ড° মৃদুল শৰ্মা
আধুনিক অসমীয়া কবিতাৰ জগতখনৰ এটা বহুলভাৱে পঠিত আৰু চৰ্চিত কবিতা হৈছে নীলমণি ফুকনৰ ‘ওলমি থকা গোলাপী জামুৰ লগ্ন’ বুলি আৰম্ভ হোৱা কবিতাটো৷ অগতানুগতিক প্ৰতীক, বৈচিত্ৰ্যপূৰ্ণ চিত্ৰকল্প আৰু অতুলনীয় সংযমী ভষাভঙ্গীৰ বাবেই বহু কাব্যৰসিকক কবিতাটোৱে অসুবিধাটো পেলাই আহিছে৷ এই ৰচনাত কবিতাটোৰ এক নিৰ্বচনৰ প্ৰয়াস কৰা হৈছে৷ প্ৰাসঙ্গিকভাৱে এইষাৰ কথা কৈ থোৱা উচিত হ’ব যে আধুনিক কবিতা একাৰ্থবাচক নহয় আৰু স্পষ্টতঃ কবিতাৰ কোনো অৰ্থও নাথাকে৷ মানুহৰ অন্তৰ্জগতত অভিঘাত সৃষ্টি কৰা আন বহু কথা বা ঘটনাৰে প্ৰকৃততে একো অৰ্থ নাথাকে৷ কবিতাৰ ৰস আহৰণৰ বেলিকা এটা অৰ্থ নহ’লেই নহয় কাৰণে পঢ়ুৱৈয়ে শব্দময় কাব্যশৰীৰৰ গাঁথনিগত ৰূপটোৰ মাজৰপৰাই একো একোটা অৰ্থ উলিয়াই লয়৷ তেনে কৰিবলৈ প্ৰতিজন পাঠকৰে স্বাধীনতা আছে৷ কিন্তু টি এছ্ এ’লিয়টে কৈয়ে গৈছে— ‘‘Genuine poetry can communicate before it is understood’’— ভাল কবিতা একোটাই তাক বুজি পোৱাৰ পূৰ্বেই পাঠকৰ সৈতে সংযোগ স্থাপন কৰে৷
কবিতাৰ অৰ্থ ‘উলিওৱা’-ৰ প্ৰসঙ্গতো তেওঁ কৈ গৈছে— ‘‘Between the true artist of any time there is, I believe, an unconscious community. And, as our instincts of tidiness imperatively command us not to leave to the to the haphazard of unconsciousness what we can attempt to do consciously, we are forced to conclude that what happens unconsciously we could bring about, and form into a purpose, if we made a conscious attempt.’’ (মই ভাবোঁ যে যিকোনো সময়ৰে প্ৰকৃত কলাকাৰসকলৰ মাজত একোটা অচেতনতাৰ স্তৰ থাকে৷ আৰু আমাক অচেতনতাৰ ভিৰত সচেতনভাৱে কৰিব খোজাখিনিক এৰি নিদিবলৈ আমাৰ পাৰিপাট্য সম্পৰ্কীয় প্ৰবৃত্তিয়ে অলঙ্ঘনীয়ভাৱে নিৰ্দেশ দিয়ে, আমি অচেতনভাৱে কৰিব খোজাখিনিক তেতিয়া জোৰকৈ এটা উদ্দেশ্যৰ আওতালৈ আনো আৰু এটা সচেতন পদক্ষেপ আগবঢ়াওঁ৷)
প্ৰসঙ্গক্ৰমে এটা কথা ক’ব খোজোঁ৷ সকলো মৌলিক সৃষ্টিশীল সাহিত্যৰ প্ৰকাসভঙ্গী ঘাইকৈ দুটা— প্ৰথম পুৰুষৰ বৰ্ণনা অথবা তৃতীয় পুৰুষৰ বৰ্ণনা৷ কবিতাৰ ক্ষেত্ৰত সৰ্বাধিক ক্ষেত্ৰত প্ৰথম পুৰুষৰ বৰ্ণনাই পোৱা যায়৷ নীলমণি ফুকনৰ একাধিক কবিতা কিন্তু প্ৰথম পুৰুষৰো নহয়, তৃতীয় পুৰুষৰো নহয়৷ কাৰ্যতঃ তেওঁৰ তৃতীয় পুৰুষত বৰ্ণিত কবিতাৰ কৌশল ভিন্ন— যাক প্ৰকৃততে ধৰিবই নোৱাৰি, কোনটো ধৰণৰ বৰ্ণনাভঙ্গীত লিখিছে৷
