মূল : মহাকবি কালিদাস
অনুবাদ : কৌস্তুভমণি শইকীয়া দত্ত
|| একাদশ অধ্যায় ||
ৰজা দশৰথৰ কাষলৈ আহিল মুনি কৌশিক,
বিচাৰিলে কাকপাখিৰ দৰে চুলি বন্ধা বালক ৰামক ।
বিঘিনিৰ পৰা যজ্ঞ ৰক্ষা কৰিবলৈ বনলৈ নিবলৈ,
বিৱেচনা নকৰি বীৰ তেজস্বীসকলৰ বয়স ।
কৌশিকেন স কিল ক্ষিতীশ্বৰো ৰামমধ্বৰবিঘাতশান্তয়ে |
কাকপক্ষধৰমেত্য যাচিতস্তেজসাং হি ন বয়ঃ সমীক্ষ্যতে || ১১-১||
বহু সাধনাৰে পোৱা ৰাম আৰু লক্ষ্মণক ৰজাই সঁপিলে মুনিক,
ৰঘুবংশৰ পৰম্পৰাত প্ৰাণ বিচাৰি অহাজনো নহয় প্ৰত্যাখ্যিত,
তাতে বিশ্বামিত্ৰ ঋষি সকলোৰে পূজিত ।
কৃচ্ছ্রলব্ধমপি লব্ধবর্ণভাক্তং দিদেশ মুনয়ে সলক্ষ্মণম্ |
অপ্যসুপ্রণয়িনাং ৰঘোঃ কুলে ন ব্যহন্যত কদাচিদর্থিতা || ১১-২||
তেওঁলোকৰ প্ৰস্থানৰ বাবে নগৰীৰ পথ-সজোৱাৰ ৰজাই আদেশ দিলে,
বায়ুৱে উৰুৱাই নিলে ধূলি-বালি, মেঘে বৰষিলে ফুল-পানী লগে লগে ।
যাবদাদিশতি পার্থিবস্তয়োর্নির্গমায় পুৰমার্গসংস্ক্রিয়াম্ |
তাবদাশু বিদধে মৰুৎসখৈঃ সা সপুষ্পজলবর্ষিভির্ঘনৈঃ || ১১-৩||
পিতাৰ নিৰ্দেশ পালন কৰিবলৈ দুই ধনুৰ্ধাৰী ওলাল
চৰণত ধৰি সেৱা কৰোঁতে ৰজাৰ অশ্ৰু দুয়োৰে শিৰত পৰিল ।
তৌ নিদেশকৰণোদ্যতৌ পিতুর্ধন্বিনৌ চৰণয়োর্নিপেততুঃ |
ভূপতেৰপি তয়োঃ প্রবৎস্যতোর্নম্রয়োৰুপৰি বাষ্পবিন্দবঃ || ১১-৪||
পিতাৰ চকুৰ পানীৰে দুয়োৰে কেশ ইসৎ সিক্ত কৰি
দুয়ো ৰাওনা হ’ল অনুগমন কৰি ঋষিক ।
পুৰবাসীয়ে দুয়োকে চাই ৰোৱা অপলক দৃষ্টি
থাকিল কেৱল ৰাজপথৰ বিদায় -তোৰণত ।
তৌ পিতুর্নয়নজেন বাৰিণা কিংচিদুক্ষিতশিখণ্ডকাবুভৌ |
ধন্বিনৌ তমৃষিমন্বগচ্ছতাং পৌৰদৃষ্টিকৃতমার্গতোৰণৌ || ১১-৫||
ঋষিয়ে ৰামৰ লগত বিচাৰিলে কেৱল লক্ষ্মণক,
সেয়ে নৃপতিয়ে নপঠালে লগত সৈন্যসামন্ত।
ঋষিৰ আশীৰ্বাদেই দিব দুয়োৰে ৰক্ষণাবেক্ষণ ।
লক্ষ্মণানুচৰমেব ৰাঘবং নেতুমৈচ্ছদৃষিৰিত্যসৌ নৃপঃ |
আশিষং প্রয়ুয়ুজে ন বাহিনীং সা হি ৰক্ষণবিধৌ তয়োঃ ক্ষমা || ১১-৬||
দুয়ো মাতৃসকলৰ চৰণ চুই তেজস্বী মুনিৰ লগত গ’ল
শোভিত হ’ল যেন চ’ত আৰু বহাগ মাহ সূৰ্য উত্তৰায়ণত ।
মাতৃবর্গচৰণস্পৃশৌ মুনেস্তৌ প্রপদ্য পদবীং মহৌজসঃ |
ৰেচতুর্গতিবশাৎপ্রবর্তিনৌ ভাস্কৰস্য মধুমাধবাবিব || ১১-৭||
বাৰিষা উদ্য আৰু ভিদ্য নৈৰ জলোচ্ছ্বাসিত তৰংগৰ দৰে
শৈশৱকাল হেতু চঞ্চলতাত দুয়োৰে বাহুযুগল তৰংগায়িত হ’ল ।
বীচিলোলভুজয়োস্তয়োর্গতং শৈশবাচ্চপলমপ্যশোভত |
তোওয়দাগম ইবোদ্ধ্যভিদ্যয়োর্নামধেয়সদৃশং বিচেষ্টিতম্ || ১১-৮||
ঋষিৰ কথনত আছিল বলা-অতিবলা বিদ্যা পথক্লান্তি নাশক,
মণিময় মজিয়াত অভ্যস্ত দুয়ো গৈ থাকিল যেন মাতৃৰ সান্নিধ্যত ।
তৌ বলাতিবলয়োঃ প্রভাবতো বিদ্যয়োঃ পথি মুনিপ্রদিষ্টয়োঃ |
মম্লতুর্ন মণিকুট্টিমোচিতৌ মাতৃপার্শ্বপৰিবর্তিনাবিব || ১১-৯||
পুৰাণবিদ এই পিতৃসখাৰ মুখে আগৰ কাহিনী শুনি শুনি,
সদায় ৰথত উঠা ৰাম-লক্ষ্মণ সুখেৰে গৈ থাকিল বাই বাটকুৰি ।
পূর্ববৃত্তকথিতৈঃ পুৰাবিদঃ সানুজঃ পিতৃসখস্য ৰাঘবঃ |
উহ্যমান ইব বাহনোচিতঃ পাদচাৰমপি ন ব্যভাবয়ৎ || ১১-১০||
যাত্ৰাপথত সৰোবৰে মিঠা পানী, চৰায়ে শ্ৰুতিমধুৰ কাকলি,
সেৱা কৰিলে বতাহে ফুলৰ ৰেণুৰ সুৰভি আৰু ডাৱৰে ছায়া দি ।
তৌ সৰাংসি ৰসবদ্ভিৰম্বুভিঃ কূজিতৈঃ শ্রুতিসুখৈঃ পতত্রিণঃ |
বায়বঃ সুৰভিপুষ্পৰেণুভিশ্ছায়য়া চ জলদাঃ সিষেবিৰে || ১১-১১||
তপস্বীসকলে সুদৰ্শন দুয়োকে দেখি লভিলে যি পৰম সুখ,
নাপায় যি সুখ পদ্মশোভিত সুজল বা পথশ্ৰমনাশী ছাঁ দিয়া বৃক্ষত ।
নাম্ভসাং কমলশোভিনাং তথা শাখিনাং চ ন পৰিশ্রমচ্ছিদাম্ |
দর্শনেন লঘুনা যথা তয়োঃ প্রীতিমাপুৰুভয়োস্তপস্বিনঃ || ১১-১২||
সেই ধনুৰ্ধৰ ৰাম পালেগৈ শিৱৰ কোপাগ্নিত দগ্ধ মদনৰ তপোবন,
প্ৰতিনিধি নহ’লেও তেওঁৰ কামদেৱৰ, সৌন্দৰ্যত মদনৰ বিগ্ৰহ যেন ।
স্থাণুদগ্ধবপুষস্তপোবনং প্রাপ্য দাশৰথিৰাত্তকার্মুকঃ |
বিগ্রহেণ মদনস্য চাৰুণা সোঽভবৎপ্রতিনিধির্ন কর্মণা || ১১-১৩||
অভিশপ্ত সুকেতুৰ পুত্ৰী তাড়কাই সমুখত ভেটি আছে পথ বনৰ,
বিশ্বামিত্ৰৰ পৰা জানি ৰামে ধনুৰ আগ মাটিত থৈ লগালে গুণ ।
তৌ সুকেতুসুতয়া খিলীকৃতে কৌশিকাদ্বিদিতশাপয়া পথি |
নিন্যতুঃ স্থলনিবেশিতাটনী লীলয়ৈব ধনুষী অধিজ্যতাম্ || ১১-১৪||
দুয়োৰে ধনুৰ টংকাৰ শুনি ওলাই আহিল আঁউসীৰ ৰাতিৰ দৰে তাড়কা,
তাইৰ কাণত পিন্ধা নৰমুণ্ড উঠিল দুলি যেন ক’লামেঘত শোভিত বলাকা।
জ্যানিনাদমথ গৃহ্ণতী তয়োঃ প্রাদুৰাস বহুলক্ষপাছবিঃ |
তাডকা চলকপালকুণ্ডলা কালিকেব নিবিডা বলাকিনী || ১১-১৫||
তাই তীব্ৰগতিৰে কঁপাই তুলিলে বনৰ বৃক্ষ,
পৰিধান কৰিছিল মৃতদেহৰ ছিন্নবস্ত্ৰ,
যেন শ্মশান পৰা বলা ধুমুহা এজাক
আহিল বিকট চিঞৰ মাৰি,
ৰাম হ’ল স্তম্ভিত ৰাক্ষসীক দেখি।
তীব্রবেগধুতমার্গবৃক্ষয়া প্রেতচীবৰবসা স্বনোগ্রয়া |
অভ্যভাবি ভৰতাগ্রজস্তয়া বাত্যয়েব পিতৃকাননোত্থয়া || ১১-১৬||
উত্থিত বাহু যেন বৃক্ষৰ শাখা, কঁকালত মানুহৰ অন্ত্ৰৰ মেখলা পিন্ধা,
খেদি অহা ৰাক্ষসীক দেখি বাণ এৰিলে ৰামে ত্যাগ কৰি স্ত্ৰীবধৰ চিন্তা ।
উদ্যতৈকভুজয়ষ্টিমায়তীং শ্রোণিলম্বিপুৰুষান্ত্রমেখলাম্ |
তাং বিলোক্য বনিতাবধে ঘৃণাং পত্রিণা সহ মুমোচ ৰাঘবঃ || ১১-১৭||
ৰামৰ শৰে যি ছিদ্ৰ কৰিলে শিলৰ দৰে কঠিন বক্ষত তাড়কাৰ,
সেই ছিদ্ৰ হ’ল যমৰাজে অতদিনে সোমাব নোৱৰা দেহৰ দ্বাৰ ।
যচ্চকাৰ বিবৰং শিলাঘনে তাডকোৰসি স ৰামসায়কঃ |
অপ্রবিষ্টবিষয়স্য ৰক্ষসাং দ্বাৰতামগমদন্তকস্য তৎ || ১১-১৮||
ৰামৰ শৰে হৃদয় বিদীৰ্ণ কৰা তাড়কা
পৰিল যেতিয়া ভূমিত,
কেৱল বনভূমিয়েই নহয়, ত্ৰিভূৱনজয়ী ৰাৱণৰ
অচঞ্চল ৰাজলক্ষ্মীও পৰাজয়ৰ ভয়ত কঁপিল ।
বাণভিন্নহৃদয়া নিপেতুষী সা স্বকাননভুবং ন কেবলাম্ |
বিষ্টপত্রয়পৰাজয়স্থিৰাং ৰাবণশ্রিয়মপি ব্যকম্পয়ৎ || ১১-১৯||
ৰাক্ষসী তাড়কাৰ বক্ষ ৰামৰূপী মন্মথৰ দুঃসহ শৰে ভেদ কৰিলে,
অংগৰ পৰা চন্দন সুবাসিত ৰক্তৰে ৰঞ্জিত হৈ গ’ল যমৰ ঘৰলৈ ।
ৰামমন্মথশৰেণ তাডিতা দুঃসহেন হৃদয়ে নিশাচৰী |
গন্ধবদ্রুধিৰচন্দনোক্ষিতা জীবিতেশবসতিং জগাম সা || ১১-২০||
ৰামৰ বিক্ৰমত প্ৰীত হৈ মহৰ্ষিয়ে দিলে ৰক্ষসবধৰ মন্ত্ৰপূত অস্ত্ৰ,
যেনেকৈ সূৰ্যকান্ত মণিয়ে সূৰ্যৰ পৰা গ্ৰহণ কৰে আভা জ্বলন্ত ।
নৈৰৃতঘ্নমথ মন্ত্রবন্মুনেঃ প্রাপদস্ত্রমবদানতোষিতাৎ |
জ্যোতিৰিন্ধননিপাতি ভাস্কৰাৎসূর্যকান্ত ইব তাডকান্তকঃ || ১১-২১||
তাৰ পাছতে ৰামে বিষ্ণুৰ অৱতাৰ বামনৰ আশ্ৰমত ভৰি থ’লে,
ঋষিৰ মুখে সেই পৱিত্ৰ আশ্ৰমৰ কথা আগতেই শুনিলে ।
যদিও মনত নপৰিল পূৰ্বজন্মৰ লীলা তথাপি ৰামৰ মন হ’ল উন্মনা ।
বামনাশ্রমপদং ততঃ পৰং পাবনং শ্রুতমৃষেৰুপেয়িবান্ |
উন্মনাঃ প্রথমজন্মচেষ্টিতান্যস্মৰন্নপি বভূব ৰাঘবঃ || ১১-২২||
তাৰ পাছতে ঋষি গৈ পালেগৈ নিজ তপোবন,
শিষ্যসৱে পূৰ্বৰে পৰা কৰি থৈছিল অৰ্ঘ্যাদি আয়োজন ।
আশ্ৰমৰ গছৰ কুঁহিপাতে কৰযোৰে অঞ্জলি যাচিলে,
হৰিণাই মূৰ দাঙি দাঙি দৰ্শনোন্মুখ হৈ বাট চালে ।
আসসাদ মুনিৰাত্মনস্ততঃ শিষ্যবর্গপৰিকল্পিতার্হণম্ |
বদ্ধপল্লবপুটাঞ্জলিদ্রুমং দর্শনোন্মুখমৃগং তপোবনম্ || ১১-২৩||
শশী আৰু দিবাকৰৰ ৰশ্মিজালে যেনেকৈ
অন্ধকাৰৰ পৰা সকলোকে ৰক্ষা কৰে,
তেনেকৈয়ে দশৰথ পুত্ৰদ্বয়ে শৰৰ জালেৰে
মুনিসকলৰ যজ্ঞকৰ্ম ৰাক্ষসৰ পৰা বচালে ।
তত্র দীক্ষিতমৃষিং ৰৰক্ষতুর্বিঘ্নতো দশৰথাত্মজৌ শৰৈঃ |
লোকমন্ধতমসাৎক্রমোদিতৌ ৰশ্মিভিঃ শশিদিবাকৰাবিব || ১১-২৪||
যজ্ঞৰ প্ৰাৰম্ভত দেখিলে ঋষিগণে,
বন্ধুজিৱা ফুলৰ দৰে ডাঙৰ তেজৰ টোপাল
আকাশৰ পৰা পৰিল যজ্ঞৰ বেদীত ,
প্ৰদূষিত হ’ল বুলি ত্ৰাসত কৰিলে যজ্ঞ ত্যাগ ।
বীক্ষ্য বেদিমথ ৰক্তবিন্দুভির্বন্ধুজীবপৃথুভিঃ প্রদূষিতাম্ |
সংভ্রমোঽভবদপোঢকর্মণামৃৎবিজাং চ্যুতবিকঙ্কতস্রুচাম্ || ১১-২৫||
লক্ষ্মণৰ অগ্ৰজ ৰামে তৎক্ষণাৎ শৰ উলিয়াই তূণৰ পৰা,
ওপৰলৈ চাই দেখিলে ৰাক্ষসসেনা ,
শগুণৰ ডেউকাৰ বতাহত কঁপি আছিল ধ্বজা ।
উন্মুখঃ সপদি লক্ষমণাগ্রজো বাণমাশ্রয়মুখাৎসমুদ্ধৰন্ |
ৰক্ষসাং বলমপশ্যদম্বৰে গৃধ্রপক্ষপবনেৰিতধ্বজম্ || ১১-২৬||
ৰামে যজ্ঞবিদ্বেষী ৰাক্ষসদলৰ মুখ্য দুজনলৈ শৰ নিক্ষেপ কৰিলে,
বিষধৰ মহাসৰ্প বধ কৰা গৰুড়পখীয়ে জানো সাধাৰণ সাপ মাৰে ?
