Letters to a Young Poet
মূল (জাৰ্মান): ৰেইনাৰ মাৰিয়া ৰিল্কে
এম্ জি হাৰ্টাৰ নৰ্টনে কৰা ইংৰাজী পাঠৰ পৰা অনুবাদ : ৰমানন্দন বৰা
সপ্তম পত্ৰ
ৰোম, ১৪ মে, ১৯০৪
মৰমৰ মিষ্টাৰ কাপ্পাছ,
তোমাৰ শেহতীয়া চিঠিখন পোৱাৰ পাছতো বহু সময়
পাৰ হ’ল৷ ইয়াৰ বাবে মোক নুদুষিবা৷ প্ৰথমতে কাম, তাৰ পাছতে বিৰতি, শেষত স্বাস্থ্যৰ
অসুবিধাই বাৰে বাৰে তোমালৈ লিখাৰ পৰা বাৰণ কৰিছে৷ কাৰণ তোমালৈ লিখা চিঠিখন (অন্ততঃ মই
বিচাৰোঁ) শান্ত আৰু ভাল দিনত হওক৷ এতিয়া মই অলপ বাৰু পাইছোঁ (ইয়াত ক্ষন্তেকীয়া
সাধাৰণ পৰিৰ্ৱতনে আনিব খোজা বসন্তৰ আগমনিও বৰ আমনি লগা)৷ তোমাক ওলগ জনাইছোঁ,
মিষ্টাৰ কাপ্পাছ৷ মোৰ অন্তৰ খুলি তুমি সোধা কথাবোৰ মই যেনেকৈ জানো এটাৰ পাছত এটাকৈ
কৈ যাম৷
চোৱাঁ, মই তোমাৰ ছনেটটোৰ এটা নকল প্ৰস্তুত
কৰিলোঁ৷ কাৰণ মই ভাবোঁ এই সহজ, মৰম লগা কবিতাটোৱে নিজৰ ফৰ্মত স্বচ্ছন্দভাৱে গতি
কৰিছে৷ তুমি পঢ়িবলৈ দিয়া আটাইবোৰ কবিতাৰ ভিতৰত এইটোৱেই শ্ৰেষ্ঠ৷ মই তোমাক এই
নকলটো দি পঠাইছোঁ৷ নিজৰ এটা ৰচনা আনৰ হাতৰ অচিনাকি আখৰত পঢ়াটো এটা নতুন আৰু দৰকাৰী
অভিজ্ঞতা৷ শাৰীবোৰ পঢ়ি যোৱাঁ যেন সেইবোৰ আন কাৰোবাৰ, তেতিয়া তুমি অন্তৰৰ গভীৰতাত
উপলব্ধি কৰিবা যে সেইবোৰ আচলতে তোমাৰ কিমান নিজা৷
তোমাৰ ছনেট আৰু চিঠি পঢ়ি আনন্দ পালোঁ৷
দুয়োটাৰ কাৰণে ধন্যবাদ দিলোঁ৷
তুমি কেতিয়াও সন্দেহ নকৰিবা যে তোমাৰ ভিতৰত
কিবা এটা আছে যিটোৱে বাহিৰলৈ ওলাই আহিবলৈ বিচাৰে৷ এই আকাংক্ষাই তোমাক
সহায় কৰিব যদিহে ইয়াক নিঃশব্দে আৰু কৌশলেৰে তোমাৰ নিঃসঙ্গতা বিস্তাৰ কৰিব পৰা এটা
সঁজুলি হিচাপে ব্যৱহাৰ কৰা৷ মানুহে সদায় (নিজৰ পৰম্পৰা অনুসৰি) নিজৰ সমাধানবোৰ সহজ
কিবা এটাত কেন্দ্ৰীভূত কৰিবলৈ বিচাৰে৷ আনকি সহজৰো সহজ অংশটোত৷ কিন্তু এটা কথা
স্পষ্ট যে আমি কঠিনতাক আদৰিব লাগিব৷ জীয়াই থকা প্ৰত্যেকেই কঠিনতাক খামুচি ধৰি
জীয়াই আছে৷ প্ৰকৃতিৰ প্ৰতিটো বস্তুৱেই গজি উঠে আৰু নিজা প্ৰক্ৰিয়াৰে নিজৰ সকলোৰে
