মূল বাংলা: সাৰস্বত
চক্ৰবৰ্তী
অসমীয়া অনুবাদ: বর্ণালী ফুকন
‘‘দ্রোণাচার্য হ’ল
পৃথ্বীশ অধিকাৰী।’’
পুৱাৰ পৰাই মানুহজনে বাৰে বাৰে সেই একেটা খবৰকে পঢ়িছে।
ভাৰতৰ সর্বোচ্চ গল দিয়াজন। অর্জুন পুৰস্কাৰপ্ৰাপ্ত ফুটবল খেলুৱৈ। খেলুৱৈ বা ক’চ, দুইটা ক্ষেত্ৰতে সমানে সফল।
কাগজত পৃথ্বীশৰ বিষয়ে লিখা প্ৰতিটো প্রশংসাবাক্যই খুঁটিয়াই খুঁটিয়াই পঢ়িছে
মানুহজনে।
“বিয়াৰ কথা আগ বঢ়োৱাটো ভাল কথা৷ তাৰ উপৰি এই বিয়াত আমাৰতো কোনো আপত্তিয়েই নাই।
কিন্তু, তেওঁ কি এবাৰ ইয়ালৈ আহিব নোৱাৰিব নেকি?”— মানুহজনে ক’লে।
তৰকাৰীখিনি কেৰাহীত পাতি থৈ আহি ঘৈণীয়েক কোঠালিটোৰ মাজত
থিয় হ’ল।
“তোৰ দেউতাৰৰ ভৰিৰ যি অৱস্থা, এইটো ভৰি লৈ বেহালালৈ অত দূৰ
যোৱা...”— ল’ৰাটোলৈ প্রশ্নবোধক দৃষ্টিৰে চালে মাকে।
“ক’লৈ
আহিব তেখেত?”— চকীখনত বহি থকাৰ পৰা ধমক মাৰি উঠিল পুতেকে।
“তোমালোকৰ কোন্নগৰৰ এই নিমখ
ধৰা একোঠলীয়া ঘৰটোলৈ? আৰে মানুহজনৰ নাম পৃথ্বীশ অধিকাৰী, বুজিলা? আৰু সাত দিনৰ পাছত তেওঁ
দ্রোণাচাৰ্যৰ সন্মান পাব। দেশৰে গৌৰৱ। দেউতাৰৰ নিচিনাকৈ গোটেই দিনটো ভগা চকীখনত
বহি মাখি মাৰি নাথাকে তেওঁ।
তলমূৰ কৰি মানুহজনৰ ঘৈণীয়েক চুপেচাপে থিয় হৈ থাকিল। তাৰ
পাছত ক্ষীণ মাতেৰে প্ৰশ্ন কৰিলে—“শনিবাৰে কেই বজাত?”
“ছয় বজাত।”— কৈয়েই ল’ৰাটো
চকীখনৰ পৰা উঠি থিয় হ’ল।
“অন্ধ বিদ্যালয়খনৰ পৰা খোজেৰে
পাঁচ মিনিটৰ বাট। মোৰ ফ্লেটৰ কাষত। ছাৰৰ সৈতে কথা পাতিলোঁ, দেউতাই যদি ফ্লেটটো চাব
বিচাৰে, তেনেহ’লে সেইটোও দেখুৱাই দিব পাৰিম। যদিও, কোন্নগৰৰ এই ঘৰ এৰি বেহালাত
মই শহুৰৰ ঘৰৰ কাষতে এটা ফ্লেট কিনা বাবে দেউতা অসন্তুষ্ট। সেই লৈ মোৰ একো
নাহে-নাযায়। মোৰ দক্ষতা আছে, আকাংক্ষা আছে, কোন্নগৰৰ দৰে মফচলীয়া চহৰত
থাকি জীৱন বৰবাদ কৰিব নোৱাৰোঁ। দেশৰ জাৰ্চী পিন্ধিব লাগিব মই।”
— “তোমাৰ প্রথম টাচটো ভাল নহয়৷’’ — ল’ৰালৈ
চাই চিধাচিধিকৈ ক’লে মানুহজনে— “তাৰ বাদেও কাগজতো পঢ়িছোঁ, টিভিতো দেখিছোঁ, তোমাৰ বাঁওভৰিৰ শ্বট ভাল নহয়। এইবোৰ নুশুধৰালে...”
“সেইবাবে প্রশান্ত দত্তৰ
ইণ্ডিয়া টিমত খেলাত বাধা নপৰে বুজিলা?”— হাত জোকাৰি ল’ৰাই
দেউতাকলৈ বুলি খেদি আহিল।
“পৃথ্বীশ অধিকাৰী অকল
ইণ্ডিয়াৰ ক’চেই নহয়, ছিলেকশ্বন পেনেলতো তেওঁৰ প্ৰভাৱ যথেষ্ট। তেওঁ
মোৰ নাম ৰেকমেণ্ড কৰিব। নিজৰ জোঁৱায়েকৰ বাবে ইমানকণ সকলো শহুৱেকেই কৰে।
মানুহজনে কিছু সময় নির্বাক হৈ পুতেকৰ মুখলৈ চাই থাকিল। ল’ৰাৰ
মাক আহি স্বামী আৰু ল’ৰাৰ মাজত থিয হ’লহি।
ঘৰৰ গোমা পৰিৱেশ গধুৰ হৈ উঠিছে তিনিওজনৰ গৰম নিশ্বাসত। তলমূৰ কৰি কাগজখন আকৌ হাতত
তুলি ল’লে মানুহজনে।
“দ্রোণাচার্য হ’ল
পৃথ্বীশ অধিকাৰী”
প্রথম শাৰীৰ পৰা পুনৰ পঢ়িবলৈ আৰম্ভ কৰিলে তেওঁ।
দুই
“ছাৰ, মোৰ দেউতা আহিছে।’’
“অহঃ। লৈ আহা। লৈ আহা, প্লিজ৷”— তিনিতলাৰ ড্রইং ৰুমত সাজু হৈ
বহি আছিল পৃথ্বীশ। বাদামী ৰঙৰ ছেৰৱানি আৰু চুড়ি পাইজামা। দাঢ়িখিনি আধা ঘণ্টাৰ
আগতে কাটিছে। আফটাৰ শ্বেইভ ল’শ্বন আৰু আৰৱী আতৰৰ গোন্ধত মলমলাই আছে। সোঁহাতৰ দামী
ঘড়ীটো আঁৰ চকুৰে এবাৰ চাই ল’লে তেওঁ। ছয় বাজিবলৈ দুই
মিনিট।
চিৰিটোৰে ভৰিখন চোঁচৰাই চোঁচৰাই খুব মন্থৰ খোজেৰে ওপৰলৈ এজন
লোক উঠি আহিল। পৃথ্বীশৰ ড্রইং ৰুমৰ ইটালীয়ান মাৰ্বলত হঠাৎ পিছলিব খুজি কোনোমতে
নিজকে চম্ভালি ল’লে তেওঁ।
“ৱেলকাম, ৱেলকাম”— ডাঙৰ মাতেৰে অভ্যর্থনা জনালে
পৃথ্বীশে। সুবিশাল ড্রইং ৰুমৰ চাৰিওপিনে সজোৱা আছে পৃথ্বীশৰ ফট’, মেডেল, ট্ৰফিবোৰ। মূৰটো ঘূৰাই মানুহজনে চালে কিছু পৰ। তাৰ পাছত হাত দুখন যোৰ কৰি প্ৰতি নমস্কাৰ জনালে
