ড° দীপশিখা ভাগৱতী
টি. এছ. এলিয়ট |
"...বতাহত উথলি পৰিছে কিহৰ কোলাহল
মাতৃক সন্তাপৰ অনুচ্চ ধ্বনি
আচ্ছাদিত অঘৰী শোভাযাত্ৰাৰে
অনন্ত সমভূমি জুৰি গুণগুণনি
দ্ব্যৰ্থহীন দিগন্তেৰে বলয়াবৃত
পৰ্বত শিখৰৰ মহানগৰ ...
...দত্ত, দয়দ্ধম, দম্যত.."
('কি ক'লে মোক বজ্ৰ নিৰ্ঘোষে', হোৱাট দ থাণ্ডাৰ চেইড, দ ৱেষ্টলেণ্ড, অন্তিম খণ্ড)
লিখিত সাহিত্যৰ সংজ্ঞাবদ্ধ শ্ৰেণীসমূহৰ ভিতৰত বুৰঞ্জীৰ বাহিৰে কোনো এটা শৈলীৰ জন্ম নহয়, নিৰ্মাণ হয়৷ সময়, সমাজ, শব্দ, বৰ্ণ - এই সকলো উপাদানৰ সুষম ৰসায়নে সৃষ্টি কৰে কালজয়ী সাহিত্যৰ- হয়তো একোটা গল্প, একোটা কবিতা, একোখন উপন্যাস বা একোখন ফিল্মৰ৷ যুদ্ধোত্তৰ পৃথিৱীত মানুহৰ খন্ডিত আবেগ আৰু ভগ্ন মানসিক অৱস্থাৰ উন্নাসিক উলাহক এক ভদ্ৰ অথচ নিচাসক্ত সমকালীন পাৰিপাৰ্শ্চিকতাত সহ অৱস্থান কৰোৱাটো হৈছে অতিশয় জটিল কাম৷ কিন্তু উদাত্ত সাহিত্যিক শৈলীৰ সমস্ত অভিজাত বাগধাৰাৰে ইউৰোপীয় সমাজৰ যুদ্ধোত্তৰ কালীন মনস্তাত্বিক শ্মশানযাত্ৰাৰ সামগ্ৰিকতাক যি কবিতাই আধুনিক মানৱ সভ্যতাৰ দস্তাবেজৰূপে প্ৰতিষ্ঠা কৰিলে সিয়েই হৈছে মহাকাব্যিক সৃষ্টি "দ ৱেষ্টলেণ্ড" - ছনপৰা মাটি৷ মৃত্যু যাত্ৰা আৰু জন্মযন্ত্ৰণাক সমান মৰ্য্যদাৰে উদযাপন কৰা এই মহাকাব্য মাত্ৰ য়ুৰোপৰেই নহয়, সমস্ত গোলকৰ চিৰসমকালীন মানসিক যাত্ৰাৰ অতুলনীয় গাঁথা-- "ছনপৰা মাটি৷"
প্ৰশ্ন হ'ব পাৰে, ৱেষ্টলেণ্ড প্ৰথম প্ৰকাশ হৈছিল 'দ ক্ৰাইটেৰিয়ন' আলোচনীত, ১৯২২ চনত৷ তেনেহ'লে, সময়পঞ্জী অনুসৰি চাবলৈ গ'লে কবিতাটিৰ বয়স ৯৯বছৰহে হৈছে৷ কিন্তু কথাটো এনেকুৱা৷ ১৯২১চনত এলিয়টে নিউয়ৰ্কৰ তেখেতৰ এজন অধিবক্তা বন্ধুলৈ এখন চিঠি লিখিছিল এইদৰে, "I have a long poem in mind and partly on paper which I am wishful to finish".
