আহমদ
ছফা
বাংলা মূলৰ পৰা অসমীয়ালৈ অনুবাদ: বাসুদেব দাস
গভীৰ পৰিচয় উদ্ঘাটনৰ ক্ষমতা আমাৰ নাই। আমি আটায়ে লালন ফকিৰৰ সম্পৰ্কে যিখিনি জানো, তাকেই আকৌ নতুনকৈ উল্লেখ কৰিব খুজিছোঁ। লালনৰ সম্পর্কত এটা কিংবদন্তী চলি আহিছে। লালনৰ জন্ম হৈছিল এটা ব্রাহ্মণ পৰিয়ালত। সেই পৰিয়ালটো তীর্থ কৰিবলৈ যোৱাৰ বাটত তেওঁলোকৰ সৰু ল’ৰাটো বসন্ত ৰোগত আক্রান্ত হয়। তেনে অৱস্থাত শিশুটোক এখন নদীৰ পাৰত এৰি পৰিয়ালটো পলাই গৈ আত্মৰক্ষা কৰে অথবা ভয়াৱহ সংক্ৰমণত পৰিয়ালৰ আটাইকেইজনৰে মৃত্যু হয়। সেই অৰক্ষিত ল’ৰাটোক এগৰাকী মুছলিম জোলা তিৰোতাই নিজৰ সন্তানৰ দৰে ডাঙৰ-দীঘল কৰে। লালন নামটোও তেৱেঁই দিয়া। লালন ডাঙৰ হৈ দোলাভাৰীৰ কাম কৰিবলৈ আৰম্ভ কৰে। লালনে যাক তেওঁৰ শিক্ষাগুৰু আৰু দীক্ষাগুৰু বুলি সন্মান আৰু শ্রদ্ধা প্রদর্শন কৰিছে সেই ছিৰাজ শাঁইও আছিল এজন দোলাভাৰীয়েই।
ইয়াতে
এটা সৰু প্রশ্ন আছে। প্রশ্নটো উত্থাপন কৰিছে ক্ষিতিমোহন সেনে। ভাৰতৰ নির্যাতিত
সম্প্রদায়সমূহৰ পৰা যিসকল বিখ্যাত মানুহৰ উত্তৰণ ঘটিছে, তেওঁলোকৰে কেইবাজনৰো বিষয়ে
তেখেতে তত্ত্বগধুৰ গ্রন্থ ৰচনা কৰিছে। সন্ত কবীৰৰ সম্পর্কত তেখেতে অনেক শ্রম কৰি
এখন মূল্যৱান কিতাপ লিখি উলিয়াইছে। কবীৰৰ কেইবাটাও দোহাৰ তেখেতে সুন্দৰ আৰু
বিশ্বাসযোগ্য বাংলা অনুবাদ কৰিছে। ৰবীন্দ্রনাথ ঠাকুৰে ক্ষিতিমোহন সেনৰ সংগ্রহৰ পৰা কবীৰৰ ১০০ টা দোহাৰ ইংৰাজী অনুবাদ কৰি প্রকাশ কৰিছিল। চমাৰ
সম্প্রদায়ৰ দাদুৰ বিষয়েও ক্ষিতিমোহন সেনে এখন বৃহৎ গ্রন্থ ৰচনা কৰিছে। (মোৰ
স্মৃতিয়ে যদি মোক প্রতাৰণা কৰা নাই) ৰবীন্দ্রনাথ ঠাকুৰে সেই গ্রন্থৰ এখন তাৎপর্যপূর্ণ
ভূমিকা লিখিছিল। এই ‘দাদু’ গ্রন্থত ক্ষিতিমোহন বাবুৱে এটা মজাৰ বস্তু বিচাৰি
উলিয়াইছে। ক্ষিতি বাবুৱে দেখুৱাইছে
যে দাদুৰ আচল নাম আছিল ‘দাউদ’। দাউদ নামটো মুছলমান মুছলমান শুনায় বাবে ব্রাহ্মণ
পণ্ডিতসকলে তেঁওৰ নাম সলনি কৰি কৰিছিল ‘দাদু’। লালন আৰু কবীৰৰ জন্মবৃত্তান্ত
সম্পর্কত যি কাহিনী চলি আহিছে দাদুৰ ক্ষেত্রতো তেনেকুৱা এটা কাহিনী ব্রাহ্মণসকলে
প্ৰস্তুত কৰিছিল যে দাদু ব্রাহ্মণ সন্তান। তেওঁ চর্মকাৰ মাক-দেউতাকৰ ঘৰত
প্রতিপালিত হৈছিল।
ক্ষিতিমোহন
বাবুৱে তেখেতৰ ‘দাদু’ গ্রন্থত এটা বিষয় খুব জোৰ দি উচ্চাৰণ কৰিছে। নিম্নবর্গৰ
মানুহবোৰৰ মাজৰ পৰা কোনো ব্যক্তিয়ে যেতিয়া জ্ঞান আৰু মনীষাৰ জৰিয়তে চাৰিওফাল