কেৱল কলাকাৰসকলৰে মনত যে একোটা অৱচেতনাৰ ক্ৰিয়াশীল স্তৰ থাকে তেনে নহয়৷ সেই স্তৰটো সকলো সুস্থ মানুহৰে মনৰ এটা অংশ৷ সেই অংশটোৰ সৈতে বাস্তৱতাৰ আন আন ঘটনা, কাৰ্য বা অস্তিত্বৰ যি আন্তঃসম্পৰ্ক সেই আন্তঃসম্পৰ্কই মানৱীয় জ্ঞান বা দৰ্শনৰো পৰীক্ষা লয়৷ তেনে পৰীক্ষাত সকলো সময়তে উত্তীৰ্ণ হ’ব পৰাকৈ মানুহ অসীম শক্তি বা ক্ষমতাৰ অধিকাৰী নহয়৷ ফলস্বৰূপে মানুহৰ বাবে জগতৰ সৰ্বত্ৰ অনেক ৰহস্যৰ উৎস আছে৷ আকৌ, সেই উৎসবোৰ আৱিষ্কাৰ কৰিব পাৰকৈ সকলো মানুহ সমানে সংবেদনশীলো নহয়৷ যিসকল লোকৰ সংবেদনা গড় হিচাপৰ লোকসকলতকৈ অধিক তীব্ৰ বা শাণিত, সেইসকলেই ৰহস্যৰ এনে উৎবোৰৰ সন্ধান পায় আৰু নৈসৰ্গিক ৰহস্যময়তা, লৌকিক বা অতিলৌকিক ৰহস্যময়তাৰে উদ্বেলিত হয়৷ কবি আৰু চিত্ৰকৰ-ভাস্কৰসকলে প্ৰায়ে এনে ৰহস্যবোধৰ উমান পায় আৰু তেনে আৱিষ্কাৰৰ আনন্দ তেওঁলোকে আনৰ সৈতে ভগাই ল’বলৈ বিচাৰে৷
তেনে ৰহস্যবোধৰে বহুমাত্ৰিক প্ৰকাশ ঘটিছে ফুকনৰ ‘ওলমি থকা গোলাপী জামুৰ লগ্ন’ শীৰ্ষক কবিতাটোত৷ কবিতাটো আৰম্ভ হৈছে এনেকৈ—
কাহানিও নিনাদিত হৈ নুঠা কিছুমান শব্দৰ
হাতত এটা মুদ্ৰা
এনে ধৰণৰ আকস্মিক আৰম্ভণিৰ আঁৰত ক্ৰিয়া কৰা শক্তিটো লুকাই আছে অনুচ্চাৰিত কিন্তু কাহানিবাই উচ্চাৰণ হ’বলগীয়া শব্দবোৰৰ মাজত৷ শব্দবোৰ নিনাদিত নোহোৱা বাবেই সিহঁতৰ ছট্ফটনি বেছি৷ কোনো শব্দৰ হাত আৰু সেই হাতৰ মুদ্ৰা— বাচ্যাৰ্থৰ দিশৰপৰা দুয়োটা প্ৰয়োগেই অশুদ্ধ (তদুপৰি মন কৰিবলগীয়, শব্দ এটা নে একাধিক?)৷ কিন্তু শব্দবোৰৰ হাহাকাৰৰ তাৎপৰ্যলৈ চকু দিলে বুজিব পাৰি যে মানুহৰ অনুভৱত এনে কিছু সত্য থাকে, উপলব্ধি থাকে যাক বুজাবলৈ শব্দৰ শক্তিয়ে নাটেগৈ৷ অৰ্থাৎ শব্দৰ হাতৰ মুদ্ৰাবোৰ আচলতে কবিৰ মনৰ মাজত উদ্ভূত জীৱন-সত্যৰহে মুদ্ৰা৷ মুদ্ৰা নৃত্যৰ অংগ৷ শব্দবোৰে জীৱনৰ অপুদ্ঘাত মৰ্মৰ উপলব্ধিৰে নৃত্য কৰিছে কবিতাটোৰ বক্তাজনৰ মনৰ মাজত৷ সেই উপলব্ধিৰ নৃত্য কিন্তু লাস্য নৃত্য নহয়, তাণ্ডৱহে৷ কাৰণ সেই উপলব্ধিৰ তাণ্ডৱৰ ফলতেই তেওঁৰ হৃদয়-গছৰ ডাল ভাগিছে আৰু সেই ভগা ডালত ওলমি ৰৈছে গোলাপী জামুৰ লগ্ন৷ কবিতাটোৰ দ্বিতীয়টো স্তৱকত এই বৰ্ণনা স্পষ্ট—
হে হৃদয়ৰ ভগা ডালত ওলমি থকা
গোলাপী জামুৰ লগ্ন!
গোলাপী জামু ফুলাৰ সময় বসন্ত আৰু ফল পকাৰ সময় বৰ্ষা ঋতু৷ দুয়োটা সময়েই প্ৰাচুৰ্যৰ, সম্ভাৱনাৰ৷ অথচ কবিতাটোৰ প্ৰথম পুৰুষৰ (বক্তাৰ) জীৱনৰ প্ৰাচুৰ্যৰ সময়খিনিৰ স্থায়িত্ব আশংকাগ্ৰস্ত৷ কাৰণ সেই লগ্ন ওলমি আছে ভগা ডালত৷ ডালটো ভগা— কিন্তু সৰি পৰা নাই৷ যিকোনো মুহূৰ্ততে ডালটো ভূপতিত হ’ব পাৰে৷ এতিয়া, হৃদয়ৰ ভগা ডালৰ প্ৰসঙ্গটোৰ নিহিতাৰ্থলৈ চকু দিলে দৃষ্টিগোচৰ হয় যে দীৰ্ঘদিন ধৰি উপলব্ধি কৰি অহা জীৱনৰ সত্য-ধাৰণাক প্ৰকাশ কৰিব নোৱৰাৰ দুখ-ক্ষোভ কিম্বা প্ৰকাশৰ তাড়না এটা দীৰ্ঘদিনীয়া হোৱাত হৃদয়খনেই ভাগি-ছিগি গৈছে৷ তাতে হৃদয়খন যদি গছ হয় তেনেহ’লে সেই গছৰ ডাল ভগাই স্বাভাৱিক৷ কাৰণ সেইজোপা গছত বহু দিন ধৰি ধুমুহাৰ অত্যাচাৰ চলিছে৷ হৃদয়ৰ গছজোপা গোলাপী জামুৰ গছো হ’ব পাৰে— যাৰ মাজত আছে সৃষ্টিৰ সম্ভাৱনা, সৌন্দৰ্যৰ খনি৷ কিন্তু সেই হৃদয় ভাগি গৈছে আৰু সম্প্ৰতি সেই হৃদয়ে উপলব্ধি কৰা সত্যও কোনোমতেহে ওলমি ৰৈছে৷ ‘গোলাপী জামুৰ লগ্ন’-ক বক্তাজনে ‘হে’ বুলি সম্বোধন কৰিছে৷ এই সম্বোধনৰ মাজত হেঁপাহ আৰু হতাশা দুয়োটাৰে সংশ্লেষণ ঘটিছে৷ যদিহে হৃদয়খন ইমান সমৃদ্ধ নহ’লহেঁতেন, যদিহে ইমান সংবেদনশীল নহ’লহেঁতেন— তেনেহ’লে এনেকৈ সুদীৰ্ঘ কাল আমনি কৰি থকা সত্যৰ উপলব্ধিও নহ’লহেঁতেন আৰু তেতিয়াই হৃদয়ৰ প্ৰাচুৰ্যপূৰ্ণ আৰু সম্ভাৱনাময় গছজোপাৰো ডাল নাভাগিলহেঁতেন৷ জীৱনৰ ৰহস্যৰ সম্ভেদ বিচৰাৰ দৰে যিটো কাৰ্য বক্তাই বহু দিনৰ আগতেই সম্পন্ন কৰি সেই ৰহস্যৰ মৰ্ম উদ্ঘাটন কৰিলে সেই কাৰ্যই এতিয়া তেওঁক দুখী আৰু ক্ষুব্ধ কৰি তুলিছে৷ এক বিশেষ ধৰণৰ অশান্তিত ভুগিছে তেওঁ৷ এনে অশান্তিৰ স্বৰূপ ফুটি উঠিছে কবিতাটোৰ তৃতীয়টো স্তৱকত—
জুই জ্বলি থকা নগৰৰ ওপৰত উৰি ফুৰা
এটা সামুদ্ৰিক চৰাই৷
সামুদ্ৰিক চৰাইবোৰ বৰ বেছি সময়লৈ একেৰাহে উৰিব নোৱাৰে; ডেউকা ততি থকালৈকেহে সি উৰে বা পানীৰপৰা আঁতৰি থাকে৷ ডেউকা তিয়াবলৈ সি সাগৰৰ পানীলৈ নামি আহিবই লাগিব৷ কিন্তু সাগৰখন কবিতাটোত নাই৷ চৰাইটো উৰিছে জুই জ্বলি থকা নগৰৰ ওপৰত৷ মন কৰিব লাগিব, সামুদ্ৰিক চৰাই এটা উৰি থাকিবলগীয়া নগৰখন সুদ্ৰৰ তীৰৱৰ্তীয়েই হ’ব লাগিব৷ এই যে সমুদ্ৰৰ অন্তহীন জলধি আৰু তাৰ পাৰৰে নগৰখনত ধ্বংসমুখী লেলিহান জুই, এই বৈপৰিত্যও তাৎপৰ্যপূৰ্ণ৷ ইয়াত প্ৰাণ-প্ৰাচুৰ্য আৰু উন্মাদনাৰে পৰিপূৰ্ণ সাগৰৰ বিশালতাৰ ঠাইত নগৰৰ প্ৰাণহীন, যান্ত্ৰিক সংকীৰ্ণতা উপস্থিত৷ সেই সংকীৰ্ণতাও সম্প্ৰতি দগ্ধ হৈছে৷ চৰাইটোৰ প্ৰয়োজন পানীৰ স্পৰ্শৰ, কিন্তু সি তললৈ নামি গ’লেই দগ্ধ হ’ব৷ এই চৰাইটো সম্ভৱতঃ বক্তাৰ ভিতৰৰ মানুহজন৷ নগৰখনৰ সংকীৰ্ণতা আৰু জুইৰ উপস্থিতিয়ে তেওঁৰ অশান্তি আৰু অস্থিৰতা বঢ়াই তুলিছে৷ এই অস্থিৰতাৰ কাৰণ আন একো নহয়— ওলমি থকা গোলাপী জামুৰ লগ্নৰ দৰেই ওলমি থকা মানৱিক প্ৰমূল্যৰ অপমৃত্যুৰ আশংকাই তেওঁৰ অন্তৰত অস্থিৰতা সৃষ্টি কৰিছে৷ মানুহৰ অন্তৰ্জগতত সকলো সময়ত এক প্ৰকাৰ বিপৰীতমুখী একাধিক কাৰক ক্ৰিয়াশীল হৈ থাকে৷ ফলত প্ৰতিজন মানুহেই কম-বেছি পৰিমাণে অনেক স্ববিৰোধৰ মাজেদি জীৱনৰ পথত আগ বাঢ়িবলগীয়া হয়৷ জুই জ্বলি থকা নগৰৰ ওপৰত উৰি থকা সামুদ্ৰিক চৰাই— এই প্ৰতীক দুটাৰো তাৎপৰ্য কিছু দূৰলৈ তেনেকুৱাই৷ চৰাইটোৱে ক্ৰমশঃ দগ্ধ হৈ যোৱা নগৰখনৰ ওপৰত উৰি ফুৰিছে কিয়? নিশ্চয় সি কিবা বিচাৰিছে৷ সি যি বিচাৰিছে সেয়া ইতিমধ্যে দগ্ধ হৈছে৷ মন কৰিব লাগিব, তাৰ জীৱন কিন্তু সমুদ্ৰনিৰ্ভৰহে, নগৰনিৰ্ভৰ নহয়৷ কিন্তু নগৰতো যেন তাৰ কোনোবা অতীতৰ কিবা এটা আছিল যাৰ প্ৰতি আগ্ৰহত তাৰ নিজৰ নহ’লেও নগৰখনৰ প্ৰতি তাৰ মাজত আছিল এক অজ্ঞাত আকৰ্ষণ৷ প্ৰসঙ্গটো ‘কাহানিও নিনাদিত হৈ নুঠা শব্দ’-ই বক্তাজনক দিয়া অশান্তি বা হাহাকাৰখিনিৰ সৈতে যেন একে৷ মানৱসৃষ্ট কৃত্ৰিমতাৰ বিপৰীতে সমুদ্ৰৰ গভীৰ প্ৰাকৃতিক প্ৰাচীনত্বৰ প্ৰতিষ্ঠাপনো লক্ষ্য কৰিবলগীয়া বিষয়৷ প্ৰকৃতিবিৰোধী নিৰ্মাণ নগৰ নিজেই এক ধ্বংসাত্মক ক্ৰমবৰ্ধমান সংৰচনা৷ ইয়াত মানুহৰ যিমান সৃজনীশীলতাই নাথাকক কিয়, প্ৰাকৃতিক কিন্তু সেই সৃজনীশীলতাই ধ্বংস কৰেই৷ ইপিনে মানুহ প্ৰকৃতিপৰায়ণো৷ এই যে সামুদ্ৰিক চৰাইটো, ই নিজে এক দোদুল্যমানতাৰো প্ৰতীক যি প্ৰাচীন প্ৰকৃতিৰ বুকুতে নিৰাপদে আশ্ৰয় লাভ কৰাৰ নিশ্চয়তা থকা সত্ত্বেও প্ৰকৃতিবিৰোধী নতুন কৃত্ৰিমতাৰ ফালেও জুমি জুমি চায়৷ কবিতাটোৰ ঘাই প্ৰসঙ্গ ‘নিনাদিত নোহোৱা’ শব্দকেইটা প্ৰাকৃতিকভাৱে নিনাদিত হ’ব লাগিছিল, কিন্তু নহ’ল৷ কিয় নহ’ল? নিশ্চিতভাৱে বক্তাজনৰ লাজ-ভয়-সংকোচ আদিৰ কাৰণে৷ এই যে ব্যক্তি এজনৰ মনত লাজ-ভয়-সংকোচ আদি ভাব ওপজে, তাৰ কাৰণ কি? নিশ্চিতভাৱে মানৱ-নিৰ্মিত সমাজখনে সৃষ্টি কৰা কৃত্ৰিম ৰীতি-নীতি-পৰম্পৰাজনিত দৃষ্টিভঙ্গী যিবোৰ এজন মানুহৰ ওপৰত শিশু অৱস্থাৰপৰাই আৰোপ কৰা হয়৷ (গৰু-ছাগলীৰ শিশুক মাকে নাম নিদিয়ে, নাম কাঢ়ি নামাতে, ইফাল-সিফাল কৰ বা নকৰ বুলিও নকয়৷ ঘটনাটো মন কৰিবলগীয়া৷) সি যি নহওক, বক্তাজনৰ ভিতৰৰ অস্থিৰতা আৰু ক্ৰমবিলীয়মাণ ভৱিষ্যতৰ প্ৰকাশ আছে কবিতাটোৰ চতুৰ্থ স্তৱকটোত এনেদৰে—
ক্ৰমশঃ মৰি অহা এটা আঙুলি
বৰফ হৈ অহা এটা জুৰি
‘ক্ৰমশঃ’ শব্দটোৰ ব্যৱহাৰ তাৎপৰ্যপূৰ্ণ৷ প্ৰথম স্তৱকৰ ‘হাতত মুদ্ৰা’ ক্ৰমে লোপ পোৱাৰ পথত৷ যি হৃদয়ত জীৱন ৰহস্যৰ সত্য-মৰ্মৰ উপলব্ধি ঘটিছে সেই হৃদয়ৰ গৰাকীজনেই আশংকাগ্ৰস্ত ভৱিষ্যতৰ বুকুত পতিত হৈছে৷ তেওঁৰ লগে লগে তেওঁৰ অন্তৰৰ উপলব্ধিও ক্ৰমক্ষীয়মাণ; কাৰণ সেই উপলব্ধিখিনি কোনো শব্দৰ অভিব্যক্তি ফুটাই তুলিব পৰা বিধৰ নহয়৷ আৰু শব্দৰে বুজাই ক’ব নোৱাৰিলে সেইখিনি আনৰ অন্তৰত উপলব্ধি কৰাবও নোৱাৰি৷ এই দুঃসহ বেদনা ইয়াত ক্ৰমে ক্ৰমে বাঢ়ি আহিছে৷ জুৰি এটাৰ গতিচঞ্চলতা অসহনীয় শীতপ্ৰৱাহৰ ফলত যিদৰে ক্ৰমশঃ স্থৱিৰ হৈ বৰফলৈ ৰূপান্তৰিত হয় সেইদৰেই ‘হৃদয়ৰ ভগা ডালত ওলমি থকা গোলাপী জামুৰ লগ্ন’-ও যেন লাহে লাহে বিনাশৰ পথত৷ প্ৰথম স্তৱকৰ ‘হাতৰ মুদ্ৰা’-ৰ সৈতে জড়িত আঙুলিটো ক্ৰমে ক্ৰমে ‘মৰি অহা’ প্ৰয়োগটো ইয়াত অতিশয় তাৎপৰ্যপূৰ্ণ হৈ উঠিছে৷ তদুপৰি যিকোনো যন্ত্ৰণাকে আমি অসহনীয় বুলি ভাবোঁ যদিও সময় বাগৰি যোৱাৰ লগে লগে সকলো যন্ত্ৰণাকে আমি সামৰি ল’ব পৰা হওঁগৈ৷ গতিকে অশান্তিৰে গতিচঞ্চলা জুৰি যেন অশান্ত মানুহো অন্ততঃ আপাত দৃষ্টিত সহজ তথা শান্ত হৈ পৰে, লাগিলে ভিতৰি তেওঁ যি অৱস্থাতে নাথাকক— ‘‘বৰফ হৈ অহা এটা জুৰি৷’’ কবিতাটোৰ পঞ্চম স্তৱকটোত আছে—
অন্তৰৰো অন্তৰ খহাই বৈ যোৱা তপত লাভাৰ
আন্ধাৰ পাগলাদিয়া