এনেদৰেই জন্ম হৈছিল যুদ্ধোত্তৰ পৃথিৱীৰ এক অন্যতম সুৰীয়া, নিষ্ঠুৰভাৱে সৎআৰু নটৰীয়াছলি সত্য মহাকাব্যৰ - দ ৱেষ্টলেণ্ড, যাৰ অবিহনে পৃথিৱীৰ আধুনিক কাব্য সাহিত্যৰ ধাৰাক কল্পনা কৰা অতি কঠিন৷
যোৱাটো শতিকা বহু সাহিত্যিক পাঠৰ পাৰস্পৰিক সাংস্কৃতিক অধ্যয়নে সূচনা কৰা এক ধৰণৰ সাহিত্যিক উত্থানৰ সাক্ষী আছিল।এই অভূতপূৰ্ব ঘটনাই বিভিন্ন সাহিত্যিক পাঠ আৰু শৈলীক পৰিৱৰ্তনশীল সময়ৰ সৈতে খাপখোৱাকৈ পুনৰ নিৰ্মাণ কৰি তুলিলে। টি. এছ. এলিয়টৰ দৰে যুগধৰ কবিয়েও এইসৰ্বব্যাপী শৃংখলাৰপৰা ৰেহাই পোৱা নাই। এলিয়টৰ সৃষ্টিসমূহ জ্ঞানৰ উচ্চতম মাত্ৰাৰ সৈতে জড়িত, যি দেশ বা ধৰ্মক অতিক্ৰম কৰি সকলো মানুহৰ বাবে সদায় সমানেই সঁচা বুলি চিহ্নিত হৈছে।বিভিন্ন উৎসৰ সমূচিত উদ্ধৃতিৰে তেওঁৰ লেখাই যি গভীৰ অনুভূতি সৃষ্টি কৰে সিয়ে পাঠকক জীৱন আৰু অদৃষ্ট সম্পৰ্কীয় পৰম গুৰুত্বপূৰ্ণ বিষয়সমূহক অধিক কাৰ্যকৰীভাৱে চিন্তা কৰিবলৈ অনুপ্ৰাণিত কৰে। তেওঁৰ কবিতা - দ ৱেষ্টলেণ্ড, ফ'ৰ কোৱাৰ্টেটছ আৰু তেওঁৰ কেইখনমান নাটকত এলিয়টে ভাৰতীয় ধৰ্মশাস্ত্ৰৰ পৰা গুৰুত্বপূৰ্ণ বহু ধাৰণাৰ উদ্ধৃতি দিছে, বিশেষকৈ উপনিষদ, শ্ৰীমদভগৱতগীতা আৰু জ'ৰাষ্ট্ৰীয়ান ক্লাছিকৰ পৰা।এই গ্ৰন্থসমূহত প্ৰতিষ্ঠিত ভাৰতীয় দৰ্শনৰ তীক্ষ্ণধাৰ সূত্ৰসমূহে তেওঁৰ ধ্যান-ধাৰণাক জীৱন সম্পৰ্কীয় এক একত্ৰিত অনুভূতিত উপনীত হোৱাত সহায় কৰিছিল। প্ৰাচ্যৰ এই দৰ্শনে তেওঁক শিকাইছিল, যে আধুনিক উচ্ছৃংখলতা তথা আত্মনিকাৰৰ বিৰুদ্ধে যুঁজ দিয়াটো মাথোঁ গভীৰ বিষয়নিষ্ঠতাৰ পৰ্যায়তহে সম্ভৱ। কলাই যদি কোনো এজন দৰ্শক বা পাঠকৰ মনত, তেওঁৰ সুতিব্ৰ প্ৰত্যক্ষজ সজাগতাৰ মাজতো নান্দনিকতাৰ অনুভূতি সৃষ্টি কৰিবলৈ সক্ষম হয়, তেন্তে "আন্ধাৰৰ পৰা পোহৰলৈ" (তমসোমা জ্যোতির্গময় - বৃহদাৰণ্যক উপনিষদ) তেওঁ সকলোকে লৈ যোৱাত ই নিজৰ ভূমিকা সুচাৰু ৰূপে পালন কৰিছে বুলি মত পোষণ কৰিব পাৰি। অতীত, বৰ্তমান আৰু ভৱিষ্যতৰ এক চেতন উপলব্ধি, বৌদ্ধিক পাৰিপাট্যৰ ওপৰত উচ্চ গুৰুত্ব আৰু কাব্যচেতনাৰ অন্তর্নির্মিত শিল্পৰ সৈতে, নিজৰ কবিতাক বিশ্বজনীন সংযোগী শক্তি প্ৰদান কৰাৰ হেতুকে এলিয়ট ফৰাচী, ইটালিয়ান আৰু প্ৰাচ্যসাহিত্যৰ প্ৰতি সংবেদী তথা প্ৰতিশ্ৰুতিশীল আছিল। যদিও বহু সমালোচক আৰু আলোচকৰ মতে তেওঁৰ কলাই এক ব্যক্তিগত আৱেদন বহন কৰে, এয়াও সত্য যে ই সমান্তৰালভাৱে নৈৰ্ব্যক্তিক আৰু সাৰ্বজনীনো। যিহেতু এলিয়টৰ আগ্ৰহ স্থায়ীভাৱে কেৱল পশ্চিমীয়া দৰ্শনতে সীমাৱদ্ধ নাছিল আৰু দূৰ প্ৰাচ্যৰ প্ৰাচীন দৰ্শনৰ প্ৰতিও তেওঁ আগহী আছিল, বহুদুৰৰ পৰাও তেওঁ প্ৰতীক আৰু মূৰ্তমান সাঁচৰ শক্তিশালী উদ্ধৃতি দিব পাৰিছিল, যিয়ে তেওঁৰ লেখাক, প্ৰাচ্য আৰু পাশ্চাত্যৰ যোগাযোগৰ সম্ভাৱনাৰ মাধ্যম হিচাপে, পাৰস্পৰিক সাংস্কৃতিক তাৎপৰ্যত যথেষ্ট শক্তিশালী কৰি তুলিছিল।
নিজৰ শৈল্পিক কেৰিয়াৰৰ আৰম্ভণিৰ পৰাই এলিয়টে কেৱল তেওঁৰ ভাষা আৰু ৰচনাশৈলীয়েই নহয়, বিষয়ভিত্তিক দৃষ্টিভংগী প্ৰতিষ্ঠা কৰাৰ ক্ষেত্ৰতো অনুধাৱনমূলক প্ৰচেষ্টা চলাইছিল।তেওঁৰ ডক্টৰেট গৱেষণাৰ বিষয়বস্তু: "এক্সপেৰিয়েঞ্চ্ অন দ ফিল'ছ'ফী এণ্ড ৱিজডম অৱ এফ. এইচ্ছ ব্ৰেডলী"-ৰ অংশ হিচাপে পাশ্চাত্যৰ বিষয়ে তেওঁৰ বিস্তৃত অধ্যয়নৰ উপৰি ভাৰতীয় দৰ্শনৰ এক গভীৰ অধ্যয়ন কৰিছিল।
কালজয়ী কাব্য "দ ৱেষ্টলেণ্ড"ত ব্যৱহৃত ভাৰতীয় দৰ্শনতত্ত্ব - উপনিষদ, ভগৱতগীতা আৰু বৌদ্ধধৰ্মৰ শাস্ত্ৰসমূহৰ উদ্ধৃতি সন্দৰ্ভত তেখেতে কৈছিল, যে "যদি এনে নহলহেতেন, তেনেহলে এজন ইউৰোপীয়ই উপনিষদৰ পৰমজ্ঞান, বৌদ্ধ নিকায়সমূহৰ গূঢ়াৰ্থ আৰু প্ৰাচ্যবাদৰ অনুভূতি সম্বন্ধে অজ্ঞাত হৈয়েই ৰ'লহেতেন। প্ৰাচ্যব্যঞ্জনৰ সোৱাদ লোৱাৰ অনুভূতি, গভীৰ বৌদ্ধিক কৌতূহল বা তেনে ধৰণৰ আকৰ্ষণীয় সংবেদনক দৰ্শনৰ পৰিধিৰ মাজেৰে নিবৃত্তি কৰাৰ উত্তম পন্থা।"
কাব্যিকতাৰ সূক্ষ্ম দাৰ্শনিক আন্তঃসংযোগে, জ্ঞান আৰু কল্পনাৰ সৈতে মিলিত হৈ কঢ়িয়াই অনা গাম্ভীৰ্য ফুটি উঠিছে "দ ৱেষ্টলেণ্ড"ৰ আঁহে-পাঁহে:
"The broken fingernails of dirty hands ...
To Carthage then I came
Burning burning burning burning
O Lord Thou pluckest me out
O Lord Thou pluckest
burning ( The Fire Sermon)"
("মলিয়ন দুহাতৰ ভাগি যোৱা নখ ...
সমুদ্ৰ পাৰৰ বসতি সেই কাৰ্থেজৰ মাটিলৈ আহিছিলোঁ মই
জ্বলি জ্বলি জ্বলি জ্বলি
হে ঈশ্বৰ মোক তুলি ধৰাঁ
হে ঈশ্বৰ তুলি ধৰাঁ মোক
এই দহনৰ পৰা") ( অগ্নিশৰণ)
ইয়াত, " O Lord Thou pluckest me out" বাক্যাংশ আৰু ইয়াৰ ঠিক পৰৱৰ্তী অংশৰ শীৰ্ষক "Death by Water" ক দুইধৰণে বাখ্যা কৰিব পাৰি; হয়তো ই পুনৰুত্থান অবিহনেই সলিল সমাধিকবুজায়, নহয়তো এনে এক ভীতিগ্ৰস্ত মৃত্যুৰ প্ৰতীক হিচাপে থিয় দিয়ে, যি পুনৰ জনমক অনুসৰণ কৰে।প্ৰাচ্য আৰু জ'ৰাষ্ট্ৰীয়ান শাস্ত্ৰত অগ্নি আৰু পানীৰ এক বিশেষ গুৰুত্ব আছে।অগ্নিয়ে দেহ আৰু আত্মাৰ পৰিশোধনক চিহ্নিত কৰে। বেদে পানীক আধ্যাত্মিক ত্যাগৰ মূলকথা বা 'ঐশ্বৰিক শৃংখলা প্ৰাপ্ত কৰাৰ প্ৰথম দুৱাৰ' (অথৰ্ববেদ) হিচাপে চিনাক্তকৰে। দৈনন্দিন জীৱনৰ লগতে ৰীতি-নীতিৰ অনুষ্ঠানত পানীৰ ব্যৱহাৰক আধ্যাত্মিক ত্যাগ বুলি কোৱা হৈছিল, যি হৈছে অনন্ত কাল প্ৰাপ্ত কৰাৰ এক প্ৰক্ৰিয়া।মানুহ আৰু সভ্যতাৰ পুৰাতন আৱিষ্কাৰবোৰৰ ভিতৰত যাক সদায় এক মুখ্যস্থান দিয়া হয়, সি হৈছে জুই। ভাৰতৰ বিভিন্ন সাংস্কৃতিক পৰম্পৰাৰ প্ৰত্যেকতে অগ্নিয়ে যথেষ্ট গুৰুত্ব বহন কৰে আৰু জ্ঞান আৰু দৈৱত্বৰ সৈতে ই সম্পৰ্কিত। হিন্দু ৰীতি-নীতিত অগ্নিক ঈশ্বৰ জ্ঞান কৰা হয়, আৰু অগ্নি ঈশ্বৰ সেইজন, যাৰ জৰিয়তে, হোমাগ্নিৰ জৰিয়তে নৈবেদ্য প্ৰদান কৰা হয়, কিয়নো জুইক দেৱতাৰ মুখ বুলি গণ্য কৰা হয়।
"আদিত্যপাৰিয়ায়াচুট্টা", (পালিভাষাত , "অগ্নি সম্বন্ধীয় ধর্মোপদেশ) হৈছে পালি অনুশাসনৰ এক উপদেশ শৃংখলা, যাক অগ্নিউপদেশ বুলি জনা যায়।ইয়াত বুদ্ধদেৱে পাঁচটা ইন্দ্ৰিয় আৰু মনৰ পৰা বিচ্ছিন্ন হৈ, দুখ-কষ্টৰপৰা মুক্তিলাভ কৰাৰ বিষয়ে প্ৰচাৰ কৰে।এই ধৰ্মবাণীসমূহ বৌদ্ধ সন্ন্যাসৰ সংহিতা (বিনয়)তো পোৱা যায়। টি. এছ. এলিয়টৰ "দ ৱেষ্টলেণ্ড"ৰ তৃতীয় শাখা "ফায়াৰ ছাৰ্মন" ৰ মাজেৰে ইংৰাজভাষীসকলে এই প্ৰাচ্যৰ ধৰ্মীয় বাণীসমূহৰ সৈতে পৰিচিত হ'ব পাৰে।এলিয়টে এটা পাদটীকাত কৈছে যে বৌদ্ধধৰ্ম্মৰ এই প্ৰবচন পৰ্বতৰ বিশালতা আৰু নীৰৱ পৰিবেশৰ মাজত ঈশ্বৰ উপাসনাৰ অৰ্থে ধ্যানমগ্ন হোৱাৰ গুৰুত্বৰ সৈতে সংযুক্ত।