বিনিময়ত প্ৰতিকূলতাৰ বিৰুদ্ধে নিজক ৰক্ষা কৰি, নিজৰ বৈশিষ্ট্যসহকাৰে
স্বতঃস্ফূৰ্তভাৱে জীয়াই থাকে৷ এটা কথা ঠিক যে কঠিনতাৰ সৈতেই আমি থাকিব লাগিব৷ ইয়াক
ত্যাগ কৰি নহয়৷ নিঃসঙ্গতা বৰ ভাল, কিন্তু ই সহজ নহয়৷ যিটো কঠিন, তাৰ নিশ্চয় এটা
কাৰণ আছে৷ এইবাবেই ই আমাৰ কামত আহে৷
প্ৰেম ভাল৷ কিন্তু প্ৰেমো কঠিন৷ এজন মানুহে
আন এজন মানুহক ভাল পোৱা বোধহয় আটাইবোৰ কামতকৈ এইটোৱেই আটাইতকৈ কঠিন৷ ইয়েই
হ’ল চূড়ান্ত লক্ষ্য, অন্তিমটো পৰীক্ষা আৰু প্ৰমাণ৷ এইটো এনে এটা কাম যাৰ বাবে আন
সকলো কাম প্ৰস্তুতি মাথোন৷ ডেকা-গাভৰুহঁতে যিহেতু সকলো দিশতে আৰম্ভণি কৰিছেহে,
তেওঁলোক এতিয়াও প্ৰেমক নাজানে৷ সেই কাৰণে তেওঁলোকে প্ৰেমৰ বিষয়ে শিক্ষা ল’ব লাগিব—
তেওঁলোকৰ সমগ্ৰ সত্তা আৰু স্পন্দনশীল, ভয়াতুৰ অকলশৰীয়া হৃৎপিণ্ডৰ সমস্ত শক্তি
একত্ৰিত কৰি তেওঁলোকে প্ৰেম কি শিকিব লাগিব৷ শিক্ষণ-কাল সদায় দীঘলীয়া, আছুতীয়া আৰু
ভাল লগা সময়৷ এই শিক্ষা ভৱিষ্যতৰ বাবে, জীৱনৰ গভীৰতালৈ যাত্ৰাৰ বাবে ৷ যি প্ৰেম
কৰিব জানে তেওঁ বুজি পায় প্ৰেম মানে একত্ৰীকৰণ নহয়, কেৱল দিয়া নহয়, আন এজনৰ সৈতে
কেৱল মিলন নহয় (মিলন কেনেকৈ হ’ব যদিহে কথাবোৰ অস্পষ্ট আৰু অসম্পূৰ্ণ আৰু অৱদমিত হৈ
থাকে)৷ বৰং প্ৰেম হ’ল এজন ব্যক্তি পৰিপক্ক হৈ উঠিবৰ বাবে উচ্চ স্তৰৰ উদ্দীপনা৷ ই নিজে আমাক এখন
জগতৰ দৰে বিস্তৃত হ’বলৈ জোৰদাৰ তাগিদা দিয়ে৷ ই ব্যক্তিক উন্নত কৰে আৰু বিশালতাৰ
বুকুলৈ লৈ যায়৷ একমাত্ৰ এই দৃষ্টিৰে অহোৰাত্ৰ পৰিশ্ৰম
আৰু অনুশীলনেৰে ডেকা-গাভৰুসকলে প্ৰেমৰ ব্যৱহাৰ কৰিব লাগে৷ একত্ৰ হোৱা মানে
স্বকীয়তা ত্যাগ কৰা নহয়, সকলো প্ৰকাৰৰ অন্তৰংগতাৰে মিলি যোৱা নহয় (অন্ততঃ যি বাচি
থাকিবলৈ বিচাৰে তেওঁলোকৰ বাবে নহয়)৷ ইয়েই সৰ্বোত্তম ultimate৷ সম্ভৱতঃ ইয়াৰ বাবেই
মানুহ জীয়াই থাকে৷ কিন্তু কাচিৎ প্ৰেমক লাভ কৰে৷ ডেকা-গাভৰুসকলে এই ক্ষেত্ৰত সততে