পৃথ্বীশক।
“দ্রোণাচার্যই জানে নেকি, তেওঁৰ অৰ্জুনৰ ক’ত
দোষ?”— চিধাচিধিকৈ পৃথ্বীশলৈ চাই প্রশ্ন কৰিলে মানুহজনে।
পৃথ্বীশে অত সময়ে মানুহজনক খুঁটিয়াই পৰীক্ষা কৰিছিল।
এসময়ত স্বাস্থ্য যে ভাল আছিল সেইটো কান্ধৰ গঠন দেখিলেই বুজা যায়। দীঘল ডিঙিৰ দুই
ধাৰে পাহাৰৰ মসৃণ ঢালৰ দৰে কান্ধখন নামি আহিছে। কঁকালটো সৰু। মেদহীন পেট।
মধ্যমীয়া উচ্চতাৰ। বয়স তেওঁৰ দৰেই পঞ্চাছৰ আশে-পাশে হ’ব। গাৰ ৰং ৰ’দত
পুৰি তামবৰণ ধৰিছে। গালত অবিন্যস্ত খোঁচা খোঁচা দাঢ়ি। পিন্ধনত ঘামত তিতি যোৱা এটা
সূতাৰ কাপোৰৰ হাতকটা বগা ছার্ট আৰু নীলা টেৰিকটনৰ পেণ্ট।
“নাই তেনেকৈতো কোনো...”— পৃথ্বীশ কিছু সময়ৰ বাবে
অন্যমনস্ক হৈ পৰিছিল, তেনে অলপ-অচৰপ ত্ৰুটি-বিচ্যুতিতো
সকলো খেলুৱৈৰে থাকে। বহক।”
মানুহজন বহিল। তেওঁৰ সন্মুখৰ ছ’ফাত পৃথ্বীশ বহিল। “দেউতা”— ভিতৰৰ পৰা পঁচিছ বছৰমানৰ ছোৱালী
এজনী আহি সন্মুখত থিয় হ’ল— “আমি
দুয়ো অলপ বাহিৰৰ পৰা আহোঁ। নাইট শ্ব’৷”
“অ’কে”— পৃথ্বীশে সন্মতি জনালে।
তাৰ পাছত মানুহজনলৈ চাই ক’লে— “লেট
মি ইণ্ট্র্’ডিউচ্। মাই ডটাৰ, চিত্রলেখা ওৰফে তিন্নি। আৰু
মাজনী এখেত তোমাৰ শহুৰ দেউতা৷”
“হাই”— সোঁহাতৰ সৰু সৰু আঙুলিকেইটা
লৰাই ছোৱালীজনীয়ে মানুহজনলৈ চালে।
মানুহজন যে অস্বস্তিত পৰিছে সেয়া বুজা যায়। কোনোমতে মূৰটো
লৰাই হাঁহিবলৈ যত্ন কৰিলে। এনেকুৱা পৰিৱেশত কি উত্তৰ দিব লাগে তেওঁ নাজানে।
“প্রণামতো কৰা এট্ লিষ্ট,
মাজনী”— পৃথ্বীশৰ মাতত অনুযোগৰ সুৰ।
“থাকক থাকক”— মানুহজনে বাধা দিলে— “সেইবোৰৰ
প্ৰয়োজন নাই।” ছোৱালীজনীৰ সৈতে প্রশান্ত চিৰিৰ সন্মুখলৈকে
আহিল। তাৰ পাছত প্ৰথমটো চিৰি নামি দেউতাকলৈ উভতি চাই ক’লে— “তুমি
কিন্তু বেছি দেৰি নকৰিবা। আজি বহুত ট্ৰেফিক৷”
“সেই লৈ তুমি ভাবিব নালাগে।”— ল’ৰাৰ
মুখত চিধাচিধি উত্তৰ দিলে।
হঠাৎ গোটেই পৰিৱেশটো গোমা হৈ পৰিল। অপমানিত অনুভৱ কৰিলে
প্ৰশান্তই। মানুহজন অৱশ্যে বহি আছে ভাৱলেশহীনভাৱে৷
পৰিস্থিতি বেয়া হোৱা দেখি পৃথ্বীশে দক্ষতাৰে চম্ভালি ল’লে।
মানুহজনক বহিবলৈ দি তেওঁ জীয়েক আৰু ভাবীজোঁৱায়েকক চিৰিৰ তললৈকে আগ বঢ়াই দিলে।
“মানুহগৰাকীৰ আজিৰ দিনটোত
থকাৰ খুবেই ইচ্ছা আছিল। কিন্তু...”— পৃথ্বীশে কৈ কৈ ওপৰ পালেহি।
“শনিবাৰ, দেওবাৰেই তেওঁৰ নাচৰ টিউশ্বন
থাকে। টালিগঞ্জলৈ ভাৰতনাট্যম শিকাবলৈ যায় তেওঁ। ঘূৰি আহোঁতে ৰাতি এঘাৰ বাজে। আহক৷”— চিগাৰেটৰ পেকেটটো খুলি
পৃথ্বীশে মানুহজনলৈ আগ বঢ়াই দিলে। “ধন্যবাদ, মই নাখাওঁ!”— মানুহজনে মূৰটো লৰাই ক’লে।
“ল’ৰাৰ
ফ্লেটলৈকে ফেমেলি লৈ উঠি আহক এইবাৰ।”— বাঁওভৰিখন সোঁভৰিৰ ওপৰত উঠাই সশব্দে লাইটাৰ
জ্বলাই চিগাৰেটৰ ধোঁৱা এৰি পৃধীশে ক’লে।
“মোৰ ব্যস্ত ছিডিউল, সেয়ে
সময় মিলাবলৈ বৰেই কঠিন, তথাপি আপোনালোক ইয়ালৈ উঠি আহিলে মাজে মাজে
সময় উলিয়াই আড্ডা মাৰিব পৰা যাব৷”
কথাৰ মাজত যতি পৰিল। বাবুর্চি মনোহৰ আহি থিয় হ’লহি, হাতত খোৱা বস্তুৰ প্লেট।
লগতে অনুচৰ ৰামচৰণ।
“মই কিন্তু মাত্র চাহ ...”
— সন্মুখৰ টেবুলখনত সজাই খোৱা
ফিছফ্রাই আৰু ছেণ্ডৱিচলৈ চাই মানুহজনে ক’লে— “আৰে
খাওক খাওক। এটা চিকেন ললীপপ পৃথ্বীশে হাতত তুলি ল’লে।
— “এইবোৰ সকলো স্পেচিয়েল। এইবোৰ
বস্তু আপোনালোকৰ কোন্নগৰত নাপাব।”
মানুহজনে চাহকাপত শোহা মাৰিলে। পৃথ্বীশে ম’বাইলৰ
ৱাটছ্এপত কাৰোবালৈ উত্তৰ দি মানুহজনৰ ভৰিটোলৈ চাই সুধিলে— “আপোনাৰ ভৰিটোৰ ঘটনাটো কি? প্রশান্তই কৈছিল কম বয়সতেই
এক বাইক এক্সিডেণ্ট্ ...”