আলোকিত কৰি তোলে, উচ্চবর্গৰ মানুহবোৰে তেতিয়া অতি চতুৰালিৰে নিম্নবর্গৰ পৰা উত্থান
ঘটা মহাপুৰুষসকলক নিজৰ সম্প্রদায়ৰ ভিতৰত আঁকোৱালি ল’বলৈ চেষ্টা কৰে। ভাৰতৰ
নিম্নবর্গৰ মানুহবোৰৰ মাজত এনে বহু শ্রেষ্ঠ মানুহৰ উদ্ভৱ ঘটিছে যিসকলক বুদ্ধিৰ
দীপ্তি, প্রতিভাৰ আলোকসামান্যতা আৰু জ্ঞানৰ গভীৰতাত বেদ-উপনিষদৰ ঋষিসকলতকৈ সৰুকৈ
চোৱাৰ কোনো উপায় নাই। কিন্তু পৰিতাপৰ কথা এয়ে যে, যিবোৰ নির্যাতিত সম্প্রদায়
তেওঁলোকৰ বাবেই সম্ভাৱনাপূৰ্ণ হৌ উঠিছে, তেওঁলোকে এই মহামানৱসকলক নিজৰ মানুহ বুলি
বহু দিনলৈ দাবী কৰিব পৰা নাছিল। উচ্চবর্গৰ মানুহবোৰে তেওঁলোকৰ নাম-পৰিচয়
জন্মপত্ৰিকা আদি সকলো সলনি কৰি পেলাইছে। লালনক হিন্দুসকলে যেনেকৈ দাবী কৰে হিন্দু
বুলি, মুছলমানসকলেও ভাবে যে তেওঁ আছিল তেওঁলোকৰে স্বজাতিভুক্ত। এতিয়ালৈ এই বিতর্কৰ
কোনো সমাধান হোৱা নাই– লালন ফকিৰ ‘হিন্দু’ নে ‘যৱন’?
লালন
ফকিৰ তুলনামূকভাৱে আধুনিক যুগৰ মানুহ। তেওঁ ক’ত জন্মিছিল জানিব পৰা নগ’লেও
কুষ্টিয়া আছিল তেওঁৰ সাধনক্ষেত্র। অবিভক্ত বাংলাদেশৰ নদীয়া জিলাৰ এটা মহকুমা
হিচাপে কুষ্টিয়া পৰিচিত আছিল। নদীয়া আছিল এসময়ৰ বাংলাদেশৰ সাংস্কৃতিক ৰাজধানী।
মহাপ্রভু শ্রীচৈতন্যদেৱ জন্মিছিল এই নদীয়াতে। চৈতন্যদেৱে কলমেৰে এটাও বাক্য
নিলিখাকৈয়ে গোটেই বাংলাদেশতে এটা সাংস্কৃতিক বিপ্লৱৰ সূচনা কৰিছিল। গোটেই নদীয়া
(কুষ্টিয়ালৈ) অঞ্চলটো অত্যন্ত বৈশিষ্ট্যপূর্ণ ঠাই। ইয়াত তৰঙ্গৰ নিচিনাকৈ ধর্মচিন্তা
আৰু সংস্কৃতি চিন্তাৰ জোৱাৰ উঠিছিল আৰু ওচৰ-পাঁজৰৰ অঞ্চলবোৰত লাহে লাহে বিয়পি পৰিছিল।
কুষ্টিয়াৰ কুমাৰখালিত বাস কৰিছিল ‘বিষাদ-সিন্ধু’-ৰ লেখক মীৰ মোছাৰফ হোছেইন। ‘গ্রামবার্তা’-ৰ
প্রকাশক আৰু সম্পাদক কাঙাল হৰিনাথ কুষ্টিয়াত বসবাস কৰিছিল। তেখেত মীৰ মোছাৰফ আৰু
লালন দুয়োজনৰে বন্ধু আছিল। কাঙাল হৰিনাথৰ পৰা প্রেৰণা সঞ্চয় কৰি মীৰ মোছাৰফেও
কিছু গান লিখিছিল। আৰু কাঙাল হৰিনাথ আছিল অত্যন্ত নমস্য ব্যক্তি। তেখেতে তেখেতৰ ‘গ্রামবার্তা’
পত্রিকাত স্থানীয় জমিদাৰে কৃষক প্রজাৰ ওপৰত চলোৱা নির্মম অত্যাচাৰৰ বিষয়ে তেওঁৰ
কাকতত প্ৰকাশ কৰিছিল আৰু দৰিদ্র প্রজাসকলক সোই জুলুমৰ
বিৰুদ্ধে প্রতিবাদ কৰিবলৈ অনুপ্রাণিত কৰিছিল। কুষ্টিয়াৰ শিলাইদহ অঞ্চলত
জোড়াসাঁকোৰ ঠাকুৰ পৰিয়ালৰ জমিদাৰী আছিল। ৰবীন্দ্রনাথৰ দেউতাক দেবেন্দ্রনাথৰ সময়ত
বিদ্রোহী প্রজাসকলক উপযুক্ত শাস্তি দিয়াৰ