(মুখ্য দুজন- মাৰীচ আৰু সুবাহু)
তত্র যাবধিপতী মখদ্বিষাং তৌ শৰব্যমকৰোৎস নেতৰান্ |
কিং মহোৰগবিসর্পিবিক্রমো ৰাজিলেষু গৰুডঃ প্রবর্ততে || ১১-২৭||
অস্ত্ৰত পাৰ্গত ৰামে উগ্ৰবেগ নামৰ বায়ুবেগী অস্ত্ৰৰে,
পৰ্বতপ্ৰমাণ তাড়কাপুত্ৰ মাৰীচক বহুদূৰ উৰুৱাই নি
হালধীয়া পকাপাতৰ দৰে ভূপতিত কৰিলে ।
সোঽস্ত্রমুগ্রজবমস্ত্রকোবিদঃ সংদধে ধনুষি বায়ুদৈবতম্ |
তেন শৈলগুগৰুমপ্যপাতয়ৎপাণ্ডুপত্রমিব তাডকাসুতম্ || ১১-২৮||
তাতে সুবাহু ৰাক্ষসে মায়া বিস্তাৰেৰে কৰিছিল বিচৰণ,
ক্ষুৰপ্ৰ নামে বাণেৰে তাক খণ্ড খণ্ড কৰি ৰামে,
আশ্ৰমৰ বাহিৰত পখীক কৰিবলৈ দিলে ভোজন ।
যঃ সুবাহুৰিতি ৰাক্ষসোঽপৰস্তত্র তত্র বিসসর্প মায়য়া |
তং ক্ষুৰপ্রশকলীকৃতং কৃতী পত্রিণাং ব্যভজদাশ্রমাদ্বহিঃ || ১১-২৯||
ঋষিসকলে যজ্ঞবিঘ্ননাশী ৰাম-লক্ষ্মণৰ সমৰ-বিক্ৰমৰ কৰিলে অভিনন্দন,
যথাক্ৰমে মৌনসংযম ৰখা বিশ্বমিত্ৰৰ যজ্ঞকৰ্ম সুকলমে কৰিলে সম্পাদন ।
ইত্যপাস্তমখবিঘ্নয়োস্তয়োঃ সাংযুগীনমভিনন্দ্য বিক্রমম্ |
ঋৎবিজঃ কুলপতের্যথাক্রমং বাগ্যতস্য নিৰবর্তয়ন্ক্রিয়াঃ || ১১-৩০||
দুয়োভায়ে প্ৰণাম কৰিলে মুনিৰ যজ্ঞস্নানৰ পাছত
তললৈ ওলমিল দুয়োৰে কাউৰীপাখিৰ দৰে কেশ বালকোচিত,
আশিস দি কুশবনে কটা হাতেৰে স্পৰ্শ কৰিলে দুয়োৰে শিৰ ।
তৌ প্রণামচলকাকপক্ষকৌ ভ্রাতৰাববভৃথাপ্লুতো মুনিঃ |
আশিষামনুপদং সমস্পৃশদ্দর্ভপাটলতলেন পাণিনা || ১১-৩১||
তেনে সময়তে মিথিলাপতি জনকে
নিমন্ত্ৰণ কৰিলে বিশ্বামিত্ৰক কন্যাৰ সয়ম্বৰ যজ্ঞলৈ,
ধনুৰ্ভংগৰ কথা শুনি কৌতূহলী আছিল ৰাম-লক্ষ্মণ,
সেয়ে দুয়োকে লগত লৈ বিশ্বামিত্ৰই কৰিলে গমন ।
তং ন্যমন্ত্রয়ত সংভৃতক্রতুর্মৈথিলঃ স মিথিলাং ব্রজন্বশী |
ৰাঘবাবপি নিনায় বিভ্রতৌ তদ্ধনুঃশ্রবণজং কুতূহলম্ || ১১-৩২||
তেওঁলোকে সুদীৰ্ঘপথ অতিক্ৰম কৰি
সন্ধ্যা পালেগৈ গৌতম মুনিৰ ৰম্য আশ্ৰম,
মুনিপত্নী অহল্যা ক্ষণিকৰ বাবে
বাসৱৰ পত্নী হৈছিল সেই আশ্ৰমতে ।
তৈঃ শিবেষু বসতির্গতাধ্বভিঃ সায়মাশ্রমতনুষ্বগৃহ্যত |
যেষু দীর্ঘতপসঃ পৰিগ্রহো বাসবক্ষণকলত্রতাং যয়ৌ || ১১-৩৩||
তেতিয়াৰ পৰা দীৰ্ঘকাল ধৰি শিলা হৈ আছিল গৌতমৰ পত্নী,
পাপহাৰী ৰামৰ চৰণস্পৰ্শৰ অনুগ্ৰহত ঘূৰাই পালে দেহ শ্ৰীময়ী ।
প্রত্যপদ্যত চিৰায় যৎপুনশ্চাৰু গৌতমবধূঃ শিলাময়ী |
স্বং বপুঃ স কিল কিল্বিষচ্ছিদাং ৰামপাদৰজসামনুগ্রহঃ || ১১-৩৪||
যেতিয়া জনকে সংবাদ পালে বিশ্বামিত্ৰসহ আহিছে ৰাঘৱ-লক্ষ্মণ
অৰ্ঘ্য লৈ আদৰিলে যেন অৰ্থ আৰু কামৰ সৈতে ধৰ্ম মূৰ্তিমান।
ৰাঘবান্বিতমুপস্থিতং মুনিং তং নিশম্য জনকো জনেশ্বৰঃ |
অর্থকামসহিতং সপর্যয়া দেহবদ্ধমিব ধর্মমভ্যগাৎ || ১১-৩৫||
বিদেহ নগৰীৰ বাসিন্দাসকলে নয়নভৰি চালে যেন,
আকাশৰ পৰা নামিল দুটি নক্ষত্ৰ ভূমিত থিত লোৱা,
চকুৰ পলক পেলালেও হ’ব যেন ভাগ্যৰ বিড়ম্বনা ।
তৌ বিদেহনগৰীনিবাসিনাং গাং গতাবিব দিবঃ পুনর্বসূ |
মন্যতে স্ম পিবতাং বিলোচনৈঃ পক্ষ্মপাতমপি বঞ্চনাং মনঃ || ১১-৩৬||
যেতিয়া যজ্ঞবিধিমতে অন্ত হ’ল ৰাজযজ্ঞ,
উপযুক্ত সময় বুজি কুশিক কুলতিলক
বিশ্বামিত্ৰই ক’লে মিথিলাপতি জনকক,
ৰামে সেই ধনু দৰ্শন কৰিবলৈ হৈ আছে উৎসুক ।
যূপবত্যবসিতে ক্রিয়াবিধৌ কালবিৎকুশিকবংশবর্ধনঃ |
ৰামমিষ্বসনদর্শনোৎসুকং মৈথিলায় কথয়াংবভূব সঃ || ১১-৩৭||
প্ৰথিত বংশজাত বালক ৰামৰ সুন্দৰ শৰীৰ দেখি
আৰু সেই দুৰ্জয় অনমনীয় ধনুৰ তুলনা কৰি,
কন্যাৰ বিৱাহৰ বাবে কৰা কঠিন পণৰ বাবে হ’ল ব্যথিত ।
তস্য বীক্ষ্য ললিতং বপুঃ শিশোঃ পার্থিবঃ প্রথিতবংশজন্মনঃ |
স্বং বিচিন্ত্য চ ধনুর্দুৰানমং পীডিতো দুহিতৃশুল্কসংস্থয়া || ১১-৩৮||
ঋষিক ক’লে,
হে প্ৰভু,
যি কঠিন কাম দুঃসাধ্য বিশাল গজৰাজৰ বাবেও,
সেই কামত কিদৰে শিশুহস্তীৰ ব্যৰ্থ চেষ্টাত অনুমোদন জনাওঁ?
অব্রবীচ্চ ভগবন্মতঙ্গজৈর্যদ্বৃহদ্ভিৰপি কর্ম দুষ্কৰম্ |
তত্র নাহমনুমন্তুমুৎসহে মোক্ষবৃত্তি কলভস্য চেষ্টিতম্ || ১১-৩৯||
হে পিতা,
এই ধনুৱে বহু ধনুৰ্ধৰ ৰজাক লজ্জানত কৰিছে,
বৃথাই কঠিন হৈছে হাতৰ ছাল ধনুৰ গুণৰ টানোতে ।
ধিক্কাৰ দি নিজ বাহুবলক সকলো ধনুৰ্ধৰ ঘৰলৈ উভতিলে।
হ্রেপিতা হি বহবো নৰেশ্বৰাস্তেন তাত ধনুষা ধনুর্ভৃতঃ |
জ্যানিঘাতকঠিনৎবচো ভুজান্স্বান্বিধূয় ধিগিতি প্রতস্থিৰে || ১১-৪০||
ৰামৰ শক্তিৰ কথা শুনা হে ৰাজন, যদিও কোৱা বাহুল্য,
পৰ্বতত যিদৰে বজ্ৰৰ শক্তি হয় প্ৰকাশিত,
এই বজ্ৰসম ধনুতেই প্ৰকাশ পাওক এওঁৰ মহত্ত্ব ।
প্রত্যুবাচ তমৃষির্নিশম্যতাং সাৰতোঽযমথবা গিৰা কৃতম্ |
চাপ এব ভবতো ভবিষ্যতি ব্যক্তশক্তিৰশনির্গিৰাবিব || ১১-৪১||
জনকে ঋষিৰ এই বচন শুনি,
অগ্নিসঞ্চয় কৰা গোপকীটতে আন্ধাৰত শ্ৰদ্ধাশীল হয় সকলো বুলি
পতিয়ন গ’ল কাকপাখিৰ দৰে চুলিবন্ধা বালক ৰামো পৰাক্ৰমী বুলি ।
(গোপকীট- ৰেড বীটল)
এবমাপ্তবচনাৎস পৌৰুষং কাকপক্ষকধৰেঽপি ৰাঘবে |
শ্রদ্দধে ত্রিদশগোপমাত্রকে দাহশক্তিমিব কৃষ্ণবর্ত্মনি || ১১-৪২||
তাৰ পাছত সহস্ৰনেত্ৰৰ ইন্দ্ৰই যিদৰে
নিজ তেজোময় ধনুৰ বাবে মেঘক আদেশ কৰে,
জনকেও হৰধনু আনিবলৈ নিজ অনুচৰগণক আদেশ দিলে ।
ব্যাদিদেশ গণশোঽথ পার্শ্বগান্কার্মুকাভিহৰণায় মৈথিলঃ |
তৈজসস্য ধনুষঃ প্রবৃত্তয়ে তোয়দানিব সহস্রলোচনঃ || ১১-৪৩||
শুই থকা বাসুকীৰ দৰে ভীষণ সেই ধনু দশৰথ পুত্ৰই দৰ্শন কৰি কৰিলে গ্ৰহণ,
যি ধনুৰে মৃগৰূপ লৈ পলোৱা যজ্ঞলৈ বৃষধ্বজ শিৱই নিক্ষেপ কৰিছিল বাণ ।
তৎপ্রসুপ্তভুজগেন্দ্রভীষণং বীক্ষ্য দাশৰথিৰাদদে ধনুঃ |
বিদ্রুতক্রতুমৃগানুসাৰিণং যেন বাণমসৃজৎবৃষধ্বজঃ || ১১-৪৪||
কামদেৱে যিদৰে অনায়াসে পুষ্পধনুত ফুলৰ গুণ লগায়,
তেনেকৈয়ে পৰ্বতসম কঠিন সেই ধনুত সহজে গুণ লগালে,
সভাৰ সকলোৱে অতি বিস্ময়েৰে স্তম্ভিত হৈ তাকে চাই ৰ’ল ।
আততজ্যমকৰোৎস সংসদা বিস্ময়স্তিমিতনেত্রমীক্ষিতঃ |
শৈলসাৰমপি নাতিয়ত্নতঃ পুষ্পচাপমিব পেশলং স্মৰঃ || ১১-৪৫||
ৰামৰ প্ৰবল টানত বজ্ৰৰ দৰে ভয়ংকৰ শব্দ তুলি ভাগিল ধনু
যেন ভাৰ্গৱ পৰশুৰামক জনাই দিলে ক্ষত্ৰিয় জাগিছে পুনু ।
ভজ্যমানমতিমাত্রকর্ষণাত্তেন বজ্রপৰুষস্বনং ধনুঃ |
ভার্গবায় দৃঢমন্যবে পুনঃ ক্ষত্রমুদ্যতমিব ন্যবেদয়ৎ || ১১-৪৬||
ৰুদ্ৰৰ ধনুভংগতে মিথিলাপতিয়ে দেখিলে ৰামৰ পৰাক্ৰম,
অভিনন্দিত কৰি নিজৰ ধনুৰ্ভংগৰ পণ,
অযোনিসম্ভৱা লক্ষ্মীস্বৰূপা কন্যাক কৰিলে ৰামক সমৰ্পণ ।
দৃষ্টসাৰমথ ৰুদ্রকার্মুকে বীর্যশুল্কমভিনন্দ্য মৈথিলঃ |
ৰাঘবায় তনয়াময়োনিজাং ৰূপিণীং শ্রিয়মিব ন্যবেদয়ৎ || ১১-৪৭||
সত্যনিষ্ঠ জনকৰজাই অবিলম্বে
অযোনিসম্ভৱা সীতাক সমৰ্পিলে ৰাঘৱক
হোমাগ্নি যেন তেজোনিধি মহৰ্ষিৰ সাক্ষাতত।
মৈথিলঃ সপদি সত্যসংগৰো ৰাঘবায় তনয়াময়োনিজাম্ |
সংনিধৌ দ্যুতিমতস্তপোনিধেৰগ্নিসাক্ষিক ইবাতিসৃষ্টবান্ || ১১-৪৮||
কোশলাধিপতি দশৰথৰ ওচৰলৈ পঠালে মাননীয় পুৰোহিতক মহাদ্যুতিজনকে,
বাৰ্তা দিলে - নিমিকুলক ভৃত্য বুলি ধৰি যেন কন্যাক পুত্ৰবধুৰূপে গ্ৰহণ কৰে ।
প্রাহিণোচ্চ মহিতং মহাদ্যুতিঃ কোসলাধিপতয়ে পুৰোধসম্ |
ভৃত্যভাবি দুহিতুঃ পৰিগ্রহাদ্দিশ্যতাং কুলমিদং নিমেৰিতি || ১১-৪৯||
কোশলৰ ৰজা দশৰথ আছিল পুত্ৰৰ যোগ্যপ্ৰাৰ্থীৰ সন্ধানত,
সেই সময়তে প্ৰস্তাৱ লৈ পুৰোহিত হ’ল উপস্থিত ।
কল্পতৰুৰ ফলৰ দৰেই সজ্জনৰ মনোবাঞ্ছা শীঘ্ৰে হয় চৰিতাৰ্থ ।
অন্বিয়েষ সদৃশীং স চ স্নুষাং প্রাপ চৈনমনুকূলবাগ্দ্বিজঃ |
সদ্য এব সুকৃতাং হি পচ্যতে কল্পবৃক্ষফলধর্মি কাঙ্ক্ষিতম্ || ১১-৫০||
