ড° অসীম চুতীয়া
এটি শিশুৱে এখন বিচিত্ৰ জগতত বাস কৰে৷ তাত কল্পনাৰ পখী এটাই অনৱৰতে ডেউকা মেলি অনন্ত আকাশত উৰি ফুৰে৷ সেয়েহে শিশুৰ মনোজগতক বুজি পোৱাটো প্ৰতিজন বয়োজ্যেষ্ঠ ব্যক্তিৰ বাবে প্ৰত্যাহ্বানমূলক কাম হিচাপে বিবেচিত হৈ আহিছে৷ প্ৰতিজন ব্যক্তিয়েই শিশুকাল এটা উদ্যাপন কৰিহে আগ বাঢ়ি যায় যদিও পাছলৈ প্ৰত্যেকেই শিশুৰ মনোজগতখনৰ অপাৰ আনন্দ আৰু সৌন্দৰ্য হেৰুৱাই পেলায়। শিশুৱে মূলতঃ সাংগীতিক লয় থকা অথবা আমোদ দিব পৰা যিকোনো কথাকেই আঁকোৱালি লোৱা দেখা যায়৷ প্ৰতিটো শিশুৱেই ডাঙৰৰ কথনভংগীত আনন্দদায়ক কিবা এক আকৰ্ষণ বিচাৰে৷ ৰসাল আৰু সজীৱ মুহূৰ্তৰ যোগেদি উপস্থাপন কৰা অভিজ্ঞতা আৰু বিস্ময়কৰ কথা-কাহিনীৰ প্ৰতি শিশুহঁতৰ আগ্ৰহ সদায়ে বেছি৷ চিৰচিনাকি পৃথিৱীৰ, চিনাকি চৰিত্ৰ অথবা চিত্ৰৰ যোগেদি উপস্থাপন কৰা কাৰ্যকলাপৰ প্ৰতি সাধাৰণতে শিশুহঁতৰ আকৰ্ষণ বেছি। এই কাৰণতে শিশু-সাহিত্য ৰচনা কৰা প্ৰতিজন শিশু-সাহিত্যিক সচেতন হোৱাটো খুবেই দৰকাৰ৷ অসমীয়া ভাষাত যিসকলে সচেতনভাৱেই শিশু-সাহিত্য ৰচনা কৰি বিশেষ কৃতিত্ব অৰ্জন কৰিছে, সেইসকলৰ ভিতৰত গগনচন্দ্ৰ অধিকাৰীও এজন৷ তেখেতে শিশুৰ বাবে পৰিচিত অতি সাধাৰণ চৰিত্ৰ, পৰিৱেশ অথবা বিষয়বস্তুৰ আধাৰত ৰচনা কৰা শিশু-সাহিত্যই শিশুৰ মনোজগতত স্থান পাবলৈ সক্ষম হৈছিল৷
প্ৰকৃতাৰ্থত ‘অসমবাণী’-ৰ ‘মইনা পাৰিজাত চ’ৰা’-ই আছিল মোৰ শিশু-সাহিত্য চৰ্চাৰ উৰ্বৰ কঠিয়াতলী
বুলি স্বীকাৰোক্তি কৰা গগন চন্দ্ৰ অধিকাৰী অসমীয়া শিশু-সাহিত্যৰ
জগতখনৰ এটি চিনাকি নাম৷ ১৯৫২ চনতে শিশু-সাহিত্যিকৰূপে সাপ্তাহিক কাকতত ভুমুকি মৰা গগনচন্দ্ৰ
অধিকাৰীৰ ‘মিনতি’ হৈছে প্ৰথম লেখা
পদ্য৷ দ্বিতীয়টো পখিলী আইদেউৰ চিঠি৷ তেখেতে গৌৰকান্ত তালুকদাৰৰ সম্পাদিত শিশু-আলোচনীত ভালেমান শিশু-সাহিত্য লিখিছিল৷ তেখেতৰ শিশু-সাহিত্যসমূহ হৈছে— টকাত একোটা হাতী',
ৰ’দালি এ ৰ’দ একণ
দে, কক ককৰে কক, কে কে হুৱা, আখৰৰ গীত, তিনিখন ঠেং হ’ল
বুঢ়ী আইতাৰ, টৰ্চ মৰা মহ আদি পদ্যপুথি৷ মনোৰম খবৰৰ পেৰা,
মাখন মামাৰ সাধু, মাখন