বাবে নানা ধৰণৰ পদ্ধতি আৰম্ভ কৰা হৈছিল। এবাৰ ঠাকুৰবাড়িৰ কাছাৰীৰ পৰা পাইক পঠোৱা
হৈছিল ‘গ্রামবার্তা’ পত্রিকাৰ সম্পাদক কাঙাল হৰিনাথক ধৰি আনাৰ বাবে। সেই সংবাদ
লালনে কিবাকৈ শুনিবলৈ পালে। লালনে যেতিয়া জানিব পাৰিলে যে তেওঁৰ বন্ধুক ধৰি নিয়াৰ
বাবে ঠাকুৰসকলৰ কাছাৰীৰ পৰা পাইক পঠোৱা হৈছে, তেতিয়া তেওঁ তেঁওৰ শিষ্যসকলক অনুৰোধ
কৰিলে এই পাইক-পিয়াদাবোৰক যেন মাৰি-পিটি ওভতাই পঠোৱা হয়। লালনক লৈ এনে বহু
কাহিনীৰ প্রচলন আছে। ৰবীন্দ্রনাথ ঠাকুৰে যেতিয়া শিলাইদহৰ কুঠিবাড়িলৈ অহা-যোৱা
কৰিছিল, তেতিয়াও লালন জীয়াই আছিল। রবীন্দ্রনাথৰ লগত লালনৰ দেখা হৈছিল নে নাই সেই
সম্পর্কত নিশ্চিতভাৱে কোনেও একো ক’ব পৰা নাই। অবশ্যে এই কথা ঠিক যে, ৰবীন্দ্রনাথে নিজে উদ্যোগ লৈ লালনৰ কিছু গান সংগ্রহ কৰিছিল।
আৰু সেইখিনি ‘প্রবাসী’ পত্রিকাত প্রকাশ কৰিছিল। ৰবীন্দ্রনাথেই প্রথমে লালনক বাংলাৰ
শিক্ষিত মানুহৰ সন্মুখত তুলি ধৰিছিল। লালনৰ যি প্রতিকৃতি এতিয়া সকলো ঠাইত ছপা হয় সেয়া আঁকিছিল ৰবীন্দ্রনাথৰ ভাই জ্যোতিৰিন্দ্রনাথে। তেওঁ মনৰ
পৰা ছবিখন আঁকিছিল নে লালনৰ হুবহু প্রতিকৃতি তৈয়াৰ কৰিছিল, সেয়া জনাৰো কোনো উপায়
নাই।
লালনৰ
সময় লৈ আৰু কিছু কথা কোৱাৰ প্রয়োজন। যশোৰ অঞ্চলত জমিৰুদ্দিন নামেৰে এজন মুছলিম
লোকে খ্রীষ্টান ধর্ম গ্রহণ কৰি পাদ্রী হিচাপে পদোন্নতি লাভ কৰিছিল। তেওঁ মানুহবোৰক
খ্রীষ্টান ধর্মত দীক্ষিত কৰিবৰ বাবে নানা ধৰণৰ উদ্যোগ-আয়োজন কৰি আছিল। সেয়ে সমাজত
তাৰ ভয়ানক প্রতিক্রিয়া হয়। মুন্সী মেহেৰুল্লাহে পাদ্রী জমিৰুদ্দিনৰ খ্রীষ্টধর্ম
প্রচাৰত বাধা দিয়াৰ বাবে সকলো ধৰণে চেষ্টা চলাইছিল আৰু তাৰ ফলতে এটা সময়ত মিছনাৰিসকলে
ধর্ম প্রচাৰ বন্ধ কৰিবলগীয়া হয়। মুন্সী মেহেৰুল্লাহৰ অনুগামীসকল পাদ্রী জমিৰুদ্দীনৰ বিৰুদ্ধে যেনে খড়্গহস্ত হৈ পথাৰত নামিছিল, একে
ধৰণেই বাউলসকলৰ বিৰুদ্ধেও অভিযান চলাবলৈ তৎপৰ হৈ উঠিছিল। অৱশ্যে এই প্রয়াসৰ লগত
মুন্সী মেহেৰুল্লাহ নাইবা তেওঁৰ প্রত্যক্ষ সঙ্গীসকল কিমান দূৰ জড়িত আছিল সঠিকভাৱে
সেয়া জনাৰ কোনো উপায় নাই। পিছে এটা কথা ঠিক যে, ছুন্নী মুছলমান সম্প্রদায়ভুক্ত
আলেমসকলৰ এটা অংশ একত্রিত হৈ বাউল-দমন ফতোৱা জাৰি কৰিছিল। তাৰ ফলত বহু হিংসাত্মক
ঘটনাও ঘটছিল। গোড়া আলেমসকলে বাউলসকলক ‘লা-শৰা-সম্প্রদায়’ হিচাপে চিহ্নিত কৰিবলৈও
চেষ্টাৰ কোনো ত্রুটি কৰা নাছিল। বাউলসকলে তেওঁলোকৰ মতবাদ আৰু তত্ত্বৰ সঠিকতা