এলিয়টে "Fire Sermon" আৰু " Death by Water" - দুয়ো অংশতে যুদ্ধোত্তৰ য়ুৰোপৰ ক্ষয়িষ্ণু আৱেগিক মানৱসত্তাৰ এক আত্মিক উত্তৰণৰ প্ৰসংগত এই "জুই" তথা "পানী"ৰ গুৰুত্ব বৰ্ণনা কৰিছে:
"By the waters of Leman I sat down and wept ...
Sweet Thames, run softly till I end my song,
Sweet Thames, run softly, for I speak not loud or long.
But at my back in a cold blast I hear
The rattle of the bones, and chuckle spread from ear to ear.
...
The brisk swell
Rippled both shore
Southwest wind
Carried down stream
The peal of bells
...
O Lord Thou pluckest
burning" (The Fire Sermon)
("প্ৰেয়সী পানীৰ কোলাত
মই প্ৰলম্বিত হ'লোঁ আৰু উচুপি উঠিলোঁ
অ' পৰাণৰ টেমছ্,
হওক তোমাৰ প্ৰশান্ত গতি
যেতিয়ালৈকে মোৰ সংগীতৰ নপৰে যতি৷
কিন্তু মোৰ পশ্চাদৰ শীতল বিস্ফোৰণত মই শুনো
অস্হিৰ জৰাজীৰ্ণ জনজননি, আৰু গৰ্ভশব্দৰ শ্ৰুতিময় বিস্তৃতি
...
ৰুঢ় আফৰী মহাতৰঙ্গ
দুয়োপাৰ ভৰাই লহৰ তোলা নৈঋতি পৱন,
তলৰ জুৰিলৈ যি কঢ়িয়াই আনিছিল
ঘণ্টাধ্বনিৰ উষ্ণ কোলাহল
...
হে ঈশ্বৰ তুলি ধৰাঁ মোক
এই দহনৰ পৰা" (অগ্নিশৰণ)
উত্তৰ আধুনিক যুগৰ কবি হিচাপেএলিয়টে জীৱনৰ স্বচ্ছন্দ ৰমন্যাসিকতাক পদানত কৰিছিল।ধ্ৰুপদী মূল্যবোধৰ গভীৰ প্ৰজ্ঞাই তেওঁৰ কাব্যিক অন্বেষণক শক্তিশালী গতিৰে সমৰ্থন কৰিছিল। "ৱেষ্টলেণ্ড"ৰ উদ্ধৃতি, ভাষা, কণ্ঠ আৰু বাগধাৰিক গতিশীলতাই পাঠকসকলক ক্ষতিৰ অৱতাৰেৰে ভৰা এক বিশৃংখল পৃথিৱীত স্থান দিয়ে।দীৰ্ঘদিন ধৰি এই কাব্যক নিঃসংগতা আৰু নৈৰাশ্যৰ এক প্ৰতিভূ হিচাপেই চিহ্নিত কৰি অহা হৈছে।মানৱ পৰম্পৰাক আগুৱাই নিয়াৰ ক্ষেত্ৰত তেওঁ ব্যক্তিগত দায়িত্ববোধৰ বাবে বিচাৰি পাইছিল মহান প্ৰাচীন সভ্যতাৰ কালজয়ী জ্ঞানৰ তাৎপৰ্য।ভাৰতীয় দৰ্শন আৰু ধৰ্মই এলিয়টৰ ওপৰত যথেষ্ট প্ৰভাৱ পেলাইছিল।সংবেদনশীলতাত বিচ্ছিন্নতাবোধৰ দ্বাৰা প্ৰভাৱিত চিন্তা আৰু অনুভৱৰ মাজৰ বিভাজনক মসৃণ কৰাৰ বাবে তেওঁ উপনিষদ, ভগৱতগীতা আৰু বৌদ্ধগ্ৰন্থসমূহত লিখিত স্পষ্ট পৰ্যৱেক্ষণবোৰৰ সহায় লৈছিল। বৌদ্ধ গ্ৰন্থসমূহে তেওঁক জীৱনৰ এক সমন্বিত দৃষ্টিভংগীত উপনীত হোৱাত সহায় কৰিছিল।
লেখক, সমালোচক ৱেইন ৰাইটে তেওঁৰ ২০০৫ চনত প্ৰকাশিত "প্ৰেকটিকেল ৱিজডম" শীৰ্ষক গ্ৰন্থত, এলিয়টৰ এই প্ৰাচ্যদৰ্শন সম্পৰ্কে মন্তব্য দিছিল:
"The overall structure of the theory is exemplarist. Moral properties are defined via reference to an exemplar of goodness. God is the ultimate exemplar, but there are many finitely good human exemplars. In this respect, the theory is similar to that of Aristotle who defines virtue as what would be determined by the person with phronesis."