“ন’” — চাহৰ কাপটো নমাই ৰাখিলে
মানুহজনে৷
— “অৱশ্যে তেওঁৰ কোনো দুখ নাই।
তেওঁক জন্মৰ পৰা যি শিকোৱা হৈছে, তেওঁ তাকেই কৈছে।”
“শিকোৱা হৈছে মানে?”— মানুহজনৰ কথাবোৰ বৰ অসংলগ্ন
যেন লাগিল পৃথ্বীশৰ।
পৃথ্বীশৰ কথাৰ চিধাচিধি উত্তৰ নিদিলে মানুহজনে। চাহত শেষ
শোহা মাৰি কাপটো নমাই থৈ ক’লে—
“আপোনাৰ সৈতে মোৰ কিছু
ব্যক্তিগত কথা আছিল পৃথ্বীশ মহাশয়।”
“অ’ য়েছ, চাৰটেইনলি!”— চিগাৰেটটো এছট্ৰেটোত পেলাই
দি থিয় হ’ল পৃথ্বীশ।
“দেনা-পাওনাৰ কথা ক’বতো? বুজিছোঁ৷ ৱেইট!”— বাবুর্চি আৰু অনুচৰজনক মাতি
তলত অপেক্ষা কৰিবলৈ কৈ, ড্রইংৰুমৰ দুৱাৰ বন্ধ কৰি দিলে পৃথ্বীশে আৰু ছ’ফাত
বহি হাঁহি হাঁহি ক’বলৈ ধৰিলে— “দেনা-পাওনা লৈ আপুনি বিশেষ
নাভাবিব। গহনা-গাঁঠৰি, ফার্নিশ্বাৰ যি দিব লাগেতো দিমেই, তাৰ বাদেও প্রশান্তক এখন
চাৰিচকীয়া...”।
তেওঁৰ কথালৈ ভ্ৰূক্ষেপ নকৰি হঠাৎ চোলাৰ পকেটৰ পৰা এখন পুৰণা
কাগজৰ টুকুৰা উলিয়াই আনি, মানুহজনে পৃথ্বীশলৈ আগ বঢ়াই দিলে— “এইখন
চিনি পাব নেকি চাওকচোন?” পৃথ্বীশে টুকুৰাটো হাতত ললে। অনুজ্জ্বল হালধীয়া
ৰং ধৰা কাগজ। দুজন মানুহৰ ফট’। এজন প্ৰৌঢ় ভদ্রলোকে এজন ডেকা ল’ৰাৰ
পিঠিত থপৰিয়াইছে। ফট’ৰ তলৰ আখৰকেইটা অস্পষ্ট, পঢ়া সম্ভৱ নহয়।
“আৰে এয়াতো আমাৰ মৈনাকদা৷”— পৃথ্বীশৰ মুখত হাঁহি।
“মই কিন্তু ক’চ
মৈনাক ভৌমিকৰ কথা কোৱা নাই। কাষৰজনক চিনি পায় নে?”
“মানুহজনে মূৰটো লৰালে।”
“এখেতকতো ঠিক...”— ক’বলৈ
গৈ পৃথ্বীশ থমকি ৰ’ল। ৰ’ব ৰ’ব
এইখন যেন বোধহয়! হয়, এই চেলাউৰিৰ কাষৰ কটা দাগ, কাণৰ সৰু লতি, এইখন কি মহাশয় আপোনাৰ ফট’?”
মানুহজনৰ ওঁঠৰ কোণত সৰু হাঁহিৰ ৰেখা ফুটি উঠিল, “ত্রিছ
বছৰৰ আগৰ ফট’। জয়ধ্বনি কাকতত ওলাইছিল। মোহন বাগানৰ
বিপৰীতে শ্বিল্ডত মোৰ খেল দেখি মৈনাকদাই মোৰ পিঠিত চপৰিয়াই কৈছিল— “তই
এদিন ইণ্ডিয়া টিমত খেলিবি।”
“বাপৰে আপুনি শ্বিল্ড খেলিছে!”— বিস্ময়ত চেলাউৰি কপালত
উঠিলগৈ পৃথ্বীশৰ।
“হয়। তৰুণ সংঘ। ষ্টপাৰ। তেনে
অকল শ্বিল্ডেই কিয়! সন্তোষ ট্ৰফিত ছিনিয়ৰ বেঙ্গল টিমত মোৰ ছিলেকচন হৈছিল একমাত্র
আণ্ডাৰ নাইনটিন হিচাপে। লীগত মহমেডানৰ বিপৰীতে বিখ্যাত এজন খেলুৱৈক পুলিচ যেন
মার্কিং কৰি বাধা দিছিলোঁ। খেলৰ শেষত মহমেডানৰ সভাপতিয়ে নিজৰ ডিঙিৰ চেইন খুলি মোক
পিন্ধাই দিছিল। তেতিয়া কিন্তু এই সৌজন্যবোধখিনি আছিল আন দলৰ খেলুৱৈ হ’লেও, গুণীৰ কদৰ কৰিছিল ক্লাব
অফিচিয়েলে। মই অৱশ্যে বিয়াৰ পাছত সেই চেইন মোৰ পত্নীৰ ডিঙিত পিন্ধাই দিলোঁ।”— মানুহজন ৰ’ল।
পৃথ্বীশে চিধাচিধিকৈ চাই আছে মানুহজনলৈ।
“তৰুণ সংঘত মোৰ খেল দেখি পাঁচ
বছৰৰ মূৰত মোক ৰেক’ৰ্ড পেইমেণ্ট অফাৰ দিছিল মোহন বাগানে। কিন্তু
তৰুণ সংঘৰ ক’চ মৈনাকদাৰ ৰিকুৱেষ্টত আৰু এটা ছিজনৰ বাবে সংঘৰ
পৰা যাওঁ। আৰু সেই বছৰেই অঘটনটো ঘটি গ’ল৷”— মানুহজনে ভাবি আছে। পৃথ্বীশে
হঠাৎ অনুভৱ কৰিলে তেওঁৰ কোনো ক্ষত স্থানৰ পৰা ৰক্তক্ষৰণ হ’বলৈ
ধৰিছে। “লিগ
মেচ”— স্বগতোক্তিৰ দৰে কৈ গৈছে মানুহজনে—
“ইষ্ট বেংগলৰ এক নম্বৰ
ষ্ট্ৰাইকাৰক যথাৰীতি গার্ড কৰি গৈছিলোঁ ঘাৰ দৰে। হঠাৎ খেলৰ শেষৰ ফালে ডিফেঞ্চ খালী
হোৱাৰ ফলত তেওঁলোকে গ’লৰ সুযোগ পায়। গ’লটো
ৰখাবলৈ মই প্রায় পঞ্চাছ গজৰ স্প্ৰিণ্ট টানো পাঁচ ছেকেণ্ডৰ ভিতৰত। ইয়াৰ পাছত
পেনাল্টী বক্সৰ মূৰত ছাইড্ ট্ৰেকল কৰি বলটো ক্লিয়াৰ কৰিলোঁ, সেইখিনিতে সেই ফৰৱাৰ্ডে মোক
পাৰ হৈ যোৱাৰ কথা। কিন্তু তেওঁ সম্পূর্ণ উদ্দেশ্যপ্রণোদিতভাৱে মোৰ ভৰিত আঘাত
কৰিলে। নিঃসন্দেহে ৰে’ড কার্ড অফেঞ্চ। কিন্তু কি আচৰিত! ৰেফাৰীয়ে
পকেটৰ পৰা হালধীয়া কার্ড বাহিৰ কৰিলে। ভাবিব পাৰি নে! সৰু দলৰ খেলুৱৈসকলক
তেওঁলোকে কেতিয়া সন্মান দিব? এইফালে মোৰ হাড় ভগাৰ যি যন্ত্রণা...”— হঠাৎ সিঁয়ৰি উঠি মানুহজনে
তলমূৰ কৰিলে। ঘৰৰ ভিতৰত বেজী এটা পৰিলেও শব্দ শুনাৰ নিৰৱতা। বিস্ময়ত পৃথ্বীশৰ গাৰ
নোম থিয় হৈছে। এৱেঁই তেওঁ!