ইন্দ্ৰসখা জিতেন্দ্ৰিয় দশৰথে শুভসমাচাৰ অনা পুৰোহিতক
পাদ্য-অৰ্ঘ্যৰে সন্মানিত কৰাৰ অন্তত, সৈন্যদলৰ ভৰিৰ ধূলিৰে
সূৰ্যমণ্ডল আচ্ছন্ন কৰি মিথিলালৈ যাত্ৰা কৰিলে।
তস্য কল্পিতপুৰস্ক্রিয়াবিধেঃ শুশ্রুবান্বচনমগ্রজন্মনঃ |
উচ্চচাল বলভিৎসখো বশী সৈন্যৰেণুমুষিতার্কদীধিতিঃ || ১১-৫১||
উপস্থিত হৈ দশৰথৰ সৈন্যদলে আৱৰি ধৰিলে মিথিলা,
পদপিষ্ট হ’ল উপবনৰ তৰুলতা ।
প্ৰেমিকৰ গাঢ় সম্ভোগ প্ৰেমিকাই সহাৰ দৰে
সহিলে মিথিলাই সেই পীড়া ।
আসসাদ মিথিলাং স বেষ্টয়ন্পীডিতোপবনপাদপাং বলৈঃ |
প্রীতিৰোধমসহিষ্ট সা পুৰী স্ত্রীব কান্তপৰিভোগমায়তম্ || ১১-৫২||
তাৰ পাছত দুই নীতিজ্ঞ ভূপতি, বৰুণ আৰু ইন্দ্ৰৰ দৰে মিলিত হ’ল,
নিজ নিজ বিভূতি-বৈভৱেৰে কন্যা আৰু পুত্ৰৰ বিৱাহ কৰিলে সম্পন্ন ।
তৌ সমেত্য সময়ে স্থিতাবুভৌ ভূপতী বৰুণবাসবোপমৌ |
কন্যকাতনয়কৌতুকক্রিয়াং স্বপ্রভাবসদৃশীং বিতেনতুঃ || ১১-৫৩||
ৰামে বিৱাহ কৰিলে পৃথিৱীকন্যা সীতাক,
লক্ষ্মণে কৰালে বিয়া তেওঁৰ কণিষ্ঠা উৰ্মিলাক,
তেওঁলোকৰ তেজাল দুই ভাই ভৰত আৰু শত্ৰুঘ্ন,
কুশধ্বজৰ লাহী কঁকালৰ দুই কন্যাৰে বহিল বিয়াত ।
(কুশধ্বজৰ দুই কন্যা- মাণ্ডৱী, শ্ৰুতকীৰ্তি)
পার্থিবীমুদবহদ্রঘূদ্বহো লক্ষ্মণস্তদনুজামথোর্মিলাম্ |
যৌ তয়োৰবৰজৌ বৰৌজসৌ তৌ কুশধ্বজসুতে সুমধ্যমে || ১১-৫৪||
বৈভৱী দশৰথৰ চাৰি পুত্ৰ চাৰি ন-কইনাৰ সৈতে ,
শোভা পালে সাম-দান-ভেদ-দণ্ড চাৰি নীতিৰ দৰে ।
তে চতুর্থসহিতাস্ত্রয়ো বভুঃ সূনবো নববধূপৰিগ্রহাঃ |
সামদানবিধিভেদনিগ্রহাঃ সিদ্ধিমন্ত ইব তস্য ভূপতেঃ || ১১-৫৫||
ৰাজকন্যা আৰু ৰাজপুত্ৰসকলৰ মিলনত কৃতাৰ্থ হ’ল জীৱন,
যেন প্ৰত্যয় আৰু প্ৰকৃতিৰ যোগত শুদ্ধ আৰু সাৰ্থক পদৰ চয়ন ।
তা নৰাধিপসুতা নৃপাত্মজৈস্তে চ তাভিৰগমন্কৃতার্থতাম্ |
সোঽভবদ্বৰবধূসমাগমঃ প্রত্যয়প্রকৃতিয়োগসংনিভঃ || ১১-৫৬||
এনেদৰেই চাৰি পুত্ৰৰ বিৱাহ সম্পন্ন কৰি
পুত্ৰবৎসল দশৰথ উভতিল নিজ নগৰীলৈ,
তিনিদিনৰ পথ আগবঢ়াই দি জনক ঘূৰিল মিথিলালৈ।
এবমাত্তৰতিৰাত্মসংভবাংস্তান্নিবেশ্য চতুৰোঽপি তত্র সঃ |
অধ্বসু ত্রিষু বিসৃষ্টমৈথিলঃ স্বাং পুৰীং দশৰথো ন্যবর্তত || ১১-৫৭||
নদীয়ে যিদৰে উপকূল অতিক্ৰম কৰি বহু দূৰলৈকে বন্যাক্ৰান্ত কৰে,
প্ৰতিকূল বতাহে ধ্বজদণ্ড আৰু তৰু উভালি সেনাৰ পথ ৰুদ্ধ কৰিলে ।
তস্য জাতু মৰুতঃ প্রতীপগা বর্ত্মসু ধ্বজতৰুপ্রমাথিনঃ |
চিক্লিশুর্ভৃশতয়া বৰূথিনীমুত্তটা ইব নদীৰয়াঃ স্থলীম্ || ১১-৫৮||
সূৰুযৰ চৌপাশে দেখা দিলে কৃষ্ণ মৰল ভয়ংকৰ,
যেন গৰুড়ে ধৰা কালসৰ্পই মেৰাই থৈছে মণি শিৰৰ ।
লক্ষ্যতে স্ম তদনন্তৰং ৰবির্বদ্ধভীমপৰিবেষমণ্ডলঃ |
বৈনতেয়শমিতস্য ভোগিনো ভোগবেষ্টিত ইব চ্যুতো মণিঃ || ১১-৫৯||
দিশসমূহে ধূসৰ পাখিৰ শেনপখী যেন ৰূপ লৈ,
সান্ধ্যমেঘৰ দৰে ৰক্তিম আৱৰণ পিন্ধি,
দৰ্শনৰ অযোগ্য ৰজস্বলা নাৰীৰ ৰূপ ধাৰণ কৰিলে ।
শ্যেনপক্ষপৰিধূসৰালকাঃ সাংধ্যমেঘৰুধিৰার্দ্রবাসসঃ |
অঙ্গনা ইব ৰজস্বলা দিশো নো বভূবুৰবলোকনক্ষমাঃ || ১১-৬০||
সূৰ্যৰ পথৰ দিশে শিয়ালীয়ে আৰাও কৰিবলৈ ধৰিলে,
যেন ক্ষত্ৰিয়ৰক্তৰে পিতৃতৰ্পণ কৰা পৰশুৰামৰ
আগমনৰ বাৰ্তা ঘোষণা কৰিলে ।
ভাস্কৰশ্চ দিশমধ্যুবাস যাং তাং শ্রিতাঃ প্রতিভয়ং ববাসিৰে |
ক্ষত্রশোণিতপিতৃক্রিয়োচিতং চোদয়ন্ত্য ইব ভার্গবং শিবাঃ || ১১-৬১||
জ্ঞানী ৰজাই চালে কুলগুৰুলৈ দেখি ধুমুহা আদি অমংগল লক্ষণ ,
বিচাৰি শান্তিবিধান, গুৰুৱে দিলে অভয়বাণী- হ’ব সকলো মংগলময় ।
তৎপ্রতীপপবনাদিবৈকৃতং প্রেক্ষ্য শান্তিমধিকৃত্য কৃত্যবিদ্ |
অন্বয়ুঙ্ক্ত গুৰুমীশ্বৰঃ ক্ষিতেঃ স্বন্তমিত্যলঘয়ৎস তদ্ব্যথাম্ || ১১-৬২||
ঠিক তেতিয়াই সৈন্যদলৰ সম্মুখত আবিৰ্ভাৱ হ’ল এক উজ্জ্বল পোহৰ,
ছাটমৰা চকু মোহাৰি দেখিলে সকলোৱে এক দিব্যকান্তি সুপুৰুষৰ ।
তেজসঃ সপদি ৰাশিৰুত্থিতঃ প্রাদুৰাস কিল বাহিনীমুখে |
যঃ প্রমৃজ্য নয়নানি সৈনিকৈর্লক্ষণীয়পুৰুষাকৃতিশ্চিৰাৎ || ১১-৬৩||
মাতৃবংশৰ চিহ্নৰে হাতত দুৰ্জয় ধনু, পিতৃবংশৰ চিহ্নৰে লগুণ,
চন্দ্ৰমাৰে সুশোভিত সূৰ্য, সৰ্পবেষ্টিত চন্দনগছৰ দৰে সমুজ্জ্বল ।
পিত্র্যবংশমুপবীতলক্ষণং মাতৃকং চ ধনুৰূর্জিতং দধৎ |
যঃ সসোম ইব ঘর্মদীধিতিঃ সদ্বিজিহ্ব ইব চন্দনদ্রুমঃ || ১১-৬৪||
ন্যায়ৰ পথ লংঘন কৰিও ক্ৰোধত নিষ্ঠুৰ পিতাৰ আদেশ পালন কৰিবলৈ,
ত্ৰাসত কম্পমান জননীৰ শিৰচ্ছেদ কৰি
প্ৰথমে ঘৃণাক জয় কৰি তাৰ পাছত পৃথিৱী কৰিলে জয় ।
যেন ৰোষপৰুষাত্মনঃ পিতুঃ শাসনে স্থিতিভিদোঽপি তস্থুষা |
বেপমানজননীশিৰশ্ছিদা প্রাগজীয়ত ঘৃণা ততো মহী || ১১-৬৫||
তেওঁ সোঁকাণত লেখি লেখি পৰিধান কৰিছিল ৰুদ্ৰাক্ষ মালাত গুঁথি,
পৃথিৱীত একৈছবাৰ ক্ষত্ৰিয়কুল ধ্বংসৰ গণনা বহন কৰি ।
অক্ষবীজবলয়েন নির্বভৌ দক্ষিণশ্রবণসংস্থিতেন যঃ |
ক্ষত্রিয়ান্তকৰণৈকবিংশতের্ব্যাজপূর্বগণনামিবোদ্বহন্ || ১১-৬৬||
নিজৰ বালক পুত্ৰসৱক লগত লৈ ৰজা হ’ল চিন্তিত,
দেখি পিতৃবধৰ ক্ৰোধত ৰাজবংশ নিধনলৈ ভৃগুপুত্ৰ দীক্ষিত,
নিজ দশাৰ কথা ভাবি দশৰথ হ’ল ব্যথিত ।
তং পিতুর্বধভবেন মন্যুনা ৰাজবংশনিধনায় দীক্ষিতম্ |
বালসূনুৰবলোক্য ভার্গবং স্বাং দশাং চ বিষসাদ পার্থিবঃ || ১১-৬৭||
‘ৰাম’ নামটি তেওঁৰ বাবে একেলগে হ’ল প্ৰীতিকৰ আৰু ভয়ংকৰ,
যথাক্ৰমে পুত্ৰ যেন কণ্ঠহাৰ আৰু আনজন যেন মস্তকমণি সৰ্পৰ ।
নাম ৰাম ইতি তুল্যমাত্মজে বর্তমানমহিতে চ দাৰুণে |
হৃদ্যমস্য ভয়দায়ি চাভবদ্রত্নজাতমিব হাৰসর্পয়োঃ || ১১-৬৮||
অৰ্ঘ্য! অৰ্ঘ্য! বুলি দশৰথে পূজিব খুজিলে,
পিছে নৃপতিৰ পৰা দৃষ্টি ঘূৰাই
পৰশুৰামে ভৰতৰ অগ্ৰজলৈ চালে ।
ক্ৰোধিত দৃষ্টিত যেন ক্ষত্ৰিয়দাহৰ জুই,
দুচকুৰ নক্ষত্ৰ যেন উগ্ৰতাত জ্বলিল ।
অর্ঘ্যমর্ঘ্যমিতি বাদিনং নৃপং সোঽনবেক্ষ্য ভৰতাগ্রজো যতঃ |
ক্ষত্রকোপদহনার্চিষং ততঃ সংদধে দৃশমুদগ্রতাৰকাম্ || ১১-৬৯||
যুঁজিবলৈ উৎসুক পৰশুৰামৰ মুষ্টিত ধনু আৰু আঙুলিত শৰ,
নিৰ্ভীকভাৱে সমুখত ৰৈ থকা ৰাঘৱক ক’লে কৰি গৰ্জন ।
তেন কার্মুকনিষক্তমুষ্টিনা ৰাঘবো বিগতভীঃ পুৰোগতঃ |
অঙ্গুলীবিবৰচাৰিণং শৰং কুর্বতা নিজগদে যুয়ুৎসুনা || ১১-৭০||
অপকাৰ সাধি ক্ষত্ৰিয়কুল মোৰ চিৰশত্ৰু হ’ল,
বহুবাৰ ক্ষত্ৰিয় নিধন কৰি মোৰ ক্ৰোধ প্ৰশমিত হ’ল ।
তথাপি তোমাৰ পৰাক্ৰম শুনি ক্ৰোধিত হৈ উঠিছোঁ
শুই থকা সাপে দণ্ডৰ কোব খোৱাৰ দৰে ।
ক্ষত্রজাতমপকাৰবৈৰি মে তন্নিহত্য বহুশঃ শমং গতঃ |
সুপ্তসর্প ইব দণ্ডঘট্টনাদ্রোষিতোঽস্মি তব বিক্রমশ্রবাৎ || ১১-৭১||
অন্য ৰজাই যি ধনু সামান্য বেঁকাও কৰিব নোৱাৰিলে,
সেই ধনু তুমি ভংগ কৰিছা,
সেই কথা শুনি অনুভৱ হৈছে মোৰ শক্তিৰ চূড়া ভাঙি
যেন তুমি ভংগ কৰিছা মোৰ গৰিমা।
মৈথিলস্য ধনুৰন্যপার্থিবৈস্ত্বং কিলানমিতপূর্বমক্ষণোঃ |
তন্নিশম্য ভবতা সমর্থয়ে বীর্যশৃঙ্গমিব ভগ্নমাত্মনঃ || ১১-৭২||
আগতে ৰাম নাম মাত্ৰেই জগতে জানিছিল মোক,
এতিয়া তোমাৰ বৰ্ধিত যশে মোক কৰিছে লজ্জিত ।
অন্যদা জগতি ৰাম ইত্যয়ং শব্দ উচ্চৰিত এব মামগাৎ |
ব্রীডমাবহতি মে স সংপ্রতি ব্যস্তবৃত্তিৰুদয়োন্মুখে ৎবয়ি || ১১-৭৩||
যাৰ অস্ত্ৰ কৌঞ্চ পৰ্বতক আঘাত কৰিও অব্যৰ্থ,
সেই পৰশুৰামে দুজনক শত্ৰুৰূপে দোষী সাব্যস্ত কৰিছোঁ-
এক হৈছে ধেনুবৎস হৰণকাৰী হৈহয়বংশীয় কীৰ্তবীৰ্য,
আনজন মোৰ যশ কাঢ়িবলৈ যত্নপৰ তুমি ।
বিভ্রতোঽস্ত্রমচলেঽপ্যকুণ্ঠিতং দ্বৌ ৰুপূ মম মতৌ সমাগসৌ |
ধেনুবৎসহৰণাচ্চ হৈহয়স্ত্বং চ কীর্তিমপহর্তুমুদ্যতঃ || ১১-৭৪||