ভুল কৰে, সাংঘাতিক ধাৰণাৰ ভুল— তেওঁলোকে (অৱশ্যে এই বয়সত
স্বাভাৱিকতেই ধৈৰ্য নাথাকে) প্ৰেমত পৰাৰ লগে লগে ইজনে সিজনক সংক্ৰমণ কৰে আৰু নিজৰ বিশৃংখলা,
অপৰিচ্ছন্নতা, সন্দেহ আদি আনজনৰ ভিতৰত সুমুৱাই দিয়ে৷ তাৰ পাছত আৰু কি? এই আধা-কেঁচেলুৱাসকলক
লৈ জীৱনে কি কৰিব? সিহঁতে যাক অন্তৰংগতা বোলে, সুখ বোলে, তাৰ ধৰণ যদি এনে হয়,
তেওঁলোকৰ ভৱিষ্যৎ কি হ’ব? তেওঁলোকে সকলো সম্ভাৱনা আৰু বিশালতা হেৰুৱায়৷ স্বৰ্গীয়,
শান্ত দৃষ্টিভংগী আৰু উচ্ছ্বাসৰ বিপৰীতে তেওঁলোকে সাবটি লয় এনে এক জটিলতা, য’ৰ পৰা
নিৰাশা, হতাশা আৰু দৰিদ্ৰতাৰ বাহিৰে আন একো ফচল নোলায়৷ এই বিপজ্জনক পথটোত আগ বঢ়া
অগণন অগ্ৰজ লোকৰ পৰা উদ্ধাৰৰ পথ বিচাৰে৷ প্ৰেমৰ বাহিৰে মানুহৰ অভিজ্ঞতাৰ আন কোনো
ক্ষেত্ৰত ইমান বেছি আচাৰ-নীতি নাই৷ এই নীতিবোৰক কোৱা হয় জীৱন ৰক্ষাকাৰী নতুন
উদ্ভাৱন৷ এই সম্পৰ্কীয় সামাজিক ধাৰণাবোৰ নাও বা ছুইমিং ব্লাডাৰৰ দৰে ওপৰতে ভাহি
থকা৷ গতিকে এইবোৰে প্ৰেমৰ মাজত এনেকুৱা উপকৰণবোৰ সুমুৱায় যে ইয়াক এটা সহজ আনন্দ আৰু সস্তীয়া ৰূপ দান কৰে৷
সাধাৰণতে ৰাজহুৱা আনন্দবোৰ যেনেকুৱা, প্ৰেমকো তেনেকুৱা এটা ৰূপেই দিয়ে৷
এটা কথা সঁচা যে বহু ডেকা-গাভৰুৱে ভুলকৈ
প্ৰেম কৰে৷ অৱশেষত অৰ্থহীনতা আৰু বিকলতাৰে বোজাৰে ভাৰাক্ৰান্ত হৈ পৰিস্থিতিটো
নিজাববীয়াকৈ সংশোধন কৰিবলৈ যত্ন কৰে৷ তেওঁলোকে স্বাভাৱিকতে প্ৰশ্ন কৰে, প্ৰেমৰ দৰে
এটা বিষয়ৰ সমস্যাবোৰ ৰাজহুৱাভাৱে আলোচনাৰ মাধ্যমেৰে বা এখন চুক্তিৰে সমাধা কৰিব
পাৰিনে? দৰাচলতে এই সমস্যাবোৰ ব্যক্তি আৰু ব্যক্তিৰ মাজৰ গোপন প্ৰশ্ন৷ ইয়াৰ বাবে
প্ৰয়োজন একান্ত ব্যক্তিগত উত্তৰ৷ কিন্তু কেনেকৈ? তেওঁলোকে ইজনে সিজনক সংক্ৰমণ
কৰি এটা সংমিশ্ৰিত সত্তালৈ ৰূপান্তৰিত হৈছে? তেওঁলোকৰ নিজা সত্তা বুলি কোনো কথা নাথাকে৷
গতিকে তেওঁলোকে নিজৰ বিধ্বস্ত সত্তাৰ মাজত নিঃসঙ্গতা কেনেকৈ অনুভৱ কৰিব বা এটা
উত্তৰ পাবলৈ কেনেকৈ সমৰ্থ হ’ব?