হয়।
পাহৰিব তেওঁ নিজেও পৰা নাই। ঘন ঘন গৰম নিশ্বাস পৰিছে
পৃথ্বীশৰ। তাৰ কাৰণ অন্য একো নহয় সেইদিনা এই মানুহজনৰ ভৰি ভাঙি পেলোৱা ফুটবল
খেলুৱৈজন আন কোনো নহয়, স্বয়ং পৃথ্বীশ অধিকাৰী।
অকল কি ভৰিটো ভগাই নে? বিপক্ষ খেলুৱৈৰ সৈতে হতাহতি, ৰেফাৰীৰ হাতৰ পৰা ৰঙা কার্ড
লৈ ফালি পেলোৱা, সমর্থকক পিটা প্রথম যৌৱনত কিয়েইবা নকৰাকৈ আছিল
তেওঁ। উগ্র পৃথ্বীশৰ পিঠিত তেতিয়া বেয়া ল’ৰাৰ লেবেল লাগি গৈছিল।
অৱশ্যে সময়ৰ সৈতে বহুত পৰিৱৰ্তন হৈছে তেওঁৰ, তথাপি তেওঁৰ অপকৰ্মৰ অনেক ঘটনাই এতিয়াও শুনা
যায় খেলপথাৰত।
পৃথ্বীশৰ চকুৰ সন্মুখত জিলিকি উঠিল সেই দিনটোৰ সমগ্র ঘটনা।
ৰিটার্ন লীগৰ খেল। জীৱন-মৰণৰ খেলা। জিকিবই লাগিব, নহ’লে
মোহন বাগানে লীগ কাঢ়ি নিব। এফালে যোৱা পাঁচখন খেলত তাৰ গ’ল
নাই, আনহাতে বাতৰি কাগজবোৰ অহর্নিশে সমালোচনাত মুখৰ হৈ পৰিছে। পৃথ্বীশ প্রচণ্ড চাপত
আছে। এনে অৱস্থাত ইষ্ট বেংগলৰ হৈ খেলপথাৰত নমা পৃথ্বীশক প্রথমার্ধত লৰিবলৈকে দিয়া
নাছিল তৰুণ সংঘৰ এই ষ্টপাৰে। শেষ মুহূর্তত পথাৰৰ মাজৰ পৰা দেৱজিতৰ এটা থ্র’ পায় পৃথ্বীশে। আচৰিত
ক্ষিপ্ৰতাৰে সেই বল আয়ত্ত কৰে পৃথ্বিশে। তৰুণ সংঘৰ লেফ্ট আউট নেপাল কোলেকক আউটছাইড ড’জত
মাটিত বগৰাই দি গতি বঢ়াই দিয়ে তেওঁ।
সন্মুখত গ’লপ’ষ্ট প্ৰায় শূন্য। অসহায় গ’লকীপাৰ
আগ বাঢ়ি আহি দ্রুতগতিত গ’ল মুখলৈ শ্বট কৰিছে। এইফালে গোটেই খেলখনৰ
নিশ্চুপ গেলেৰীত আলোচনা চলিছে। পঁয়সত্তৰ হাজাৰ দৰ্শকৰ চিঞৰ কাণ পতাৰ দোষত আৰু গ’লৰ
গোন্ধত উন্মাদ পৃথ্বীশ তেতিয়া পেনাল্টী বক্সৰ সন্মুখত। কিন্তু আচৰিত ভৰিৰ
ইনষ্টেপে সোঁ ভৰিৰে বলটো গ’লকীপাৰৰ বাঁও কাষেৰে ফাৰ্ষ্ট প’ষ্টত
তেওঁ প্লে’চ কৰিবলৈ লওঁতেই হঠাৎ যেন মাটি ফাটি উদয় হ’ল
সেই তৰুণ সংঘৰ ষ্টপাৰ। এটা আউটষ্টেণ্ডিং ছাইড্ ট্ৰেকলেৰে ব’ল
ক্লিয়াৰ কৰি ইষ্ট বেংগলৰ সেইদিনাৰ নিশ্চিত গ’লটোক বাধা দিলে ল’ৰাটোৱে।
আৰু তাৰ লগে লগে গেলাৰীৰ গম্গমাই যোৱা চিঞৰ নিমিষতে প্রবল দীর্ঘশ্বাসলৈ পর্যৱসিত
হ’ল।
ক্ষুধার্ত সিংহৰ মুখৰ পৰা খাদ্য কাঢ়ি লোৱাৰ লগে লগে প্রবল
আক্রোশত হিতাহিত জ্ঞান হেৰুৱাই পেলালে পৃথ্বীশে। ছেকেণ্ডৰ ভগ্নাংশমান সময়তে
চূড়ান্ত প্ৰতিশোধস্পৃহাত নিজৰ সোঁভৰিটোৰে শৰীৰৰ সমগ্ৰ ওজনেৰে সৈতে ল’ৰাটোৰ
বাঁওভৰিৰ ওপৰত উঠি দিলে। দুটা গতিময় ভৰিৰ প্ৰবল সংঘাতত, মুহূৰ্তৰ ভিতৰত ল’ৰাটোৰ
বাঁও ভৰিৰ শ্বিনব’নডাল কেইবাটুকুৰা হৈ ভাগি গ’ল।
যুৱভাৰতী ষ্টেডিয়াম প্রবল ধ্বনিৰে উপচি পৰিল, ভৰিটো ধৰি ল’ৰাটোৰ
বুকুভগা আর্তনাদ এতিয়াও তাৰ কাণত বাজি থাকে।
“চৰকাৰী হাস্পতালৰ বিছনাত পৰি
থাকিলোঁ তিনি মাহ৷”— মানুহজনৰ মাতত পৃথ্বীশৰ ভাবনাৰ আঁত ছিগিল৷
ক্লাবৰ পৰা চিকিৎসা কৰোৱা হ’ল। ইষ্ট বেংগলে কিছু অর্থৰে
সহায় কৰিলে। পাছত অৱশ্যে জানিব পাৰিলোঁ যিজনে মোৰ ভৰি ভাঙিছিল, মোৰ অপাৰেশ্বনৰ
সময়ত তেৱোঁ কিছু সাহায্য আগ বঢ়াইছিল। মানুহজন আকৌ থমকিল৷
তিনিতলাৰ ওঠৰ বাই ওঠৰ ড্রইং ৰুমটোত এতিয়া আচৰিত ধৰণৰ
নীৰৱতা। পৃথ্বীশে প্রাণ-পণে চেষ্টা কৰিও কোনোমতেই মানুহজনৰ নাম মনত পেলাব
নোৱাৰিলে।
“ৱার্মআপ কৰি ফিল্ডত
নামিছিলোঁ, পেং লৈ ঘৰলৈ উভতিলোঁ৷”— মানুহজনৰ স্বৰ এতিয়াও মৃদু।
