াৰ প্ৰতিশব্দ হিচাপে বিঔপনিৱেশিকতাবাদ বা বিউপনিৱেশবাদ শব্দটো ব্যৱহাৰ কৰিব পাৰি যদিও মই এই লেখাত ইংৰাজীৰ ডিকল’নাইজেশ্বন শব্দটোৱেই ব্যৱহাৰ কৰিম৷ ই স্পষ্ট আৰু সহজবোধ্য যেন ভাব হয়।

১৯৩২ চনত জাৰ্মানীৰ অৰ্থনীতিবিদ Moritz Julius Bonn এ এই Decolonization শব্দটোৰ সৃষ্টি কৰিছিল৷ পূৰ্বৰ যিবোৰ উপনিৱেশে স্বশাসনৰ অধিকাৰ লাভ কৰিছিল সেই উপনিৱেশবোৰক বুজাবৰ বাবে তেওঁ এই শব্দটো ব্যৱহাৰ কৰিছিল৷

১৫ শতিকাত ইউৰোপৰ দেশবোৰ নিজৰ প্ৰভাৱ আৰু সম্পত্তি বৃদ্ধিৰ বাবে সমগ্ৰ বিশ্বতে নিজৰ উপনিৱেশ স্থাপন কৰিছিল৷ জ্যাঁ পল ছাত্ৰেই উপনিৱেশবাদক বৰ্ণনা কৰিছিল এনেদৰে- ‘You begin by occupying the country, then you take the land and exploit the former owner at starvation rates...you finish up taking from the natives their very right to work.’

উপনিৱেশবাদ কেৱল বস্তুগত অৰ্থত নহয়, ই মানসিক, সামাজিক, সাংস্কৃতিক সকলো দিশ সামৰি লয়৷ ই কেইবাটাও প্ৰজন্মক সামৰি লয়৷ ডিকল’নাইজেশ্বনে সেই পৰিস্থিতিৰ শুধৰণি কৰিব বিচাৰে আৰু তেনে সংগ্ৰামক ন্যায্য মৰ্যাদা প্ৰদানৰ প্ৰদানৰ চেষ্টা কৰে৷

বিগত শতিকাৰ ষাঠিৰ পৰা সত্তৰ দশকৰ সময়ছোৱাত বিশ্বৰ বিভিন্ন দেশে ঔপনিৱেশিক শাসনৰ পৰা মুক্তি লভিছিল৷ এই দিশত ৰাষ্ট্ৰসংঘই কিছু কৃতিত্ব দাবী কৰিব পাৰে৷ ৰাষ্ট্ৰসংঘই নতুনকৈ স্বাধীনতাপ্ৰাপ্ত বহু দেশক সদস্য পদ প্ৰদান কৰি ইয়াৰ আইনসংগত বৈধতা প্ৰদান কৰিছিল। বৰ্তমান সময়তো বিশ্বত এনে ১৭ টা অঞ্চল আছে যাক Non self-governing territories বুলি জনা যায়৷ অৰ্থাৎ এই অঞ্চলসমূহৰ সম্পূৰ্ণ সাৰ্বভৌমত্ব বৰ্তমানো নাই আৰু ৰাষ্ট্ৰসংঘৰ একাদশ খণ্ডৰ আধাৰত এক প্ৰশাসনিক কৰ্তৃপক্ষই এই অঞ্চলকেইটা নিয়ন্ত্ৰণ কৰে৷ উদাহৰণস্বৰূপে বাৰ্মুডা, ব্ৰিটিছ ভাৰ্জিন আইলেণ্ড, কে-মেন আইলেণ্ড, জিব্ৰাল্টৰ আদি ঠাইসমূহ ব্ৰিটিছ চৰকাৰে নিয়ন্ত্ৰণ কৰে৷ আন দুই এখন ঠাই ফ্ৰাঞ্চ, আমেৰিকা আদিৰ নিয়ন্ত্ৰণত আছে।