এনে সংমিশ্ৰিত অপাংক্তেয় অৱস্থাৰে প্ৰেম
ধৰি ৰাখিবলৈ (তেওঁলোকে) আচাৰ-নীতি বিচাৰিবলৈ ধৰে৷ বিবাহৰ দৰে আপাততঃ ভাল পৰম্পৰা বৰ্জন কৰি,
অন্য কম প্ৰচলিত আচাৰ-নীতিৰ কবলত ভৰি দিয়েগৈ৷ তাৰ পাছত তেওঁলোকৰ চাৰিওফালে থাকে
কেৱল আচাৰসৰ্বস্বতা৷ পংকিল অন্তৰংগতাৰে ভৰা অপৈণত কামবোৰৰ প্ৰতিটো খোজেই
আচাৰবদ্ধ৷ এই বান্ধোনে যি সম্বন্ধৰ সৃষ্টি কৰে সিও আচাৰসৰ্বস্ব আৰু অস্বাভাৱিক
(সাধাৰণ অৰ্থত অনৈতিক)৷ আনকি বিচ্ছেদো ইয়াত এটা পৰম্পৰাগত আচাৰভুক্ত পদক্ষেপ—
নিষ্ফল এক নৈৰ্ব্যক্তিক সিদ্ধান্ত৷
তাৰ মাজতো যিজনে গুৰুত্ব সহকাৰে এই নিষ্ফল
অৱস্থাটো প্ৰত্যক্ষ কৰে, তেওঁ অনুভৱ কৰে— প্ৰেমৰো কোনো সহজ ব্যাখ্যা নাই, কোনো সহজ
সমাধান বা পথ নাই, যেনেদৰে মৃত্যুৰ পৰা হাত সাৰিবৰ কোনো সহজ সমাধানসূত্ৰ নাই৷ এই
দুয়োটা সমস্যা আমাৰ কাৰণে খুলিব নোৱৰাকৈ বান্ধি থোৱা দুটা টোপোলা৷ নোখোলা পৰ্যন্ত
ইয়াৰ কোনো সাধাৰণ সমাধনসূত্ৰ বিচাৰি উলিওৱা সম্ভৱ নহয়৷ আমি ব্যক্তি হিচাপে জীৱনটোক
যেনেদৰে পৰীক্ষাত অৱতীৰ্ণ কৰাওঁ, ঠিক তেনেদৰে এই সমস্যা দুটাকো অতিশয় গুৰুত্ব সহকাৰে
বিবেচনা কৰা উচিত৷ প্ৰেমৰ দৰে এটা সূক্ষ্ম বস্তুৱে আমাৰ প্ৰতি জীৱনতকৈও বৃহৎ
তাগিদা দিয়ে৷ আৰম্ভণিতে আমি সেইটো অনুভৱ কৰিব নোৱাৰোঁ৷ তথাপি যদি আমি দীৰ্ঘ দিন
প্ৰেমৰ সহায়কাৰী নিৰৱচ্ছিন্ন কৰ্মী হিচাপে আগ বাঢ়োঁ, তেনেহ’লে আমাৰ এই দিশত আমাৰ
অগ্ৰগতি হ’ব বুলি আশা কৰিব পাৰি৷ অৱশ্যে প্ৰেমৰ নামত চলা পাতলীয়া হাস্যকৰ
নাটকখনত নিজক নেহেৰুৱাকৈ ৰাখিব পাৰিব লাগিব৷ কাৰণ ইয়াৰ আঁৰতে মানুহে নিজৰ
অস্তিত্বৰ তীব্ৰতৰ আকাংক্ষা লুকুৱাই ৰাখে৷
আমি এজন ব্যক্তিৰ সৈতে দ্বিতীয় এজন
ব্যক্তিৰ সম্পৰ্ক সন্দৰ্ভত বস্তুনিষ্ঠ আৰু পূৰ্বধাৰণাৰহিত অনুসন্ধান আৰম্ভ
কৰিছোঁ মাথোন৷ আমাৰ সন্মুখত ইয়াৰ কোনো পূৰ্বপ্ৰস্তুত আৰ্হি নাই৷৷ তথাপি সময়ে
নিশ্চয় আমাৰ এই ক্ষুদ্ৰ প্ৰচেষ্টাক গতি দিব৷
গাভৰু আৰু মহিলাসকলে তেওঁলোকৰ নতুন নিজা
ৰূপটো গমি চালে দেখিব যে তেওঁলোকে ভাল-বেয়া নিবিৰ্চাৰে মাথোন পুৰুষৰ
কৰ্মক অনুসৰণ কৰিছে, পুৰুষৰ বৃত্তিবোৰকে অনুকৰণ কৰিছে৷ এনে অনিশ্চিত বিৰূপ