সেয়ে, ক্ষত্ৰিয়নাশৰ মোৰ বীৰত্ব নহয় পৰিতৃপ্ত তুমি পৰাস্ত নহ’লে,
অগ্নিৰ মহিমা এয়ে যে শুকান পাতৰ দৰে সমুদ্ৰতো দপদপকৈ জ্বলে ।
ক্ষত্রিয়ান্তকৰণোঽপি বিক্রমস্তেন মামবতি নাজিতে ৎবয়ি |
পাবকস্য মহিমা স গণ্যতে কক্ষবজ্জলতি সাগৰেঽপি যঃ || ১১-৭৫||
তুমি যি হৰধনু ভংগ কৰিছা, বিষ্ণুৱে হৰণ কৰিছিল তাৰ সাৰ,
আছিল নৈৰ পাৰৰ গছৰ দৰে, সামান্য বতাহেও পাৰে উভালিব ।
বিদ্ধি চাত্তবলমোজসা হৰেৰৈশ্বৰং ধনুৰভাজি যত্ত্বয়া |
খাতমূলমনিলো নদীৰয়ৈঃ পাতয়ত্যপি মৃদুস্তটদ্রুমম্ || ১১-৭৬||
পাৰাঁ যদি তুমি মোৰ এই ধনুত গুণ লগাই শৰ জুৰি চোৱাঁ,
যুদ্ধ নালাগে তোমাৰ সৈতে, সেয়াই হ’ব পৰাজয় মোৰ।
তন্মদীয়মিদমায়ুধং জ্যয়া সংগময়্য সশৰং বিকৃষ্যতাম্ |
তিষ্ঠতু প্রধবমেবমপ্যহং তুল্যবাহুতৰসা জিতস্ত্বয়া || ১১-৭৭||
মোৰ অগ্নিবৰ্ষী পৰশুৰ ধাৰত যদি কাতৰ হৈছা,
বৃথাই ধনুৰ গুণ টানি কঠিন হোৱা দুহাতেৰে,
অঞ্জলি যাচি অভয় প্ৰাৰ্থনা কৰা ।
কাতৰোঽসি যদি বোদ্গতার্চিষা তর্জিতঃ পৰশুধাৰয়া মম |
জ্যানিঘাতকঠিনাঙ্গুলির্বৃথা বধ্যতামভয়য়াচনাঞ্জলিঃ || ১১-৭৮||
ভীষণ-দৰ্শন পৰশুৰামৰ দাম্ভিক বচন শুনি,
ৰামৰ ওঁঠত বিয়পি পৰিল এটি স্মিত হাঁহি,
উপযুক্ত উত্তৰ দিলে সেই ধনু ধাৰণ কৰি ।
এবমুক্তবতি ভীমদর্শনে ভার্গবে স্মিতবিকম্পিতাধৰঃ |
তদ্ধনুর্গ্রহণমেব ৰাঘবঃ প্রত্যপদ্যত সমর্থমুত্তৰম্ || ১১-৭৯||
পূৰ্বজন্মত ধাৰণ কৰা ধনু এই জন্মত ধাৰণ কৰি শোভিত হ’ল ৰাম,
নতুন মেঘ এনেয়ে ধুনীয়া, তাতে হ’ল ৰামধেনু অংকিত
সেই সৌন্দৰ্যৰ কথানো কেনেকৈ বৰ্ণাম ?
পূর্বজন্মধনুষা সমাগতঃ সোঽতিমাত্রলঘুদর্শনোঽভবৎ |
কেবলোঽপি সুভগো নবাম্বুদঃ কিং পুনস্ত্রিদশচাপলাঞ্ছিতঃ || ১১-৮০||
শক্তিমান ৰামে ধনুৰ আগ মাটিত থৈ লগালে গুণ,
ক্ষত্ৰিয়ৰ শত্ৰু পৰশুৰাম ধোঁৱাই আৱৰা জুইৰ দৰে হ’ল প্ৰভাহীন ।
তেন ভূমিনিহিতৈককোটি তৎকার্মুকং চ বলিনাধিৰোপিতম্ |
নিষ্প্রভশ্চ ৰিপুৰাস ভূভৃতাং ধূমশেষ ইব ধূমকেতনঃ || ১১-৮১||
দুয়োৰে পৰস্পৰ স্থিতি চাই ৰ’ল সকলোৱে
সন্ধ্যাবেলা যেন এজন অস্তগামী সূৰ্য
আনজন পূৰ্ণিমাৰ দিনাৰ উদিত চন্দ্ৰ ।
তাবুভাবপি পৰস্পৰস্থিতৌ বর্ধমানপৰিহীনতেজসৌ |
পশ্যতি স্ম জনতা দিনাত্যয়ে পার্বণৌ শশিদিবাকৰাবিব || ১১-৮২||
কাৰ্তিকৰ দৰে ৰামে দেখিলে পৰশুৰাম দল-বলহীন,
ধনুত জুৰি লোৱা বাণ অব্যৰ্থ বুলি জানি কৰুণাৰে বুলিলে বচন ।
তং কৃপামুদুৰবেক্ষ্য ভার্গবং ৰাঘবঃ স্খলিতবীর্যমাত্মনি |
স্বং চ সংহিতমমোঘমাশুগং ব্যাজহাৰ হৰসূনুসংনিভঃ || ১১-৮৩||
যদিও আপুনি কৰিছিল যুদ্ধৰ বাবে আস্ফালন,
কিদৰে কৰিম ব্ৰাহ্মণক নিৰ্দয়ভাৱে আক্ৰমণ ।
আপুনিয়ে কওক এই উদ্যত বাণেৰে কৰোঁ আপোনাৰ
স্বাধীন গতি ৰুদ্ধ নে যজ্ঞজিত স্বৰ্গপথ বাৰণ ?
ন প্রহর্তুমলমস্মি নির্দয়ং বিপ্র ইত্যভিভত্যপি ৎবয়ি |
শংস কিং গতিমনেন পত্রিণা হন্মি লোকমুত তে মখার্জিতম্ || ১১-৮৪||
ঋষি পৰশুৰামে উত্তৰ দিলে,
মই জানো তুমি যে প্ৰকৃততে পুৰাণপুৰুষ নাৰায়ণ,
কিন্তু তোমাৰ বিষ্ণুতেজ কৰিব খুজিছিলোঁ দৰ্শন,
সেই উদ্দেশ্যেই তোমাৰ ক্ৰোধ কৰিলোঁ উৎপাদন ।
প্রত্যুবাচ তমৃষির্ন তত্ত্বতস্ত্বাং ন বেদ্মি পুৰুষং পুৰাতনম্ |
গাং গতস্য তব ধাম বৈষ্ণবং কোপিতো হ্যসি ময়া দিদৃক্ষুণা || ১১-৮৫||
মই কৰিলোঁ মোৰ পিতাৰ শত্ৰু ভস্মসাৎ,
আৰু সুপাত্ৰক দান কৰিছোঁ সসাগৰা বসুন্ধৰাক ।
এতিয়া পৰমপুৰুষ তোমাৰ হাতত মোৰ এই পৰাজয়,
মোৰ বাবে এয়া পৰম গৌৰৱৰ বিষয় ।
ভস্মসাৎকৃতবতঃ পিতৃদ্বিষঃ পাত্রসাচ্চ বসুধাং সসাগৰাম্ |
আহিতো জয়বিপর্যয়োঽপি মে শ্লাঘ্য এব পৰমেষ্ঠিনা ৎবয়া || ১১-৮৬||
হে সুধীশ্ৰেষ্ঠ,
সুৰক্ষিত কৰা মোৰ স্বাধীন গতি কৰিবলৈ ভ্ৰমণ পুণ্যতীৰ্থ,
ইতিমধ্যে কৰিছোঁ মই সুখ-দুখ জয়, সেয়ে কৰা ৰোধ স্বৰ্গপথ ।
তদ্গতিং মতিমতাং বৰেপ্সিতাং পুণ্যতীর্থগমনায় ৰক্ষ মে |
পীডয়িষ্যতি ন মাং খিলীকৃতা স্বর্গপদ্ধতিৰমোঘলোলুপম্ || ১১-৮৭||
সেয়ে হওক বুলি ৰামে পূবলৈ মুখ কৰি বাণ নিক্ষেপ কৰিলে,
পুণ্যৱান হ’লেও পৰশুৰামৰ স্বৰ্গপথ ছেদ কৰিলে সেই বাণে ।
প্রত্যপদ্যত তথেতি ৰাঘবঃ প্রাঙ্মুখশ্চ বিসসর্জ সায়কম্ |
ভার্গবস্য সুকৃতোঽপি সোঽভবৎস্বর্গমার্গপৰিঘো দুৰত্যয়ঃ || ১১-৮৮||
ক্ষমা কৰিব বুলি ৰামে চুলে সেই তপস্বীৰ চৰণ,
পৰাজিত শত্ৰুক প্ৰণিপাত কৰাও বীৰৰ কীৰ্তিৰ কাৰণ।
ৰাঘবোঽপি চৰণৌ তপোনিধেঃ ক্ষম্যতামিতি বদন্সমস্পৃশৎ |
নির্জিতেষু তৰসা তৰস্বিনাং শত্রুষু প্রণতিৰেব কীর্তয়ে || ১১-৮৯||
পৰশুৰামে ক’লে-
তুমি মোৰ মাতৃৰ পৰা প্ৰাপ্ত ৰজোগুণ কৰিলা দূৰ,
অৱলম্বন কৰিলোঁ পৈত্ৰক শান্তি-সংযমগুণ,
এই শুভ-নিগ্ৰহো মোৰ বাবে হ’ল অনুগ্ৰহ।
ৰাজসৎবমবধূয় মাতৃকং পিত্র্যমস্মি গমিতঃ শমং যদা |
নন্বনিন্দিতফলো মম ৎবয়া নিগ্রহোঽপ্যয়মনুগৃহীকৃতঃ || ১১-৯০||
দেৱকাৰ্য সাধনাৰ্থে আহিছা ধৰালৈ, তোমাৰ হওক মংগল,
মই বিদায় ল’লো, বুলি লক্ষ্মণৰ অগ্ৰজক কৈ ঋষি হ’ল অন্তৰ্ধান।
সাধয়াম্যহমবিঘ্নমস্তু তে দেবকার্যমুপপাদয়িষ্যতঃ |
ঊচিবানিতি বচঃ সলক্ষ্মণং লক্ষ্মণাগ্রজমৃষিতিৰোদধে || ১১-৯১||
তেওঁ বিদায় লোৱাৰ পিছত সস্নেহে পিতাই
আলিংগন কৰিলে বিজয়ী ৰামক যেন হ’ল পুনৰ্জন্ম,
ক্ষণিকৰ দুখৰ পাছত যেন পালে সকাহ,
দাবানলত জ্বলা বৃক্ষত যেন হ’ল বৃষ্টিপাত ।
তস্মিন্গতে বিজয়িনং পৰিৰভ্য ৰামং
স্নেহাদমন্যত পিতা পুনৰেব জাতম্ |
তস্যাভবৎক্ষণশুচঃ পৰিতোষলাভঃ
কক্ষাগ্নিলঙ্ঘিততৰোৰিব বৃষ্টিপাতঃ || ১১-৯২||
তাৰ পাছত মহাদেৱ যেন দশৰথে পথত নিৰ্মিত তামিঘৰাত
কটাই কেইটামান দিন, প্ৰৱেশ কৰিলে অযোধ্যাত ।
সীতাদৰ্শনৰ বাবে উৎসুক নগৰৰ নাৰীয়ে
জুমি চোৱা গৱাক্ষসমূহত যেন পদুম ফুলিলে ।
অথ পথি গময়িৎবা কৢপ্তৰম্যোপকার্যে
কতিচিদবনিপালঃ শর্বৰীঃ শর্বকল্পঃ |
পুৰমবিশদয়োধ্যাং মৈথিলীদর্শনীনাং
কুবলয়িতগবাক্ষাং লোচনৈৰঙ্গনানাম্ || ১১-৯৩||
(কালিদাস ৰচিত ৰঘুবংশৰ একাদশ অধ্যায় সমাপ্ত)
ইতি শ্রীৰঘুবংশে মহাকাব্যে কবিশ্রীকালিদাসকৃতৌ সীতবিৱাহবর্ণনো নামৈকাদশঃ সর্গঃ ||
|| ১২শ অধ্যায় ||
সকলো বিষয়সুখ উপভোগ কৰি
দশৰথ উপনীত হ’ল জীৱনৰ শেষপ্ৰান্তত,
দোকমোকালিৰ বন্তিৰ দৰে জীৱনশিখা নিষ্প্ৰভ হ’ল ।
নির্দিষ্টবিষয়স্নেহঃ স দশান্তমুপেয়িবান্ |
আসীদাসন্ননির্বাণঃ প্রদীপার্চিৰিবোষসি|| ১২-১||
জৰাই পক্ককেশৰ ৰূপত কাণৰ কাষলৈ আহি
যেন কাণে কাণে ক’লে কৈকেয়ীৰ ভয়ত,
অৰ্পণ কৰা ৰাজলক্ষ্মীক ৰামৰ হাতত ।
তং কর্ণমূলমাগত্য ৰামে শ্রীর্ন্যস্যতামিতি |
কৈকেয়ীশঙ্কয়েএবাহ পলিতচ্ছদ্মনা জৰা|| ১২-২||
উপকুলৰ ওপচা পানীয়ে উদ্যানৰ তৰু সেউজ কৰাৰ দৰে,
ৰামৰ অভিষেকৰ বাতৰিত নগৰবাসীৰ মন ভৰিল ৰঙেৰে।
সা পৌৰান্পৌৰকান্তস্য ৰামস্যাভ্যুদয়শ্রুতিঃ |
প্রত্যেকং হ্রাদয়াংচক্রে কুল্যেনোদ্যানপাদপান্|| ১২-৩||
পিছে কৈকেয়ীৰ ক্ৰূৰ চিন্তাত আছিল বিষাক্ত পৰিকল্পনা,
শোকাৰ্ত চকুলোৰে দূষিত কৰিলে অভিষেকৰ জল্পনা-কল্পনা।
তস্যাভিষেকসংভাৰে কল্পিতং ক্রূৰনিশ্চয়া |
দূষয়ামাস কৈকেয়ী শোকোষ্ণৈঃ পার্থিবাশ্রুভিঃ|| ১২-৪||
বৰ্ষাসিক্ত মাটিয়ে গাঁতত লুকোৱা দুটা সাপ নিৰ্গত কৰাৰ দৰে,
সেই কালিকামূৰ্তিয়ে মাঁগিলে পূৰ্বৰ দুটি বৰ ছলে-বলে-কৌশলে।
সা কিলাশ্বাসিতা চণ্ডী ভর্ত্রা তৎসংশ্রুতৌ বৰৌ |
উদ্ববামেন্দ্রসিক্তা ভূর্বিলমগ্নাবিবোৰগৌ|| ১২-৫||
তাৰ এটা বৰত বিচাৰিলে ৰামৰ বনবাস চৌধবছৰ,
দ্বিতীয় বৰত বিচাৰিলে ৰাজ্যভাৰ নিজ পুত্ৰ ভৰতৰ.
