অন্যযুগ/


ড° লক্ষ্মীনন্দন বৰা : সশ্ৰদ্ধ স্মৰণ

° অৰবিন্দ ৰাজখোৱা



ৰামধেনু যুগৰ যিকেইগৰাকী সাহিত্যিকে সাহিত্য জগতত একবিংশ শতিকা পৰ্যন্ত নিজৰ স্থিতি সবল কৰি ৰাখিলে তেওঁলোকৰ ভিতৰত ° লক্ষ্মীনন্দন বৰা অন্যতম৷ মৃত্যুৰ সময়লৈকে গল্প আৰু উপন্যাসৰ জগতত সৃষ্টিশীল হৈ থকাই নহয়, তেওঁ ‘গৰীয়সী’-ৰ দৰে ঐতিহ্যপূৰ্ণ সাহিত্য আলোচনীও সম্পাদনা কৰি গ’ল৷ বৰাৰ সক্ৰিয়তা আৰু গতিশীলতাৰ নেপথ্যত তেওঁ যত্নৰে গঢ় দি লোৱা প্ৰাণশক্তিৰ প্ৰভূত ভূমিকা আছিল৷ ২০২০-২১ বৰ্ষৰ ‘গৰীয়সী’-ত তেওঁ অফুৰন্ত প্ৰাণশক্তিৰে বাৰ্ধক্য নেওচি সৃষ্টিশীল হৈ থকা কেইবাজনো লেখকৰ বিষয়ে ‘অসম্পাদকীয়’ লিখিছিল৷ তেনে বিষয় বাছনিৰ অন্তৰালত যে তেওঁ নিজে কৰি থকা কামৰ পৰোক্ষ আত্মমূল্যায়ন আৰু কাম কৰাৰ প্ৰেৰণা লাভৰ প্ৰচেষ্টা নিহিত হৈ আছিল সেয়া অনুমান কৰিব পাৰি৷ কাৰণ ২০১৬ চনত তেওঁ ‘অফুৰন্ত যৌৱনৰ সঁচাৰকাঠী’ গ্ৰন্থখন লিখি কৰ্মময় হৈ থকাৰ বাবে যে ব্যৱহাৰিক আৰু বিজ্ঞানসন্মত চিন্তা-চৰ্চা কৰিছিল, তাৰো স্বাক্ষৰ ৰাখি গৈছে৷ বাৰ্ধক্য এক বিড়ম্বনা বুলি সমাজত প্ৰচলিত পৰম্পৰাগত ধাৰণাৰ বিপৰীতে খুব কম সংখ্যক অসমীয়া মানুহে আধুনিক ধাৰণা প্ৰতিষ্ঠা কৰিবলৈ চেষ্টা কৰিছে৷ তাৰো অতি নগণ্য সংখ্যকেহে নিজক তাৰ উদাহৰণ কৰি তুলিব পাৰিছে৷ লক্ষ্মীনন্দন বৰাৰ সফল সাহিত্যিক জীৱনৰ বিষয়ে আলোচনা কৰিবলৈ যাওঁতে এইটো প্ৰসঙ্গও মন কৰিব লাগিব৷

‘গঙা চিলনীৰ পাখি’ (১৯৬৩) আৰু ‘কায়কল্প’ (২০০২) ° লক্ষ্মীনন্দন বৰাৰ শ্ৰেষ্ঠ সৃষ্টি৷ ‘গঙা চিলনীৰ পাখি’ কেইবাটাও ভাৰতীয় ভাষালৈ অনূদিত হৈছে৷ এইখন উপন্যাসৰ কাহিনীৰে পদুম বৰুৱাই একে নামত চলচ্ছিত্ৰ নিৰ্মাণ কৰিও উপন্যাসখনক বৃহৎ সমাজৰ চৰ্চালৈ উলিয়াই আনিছিল৷ অসমীয়া সমাজৰ এক ‘ক্লাছিক ইমেজ’ উপন্যাসখনত ৰক্ষিত হৈছে৷ বৰাৰ বেছিভাগ গল্প আৰু উপন্যাসতে অসমীয়া