ৱৰ্পছ্ৱেদ, ব্ৰেমেনৰ ওচৰত
জুলাই ১৬, ১৯০৩
দহ দিনমানৰ আগেয়ে মই পেৰিছ এৰি আহিলোঁ৷ এইকেইদিন মই বৰ অসুস্থ আৰু
ভাগৰুৱা৷ এইবাৰ দেশখনৰ উত্তৰ দিশৰ বৃহৎ সমতল অঞ্চললৈ আহিলোঁ৷ ইয়াৰ বতাহ, নিঃস্তব্ধতা আৰু আকাশখনে মোক নিশ্চয় পুনৰ সুস্থ কৰি তুলিব৷ কিন্তু ইয়াত
এতিয়াও কেইবাদিন ধৰি নেৰানেপেৰা বৰষুণ দি আছিল৷ মাথোন আজি পোনপ্ৰথমবাৰৰ বাবে চঞ্চল
বতাহে কোবাই থকা ঠাইখনৰ আকাশখন মুকলি হোৱাৰ ইংগিত পাইছোঁ৷ ফৰকাল হ’বলৈ ধৰা বতৰটোৰ আৰম্ভণিতে মই তোমাক সম্ভাষণ জনাইছোঁ, প্ৰিয়বৰ৷
আদৰৰ মিষ্টাৰ কাপ্পাছ, মই বহু দিন তোমাৰ এখন চিঠিৰ
উত্তৰ দিয়া নাই৷ মই পাহৰিছিলোঁ বুলি নহয়, বৰং পুনৰ পঢ়িবৰ
বাবেহে সময় ল’লোঁ৷ যেতিয়া কোনো পত্ৰৰ মাজত যদি কোনোবাই
মানুহজনক বিচাৰি পায়, তেতিয়া সেইখন বাৰে বাৰে পঢ়িবলৈ
বিচাৰে৷ চিঠিখনত মই তোমাক একেবাৰে ওচৰতে পোৱাৰ দৰে পাইছিলোঁ৷ এইখন আছিল ২ মে’
তাৰিখৰ চিঠি৷ তুমি নিশ্চয় মনত ৰাখিছা৷ মই এইখন প্ৰথম পঢ়োঁতে,
এতিয়া পঢ়োঁতেও, ইমান বেছি দূৰত্ব সত্ত্বেও, জীৱনৰ প্ৰতি তোমাৰ সুন্দৰ অনুভৱে মোক চুই গৈছে৷
মই ইয়ালৈ আহি পেৰিছক বেছিকৈহে অনুভৱ কৰিছোঁ৷ ইয়াত সকলো সুকীয়া৷ শব্দবোৰ ধ্বনিত,
পুনঃধ্বনিত হয় আৰু মাৰ যায়৷ বাহ্যিক হুলস্থূলে ভিতৰত কঁপনি সৃষ্টি কৰে৷ ইয়াত মোৰ চৌপাশত এখন বিশাল জগত— ইয়াত সাগৰৰ পৰা বতাহ বৈ আহে৷ মোৰ অনুভৱ হৈছে যে কোনো ঠাইৰে
কোনো মানুহেই তোমাৰ প্ৰশ্ন আৰু অনুভৱৰ উত্তৰ দিব নোৱাৰে৷ কাৰণ তোমাৰ গভীৰৰ এনেবোৰ
কথাৰ একোটা নিজাববীয়া জীৱন আছে৷ এনে সংবেদনশীল সূক্ষ্ম আৰু প্ৰায় অপ্ৰকাশ্য বস্তুৰ
প্ৰকাশ কৰিবলৈ গ’লে শব্দই নিশ্চিতভাৱে ভুল কৰিব৷ তৎসত্ত্বেও মই বিশ্বাস কৰোঁ যে তুমি এটা সমিধান নোপোৱাকৈয়ে থাকিব লাগিব, এনেও নহয়— যদিহে এতিয়া মোৰ চকুৱে যিবোৰৰ পৰা সজীৱতা