“লীগ, শ্বিল্ড, ডুৰাণ্ড, ৰ’ভাৰ্ছ—
সকলো আগৰ দৰেই চলি থাকিল৷ মাত্ৰ মোৰ ভগা ভৰিহে জোৰা নালাগিল৷”— ব্লেকমেইল। পৃথ্বীশে ঠিক ধৰি
পেলাইছে। মানুহজনৰ আজিৰ আগমনৰ কাৰণ এতিয়া তেওঁৰ ওচৰত সম্পূর্ণ পৰিষ্কাৰ। মানুহজনৰ
চেহেৰাত দৰিদ্ৰতাৰ যি চাপ দেখিছে আজি, প্ৰথমবাৰ বিয়ৈৰ ঘৰলৈ আহোঁতে সামান্য এপেকেট
মিঠায়ো যে অনা নাই, তাতে পৃথ্বীশৰ এই গগনচুম্বী ছাকচেছফুল লাইফত
প্রথমেই জীৱনৰ দুৰ্ঘটনাৰ কথা টানি আনি, হঠাৎ কিছু টকা ডিমাণ্ড কৰিব খোজাটো কোনো
অস্বাভাৱিক কথা নহয়। আজিৰ প্ৰাথমিক ব্যৱহাৰতে এই কথা স্পষ্ট যে ল’ৰাৰ
সৈতে দেউতাকৰ ঘনিষ্ঠতা কম। কোন্নগৰৰ ঘৰ এৰি বেহালাত প্রশান্তই ঘৰ কিনাৰ কাৰণ
এতিয়াহে বুজিছে তেওঁ। এই ক্ষেত্ৰত খ্যাতিৰ মাজবাটত থিয় হৈ নিজৰ পুৰণা কলংক
ঢাকিবলৈ মানুহজনৰ হাতত এককালীন পাঁচ হাজাৰমান টকা গুঁজি দি চিৰদিনৰ বাবে তেওঁৰ মুখ
বন্ধ...।
“এইদৰেই মানি ললোঁ।”— মানুহজনে পুনৰ আৰম্ভ কৰিলে— “অদৃষ্ট।
কিন্তু তাৰ পাছত এদিন কাগজত পঢ়িলোঁ, যিজন খেলুৱৈয়ে মোৰ ভৰি ভাঙিছিল তেওঁ কৈছে, ‘ফুটবলত
এইবোৰ হৈ যাব পাৰে। ব’ডি কণ্টেক্ট গেইম! দুখ পোৱা, ফ্রেকশ্বাৰ হোৱা
খুবেই সাধাৰণ ঘটনা। আৰু তাৰ বাদেও তেওঁৰ ট্রিটমেণ্টৰ আঘাত পোৱা বাবে মইতো বিছ হাজাৰ
টকাও দিছোঁ।
পৃথ্বীশে নিশ্বাস চেপি বহি থাকিল। মানুহজনে এবাৰ দুবাৰমান
অস্থিৰভাৱে মূৰটো লৰালে। সোঁহাতৰ তলুৱাৰে ছ’ফাৰ একোণত চেপা মাৰি ধৰিলে আৰু তাৰ
পাছত হিতাহিত জ্ঞান হেৰুৱাই চিঞৰি উঠিল— “কিমান
বেছি দাম্ভিক হৈ ভাবিব পৰা যায়! টকা দিছোঁ! এজন খেলুৱৈৰ জীৱন নষ্ট হৈ গ’ল, সকলো সপোন কেইটামান ছেকেণ্ডত
ছাৰখাৰ হৈ গ’ল আৰু তেওঁ কি কৰিলে, এজন স্পৰ্টছমেন হৈ তাৰ তুলনা
কৰিলে কাগজৰ কেইটামান টকাৰ সৈতে। কি! টকা দিছোঁ! কি অপমান! অপমান।”
আকস্মিকভাৱে মানুহজন যেনেকৈ দপ্কৈ জ্বলি উঠিছিল, ঠিক
তেনেকৈয়ে নুমাই গ’ল হঠাৎ। মূৰ তল কৰি পৃথ্বীশ নিস্তব্ধ হৈ বহি
আছে। মাত্র এ. চি. মেচিনৰ মৃদু শব্দৰ বাদে বাকী সকলো নিস্তব্ধ।
“মোৰ
দুচকু জুৰি সম্পূর্ণ অন্ধকাৰ তেতিযা”— মানুহজন কণ্ঠস্বৰ এতিয়া প্রায় তললৈ নামি আহিল—“কমিনিউটেড
চিন ব’ন ফ্রেকশ্বাৰ। এই ভৰিৰে আন যি হওক ফুটবল নহ’ব
এই কথা বুজি উঠিছিলোঁ। শিয়ালদহৰ মেচ এৰি কোন্নগৰলৈ উভতি আহিলোঁ, নিজৰ ঘৰলৈ। দেউতা মই সৰু হৈ
থাকোঁতেই ঢুকাইছিল, বিধবা মাৰ চিলাইৰ টকাৰে কোনোমতে সংসাৰ চলে। ভঙা
ভৰিখন লৈ কাঠৰ বিছনাত পৰি থাকোঁ মাহৰ পাছত মাহ। যি দলৰ বাবে মোহন বাগানৰ ৰেক’ৰ্ড
অফাৰ বাদ দিছিলোঁ, সামান্য খবৰো নাৰাখিলে তেওঁলোকে। ফুটবলৰ সৈতে
অত দিনে সকলো সম্বন্ধ শেষ হৈছিল। ৰেডিঅ’টোও বিক্ৰী কৰি দিলোঁ, টিভি কিনাৰ সামর্থ্য নাই।
খবৰ কাগজো নাৰাখোঁ। ফুটবলৰ স্মৃতি বুলিবলৈ যিকণ আছিল সেয়া আছিল সোণৰ চেইনডাল আৰু
এই পেপাৰ কাটিং টুকুৰা৷ তাৰ বাদে জাৰ্চী, নীকেপ, বুটযোৰ সকলো কোন্নগৰৰ গঙ্গাত...।”
মানুহজনৰ মাতটো সৰু হৈ আহিল। পাথৰৰ দৰে কঠিন হৈ বহি আছে
পৃথ্বীশ। চাহৰ কাপটোলৈ শূন্য দৃষ্টিৰে চাই আছে মানুহজনে। জীৱনত এই প্রথমবাৰ
পৃথ্বীশে অনুভৱ কৰিলে, কোনো মানুহৰ নিৰৱতাও কিমান বাঙ্ময় হ’ব
পাৰে।
“বৰবৰৰ সোণাপট্টিতে এক
মাৰোৱাৰী গাদিত হিচাপ খাতা লেখাৰ কাম ললোঁ”— ধীৰ মাতেৰে কৈ থাকিল