মামাৰ মনোৰম সাধু, সাঁথৰ ভঙাৰ খেল আদি তেখেতৰ গদ্য ৰচনা, অসমীয়া ভিখাৰী হাস্যমধুৰ ৰচনা৷
শৈশৱটো সকলোৰে বাবে মধুময়৷ শৈশৱৰ ভাল লগা
স্মৃতিবোৰে ওৰেটো জীৱন মানুহক খেদি ফুৰে৷ কাৰোবাক সেই ভাল লগা স্মৃতিৰ কথা কৈ
শুনাবলৈ ভাল লাগে৷ গগন চন্দ্ৰ অধিকাৰীয়ে শিশুহঁতৰ বাবে শৈশৱৰ স্মৃতিবোৰক কবিতাৰ
যোগেদি বুজাব বিচাৰিছে৷ এই সম্পৰ্কে গগন চন্দ্ৰ অধিকাৰীয়ে নিজেই কৈছে— “বাস্তৱ-অবাস্তৱৰ বিভিন্ন ঘটনা আৰু
লাগ-বান্ধ নোহোৱা শিশুমনৰ উদ্ভট কল্পনাৰ পম খেদি শিশু কালৰ বিচিত্ৰ জগতখনলৈ প্ৰায়ে
লৰা মাৰো আৰু বুটলি লওঁ নিজৰ শৈশৱকালৰ দুই-একোটা স্মৃতিৰ টুকুৰা৷ তাকে সজাই লৈ
পদ-কথাৰে ছবি আঁকো, বিলাই দিওঁ মোৰ শৈশৱৰ অভিজ্ঞতাবোৰ
সাম্প্ৰতিক কালৰ শিশুসকলৰ মাজত৷” টকাত একোটা হাতী তেখেতৰ ব্যক্তিগত স্মৃতিবিজড়িত কবিতা সংকলন৷ ১৭ কবিতা সংকলিত হোৱা এই
কবিতাপুথিখনৰ কবিতাবোৰ শিশুসকলৰ লগত ৰজিতা খাই পৰিছে৷ স্কুলীয়া জীৱনৰ কথা, বাদ্যযন্ত্ৰ বজাবলৈ শিকাৰ অভিজ্ঞতা, নিজৰ পুত্ৰৰ ল’ৰালি কালৰ স্মৃতি, মামাৰ সৈতে ভাগিনৰ আৱেগ-মধুৰ
সম্পৰ্ক, লাহে লাহে জ্ঞানৰ দুৱাৰ মুকলি হোৱা ক্ষণবোৰৰ কথা এই
কবিতাপুথিখনত সন্নিৱিষ্ট হৈছে৷ উদাহৰণ স্বৰূপে কেইটামান কবিতাৰ পংক্তি দিয়া হ’ল—
সোণটিয়ে আজি প্ৰথম প্ৰথম/ ইচকুললৈ গৈ/ বহুত শিকিলে
নতুন কথা/ নতুন নতুন কৈ (ইচকুল)
জোনলৈ যাবলৈ/ লাগিবই যান;/ গতিকে লাগিব আগে/যান সজাৰ জ্ঞান//
জ্ঞানকেই ইংৰাজীত/ বুলিছে ‘নলেজ’/ জ্ঞান
বঢ়াবলৈ’ আছে/ স্কুল-কলেজ (জোনলৈ
বাট কেনি)
ভাবিছিল সি,–
এটকাতে আৰু/ ক’তনো হাতীটো পাব// ভবাই নাছিল
টেঙৰ বাবুলে/ পুতলা হাতীয়ে ল’ব/ (টকাত একোটা হাতী)
শিশুৰ মনবোৰ সৰল৷ সৰল মনক আকৰ্ষণ কৰিবলৈ সৰল
বাক্যৰে প্ৰয়োজন৷ তদুপৰি শিশুহঁতে সহজে কথাবোৰ বুজি পোৱাও হ’ব লাগিব৷ গগন চন্দ্ৰ অধিকাৰীয়ে
শিশুৰ মনস্তাত্ত্বিক দিশটোক সুন্দৰকৈ বুজি এই পুথিখন ৰচনা কৰিছিল৷ ক-ফলাৰ
কথা শীৰ্ষক কবিতাটিত শিশুক অসমীয়া
ব্যঞ্জনবৰ্ণৰ প্ৰতি বিশেষভাৱে আকৰ্ষিত কৰিবলৈ যত্ন কৰা হৈছে৷ উদাহৰণ স্বৰূপে–‘চ’টোৱে চাহ খায় চাহাবী ঢঙত/ ছাঁত বহি ‘ছ’টোৱে হাঁহিছে ৰঙত// জাৰ-জহ যাৰ নাই সিয়ে হ’ল ‘জ’/ ঝাৰু লই ‘ঝ’ই সোধে, ‘কি
সাৰিম ক’? (ক-ফলাৰ কথা)
প্ৰতিটো আখৰৰ সুকীয়া সুকীয়া বৰ্ণনা তাকো শিশুৰ বাবে দিয়াতো ইমান সহজ নহয়৷ কিন্তু
অধিকাৰীদেৱে এই জটিল কামটোকে সহজভাৱে উপস্থাপন কৰি শিশু-সাহিত্যিকৰ দায়িত্ব আৰু
কৰ্তব্য পালন কৰিছিল৷
ৰ’দালি এ ৰ’দ একণ দে অসমীয়া ওমলা গীতৰ আধাৰত ৰচিত পুথি৷ শিশুৱে
সদায় খেল-ধেমালিহে ভাল পায়৷ খেল খেলিবলৈ নাপালে শিশুৰ মনটো বিষাদেৰে ভৰি পৰে৷
বৰষুণৰ বতৰতো শিশুৱে কাগজৰ নাও সাজি তিতি-বুৰি খেলি থাকে৷ অৱশ্যে সদায়ে বৰষুণত
তিতিবলৈ মাক-দেউতাকে নিদিয়ে৷ কেতিয়াবা আকৌ বৰষুণে বাধা বিঘিনি সৃষ্টি কৰে৷ তেতিয়াই
শিশুৱে ডাৱৰবোৰ আঁতৰি যাবলৈ মনৰ পৰা প্ৰাৰ্থনা কৰে৷ অসমীয়া ওমলা গীতত আছে— ৰ’দালি এ ৰ’দ দে ৰ’দ দে/ আলি কাটি
জালি দিম/ বৰপীৰা পাৰি দিম/ তাতে বহি ৰ’দ দে ৰ’দ দে৷ এই গীতৰ আৰ্হিতে
শিশুৰ বাবে অধিকাৰীয়ে লিখিছে— “ৰ’দালি
এ ৰ’দ একণ দে/ মেঘবোৰ
আঁতৰাই/ বেলিটো উলিয়াই/ ৰ’দ একণ দে৷... কিন্ কিন্ কিন্ কিন্/ বৰষিছে প্ৰতিদিন/ কেনেবা লাগিছে মন/ হ’ব আৰু দে/ সাৰি-পুছি মেঘবোৰ ক’ৰবালে নে৷” বন্ধুসুলভ
মানসিকতাৰে ৰ’দালিক শিশুৱে মেঘ আঁতৰাবলৈ জনোৱা আহ্বান
সঁচাকৈয়ে প্ৰশংসনীয়৷
এইখন সংকলনৰ এটা অতি মোহনীয় কবিতা হৈছে নিগনিৰ
গতি৷ এবাৰ নিগনি এটাৰ হাতী হোৱাৰ বাসনা জাগিল৷ নিগনিটোৱে হাতী হোৱা হ’লে ভঁৰালৰ সমস্ত সম্পদ কুটি পেলোৱাৰ
অভিলাষো বোন্দাৰ আগত প্ৰকাশ কৰিলে৷ বোন্দাই নিগনিক ক’লে যে হাতী হোৱা হ’লে সি ভঁৰালৰ ধান
কুটিবলৈ পোৱাৰ বিপৰীতে মানুহহে তাৰ পিঠিত উঠি ঘূৰি ফুৰিলেহেঁতেন। বোন্দাৰ কথা শুনি
নিগনিৰ খং উঠিল আৰু হাতী হোৱাহ’লে এই বোন্দাক গচকি থিতাতে
মাৰি পেলোৱাৰ সপোন দেখিলে৷ কিন্তু নিজৰ ভাৱনাত বিভোৰ হৈ থাকোঁতেই নিগনিক বোন্দাই
থাপ মাৰি ধৰিলে আৰু নিগনিৰ হাতী হোৱাৰ সপোনৰো সিমানতেই ইতি পৰিল।
চাইকেল চলাবলৈ শিকা আমাৰ ল’ৰাবোৰ বৰ মধুময় আছিল৷ চাইকেলখনেই
আমাৰ ল’ৰালিৰ প্ৰথম আৰু প্ৰধান সম্বলো আছিল৷ অধিকাৰীয়ে এই