প্রমাণ কৰাৰ বাবে সভা-সমিতিৰো আয়োজন কৰিছিল। মাজে মাজে বাহাসৰ অনুষ্ঠানো কৰা
হৈছিল। সম্ভৱতঃ ধর্মতত্ত্ব সম্পর্কত লালনে যি গভীৰ জ্ঞান অর্জন কৰিছিল, তাৰ আচল
কাৰণ আছিল ছুন্নী আলেমসকলৰ মাৰমুখী মনোভাবৰ বিৰুদ্ধে আত্মপক্ষৰ সমর্থনত যুক্তি
নির্মাণ কৰাৰ তাগিদা।
(২)
আজি
কিছু দিনৰ পৰা এটা প্রৱণতা লক্ষ্যণীয় হৈ উঠিছে। বহুতেই এটা কথা প্রমাণ কৰিব বিচাৰে,
বাউলতত্ত্ব একমাত্র বাংলাদেশৰ একান্ত আপোন গহন, আধ্যাত্মিক সম্পদ। এই মনোভাবৰ মাজত
অলপ অতিশোয়োক্তিৰ প্রকাশ লক্ষ্য কৰা যায়। বাউলসকল যি ধৰণৰ তত্ত্ব আৰু মতবাদত
বিশ্বাসী, সমগ্র ভাৰতত তেনে ধৰণৰ মতবাদ আৰু তত্ত্বৰ অনুসাৰী আৰু নানা সম্প্রদায় আৰু
গোষ্ঠী আছে। আমাৰ ধাৰণা, বাউলতত্ত্বৰ লগত বৌদ্ধ-দর্শনৰো এটা প্রত্যক্ষ সম্পর্ক
বর্তমান। এই দেশত বৌদ্ধ ধর্ম যেতিয়া সম্পূর্ণ ৰূপত পৰাজিত হ'ল, সেই আপদকালীন সময়ত
বৌদ্ধ সম্প্রদায়ৰ এটা বিৰাট অংশই নিজৰ পৰিচয় গোপন কৰিবৰ বাবে নানা ধৰণৰ ছদ্মবেশৰ
আশ্রয় লৈ আছিল। বাংলাদেশ অঞ্চলত নাথপন্থী সাধকসকলে যি সাধনপদ্ধতি আৰম্ভ কৰিছিল
আৰু তেওঁলোকে যি সাহিত্য সৃষ্টি কৰি গৈছে, তাৰ মাজত বৌদ্ধ শূন্যবাদৰ প্রভাৱ অতি
সহজেই লক্ষ্য কৰা যায়। বাউলসকলৰ চিন্তা-চেতনাৰ লগত নাথপন্থী সাধকসকলৰ চিন্তা-ভাবনাৰ
আশ্চর্যকৰ এক সাযুজ্য বর্তমান। বাংলাৰ নাথপন্থীসকলৰ নিচিনাকৈ ভাৰতৰ আৰু নানা
অঞ্চলত নিম্নবর্গৰ নানা পেছা আৰু বৃত্তিৰ মানুহৰ মাজত ছদ্মবেশী বৌদ্ধ মতবাদৰ
সাক্ষাৎ পোৱা যায়। বেনাৰসৰ সন্ত কবীৰ আছিল পেছাত লালনৰ নিছিনা এজন (তাঁতি, তেঁও
হিন্দু-মুছলমান এই দুই প্রবল সম্প্রদায়ৰ বিৰোধিতাপূর্ণ মনোভাবৰ কোনো এটা পক্ষক
সমর্থন নকৰি সম্পূর্ণ এটা নতুন পথ তৈয়াৰী কৰাৰ কামত আত্মনিয়োগ কৰিছিল। কবীৰে
যিবোৰ দোহা ৰচনা কৰি গৈছে, আমি আচৰিত হৈ লক্ষ্য কৰোঁ, লালনৰ বহুতো গানত আক্ষৰিক
অর্থত সেই দোহাবোৰ ফুটি উঠিছে। এনে গানৰ সংখ্যা এটা-দুটা নহয়, এশৰো অধিক। এই
বিপুল সংখ্যক গানৰ কোনো ধৰণৰ শব্দ নাইবা অর্থবিকৃতি ব্যতিৰেকে লালনৰ ৰচনালৈ উঠি
অহাৰ বাবে এটা কাৰণেই বর্তমান। সেয়া হ’ল এই যে, বাউল-সাধনাৰ ধাৰাটো সমগ্র ভাৰতত
প্রৱহমান আছিল। লালন-শিষ্য দুদু শাহৰ এটা গানত এনে ধৰণৰ উল্লেখ আছে—
আমি
লালনের সিড়ি
ভাইবন্ধু
নাই আমার জড়ি।
আৰু
এটা বিষয়ৰ প্রতি আমি দৃষ্টি আকর্ষণ কৰিব বিচাৰোঁ। তন্ত্ৰজীৱী সমাজৰ লগত বাউলসকলৰ
এটা অঙ্গাঙ্গী সম্পর্ক আছে। তন্ত্ৰজীৱী সম্প্রদায়ৰ পেছা হ’ল কাপোৰ বোৱা। হিন্দু