গ্ৰাম্য জনজীৱনৰ নিভাঁজ পৰিৱেশৰ প্ৰকাশ দেখা যায়৷ পশ্চিমীয়া আৰু উত্তৰ ভাৰতৰ সাংস্কৃতিক আধিপত্য আৰম্ভ হোৱাৰ আগৰ অসমীয়া লোকজীৱনৰ প্ৰকাশ ৰামধেনু যুগৰ কেইবাগৰাকীও সাহিত্যিকৰ লগতে লক্ষ্মীনন্দন বৰাৰ সাহিত্যতো পোৱা যায়৷ ‘কায়কল্প’ উপন্যাসৰ বাবে ২০১২ চনত তেওঁ সৰ্বভাৰতীয় সৰস্বতী সন্মান লাভ কৰে৷ উল্লেখযোগ্য যে এই সন্মান লাভ কৰা তেৱেঁ একমাত্ৰ (বৰ্তমানলৈ) অসমীয়া সাহিত্যিক৷ ‘কায়কল্প’ কল্পবিজ্ঞান উপন্যাস৷ অসমীয়া পঢ়ুৱৈৰ মাজত এতিয়াও প্ৰান্তীয় ধাৰা হিচাপে বিবেচিত এই ধাৰাৰ উপন্যাসক এইখন উপন্যাসে বিশেষভাৱে সন্মানিত কৰে৷ ‘কায়কল্প’ উপন্যাসতো বৰাই দীৰ্ঘদিনীয়া যৌৱনৰ সন্ধান কৰিছে৷ মানুহৰ দেহক অধিক স্থায়ী আৰু কৰ্মঠ কৰি ৰখাৰ উপায় সমৃদ্ধ কল্পিত বিজ্ঞানেৰে এই উপন্যাসৰ কাহিনী নিৰ্মাণ কৰা হৈছে৷

° লক্ষ্মীনন্দন বৰাৰ ৰচনাৰ বিষয় বৈচিত্ৰ্য আৰু পটভূমি অনুধাৱন কৰিবলৈ হ’লে তেওঁৰ ব্যক্তিগত জীৱনৰ কিছু উৱাদিহ ল’ব লাগিব৷ তেওঁৰ জন্ম হৈছিল ১৯৩২ চনত, নগাঁৱৰ হাতীচোং কুজীডাঁহ গাঁৱত৷ প্ৰৱেশিকা পৰীক্ষা উত্তীৰ্ণ হোৱালৈকে তেওঁ জন্ম গাঁৱৰ গ্ৰাম্য পৰিৱেশত একাত্ম হৈ আছিল৷ সেই একাত্মতাৰ পৰা গ্ৰাম্য জীৱন সম্পৰ্কে লাভ কৰা গভীৰ জ্ঞানে তেওঁৰ সাহিত্যক ওৰেটো জীৱন প্ৰভাৱিত কৰিছে৷ তেওঁৰ আত্মজীৱনী পঢ়িলে সেয়া সুন্দৰভাৱে বুজিব পাৰি৷ আত্মজীৱনীৰ এঠাইত তেওঁ লিখিছে— ‘‘মই ঘৰত থকালৈকে আমাৰ গাঁৱত কলা-কৃষ্টি আৰু সামাজিক আদান-প্ৰদানৰ প্ৰাণকেন্দ্ৰ আছিল নামঘৰ৷ আমাৰ অঞ্চলটোত শংকৰী কলা-কৃষ্টিৰ যথেষ্ট চৰ্চা হৈছিল৷ তেতিয়া বিহু পালন কৰা হৈছিল যদিও আমাৰ গাঁৱত বিহু-সংস্কৃতিৰ প্ৰভাৱ গৌণ আছিল৷ ইয়াক উপভোগ কৰাৰ সুযোগ পাইছিলো ওচৰৰ কৈৱৰ্ত গাঁওকেইখন আৰু জাজৰিৰ হীৰা গাঁৱতহে৷ আমাৰ অঞ্চলত বহাগ বিহুতকৈ মাঘ বিহুহে বেছি ধুমধুপালেৰে পতা হৈছিল৷ হাৰলিঘৰ (ভেলাঘৰ), মেজি