অন্যযুগ/


মুখামুখি : ডাঃ অপূৰ্ব কুমাৰ শইকীয়াদেৱৰ সৈতে


(যোৱা সংখ্যাৰ পিছৰ পৰা)

সাম্প্ৰতিক অসমীয়া গল্পসাহিত্যৰ এক অগ্ৰগণ্য নাম হৈছে শ্ৰীযুত (ডাঃ) অপূৰ্ব কুমাৰ শইকীয়া৷  ২০২০ চনৰ ‘সাহিত্য অকাদেমি বঁটা’ আৰু অসম সাহিত্য সভাৰ ‘অম্বিকাগিৰি ৰায়চৌধুৰী বঁটা’ প্ৰাপক ডাঃ শইকীয়াৰ গল্পৰ বিষয়বস্তুৰ বৈচিত্ৰ্য আৰু বহুমাত্ৰিকতা, ভাষাৰ চাতুৰ্য, ব্যতিক্ৰমী কথনশৈলীৰ লগতে তলসুঁতীয়াকৈ বৈ থকা নিৰ্মল হাস্যৰসৰ এক ফল্গুধাৰাই তেখেতৰ গল্পসমূহক এক অনন্য মাত্ৰা প্ৰদান কৰিছে৷ তেখেতৰ গল্পসংকলন ‘বেংছতা’-ৰ বাবেই আগ বঢ়োৱা হৈছে সাহিত্য অকাদেমি বঁটা। সংকলনখনিত সৰ্বমুঠ ১৯ টা গল্প সন্নিৱিষ্ট হৈছে৷ প্ৰতিটো গল্পতেই লেখকৰ বিষয়বস্তুৰ প্ৰতি থকা গভীৰ অন্তৰ্দৃষ্টি, সূক্ষ্ম পৰ্যৱেক্ষণ ক্ষমতা আৰু ভাষাৰ ক্ষেত্ৰত থকা তেখেতৰ অগাধ দখলৰ আভাস পোৱা যায়৷ সন্নিৱিষ্ট গল্পসমূহৰ কৌশলী নিৰ্মাণে পঢ়ুৱৈক এক পৃথক সোৱাদ দিয়াৰ লগতে পঠনৰ পাছতো আলোড়িত কৰি ৰাখিব৷ ‘বেংছতা’ নিঃসন্দেহে এখন সংগ্ৰহযোগ্য আৰু সংৰক্ষণযোগ্য গ্ৰন্থ৷  ডাঃ শইকীয়াদেৱৰ সৈতে অন্যযুগ- সম্পাদক ° মৃদুল শৰ্মাৰ কথোপকথনৰ দ্বিতীয় খণ্ডটো আগ বঢ়াইছোঁ। 

অন্যযুগ : অসমীয়া ভাষাটো নিজৰ আয়ত্তাধীন কৰাত নগঁঞা লেখকসকলৰ দক্ষতা ঈৰ্ষণীয়৷ এই কথা আপুনি বিশ্বাস কৰেনে? অসমৰ পথাৰে-সমাৰে পোত খাই থকা অসমীয়া ভাষাৰ কালিকাটো আহৰণ কৰাত আপোনাক কিহে সহায় কৰিছে বুলি ভাবে?

ডাঃ শইকীয়া : অসমীয়া ভাষাটোৰ ষোল্ল অনাই সাহিত্যত ব্যৱহাৰ কৰিছে নগঞা সাহিত্যিকসকলে ৷ এই কথাটো মোক এদিন কথা প্ৰসংগত শ্ৰদ্ধেয় প্ৰহ্লাদ বৰুৱাদেৱে কৈছিল৷ শ্ৰদ্ধেয় নৱকান্ত বৰুৱা, মহিম বৰা, ভবে‍ন্দ্ৰ নাথ শইকীয়া, ড° লক্ষ্মীনন্দন বৰা, বিৰিঞ্চিকুমাৰ বৰুৱা, দেৱকান্ত বৰুৱা আৰু মহীচন্দ্ৰ বৰাদেৱৰ লেখাসমূহ উদাহৰণ স্বৰূপে দেখুৱাব পাৰি৷ মধ্য অসমত অৱস্থিত বাবে নগাঁৱে উজনিৰ অসমীয়া ভাষাৰ সাৰভাগ আৰু নামনিৰ  আঞ্চলিক ৰূপটোৰ সমন্বয় সাধন কৰা যেনো লাগে৷  ওপৰত উল্লেখ কৰা  প্ৰাতঃস্মৰণীয় লেখকসকলৰ লেখাত ভাষাৰ অপ্ৰদূষিত অসমীয়াত্ব উজলি উঠে৷ এয়া নিৰ্মাণ কৌশল নিশ্চয় নহয়৷ স্বাভাৱিকভাৱেই হয়তো ভাষাৰ ঐশ্বৰ্যশালী ৰূপটো ওঁঠত লৈ তেওঁলোক ডাঙৰ হৈছে ৷ নৱকান্ত বৰুৱাদেৱৰ কপিলীপৰীয়া সাধু  আৰু ককাদেউতাৰ হাড়  বা বিৰিঞ্চিকুমাৰ (বীণা বৰুৱা) বৰুৱাৰ জীৱনৰ বাটত  উপন্যাসৰ ভাষাই এক সমৃদ্ধিশালী, প্ৰাণৱন্ত ভাষাৰ নিৰ্দেশ কৰে৷

অন্যযুগ : মহানগৰীয়া কৃত্ৰিম অসমীয়া ভাষাটোও আপোনাৰ গল্পৰ মাজত অতি আকৰ্ষণীয়ভাৱে পাওঁ৷ সুধিব খুজিছোঁ, ভাষা আহৰণত লেখক হিচাপে আপোনাক কিহে সহায় কৰে— কিতাপ পঢ়াটোৱে নে মানুহ পঢ়াটোৱে? 

ডাঃ শইকীয়া : কিতাপে ভাষাৰ বৈয়াকৰণিক আৰু মান্য ভাষাৰ ৰূপটো ভালকৈ শিকায়৷ মানুহক ওচৰৰ পৰা অধ্যয়ন কৰিলে ভাষাৰ কালিকা, বহুমাত্ৰিকতা আৰু চহাজনৰ প্ৰকৃত মুখৰ মাতটো শিকিব পাৰি৷ অসমীয়া এটি সাংঘাতিক ধৰণে ধনী ভাষা৷ ব্যৱহাৰ নকৰাৰ ফলত আমাৰ বহুতো শব্দসম্ভাৰ কালক্ৰমত হেৰাই যাব যেন ভাব এটা হয়৷  ‘জুইলা’ বোলা শব্দটো অভিধানবহিৰ্ভূত যদিও নগাঁও জিলাৰ মাজগাঁৱৰ ফালে বুঢ়া-মেথাৰ মুখত এই শব্দটো প্ৰচলিত৷ আজিৰ প্ৰজন্মই জুইলাই দেখা নাই৷ শব্দটো শিকিব কেনেকৈ? মই এই শিৰোনামেৰে এটা গল্পই লিখি পেলালোঁ আৰু শব্দটোক মান্যতা দিলোঁ৷ বেজবৰুৱাৰ ভাষাও মই মাজে-সময়ে ঔচিত্য অনুযায়ী ব্যৱহাৰ কৰোঁ৷ মোৰ ‘বান্দৰ’ শীৰ্ষক গল্পত ‘‘এবেওমান দূৰত পৰি থকা’’ আৰু ‘‘গছৰ খাঁকি’’ জাতীয়  বেজবৰুৱাৰ অসমীয়া মই ব্যৱহাৰ কৰিছোঁ৷  এইবোৰেই আমাৰ সম্পদ৷

অন্যযুগ : আপোনাৰ পেছাগত জীৱনটোৰ সৈতে সৃষ্টিশীল জীৱনটোৰ সম্পৰ্ক কেনে? বন্ধুত্বপূৰ্ণ, নে দ্বান্দ্বিক?

