অংকুৰণ আৰ্ফ
ওচৰা-উচৰি দুটা ভাষাৰ দুই
শক্তিশালী সাহিত্য পৰম্পৰাৰ দুজন কৰ্ণধাৰ ৰবীন্দ্ৰনাথ আৰু লক্ষ্মীনাথ৷
দুয়োজনেই হ’ল ভাৰতীয় সাহিত্যত সাৰ্থক চুটিগল্পৰ স্ৰষ্টা আৰু ইয়াৰ সুনিপুণ ৰূপকাৰ৷
চুটিগল্প ঘাইকৈ পাশ্চাত্য সাহিত্যৰ সৃষ্টি হ’লেও তাৰ আংগিকৰ বৈচিত্ৰ্য
সম্পূৰ্ণৰূপে আয়ত্ত কৰি দুইজন গল্পকাৰে ভাৰতীয় জীৱনৰ পটভূমিত তাক প্ৰস্ফুটিত কৰি তুলি গভীৰ আৱেদনযুক্ত
কৰি তুলিছে৷ অৱশ্যে ৰবীন্দ্ৰনাথ ঠাকুৰৰ গল্পত সততে লক্ষ্য কৰিব পৰা বৈশিষ্ট্যটো
হ’ল জীৱনৰ গভীৰলৈ সোমাই গৈ দেশ-কাল-জাতিৰ পৰিধি পাৰ হৈ এক মহৎ বাণী তাৰ মাজত তেওঁ
প্ৰকাশিত কৰিছিল৷ আনহাতে বেজবৰুৱাই চৰিত্ৰবোৰৰ দোষ-ত্ৰুটিৰ পৰা ফুটি উঠা
হাস্য-ব্যংগ মাজত ডুব গৈ থাকি বহু সময়ত জীৱনৰ গভীৰ অৰ্থৰ ব্যঞ্জনা পাঠকক দিব পৰা
নাছিল৷ গল্পৰ কথকতাৰ ক্ষেত্ৰত ৰবীন্দ্ৰনাথে যি পৰিমিতিবোধ দেখুৱাইছে, বেজবৰুৱাই
সেই বৈশিষ্ট্য ভালকৈ আয়ত্ত কৰিব পৰা নাছিল৷ (সেয়ে তেওঁৰ গল্পৰ কাহনীবস্তু বক্তব্যৰ
মাজত হেৰাই গৈছিল৷)
দুয়োজন লেখকৰ ৰচনাত বিশেষভাৱে মন কৰিবলগীয়া
আন এক বৈশিষ্ট্য হ’ল— জাতীয় জীৱনৰ প্ৰাণস্পন্দন দুয়োৰে গল্পৰ মাজত সুন্দৰভাৱে
অনুভূত হয়৷ বেজবৰুৱাই সাধুকথাও লিখি উলিয়াইছিল৷ এই সাধুকথাবোৰৰ মাজত জাতীয় জীৱনৰ
আশা-আকাংক্ষা, বিশ্বাস, অন্ধবিশ্বাস আদি সকলো সাঙোৰ খাই আছিল৷ সাধুকথাবোৰে তেওঁৰ
গল্পৰ টেক্নিক, কাহিনী, চৰিত্ৰৰ ওপৰত প্ৰভাৱ পেলোৱাৰ উপৰি তেওঁৰ মন ৰোমান্তিক কৰি
তুলিছিল৷ ইয়াৰ উপৰি দেউতাক চাকৰিৰ প্ৰয়োজনত ঘূৰি ফুৰোঁতে তেৱোঁ দেউতাকৰ লগত অসমৰ
ইমূৰৰ পৰা সিমূৰলৈ ফুৰিছিল৷ সেই অসমৰ বিভিন্ন জনগোষ্ঠীৰ লগত তেওঁৰ প্ৰত্যক্ষ
সম্পৰ্ক ঘটিছিল৷ তদুপৰি পৰিণত বয়সত তেওঁ অসমৰ বাহিৰত থাকিবলগা হৈছিল আৰু সেই সময়ত
তেওঁ উৰিষ্যা, বংগদেশ আদিৰ বিভিন্ন জনগোষ্ঠীৰ সংস্পৰ্শলৈ গৈছিল৷ এইবোৰ প্ৰভাৱৰ
ফলতে তেওঁৰ গল্পত আমি অন্য সমাজৰ ছবিও দেখা পাওঁ৷