সম্প্রদায়ৰ মাজত যিসকলে বস্ত্র বয়ন কৰে, তোওঁলোকক তাঁতি বোলা হয়। নামৰ শেষত নাথ
নাইবা দেবনাথ উপাধি তোওঁলোকে ব্যবহাৰ কৰে। এই তাঁতিসকল আদিৰ ফালে হিন্দু
সম্প্রদায়ৰ অংশ হিচাপে বিৱেচিত হোৱা নাছিল। তোওঁলোকৰ আহাৰ-বিহাৰ, পূজা-অর্চনা আৰু
সামাজিক আচাৰ-বিচাৰৰ ধৰণো হিন্দু সমাজৰ পৰা অলপ বেলেগ ধৰণৰ। আজিৰ পৰা অলপ দিনৰ
আগলৈকেও নাথ নাইবা যুগীসকলৰ অন্ত্যেষ্টিক্রিয়াও হিন্দুতকৈ কিছু ভিন্ন ধৰণে
সম্পন্ন হৈছিল।
সাধাৰণত
হিন্দুসকলে দাহ কৰাৰ মাজেৰে মৃতদেহক সৎকাৰ কৰে। নাথ নাইবা যুগীসকলে মৃতদেহ
সমাধিস্থ কৰিছিল। অৱশ্যে এই সমাধিস্থ কৰাৰ প্রক্রিয়াটো মুছলমানসকলৰ কবৰ দিয়াৰ
নিচিনা নাছিল। অৱশ্যে অতি
সাম্প্রতিক কালত নাথ সম্প্রদায় আৰু হিন্দু সম্প্রদায়ৰ মধ্যৱর্তী ভেদৰেখাবোৰ
বহুলাংশ মচ খোৱাৰ উপক্রম হৈছে। সি যি নহওক, এই ভূখণ্ডত ইছলামৰ আগমনৰ পাছত
ব্যাপকভাৱে যুগীসকলৰ ইছলাম ধর্ম গ্রহণ কৰাৰ প্রক্রিয়া আৰম্ভ হয়। ধর্মান্তৰিত নাথ
সম্প্রদায়ৰ মানুহবোৰ জোলা হিচাপে পৰিচিতি লাভ কৰে। ধর্মৰ পৰিৱর্তনৰ বাবে তোওঁলোকৰ
পেছা পৰিৱর্তনৰ কোনো বাধ্যবাধকতা সৃষ্টি হোৱা নাছিল।
এয়া
অকল বাংলাদেশৰ কথা নহয়। বাংলাদেশৰ বাহিৰত ভাৰতৰ অন্যান্য অঞ্চলতো এই ধৰণৰ ঘটনা
ঘটিছে। লালন বোধকৰোঁ সকলোতকৈ অনুপ্রাণিত হৈছিল সন্ত কবীৰৰ দৃষ্টান্তৰ প্ৰতি। এই
ৰচনাৰ এঠাইত কোৱা হৈছে যে লালনৰ বহুতো গানতে কবীৰৰ দোহাবোৰত দৰে অবিকল প্রতিধ্বনি হিচাপে অনুভূতি আৰু ধ্যান-ধাৰণা প্রকাশিত হৈছে।
কবীৰ জন্মিছিল কাশীৰ ওচৰত কোনোবা এখন গাঁৱত আৰু পেছাত আছিল এজন তাঁতি।
আজিলৈ
এনে কোনো সমাজতাত্ত্বিক পর্যালোচনা মোৰ চকুত পৰা নাই, য’ত পেছাগত ভূমিকা উল্লেখ
কৰি বাউলসকলৰ সাধনাৰ প্রকৃত স্বৰূপ উদ্ঘাটন কৰিবলৈ যত্ন কৰা হৈছে। গৱেষকসকলে যদি
এইফালে দৃষ্টি দিয়ে মোৰ বিশ্বাস, বাউল-সাধনাৰ গতি-প্রকৃতি সম্পর্কত বহুত নতুন কথা
কোৱা সম্ভৱ হ’ব। বাউলৰ লগত পেছাগতভাৱে তাঁতি সম্প্রদায়ৰ এটা নিকট সম্পর্ক আছে আৰু
বৌদ্ধ মতবাদৰ লগতো এটা দূৰণিবটীয়া অবিচ্ছেদ্য সম্পর্ক আজিলৈকে বাউল-সাধকসকলে ৰক্ষা
কৰি আছে। বাউলসকলৰ চিন্তা-চেতনা কম্পাছৰ কাঁইটৰ নিচিনাকৈ সকলো সময়তে শূন্যবাদৰ
ফালে ঢাল খাই থাকে। দার্শনিক ভাবত বাউলতত্ত্বৰ মাজত গতিশীল সত্যৰ উপস্থিতি লক্ষ্য কৰা
গ’লেও সামাজিকভাৱে বাউলতত্ত্ব হ’ল পৰাজিত মানুহৰ দর্শন। এক বিৰাট সংখ্যক মানৱগোষ্ঠী