জুইৰ তাপ, তাৰ পাছতে বৰফৰ শীতলতা, আৰু এতিয়া অন্তৰৰ পৰা উদ্গীৰিত তপত লাভাৰ উন্মাদ সোঁত৷ পাগলাদিয়া শব্দ ইয়াত নদীবিশেষৰ নামতে সীমাৱদ্ধ হৈ ৰোৱা নাই৷ বক্তাজনৰ অন্তৰৰ অশান্তি— জীৱনৰ ৰহস্যৰ মৰ্ম উদ্ঘাটন কৰিও তাক কোনো পধ্যে প্ৰকাশ কৰিবলৈ সক্ষম নোহোৱাৰ যি ব্যৰ্থতা সেই ব্যৰ্থতাই তেওঁৰ জীৱনৰ সকলো মাধুৰ্য মষিমূৰ কৰি পেলাইছে৷ এই স্তৱকত জীৱনৰ মৰ্ম অনুধাৱন কৰিও সেই মৰ্ম কাকো বুজাব নোৱৰাৰ বেদনাই বিধ্বংসী ৰূপ লৈছে৷ এই ৰূপে কিন্তু মন কৰিবলগীয়াকৈ আন কাৰো অনিষ্ট কৰা নাই৷ আকৌ, নৈখন ‘আন্ধাৰ’৷ ই কেৱল ব্যক্তিমনৰ গোপনতৰ অংশত উপলব্ধিযোগ্যহে, আনৰ দৰ্শনযোগ্য নহয়৷ আন্ধাৰতে উদ্গীৰণ হৈছে অন্তৰৰো অন্তৰৰ উপলব্ধি৷ কাকো বুজাই ক’ব নোৱাৰি অথচ সকলোকে ক’বলগীয়া— এই সংকটকালীন পৰিস্থিতিত নিঃসঙ্গ মুহূৰ্তত, সকলোৰে অজ্ঞাতে বক্তাজনে আত্মনিগ্ৰহ কৰিছে৷ এই আত্মনিগ্ৰহত নিগৃহীতজন অৰ্থাৎ বক্তাৰ অৱস্থাটো অতি মৰ্মান্তিক—
ডিঙিলৈকে সাগৰত ডুব গৈ থকা
এটা দীঘল গান
মানুহৰ সৌন্দৰ্য-চেতনা আৰু সুকুমাৰ অভিব্যক্তিৰ প্ৰতিভূস্বৰূপ গানটো দীঘল৷ তাৰ এটা ইতিহাস আছে, তেনেকৈ ভৱিষ্যতো আছে৷ বক্তাজনৰ অন্তৰখন এনে সুকুমাৰ উপলব্ধিৰে পৰিপূৰ্ণ— যি উপলব্ধিয়ে জীৱনক সুন্দৰ কৰি তুলিব পাৰে৷ অথচ একমাত্ৰ তেওঁৰ উপলব্ধি জীৱন সত্যক কাহানিও নিনাদিত কৰি তুলিব নোৱৰা কাৰণেই জীৱনৰ অনন্ত দুখৰ মাজত তেওঁ আকণ্ঠ ডুব গৈছে৷ মন কৰিবলগীয়া যে তৃতীয় স্তৱকত সাগৰীয় চৰাইটোৱে বিচাৰি ফুৰা সাগৰখন এইখন সাগৰ নহয়৷ সেইখন সাগৰে চৰাইটোক নৱজীৱনৰ স্পৰ্শ দিব পাৰে, কিন্তু এইখন সাগৰত গানটোও মৃতপ্ৰায়৷ অৱশ্যে গানটো এতিয়াও বাজি আছে৷
বহু সময়ত আমি জীৱনটোক আৰম্ভণিৰপৰা পুনৰাই যাপন কিম্বা উদ্যাপন কৰাৰ কথা ভাবোঁ৷ ইয়াৰ কাৰণ? আমি ইতিমধ্যে কৰি অহা ভুলবোৰ শুধৰাব খোজোঁ, অপ্ৰাপ্তিবোৰ পূৰণ কৰিব খোজোঁ৷ যিবোৰ অভিজ্ঞতাই আমাক প্ৰতি নিয়ত অসহায় কৰি ৰাখে, অস্বস্তিত ভুগায়, সেইবোৰৰপৰা মুক্ত হৈ এটা মুকলি জীৱন যাপন কৰিবলৈ সকলোৰে মন যায়৷ সামগ্ৰিকভাৱে ক’বলৈ হ’লে সুখী হোৱাৰ সপোন এটা আমি জীৱনৰ অন্তিম মুহূৰ্ত পৰ্যন্ত দেখোঁ৷ কবিতাটোৰ বক্তাজনেও ‘গোলাপী জামুৰ লগ্ন’-ত ‘নিনাদিত’ কৰিবলৈ সক্ষম নোহোৱা সেই শব্দবোৰক লৈ আকৌ এবাৰ এটা সুযোগ ল’ব খোজে, কিন্তু যিহেতু সি অসম্ভৱ কল্পনা সেয়ে তেওঁ সেই প্ৰসঙ্গটোকে লৈ বুকুৰ মাজত কঢ়িয়াই লৈ ফুৰিছে অসহনীয় এক যন্ত্ৰণা৷
এই সমগ্ৰ দুঃসহ অৱস্থাটোৰ মাজত কবিতাটোৰ সপ্তম স্তৱক হিচাপে কবিয়ে পুনৰাবৃত্তি কৰিছে দ্বিতীয় স্তৱকটোৰ৷ পুনৰাবৃত্তিৰ ফলত দুখ, নিঃসঙ্গতা, ক্ষোভ, হেঁপাহৰ তীব্ৰতা বাঢ়িছে৷ অষ্টম স্তৱকত আছে—
বতাহৰ শূন্যতাৰ গভীৰত
নিশাৰ উন্মুক্ত বাঁহী