আদিৰে পথাৰৰ কাষবোৰ ভৰি পৰিছিল৷ উৰুকাৰ ৰাতিটো কোনো শুব নোৱাৰিছিল৷ ডেকাৰ বনঘোষা আৰু বিহুগীতে ৰাতিৰ আকাশ-বতাহ মতলীয়া কৰিছিল৷ বিহুগীততকৈ বনঘোষাহে বেছিকৈ গোৱা হৈছিল৷’’ (‘কাল বলুকাত খোজ’ পৃ. ) বৰাৰ সহপাঠী তথা বিশিষ্ট সাহিত্যিক ভবেন্দ্ৰ নাথ শইকীয়ায়ো সেই পৰিৱেশটোৰ লগত পৰিচিতি লাভ কৰিছিল বৰাৰ ঘৰত থাকিবলৈ গৈ৷ লক্ষ্মীনন্দন বৰাৰ ভাষাত– ‘‘ভবেনে তাৰ ফৌজদাৰীপটিৰ দুজনমান লগৰীয়াৰ লগত মাজে মাজে আমাৰ হাতীচোং কুজীডাঁহৰ ঘৰখনলৈ আহিছিল৷ বোধকৰোঁ চহৰৰপৰা গাঁৱলৈ আহি সি খুব ভাল পাইছিল৷’’ (‘কাল বলুকাত খোজ’ পৃ. ৬০) প্ৰৱেশিকা পৰীক্ষা পাছ কৰাৰ পাছত লক্ষ্মীনন্দন বৰা কটন কলেজত বিজ্ঞান পঢ়িবলৈ যায়৷ তাৰেপৰা আই.এছচি. আৰু পদাৰ্থ বিজ্ঞানত বি.এছচি. পাছ কৰি কলকাতাৰ প্ৰেছিডেন্সী কলেজত স্নাতকোত্তৰ শ্ৰেণীত অধ্যয়ন কৰিবলৈ যায়৷ তাৰপৰা ১৯৫৪ চনত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে৷ তাৰ পৰৱৰ্তী সময়ত চাকৰি আৰু গৱেষণা সকলো বিজ্ঞানৰ ক্ষেত্ৰখনতে অতিবাহিত কৰে৷ ফলত তেওঁৰ চেতনা সমাজৰ যুক্তিপূৰ্ণ, পাৰ্থিৱ দিশটোৰ প্ৰতি অধিক আকৰ্ষিত হয়৷ অসম কৃষি বিশ্ববিদ্যালয়ত অধ্যাপনা, অসম বিজ্ঞান সমিতিৰ বিষয়ববীয়া হিচাপে দায়িত্ব পালন, অসম প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদৰ মুৰব্বী হিচাপে কাম কাজ পৰিচালনা আদি গুৰুত্বপূৰ্ণ কৰ্তব্য পালনৰ যোগেদি তেওঁ বিজ্ঞানৰ জগতখনৰ লগত সংপৃক্ত হৈ থাকে৷ ফলত তেওঁৰ সাহিত্যকৰ্মই ব্যতিক্ৰমী ধৰণে পৰিপুষ্টি লাভ কৰে৷ (ক) গ্ৰাম্য জনজীৱনৰ নিৰ্যাস, (খ) শংকৰী সংস্কৃতিৰ প্ৰভাৱ আৰু (গ) বিজ্ঞান শিক্ষাৰ প্ৰভাৱ— এই তিনিটা কাৰকে তেওঁৰ সাহিত্যক প্ৰভাৱিত কৰে৷ ১৯৮৯ চনত তেওঁ ভিজিটিং প্ৰফেছৰ হিচাপে জাৰ্মানীলৈ যায় আৰু তাত কিছুকাল অধ্যাপনা কৰে৷ সেইছোৱা সময়ত তেওঁ জাৰ্মান মানুহৰ জীৱন শৈলীৰ লগতে