ৰাজনৈতিক, অর্থনৈতিক, সামাজিক আৰু সাংস্কৃতিকভাৱে পৰাজিত হৈছে, তথাপি পৰম অনুৰাগত
তেনে বিশ্বাসক নির্ভৰ কৰি থকাৰ অনমনীয় সংকল্প তেওঁলোকে সকলো সময়তে প্রদর্শন
কৰিছে। সামাজিক একক হিচাপে জীয়াই থকাৰ বাবে প্রভাৱশালী সমাজ-প্রপঞ্চসমূহৰ লগত
কেতিয়াবা আপোচ কৰিছে, কেতিয়াবা সেইবোৰৰ পৰা অলপ-অচৰপ উপাদান গ্রহণ কৰিছে। কিন্তু
নিজৰ বিশ্বাস আৰু আস্থাৰ স্থিৰবিন্দুটোৰ পৰা তেওঁলোক কেতিয়াও আঁতৰি যোৱা নাই।
লালনৰ
আগতে বাউল আছিল, পাছতো বাউল আছে। কিয়নো বাউল-সাধনা এই অঞ্চলৰ পৰিব্যাপ্ত এটা
আধ্যাত্মিক সম্পদ। বাউলসকলে তেওঁলোকৰ গানত যিবোৰ কথা কয় সেইবোৰৰ দুটা অর্থ হয়।
সাধাৰণ মানুহে বাউলসকলৰ গানৰ পৰা এক ধৰণৰ অর্থ আৱিষ্কাৰ কৰে, কিন্তু বাউলসকলে
নিজে নিজৰ মতে এই গানবোৰৰ ব্যাখ্যা কৰে। বাউলসকলৰ নিজা এটা পৰিভাষা আছে, যাৰ অর্থ
আগৰ পৰা জনা নাথাকিলে আন কাৰো বাবে উদঘাটন কৰা সম্ভৱ নহয়। যেনে লালনৰ গানত বেঁকা
নদী, সুখ-সৰোবৰ, অমাৱস্যা-পূর্ণিমা, জোন ইত্যাদি যিবোৰ শব্দ ব্যবহৃত হৈছে সেইবোৰৰ
লগত নৰ-নাৰীৰ, বিশেষকৈ নাৰীৰ শৰীৰতত্ত্বৰ প্রত্যক্ষ সম্পর্ক আছে। এইবোৰ বিষয় লৈ
লালনৰ আগতেও বাউলসকলে বহুতো গান লিখিছে। লালনৰ পৰৱর্তী বাউলসকলেও লিখিছে। আজিলৈ এই
প্রক্রিয়া সমানে সক্রিয় হৈ আছে। এই ৰচনাত লালন ফকিৰ আৰু তেওঁৰ মতবাদ সম্পর্কত
সকলো কথা সুচাৰুভাৱে কোৱা সম্ভৱ হোৱা নাই। বহুতো বক্তব্য অপৰিস্ফুট আৰু অৱগুন্ঠিত
হৈয়ে থাকি গৈছে। ধর্মতাত্ত্বিক, সমাজতাত্ত্বিক, নৃতাত্ত্বিক আৰু দার্শনিক
অনুসন্ধানসমূহ যথাযথভাৱে কৰিলে লালন সম্পর্কত কিছুমান সঠিক মন্তব্য কৰা হ’লহেতেন
কিন্তু বুকু-পিঠি দুই ফালেই প্রচণ্ড চাপ লৈ এনে ধৰণৰ এখন ৰচনা লিখাৰ চেষ্টাই বহু বস্তুকে একাকাৰ কৰি পেলায়, বহু সময়ত
কলমৰ মুখেদি সঠিক বক্তব্য প্রকাশ হ’ব নিবিচাৰে । এনেবোৰ সীমাবদ্ধতা স্বীকাৰ কৰি লৈ
লালন সম্পর্কত কিছু কথা ক’বলৈ চেষ্টা কৰিছো। লালন ফকিৰ বাউল আছিল, এই সম্পর্ক্ত
মোৰ ক’বলগীয়া একো নাই। কিন্তু লালন এজন বাউলতকৈ আৰু অধিক কিবা আছিল আৰু লালন কি
কাৰণত আন বাউলতকৈ বেলেগ – সেই বিষয়ত কিছু কথা কোৱা প্রয়োজন। প্রথম কথা হ’ল লালন আছিল এজন জাগ্রত প্রতিভা। জগৎ আৰু জীৱনৰ প্রতি দৃষ্টিপাত কৰাৰ এটা
সাহসী দৃষ্টিভঙ্গী তেওঁ আয়ত্ত কৰিছিল। যেতিয়া মানৱিক সমস্যা-সংকটসমূহ তেওঁৰ
চিন্তা-কল্পনাৰ উপজীব্য হৈছে তেতিয়াই সেইবোৰ আশ্চর্যকৰ ব্যঞ্জনাৰে ব্যঞ্জিত হৈ