জনজীৱনৰ লগত এনে গভীৰ সম্পৰ্কৰ সূত্ৰ
ধৰিয়েই সৃষ্টি হৈছিল ৰবীন্দ্ৰনাথৰ অমৰ গল্পসমূহ৷ তেওঁৰ গল্পতো জনজীৱনৰ
সুখ-আশা-আকাংক্ষা নিজ মাটি-পানীৰে সিক্ত হৈ পাঠকৰ অন্তৰত গভীৰ আৱেদন সৃষ্টি হৈছে৷
বেজবৰুৱাৰ দৰে ৰবীন্দ্ৰনাথেও বিশালৰ লগত মিলি যোৱাৰ সুযোগ পাইছিল৷
দুইজন লেখকৰ গল্পৰ মাজত সময়ে একেই সুৰধ্বনি
অনুৰণিত হোৱাৰ অন্য এক কাৰণ হ’ল, দুয়ো ভাৰতীয় আধ্যাত্মিক আদৰ্শৰ পৰিপুষ্ট লেখক৷
ৰবীন্দ্ৰনাথ ঠাকুৰৰ পৰিয়ালৰ লগত বেজবৰুৱাৰ সম্পৰ্ক প্ৰতিষ্ঠা হৈছিল
বৈবাহিক সূত্ৰৰে৷ ঠাকুৰ পৰিয়ালৰ ভাবাদৰ্শ, ধ্যান-ধাৰণাৰ সৈতে এই সূত্ৰে তেওঁ
প্ৰত্যক্ষ সংযোগ ঘটিছিল৷ ৰবীন্দ্ৰনাথ তথা তেওঁৰ পৰিয়ালৰ লগত বেজবৰুৱাৰ এনে
প্ৰত্যক্ষ সংযোগ ঘটাৰ ফলতে তেওঁলোকৰ মাজত কেতিয়াবা ভাব বিনিময় আৰু কেতিয়াবা হয়তো
আদৰ্শগত সংঘাতো হৈছিল৷ এই কাৰণতো কেতিয়াবা বেজবৰুৱাৰ গল্পত ৰবীন্দ্ৰনাথৰ গল্পৰ
অনুৰূপ অথবা প্ৰতিৰূপ দৃষ্টিভংগী প্ৰকাশ পোৱা দেখা যায়৷
গল্পৰ কলা-কৌশলৰ ক্ষেত্ৰত ৰবীন্দ্ৰনাথে যি
কুশলতা দেখুৱাইছে, সেয়া বহু সময়ত বেজবৰুৱাৰ গল্পত অনুপস্থিত৷ বেজবৰুৱাই প্ৰায়ে
সাধুকথা কোৱাৰ দৰে মুখৰোচকভাৱে কাহিনী কৈ যোৱাৰ চেষ্টা কৰিছে৷ তেওঁ গল্পৰ আংগিকৰ
প্ৰতি বিশেষ সচেতনতা দেখুৱাবলৈ চেষ্টা কৰা নাই৷
বেজবৰুৱা আৰু ৰবীন্দ্ৰনাথ দুয়ো আলোচনীৰ
চাহিদা পুৰাবলৈ গল্প ৰচনা কৰিছিল৷ সেয়ে চুটিগল্পৰ প্ৰধান গুণ সংক্ষিপ্ততাৰ প্ৰতি
তেওঁলোক সচেতন আছিল৷ কিন্তু ৰবীন্দ্ৰনাথৰ দুই-এটি গল্পৰ দৈৰ্ঘ্য কেতিয়াবা সৰু
উপন্যাসৰে ওচৰ পাইছিলগৈ৷ তথাপি তাত চুটিগল্পৰ প্ৰধান লক্ষণ ব্যঞ্জনাধৰ্মিতা সুন্দৰ
ৰূপত প্ৰকাশিত হৈছিল৷
দুয়োজন লেখকৰ কাব্যিক লালিত্যই গল্প ৰচনাৰ
ক্ষেত্ৰত ইন্ধন যোগাইছে৷ বেজবৰুৱাৰ বহুতো গল্প যুক্তিবাদ, তৰ্ক, সমালোচনাৰে পূৰ্ণ
হৈ কাব্যিক মহিমা হেৰুৱালেও ‘নকওঁ’, ‘জলকুঁৱৰী’ আদি গল্পত সুন্দৰ কাব্যিক পৰিৱেশ