ষষ্ঠ স্তৱকত গানটোৰ যি মৃতকল্প ভৱিষ্যৎ, সেই ভৱিষ্যতক এইবাৰ কিছু আশাৰ পোহৰ দেখুওৱা হৈছে৷ বতাহৰ শূন্যতাত বাঁহীৰ মাত আৱদ্ধ হৈ পৰা নাই, বৰং উন্মুক্তভাৱে বাজিছেহে৷ এই সুৰ উপৰুৱা নহয়, কাৰণ বতাহৰ শূন্যতাৰ গভীৰত ই ধ্বনিত হৈছে৷ ইয়াত সঞ্চাৰ ঘটা আশাই ইতিপূৰ্বে পাই অহা অনাকাংক্ষিত পৰিস্থিতিবোৰৰ অৱসানৰ এটা ইঙ্গিত দিছে৷ এই ইঙ্গিত ইঙ্গিতৰ পৰ্যায়তে আছে, কাৰণ কবিতাটোৰ শেষ স্তৱকত—
কাহানিও নিনাদিত হৈ নুঠা কিছুমান শব্দৰ
হাতৰ হে প্ৰাচীন শীতলতা
বুলি যি আকুলতা প্ৰকাশ হৈছে সেই আকুলতাই শব্দবোৰ নিনাদিত হোৱাৰ ধাৰণা নিদিয়ে৷ এই শীতলতাৰ প্ৰাচীনত্বই এক স্পৰ্শেন্দ্ৰিয়ক সংবেদনাৰ সূচনা কৰে৷ ইয়াত আচলতে ফুটি উঠিছে আত্মচৈতন্যৰে আহৰণ কৰা জীৱন-ৰহস্যৰ আঁৰৰ মৰ্মক আনৰ অন্তৰলৈ সম্প্ৰসাৰিত কৰিব নোৱৰাৰ নিঃশব্দ কৰুণতা৷
সামগ্ৰিকভাৱে অনুভৱ কৰি চালে কবিতাটোত ৰহস্যবোধৰ প্ৰকাশ ঘটিছে বুলিয়ে ক’ব পাৰি৷ জীৱনত অন্তহীন দুখৰ মাজতো সুখৰ সপোন দেখাটো মানুহৰ সুন্দৰ-চেতনাৰ প্ৰমাণ৷ জীৱন-যন্ত্ৰণাৰপৰা পৰিত্ৰাণ পাবলৈ কোনো ব্যক্তিয়ে যদি কোনো সত্য আৱিষ্কাৰ কৰে অথচ সেই সত্য প্ৰকাশ কৰিব নোৱৰাৰ ফলত পূৰ্বতকৈও অধিক যন্ত্ৰণাৰ চিকাৰ হ’বলগীয়া হয় তেনেহ’লে পুনৰ এটা ৰহস্য উপস্থিত হ’ব৷ জীৱনৰ অনন্ত ৰহস্য তাতেই লুকাই আছে৷ T. S. Eliot-ৰ Journey of the Megi কবিতাটোত প্ৰকাশ ঘটা যন্ত্ৰণাৰ ৰহস্যবোধ যেন এই কবিতাতো ফুটি উঠিছে৷ কবিতাটোত ব্যৱহাৰ কৰা চিত্ৰকল্পবোৰৰ মাজতো ৰহস্যবোধৰ ভূমিকা ব্যাপক৷ উদাহৰণস্বৰূপে— কাহানিও নিনাদিত হৈ নুঠা শব্দবোৰৰ হাতৰ মুদ্ৰা আৰু প্ৰাচীন শীতলতা, সামুদ্ৰিক চৰাইটোৱে বিচৰা সাগৰখনৰ অনুপস্থিতি আৰু দীঘল গানটোক আকণ্ঠ ডুবাই ৰাখিবলৈ সাগৰৰ অনাহূত অৱস্থান, জুই জ্বলি থকা নগৰৰ বিপৰীতে বৰফ হৈ অহা জুৰি, তাৰো বিপৰীতে তপত লাভাৰ আন্ধাৰ পাগলাদিয়া— এনে পৰস্পৰবিৰোধী চিত্ৰকল্পবোৰে ৰহস্যবোধৰ প্ৰাৱল্য বৃদ্ধি কৰিছে৷ ‘গোলাপী জামুৰ লগ্ন’ কবিতাটোত কবি ফুকনে যিদৰে জীৱন-যন্ত্ৰণাজনিত ৰহস্যবোধৰ প্ৰকাশ ঘটাইছে, সেইদৰেই মৃত্যুজনিত ৰহস্যবোধকো তেওঁ একাধিক কবিতাৰ ঘাই চেতনা-শক্তি হিচাপে প্ৰয়োগ কৰিছে৷
কবিতাটোৰ সকলো অংশতে বক্তাজনক দুখত কাতৰ অৱস্থাতে লগ পোৱা যায়৷ অৱশ্যে তেওঁৰ ব্যক্তিগত আৱেগিক-আনুভূতিক স্বপ্নভংগৰ দুখবোধৰ পৰিধি ক্ৰমশঃ সম্প্ৰসাৰিত৷ কাৰণ ইয়াত স্বপ্নভঙ্গৰ ক্ষণটো তেওঁৰ ব্যক্তিগত যেন লাগিলেও পাছলৈ জুই জ্বলি থকা নগৰ আদিৰ প্ৰসঙ্গই ভাবনাৰ বিস্তৃতিৰ উমান দিছে৷ আকৌ, সম্ভৱতঃ নিৰ্জনতা বক্তাজনৰ প্ৰিয় পৰিস্থিতি, কিন্তু একে নিৰ্জনতাই তেওঁক পীড়াও দিছে, তেওঁ একে নিৰ্জনতাত কাতৰ সৈও উঠিছে৷ উদাহৰণস্বৰূপে প্ৰথমৰ—
কাহানিও নিনাদিত হৈ নুঠা কিছুমান শব্দৰ
হাতৰ এটা মুদ্ৰা
আৰু শেষৰ—
কাহানিও নিনাদিত হৈ নুঠা কিছুমান শব্দৰ
হাতৰ হে প্ৰাচীন শীতলতা!