উঠিবলৈ সক্ষম হৈছে। লালন আছিল এজন শক্তিমান কবিসত্তাৰ অধিকাৰী আৰু অত্যন্ত জ্ঞানী
লোক। তেওঁৰ কাব্যবোধ আছিল অত্যন্ত সূক্ষ্ম। উপমা-অলঙ্কাৰ তেওঁ অত্যন্ত সুন্দৰকৈ
প্রয়োগ কৰিব পাৰিছিল। সহজভাৱে সহজ কথা কোৱাৰ অসাধাৰণ ক্ষমতাই তেওঁক অনন্যসাধাৰণ
কৰি তুলিছিল। তেওঁৰ কাণ্ডজ্ঞান আছিল অত্যন্ত প্রখৰ। তুলনামূলক ধর্মতত্ত্বত তেওঁৰ
দখল আছিল। আধুনিক যিবোৰ জীৱন-জিজ্ঞাসাই ঊনবিংশ শতাব্দীৰ সময়ৰ পৰা বংগত প্রসাৰ লাভ
কৰিছিল, কুষ্টিয়াৰ এই দোলাভাৰী ভদ্রলোকজনে সেইবোৰৰ সম্পর্কত অপৰিচিত আছিল বুলি
মনত নধৰে। জ্ঞান আৰু কবিসত্তাৰ সন্মিলনে লালনক এনে এক উচ্চতৰ স্তৰলৈ লৈ গেছে, হিচাপ
কৰিলে দেখা যাব বাংলাৰ সর্বযুগৰ সর্বকালৰ শ্রেষ্ঠ সাধকসকলৰ মাজত লালনৰ এখন আসন
প্রাপ্য হৈ উঠে। এনেদৰে চালে পৰমপুৰুষ ৰামকৃষ্ণ পৰমহংসদেৱৰ লগত লালনৰ এক তুলনা হয়।
দুয়োজন একে সময়ৰে মানুহ। লালন আৰু ৰামকৃষ্ণৰ যেতিয়া আগমন ঘটিছিল, সেই সময়ত
বাংলাদেশ নতুন যুগত প্রৱেশ কৰিবলৈ আৰম্ভ কৰিছিল। বিদ্যাসাগৰ, মাইকেল, বঙ্কিম আৰু
তাৰ পাছত ৰবীন্দ্রনাথ আহি পাইছিল। নতুন যুগৰ মর্মবাণীয়ে একেবাৰে অজলা গাঁৱৰ
ব্ৰাহ্মণ ৰামকৃষ্ণক স্পর্শ কৰিছিল, এই কথা লালনৰ ক্ষেত্রতো প্রযোজ্য। ৰামকৃষ্ণৰ
লগত লালনৰ পার্থক্যৰ বিষয়টোও লক্ষ্য কৰিবলগীয়া। ৰামকৃষ্ণ আছিল উচ্চশ্রেণীৰ মানুহ,
ব্রাহ্মণ। তেওঁৰ সাধনাৰ স্থলী আছিল কলকাতাৰ উপকণ্ঠত। বিবেকানন্দৰ নিচিনা প্রতিভাৱান
উত্তপ্ত মধ্যবিত্ত শ্রেণীৰ তৰুণসকল দর্শন-জিজ্ঞাসাত তাড়িত হৈ ৰামকৃষ্ণৰ চাৰিওফালে
আহি ভিৰ কৰিছিল। লালন আছিল কুষ্টিয়াৰ গণগ্রামৰ মানুহ। গাঁৱৰ সীমা অতিক্রম কৰা
লালনৰ বাবে সম্ভৱ হোৱা নাছিল। অকল লালন নহয়, লালনৰ দীক্ষাগুৰু ছিৰাজ শাঁইজীয়েও
বহু দিন দোলাভাৰীৰ শ্রমসাধ্য জীৱন
কটাবলগীয়া হৈছিল। তেনে পৰিৱেশত বাস কৰিও প্রগাঢ় মনীষাৰ অধিকাৰী হৈ যশোৰৰ নিজস্ব
ভাষাৰীতিটো অনুসৰণ কৰি হৃদয়ত যি অগ্নিকাণ্ড ঘটাইছে সেয়া নিশ্চিতভাৱে বিস্মিত হ’বলগীয়া।
এয়াও সঁচা যে বৈষ্ণৱ-সাধকসকলৰ মাজত এক অনন্যসমৃদ্ধ চিন্তা-ভাবনা ক্রিয়াশীল আছিল।
চণ্ডীদাসে লিখিছিল ‘‘শুনহ মানুষ ভাই, সবার উপৰে মানুহ সত্য তাৰ উপৰত নাই’’। এতিয়া
লালনৰ এটা গানৰ দুটা পংক্তি উদ্ধৃত কৰোঁ—
‘‘মিয়া ভাই কী কথা শুনালে ভাৰী।
হ’ব
না-কি কেয়ামতে আযাব ভারী
নৰ-নাৰী
ভেস্ত মাজাৰ।
পাব
কি সমান অধিকাৰ
নৰে
পাব হৰেৰ বহৰ
বদলা
কি তাৰ পাবে নাৰী?’’