সময়খিনিক সুৰীয়াকৈ ‘চাইকেল’ কবিতাটিৰ
যোগেদি প্ৰকাশ কৰিছে— টিলিলিং টিলিলিং/ বাটত বজাই বেল/ ৰতনে পেলালে শিকি/ চলাবলে’ চাইকেল৷// টিলিলিং
টিলিলিং/ দুচকীয়া চাইকেল,/ কাৰাং কুৰুং কৰে/ দিবলে’ এৰিলে তেল৷ (চাইকেল) এই কবিতাটিৰ যোগেদি চাইকেলকেন্দ্ৰিক বিভিন্ন শব্দ,
যেনে— পেডেল, চেইন, হেন্দোল আদি শব্দ শিশুহঁতক চিনাকি কৰি দিয়া হৈছে৷ কবিতাটি পঢ়ি জ্যেষ্ঠসকল
নষ্টালজিক হৈ পৰাৰ বিপৰীতে শিশুসকল চাইকেলৰ প্ৰতি নিশ্চিতভাৱে আগ্ৰহী হৈ উঠে।
অধিকাৰীৰ শিশু-সাহিত্যৰ প্ৰধান বিশেষত্ব হৈছে ইয়াৰ ভাষা৷ নন্দন
তালুকদাৰৰ মতে— অধিকাৰীৰ ভাষা সৰল, অনাড়ম্বৰ
অথচ আকৰ্ষণীয়৷ শিশুমনৰ অনুভূতিৰ লগত একাত্মবোধ অধিকাৰীৰ ৰচনাৰ প্ৰধান বৈশিষ্ট্য৷ (অসমবাণী, ১০ ডিচেম্বৰ, ১৯৮২) কক্-কক্ৰে-কক্, কে কে হুৱা পুথিখনৰ ভাষা আৰু বিষয়বস্তুৰ ক্ষেত্ৰতো অধিকাৰীয়ে যথেষ্ট পৰিচ্ছন্নতাৰ
পৰিচয় দিছে৷ এই পদ্য দুটিক ৰসাল কৰি তুলিব
পৰাকৈ পৰিৱেশ আৰু পৰিস্থিতি সৃষ্টি কৰা হৈছে আৰু তাত প্ৰধান ভূমিকা পালন কৰিছে সাৱলীল
ভাষাই৷ এই পদ্য দুটিত শিশুহঁতৰ প্ৰতি বিশেষ নীতিমূলক কথাও উপস্থাপন কৰা হৈছে৷ কক্-কক্ৰে-কক্
পদ্যটিত আছে যে হাই-কাজিয়া কৰি থকাজনৰ বিপদ অনিবাৰ্য; সেইদৰে
মিলা-প্ৰীতিৰে কাম কৰিলে বিভিন্ন ক্ষেত্ৰত সুফল পোৱা যায়৷
সেইদৰে কে কে হুৱা পদ্যটিত বুদ্ধিৰ
বল কিমান আৰু আনলৈ হুল পুতিলে এদিন যে নিজেও বিপদত পৰিবলগীয়া হয়, তেনে কথা-কাহিনী শিশুহঁতৰ বাবে সুন্দৰকৈ লিখি উলিয়াইছে৷ অধিকাৰীৰ সাধু
কোৱাৰ কৌশল আৰু কথনভংগীয়ে সহজে শিশুহঁতক আকৰ্ষণ কৰিবলৈ সক্ষম হৈছিল৷ তেওঁৰ বিশিষ্ট
কথকতা গুণ এই দীঘলীয়া পদ্য দুটিত সুন্দৰকৈ ফুটি উঠিছে৷
শিশুসকলক আখৰ শিকাবলৈ বিভিন্নজন লেখকে বিভিন্ন ধৰণৰ
কৌশল প্ৰয়োগ কৰি একো একোটা পদ্য ৰচনা কৰা দেখা যায়৷ গগন চন্দ্ৰ অধিকাৰীও এই
ক্ষেত্ৰত পিছ পৰি থকা নাই৷ আখৰৰ গীত তেখেতৰ এখন
তেনে ধৰণৰ গ্ৰন্থ৷ এই গ্ৰন্থত প্ৰতিটো আখৰৰ সৈতে একোটা ৰসাল পদ্য গাঁথি দি অধিকাৰীয়ে
শিশুসকলৰ মনোযোগ আকৰ্ষণ কৰিছে৷ পদ্য-ধেমালিৰ মাজেদিয়ে শিশুৱে আখৰবোৰক নিজৰ আয়ত্তলৈ