জাৰ্মান আধুনিকতাৰ লগত পৰিচিতি লাভ কৰে৷ পাৰিবাৰিক ক্ষেত্ৰত ভাৰতীয় আধ্যাত্মিক পৰম্পৰা জাৰ্মানসকলতকৈ যথেষ্ট নিৰাপদ৷ কিন্তু আন বেছিভাগ ক্ষেত্ৰতে তেওঁলোকৰ ফেৰ পোৱা টান৷ বৰাই লিখিছে— ‘‘জাৰ্মানসকলৰপৰা কিছুমান ভাল কথা নিশিকাকৈ নাথাকিলোঁ৷ তেওঁলোক ইমান চাফ-চিকুণকৈ থাকে যে আনকি এজন ইংৰাজেও এজন জাৰ্মানক আলহী ৰাখিবলৈ দ্বিধাবোধ কৰে৷ তদুপৰি এটা কথা দেখি ভাল লাগিল যে কলকাৰখানাৰ দেশ জাৰ্মেনি পৰিৱেশ-প্ৰদূষণ সম্পৰ্কে যথেষ্ট সচেতন৷ ইয়াৰ কল-কাৰখানাৰ মালিকসকলে দেশখন প্ৰদূষণমুক্ত কৰি ৰাখিবৰ বাবে চেষ্টা কৰে, চৰকাৰক এই ক্ষেত্ৰত ফাকি নিদিয়ে৷... জাৰ্মানসকলৰ ব্যক্তিগত জীৱনৰ সাধুতা (integrity) আৰু ভ্ৰষ্টাচাৰহীনতা দেখি মুগ্ধ হৈছিলোঁ৷’ (‘কাল বলুকাত খোজ’ পৃ. ৪৮৩)

° লক্ষ্মীনন্দন বৰাৰ ব্যক্তিত্বৰ আটাইতকৈ সবল দিশটো আছিল তেওঁৰ সৰলতা৷ জীৱনক সৰল, জঁটহীনভাৱে গ্ৰহণ কৰিয়ে তেওঁ ক্ষান্ত আছিল আৰু কৰিব পৰাখিনি কৰি গৈছিল৷ আত্মজীৱনীত তেওঁ লিখি যোৱা বহুতো কথাৰ পৰা তেওঁৰ সৰলতাৰ উমান পাব পাৰি৷ সহপাঠী ভবেন্দ্ৰনাথ শইকীয়াই যেতিয়া স্কুলীয়া দিনত আলোচনী প্ৰকাশ তথা সাহিত্য চৰ্চাৰ প্ৰতি মন দিছিল, তেতিয়া লক্ষ্মীনন্দন বৰাই তেনে কামৰ গুৰুত্ব বুজাও নাছিল আৰু কৰিব লগা কাম বুলিও ভবা নাছিল৷ কিন্তু ভবেন্দ্ৰ নাথ শইকীয়াৰ প্ৰচেষ্টাত সদায়ে আনন্দিত হৈছিল৷ শেষ বয়সলৈকে ভবেন্দ্ৰ নাথ শইকীয়াৰ প্ৰতিভা তথা সাফল্যৰ প্ৰতি তেওঁৰ সমীহৰ দৃষ্টি কমা নাছিল৷ সমসাময়িক আন লেখক-সাহিত্যিকসকলৰ প্ৰতি লক্ষ্মীনন্দন বৰাৰ স্নেহ, শুভেচ্ছা, সদিচ্ছাৰ স্বাক্ষৰ বিভিন্ন প্ৰসঙ্গত পোৱা যায়৷ একে সময়তে নিজৰ কৃতিত্বক লৈ লক্ষ্মীনন্দন বৰাৰ কোনো অহংবোধ নাছিল৷ সকলো বয়সৰ মানুহৰ লগতে সহজ হ’ব পৰা আৰু সহৃদয় বন্ধু ভাবাপন্ন হ’ব পৰাটো তেওঁৰ মহৎ গুণ আছিল৷ এই প্ৰসঙ্গত ফণীন্দ্ৰ কুমাৰ দেৱ চৌধুৰীয়ে লিখিছে— ‘‘আমি লেখা-মেলা কৰা বেছিভাগ মানুহেই একো একোটা ভেমৰ টোপোলা লৈ ফুৰোঁ, আমি যেন ফুলাই ফাটো ফাটো হোৱা একোটা ইগোৰ বেলুন, আচৰণত এনেকুৱা এটা ভাব ফুটি উঠে যেন বিশ্বব্ৰহ্মাণ্ডৰ জ্ঞান-ভাণ্ডাৰৰ ওপৰত আমাৰ একচেটিয়া অধিকাৰ, বাকীসকলেনো জানে কিটো৷ এনে এখন জ্ঞানৰ অৰণ্যত লক্ষ্মীনন্দন বৰা এগৰাকী বিৰল আৰু ব্যতিক্ৰম ইগোহীন, ভেম-অহংকাৰবিহীন মহীৰূহ৷ তেওঁৰ উচ্চতাক লৈ তেওঁৰ কোনো ‘এয়াৰ’ নাছিল, কোনো অনুজ লেখক, সাংবাদিক বা তেওঁৰ সংস্পৰ্শলৈ অহা কোনো কম বয়সৰ লোকেই কিজানি কেতিয়াও তেওঁৰ ওচৰত বয়সৰ ব্যৱধান অনুভৱ কৰা নাছিল, নিজৰ প্ৰতিভাক লৈ সংকুচিত হ’বলগীয়া হোৱা নাছিল৷’ (‘দৈনিক জনমভূমি’, ৪ জুন, ২০২১)

সাহিত্য ক্ষেত্ৰত এগৰাকী সৃষ্টিশীল সাহিত্যিক হিচাপে লক্ষ্মীনন্দন বৰাই কেইবাটাও যুগজয়ী সৃষ্টিৰ যোগেদি অসামান্য প্ৰতিভাৰ স্বাক্ষৰ ৰাখি গৈছে৷ গ্ৰাম্য পটভূমিত লিখা মনোভংগী, গুৰু-পৰ্ব, এৰাবাৰীৰ লেছেৰী, সখা দামোদৰ আদি গল্পই ৰামধেনু যুগৰ চুটিগল্পৰ ভঁৰাল কৰিছে৷ লক্ষ্মীনন্দন বৰা ঔপন্যাসিক হিচাপে পঞ্চাছ বছৰৰো অধিক কাল সক্ৰিয় হৈ আছিল৷ ‘নিশাৰ পূৰবী’ (১৯৬২)-ৰ পৰা ‘সেহি সব্যসাচী’ (২০১৪)-লৈ তেওঁ ডেৰকুৰিৰো অধিক উপন্যাস ৰচনা কৰে৷ অসমীয়া উপন্যাস সাহিত্যক গুণগত আৰু সংখ্যাগত দুয়োটা দিশৰ পৰাই সমৃদ্ধ কৰা বৰাৰ কেইবাখনো উপন্যাস ইতিমধ্যে বহুলভাৱে চৰ্চিত হৈছে৷ ‘গঙা চিলনীৰ পাখি’ (১৯৬৩), ‘কায়কল্প’ (২০০২) আদি উপন্যাস পঢ়ুৱৈ আৰু সাহিত্য সমালোচকৰ মাজত বিভিন্ন ধৰণে সমাদৃত৷ অসমীয়া জীৱনীমূলক উপন্যাসৰ ধাৰাটোলৈ লক্ষ্মীনন্দন বৰাই বিশেষ অৱদান আগবঢ়াই গৈছে৷ ‘যাকেৰি নাহিকে উপাম’ (১৯৯৩), ‘সেহি গুণনিধি’ (১৯৯৭), ‘যৈচন গগন বিয়াপি’ (২০১০), ‘গতি মতি ভকতি’ (২০১০) আৰু ‘সেহি সব্যসাচী’ (২০১৪)— বৰাই লিখা এই পাঁচখন জীৱনীমূলক উপন্যাসে