বৰ নহয় যেন ইয়াৰ ফল বৈধব্য নিজৰ ।
তয়োশ্চতুর্দশৈকেন ৰামং প্রাব্রাজয়ৎসমাঃ |
দ্বিতীয়েন সুতস্যৈচ্ছদ্বৈধব্যৈকফলাং শ্রিয়ম্|| ১২-৬||
পিতৃদত্ত ৰাজ্যভাৰ সিক্ত নয়নেৰে গ্ৰহণ কৰিছিল ৰামে,
পিতাই দিয়া বনবাসৰ আদেশো তেওঁ গ্ৰহণ কৰিলে সুখীমনে ।
পিত্রা দত্তং ৰুদন্রামঃ প্রাঙ্মহীং প্রত্যপদ্যত |
পশ্চাদ্বনায় গচ্ছেতি তদাজ্ঞাং মুদিতোঽগ্রহীৎ|| ১২-৭||
প্ৰজাই দেখিলে বিস্মিত নেত্ৰে
পাতৰ ক্ষৌমবস্ত্ৰ পিন্ধি যি মুখৰ ভাব
বাকলি-বসন পিন্ধিও একেই সমান ভাব,
সলনি নহ’ল অলপো ।
দধতো মঙ্গলক্ষৌমে বসানস্য চ বল্কলে |
দদৃশুর্বিস্মিতাস্তস্য মুখৰাগং সমং জনাঃ|| ১২-৮||
ৰামে সীতা আৰু লক্ষ্মণক লগত লৈ,
পিতাৰ বচন ৰক্ষা কৰি,
প্ৰবেশ কৰিলে দণ্ডকাৰণ্যত,
বনবাসী সজ্জনৰ পূৰ্ণ কৰি মন।
স সীতালক্ষ্মণসখঃ সত্যাদ্গুৰুমলোপয়ন্ |
বিবেশ দণ্ডকাৰণ্যং প্রত্যেকং চ সতাং মনঃ|| ১২-৯||
দশৰথে স্মৰণ কৰিলে নিজ পাপৰ ফলত পোৱা অভিশাপ,
শুদ্ধিৰ বাবে কৰিব খুজিলে দেহত্যাগ পুত্ৰ বিচ্ছেদৰ শোকত ।
ৰাজাপি তদ্বিয়োগার্তঃ স্মৃৎবা শাপং স্বকর্মজম্ |
শৰীৰত্যাগমাত্রেণ শুদ্ধিলাভমন্যত|| ১২-১০||
ৰাজপুত্ৰসকলৰ অনুপস্থিতিত দেহাৱসান ঘটিল পিতৃৰ ,
ছিদ্ৰসন্ধানী শতৰুৰ সুবৰ্ণ সুযোগ ৰাজ্য কাঢ়ি লোৱাৰ ।
বিপ্রোষিতকুমাৰং তদ্রাজ্যমস্তমিতেশ্বৰম্ |
ৰন্ধ্রান্বেষণদক্ষাণাং দ্বিষামামিষততাং যয়ৌ|| ১২-১১||
অনাথ প্ৰজাসকলে হ’ল নিৰুপায়,
মোমায়েকৰ ঘৰত থকা ভৰতক আনিলেগৈ
অমাত্যসকলে সকলো সময়তে অশ্ৰু লুকুৱাই ।
অথানাথাঃ প্রকৃতয়ো মাতৃবন্ধুনিবাসিনম্ |
মৌলৈৰানায়য়ামাসুর্ভৰতং স্তম্ভিতাশ্রুভিঃ|| ১২-১২||
কৈকেয়ীৰ পুত্ৰই এনে পৰিস্থিতিত পিতাৰ মৃত্যু হোৱা শুনি
বিতৃষ্ণ হ’ল মাতৃৰ প্ৰতি আৰু বীতশ্ৰদ্ধ হ’ল ৰাজ্যলক্ষ্মীৰ প্ৰতি ।
শ্রুৎবা তথাবিধং মৃত্যুং কৈকেয়ীতনয়ঃ পিতুঃ |
মাতুর্ন কেবলং স্বস্যাঃ শ্রিয়োঽপ্যাসীৎপৰাঙ্মুখঃ|| ১২-১৩||
সৈন্যসামন্ত লৈ তেওঁ ওলাল ৰামৰ সন্ধানত,
বনৰ আশ্ৰমবাসীয়ে তেওঁক দেখুৱালে পথ ।
চকুপানী টুকি টুকি তেওঁ গ’ল আগবাঢ়ি,
ৰাম-লক্ষ্মণে জিৰোৱা তৰু-বৃক্ষ লেখি লেখি ।
সসৈন্যশ্চান্বগাদ্রামং দর্শিতানাশ্রমালয়ৈঃ |
তস্য পশ্যন্সসৌমিত্রেৰুদশ্রুর্বসতিদ্রুমান্|| ১২-১৪||
চিত্ৰকূট বনত আহি ভৰতে লগ পালে ৰামক
জনালে পিতা স্বৰ্গগামী হোৱাৰ সংবাদ ।
ৰাজলক্ষ্মীক গ্ৰহণ কৰিবলৈ ৰামক কৰিলে অনুৰোধ,
ৰাম অবিহনে কোনেও কৰা নাই স্পৰ্শ ৰাজ্যৰ সম্পদ ।
চিত্রকূটবনস্থং চ কথিতস্বর্গতির্গুৰোঃ |
লক্ষ্ম্যা নিমন্ত্রয়াংচক্রে তমনুচ্ছিষ্টসংপদা|| ১২-১৫||
জ্যেষ্ঠ ভাতৃয়ে ৰাজ্যভাৰ গ্ৰহণ নকৰিলে
যদি কণিষ্ঠই কৰে শাসনভাৰ গ্ৰহণ,
তেন্তে জ্যেষ্ঠ ভাতৃক অবিৱাহিত ৰাখি
কণিষ্ঠই পত্নীগ্ৰহণৰ অপৰাধ হয় ।
স হি প্রথমজে তস্মিন্নকৃতশ্রীপৰিগ্রহে |
পৰিবেত্তাৰমাত্মানং মেনে স্বীকৰণাদ্ভুবঃ|| ১২-১৬||
স্বৰ্গীয় পিতৃৰ আদেশ ৰামে কদাপি নকৰিলে উলংঘা
ভৰতে ৰাজ্যৰ অধিপতি কৰিবলৈ বিচাৰিলে ভাতৃৰ পাদুকা।
তমশক্যমপাক্রষ্টুং নিদেশাৎস্বর্গিণঃ পিতুঃ |
যয়াচে পাদুকে পশ্চাৎকর্তুং ৰাজ্যাধিদেবতে|| ১২-১৭||
সেয়ে হওক বুলি ভাতৃয়ে বিদায় দিলে তেওঁক,
পিছে অযোধ্যা নগৰীলৈ ঘূৰি নগ’ল ভৰত,
নন্দিগ্ৰামত বাহৰ পাতি থাকি ৰক্ষক হ’ল
ৰামৰ সঞ্চিত ধনৰ দৰে ৰাজ্যৰ ।
স বিসৃষ্টস্তথেত্যুক্ত্বা ভ্রাত্রা নৈবাবিশৎপুৰীম্ |
নন্দিগ্রামগতস্তস্য ৰাজ্যং ন্যাসমিবাভুনক্|| ১২-১৮||
জ্যেষ্ঠ ভাতৃৰ ৰামৰ আছিল পৰম ভক্ত,
সেয়ে ৰাজভোগত সমূলি নাছিল আসক্ত।
এনেকৈয়ে ভৰতে কৰিলে মাতৃৰ পাপৰ প্ৰায়শ্চিত্ত ।
দৃঢভক্তিৰিতি জ্যেষ্ঠে ৰাজ্যতৃষ্ণাপৰাঙ্মুখঃ |
মাতুঃ পাপস্য ভৰতঃ প্রায়শ্চিত্তমিবাকৰোৎ|| ১২-১৯||
বৈদেহী আৰু লক্ষ্মণৰ সৈতে ৰাম থাকিল বনবাসত,
নৱযুৱক যদিও বৃদ্ধ ইক্ষ্বাকুসকলৰ দৰে ধৰি সংযমব্ৰত ।
ৰামোঽপি সহ বৈদেহ্যা বনে বন্যেন বর্তয়ন্ |
চচাৰ সানুজঃ শান্তো বৃদ্ধেক্ষ্বাকুব্রতং যুবা|| ১২-২০||
এদিন এজোপা বৃক্ষৰ ছায়া নিজ মহিমাৰে স্থিৰ কৰি,
সীতাৰ কোলাত মূৰ থৈ ক্লান্ত ৰামে লৈছিল জিৰণি ।
প্রভাবস্তম্ভিতচ্ছায়মাশ্রিতঃ স বনস্পতিম্ |
কদাচিদঙ্কে সীতায়াঃ শিশ্যে কিংচিদিব শ্রমাৎ|| ১২-২১||
হঠাতে এটা দুষ্ট কাউৰী আহি
নখেৰে আঁচুৰিলে সীতাৰ স্তন,
নিশ্চয় সি ভেশধাৰী ইন্দ্ৰপুত্ৰ,
স্বামীৰ নখচিহ্ন দেখি অতিকৈ হৈ ঈৰ্ষান্বিত।
ঐন্দ্রঃ কিল নখৈস্তস্যা বিদদাৰ স্তনৌ দ্বিজঃ |
প্রিয়োপভোগচিহ্নেষু পৌৰোভাগ্যমিবাচৰন্|| ১২-২২||
সীতাৰ মাতত সাৰ পাই ৰামে নিক্ষেপ কৰিলে শণখেৰৰ শৰ,
আতাতায়ীয়ে তাৰ এটা চকু হেৰুৱালে যদিও ৰক্ষা পৰিল জীৱন ।
(এই কাহিনী ইন্দ্ৰপুত্ৰ জয়ন্তৰ এটা চকু কণা হোৱা আখ্যানৰ)
তস্মিন্নস্থদিষীকাস্ত্রং ৰামো ৰামাববোধিতঃ |
আত্মানং মুমুচে তস্মাদেকনেত্রব্যয়েন সঃ|| ১২-২৩||
ভৰত পুনৰ আহিব পাৰে তেওঁক বিচাৰি,
সেই আশংকা কৰি ৰাম গ’ল আঁতৰি,
চঞ্চল হৰিণ ভৰা নিকটৱৰ্তী চিত্ৰকূট এৰি ।
ৰামস্ত্বাসন্নদেশৎবাদ্ভতাগমনং পুনঃ |
আশঙ্ক্যোৎসুকসাৰঙ্গাং চিত্রকূটস্থলীং জহৌ|| ১২-২৪||
পথে পথে কটাই অতিথিবৎসল মুনিৰ আশ্ৰমত
ৰাম দক্ষিণ দিশে গ’ল,
বৰ্ষাৰ অন্তত যেনেকৈ সূৰ্যৰ দক্ষিণায়ণ হয় ।
প্রয়য়াবাতিথেয়েষু বসন্নৃষিকুলেষু সঃ |
দক্ষিণাং দিশমৃক্ষেষু বার্ষিকেষ্বিব ভাস্কৰঃ|| ১২-২৫||
কৈকেয়ীয়ে বাৰণ কৰা সত্ত্বেও
তেওঁ লগত গৈছে বিদেহৰাজৰ নন্দিনী,
যেন ৰামৰ পিছে পিছে শোভায়মান ৰাজলক্ষ্মী ।
বভৌ তমনুগচ্ছন্তী বিদেহাধিপতেঃ সুতা |
প্রতিষিদ্ধাপি কৈকেয়্যা লক্ষ্মীৰিব গুণোন্মুখী|| ১২-২৬||
অনসূয়াই কৰি দিছিল তেওঁক অংগৰাগ,
যাৰ পবিত্ৰ গন্ধত ভোমোৰাই ফুল এৰি
কাষ চাপি আহিল সীতাৰ ।
অনসূয়াতিসৃষ্টেন পুণ্যগন্ধেন কাননম্ |
সা চকাৰাঙ্গৰাগেণ পুষ্পোচ্চলিতষট্পদম্|| ১২-২৭||
হঠাতে ৰাহুৱে চন্দ্ৰৰ পথ অৱৰোধ কৰাৰ দৰে,
সন্ধিয়াৰ মেঘৰ দৰে ৰঙচুৱা বিৰাধ নামে ভয়ংকৰ ৰাক্ষসে,
ৰামৰ পথ অৱৰোধ কৰি থিয় দিলে ।
সংধ্যাভ্রকপিশস্তস্য বিৰাধো নাম ৰাক্ষসঃ |
অতিষ্ঠন্মার্গমাবৃত্য ৰামস্যেন্দোৰিব গ্রহঃ|| ১২-২৮||
আবতৰীয়া খৰাঙে শাওন আৰু ভাদৰ মাজৰ পৰা
বৰষুণ হৰণ কৰাৰ দৰে,
নৰভক্ষী ৰাক্ষসে ৰাম আৰু লক্ষ্মণৰ মাজৰ পৰা
সীতাক হৰণ কৰিলে ।
স জহাৰ তয়োর্মধ্যে মৈথিলীং লোকশোষণঃ |
নভোনভস্যয়োর্বৃষ্টিমবগ্রহ ইবান্তৰে|| ১২-২৯||
দুই কাকুস্থই মিলি তাক বধ কৰিলে,
বন দূষিত হয় বুলি অপবিত্ৰ গোন্ধত মৃতদেহৰ,
সমাধিস্থ কৰিলে দেহ সেই ৰাক্ষসৰ ।
তং বিনিষ্পিষ্য কাকুৎস্থৌ পুৰা দূষয়তি স্থলীম্ |
গন্ধেনাশুচিনা চেতি বসুধায়াং নিচখ্নতুঃ|| ১২-৩০||