ডাঃ শইকীয়া : সৃষ্টিৰ ক্ষেত্ৰত বন্ধুত্বপূৰ্ণ, সময়ৰ ক্ষেত্ৰত দ্বান্দ্বিক ৷ এয়া ৰেলৰ দুডাল চিৰিৰ  দৰে অনন্তলৈ সমান্তৰাল যাত্ৰা ৷ বেলেঞ্চিং গেইম বা সমতুলতা ৰক্ষাৰ খেলা ৷ চুটিগল্পৰ পিতৃপুৰুষ ডা° এণ্টন চেখভে কৈছিল— ‘‘Medicine is my lawful wife and literature the mistress, when I am tired of one I spend the night with the other.’’ নিতান্তই ধেমেলীয়া সুৰত তেওঁ কথাটো কৈছিল৷ সহজকৈ যদি কথাটো কওঁ, লেখক আৰু চিকিৎসক একেজন মানুহেই হ’লে সাহিত্যৰ লাভ হয়, বৈষয়িক জীৱনটোৰ অকণমান ক্ষতি হোৱাৰ আশংকা থাকে৷ কিন্তু উপায় নাই, হওঁ বুলি এই পৃথিৱীত কোনো সাৰ্থক সাহিত্যিকৰ সৃষ্টি  হোৱা নাই গতিকে পেছা আৰু নিচাৰ অগ্ৰাধিকাৰৰ প্ৰসংগত কৈফিয়ৎ দিবলৈ সাহিত্যিক নাৰাজ ৷ আমেৰিকাত থকা আফগানী সাহিত্যিক খালেদ হোছেইনীয়ে সফল ঔপন্যাসিক হোৱাৰ পাছত (The Kite Runner, A Thousand Splendid Suns ইত্যাদি) ডাক্তৰী কৰিবলৈকে এৰিলে।  কাৰণ কিতাপ লিখি তেওঁ কোটি কোটি টকা উপাৰ্জন  কৰিলে৷ আমাৰ ইয়াত ডাক্তৰী এৰি গল্প লিখি থাকিলে কি যে অৱস্থা হ’ব ভাবিবলৈকে ভয় লাগে দেখোন৷

অন্যযুগ : আপোনাৰ গল্পত আপোনাৰ পেছাগত জীৱনটোৰ অনেক উপকৰণ ফুটি উঠিছে৷ এই উপকৰণবিলাকক লৈ উপন্যাস একোখন লিখাৰ মন জাগি নুঠেনে? বা, মই হয়তো এনেকৈ সুধিব লাগিছিল: গল্পৰ পৰিসৰত সামৰিব নোৱৰা আপোনাৰ পেছাগত জীৱনৰ এনে অভিজ্ঞতা নাইনে যাৰে এখন উপন্যাসৰ পৰিকল্পনা কৰিব পাৰি? তেনে কথা ভাবি চাইছেনে?

 ডাঃ শইকীয়া : উপন্যাস এখনৰ প্ৰাৰম্ভিক টুকুৰাটো লেখাৰ পাছত বহু দিন জিৰণি ল’লোঁ৷ এইবাৰ দেখা যাওকচোন৷ গল্পৰে ক’ব নোৱৰা বহু কথাই ক’বলগীয়া হৈ আছে৷ এলাহ জয় কৰি কঁকালত টঙালি বান্ধিবৰ হ’ল৷

অন্যযুগ : সাম্প্ৰতিক সময়ৰ উঠি অহা গল্প-উপন্যাস লেখকসকলক লৈ আপুনি সুখীনে? তেওঁলোকে অসমীয়া সাহিত্যক সমৃদ্ধ কৰিব পাৰিব বুলি আপুনি বিশ্বাস কৰেনে? যদি কৰে, এনে বিশ্বাসৰ অন্ততঃ দুটা কাৰণ ক’বনে?

ডাঃ শইকীয়া : সাম্প্ৰতিক সময়ৰ গল্পকাৰসকলক লৈ মই আশাবাদী৷ তেওঁলোকৰ হাতত অসমীয়া গল্প নিৰাপদ যেন লাগে৷ উপন্যাসৰ ক্ষেত্ৰত এনে  সাধাৰণীকৰণ নকৰোঁ৷ প্ৰচণ্ড সম্ভাৱনাৰে প্ৰথমছোৱা আৰম্ভ  হোৱা উপন্যাস এখন ক্ৰমশঃ নিষ্প্ৰাণ হৈ গৈ থকা দেখি বেয়া লাগে৷ অৱশ্যে সাম্প্ৰতিক সময়ত কেইবাখনো সাৰ্থক উপন্যাস লিখা হৈছে ৷ বুৰঞ্জী আশ্ৰিত মানসম্পন্ন উপন্যাস ইতিমধ্যে লিখা হৈছে যেতিয়া আধুনিক জীৱনৰ বৈচিত্ৰ্যৰে উপন্যাস লেখাৰ সময় এতিয়া ৷ পাঠকৰ ক্ৰমবৰ্ধমান মানসিক চাহিদাৰ প্ৰতি আওকাণ কৰি থকাটো উচিত নহ’ব৷ প্ৰচণ্ড প্ৰতিভাৰ ঔপন্যাসিক আমাৰ আছে৷ হয়তো অধ্যৱসায় আৰু কষ্টসহিষ্ণুতা, এই দিশ দুটাৰ ওপৰত চকু দিব লাগিব৷ মই আশাবাদী৷