মানুহজনে— “যদিও মন নবহে কামত৷” যি স্মৃতিক পাহৰিবলৈ প্রাণ-পণে
চেষ্টা কৰিছিলোঁ, আচৰিত ধৰণে সেই স্মৃতিয়ে আৰু দৃঢ়ভাৱে সাবটি
ধৰিছিল। কামত ভুল হ’বলৈ ধৰিলে, মাহৰ শেষত ডেবিট-ক্রেডিট নিমিলে। অৱশেষত
চাকৰিটো গ’ল। সিমান দিনে মোৰ শ্যামলীৰ সৈতে বিয়াও হৈ গৈছিল। আমাৰ
জীৱনলৈ বাব্লু অথাৎ প্রশান্ত আহিল। মই তেতিয়া দিকভ্রান্ত, পৰিজন বর্গৰো কোনো খবৰ
নোহোৱা হ’ল। বাচিবৰ বাবে সেই সময়ত কি কাম কৰা নাই- কলেজ ষ্ট্ৰীটত
বুক বাইণ্ডিং, চামৰাৰ কাৰখানাৰ ছুপাৰভাইজৰ, শিয়ালদহৰ মাছবজাৰত যোগানদাৰৰ কাম। কিন্তু
কোনোটোৱেই ভাল পাই কৰা নাই। কি জানেনে? এইবোৰ সকলো মই প্রয়োজনৰ তাগিদাত কৰিছিলোঁ। তাৰ
পৰা হয়তো শৰীৰৰ ক্ষুধা পূৰণ হৈছিল; কিন্তু মনৰ ক্ষুধা পূৰ হোৱা নাছিল।” “তাৰ
পাছত হঠাৎ এদিন কাগজত দেখিলোঁ, যিজনে মোৰ ভৰি ভাঙিছিল, তেওঁ ইণ্ডিয়াৰ
কেপ্তেইন হ’ল। অর্জুন পাবলৈ গৈ আছে। মূৰৰ ভিতৰত যেন সকলো
খেলিমেলি লাগিল। মোৰ সকলো আশা যি মুহূর্ততে শেষ কৰি দিলে, তেওঁ লীড্ কৰিছে দেশক, আৰু মই শিয়ালদহৰ কোনো এটা
ওখোৰামোখোৰা গলিত পঁচা মাছৰ চালান কাটি আছোঁ। এয়া কেতিয়াও হ’ব
নোৱাৰে। মনে মনে ঠিক কৰি ল’লোঁ মোৰ এই অৱস্থাৰ বাবে যি দায়ী তেওঁক কোনোপধ্যেই বাচি
যাবলৈ দিব নোৱাৰি। তেওঁৰ বাচি থকাৰ কোনো অধিকাৰ নাই৷” দেৱাল ঘড়ীটোৰ পেণ্ডুলামত
হঠাৎ ডং ডংকৈ প্ৰবল শব্দৰে সাত বজাৰ ঘণ্টা বাজি পৃথ্বীশৰ হৃদস্পন্দন কিছু বঢ়াই
দিলে। তাৰ পাছত ঘড়ীৰ শব্দ নোহোৱা হ’লত, গোটেই ঘৰটোক নীৰৱতাৰ চাদৰ
এখনে আৱৰি ধৰিলে।
— “চাঁদনী চ’কৰ
চোৰ বজাৰৰ পৰা ছুৰীখন কিনিলোঁ৷”
মানুহজনৰ মাতটো ধীৰে ধীৰে কঠোৰ হ’বলৈ
ধৰিছে। “ক’কালৰ
খোঁচনিত সেইখন সুমুৱাই, চোলাৰে ঢাকি ৰাখোঁ সকলো সময়তে। খেলপথাৰ, সমর্থকৰ ভিৰত, প্ৰেছ ক্লাবৰ
কনফাৰেঞ্চবোৰ অনুসৰণ কৰিবলৈ ধৰিলোঁ নিয়মিত। ইমান দিনে মোৰ খং চেপা খাই আছিল।
মানুহজনক মাৰিবই লাগিব যিভাৱেই নহওক। মাত্র এটা সুযোগৰ অপেক্ষা। আৰু তাৰ পাছত এদিন
সঁচাকৈয়ে সেই সুযোগ আহিল।”
পৃথ্বীশৰ অনুভৱ হ’ল তেওঁৰ হাত-ভৰি যেন ঠাণ্ডা
পৰি আহিছে। মানুহজনক প্রথমৰ পৰাই অদ্ভুত স্বভাৱৰ যেন অনুভৱ হৈছিল। কি ঠিক ত্রিছ
বছৰৰ আগৰ সেই দুর্ঘটনাৰ প্রতিশোধ ল’বলৈকে তেওঁৰ ঘৰলৈ অহা নাইতো? এক অজান আতংকত সোতৰ ডিগ্ৰীৰ
অতিপাত ঠাণ্ডা এচিতো ঘামিবলৈ ধৰিলে পৃথ্বীশে। প্ৰশান্ত আৰু তিন্নি ঘৰত নাই।
পত্নীৰো ঘূৰি আহোঁতে ৰাতি দেৰি হ’ব। চাকৰ-বাকৰ যি য’ত
আছিল সকলো তলত। বন্ধ দুৱাৰৰ ভিতৰত মাত্র পাঁচ হাত দূৰত্বত বহি আছে এজন পগলা, নাই নাই খুনী...।
“লীগ
জিকিছে ইষ্টবেংগলে। পাছ দিনা ক্লাবৰ ফিল্ডত সমর্থক আৰু ফুটবলাৰসকলৰ পতাকা উত্তোলন।
আড্ডা চলিছে ধীৰ গতিত।”— স্বগতোক্তিৰ দৰে কৈ গৈছে মানুহজনে— “চুপ-চাপ মূৰ তল কৰি ভিৰ ভাঙি তেওঁৰ ওচৰলৈ
আগবাঢ়িবলৈ ধৰিলোঁ। লীগৰ হায়েষ্ট স্ক’ৰাৰে তেতিয়া অট’গ্রাফ
দিয়াত ব্যস্ত। ঠেলাঠেলিৰ মাজেদি ঠাই উলিয়াই ল’লোঁ তেওঁৰ সন্মুখত। বুকুৰ বাঁওফালে
ঠিক হৃৎপিণ্ডৰ মাজত ছুৰীখন মাৰিব লাগিব। কেইছেকেণ্ডমান লৈ মনটো কঠোৰ কৰি ল’লোঁ।
তাৰ পাছত বেল্টৰ খাঁজৰ পৰা ছুৰীখনৰ হাতলটো টান মাৰিবলৈ লওঁতেই হঠাৎ এটা কাণ ফাটি যোৱা
বোমাৰ শব্দত তাৰ মনৰ ভাব ভাগি ছিটিকি পৰিল...