এই প্ৰসংগত উল্লেখ কৰিব লাগিব যে ,ৱেষ্টলেণ্ডৰউপৰি তেওঁৰ বিখ্যাত সংকলন "ফ'ৰ কোৱাৰ্টেটছ" ৰ তৃতীয় কবিতা "দ ড্ৰাইচেলভেজেছ" তো ভাৰতীয় দৰ্শনৰ বহুলউদ্ধৃতি আছে, বিশেষকৈ কুৰুক্ষেত্ৰৰ যুদ্ধত কৃষ্ণই অৰ্জুনক দিয়া উপদেশসমূহক লৈ:
"Here between the hither and the farther shore
While time is withdrawn, consider the future
And the past with an equal mind,
At the moment which is not of action or inaction
You can receive this; ‘on whatever sphere of being
The mind of a man may be intent
At the time of death"
কুৰুক্ষেত্ৰৰ যুদ্ধক্ষেত্ৰত অৰ্জুনক ভগৱান কৃষ্ণৰ উপদেশ, এই শাৰীসমূহত স্পষ্টভাৱে প্ৰতিফলিত হৈছে।এলিয়টে কৃষ্ণৰ বাৰ্তাৰ অন্তৰ্নিহিত ধাৰণাবোৰ এনেদৰে স্থানান্তৰ কৰিবলৈ চেষ্টা কৰিছে যাতে সেইবোৰক এক কলাত্মক কৌশলেৰে আধুনিক মানুহ আৰু সমসাময়িক সমাজৰ সৈতে সম্পৰ্কিত কৰিব পৰা যায়।প্ৰাৰ্থনাৰ তাৎপৰ্যক, মুহূৰ্তৰপৰা মুহূৰ্তলৈ অবিৰাম গতিৰে চলি থকা সময়-ৰথৰ চকাৰ সৈতে সম্পৰ্কিত কৰা হৈছে, যাৰ দ্বাৰা, এক প্ৰতিফলিত সংবেদনশীলতাৰ সৈতে আমাৰ ধৰ্মনিৰপেক্ষ জীৱনৰ আধ্যাত্মিকৰণক প্ৰভাৱিত কৰা, মানুহৰ অৰাজক অস্তিত্বৰ বিষাদো প্ৰকাশপাইছে।
ভগৱদ্গীতা সম্পৰ্কে তেওঁ কৈছিল যে ডাণ্টেৰ "ডিভাইন কমেডী"ৰ পিছতেই তেওঁ পঢ়া সৰ্বকালৰ, সৰ্বশ্ৰেষ্ঠ দাৰ্শনিক কাব্যগ্ৰন্থখনেই হৈছে ভগৱদ্গীতা। ১৯৩০-ৰ দশকত, এলিয়টে প্ৰাচ্যৰ কালশাশ্বত জ্ঞানৰ কথা স্মৰণ কৰি কৈছিল যে কৃষ্ণৰ দৰে, মহাসংকটৰ সময়তো এনে ধৈৰ্য আৰু বুদ্ধিমত্তাৰ পৰিচয় দিব পৰা দ্বিতীয় এজন মহাজ্ঞানী আৰু সমুখত নিজৰ ভাতৃগণক দেখিও, মাথোঁ ন্যায় প্ৰতিষ্ঠাৰ বাবেই যুদ্ধ কৰা অৰ্জুনৰ দৰে মহাবীৰ, সমগ্ৰ পৃথিৱীৰ আদৰ্শ হ'ব পাৰে, যিয়ে আধুনিক পৃথিৱীৰ বিক্ষিপ্ত উন্নাসিকতাক, ধৰ্মৰ সঠিক পন্থাৰে মাৰ্গদৰ্শন কৰোৱাৰ ক্ষমতা বহন কৰে। "ফ'ৰ কোৱাৰ্টেটছ" গঠন কৰা চাৰিটা কবিতা - বাৰ্ণ্টনৰ্টন, ইষ্টককাৰ, দ্যড্ৰাইচেলভেজ, আৰু লিটল গিডিং হৈছে কবিৰ প্ৰাচ্য পৰিপক্কতাৰ প্ৰতিফলন। এলিয়টৰ কোনো এটা বা আন সম্পৰ্কৰ প্ৰতি কোনো নিৰ্দিষ্ট অগ্ৰাধিকাৰ নাই।তেওঁৰ কাব্যিক দৰ্শন এক আন্তঃপাঠগত (intertextual) অদ্বৈতবাদৰ নিদানমূলক সত্তাৰ সৈতেহে জড়িত, যি সংস্কৃতি আৰু ধৰ্মক এটা শৰীৰত, একেলগে প্ৰতিষ্ঠা কৰে।সংস্কৃতিত সাৰ্বজনীনতাৰ কাৰকটোৱে মানুহক বিশৃংখল জীৱনৰ পৰা ৰক্ষা কৰাৰ ক্ষেত্ৰত এক নিৰ্ণায়ক ভূমিকা পালন কৰে।