গতিকে যোৱাটো শতিকালৈকে ডিকল’নাইজেশ্বন মূলতঃ ইয়াৰ যি আক্ষৰিক অৰ্থ সেই অনুসাৰে ঔপনিৱেশিক শাসনৰ পৰা মুক্ত হোৱাৰ দিশটোকে প্ৰতিফলিত কৰিছিল৷ যোৱা শতিকাৰ মাজভাগৰে পৰা এই বিষয়টোৰ আক্ষৰিক অৰ্থৰ ব্যাপক সলনি হোৱাৰ লগতে ইয়াৰ ব্যৱহাৰো এক বহল পৰিসৰত ব্যৱহাৰৰ প্ৰক্ৰিয়া আৰম্ভ হয়৷ বৰ্তমান সময়ত ডিকল’নাইজেশ্বনে মূলত যিকোনো অন্যায় আৰু শোষণৰ সন্মুখীন হ’বলগীয়া পৰিস্থিতিৰ পৰা সামাজিক, সাংস্কৃতিক আৰু অৰ্থনৈতিক স্বাধীনতা বিচাৰে৷ ভূমিপুত্ৰৰ বাবে যদি ই নিজৰ ভূমিৰ অধিকাৰ আৰু অন্যান্য সামাজিক-সাংস্কৃতিক আৰু অৰ্থনৈতিক সুৰক্ষাৰ বিষয়বোৰে গুৰুত্ব পায়, তেনেকৈ সমাজৰ অৱহেলিত তথা স্বাস্থ্য আৰু মানসিকভাবে পীড়িত বা প্ৰতিবন্ধীসকলৰ বাবে প্ৰয়োজনীয় সা-সুবিধা পোৱাৰ দিশটোৱেও গুৰুত্ব লাভ কৰে৷ এই সকলো দিশ ডিকল’নাইজেশ্বনে সামৰি লয়।

বৰ্তমান গতিশীল বিশ্বত প্ৰকৃত উপনিৱেশবাদ শেষ হোৱা নাই৷ ইয়াৰ প্ৰকাৰ আৰু পৰিসৰহে সলনি হৈছে৷ ভৌগোলিক আৰু ৰাজনৈতিক ডিকল’নাইজেশ্বন হৈছে যদিও অৰ্থনৈতিক, সামাজিক, সাংস্কৃতিক আৰু বৰ্তমান সময়ত প্ৰযুক্তিগত উপনিৱেশ বৰ্তি আছে৷ শক্তিশালী ৰাষ্ট্ৰ বা সমাজে নিজৰ প্ৰয়োজন পূৰাবৰ বাবেই নিত্য নতুন কৌশলেৰে নিজৰ প্ৰভুত্ব প্ৰতিষ্ঠা কৰাৰ চেষ্টা কৰে৷ ফলস্বৰূপে আৰম্ভ হয় উপনিৱেশবাদৰ নতুন পদ্ধতি৷ বৰ্তমান সময়ত তথ্য হৈছে এক অন্যতম আহিলা যাৰ জৰিয়তে উপনিৱেশবাদ গঢ়ি তুলিব পাৰি৷ প্ৰযুক্তিৰ ব্যাপক ব্যৱহাৰৰ জৰিয়তে বৰ্ত্তমান তথ্য আৰু প্ৰযুক্তিৰ এক নতুন উপনিৱেশবাদ আৰম্ভ হৈছে৷ ইয়াৰ মোকাবিলা কৰাৰ প্ৰয়োজনীয়৷ বৰ্তমান সময়ত কৃত্ৰিম বুদ্ধিমতাৰ যি প্ৰয়োগ ব্যাপক হৈ আছে অনাগত সময়ত ইও এক প্ৰকাৰৰ উপনিৱেশবাদত পৰিণত হোৱাটো নিশ্চিত।  

একে সময়তে ডিকল’নাইজেশ্বনক লৈ ৰাজনীতিতো যথেষ্ট চৰ্চা হৈ আছে৷ বৰ্তমান দেশত সাধাৰণ নিৰ্বাচন চলি আছে আৰু ৰাজনৈতিক দলবোৰে নিজৰ প্ৰতি ভোটাৰ ৰাইজক আকৰ্ষিত কৰাৰ যৎপৰোনাস্তি চেষ্টা কৰি আছে৷ বৰ্তমান সময়ত ৰাষ্ট্ৰীয়তাবাদী দলসমূহে এক বাগধাৰা নিৰ্মাণৰ চেষ্টা কৰি আছে৷- য’ত কোৱা হৈছে যে উপনিৱেশ শাসনৰ পাছতো দেশত এক ‘উপনিৱেশবাদ’ বৰ্তি আছে৷ যি মুষ্টিমেয় এচাম প্ৰভাৱশালী লোকৰ দ্বাৰা এই দেশ শাসন কৰাৰ এক প্ৰক্ৰিয়া নিৰন্তৰ চলি আহিছে৷ গতিকে এই শাসনৰ পৰা মুক্তি লাভ কৰাটোও একপ্ৰকাৰৰ ডিকল’নাইজেশ্বনেই৷ বিজেপিকে ধৰি হিন্দুত্ববাদী দলসমূহে এই ক্ষেত্ৰত কংগ্ৰেছৰ পূৰ্বৰ নেতাসকলক দোষাৰোপ কৰি আহিছে৷ নেহৰুৰ মাজত থকা পাশ্চাত্য প্ৰীতি বা তেওঁৰ ব্যক্তিগত জীৱনশৈলী আদিও পশ্চিমীয়া দেশসমূহৰ সৈতে ওচৰ-সম্বন্ধীয় বুলিয়েই সততেই অভিযোগ উত্থাপন কৰি আহিছে৷ ২০১৪ চনত ঠিক এনে ধৰণৰ এক বাগধাৰাক সৱল ভেঁটি দিব পৰাটোৱে বিজেপি দলক অভূতপূৰ্ব সফলতা লাভ কৰাত সহায় কৰিছিল৷