অন্যযুগ : আমাৰ বাবে অতিশয় আনন্দদায়ক বিষয় এয়ে যে এই কথোপকথনৰ মাজতে আপুনি সাহিত্য অকাদেমি বঁটা লাভ কৰাৰ খবৰ আহিছে৷ এই সন্মান বা স্বীকৃতি লাভ কৰি আপুনি প্ৰকৃততে আপোনাৰ মাতৃভাষাৰ সাহিত্য পৰম্পৰাকে সন্মানিত কৰিছে বুলি আমাৰ অনুভৱ হৈছে৷ এই পুৰস্কাৰ  প্ৰাপ্তিয়ে আপোনাৰ সৃজনীশীলতাত অৰিহণা যোগাব বুলি আপুনি ভাবেনে?

ডাঃ শইকীয়া : সাহিত্য অকাডেমি বঁটাপ্ৰাপ্তিয়ে মনলৈ আনন্দ আনিছে৷ এচাম মননশীল আৰু উচ্চ ৰুচিবোধসম্পন্ন পাঠক মোৰ তাহানিৰে পৰা আছিলেই, এয়া এক ডাঙৰ প্ৰাপ্তি, বঁটা নাপালেও হয়তো মই এনেকৈয়ে নিৰৱধি লিখি থাকিলোঁহেঁতেন৷ এতিয়া তাৰ লগত এক ডাঙৰ আনুষ্ঠানিক স্বীকৃতিৰ সংযোজন ঘটিছে৷ আগতে যদিও দহটা ভাষালৈ মোৰ গল্প অনুবাদ হৈছে, সেয়া হৈছিল এক ব্যক্তিগত পৰ্যায়ত বা কম পৰিসৰত৷ এতিয়া এই কামটো ব্যাপক ৰূপত হ’ব আৰু এক সৰ্বভাৰতীয় পাঠক সমাজৰ মনোযোগ মই লাভ কৰিম৷ এয়া ডাঙৰ লাভ৷ শ্ৰেষ্ঠতাৰ চিহ্ন এটা লগাই দিয়া বাবে সাধাৰণ পাঠকৰ বাবে পঠনযোগ্য কিতাপৰ নিৰ্বাচনো সহজ হৈ পৰে ৷

অন্যযুগ : আপোনাৰ জীয়ৰী অৰ্হণা শইকীয়ায়ো ইতিমধ্যে গল্প ৰচনাত হাত দিছে৷ তেওঁৰ কেইবাটাও গল্প ইতিমধ্যে আমি আলোচনীৰ পাতত পঢ়িবলৈ পাইছোঁ৷ তেওঁক গল্পৰচনাৰ ক্ষেত্ৰত আপুনি কিভাৱে‍ সহায় কৰিছে? বা, তেওঁ আপোনাৰ সহায় বিচাৰেনে? তেওঁৰ গল্পকাৰ জীৱনক লেখক হিচাপে আপোনাৰ জীৱনলৈ অহা স্বীকৃতি অথবা সন্মানে উজ্জীৱিত কৰিব বুলি আপুনি আশা কৰেনে?