লাভ কৰে তুমিও যদি সেই বিলাককে বিচাৰিছা৷ যদি তুমি প্ৰকৃতিৰ সৈতে যুক্ত হোৱা,
দেখিবা সেইবিলাকেই বৃহৎ আৰু অপৰিমেয় হৈ উঠিছে৷ যদি তুমি নগণ্য
বস্তুবোৰ ভাল পোৱা, তেনেহ’লে
সেইবিলাকেই তোমাৰ কামত অহা হৈ উঠিব৷ যদি তুমি বিশ্বাসত লোৱা তেন্তে
সকলো তেনেই সহজ, অধিক সংহত আৰু তোমাৰ প্ৰতি সাহচৰ্যপূৰ্ণ হৈ উঠিব৷ সেইটো ঘটিব তোমাৰ অন্তৰস্থ চেতনাত৷
কাৰণ এইবোৰত বুদ্ধিমত্তা সদায় পিছ পৰি ৰয়৷ তুমি একেবাৰে নতুন সেয়ে আৰম্ভণিতে মই
যিমান পাৰোঁ তোমাৰ পৰা ধৈৰ্য কামনা কৰিছোঁ৷ তোমাৰ অন্তৰত অমীমাংসিত হৈ ৰোৱা আটাইবোৰৰ
প্ৰতি তুমি ধৈৰ্যশীল হোৱা৷ তোমাৰ প্ৰশ্নবোৰক ভাল পাবলৈ লোৱা—
এইবোৰ যেন একো একোটা তলাবন্ধ কোঠা আৰু তোমাৰ বাবে একেবাৰে অপৰিচিত ভাষাত লিখা
একোখন কিতাপ৷ সেইবোৰৰ উত্তৰ এতিয়া নিবিচাৰিবা, কাৰণ খৰ-ধৰ কৰিলে সেইবোৰক তুমি জীয়াই ৰাখিব নোৱাৰিবা৷ সকলো জীয়াই ৰাখা৷ এতিয়া
প্ৰশ্নবোৰ জীয়াই থাকিবলৈ দিয়া৷ সম্ভৱতঃ তুমি নজনাকৈয়ে কোনোবা এদিন এই প্ৰশ্নবোৰৰ
উত্তৰবোৰৰ মাজত তুমি জীয়াই থাকিবা৷ নিশ্চয়কৈ তুমি তোমাৰ জীৱনৰ পথ সুখময় আৰু পৱিত্ৰভাৱে গঢ় দিয়াৰ সম্ভাৱনীয়তা তোমাৰ মাজত বহন কৰিছা৷ ইয়াৰ কাৰণে নিজকে প্ৰশিক্ষিত কৰা— তোমাৰ সন্মুখলৈ
যিয়েই আহে পৰম বিশ্বাসেৰে গ্ৰহণ কৰিবা, তোমাৰ ইচ্ছানুসাৰে
আহক বা তোমাৰ অন্তৰাত্মাৰ কিবা প্ৰয়োজনত আহক, তুমি গ্ৰহণ কৰিবা৷ একো নিঘিণাবা৷ যৌনতা কঠিন৷ সঁচা৷ কিন্তু তাৰ দ্বাৰা আমি
প্ৰাণৱন্ত হৈ আছোঁ৷ প্ৰতিটো গম্ভীৰ বস্তুৱেই জটিল৷ কিন্তু সকলোৱেই গম্ভীৰ ৷ যদি
তুমি যথাৰ্থ বস্তুটো চিনি উলিয়াব পাৰা, আয়ত্ত কৰিব পাৰা,
তোমাৰ নিজা স্বভাৱ, ধৰণ-কৰণ, নিজা অভিজ্ঞতা, তোমাৰ শৈশৱ আৰু সামৰ্থ্যৰে, যৌনতাৰে সৈতে, যদি সম্পূৰ্ণ তোমাৰ নিজাববীয়াকৈ
সেইবিলাকৰ সম্পৰ্ক স্থাপন কৰিব পাৰাঁ (নীতি আৰু পৰম্পৰাৰ দ্বাৰা প্ৰভাৱিত