বৰ্তমান সময়ত চলি থকা ঘটনাবোৰলৈ যদি চকু দিয়া যায়, তেন্তে সৰু সৰু ৰাষ্ট্ৰবোৰে এক প্ৰকাৰৰ নিজৰ অধিকাৰ আৰু আত্মনিয়ন্ত্ৰণৰ দিশটোৰ বাবেই পোনপটীয়াকৈ সমুখ সমৰত লিপ্ত হৈছে৷ ইউক্ৰেইন আৰু পেলেস্তাইনৰ লগতে চীনৰ আগ্ৰাসনৰ বাবে সততেই সচেতন হৈ থাকিব লগা হোৱা টাইৱানৰ কথাও এই চেগত ক’ব পাৰি৷ এই সমুখ সমৰো এক প্ৰকাৰৰ ডিকল’নাইজেশ্বন। এনে দৃষ্টিৰে বহু পশ্চিমীয়া পণ্ডিতে কাশ্মীৰলৈও আঙুলি টোঁৱায়। ভাৰতৰ ইতিহাস আৰু সমাজ সংস্কৃতিৰ লগতে ভৌগোলিকভাৱে কাশ্মীৰ যে ভাৰতৰ অভিন্ন অংগ, সেই কথা পুনৰ দোহৰাৰ প্ৰয়োজন নাই। পাকিস্তান অধীকৃত কাশ্মীৰকো ডিকনাইজড কৰাৰ চিন্তা-চৰ্চাক বৰ্তমানৰ চৰকাৰে যথেষ্ট গুৰুত্বসহকাৰে বিবেচনা কৰি আছে।

বৰ্তমান সময়ত ডিকল’নাইজেশ্বন কেৱল সামাজিক সাংস্কৃতিক অথবা ৰাজনৈতিক পৰিস্থিতিতে বৰ্তি থকা নাই৷ বিদ্যায়তনিক দিশত আৰু বিশ্ববিদ্যালয় আদিৰ পাঠ্যক্ৰম আৰু শিক্ষণ ব্যৱস্থাৰ ওপৰতো এই বিষয়ে ব্যাপক চিন্তা-চৰ্চা হৈছে৷ মানসিকতাৰ সলনিৰ জৰিয়তে এটা জাতিৰ সামাজিক, সাংস্কৃতিক ঐতিহ্যকে পুনৰ্জীৱিত কৰাত এই শিক্ষাৰ মন্দিৰসমূহৰ যথেষ্ট অৱদান আছে বুলি বোধ হয়৷ গতিকে পাঠ্যক্ৰম আদিৰ লগতে আনুষংগিক দিশত ব্যৱস্থা ল’বৰ বাবে চেষ্টা কৰি থকা হৈছে।

২০১৪ চনৰ পৰা দেশৰ শাসনত থকা বিজেপি চৰকাৰে ইতিমধ্যে দেশৰ স্থাপত্য, আৰ্হি আদিৰ দিশত ব্যাপক ব্যৱস্থা গ্ৰহণ কৰিছে৷ এই প্ৰকল্পবোৰ যেনে- নতুন সংসদ ভৱন নিৰ্মাণ৷ নতুন দিল্লীৰ ব্যস্ত প্ৰশাসনীয় অঞ্চলক নতুনকৈ নিৰ্মাণৰ কাম আদিৰ জৰিয়তে এক ডিকল’নাইজেশ্বনৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছে৷ ৰাজনৈতিক বাদ-বিবাদ আৰু মতামতক একাষৰীয়া কৰি থৈ এই কথাটো ক’ব পাৰি যে স্বাধীনতাৰ ৭৫ বছৰৰ পাছতো ভাৰতবৰ্ষৰ মানুহৰ মন আৰু সমাজত এক দাসত্ববোধৰ মানসিকতা বৰ্তমানেও বৰ্তি আছে৷ আত্মগৌৰৱ আৰু আত্মসন্মানৰ যি এক ভাৰতৰ গৌৰৱময় ইতিহাস আৰু ঐতিহ্য আছিল, যি উপনিৱেশিক শাসনৰ পৰিপেক্ষিতত বহু পৰিমাণে হ্ৰাস পাই আহিছিল সেই হৃত আত্মবিশ্বাস ঘূৰাই অনাৰ দায়িত্ব যে বৰ্তমান প্ৰজন্মৰ- সি সহজেই অনুমেয়৷ ডিকল’নাইজেশ্বনে এই হৃত আত্মগৌৰৱ উদ্ধাৰৰ দিশত এক উল্লেখযোগ্য পদক্ষেপ।