ডাঃ শইকীয়া : অৰ্হণাক গল্পকাৰ বুলিবৰ হোৱা নাই এতিয়াও৷ অৱশ্যে তিনিটামান গল্প লিখিছে তাই৷ তাই এজনী সৰু-সুৰা গ্ৰন্থকীটেই৷ মোৰ পঢ়ামেজত থকা কিতাপ কিছুমান প্ৰায়ে হেৰায় আৰু পাছত মই কিতাপবোৰ সাধাৰণতে অৰ্হণাৰ মেজত গৈ আৱিষ্কাৰ কৰোঁ৷ মই কি কিতাপ পঢ়োঁ, কিয় পঢ়োঁ এইবোৰ জানিবলৈ তাইৰ বহুত হেঁপাহ৷ তাইৰ নিজাকৈ এটা কিতাপৰ আলমাৰি‍ আছে ৷ তাত ভবেন্দ্ৰ নাথ শইকীয়া, সৌৰভ চলিহাৰ পৰা আৰম্ভ কৰি অ’ হেনৰি‍ আৰু লেটিন আমেৰিকাৰ গল্প কিতাপলৈকে উপলব্ধ৷ চেতন ভগত আৰু দুৰ্জয় দত্তৰ কিতাপো তাই পঢ়ে৷ চেতন ভগতৰ আদিছোৱাৰ উপন্যাসকেইখনহে তাই ভাল পায়৷ এতিয়ালৈকে তাই ভাল পাঠিকা৷ যত্ন কৰিলে লিখিব পাৰিব যেন লাগে৷ দেখা যাওকচোন৷

অন্যযুগ : আপোনাৰ পৰিবাৰ নীলাক্ষি চাংকাকতি এগৰাকী ভাল গায়িকা৷ আপোনাৰ সৃষ্টিশীলতাত তেখেতৰ কণ্ঠ আৰু সঙ্গীতৰ প্ৰভাৱ কেনে ধৰণৰ?

ডাঃ শইকীয়া : নীলাক্ষিৰ কণ্ঠটো অতি সুমিষ্ট৷ এসময়ৰ কলেজ, বিশ্ববিদ্যালয়ৰ তেওঁ শ্ৰেষ্ঠা গায়িকা৷ নব্বৈৰ দশকতে তেওঁ ভিতালি দাস, জুবিন গাৰ্গ আদিৰ লগত আৰু নিজাকৈও গানৰ কেছেট উলিয়াইছিল৷ বিয়াৰ পাছত ল’ৰা-ছোৱালীৰ স্বাৰ্থত চৰ্চা কমিছিল যদিও কেইবছৰমানৰ পৰা তেওঁ পুনৰ সংগীত আৰম্ভ কৰিছে৷ মাজতে মই মিউজিক ভিডিঅ’ এটাৰ প্ৰযোজকো হ’লোঁ৷ তেওঁ সাহিত্যৰ পৰা বহু যোজন দূৰত বাস কৰে৷ কেতিয়াবা গৰীয়সীত মোৰ অলপ দুৰ্বোধ্য ধৰণৰ গল্প এটা হাতত লৈ তেওঁক অসহায়ভাৱে বহি থকা দেখোঁ৷ বৰ কৰুণ দৃশ্য৷  সংগীতৰ ব্যাকৰণ কিছুমান মই সুবিধা পালেই তেওঁৰ পৰা শিকোঁ৷ মোৰ নিজৰ স্বাৰ্থত৷ গীতিকাৰৰ গীতৰ বৈয়াকৰণিক ভুলবোৰ খোঁচৰোঁ বাবে মই কেতিয়াবা অলপ অপ্ৰিয় হওঁ৷ বজাৰ-সমাৰ কৰি কৰি আনন্দ নাপাওঁ বাবে সেইবোৰ তেওঁৰ ভাগৰ কাম৷ এয়াই সময়ত ডাঙৰ সহায় যেন লাগে৷

আপোনাক সুধিবলৈ বহু কথাই আছে৷ কিন্তু আপোনাৰ নিচিনা মানুহক কথা সুধিবলৈ যিখিনি বৌদ্ধিক প্ৰস্তুতি লাগে, তেনে প্ৰস্তুতি আমাৰ নাই৷ তথাপি আপুনি আমাৰ প্ৰশ্নকেইটাৰ উত্তৰ দি ঋণী কৰিলে৷ আপোনাক কৃতজ্ঞতা জনাইছোঁ৷ আপোনাৰ সৃজনীশীলতা অব্যাহত থাকক৷

অন্যযুগৰ প্ৰকাশিত সংখ্যাসমূহ