নোহোৱাকৈ), তেতিয়া তুমি নিজকে হেৰুওৱাৰ ভয় খাব নালাগে বা
উত্তম গুণসমূহৰ বাবে অনুপযুক্ত বুলি ভাবিবও নালাগে৷
শাৰীৰিক আনন্দ, ইন্দ্ৰিয়গ্ৰাহ্য অভিজ্ঞতা— চকুৰে দেখা এটা ধুনীয়া ফলে তোমাৰ জিভাত দিয়া অনুভূতিতকৈ পৃথক নহয়৷ এইটো
এটা অন্তহীন মহান অভিজ্ঞতা৷ এই জগতখন, ইয়াৰ
পৰিপূৰ্ণতা, সৰ্বাত্মক জ্ঞানৰ গৌৰৱ বুজিবৰ বাবে এই অভিজ্ঞতা
আমাক দিয়া হৈছে৷ ইয়াক গ্ৰহণ কৰাটো কেতিয়াও বেয়া নহয়৷ বেয়া কথাটো হ’ল যে মানুহে ইয়াৰ দুৰ্ব্যৱহাৰ কৰে, অপব্যয় কৰে৷
মানুহে নিজৰ জীৱনৰ দুৰ্বল বিন্দুবোৰক উত্তেজক হিচাপে ব্যৱহাৰ কৰে৷ ফলত এক
মৰ্যাদাপূৰ্ণ আনন্দৰ ক্ষণলৈ আগ বাঢ়ি যোৱাৰ পৰিৰ্ৱতে তেওঁ তাৰ পৰা আঁতৰি আহে৷
মানুহে আনকি আহাৰ গ্ৰহণকো এটা সুকীয়া দিশলৈ লৈ গৈছে৷ এহাতে অভাৱ, আনহাতে আধিক্য৷ ফলত প্ৰয়োজনৰ স্বকীয় বৈশিষ্ট্য নোহোৱা হৈছে৷
জীৱনটোক পুনঃসঞ্জীৱন দিব পৰা সৰল প্ৰয়োজনবোৰ জটিল কৰি তোলা হৈছে৷ কিন্তু এজন ব্যক্তিয়ে নিজৰ বাবে প্ৰয়োজন আৰু আধিক্যৰ পাৰ্থক্য স্পষ্ট কৰিব পাৰে আৰু সেইবোৰক নিজৰ কৰিব পাৰে (আনৰ অধীনত থকা
ব্যক্তিয়ে যদি নোৱাৰে, তেন্তে অন্ততঃ নিঃসঙ্গ মানুহে পাৰে)৷
তেওঁ মনত ৰাখিব পাৰে যে প্ৰাণী আৰু উদ্ভিদৰ সৌন্দৰ্যৰ মূল কথাটো হ’ল নিৰন্তৰ প্ৰেম আৰু হেঁপাহ৷ তেওঁ দেখিব যে প্ৰাণীয়েই হওক বা উদ্ভিদেই হওক,
লাহে লাহে পৰম ধৈৰ্যৰে লগ হৈছে, বৃদ্ধি হৈছে,
বিকশিত হৈছে— শাৰীৰিক আনন্দেৰে বা শাৰীৰিক যন্ত্ৰণাৰ মাজেৰে নহয়৷ বৰং আনন্দ আৰু যন্ত্ৰণাতকৈ মহৎ, ইচ্ছা আৰু অনিচ্ছাতকৈ শক্তিশালী প্ৰয়োজনৰ প্ৰতি শিৰ নত কৰি মানুহে মানৱ-সত্তাক ঊৰ্ধ্বগামী কৰিব পাৰে৷ এই
দক্ষতাৰে সবল বীজ-শক্তিক উন্মুক্ত হৈ ৰোৱা ডিম্বকোষলৈ
গতিশীল কৰিব পাৰে৷ প্ৰতিৰোধক্ষম বাহ্যিক আৱৰণত ভোল নাযাবা, গভীৰতাত