পৰিৱৰ্তনৰ শেষত নাৰীসকলে অনুভৱ কৰিব যে তেওঁলোকে আচলতে (প্ৰায় হাঁহি উঠা ধৰণেৰে)
বিপৰীত লিঙ্গক অনুকৰণ কৰোঁতে, নিজৰ নাৰীৰ স্বাভাৱিক বৈশিষ্ট্য হেৰুৱাই অলেখ
ছদ্মবেশীহে সৃষ্টি কৰিছিল৷ নাৰীৰ মাজতেই নিজৰ বৈশিষ্ট্যসমূহ অধিক ফলপ্ৰসূ আৰু
অবিচলভাৱে প্ৰকাশিত হয়৷ সৰলৰৈখিক পুৰুষৰ তুলনাত নাৰী হ’ল প্ৰাথমিকভাৱে অধিক পৈণত
মানুহ ৷ তেওঁলোক অধিক মানৱীয় গুণসম্পন্ন৷ কাৰণ পুৰুষৰ শৰীৰ ফলধাৰণৰ জোখাৰে অৱনত
নহয়৷ পুৰুষে সেয়ে অবিশ্বাস আৰু খৰখেদাৰ মাজেৰে প্ৰেমৰ অৱমূল্যায়ন কৰে৷ নাৰীৰ ওপৰত
চলা অমানৱিক অৱদমন, যন্ত্ৰণা আৰু অত্যাচাৰৰ ছবিখন সেইদিনাহে প্ৰকাশিত হ’ব যিদিনা
নাৰীয়ে পৰম্পৰা আৰু আচাৰ-নীতিৰ চাদৰখন আঁতৰাই থ’ব৷ কেৱল শাৰীৰিক অৱয়বটোৰে নাৰীক
চাব জনা পুৰুষসকলে নাৰীৰ নতুন ৰূপ দেখি আশ্চৰ্যচকিত হ’ব৷ কোনোবাদিনা (উত্তৰৰ
দেশবিলাকত ইয়াৰ ইংগিত ইতিমধ্যে ফুটি উঠিছে), ছোৱালী আৰু মহিলাসকলৰ নাম কেৱল পুংলিঙ্গৰ
বিপৰীত হিচাপে নহয়, বৰং মৰ্যাদাৰে উচ্চাৰিত হ’ব৷ নাৰী, কাৰোবাৰ complement হিচাপে
নহয়, বৰং এটা জীৱন- এক নিজা অস্তিত্ব হিচাপে, স্বকীয় মানুহ হিচাপে চিহ্নিত হ’ব৷
এই অগ্ৰগতিয়ে (বহু পুৰুষৰ ইচ্ছাৰে বিপৰীতে)
প্ৰেমৰ অভিজ্ঞতা সলনি কৰিব৷ এতিয়াৰ ভুল ধাৰণাবোৰৰ মূলোৎপাত কৰি মানুহ আৰু মানুহৰ
মাজত এটা নতুন সমন্ধ গঢ় দিব— নাৰী আৰু পুৰুষৰ মাজত নহয়৷ এই অধিক মানৱীয় প্ৰেমে (ইয়াৰ
পৰিপূৰ্ণতা, সীমাহীন বিবেচনা, নম্ৰতা আৰু মৰমিয়াল নিকা¸ সম্পৰ্কৰে) যাৰ বাবে আমি
আজি সংগ্ৰাম কৰিছোঁ, যাক আমি পৰিশ্ৰমৰে গঢ়ি তুলিছোঁ, সেই প্ৰেমে দুই ব্যক্তিৰ
স্বকীয় নিঃসঙ্গতাৰ সীমা ৰক্ষা কৰিব আৰু পৰস্পৰে সম্ভাষণ জনাব৷
এই মহৎ প্ৰেম যেতিয়া তোমাৰ মাজত উদয় হ’ব,
তুমি নাভাবিবা যে তোমাৰ মাজৰ সেই ল’ৰাটো হেৰাই গৈছে, কাৰণ এই মহৎ আৰু ভাল আশাবোৰ
তাৰ মাজতেই পৰিপক্ক হৈ উঠিছে৷ সেই উত্তাপে আনি দিয়া দৃঢ়তাৰ বাবেই তুমি আজিও জীয়াই
আছা৷ মই বিশ্বাস কৰোঁ— সেই প্ৰেম তোমাৰ স্মৃতিত এতিয়াও শক্তিশালী হৈ আছে৷ কিয়নো
ইয়েই হৈছে তোমাৰ জীৱনত নিঃসঙ্গ আৰু অন্তৰ্মুখী হ’বলৈ তুমি কৰা প্ৰথম কাম— তোমাৰ
সৰ্বতোপ্ৰকাৰ মঙ্গল কামনা কৰিছোঁ, মৰমৰ কাপ্পাছ৷
তোমাৰ
ৰাইনাৰ
মাৰিয়া ৰিল্কে