সংশ্লিষ্ট ধাৰাটোক শক্তিশালী কৰি তোলে৷ তাৎপৰ্যপূৰ্ণভাৱে তেওঁৰ এই পাঁচোখন উপন্যাসতেই মধ্যযুগত আৰম্ভ হৈ অদ্যপি প্ৰবাহিত অসমৰ বৈষ্ণৱ পৰম্পৰাৰ একো একোজন বিশিষ্ট ব্যক্তিক উপস্থাপন কৰা হৈছে৷ শংকৰী সংস্কৃতিৰ প্ৰভাৱ থকা অঞ্চল এটাত শৈশৱ আৰু কৈশোৰ অতিবাহিত কৰা বৰাই চাকৰি-সূত্ৰে যোৰহাটত থাকোঁতে প্ৰায় ত্ৰিছ বছৰ মাজুলীৰ সত্ৰীয়া পৰিৱেশৰ সংস্পৰ্শ লাভ কৰিছিল৷ বৰাই আত্মজীৱনীত লিখিছে— ‘‘বিশ্বৰ সৰ্ববৃহৎ নদীদ্বীপ মাজুলীত ভৰি দি মোৰ পুৰণি দিনবোৰলৈ উভতি অহা যেন লাগিল৷ কাৰণ প্ৰায় তিনি দশক কাল যোৰহাটত থাকোঁতে মাজুলীৰ যোগেদিহে মই গাঁৱলীয়া সমাজৰ অভিজ্ঞতা অৰ্জন কৰি আছিলোঁ৷ চহৰবাসী আছিলোঁ যদিও ঠেৰুছিগা হোৱা নাছিলো৷ গ্ৰাম্য জীৱনে মোক আকৰ্ষিত কৰি আছিল৷ (‘কাল বলুকাত খোজ’, পৃ. ৬৩৮) সেয়ে পাঁচগৰাকী বৈষ্ণৱ সন্তৰ জীৱনৰ আধাৰত তেওঁ অনায়াসে উপন্যাস লিখিব পাৰিছিল৷ ‘যাকেৰি নাহিকে উপাম’ আৰু ‘সেহি সব্যসাচী’ উপন্যাসৰ কলাগুণ আৰু বিষয়বস্তুৰ দিশৰ পৰা যথেষ্ট উচ্চ স্তৰৰ সৃষ্টি৷ 

আলোচনী-কাকতৰ সম্পাদক হিচাপে আৰু সাহিত্য অনুষ্ঠান-প্ৰতিষ্ঠানৰ মুৰব্বী হিচাপে লক্ষ্মীনন্দন বৰাই শ্ৰেষ্ঠতা বা সফলতা লাভ কৰিছিল বুলিলে ভুল হ’ব৷ সততে কঠোৰতা অৱলম্বন কৰাৰ পৰা বিৰত থকা বৰাক যেন শুভাকাংক্ষী ভেশী কোনো কোনো ব্যক্তিয়ে ভুলকৈ নিবলৈ চেষ্টা কৰিছিল, তেনে ভাব হয়৷ ‘গৰীয়সী’-ৰ সম্পাদক হিচাপে লক্ষ্মীনন্দন বৰাই আলোচনীখনক অসমীয়াৰ উচ্ছ স্তৰৰ বৌদ্ধিক চিন্তা-চৰ্চাৰ কেন্দ্ৰ কৰি তুলিব পৰা নাছিল৷ কিন্তু আলোচনীখনৰ উত্তৰণৰ প্ৰতি তেওঁৰ আন্তৰিকতা আৰু চেষ্টাৰ অভাৱ নাছিল৷ অথচ কঠোৰতাৰ অভাৱে মাজে মাজে সম্পাদনা শিথিল কৰিছিল৷ ২০০৪ চনত তেওঁৰ সম্পাদনাত ‘অভিমত’ নামৰ সাপ্তাহিক কাকতখন প্ৰকাশ পায়৷ কাকতখনো বিশেষ প্ৰভাৱশালী কৰিব নোৱাৰিলে৷ আত্মজীৱনীত বৰাই তাৰ বাবে বিভিন্ন কাৰকক