এই দুয়োটা স্তৱকতে ‘কাহানিও নিনাদিত নোহোৱা শব্দ’-ৰ প্ৰসঙ্গই এক মৰ্মান্তিক নিৰ্জনতাৰ আভাস দাঙি ধৰে৷ প্ৰথম স্তৱকত সেই শব্দবোৰৰ হাতৰ ‘মুদ্ৰা’-ত এক ধৰণৰ আত্মপ্ৰকাশৰ তাড়না আছিল৷ পৰৱৰ্তী স্তৱকত সেই তাড়না নাই৷ ইয়াত কবিতাটোৰ বক্তাজনে সেই ‘মুদ্ৰা’-ৰ ব্যৰ্থতাক স্বীকাৰ কৰি লৈছে৷ সেয়েহে ‘প্ৰাচীন শীতলতা’-ক সম্বোধন কৰি এটা দীৰ্ঘশ্বাস পেলাইছে৷ এই আত্মপ্ৰকাশৰ তাড়না আৰু ব্যৰ্থতাৰ হুমুনিয়াহ, সি ব্যক্তিগত নহয়, সামগ্ৰিকভাৱে মানুহৰ মনত জীৱন-যন্ত্ৰণাই সৃষ্টি কৰা দুখবোধহে ইয়াত নিৰ্জনতাৰ অন্তৰ্নিহিত সুৰটোত ফুটি উঠিছে৷ ইয়াত গুৰুত্ব সহকাৰে মন কৰিবলগীয়া শব্দদ্বয় হৈছে ‘প্ৰাচীন শীতলতা’৷ এই প্ৰাচীনতা অন্যাৰ্থত চিৰন্তনতাই৷ এই প্ৰাচীনতা শীতল, ই মানুহৰ সৰ্বকালীন মনোবেদনাৰ কাৰক৷ সদায়ে সুখী হ’বলৈ প্ৰয়াস কৰা মানুহে জীৱনৰ সৰ্বত্ৰ লাভ কৰা দুখৰ কাৰণ কিম্বা কাৰক হিচাপে নিজৰ অতীতৰ কোনো বিন্দুৰ কৃতকৰ্মকে চিহ্নিত কৰে৷ প্ৰত্যেক মানুহৰ বেলিকাই এই কথা সত্য৷ এই সত্য প্ৰাচীন আৰু মৰ্মান্তিক৷
সামগ্ৰিকভাৱে এই কবিতাটো ইয়াৰ আটিল বান্ধৰ কাব্যশৰীৰ, অগাতানুগতিক চিত্ৰকল্প আৰু অপৰিচিত প্ৰতীকৰ ব্যৱহাৰৰ বাবেই অসমীয়া আধুনিক কবিতাৰ এক উল্লেখযোগ্য কৃতি বুলিব লাগিব৷ কবিতাটোৰ প্ৰতিটো স্তৱকেই দুটাকৈ চৰণবিশিষ্ট আৰু সিহঁত প্ৰত্যেকেই স্বয়ংসম্পূৰ্ণ চিত্ৰকল্প৷ আকৌ ‘শব্দৰ হাতৰ মুদ্ৰা’, ‘ওলমি থকা গোলাপী জামুৰ লগ্ন’, অকল ‘গোলাপী জামুৰ লগ্ন’, ‘জুই জ্বলি থকা নগৰ’, ‘জুই জ্বলি থকা নগৰৰ ওপৰত উৰি থকা সামুদ্ৰিক চৰাইটো’, ‘মৰি অহা আধুলি’, ‘বৰফলৈ ৰূপান্তৰিত হোৱা জুৰি’, ‘তপত লাভা’, ‘তপত লাভাৰ পাগলাদিয়া, ‘তপত লাভাৰ আন্ধাৰ পাগলাদিয়া, ‘দীঘল গান’, ‘ডিঙিলৈকে সাগৰত ডুব গৈ থকা দীঘল গান’, ‘নিশাৰ উন্মুক্ত বাঁহী’, ‘বতাহৰ শূন্যতাৰ গভীৰত নিশাৰ উন্মুক্ত বাঁহী’, ‘শব্দৰ হাত’, ‘শব্দৰ হাতৰ প্ৰাচীন শীতলতা’ আদি বিভিন্ন স্তৰত, বিভিন্ন ৰূপত ব্যৱহৃত হোৱা প্ৰতীক৷ এই প্ৰতীকবোৰ কিন্তু অসমীয়া কবিতাত সাধাৰণতে ব্যৱহাৰ হোৱা প্ৰতীক নহয়৷ এনে অপৰিচিত প্ৰতীকৰ ব্যৱহাৰে কবিতাটোক কিছু দূৰলৈ ফৰাচী প্ৰতীকবাদৰো কাষ চপাই নিছে৷