এই
পংক্তিবোৰ স্বতঃস্ফূর্ত আৱেগত লালনে যেতিয়া লিখিছিল সেই সময়ত এই সমগ্ৰ বাংলা
মুলুকত কোনেও নাৰীৰ কথা উচ্চাৰণ কৰা নাছিল। কোনো স্বেচ্ছাসেৱী সংস্থাৰ ধন লৈ লালনে
এই পংক্তিবোৰ লিখা নাই। চণ্ডীদাস আৰু লালন উভয়েই মানৱতাবাদী। কিন্তু চণ্ডীদাসৰ
তুলনাত লালনৰ মানৱতাবাদ বহু বেছি বিশিষ্ট আৰু মূৰ্ত। চণ্ডীদাস নামটো আহিছে এটা
আইডিয়া হিচাপে। মানুহৰ মাজত যে লিঙ্গভেদ আছে এই কথাটো চিন্তা কৰাৰ অৱকাশ
চণ্ডীদাসৰ হোৱা নাই। কিন্তু এটা কথা সত্য, চণ্ডীদাস বহু আগৰ যুগৰ মানুহ। লালন
ফকিৰে নাৰী-অধিকাৰ সম্পর্কত ধর্মগ্রন্থক প্ৰত্যাহ্বান জনাই কথা কোৱাৰ যি সাহস
দেখুৱাইছিল সেয়া ভাবি চাবলৈ সকলোকে অনুৰোধ জনাব বিচাৰোঁ। এই ৰচনাখন প্রায় শেষ কৰি আনিছোঁ। আমাৰ দেশত
শিক্ষিত মানুহে লালন ফকিৰক যি দৃষ্টিৰে চায়, তাৰ মাজত শ্রদ্ধাবোধ নাইবা অনুৰাগৰ
অভাৱ আছে যেন মোৰ নালাগে। কিন্তু তেওঁক এজন আধুনিক দৃষ্টিভঙ্গীসম্পন্ন মহান
স্রষ্টা হিচাপে চোৱাৰ, বিচাৰ কৰাৰ মনোভাব আজি পৰ্যন্ত গঢ় লৈ উঠা নাই। আমি লালনৰ
সৃষ্টিকর্মক লোকসাহিত্যৰ এটা অংশ হিচেপে বিচাৰ কৰিবলৈ, চাবলৈহে অভ্যস্ত হৈ উঠিছোঁ।
সেই কাৰণেই আমি যেতিয়া লালনক শ্রদ্ধা
নিৱেদন কৰোঁ, সন্মান জনাওঁ, তাতো আমি যে লালনৰ প্ৰতি অবিচাৰ কৰিছোঁ, সেয়া নিজেই
বুজিব নোৱাৰোঁ।
এটা দুখৰ কথা ক’ম। লালনৰ অৱদান বিচাৰ কৰাৰ সময়ত আমাৰ দেশৰ পণ্ডিতসকলৰ এক ধৰণৰ শ্রেণীদৃষ্টিৰ উৎকট প্রাধান্য লক্ষ্য কৰা যায়। লালন এজন মহান সাধক, চিন্তা-ভাবনাত অগ্রসৰ আৰু আলোকিত মানুহ। স্বভাৱতে তেওঁ মানুহৰ শ্রদ্ধা আৰু অনুৰাগ দাবী কৰাৰ যোগ্য। কিন্তু আমাৰ একাডেমিক পৰিমণ্ডলত লালনৰ এই মহত্ত্ব আৰু উচ্চতা জানো যথাযথভাৱে বিচাৰ কৰা হয়? সাহিত্যৰ অন্যান্য শ্রেষ্ঠ লোকৰ সৃষ্টিকর্মৰ ওচৰা-উচৰিকৈ আমি বাৰু লালনৰ সৃষ্টিকর্মৰ তুলনা কৰি চাওঁনে?
(টোকা : লা-শৰা সম্প্ৰদায়— শৰিয়তৰ বাহিৰৰ সম্প্ৰদায়, বাহাসৰ অনুষ্ঠান— সমসাময়িক যিকোনো বিষয়ক লৈ বিতৰ্ক কৰা কবি-গানৰ অনুষ্ঠান।)
লেখক পৰিচিতি:
১৯৪৩ চনৰ ৩০ জুনত
ঔপন্যাসিক, কবি, প্রবন্ধকাৰ, চিন্তাবিদ আৰু গণবুদ্ধিজীৱী আহমদ ছফাই বাংলাদেশৰ
চট্টগ্রামত জন্মগ্রহণ কৰিছিল। জাতীয় অধ্যাপক আবদুৰ ৰাজ্জাক, ছলিমুল্লাহ খান আৰু
বহুতৰ মতে বাংলাদেশৰ মীৰ মোছাৰফ হোছেইন আৰু কাজী নজৰুল ইছলামৰ পাছত আটাতকৈ
গুৰুত্বপূর্ণ লেখক হৈছে আহমদ ছফা। তেখেতৰ লেখাত বাংলাদেশৰ জাতিসত্তাৰ পৰিচয় ফুটি
উঠিছে। ১৮ খন নন-ফিক্শ্যন, ৮ খন উপন্যাস, ৪ খন কাব্যগ্রন্থ, এখন চুটি গল্প সমগ্রৰ
লেখক আহমদ ছফা। ২০০১ চনৰ ২৮ জুলাইত তেখেতৰ মৃত্যু হয়।