এটা মহৎ নীতি আছে৷ যিজনে এই গোপন সত্যক ভুলকৈ আৰু বেয়াকৈ ব্যৱহাৰ কৰে, তেওঁলোকে নিজৰ বাবে এই শক্তি হেৰুৱায়৷ কিন্তু বন্ধ চিঠিৰ দৰে ভিতৰত কি আছে
নজনাকৈ আনৰ বাবে লৈ ফুৰে৷ নামৰ স্তৰভেদ বা ঘটনাৰ জটিলতাত বিভ্ৰান্ত নহ’বা৷ সম্ভৱতঃ এক মহৎ মাতৃত্ব ক্ৰিয়াশীল হৈ থাকে, এটা
সামূহিক হেঁপাহৰ দৰে৷ কুমাৰিত্বৰ সৌন্দৰ্য, এনে এটা সত্তা (তুমি খুব সুন্দৰকৈ কৈছা) ‘যি এতিয়ালৈকে একো আহৰণ
কৰা নাই, আচলতে ই মাতৃত্বৰ প্ৰতিমূৰ্তি যি প্ৰস্তুতি,
ব্যগ্ৰতা আৰু আকুলতাৰ ইংগিত দিয়ে৷ মাতৃৰ সৌন্দৰ্য সেই মাতৃত্বৰে
প্ৰতিফলন৷ আনফালে¸ বৃদ্ধাগৰাকী হ’ল
বিশাল সোঁৱৰণি৷ আনকি পুৰুষজনতো মই মাতৃত্বকেই দেখিছোঁ, শাৰীৰিক
আৰু আধ্যাত্মিকভাৱে তেওঁ সৃষ্টি কৰিছে৷ সেইটো তেওঁ সন্তান জন্ম দিয়াৰ দৰেহ কাম৷
তেওঁৰ অভ্যন্তৰীণ পূৰ্ণতাৰ জন্ম হৈছে৷ আচলতে পুৰুষ-নাৰী
দুয়োটা লিংগ আমি ভাবিব পৰাতকৈ বেছি ওচৰ সম্পৰ্কিত৷ পৃথিৱীৰ
পুনঃজীৱনো ইয়াৰ মাজতে সম্ভৱ৷ পুৰুষ আৰু নাৰীয়ে পৰস্পৰক বিপৰীত বুলি ভবাটো ভ্ৰান্ত
ধাৰণা৷ সকলো¸ দ্বিধা আঁতৰাই ভ্ৰাতৃ-ভগ্নী হিচাপে, চুবুৰীয়া হিচাপে, সৰ্বোপৰি মানৱ হিচাপে ইজনে সিজনক
গ্ৰহণ কৰিব লাগে আৰু তেওঁলোকৰ ওপৰত আৰোপিত লিঙ্গ-জটিলতা সৰলভাৱে ল’ব লাগে৷
এই সকলো হ’ব পাৰে সেই নিঃসঙ্গ মানুহসকলৰ জৰিয়তে যি নিজৰ নিৰ্ভুল দুহাতেৰে ইয়াক গঢ়ি তুলিব পাৰে৷ সেইবাবে, প্ৰিয়বৰ, তোমাৰ নিঃসঙ্গতাক ভাল পোৱা আৰু যন্ত্ৰণাই তোমাৰ মাজত সৃষ্টি কৰা অনুশোচনাৰ মধুৰ-ধ্বনি বহন কৰা৷ কাৰণ তুমি কৈছা যে যি সকলক তুমি নিকট সম্বন্ধীয় বুলি ভাবি আছিলা, তেওঁলোক তোমাৰ বাবে অচিন, বহু দূৰৰ৷ ইয়াৰ পৰা তোমাৰ বিস্তৃতিৰ প্ৰক্ৰিয়া সূচনা হৈছে৷ তোমাৰ আত্মীয় সৈতে যি দূৰত্ব সৃষ্টি হৈছে, সেই দূৰত্ব আকাশৰ তৰাবোৰৰ মাজতো আছে৷ বৰং ইয়াতকৈ বেছিকৈ আছে৷ তুমি তোমাৰ বিকাশক লৈ আনন্দ কৰিব পাৰা৷ স্বাভাৱিকতে তুমি কাকো লগত লৈ যাব নোৱাৰা, তেওঁলোক