নিজৰ আদৰ্শ আৰু সংবেদনশীলতাক শান দিয়াৰ ক্ষেত্ৰত এলিয়ট যেনেকৈ লাফৰ্গ আৰু ব'ডলেয়াৰৰ দৰেসমালোচকৰ দ্বাৰা প্ৰভাৱিত হৈছিল, তেনেদৰেই বৌদ্ধশাস্ত্ৰসমূহে মানৱ আত্মাৰ সাৰপূৰ্ণতাৰ ধাৰণাটো কেনেদৰে মচি পেলাইছিল সেইবোৰো তেওঁ উক্ত দৰ্শনৰ পোহৰত বিৱেচনা কৰিছিল। বৌদ্ধ দৃষ্টিভংগীৰ দৰে, এলিয়টে নিৰন্তৰ পৰিৱৰ্তনৰ মাজত এক স্থায়ী পৰিচয় বজাই ৰখাৰ ভ্ৰান্তিও দেখুৱায়।
"ৱেষ্টলেণ্ড" ৰ প্ৰথম খণ্ডত (দ বাৰিয়েল অৱ দ ডে'ড - মৃতকৰ সমাধি)-ত জন্ম আৰু পৰজনমৰ সনাতন ভাৰতীয় বিশ্বাস মুখৰিত হৈ উঠিছে:
"April is the cruellest month, breeding
Lilacs out of the dead land, mixing
memory and desire, stirring dull roots with spring rain." (শাৰী: ১ - ৪)
"কি নিষ্ঠুৰতম মাহ এপ্ৰিল,
মৃতমাটিৰ জৰায়ুত লাইলাকৰ জন্মদিন,
স্মৃতিআৰুআকাংক্ষাৰ
মিশ্ৰ সংবাদে
শেঁতা পৰা শিপাত
বাকি দিয়ে বসন্ত বৃষ্টি৷"
দ্বিতীয় খণ্ড "এ গে'ম অৱ ছেজ - এহাত দাবা)-ত লক্ষ্য কৰা যায় এখন দেশৰ সম্পূৰ্ণ ইতিহাস সলনি কৰি দিয়া, পৰম পৰাক্ৰমী এক ৰাজতন্ত্ৰৰ কৰুণ কাহিনী - মহাভাৰতৰ কাহিনী, যত সেই বিখ্যাত দাবা খেলখনে সম্পূৰ্ণ ৰাজ্যৰ, সম্পূৰ্ণ ৰাজনৈতিক আৰু আৰ্থসামাজিক তথা ধৰ্মীয় আৰু আৱেগিক দিশটোকেই সলাই পেলাইছিল। দাবা মানেই হৰাজিকা - আৰু মানৱ সম্পৰ্কত হৰাজিকা নাথাকে - থাকে উদাৰ, মহৎ, মানৱীয় সমৰ্পণ। কিন্তু আৱেগিক ভঙ্গুৰতাৰ এক নিঃসংগ পৃথিৱীত সম্পৰ্কৰ চৰিত্ৰ যে দাবাখেলৰ গুটিৰ দৰেই, তাক এলিয়টৰ দৰে "notoriously sensitive" মহাকবিৰ বাহিৰে আনৰ পৰা আশা কৰা কঠিন।
এলিয়টে তেওঁৰ "ৱেষ্টলেণ্ড"ত প্ৰাচ্যজ্ঞানৰ বিভিন্নদিশ বিৱেচনা কৰিছিল।দ ৱেষ্টলেণ্ডৰ এই শেষ খণ্ডটোত এলিয়টে ভাৰতীয় দৰ্শনৰ উদ্ধৃতি দিছে, যেনেকৈ তেওঁ তৃতীয় খণ্ড ”The Fire Sermon" (অগ্নিশৰণ) ত বৌদ্ধদৰ্শনৰ উদ্ধৃতি দিছিল৷ "দত্ত" ৰ অৰ্থ হৈছে "দিয়া, দান কৰা", যি বৃহদাৰণ্যক উপনিষদৰপঞ্চম অধ্যায়ৰ অন্তৰ্গত। বজ্ৰৰ কল্পকথাৰ আখ্যানো উপনিষদৰ এই অধ্যায়তেই পোৱা যায়৷ কবিতাটোৰ পঞ্চম খণ্ডৰ শীৰ্ষক হৈছে 'হোৱাট দ থাণ্ডাৰ ছেইড'। এই ধাৰণাটোৱে প্ৰকাশ কৰে যে "ঈশ্বৰে বজ্ৰপাতৰ মাজেৰে কথা কয়। এই কাব্যাংশত, ভাৰতীয় দৰ্শনৰ বিষয়ে বাৰেবাৰে উল্লেখ কৰা হৈছে।তলৰ উদ্ধৃতিটোত, এলিয়টে ভাৰতীয় জ্ঞানৰ গভীৰতাক, নিজৰ অন্তৰ্লীন কাব্যসত্তাৰে আৰু ভাস্বৰ কৰি তুলিছে:
"Ganga was sunken, and the limp leaves
Waited for rain, while the black clouds
Gathered far distant, over Himavant.