মূৰ্ত হৈ উঠিছে৷ ৰবীন্দ্ৰনাথৰ ‘লিপিকা’-ৰ গল্পবোৰতো গীতিকাব্যিক অনুৰণন স্পষ্ট৷
দুয়োজন গল্পকাৰৰ গল্পৰ ধাৰা অনুসৰি
তুলনামূলক অধ্যয়ন কৰিব পাৰি৷ ইয়াৰ যোগেদিয়ে দুয়োৰে গাল্পিক প্ৰতিভা তথা দুয়োৰে
দৃষ্টিভংগী আৰু আদৰ্শৰ সাদৃশ্য আৰু বৈসাদৃশ্য সম্পৰ্কে ধাৰণা কৰিব পৰা যায়৷ এনে
অধ্যয়নৰ সুবিধাৰ কাৰণে দুয়োৰে গল্পসমূহক এইদৰে ভাগ কৰিব পাৰি—
ক) ৰাজনৈতিক গল্প,
খ) আৰ্থসামাজিক গল্প,
গ) পাৰিবাৰিক গল্প,
ঘ) ৰোমাণ্টিক গল্প,
ঙ) হাস্য-ব্যংগ গল্প৷
ৰাজনৈতিক গল্প: ৰবীন্দ্ৰনাথ আৰু
বেজবৰুৱাৰ গল্পৰ সেই সময়ৰ ৰাজনৈতিক অৱস্থাৰ চিত্ৰ ফুটি উঠিছে৷ ৰবীন্দ্ৰনাথৰ
‘পণৰক্ষা’ গল্পত স্বদেশী তাঁত শিল্পৰ প্ৰসাৰৰ প্ৰসংগ অনা হৈছে৷ ‘সংস্কাৰ’ গল্পত
দেশব্ৰতীৰ খদ্দৰবিলাসক উপহাস কৰা হৈছে তীব্ৰ ব্যংগৰ যোগেদি৷ সেইদৰে ‘নষ্টনীড়’
গল্পত স্বদেশী আন্দোলনৰ সময়ত উদাৰনৈতিক সংবাদসেৱীৰ চৰিত্ৰ ভূপতিৰ মাজেদি ফুটাই
তোলা হৈছে৷ ৰাজনৈতিক আন্দোলনৰ কথা কোৱা হৈছে৷ ইয়াৰ উপৰি ‘নামঞ্জুৰ’ গল্পতো অহিংস
অসহযোগ আন্দোলনৰ চিত্ৰ অংকন কৰা হৈছে৷
ৰবীন্দ্ৰনাথৰ দৰে
বেজবৰুৱাৰ গল্পতো বিভিন্ন ৰাজনৈতিক প্ৰসংগ উত্থাপিত হৈছে৷ ‘পাতমুগী’ গল্পত অসহযোগ
আন্দোলন আৰু সেই আন্দোলনত পাতমুগীয়ে অংশগ্ৰহণ কৰিবলৈ স্থিৰ কৰিছে পুৰুষৰ লোভ আৰু
বাসনাৰ ৰূপ প্ৰত্যক্ষ কৰাৰ পিছত৷ ‘ছাইমন’ গল্পতো ‘ছাইমন উভতি যোৱা’ ৰাজনৈতিক শ্ল’গানৰ উল্লেখ কৰা
হৈছে৷ ইয়াৰ উপৰি ‘শিৱপ্ৰসাদ’ গল্পত সেই সময়ৰ ৰাজনৈতিক অৱস্থাৰ পৰিপ্ৰেক্ষিতত ডেকা
শক্তিৰ মাজত বিয়পি পৰা ভণ্ডামিৰ চিত্ৰ ফুটাই তুলিছে বেজবৰুৱাই৷ সেইদৰে ‘ভোকেন্দ্ৰ
বৰুৱাৰ অন্তঃলীলা’ গল্পত সমাজৰ বহু মানুহৰ ভণ্ড দেশপ্ৰেমৰ চিত্ৰ অংকিত কৰিছে৷
ৰবীন্দ্ৰনাথৰ গল্প-উপন্যাসত স্বাধীনতা
আন্দোলনৰ গঠন পৰ্বৰ কাহিনী আৰু সেই সময়ৰ সেই উন্মাদনা অতি বিশ্বস্ত ৰূপত অংকিত