তাৰ পাছত ঋষি অগস্ত্যৰ আদেশত পঞ্চৱটীত থাকিল ৰাম,
বিন্ধ্য যিদৰে নত হৈছিল বন্ধ কৰি ক্ৰমবৃদ্ধি সেই ঋষিৰ আদেশত ।
(আখ্যান আছে যে অগস্ত্য মুনিয়ে সাগৰ আৰু পৰ্বতৰ সীমা বান্ধি দিছিল)
পঞ্চবট্যাং ততো ৰামঃ শাসনাৎকুম্ভজন্মনঃ |
অনপোঢস্থিতিস্তস্থৌ বিন্ধ্যাদ্রিঃ প্রকৃতাবিব|| ১২-৩১||
ৰামক দেখি কামাতুৰা হ’ল ৰাৱণভগ্নী,
যেন গ্ৰীষ্মত চন্দন গছত আশ্ৰয় লোৱা সৰ্পিনী ।
ৰাবণাবৰজা তত্র ৰাঘবং মদনাতুৰা |
অভিপেদে নিদাঘার্তা ব্যালীব মলয়দ্রুমম্|| ১২-৩২||
নিজ পৰিচয় দি ৰামক প্ৰেম নিৱেদিলে সীতাৰ সম্মুখতে,
স্থান-কালৰ জ্ঞান পাহৰি যায় কামাতুৰা নাৰীয়ে ।
সা সীতাসংনিধাবেব তং বব্রে কথিতান্বয়া |
অত্যাৰূঢো হি নাৰীণামকালজ্ঞো মনোভবঃ|| ১২-৩৩||
কামান্ধ ৰাক্ষসীক ক’লে বৃষভৰ দৰে কান্ধৰ ৰামচন্দ্ৰই ,
বিৱাহিত পত্নী আছে মোৰ, তুমি যোৱা মোৰ ভাইৰ কাষলৈ ।
কলত্রবানহং বালে কনীয়াংসং ভজস্ব মে|
ইতি ৰামো বৃষস্যন্তীং বৃষস্কন্ধঃ শশাস তাম্|| ১২-৩৪||
প্ৰথমে জ্যেষ্ঠৰ ওচৰলৈ যোৱা ৰাক্ষসীক বিমুখ কৰিলে লক্ষ্মণে,
পুনৰ ঘূৰিল তাই ৰামৰ কাষলৈ, যেন নদীৰ পানীয়ে ঢৌৱায় দুই কূলকে ।
জ্যেষ্ঠাভিগমনাৎপূর্বং তেনাপ্যনভিনন্দিতাম্ |
সাঽভূদ্রামাশ্রয়া ভূয়ো নদীবোভয়কূলভাক্|| ১২-৩৫||
বতাহ নবলিলেও যিদৰে চন্দ্ৰ উদয়ত জোৱাৰ উঠে সাগৰত,
সীতাৰ মুখৰ মিচিকি হাঁহিয়ে ক্ষোভিত কৰিলে ৰাক্ষসীক ।
সংৰম্ভং মৈথিলীহাসঃ ক্ষণসৌম্যাং নিনায় তাম্ |
নিবাতস্তিমিতাং বেলাং চন্দ্রোদয় ইবোদধেঃ|| ১২-৩৬||
‘তই মোক এনেকৈ হঁহাৰ ফল শীঘ্ৰেই পাবি,
হৰিণীয়ে যেন বাঘিনীক উপহাস কৰিলি ।’
ফলমস্যোপহাসস্য সদ্যঃ প্রাপ্স্যসি পশ্য মাম্ |
মৃগ্যাঃ পৰিভবো ব্যাঘ্র্যামিত্যবেহি ৎবয়া কৃতম্|| ১২-৩৭||
ৰাক্ষসীৰ হুংকাৰ শুনি সীতাই
ভয়ত আশ্ৰয় ল’লে স্বামীৰ দুবাহুৰ মাজত,
এৰি শূৰ্পনখাই ৰূপ দিব্যনাৰীৰ,
ধৰিলে নিজ নামৰ দৰে ৰূপ ভয়ংকৰ ।
ইত্যুক্ত্বা মৈথিলীং ভর্তুৰঙ্কে নিবিশতীং ভয়াৎ |
ৰূপং শূর্পণখা নাম্নঃ সদৃশং প্রত্যপদ্যত|| ১২-৩৮||
প্ৰথমে শুনিছিল কোকিলৰ দৰে মাত সুমধুৰ,
তাৰ পাছতে শিয়ালৰ ৰাৱ যেন কণ্ঠ শুনি,
লক্ষ্মণে বুজিলে এয়া কোনো মায়াৱিনী ।
লক্ষ্মণঃ প্রথমং শ্রুৎবা কোকিলামঞ্জুবাদিনীম্ |
শিবাঘোৰস্বনাং পশ্চাদ্বুবুধে বিকৃতেতি তাম্|| ১২-৩৯||
ক্ষিপ্ৰতাৰে লক্ষ্মণ সোমাল পৰ্ণকুটীৰত,
ওলাই আহিল খোলা তৰোৱাল হাতত লৈ
বিৰূপ ৰাক্ষসীক কৰিলে আৰু বিকৃত ।
পর্ণশালামথ ক্ষিপ্রং বিকৃষ্টাসিঃ প্রবিশ্য সঃ |
বৈৰূপ্যপৌনৰুক্ত্যেন ভীষণাং তাময়োজয়ৎ|| ১২-৪০||
আঁকোৰা নখ, বাঁহৰ গাঁথিৰ দৰে পাবৰ,
কাঁইটৰ দৰে আঙুলি জোকাৰি,
শূন্যলৈ জঁপিয়ালে তাই বিকট চিঞৰ মাৰি ।
সা বক্রনখধাৰিণ্যা বেণুকর্কশপর্বয়া |
অঙ্কুশাকাৰয়াঙ্গুল্যা তাবতর্জয়দম্বৰে|| ১২-৪১||
তেতিয়াই গৈ শূৰ্পনখা উপস্থিত হ’ল নিজ স্থানত,
ৰামৰ প্ৰাদুৰ্ভাৱৰ নতুন কাহিনী শুনালে খৰ আদি ৰাক্ষসক।
প্রাপ্য চাশু জনস্থানং খৰাদিভ্যস্তথাবিধম্ |
ৰামোপক্রমমাচখ্যৌ ৰক্ষঃপৰিভবং নবম্|| ১২-৪২||
যাত্ৰা কৰিলে ৰাক্ষসে মুখাৱয়ব ক্ষত-বিক্ষত তাইক আগত লৈ,
ৰামৰ বিৰুদ্ধে কৰা অভিযানৰ ইয়েই আছিল অমংগলৰ চিন ।
মুখাবয়বলূনাং তাং নৈৰৃতা যৎপুৰো দধুঃ |
ৰামাভিয়ায়িনাং তেষাং তদেবাভূদমঙ্গলম্|| ১২-৪৩||
অহংকাৰী ৰাক্ষসৰ দল ধাৱমান হ’ল অস্ত্ৰ দাঙি,
বিজয় চিন্তিলে ৰামে হাতে ধনু ধৰি,
সীতাৰ ৰক্ষাৰ ভাৰ লক্ষ্মণক দি ।
উদায়ুধানাৎপততস্তান্দৃপ্তান্প্রেক্ষ্য ৰাঘবঃ |
নিদধে বিজয়াশংসাং চাপে সীতাং চ লক্ষ্মণে|| ১২-৪৪||
হাজাৰ-বিজাৰ ৰাক্ষস যদিও অকলশৰীয়া দাশৰথি,
প্ৰত্যেক ৰাক্ষসে দেখিলে সমৰত একোজনকৈ ৰাম পৰাক্ৰমী।
একো দাশৰথিঃ কামং যাতুধানাঃ সহস্রশঃ |
তে তু যাবন্ত এবাজৌ তাবাংশ্চ দদৃশে স তৈঃ|| ১২-৪৫||
শুদ্ধাচাৰী কাকুস্থই কোনো অৱগুণ সহ্য নকৰাৰ দৰে,
অশিষ্ট ৰাক্ষস দূষণকো সহ্য নকৰিলে ৰামে ।
অসজ্জনেন কাকুৎস্থঃ প্রয়ুক্তমথ দূষণম্ |
ন চক্ষমে শুভাচাৰঃ স দূষণমিবাত্মনঃ|| ১২-৪৬||
শৰবৰ্ষণেৰে সংহাৰ কৰি দূষণক,
নিহত কৰিলে খৰ আৰু ত্ৰিশিৰাক ।
একেৰাহে এডাল এডালকৈ নিক্ষেপ কৰা বাণ
যেন একেলগে ওলাই অহা শৰৰ প্ৰৱাহ ।
তং শৰৈঃ প্রতিজগ্রাহ খৰত্রিশিৰসৌ চ সঃ |
ক্রমশস্তে পুনস্তস্য চাপাৎসমমিবোদ্যয়ুঃ|| ১২-৪৭||
তীব্ৰবেগত শৰীৰ ভেদ কৰি পাৰ হৈ গ’ল বাণ,
নালাগিল তেজ আগৰ দৰেই পৰিষ্কাৰ ।
তীক্ষ্ণ বাণে কৰিলে মাত্ৰ আয়ুপান,
চিলনী-শগুনেহে কৰিলে ৰক্তপান ।
তৈস্ত্রয়াণাং শিতৈর্বাণৈর্যথাপূর্ববিশুদ্ধিভিঃ |
আয়ুর্দেহাতিগৈঃ পীতং ৰুধিৰং তু পতত্রিভিঃ|| ১২-৪৮||
ৰামৰ শৰত বিশাল ৰাক্ষসবাহিনী হ’ল ছিন্ন-ভিন্ন,
অন্য একো নাথাকিল নাচি থাকিল মুণ্ডহীন কৱন্ধ ।
তস্মিন্রামশৰোৎকৃত্তে বলে মহতি ৰক্ষসাম্ |
উত্থিতং দদৃশেঽন্ন্যচ্চ কবন্ধেভ্যো ন কিংচন|| ১২-৪৯||
ৰামৰ সৈতে যুঁজি যুঁজি শুই পৰিল ৰাক্ষসবাহিনী
শগুণৰ প্ৰসাৰিত পাখিৰ ছাঁত,
ৰামৰ অজস্ৰ বাণবৰ্ষণত চিৰনিদ্ৰাত ।
সা বাণবর্ষিণং ৰামং যোধয়িৎবা সুৰদ্বিষাম্ |
অপ্রবোধায় সুষ্বাপ গৃধ্রচ্ছায়ে বৰূথিনী|| ১২-৫০||
সকলো ৰাক্ষস হ’ল নিহত একমাত্ৰ শূৰ্পনখাৰ বাহিৰে,
তাই ৰ’ল ৰাৱণক ৰাক্ষস নিধনৰ সেই দুঃসংবাদ দিবলৈ ।
ৰাঘবাস্ত্রবিদীর্ণানাং ৰাবণং প্রতি ৰক্ষসাম্ |
তেষাং শূর্পণখৈবৈকা দুষ্প্রবৃত্তিহৰাঽভবৎ|| ১২-৫১||
ভগ্নীৰ অংগছেদ আৰু আত্মীয় ৰাক্ষসৰ নিধনৰ বাৰ্তাত
ৰামচন্দ্ৰই যেন পদাঘাত কৰিলে ৰাৱণৰ দশমস্তকত।
নিগ্রহাৎস্বসুৰাপ্তানাং বধাচ্চ ধনদানুজঃ |
ৰামেণ নিহিতং মেনে পদং দশসু মূর্ধসু|| ১২-৫২||
মৃগৰূপ ধাৰণ কৰা ৰাক্ষসৰ সহায়ত,
ৰাঘৱ ভাতৃদ্বয়ক ছলনাৰে ৰাৱণে হৰিলে সীতাক,
জটায়ুৰ বাধাৰ প্ৰয়াসৰ বাহিৰে বিঘিনি নাপালে বাটত ।
ৰক্ষসা মৃগৰূপেণ বঞ্চয়িৎবা স ৰাঘবৌ |
জহাৰ সীতাং পক্ষীন্দ্রপ্রয়াসক্ষণবিঘ্নিতঃ|| ১২-৫৩||
সীতাৰ অন্বেষণত দুয়ো ভায়ে বাটত দেখিলে পাখি কটা গৃধপক্ষীক,
দশৰথৰ প্ৰীতিঋণ পৰিশোধ কৰি জটায়ুৰ তেতিয়া প্ৰাণ কণ্ঠগত।
তৌ সীতাবেষিণৌ গৃধ্রং লূনপক্ষমপশ্যতাম্ |
প্রাণৈর্দশৰথপ্রীতেৰনৃণং কণ্ঠবর্তিভিঃ|| ১২-৫৪||
সীতাক হৰণ কৰিছে ৰাৱণে সেই বৃত্তান্ত দিলে,
কি দৰে যুঁজিছিলে সীতাৰ ৰক্ষাৰ বাবে,
দেহৰ ক্ষতেৰেই মহৎকৰ্ম প্ৰকট কৰি মৃত্যুক বৰিলে ।
স ৰাবণহৃতাং তাভ্যাং বচসাচষ্ট মৈথিলীম্ |
আত্মনঃ সুমহৎকর্ম ব্রণৈৰাবেদ্য সংস্থিতঃ|| ১২-৫৫||
ৰাম-লক্ষ্মণে পুনৰ পিতৃবিয়োগৰ শোক অনুভৱ কৰিলে,
পিতাৰ দৰেই অগ্নিসংস্কাৰ কৰি শ্ৰাদ্ধাদি সম্পন্ন কৰিলে ।
তয়োস্তস্মিন্নবীভূতপিতৃব্যাপতিশোকয়োঃ |