“বোমা”— পৃথ্বীশ উত্তেজিত হৈ উঠিছে।
“কিয়
নহব!”— উত্তেজনাত মাত কঁপি উঠিছে মানুহজনৰো।
— “লীগ
জিকাৰ উৎসৱ তেতিয়ালৈ আৰম্ভ হৈ গৈছিল। ক্লাবৰ ল’নত
চক’লেট বোমাৰ আতচবাজী তেতিয়া!”
“ঘৰলৈ
উভতিয়েই মনটো বিষাক্ত হৈ পৰিল অনুতাপত। এয়া মই কি কৰিছিলোঁ? এজন স্পৰ্টছমেন হৈ আন এজন
স্পৰ্টছমেনৰ জীৱন কাঢ়ি ল’ব বিচাৰিছিলোঁ মোৰ নিজৰ ভাগ্য দোষৰ বাবেহে অসময়ত
কেৰিয়াৰ শেষ হৈ গ’ল! সেইবুলি জানি-শুনি আন এজন স্পৰ্টছমেনৰ জীৱন
হৰণৰ অধিকাৰ মোক কোনে দিছে? পৰাজয় মানিব নোৱাৰোঁ, মই ইমাননো আনস্পর্টিং নে।
“সেই
অনুতাপৰ পৰা ওভতাৰ ৰাস্তা তেতিয়া এটাই। ল’ৰাটো ডাঙৰ হ’বলৈ
লৈছে। ফুটবলৰ প্রতি তাৰ প্রবল উৎসাহ দেখি ভাল লাগে। যিহেতু এজন ফুটবল খেলুৱৈ হৈ আন
এজন ফুটবলাৰৰ জীৱন কাঢ়ি ল’বলৈ লৈছিলোঁ, সেইবাবে এই দেশক এজন ফুটবল
খেলুৱৈ দি যাব লাগিব মই। মোৰ জীৱনৰ অভিশপ্ত দিনবোৰৰ কথা মাত্ৰ মোৰ স্ত্ৰীয়ে জানিছিল।
আমি দুইজনেই পৰামৰ্শ কৰি ল’ৰাৰ ওচৰত মোৰ অতীতৰ পৰিচয় গোপনে ৰাখি বাইক
এক্সিডেণ্টৰ মনেসজা কাহিনী শুনালোঁ। আচলতে ফুটবল লৈ সি ভীতিগ্রস্ত হওক, সেয়া আমি বিচৰা নাছিলোঁ।
ডিষ্ট্ৰিক্ট্ খেলি বাবলু ষ্টে’ট পালেগৈ। তাৰ পাছত ডাঙৰ
টিমত। ডার্বিত ভাল খেলি নাম কৰিলে। মনত ভাব হ’ল, তাৰ খেলৰ মাজত জানো মই বাচি
থকা নাই? মই যি পৰা নাছিলোঁ, মোৰ সন্তানেতো সেয়া পাৰিছে। এয়াও কি কম
প্রাপ্তি? কিন্তু ...”
“কিন্তু?”— পৃথ্বীশ অবাক হ’ল।
“কিন্তু
ভাবিব পাৰে।”— মানুহজনৰ চকু দুইটা
বিস্ফোৰিত— “মোৰ সন্তান। মোৰ তেজ। অথচ
যেতিয়া তাৰ খেলাৰ মাজত কেইবাটাও টেক্নিকেল ফল্ট্ দেখুৱালোঁ, সেই সি একচেপ্ট্ নকৰিলে! ক’লে, ত্ৰুটি সংশোধনৰ প্রয়োজন নাই।
প্ৰথম বাৰলৈ ইণ্ডিয়া টিমত খেলিব, তাকো পিছদুৱাৰেৰে ... ক’লে
ক’চ মোৰ শহুৰ, মোৰ ঠাইটুকুৰা তেৱেঁই কৰি দিব। এই কথা
শুনিবলৈকেনো আজিও মই বাচি আছোঁনে? এই যে পুনৰ স্বপ্নভংগ! কি যে! কি যে লজ্জাজনক!
লজ্জাজনক।
মানুহজনৰ মুখখন বিষণ্ণতাই আৱৰি ধৰিলে। আৱেগত
চকু দুটি ভাষাহীন হৈ পৰিছে। কিংকর্তব্যবিমূঢ় হৈ পৃথ্বীশ ঠাইতে বহি ৰ’ল।
“শুনক
আপোনাৰ ওচৰত মোৰ এটি অনুৰোধ”— নিজকে প্রকৃত কৰি মানুহজনে
পৃথ্বীশৰ ফালে অলপ আগুৱাই বহিল— “আপুনি
মোৰ ল’ৰাৰ হৈ কোনো আৱেদন নকৰিব, প্লিজ। তাৰ ফাৰ্ষ্ট টাচ্ছ্
সঠিক নহয়। বাঁওভৰিটোও ষ্টিফ। এই বছৰ চেণ্টাৰ ফ’ৰৱাৰ্ডত
মুম্বাইৰ ময়াংক সিন্ধেই ভাল প্রদর্শন কৰিছে। নিৰপেক্ষ বিচাৰ কৰিলে, মোৰ ল’ৰাই
নহয় ইণ্ডিয়াৰ জাৰ্চী সিন্ধেৰহে হোৱা উচিত। দেশ কিন্তু সকলোৰে ঊৰ্ধ্বত। আৰু আমি
স্পৰ্টছ্মেন। আমি জন্মভূমিৰ সৈতে পাৰ্চিয়েলিটি কৰিব নোৱাৰোঁ।” তাৰ পাছত অলপ ৰৈ ক’লে— “আপুনি
হয়তো ভাবিছে, ইয়াৰ ফলত আপোনাৰ ছোৱালীৰ বিবাহিত জীৱনত কোনো
প্ৰভাৱ পৰিব। আপুনি নিশ্চিন্ত হৈ থাকক, প্রেম যদি খাঁটি হয় তেনেহ’লে
যিকোনো পৰিস্থিতিতে তাহাঁতে ঘৰ কৰিব। মোৰ আৰু শ্যামলীৰ সন্মতি থাকিব একমাত্র সেই
নিঃস্বার্থ বিয়াখনতহে। আৰু এই বছৰ বাবলু ছিলেকশ্বন নহ’লেও বাবলুৱে যিদিনা নিজৰ ত্ৰুটি শুধৰাই পৰিশ্ৰম কৰি ইণ্ডিয়া টিমত নিজৰ ঠাই
কৰি ল’ব পাৰিব সেইদিনাই জীৱনৰ সকলো সপোন হেৰুৱাই পেলোৱা এই
স্পৰ্টছ্মেনে আকৌ নতুনকৈ সপোন দেখিব। “মানুহজন থিয় হ’ল।
বিষণ্ণ মুখখনত এতিয়া গভীৰ বিষাদ। আৰু সন্মোহিতৰ দৰে বহি আছে পৃথ্বীশ।
— “আপুনি দেনা-পাওনাৰ কথা