আনিব বুলি ভাবিয়েই তেওঁ এনে প্ৰয়াস কৰিছিল৷ ‘আখৰৰ গীত’-ত গীতৰ ছলেৰে ‘অ-আ,
ক-খ’-ৰ পৰা আৰম্ভ কৰি ধাৰাপাঠৰ ১-ৰ পৰা ১০
সংখ্যালৈ আখৰ চিনাকিৰ সুযোগ শিশুহঁতৰ বাবে আগ বঢ়াই দিছে৷ সেইদৰে আখৰৰ খেল
পদ্যটোত স্বৰবৰ্ণৰ আক্ষৰিক চিহ্নবোৰ ব্যঞ্জনবৰ্ণৰ লগত কেনেকৈ লগ হয়; বৰ্ণৰ সমষ্টিয়ে কেনেকৈ অৰ্থ প্ৰকাশক শব্দৰ সৃষ্টি কৰিব পাৰে— তাৰো এটি আভাস দিছে৷ এই পুথিৰ কেইটামান উদাহৰণ ইয়াতে তুলি দিয়া হ’ল—
১. অৰ ঘৰৰ অমিতা–/ অ’ মা, আমি
খাম/ আৰ ঘৰত আইতাই/ কাটিছে পকা আম (কাৰ ঘৰত কি)
২. জাকৈ-খালৈ লৈছে ঐ/ খাবলৈ মন মাছে-ভাতে/ ওৰ চকুহাল
ওপৰত/ মোমাইৰ ঘৰটো ওচৰত/ ঔৱে ৰৌৱে ঔৱে
খাই/ নিতৌ কৰে কছৰৎ (অ-ফলাৰ গীত)
৩. ‘আ’ৰ পৰা কাঢ়ি হাতৰ লাখুটি/ সকলোটি হয় আতা/ ‘ক’ত আকাৰে কা/ ‘খ’ত আকাৰে খা–/ মুখ মেলি মেলি মাতা৷ (আখৰৰ খেল)
শিশুসকলৰ শিক্ষা দিয়াৰ উদ্দেশ্য আগত ৰাখি লিখা দুখন
পুথি হৈছে মনোৰম খবৰৰ পেৰা, মাখন মামাৰ মনোৰম সাধু আদি৷ মনোৰম খবৰ পেৰাত সংবাদধৰ্মী কিছুমান ৰচনা
সন্নিৱিষ্ট হৈছে৷ চিৰিয়াখানাৰ জন্তু কোনে নিতৌ কিমানকৈ খাদ্য খায়, হাঁচি মৰাৰ লগত কোন কোন দেশত কি কি বিশ্বাস প্ৰচলিত আছে, ক্ৰিকেট খেলৰ কথা, চৰাই বাহৰ চুৰুহা কি ধৰণৰ খাদ্য,
আমি হাঁচিয়াওঁ কিয়, অৰণ্যত অলিম্পিক, এক ঐতিহাসিক চিকাৰ কাহিনী আদি শিৰোনামত ৰসলগা তথ্য কেতবোৰ কৌশলেৰে শিশুৰ
সন্মুখত তুলি ধৰিছে৷ সেইদৰে মাখন মামাৰ মনোৰম সাধুত শিশুৱে মাখন মামাৰ পৰা সাধু
শুনিবলৈ পাইছে৷ সাধুসমূহত অসমীয়া খণ্ডবাক্যৰ প্ৰয়োগ কৰি শিশুসকলক বেচ আমেজ দিয়া হৈছে৷ সাধুসমূহ লোককথাৰ ভিত্তিত হ’লেও
তাৰ মাজতো অধিকাৰীয়ে মৌলিকতাৰ পৰিচয় দি মনোৰম কৰি তুলিছে৷ মাখন মামাৰ সাধুৰ পাতনিত
যোগেশ দাসে লিখিছে— ‘‘শ্ৰীঅধিকাৰীয়ে এই লেখাকেইটিৰ যোগেদি
শিশু-চেমনীয়াৰ জ্ঞাতব্য বিষয় কিছুমান ৰসালকৈ, সহজে বুজি
পোৱাকৈ দাঙি ধৰিছে৷... বিষয়বিলাকেই অকল আমোদজনক নহয়, লিখকে
সেইবিলাকক সজাইছেও আমোদজনককৈ৷ আমাৰ বিশ্বাস, লেখাকেইটা পঢ়ি
ল’ৰা-ছোৱালী এফালে উপকৃতও হ’ব, আনফালে আনন্দিতও হ’ব৷ ৰসেৰে আপ্লুত কৰি আনন্দ