The jungle crouched, humped in silence.
Then spoke the thunder.
DA
Datta what have we given? (শাৰী: ৩৯৫ - ৩৯৯)
"গঙ্গা নিমজ্জিত হৈছিল আৰু শ্ৰান্ত পাতবোৰে
বৃষ্টিৰ অপেক্ষা কৰিছিল, অন্ধকাৰ মেঘবোৰ যেতিয়া একত্ৰিত হৈছিল
দূৰৈৰ, বহু দূৰৈৰ হিমালয়ৰ শিখৰত৷
সংকুচিত হৈছিল অৰণ্যভূমি, কূঁজা হৈ পৰিছিল নৈ:শব্দ্যত৷
তাৰ পাছত ক'লে মোক বজ্ৰ নিৰ্ঘোষে
দ
দত্ত : কি দিলোঁ আমি?" (কি ক'লে মোক বজ্ৰ নিৰ্ঘোষে )
সংস্কৃতৰ পৰা লোৱা 'দত্ত' শব্দটো কবিয়ে ইচ্ছাকৃতভাৱেই কবিতাটোত প্ৰাচ্যৰ স্পৰ্শ দিবলৈ ব্যৱহাৰ কৰিছিল। 'দত্ত' শব্দটোৰ অৰ্থই পাঠকসকলক জীৱনৰ বৈধতাৰ কথা মনত পেলাই দিয়ে।ইয়াত বজ্ৰনিৰ্ঘোষৰ কণ্ঠই ঈশ্বৰৰ কণ্ঠস্বৰৰূপে অভিক্ষেপিত হোৱাৰবাবে, 'দিয়া' ৰ গুণৰ ওপৰত অধিক গুৰুত্ব আৰোপ কৰিছে। বিশ্লেষণাত্মকভাৱে, এলিয়টে ইয়াত আধুনিক মানুহৰ বিদ্ৰূপাত্মক মানসিক পৰিপক্কতাৰ কছৰতক এক কৰুণ অসংগতিৰ মাজেৰে প্ৰকাশ কৰিছে, কিয়নো ই "অধিগ্ৰহণকাৰী বস্তুবাদলৈ" লৈ যায় - যত "দিয়া" আৰু লোৱা মাথোঁ "বস্তুবাদ আৰু উপভোক্তাবাদৰ শুকান খেল, এক চুক্তি। ঠিক তেনেদৰেই "দয়দ্ধম" আৰু "দম্যত" শব্দয়ো সূচাইছে ক্ৰমান্বয়ে "দয়া কৰা" আৰু এক বিস্তৃত পৰিসৰত আত্ম "নিয়ন্ত্ৰণ"-ৰ কথা। সকলো শুষ্কতাক পৰাভূত কৰি হিমালয়ৰ ওপৰত জমা হয় মেঘ, আশাৰ বাতৰি লৈ।
"Dayadhvam: I have heard the key
Turn in the door once and turn once only
We think of the key, each in his prison
Thinking of the key, each confirms a prison
Only at nightfall, aethereal rumors
Revive for a moment a broken Coriolanus
Damyata: The boat responded
Gaily, to the hand expert with sail and oar
The sea was calm, your heart would have responded
Gaily, when invited, beating obedient
To controlling hands" (শাৰী: ৪১০ - ৪২২)
দয়দ্ধম্ : দুৱাৰখনত মই
শুনিলোঁ চাবিপাতৰ একক আৱৰ্তন
আমি ভবাৰ দৰে, আত্মপোতাশালত বন্দী
প্ৰতিজনেই ভাবে এপাত সঁচাৰকাঠিৰ কথা
নৈশপতনত প্ৰত্যেকেই দৃঢ় হয় এখন পোতাশালৰ বাবে
জাগ্ৰত হয় এক মুহূৰ্তৰ বাবে অশৰীৰী উৰাবাতৰি, ভগ্ন কৰিঅ'লেনাছ
দম্যত:
সমুদ্ৰযাত্ৰা আৰু ব'ঠামৰাত সুদক্ষ সেই হাতখনলৈ
নাওখনে হৃষ্টচিত্তে সঁহাৰি দিছিল
শান্ত আছিল সাগৰ, তোমাৰ হৃদয়েও
সঁহাৰি জনাব লাগিছিল পৰমানন্দে
যেতিয়া নিমন্ত্ৰিত হৈছিলা
নিয়ন্ত্ৰণমুখী হাতদুখনলৈ,
সেই আজ্ঞাবাহীক পৰাভূত কৰি৷"