পিতৰীবাগ্নিসংস্কাৰাৎপৰা ববৃতিৰে ক্রিয়াঃ|| ১২-৫৬||
ইয়াৰ পাছতে ৰামে নিজহাতে কৱন্ধক সংহাৰ কৰি শাপমুক্ত কৰিলে,
তেওঁৰ পৰামৰ্শক্ৰমেই সখিত্ব কৰিলে সমভাগী বানৰ সুগ্ৰীৱৰ সৈতে ।
বধনির্ধূতশাপস্য কবন্ধস্যোপদেশতঃ |
মুমূর্চ্ছ সখ্যং ৰামস্য সমানব্যসনে হৰৌ|| ১২-৫৭||
ইয়াৰ পাছতে ৰামে বালিক বধ কৰি
সুগ্ৰীৱক থাপিলে চিৰ আকাংক্ষিত সিংহাসনত,
স্ব-ধাতুৰ সৈতে ক্ৰিয়া সংয়ুক্ত হোৱাৰ দৰে অধিস্থিত হ’ল সুগ্ৰীৱ ।
স হৎবা বালিনং বীৰস্তৎপদে চিৰকাঙ্ক্ষিতে |
ধাতোঃ স্থান ইবাদেশং সুগ্রীবং সংন্যবেশয়ৎ|| ১২-৫৮||
ৰজাৰ আদেশত অসংখ্য বানৰ নামিল সীতাৰ সন্ধানত,
চাৰিও দিশে কৰিলে বিচৰণ পূৰণ কৰিবলৈ ৰামৰ মনোৰথ ।
ইতস্ততশ্চ বৈদেহীমন্বেষ্টুং ভর্তৃচোদিতাঃ |
কপয়শ্চেৰুৰার্তস্য ৰামস্যেব মনোৰথাঃ|| ১২-৫৯||
সীতাৰ সন্ধানত যোৱা মাৰুতি হনুমানে দেখা পালে সম্পাতিক,
দীৰ্ঘদৃষ্টিৰ সম্পাতিয়ে বৃত্তান্ত দিলে জানকীৰ ।
নিৰাসক্ত মানুহে যেনেকৈ নিৰুদ্বেগ হৈ সংসাৰ হয় পাৰ,
তেনেকৈয়ে সহজেই পৱননন্দন হ’ল সাগৰ পাৰ।
প্রবৃত্তাবুপলব্ধায়াং তস্যাঃ সংপাতিদর্শনাৎ |
মাৰুতিঃ সাগৰং তীর্ণঃ সংসাৰমিব নির্মমঃ|| ১২-৬০||
লংকা নগৰীত বিচাৰি বিচাৰি সীতাক দেখা পালে,
ৰাক্ষসীৰ দলে তেওঁক ঘেৰি আছে ।
যেন মহৌষধিক বিষাক্ত লতাই মেৰাই ধৰিছে ।
দৃষ্টা বিচিন্বতা তেন লঙ্কায়াং ৰাক্ষসীবৃতা |
জানকী বিষবল্লীভিঃ পৰিতেব মহৌষধিঃ|| ১২-৬১||
স্বামী ৰামৰ অভিজ্ঞান আঙুঠিটো বানৰে তেওঁক দিলে,
চিনি পাই সেই আঙুঠি সীতাই আনন্দাশ্ৰুৰে আদৰিলে ।
তস্যৈ ভর্তুৰভিজ্ঞানমঙ্গুলীয়ং দদৌ কপিঃ |
প্রত্যুদ্গতমিবানুষ্ণৈস্তদানন্দাশ্রুবিন্দুভিঃ|| ১২-৬২||
প্ৰিয়তমৰ সকলো খবৰ দি হনুমানে শান্ত কৰিলে সীতাক,
বধ কৰিলে অক্ষৰাক্ষসক, লাঞ্চিত হৈ ৰাক্ষসৰ হাতত,
দাহ কৰিলে লংকা নগৰীক ।
নির্বাপ্য প্রিয়সংদেশৈঃ সীতামক্ষবধোদ্ধতঃ |
স দদাহ পুৰীং লঙ্কাং ক্ষণসোঢাৰিনিগ্রহঃ|| ১২-৬৩||
লংকাদাহৰ অন্তত সীতাৰ পৰা ল’লে অভিজ্ঞান ৰত্ন,
মূৰ্তিমান সীতাৰ হৃদয়খনি যেন আনি দিলেহি ৰামৰ হাতত।
প্রত্যভিজ্ঞানৰত্নং চ ৰামায়াদর্শয়ৎকৃতী |
হৃদয়ং স্বয়মায়াতং বৈদেহ্যা ইব মূর্তিমৎ|| ১২-৬৪||
সীতাৰ বুকুৰ মণিটি দুচকু মুদি ৰামে আঁকোৱালি ল’লে,
পৰশ নাপালেও বুকুৰ, প্ৰিয়াৰ আলিংগন অনুভৱ কৰিলে।
স প্রাপ হৃদয়ন্যস্তমণিস্পর্শনিমীলিতঃ |
অপয়োধৰসংসর্গাং প্রিয়ালিঙ্গননির্বৃতিম্|| ১২-৬৫||
প্ৰিয়াৰ আদ্যোপান্ত বাতৰি শুনি মিলনপ্ৰয়াসী হ’ল দৃঢ়প্ৰতিজ্ঞ ৰাম,
লংকাৰ চৌপাশৰ মহাসমুদ্ৰক যেন ঠেক গড়খাৱৈৰ সমান ।
শ্রুৎবা ৰামঃ প্রিয়োদন্তং মেনে তৎসঙ্গমোৎসুকঃ |
মহার্ণৱপৰিক্ষেপং লঙ্কায়াঃ পৰিখালঘুম্|| ১২-৬৬||
ৰাম হ’ল অগ্ৰসৰ শত্ৰুনিধনৰ লক্ষ্যত,
অনুগামী হ’ল অসংখ্য বানৰ সৈন্য দুৰ্গম পথত ।
বানৰ সেনা আগুৱাই গ’ল ভূতল আৰু আকাশীপথত ।
স প্রতস্থেঽৰিনাশায় হৰিসৈন্যৈৰনুদ্রুতঃ |
ন কেবলং ভুবঃ পৃষ্ঠে ব্যোম্নি সংবাধবর্তিভিঃ|| ১২-৬৭||
সমুদ্ৰ তীৰত ৰাম উপস্থিত হ’লত শৰণ ল’লেহি বিভীষণে,
লংকাৰ ৰাজলক্ষ্মীয়ে যেন আত্মৰক্ষাৰ বাবে বিভীষণক মতি দিলে ।
নিবিষ্টমুদধেঃ কূলে তং প্রপাদ বিভীষণঃ |
স্নেহাদ্রাক্ষসলক্ষ্ম্যেব বুদ্ধিমাবিশ্য চোদিতঃ|| ১২-৬৮|।
সুফল প্ৰাপ্তি হয় শুভক্ষণত নীতিৰ প্ৰয়োগত,
ৰামে প্ৰতিশ্ৰুতি দিলে দিব নিশাচৰৰ ঐশ্বৰ্য বিভীষণক ।
তস্মৈ নিশাচৰৈশ্বর্যং প্রতিশুশ্রাব ৰাঘবঃ |
কালে খলু সমালব্ধাঃ ফলং বধ্নন্তি নীতয়ঃ|| ১২-৬৯||
তাৰ পাছতে সাগৰৰ নিমখীয়া পানীত,
বান্ধিলে সেতু বানৰ সেনাৰ সহায়ত,
দেখি এনে লাগিল যেন নাৰায়ণৰ শয়নৰ বাবে,
পাতাল এৰি উঠি আহিল অনন্তনাগ ।
স সেতুং বন্ধয়ামাস প্লবগৈর্লবণাম্ভসি |
ৰসাতলাদিবোন্মগ্নং শেষং স্বপ্নায় শার্ঙ্গিণঃ|| ১২-৭০||
সেই পথে সাগৰ পাৰ হৈ তেওঁ বেঢ়ি ধৰিলে লংকাৰ সোণৰ প্ৰাচীৰ,
বানৰৰ সোণালী এক ৰেখাৰে যেন থিয় হ’ল দ্বিতীয় এক সোণৰ প্ৰাচীৰ ।
তেনোত্তীর্য পথা লঙ্কাং ৰোধয়ামাস পিঙ্গলৈঃ |
দ্বিতীয়ং হেমপ্রাকাৰং কুর্বদ্ভিৰিব বানৰৈঃ|| ১২-৭১||
ভয়ংকৰ যুদ্ধ আৰম্ভ হ’ল ৰাক্ষস আৰু বানৰ সেনাৰ,
মুখৰ হ’ল দশোদিশ জয়ধ্বনিত কাকুৎস্থ অথবা পৌলস্ত্যৰ ।
ৰণঃ প্রববৃতে তত্র ভীমঃ প্লবগৰক্ষসাম্ |
দিগ্বিজৃম্ভিতকাকুৎস্থপৌলস্ত্যজয়ঘোষণঃ|| ১২-৭২||
বৰ বৰ গছৰ প্ৰহাৰত গদা গুৰি হ’ল,
শিলা বৰ্ষণত পিষ্ট হ’ল লৌহ মুষল,
তুচ্ছ হ’ল অস্ত্ৰৰ আঘাত নখৰ আঁচোৰত,
মৰিল হাতী পৰ্বতসম শিলাৰ আঘাতত।
পাদপাবিদ্ধপৰিঘঃ শিলানিষ্পিষ্টমুদ্গৰঃ |
অতিশস্ত্রনখন্যাসঃ শৈলৰুগ্ণমতংগজঃ|| ১২-৭৩||
আনফালে, ৰামৰ ছিন্নমুণ্ড দেখি চেতনা হেৰুৱালে সীতাই,
সেয়া ৰাৱণৰ মায়া জনাই জীয়ন দিলে ৰাক্ষসী ত্ৰিজঁটাই ।
অথ ৰামশিৰশ্ছেদদর্শনোদ্ভ্রান্তচেতনাম্ |
সীতাং মায়েতি শংসন্তী ত্রিজটা সমজীবয়ৎ|| ১২-৭৪||
স্বামী আছে কুশলে জীয়াই জানি সীতাই ত্যাগ কৰিলে শোক ,
পিছে ৰামৰ মৃত্যু হৈছে বুলি ভাবিও জীয়াই থাকিল বুলি হ’ল লজ্জিত ।
কামং জীবতি মে নাথ ইতি সা বিজহৌ শুচম্ |
প্রাঙ্মৎবা সত্যমস্যান্তং জীবিতাস্মীতি লজ্জিতা|| ১২-৭৫||
মেঘনাদৰ নাগপাশৰ বন্ধনৰ পৰা মুক্ত কৰিলে আহি গৰুড়ে,
দুই দাশৰথিৰ ক্ষণিকৰ এই ক্লেশ থাকি গ’ল দুঃস্বপ্নৰ দৰে ।
গৰুডাপাতবিশ্লিষ্টমেঘনাদাস্ত্রবন্ধনঃ |
দাশৰথ্যোঃ ক্ষণক্লেশঃ স্বপ্নবৃত্ত ইবাভবৎ|| ১২-৭৬||
পৌলস্ত্য ৰাৱণৰ শক্তিশেলে লক্ষ্মণৰ বুকু বিন্ধিলে ,
ৰামক আঘাত নকৰিলেও শোকে হৃদয় বিদীৰ্ণ কৰিলে ।
ততো বিভেদ পৌলস্ত্যঃ শক্ত্যা বক্ষসি লক্ষ্মণম্ |
ৰামস্ত্বনাহতোঽপ্যাসীদ্বিদীর্ণহৄদয়ঃ শুচা|| ১২-৭৭||
মাৰুতি হনুমানে মহৌষধি আনি জীয়ালে লক্ষ্মণক ,
পুনৰ শৰবৰ্ষণ কৰি কন্দুৱালে লংকাৰ ৰমণীকুলক ।
স মাৰুতিসমানীতমহৌষধিহতব্যথঃ |
লঙ্কাস্ত্রীণাং পুনশ্চক্রে বিলাপাচার্যকং শৰৈঃ|| ১২-৭৮||
শৰত কালে যেনেকৈ মেঘৰ গৰ্জন ৰুদ্ধ কৰে,
আৰু বাৰিষাৰ ইন্দ্ৰধেনু বিলোপ কৰে,
লক্ষ্মণেও মেঘনাদৰ শক্তিশালী ধনু আৰু নাদ
দুয়োটিকে কৰিলে নিপাত ।
স নাদং মেঘনাদস্য ধনুশ্চেন্দ্রায়ুধপ্রভম্ |
মেঘস্যেব শৰৎকালো ন কিঞ্চিৎপর্যশেষয়ৎ|| ১২-৭৯||
কপিৰাজ সুগ্ৰীৱৰ হাতত কুম্ভকৰ্ণৰ দশা হ’ল ভগ্নীৰ দৰে,
শিলাভেদী অস্ত্ৰৰ আঘাতত ৰক্তবৰ্ণ পাহাৰৰ দৰে ,
আগুৱাই গৈ ৰামৰ পথ ভেঁটিলে ।
কুম্ভকর্ণঃ কপীন্দ্রেণ তুল্যাবস্থঃ স্বসুঃ কৃতঃ |
ৰুৰোধ ৰামং শৃঙ্গীব টঙ্কচ্ছিন্নমনঃশিলঃ|| ১২-৮০||
অসময়ত জগাই তোমাৰ প্ৰিয়স্বপ্ন বিঘ্নিত কৰিছে তোমাৰ ভাতৃয়ে,
এই বুলি ৰামে বাণ প্ৰহাৰ কৰি কুম্ভকৰ্ণক চিৰনিদ্ৰাত শুৱাই দিলে ।
অকালে বোধিতো ভ্রাতা প্রিয়স্বপ্নো বৃথা ভবান্ |