কৈছিল।”
মানুহজনে পকেটত হাত সুমুৱালে— “অৱশ্যে
আপোনাৰ এটি পাওনা মোৰ ওচৰত বহু দিনৰ পৰা পৰি আছিল। দুঃসময়ত দিছিল, আজি গ্ৰহণ কৰি মোক দায়মুক্ত
কৰক।’’
“কৰকৰীয়া দহটা দুহেজাৰ টকাৰ নোট খোৱা প্লেটৰ তলত হেঁচা
দি ৰাখিলে মানুহজনে। তাৰ পাছত পৃথ্বীশৰ উত্তৰলৈ বাট নাচাই চিৰিলৈ ভৰি আগ বঢ়ালে।
সমৰ দত্ত। নামটো মনত পৰিল পৃথ্বীশৰ। অকল বিজয়ধ্বনি
নহয়। মানুহজনৰ ওপৰত ইংৰাজী হৰাইজন কাকতত এটা আর্টিক’ল
ছপা হৈ ওলাইছিল। হেডিংটো অলপকৈ মনত পৰিছে—
‘‘দত্ত
দা প্রমিচিং ইয়ং ষ্টাৰ’’
বাছষ্টেণ্ডলৈ আহি মানুহজনৰ হাতত ধৰি পেলালে
পৃথ্বীশে। “মই
আজি আপোনাৰ ওচৰত নিঃচর্তই ক্ষমা বিচাৰিছোঁ, সমৰ দা। জীৱনত এই কলংক লৈ যে বাচি থাকিব লাগিব
সেয়াও জানো। যদি আপুনি বিচাৰে, মই কাইলৈয়ে প্ৰেছ কনফাৰেঞ্চ
পাতি যাৱতীয় দোষ স্বীকাৰ ...” হাত দাঙি পৃথ্বীশক ৰখাই দিলে সমৰে— ‘‘কলংকখিনি যেনেকৈ সত্য, পূর্ণিমাৰ ৰাতিৰ
জ্যোৎস্নাখিনিও সত্য। সেইখিনিক কিদৰে অস্বীকাৰ কৰোঁ? ভাৰতীয় ফুটবললৈ আপোনাৰ যি
অৱদান সেয়াওতো পাহৰি যোৱাৰ কথা নহয় কোনোমতেই।”
“আকৌ
আহিবতো?”— পৃথ্বীশৰ মাতটো
আশ্চর্যজনকভাৱে নৰম।
“নাই”— সমৰে মূৰ লৰালে— ‘‘মই
নহয়। আপুনি আহিব। স্ত্রী-কন্যাক লৈ। পুৱাই পুৱাই। গোটেই দিনটো থকাকৈ— ফুটবলক লৈ আড্ডা মাৰিম। দুপৰীয়া ভাত-দাইল কেইটামান খাব আমাৰ
ঘৰত। শ্যামলীয়ে বৰ ভাল ৰান্ধে। জলাহে বেছিকৈ
দিয়ে। আহোঁ!’’
পৃথ্বীশক চিনি পাই তেওঁৰ চাৰিওপিনে শুভাকাংক্ষীয়ে
ভিৰ কৰিলেহি তেতিয়ালৈ। সমৰে অৱশ্যে সেই ভিৰৰ মাজেৰে ভৰি চোঁচৰাই চোঁচৰাই হাওৰাৰ
বাছৰ ফালে আগ বাঢ়ি গ’ল। দ্রোণাচাৰ্য সন্মান পোৱাৰ শুভকামনাত ওপঙি
যোৱা থাকিব— কোনোমতে ভিৰ ফালি দেখিলে, সমৰৰ বাছখন ধীৰে ধীৰে ডায়মণ্ড হাৰবাৰ ৰোডৰ
প্রচণ্ড ট্রেফিকৰ মাজত মিলি গ’ল।
— “অ দাদা! এইফালে আহকচোন এবাৰ৷”
সমৰক ট্রেইনৰ পৰা নমা দেখি চিঞৰি উঠিল ধৰ জুৱেলাৰীৰ মালিকে।
“কি কথা?”— সমৰ অবাক হ’ল।
— “আৰে ৰাতিপুৱা সোণাৰীজন
নাছিল। আৰু আপুনিও ক’লে টকা লাগে আর্জেণ্ট। ইমান দিনৰ এক্সপেৰিয়েঞ্চটো
সোণ দেখিয়েই কৈছিলোঁ! ৰিচেল ভেন্যু বিছ ক্ৰছ কৰিব। সোণাৰী আবেলি আহিছিল। ভাঁজ বাদ
দি প্রায় আঠগ্রাম হ’ব। এয়া চাওক লিখি ৰাখিছোঁ। আজিৰ মার্কেট প্রাইচ
ধৰিলে, তেইছ হাজাৰ পাঁচশ পাঁচ। ৰাতিপুৱা আপোনাক বিছ দিলোঁ এডভাঞ্চ। এয়া লওক বাকী চাৰে
তিনি।”
— “থাকক দিয়ক দৰকাৰ নাই। সমৰ
তেওঁক পাৰ হৈ আগ বাঢ়ি যাবলৈ ধৰিলে।”
“দৰকাৰ নাই মানে?”— মানুহজনে দোকান এৰি ওলাই
আহিল।
— “কি পাগল অ’! আৰে অ’ দাদা”!
“আচলতে সেই কুৰিহাজাৰ টকাৰে
মোৰ প্ৰয়োজন আছিল। তাৰ বাহিৰে মোৰ একো প্রয়োজন নাই।”— দূৰৈৰ পৰাই হাতেৰে নালাগে
বুলি ইছাৰা কৰিলে তেওঁ৷
দোকানৰ মালিকে তেতিয়াও চিঞৰিয়েই থাকিল।
সমৰে ঘৰলৈ বুলি খৰধৰকৈ খোজ আগ বঢ়ালে। শ্যামলীয়ে চাগে বাট
চাই আছে। কি ঠিক ৰাতিপুৱাৰ অভিমান এতিয়ালৈ কমিছে নে নাই! কোনোপধ্যেই দিব বিচৰা
নাছিল। তাৰ পাছত অনেক বুজোৱা-বঢ়োৱাৰ পাছত এবুকু অভিমান লৈ দিবলৈ ৰাজী হৈছিল।
ৰাতিপুৱা সমৰৰ লগত নিজেই আহিছিল ধৰ জুৱেলাৰীলৈ। নিজৰ হাতেৰে খুলি দিছিল ডিঙিৰ পৰা।
সেই সোণৰ কথাই কৈছিল ধৰ জুৱেলাৰীৰ মালিকে। সেয়া আন একো নাছিল, ত্রিছ বছৰৰ আগৰ মহমেডানৰ
বিৰুদ্ধে সমৰৰ খেল দেখি মুগ্ধ হৈ প্রতিপক্ষ দলৰ ক্লাব সভাপতিয়ে উপহাৰ দিয়া সোণৰ
চেইনডাল।