প্ৰথম বিশ্বযুদ্ধৰ পৰৱৰ্তী, আধুনিক য়ুৰোপৰ নগৰকেন্দ্ৰিক সভ্যতাৰ , লণ্ডন ক'ফীহাউছৰ মাই লৰ্ডছ এণ্ড মাই লে'ডীজৰ (Social Butterfly) মিলন সাৰসংঘৰ প্ৰসাধনী আভিজাত্যৰ আঁৰৰ নিঃসংগতা, একাকিত্ব আৰু ছিন্নমূল জীৱনৰ ছবি "দ ৱেষ্টলেণ্ড" আৰু ইয়াৰ তৃতীয় তথা আলোচ্য এই অন্তিম খণ্ডত অনাদি অনন্তপ্ৰসাৰী ভাৰতীয় দৰ্শনৰ সূক্ষ্ম আভিজাত্যক এলিয়টে ধৰ্মীয় ভাবধাৰাৰ বহু উৰ্ধ্বত, এক বিশ্বজনীন জীৱন দৰ্শনৰ ৰূপত প্ৰতিষ্ঠা কৰিছে ৷ "দ ৱেষ্টলেণ্ড" ৰ আঁহে আঁহে বিৰাজমান সমস্ত নিৰাশা তথা নিহিলিজমৰ অন্তত এলিয়টে হিমালয়ৰ শিখৰত জমা হোৱা ডাৱৰৰ জৰিয়তে, বৃষ্টিৰ অপেক্ষাৰ মেটাফ'ৰৰ জৰিয়তে, উপনিষদত বৰ্ণিত দান, সহানুভূতি তথা আত্মনিয়ন্ত্ৰণৰ জীৱনমুখী দৰ্শনৰ জৰিয়তে জীৱনক সুশৃংখল কৰাৰ যি মন্ত্ৰ, তাকেই বাখ্যা কৰিছে "কি ক'লে মোক বজ্ৰনিৰ্ঘোষে" ত ৷'আত্ম-নিয়ন্ত্ৰণ'ৰ গুৰুত্বৰ প্ৰতি সন্মান দিয়া হৈছে; আৰু যদি মানৱ শৰীৰক এখন নাৱৰ সৈতে তুলনা কৰা যায়, তেনেহলে, এক শৃংখলাবদ্ধ মন তথা আত্ম অনুশাসনৰ জৰিয়তে দুৰ্ভাগ্য আৰু প্ৰলোভনৰ ছাঁৰপৰা একেবাৰে বিচ্ছিন্ন হৈ নিজৰ অস্তিত্বক কেনেদৰে অধিক শান্তিপূৰ্ণ ৰূপত প্ৰতিষ্ঠা কৰিব পাৰি, তাৰ পৰম জ্ঞান আহৰণ কৰিব পৰা যায়।
প্ৰাচ্যৰ মহান দাৰ্শনিক পৰম্পৰাৰ প্ৰতি এলিয়টৰ আগ্ৰহৰ জন্ম হৈছিল শক্তিশালী বৌদ্ধিক দৃষ্টিকোণৰপৰা সমসাময়িক বাস্তৱতাক বাখ্যা কৰিব খোজা তেওঁৰ আকাংক্ষাৰ পৰা। এই বুদ্ধিদীপ্ত, সাধনালদ্ধ প্ৰচেষ্টাৰ দ্বাৰা, তেওঁ তেওঁৰ কবিতাত নিৰাশাজনক বাস্তৱতাৰ তথা হতাশাজনক শূন্যতাৰ মাজতো জীৱনৰ খানিকমান ঔজ্জ্বল্যৰে ভৰা উপাদানবোৰৰ পৰিচয় কৰাবলৈ সক্ষম হৈছিল।এই কাব্যগত বিচ্ছিন্নতা সম্ভৱ হৈছিল শাস্ত্ৰীয় সাহিত্য আৰু দৰ্শনৰ ওপৰত থকা এই মহাকবিৰ শক্তিশালী পাণ্ডিত্যৰ বাবেই।
"In this decayed hole among the mountains
In the faint moonlight, the grass is singing
Over the tumbled graves, about the chapel
There is the empty chapel, only the wind's home
It has no windows, and the door swings,
Dry bones can harm no one.
Only a cock stood on the rooftree
Coco rico co co rico
In a flash of lightning." (শাৰী: ৩৮৬ - ৩৯৪,
"...পৰ্বতৰ মাজৰ এই অৱক্ষয়ী সুৰুঙা
ঢিমিকি ঢিমিকি জ্বলা জোনৰ পোহৰত ঘাঁহবোৰে গীত জুৰিছে
বাগৰি পৰা সমাধিত
কণমানি গীৰ্জাঘৰৰ কাষৰ
পৰাস্ত প্ৰাৰ্থনাগৃহত, মাথোঁ বতাহৰ ঘৰ৷"
ইয়াত খিৰিকী নাই আৰু দুৱাৰবোৰ দুলি আছে
শুষ্ক অস্থিয়েতো কাকোৱেইআঘাত নকৰে৷
গছৰ মুধচত মাথোঁ এটা বনকুকুৰাৰ ডাক
এচেৰেঙা বিজুলীৰ উজ্জ্বল চমকত৷ ("কি ক'লে মোক বজ্ৰ নিৰ্ঘোষে")