পিছ পৰি ৰৈছে৷ তেওঁলোকৰ সন্মুখত তুমি শান্ত আৰু দৃঢ় হৈ থাকিবা৷ তোমাৰ সন্দেহবোৰেৰে তেওঁলোকক দুখ নিদিবা অথবা তোমাৰ বিশ্বাস আৰু আনন্দেৰে তেওঁলোকক ভয় নুখুৱাবা৷ কাৰণ, তেওঁলোকে এইবিলাক বুজিব নোৱাৰে৷ তেওঁলোকৰ মাজত তুমি এক সৰল আৰু অনুগত সমাজ বিচাৰি ল’বা যিখন সমাজ পৰিৱৰ্তন হোৱা প্ৰয়োজন নাই৷ বৰং তুমি বেলেগ হ’বা, বাৰে বাৰে বেলেগ হ’বা৷ তথাপি তেওঁলোকক ভাল পাবা৷ কিন্তু নিজে সুকীয়া ধৰণেৰে জীয়াই থাকিবা৷ বয়সীয়াল মানুহৰ প্ৰতি সহানুভূতিশীল হ’বা, কাৰণ তোমাৰ নিচিনাকৈ নিঃসঙ্গ হ’বলৈ তেওঁলোকে ভয় কৰে৷ পিতৃ-মাতৃ আৰু সন্তানৰ মাজত চলি থকা টনা-আঁজোৰা নাটকখনত কোনো ভূমিকা নল’বা৷ এইখনে ল’ৰা-ছোৱালীৰ শক্তি নাশ কৰে আৰু ডাঙৰৰ স্নেহ হ্ৰাস কৰে৷ ইয়াৰ কোনটো ফলপ্ৰসূ বুজিব নোৱাৰি৷ তেওঁলোকৰ পৰা উপদেশ নিবিচাৰিবা, কোনো বুজাবুজিৰ প্ৰয়াস নকৰিবা৷ কিন্তু তোমাৰ প্ৰতি উত্তৰাধিকাৰ হিচাপে সাঁচি ৰখা স্নেহৰ ওপৰত বিশ্বাস ৰাখিবা৷ এই স্নেহৰ মাজতে আছে তোমাৰ শক্তি আৰু আশীৰ্বাদ৷ তুমি আগ বাঢ়ি যাবলৈ হ’লে ইয়াৰ পৰা আঁতৰি যোৱাৰ প্ৰয়োজন নাই৷ বৰ ভাল কথা যে তুমি সম্প্ৰতি এটা বৃত্তি লৈছা যিটোৱে তোমাক স্বাধীন কৰিব আৰু সকলো ফালৰ পৰা তোমাৰ নিজৰ কৰি তুলিব৷ নতুন বৃত্তিটোৱে তোমাৰ অন্তৰাত্মাৰ অনুভূতিক বাধা দিয়া যেন অনুভৱ কৰিলে তুমি ধৈৰ্য ধৰিবা৷ এইটো বৰ কঠিন আৰু তাৰ তাগিদা বহুত বেছি৷ ই পৰম্পৰাৰে বান্ধ খাই আছে আৰু এনে সমস্যাবোৰে প্ৰতি ব্যক্তিগত ধ্যান-ধাৰণাৰ প্ৰতি বিশেষ নজৰ নাৰাখে৷ কিন্তু তোমাৰ নিঃসঙ্গতাই হ’ল তোমাৰ খোপনি, তোমাৰ ঘৰ৷ ইয়াত থাকি তুমি অতি অবাঞ্ছিত পৰিৱেশৰ সৈতেও মুখামুখি হ’ব পাৰিবা আৰু ইয়াৰ পৰাই তুমি নিজৰ পথ বাছি ল’ব পাৰিবা৷ মোৰ সকলো শুভেচ্ছা তোমাৰ স’তে আগ বাঢ়িবলৈ সাজু৷ মোৰ বিশ্বাস তোমাৰ ওপৰত৷
তোমাৰ
ৰাইনাৰ মাৰিয়া ৰিল্কে