বৰ্তমান যি নতুন শিক্ষানীতি প্ৰয়োগ আৰু চৰ্চাৰ কথা কোৱা হৈছে- এই শিক্ষানীতিৰ জৰিয়তেও আমাৰ শিক্ষা ব্যৱস্থাৰ ডিকল’নাইজেশ্বন কৰাৰ প্ৰয়াস কৰা হৈছে৷ একে সময়তে ভাৰতৰ যি দণ্ডবিধি আইন তাৰ নাম সলনি কৰি ন্যায়িক ব্যৱস্থাটোৰো এক ধৰণৰ ডিকল’নাইজেশ্বন কৰাৰ প্ৰয়াস কৰা হৈছে৷ একে সময়তে এই ৰাজনৈতিক বিতৰ্কৰ মাজত আন এক দিশ এই ডিকল’নাইজেশ্বনৰ অংগ হৈ পৰিছে৷ হিন্দুত্ববাদী ৰাজনৈতিক দলৰ বাবে উপনিৱেশ ব্ৰিটিছৰ দিনত আৰম্ভ হোৱা নাছিল, ই ইছলাম ধৰ্মীয় শক্তিৰ ভাৰতলৈ আগমনৰ পৰাই আৰম্ভ হৈছে৷ ই আন এক সুকীয়া বিতৰ্কৰ বিষয়৷ সোঁপন্থী বহু বুদ্ধিজীৱিয়ে মুছলমান ৰজাসকলৰ শাসন আৰু ব্ৰিটিছ শাসনৰ মাজত পাৰ্থক্য নাই বুলি মন্তব্য কৰি পদ্ধতিহে বেলেগ আছিল বুলি মন্তব্য কৰি আহিছে।

উপনিৱেশবাদৰ উত্তৰ বিউপনিৱেশবাদ বা ডিকল’নাইজেশ্বন হয় নে নাই সিও এক বিচাৰ্য বিষয়৷ প্ৰকৃত উপনিৱেশবাদৰ পৰ্যায় আৰু পদ্ধতি ভিন্ন৷ পূৰ্বে উল্লেখ কৰাৰ দৰে বৰ্তমানৰ এই গতিশীল বিশ্বত উপনিৱেশবাদৰ পদ্ধতি আৰু প্ৰক্ৰিয়াহে সলনি হৈছে- ইয়াৰ মূল ধাৰাটো একেই আছে৷ ডিকল’নাইজেশ্বনে হয়তো ইতিহাসৰ কিছু দিশ শুধৰোৱাৰ বা ইয়াৰ বহল পৰিসৰত অন্যায় আৰু শোষণৰ পৰা মুক্তি পোৱাৰ পথ দেখুওৱাত সহায় কৰিব পাৰে৷ কিন্তু একে সময়তে ই এক সৰ্বব্যাপী আৰু একমাত্ৰ সমাধানো নহয়৷ ডিকল’নাইজেশ্বনৰ প্ৰক্ৰিয়াটোও বহু পৰিমাণে জটিল, সময় খৰচী তথা কেইবাটাও প্ৰজন্মকেন্দ্ৰিক হ’ব পাৰে৷ প্ৰকৃততে ডিকল’নাইজেশ্বনৰ যি ফলাফল সি তাৎক্ষণিক নহয়, দীৰ্ঘম্যাদী৷ গতিকে ইতিহাস, সমাজ, ৰাষ্ট্ৰ, জনতা এই সকলোৱে এই প্ৰক্ৰিয়াৰ ফলাফলৰ বাবে এক দীৰ্ঘসময় অপেক্ষা কৰিব লাগিব৷

ভাৰতৰ পেক্ষাপটত প্ৰায় প্ৰতিটো সামাজিক-সাংস্কৃতিক, আৰ্থিক, ৰাজনৈতিক দিশতে এক প্ৰকাৰ নিৰন্তৰ ডিকল’নাইজেশ্বন চলি আহিছে৷ মানসিক আৰু সামাজিক দিশৰ লগতে ৰাজনৈতিক আৰু ভৌগোলিকভাৱেও এই দেশত ইয়াৰ উদাহৰণ যথেষ্ট পোৱা যাব৷ সময়ে নিৰ্ধাৰণ কৰিব ইয়াৰ পৰিণতি৷ ডিকল’নাইজেশ্বন যে এক নিৰন্তৰ গতিশীল চলি থকা প্ৰক্ৰিয়া ই নিশ্চিত।

অন্যযুগৰ প্ৰকাশিত সংখ্যাসমূহ