দান কৰাটোও সাহিত্যৰ এটা লক্ষণ৷’’ এই ধৰণৰ অন্য এখন উল্লেখনীয় পুথি হৈছে অসমীয়া ভিক্ষাৰী৷ এই পুথিতো
হাস্যমধুৰ পৰিৱেশৰ মাজেৰে শিশুসকলক আমোদ দিছে৷
টৰ্চ মৰা মহ গগনচন্দ্ৰ অধিকাৰীৰ হাস্য-ব্যঙ্গ-পদ্য সংকলন৷ টৰ্চ
মৰা মহ সংকলনটিৰ পদ্যসমূহৰ
সন্দৰ্ভত নৱকান্ত বৰুৱাই কোৱা বক্তব্যশাৰী ৰজিতা খাই পৰে৷ নৱকান্ত বৰুৱাই অধিকাৰীৰ
শিশু-সাহিত্যৰ সন্দৰ্ভত লিখিছিল—‘‘অসমীয়া শিশু-সাহিত্যত গগনচন্দ্ৰ অধিকাৰীৰ নিজস্ব এটুকুৰা ঠাই আছে৷ শিশুমনক
আকৃষ্ট কৰিব পৰা ভাষা আৰু ছন্দৰো তেওঁ এজন অধিকাৰী৷ ধেমালিৰ ছলেৰে জ্ঞান দিয়াৰ
প্ৰচেষ্টাত তেওঁ আনন্দৰ ওপৰতেই গুৰুত্ব বেছি দিয়ে৷ বিশেষকৈ আমোদজনক পৰিৱেশ এটা
তৈয়াৰ কৰাত তেওঁ সিদ্ধহস্ত৷’’ টৰ্চ মৰা মহ শীৰ্ষক পদ্যটি
এই সংকলনৰ এটি বেচ আমোদজনক কবিতা৷ এই কবিতাটিৰ শেষত টৰ্চ মৰা
মহ মানে জোনাকী পৰুৱাৰ পোহৰ বুলি জানিবলৈ দি শিশুক এক নানন্দিক সোৱাদ দিছে৷ এই
সংকলনৰ কিছুমান পংক্তি উদ্ধৃতি দিলে পঢ়ুৱৈ সমাজে আমোদজনক পৰিৱেশটোৰ উমান পাব৷ যথা—
(ক) বিহু আহি গ’ল নগৰলে’— এৰি/ গাঁৱৰ ভছহু ঠাই/ তুমিহে আইতা,
আশীৰ্বাদশাৰীকে/ সলাবই পৰা নাই (বিহুৰ আশিস)
(খ) ট-বৰ্গৰ পালত সোমাই ‘ন’ই/ ৰোমলৈ গ’লে যেনেকৈ ৰোমান
হয়/ তেনেকৈয়ে মানি নিজকে ধন্য/ দন্ত্যৰ ঠাইত হয় মূদ্ধৰ্ণ্য (ণত্ব-বিধি)
(গ) এতিয়া, বেতৰ
আগত বিদ্যাৰ সলনি/ বিদ্যাৰ আগত বেত// সেয়েই কিজানি মগজু নাবাঢ়ি/ বাঢ়ে সকলোৰে
পেট/ (জানানে বোপাইহঁত)
জীৱনৰ অধিকাংশ সময় গগন চন্দ্ৰ অধিকাৰীয়ে শিশুৰ বাবে
সাহিত্য ৰচনা কৰিয়ে কটালে৷ শিশুৰ বুদ্ধিমত্তাক চোক দিবলৈ, শিশুৰ বৌদ্ধিক-মানসিক জগতক
সমৃদ্ধিশালী কৰিবলৈকে তোওঁ নিৰৱচ্ছিন্ন প্ৰচেষ্টা চলাই গ’ল৷ তেওঁ জটিল বিষয় একোটাকো ৰসালকৈ উপস্থাপন কৰি শিশুসকলক তাৰ প্ৰতি আগ্ৰহী
কৰি তুলিলে৷ অসমীয়া ভাষাৰ জতুৱা ঠাঁচ, প্ৰবাদ-প্ৰৱচন,
সাঁথৰ, খণ্ডবাক্য, লোককথাৰ
সমাহাৰত অসমীয়া শিশু-সাহিত্যৰ পথাৰখন তেখেতে চহকী কৰি থৈ গৈছে৷
ঠিকনা:
সহকাৰী অধ্যাপক, অসমীয়া বিভাগ, চেপন মহাবিদ্যালয়৷