ৰামেষুভিৰিতীবাসৌ দীর্ঘনিদ্রাং প্রবেশিতঃ|| ১২-৮১||
ৰাক্ষসৰ সেনা আহি বানৰ সেনাৰ ওপৰত জঁপিয়াই পৰিল আৰু,
এনেকৈ বিলীন হ’ল যেন যুদ্ধভূমিৰ ধূলি মিলি গ’ল ৰাক্ষস-ৰক্তৰ নৈত ।
ইতৰাণ্যপি ৰক্ষাংসি পেতুর্বানৰকোটিষু |
ৰজাংসি সমৰোত্থানি তচ্ছোণিতনদীষ্বিব|| ১২-৮২||
ইয়াৰ পাছত,
নিজ প্ৰাসাদৰ পৰা যুদ্ধৰ বাবে ওলাই আহিল পৌলস্ত্য,
পৃথিৱীত ৰাম থাকিব নে ৰাৱণ সেয়া হ’ব আজি নিশ্চিত।
নির্যয়াবথ পৌলস্ত্যঃ পুনর্যুদ্ধায় মন্দিৰাৎ |
অৰাৱণমৰামং বা জগদদ্যেতি নিশ্চিতঃ|| ১২-৮৩||
ৰামে যুঁজিছে ভূমিৰ পৰা আৰু লংকেশ্বৰ ৰথত উঠি,
ৰামলৈ পঠালে নিজৰ কপিল বৰ্ণৰ ঘোঁৰাৰ ৰথ ইন্দ্ৰই দেখি।
ৰামং পদাতিমালোক্য লঙ্কেশং চ বৰূথিনম্ |
হৰিয়ুগ্যং ৰথং তস্মৈ প্রজিঘায় পুৰংদৰঃ|| ১২-৮৪||
আকাশীগংগাৰ বতাহ লাগি সেই ৰথৰ ধ্বজা আন্দোলিত,
দেৱসাৰথিৰ হাতত ধৰি দেৱৰথত আৰোহণ কৰিলে ৰাঘৱ ।
তমাধূতধ্বজপটং ব্যোমগঙ্গোর্মিবায়ুভিঃ |
দেবসূতভুজালম্বী জৈত্রমধ্যাস্ত ৰাঘবঃ|| ১২-৮৫||
মাতলিয়ে ৰামক পৰিধান কৰালে দেৱৰাজে দিয়া বৰ্ম,
তাত পৰি পদুমফুলৰ পাহিৰ দৰে ব্যৰ্থ হ’ল ৰাক্ষসৰ অস্ত্ৰ।
মাতলিস্তস্য মাহেন্দ্রমামুমোচ তনুচ্ছদম্ |
যত্রোৎপলদলক্লৈব্যমস্ত্রাণ্যাপুঃ সুৰদ্বিষাম্|| ১২-৮৬||
দীৰ্ঘ অপেক্ষাৰ পাছত সুযোগ আহিল
পৰস্পৰ পৰাক্ৰম প্ৰদৰ্শনৰ ৰাম-ৰাৱণৰ ।
দুয়ো দুয়োৰে দৰ্শন কৰি জয়-পৰাজয় নিৰ্ণয়ৰ ।
অন্যোন্যদর্শনপ্রাপ্তবিক্রমাবসৰং চিৰাৎ |
ৰামৰাবণয়োর্যুদ্ধং চৰিতার্থমিবাভবৎ|| ১২-৮৭||
আগৰ দৰে নহয় পৰিৱেষ্টিত অকলশৰীয়া কুবেৰৰ অনুজ,
তথাপি নিজৰে আছিল বহু শিৰ, বহু উৰু, বহু ভূজ,
যুদ্ধভূমিত যেন ৰাৱণ অকলেই সমস্ত মাতৃবংশ ।
ভুজমূর্ধোৰুবাহুল্যাদেকোঽপি ধনদানুজঃ |
দদৃশে হ্যয়থাপূর্বো মাতৃবংশ ইব স্থিতঃ|| ১২-৮৮||
ৰাৱণে জয় কৰিছিল দিকপালসকলক,
নিজ মস্তক আহুতি দিছিল পৰমেশ্বৰক,
যি উভালি লৈছিল কৈলাসপৰ্বত,
তেওঁৰ দৰে বীৰ শত্ৰু পাই সুখী হ’ল ৰামচন্দ্ৰ ।
জেতাৰং লোকপালানাং স্বমুখৈৰর্চিতেশ্বৰম্ |
ৰামস্তুলিতকৈলাসমাৰাতিং বহ্বমন্যত|| ১২-৮৯||
সীতাৰে মিলনৰ সূচনা দি ৰামৰ সোঁবাহু হৈছিল স্পন্দিত,
সেই বাহু ৰাৱণে শৰবিদ্ধ কৰিলে ভীষণ ক্ৰোধত ।
তস্য স্ফুৰতি পৌলস্ত্যঃ সীতাসংগমশংসিনি |
নিচখানাধিকক্রোধঃ শৰং সব্যেতৰে ভুজে|| ১২-৯০||
ৰামৰ বাণেও ভেদ কৰি ৰাৱণৰ বুকুভেদি প্ৰৱেশ কৰিলে পাতালত,
যেন পাতালৰ নাগসকলক দিবলৈ ৰাৱণৰ হৃদয় ভেদ কৰা খবৰ ।
ৰাবণস্যাপি ৰামাস্তো ভিত্ত্বা হৃদয়মাশুগঃ |
বিবেশ ভুবমাখ্যাতুমুৰগেভ্য ইব প্রিয়ম্|| ১২-৯১||
তৰ্কবাদৰ উত্তৰ তেওঁলোকে তৰ্কবাদেৰে কৰিলে,
অস্ত্ৰৰ উত্তৰ দিলে অস্ত্ৰাঘাতেৰে,
বাঢ়ি গ’ল জয়ৰ স্পৃহা তাৰ্কিক বাগ্মীবৰৰ দৰে ।
বচসৈব তয়োর্বাক্যমস্ত্রমস্ত্রেণ নিঘ্নতোঃ |
অন্যোন্যজয়সংৰম্ভো ববৃধে বাদিনোৰিব|| ১২-৯২||
দুয়ো আছিল সমান বল-বিক্ৰমত ,
যুঁজত মত্ত দুই মাতংগৰ মাজত
বিজয়শ্ৰী হৈ ৰ’ল বেদীৰ দৰে নিশ্চল।
বিক্রমব্যতিহাৰেণ সামান্যাঽভূদ্দ্বয়োৰপি |
জয়শ্রীৰন্তৰা বেদির্মত্তবাৰণয়োৰিব|| ১২-৯৩||
আক্ৰমণ আৰু প্ৰতিহতত সুখী হৈ
অসুৰ আৰু দেৱতাই কৰিলে পুষ্পবৃষ্টি,
বাধাপ্ৰাপ্ত হ’ল সেয়া পৰস্পৰৰ শৰবৃষ্টিত ।
কৃতপ্রতিকৃতপ্রীতৈস্তয়োর্মুক্তাং সুৰাসুৰৈঃ |
পৰস্পৰশৰব্রাতাঃ পুষ্পবৃষ্টিং ন সেহিৰে|| ১২-৯৪||
ৰাক্ষসে প্ৰক্ষেপ কৰিলে এক গদা লোহাৰ কণ্টকযুক্ত
যেন পূৰ্বে বিজয়প্ৰাপ্ত বৈৱস্বতৰ কূটশাল্মলি গদা ।
অয়ঃশঙ্কুচিতাং ৰক্ষঃ শতঘ্নীমথ শত্রবে |
হৃতাং বৈবস্বতস্যেব কূটশাল্মলিমক্ষিপৎ|| ১২-৯৫||
ৰথৰ কাষ নৌ পাওতেই ৰাঘৱে সেই গদা কৰিলে খণ্ড খণ্ড,
অৰ্ধ চন্দ্ৰাকৃতি বাণেৰে কলগছৰ গছৰ দৰে অতি সহজে
কৰি ৰাক্ষস সকলো আশা ভংগ ।
ৰাঘবো ৰথমপ্রাপ্তাং তামাশাং চ সুৰদ্বিষাম্ |
অর্ধচন্দ্রমুখৈর্বাণৈশ্চিচ্ছেদ কদলীসুখম্|| ১২-৯৬||
তাৰ পাছতে অপ্ৰতিদ্বন্দ্বী সেই ধনুৰ্ধৰে
প্ৰিয়া বিচ্ছেদৰ শোকশেল নিৰ্বাণৰ
আমোঘ ঔষধ ব্ৰহ্মাস্ত ধনুত জুৰিলে ।
অমোঘং সংদধে চাস্মৈ ধনুষ্যেকধনুর্ধৰঃ |
ব্রাহ্মমস্ত্রং প্রিয়াশোকশল্যনিষ্কর্ষণৌষধম্|| ১২-৯৭||
সেই অস্ত্ৰ বিভক্ত হৈ শত ভাগত,
দীপ্তিমান হৈ প্ৰকাশ পালে আকাশত,
যেন অনন্তনাগৰ ভয়ংকৰ ফণা মৰলযুক্ত ।
তদ্ব্যোম্নি শতধা ভিন্নং দদৃশে দীপ্তিমন্মুখম্ |
বপুর্মহোৰগস্যেব কৰালফলমণ্ডলম্|| ১২-৯৮||
তেওঁ সেই মন্ত্ৰপূতঃ অস্ত্ৰৰে অৰ্ধ-নিমিষতে
ৰাৱণৰ মুণ্ডৰাশি ভূ-লুণ্ঠিত কৰিলে,
আঘাতৰ সামান্য বিষো অনুভৱ কৰাৰ আগতেই ।
তেন মন্ত্রপ্রয়ুক্তেন নিমেষার্ধাদপাতয়ৎ |
স ৰাবণশিৰঃপঙ্ক্তিমজ্ঞাতব্রণবেদনাম্|| ১২-৯৯||
প্ৰভাতী সূৰ্যৰ ৰক্তিম আভা পানীৰ তৰংগত পৰাৰ দৰে
ৰাক্ষসৰ শৰীৰ বিচ্ছিন্ন মুণ্ডৰাশি ছিটিকিল তৰংগৰ দৰে ।
বালার্কপ্রতিমেবাপ্সু বীচিভিন্না পতিষ্যতঃ |
ৰৰাজ ৰক্ষঃকায়স্য কণ্ঠচ্ছেদপৰম্পৰা|| ১২-১০০||
ছিন্নমুণ্ডবোৰ পৰি আছে ভূমিত,
আকাশৰ পৰা দেখিও দেৱসমাজৰ নহ’ল বিশ্বাস ,
আশংকা কৰিলে পুনৰ সেই শিৰ হয় বুলি সংস্থাপিত ।
মৰুতাং পশ্যতাং তস্য শিৰাংসি পতিতান্যপি |
মনো নাতিবিশস্বাস পুনঃসংধানশঙ্কিনাম্|| ১২-১০১||
আসন্ন অভিষেকত ৰত্নৰে শোভিত হ’ব যি শিৰ,
সেই ৰাৱণৰ অৰিৰ শিৰত পুষ্প বৰিষণ কৰিলে দেৱগণে,
হস্তীৰ মদস্ৰাৱী গণ্ডস্থল এৰি ভোমোৰাই বেৰি ধৰিলে সেই ফুল ।
অথ মদগুৰুপক্ষৈলোকপালদ্বিপানা-
মনুগতমলিবৃন্দৈর্গণ্ডভিত্তীর্বিহায় |
উপনতমণিবন্ধে মূর্ধ্নি পৌলস্ত্যশত্রোঃ
সুৰভি সুৰবিমুক্তং পুষ্পবর্ষং পপাত|| ১২-১০২||
দেৱকাৰ্য সমাধা হ’লত ৰামচন্দ্ৰই সামৰি থ’লে শৰ-ধনু,
বিদায়-সেৱা জনাই ইন্দ্ৰৰ সাৰথি মাতলিয়ে,
সহস্ৰ ঘোঁৰাৰ ৰথ লৈ সৰগলৈ মেলানি মাগিলে
ৰথৰ দণ্ড আৰু পতাকাত ৰাৱণৰ শৰৰ দাগ লৈ ।
যন্তা হৰেঃ সপদি সংহৃতকার্মুকজ্য-
মাপৃচ্ছ্য ৰাঘবমনুষ্ঠিতদেবকার্যম্ |
নামাঙ্কৰাবণশৰাঙ্কিতকেতুয়ষ্টি-
মূর্ধ্বং ৰথং হৰিসহস্রয়ুজং নিনায়|| ১২-১০৩||
অগ্নিপৰীক্ষা কৰি ৰামে গ্ৰহণ কৰিলে প্ৰিয়াক,
অৰ্পণ কৰিলে শত্ৰুৰ ৰাজ্যলক্ষ্মী প্ৰিয় সুহৃদ বিভীষণক,
বাহুবলেৰে জয় কৰা বিমানৰত্ন পুষ্পকত গমন কৰিলে নিজ নগৰীলৈ,
যাত্ৰাৰ সংগী হ’ল সূৰ্যপুত্ৰ সুগ্ৰীৱ, বিভীষণ, আৰু সৌমিত্ৰ লক্ষ্মণ ।
ৰঘুপতিৰপি জাতবেদোবিশুদ্ধাং প্রগৃহ্য প্রিয়াং
প্রিয়সুহৃদি বিভীষণে সংগময়্য শ্রিয়ং বৈৰিণঃ |
ৰবিসুতসহিতেন তেনানুয়াতঃ সসৌমিত্রিণা
ভুজবিজিতবিমানৰত্নাধিৰূঢঃ প্রতস্থে পুৰীম্|| ১২-১০৪||
(মহাকবি কালিদাস ৰচিত ৰঘুবংশৰ দ্বাদশ অধ্যায় সমাপ্ত)
ইতি শ্রীৰঘুবংশে মহাকাব্যে কবিশ্রীকালিদাসকৃতৌ ৰাৱণবধো নাম দ্বাদশঃ সর্গঃ ||