জগৰীয়া কৰিছে যদিও সম্পাদক হিচাপে তেওঁ নিজেও খুব দক্ষতাৰ পৰিচয় দিয়া বুলি কাকতখনৰ পঢ়ুৱৈসকলে ভাবিব নোৱাৰে৷ অসম সাহিত্য সভাৰ সভাপতি হিচাপে লক্ষ্মীনন্দন বৰাই গতানুগতিক কাৰ্যকাল অতিবাহিত কৰিছিল৷ ৰুটিনৱদ্ধ কামবোৰৰ বাদে আন বৈপ্লৱিক কামৰ আঁচনি লোৱা নাছিল৷ সাহিত্য অকাদে‍মিৰ উপদেষ্টা পৰিষদৰ আহ্বায়ক হিচাপেও তেওঁ বিতৰ্কৰ মাজত সোমাইছিল৷ বৌদ্ধিক জগতে প্ৰশ্ন উত্থাপন কৰিব পৰা কাম তেওঁৰ কাৰ্যকালত সাহিত্য অকাদে‍মি‍ৰ অসমীয়া উপদেষ্টা পৰিষদৰ দ্বাৰা সম্পন্ন হৈছিল৷ এনেবোৰ তথ্যৰ পৰা অনুভৱ কৰিব পাৰি যে ব্যক্তিগতভাৱে অসাধাৰণ প্ৰতিভাৰ অধিকাৰী সাহিত্যিক হিচাপে প্ৰতিষ্ঠা লাভ কৰা লক্ষ্মীনন্দন বৰাই সাহিত্যৰ সংগঠক হিচাপে স্মৰণীয় প্ৰতিভাৰ পৰিচয় দিব পৰা নাছিল৷ বোধহয় তেওঁৰ কোমলতা আৰু সকলোৰে প্ৰতি থকা মৰমৰ চেতনাই বিষয়বোৰ কিছু শিথিল কৰিছিল৷ 

জীৱনজোৰা সাহিত্য কৃতিৰ বাবে ড° লক্ষ্মীনন্দন বৰাক ২০০৪ চনত মেগৰ ন্যাসে অসম উপত্যকা সাহিত্য বঁটা প্ৰদান কৰে৷ ১৯৮৮ চনত তেওঁ ‘পাতাল ভৈৰৱী’ উপন্যাসৰ বাবে সাহিত্য অকাদেমি বঁটা লাভ কৰে৷ ‘যাকেৰি নাহিকে উপাম’ উপন্যাসৰ বাবে ১৯৯৫ চনত তেওঁক অসম সাহিত্য সভাৰ অম্বিকাগিৰী ৰায়চৌধুৰী বঁটা দিয়া হয়৷ তেওঁ সাহিত্যিক জীৱনৰ অন্যতম স্বীকৃতি হ’ল ‘কায়কল্প’ উপন্যাসৰ বাবে (২০১২ চনত) লাভ কৰা সৰ্বভাৰতীয় সৰস্বতী সন্মান৷ কিন্তু সকলো বঁটা, স্বীকৃতিৰ ঊৰ্ধ্বত থাকে সমাজৰ সৰ্বস্তৰৰ মানুহৰ নিৰ্ভেজাল স্বীকৃতি৷ যিটো ড° লক্ষ্মীনন্দন বৰাই লাভ কৰিছিল৷ সৰল জীৱন যাপনেৰে আজীৱন মানুহক ভাল পাই যোৱা ড° লক্ষ্মীনন্দন বৰা সেয়ে এটা যুগৰ অন্যতম প্ৰতিভূ হৈ থাকিব৷

 

ঠিকনা :
মুৰব্বী, অসমীয়া বিভাগ
নৰ্থ লখিমপুৰ কলেজ (স্বায়ত্তশাসিত)
ফোন : ৭০০২৯-৬৮৯৩২
email : arabindarajkhowa2011@gmail.com

অন্যযুগৰ প্ৰকাশিত সংখ্যাসমূহ