কিন্তু সামগ্ৰিকভাৱে ক’বলৈ হ’লে ‘ওলমি থকা গোলাপী জামুৰ লগ্ন’ অসমীয়া সাহিত্যৰ জগতত এক মহৎ তথা চমৎকাৰ সৃষ্টি৷ কিছু সংখ্যক আপাত সম্বন্ধবিহীন চিত্ৰাভাসৰ সংযোজনাৰে কেইটামান মাথোন প্ৰতীকৰ প্ৰয়োগেৰে ইমান ভাবগধুৰ কবিতা এটা ৰচনা এলাপেচা কাম নহয়৷ বিশেষকৈ কবিতাটোত কেৱল অসমীয়া মানুহৰ বাবে অপৰিচিত প্ৰয়োগ (অসমৰ সমাজ-জীৱনত অঙ্গাঙ্গীভাৱে জড়িত নোহোৱা) আছে তিনিটা— সাগৰ, সামুদ্ৰিক চৰাই আৰু লাভা৷ এই তিনিটা প্ৰয়োগ অসমীয়া মানসিকতাৰ সৈতে প্ৰত্যক্ষভাৱে জড়িত নহয়৷ কিন্তু প্ৰসঙ্গকেইটা পঢ়া-শুনা কৰা লোকৰ বাবে অপৰিচিতও নহয়৷ এইকেইটাৰ বাহিৰে বাকী সকলো কবি ফুকনে বুটলি লৈছে অসমৰ চিৰপৰিচিত সমাজ জীৱনৰপৰাই৷ অতি দুখেৰে মন কৰিব লাগিব, গোলাপী জামু চিনি নোপোৱা অসমীয়া মানুহৰ সংখ্যাই সাম্প্ৰতিক সময়ৰ অসমত (অসমীয়া পাঠকৰ মাজত) অধিক৷ গতিকে, নিজৰ মাটি আৰু নৈসৰ্গিক প্ৰকৃতিৰ সৈতে সম্পৰ্কৰহিত লোকে যদি কবিতাটো উপলব্ধি কৰিব নোৱাৰি অভিযোগ তোলে যে ‘নীলমণি ফুকনে মানুহে নুবুজা কবিতা লিখে’, তেন্তে তেনে লোকৰ মানসিকতাকহে চিকিৎসা কৰিব লাগিব৷
কিছুমান আপাত বিশ্লিষ্ট বা বিলগ্ন চিত্ৰ, প্ৰকৃততে চিত্ৰ নহয় চিত্ৰাভাসহে, মালাৰ দৰে গাঁথি কবিতাটো নিৰ্মাণ কৰা হৈছে৷ এই চিত্ৰবোৰ কেতিয়াবা চাক্ষুষ, কেতিয়াবা শ্ৰুতিগত, কেতিয়াবা আকৌ কেৱল অনুভৱযোগ্য৷ অৰ্থাৎ শাৰীৰিক ইন্দ্ৰিয়ৰে ঢুকি নোপোৱা অভিজ্ঞতাকো ইয়াত সাধাৰণ কেইটামান শব্দৰ যোগেদিয়েই ধৰি ৰখা হৈছে, পাঠকৰ হৃদয়গোচৰ কৰিব পৰাকৈ ধৰি ৰখা হৈছে৷ ই বৰ গুৰুত্বপূৰ্ণ কথা৷
কবিতাটোৰ বৰ্ণনাভঙ্গীটো ঘাইকৈ চিত্ৰকল্পবাদী৷ ইতিপূৰ্বে ইঙ্গিত দি অহা হৈছেই যে ফৰাচী প্ৰতীকবাদৰ আৱেশ এটাও কবিতাটোত আছে৷ কিন্তু সামগ্ৰিকভাৱে মূৰ্ত-বিমূৰ্তৰ সংশ্লেষণৰ জৰিয়তে নিৰ্মিত চিত্ৰকল্পসমূহত কবিৰ ওপৰত অভিব্যক্তিবাদী চিত্ৰশৈলীৰ প্ৰভাৱ সৰ্বাধিক৷ সময়ে সময়ে অধিবাস্তৱবাদীৰ কৌশলো ইয়াৰ মাজত অনুভৱযোগ্য৷ কবিতাটোত অতি সূক্ষ্ম ধৰণৰ শব্দচয়নৰ যোগেদিয়েই কবিয়ে কেইবাটাও উদ্দেশ্য সাধন কৰিছে— পৰম্পৰাগত কাব্যকৌশলৰ কথা বাদ দিও ক’ব পাৰি বিশেষকৈ বিপৰীত চৰিত্ৰবিশিষ্ট অস্তিত্বৰ মাজত সম্পৰ্ক প্ৰতিষ্ঠা, নিৰাকাৰত আকাৰৰ চৰিত্ৰ আৰোপ, আপাত বিশ্লিষ্ট চিত্ৰক মালাৰ দৰে গ্ৰন্থিত কৰি অন্তৰ্জগতৰ নিৰ্মম সত্যক প্ৰকাশ কৰাৰ ক্ষেত্ৰতো অৱলম্বন কৰা ব্যক্তিগত নিৰাসক্তি আদি৷ কবিজনে নিজকে কবিতাটোত প্ৰচ্ছন্ন কৰি ৰখাৰ ফলত হৈছে কি, প্ৰতিজন পাঠকেই কবিতাটোৰ হাহাকাৰখিনিক নিজৰ হাহাকাৰ বুলি আৱিষ্কাৰ কৰিবলৈ সক্ষম হয়৷ কবিজনৰ সাৰ্থকতাও এইখিনিতেই৷