হৈছে। ৰবীন্দ্ৰনাথৰ গল্পৰ প্ৰেক্ষাপট সেয়েহে বহল৷ বেজবৰুৱাই এইদৰে বহল প্ৰেক্ষাপটত
গল্প ৰচনা কৰা নাই যদিও তেওঁ জাতীয় জীৱনৰ মুক্তিৰ স্বপ্ন তেওঁৰ গল্পত সমুজ্জ্বল হৈ
উঠা দেখা যায়৷
আৰ্থসামাজিক গল্প: ৰবীন্দ্ৰনাথ হ’ল প্ৰথম আৰ্থসামাজিক দিশৰ প্ৰতি বিশেষভাৱে সচেতনতা
প্ৰকাশ কৰা ব্যক্তি৷ সৰ্বসাধাৰণ মানুহৰ সেই শোষণত পীড়িত হোৱাৰ জীৱন্ত ৰূপ তেওঁ
তেওঁৰ গল্পসমূহৰ মাজত স্পষ্ট কৰি তুলিলে। তেওঁৰ গল্পত সমকালীন অৰ্থলোভী আৰু ক্ষমতালোভী
জমিদাৰসকলে প্ৰজাৰ লগতে আপোন মানুহকো কেনেকৈ শোষণ-বঞ্চনা কৰিছিল তাৰ চিত্ৰ ফুটাই
তুলিছে৷ তেনে কেইটামান গল্প হ’ল ‘হালদাৰ গোষ্ঠী’, ‘স্ত্ৰীৰ পত্ৰ’, ‘জীৱিত ও মৃত’
আদি৷ ‘মেঘ ও ৰৌদ্ৰ’, ‘উলুখেৰৰ শাস্তি’ আদি গল্পতো জমিদাৰশাসিত গাঁৱলীয়া জীৱনৰ নানা
সমস্যা প্ৰকট কৰি তোলা হৈছে৷ ‘সমস্যাপুৰণ’ গল্পত শোষণৰ বিৰুদ্ধে থুপ খোৱা
পুঞ্জীভূত বিক্ষোভ উদ্গীৰিত হৈছে৷ ‘দুৰ্বুদ্ধি’-ত বিষয়া শ্ৰেণীয়ে সাধাৰণ মানুহৰ
ওপৰত কৰা শোষণ আৰু অত্যাচাৰৰ চিত্ৰ দাঙি ধৰিছে৷
লক্ষ্মীনাথ বেজবৰুৱাৰ গল্পতো আৰ্থ-সামাজিক দিশৰ চিত্ৰ ফুটি উঠিছে৷ মৌজাদাৰসকলে গ্ৰাম্যাঞ্চলত ব্ৰিটিছ প্ৰভুত্ব বজাই ৰাখিবলৈ চেষ্টা কৰিছিল৷ তদুপৰি জাতিভেদ, অন্ধ সংস্কাৰ আৰু ধৰ্মীয় গোড়ামি আিদৰ ধাৰণা জাপি দি তেওঁলোকে জনসাধাৰণক নানা ধাৰণে হাৰাশাস্তি কৰি সমাজ জীৱন পংকিল কৰি তুলিছিল৷ বেজবৰুৱাৰ ‘ভেমপুৰীয়া মৌজাদাৰ’ গল্পত মৌজাদাৰ চলোৱা এই উৎপীড়ণৰ চিত্ৰ পৰিস্ফুট হৈছে৷ সত্ৰাধিকাৰসকলে তেওঁলোকৰ শিষ্যৰ ওপৰত চলোৱা অত্যাচাৰ-উৎপীড়ণৰ চিত্ৰ তেওঁ দুই-এটা গল্পত ফুটাই তুলিছে৷ ‘জুৰমন ৰাইদঙীয়া’ গল্পত ধৰ্মীয় গুৰুৱে জুৰমনৰ ওপৰত অত্যাচাৰ কৰিছে তাৰ অতি সাধাৰণ মুদ্ৰাদোষৰ বাবে৷ সেইদৰে ‘সামাজিক’ গল্পত শিষ্যসকলৰ ওপৰত অত্যাচাৰ কৰা কাৰণে স্বৰ্গত গুৰুৱে শাস্তি ভোগ কৰিব লগা হৈছে৷ বেজবৰুৱাৰ ‘পাটমুগী’ গল্পত কুটীৰ শিল্পৰ লগত জড়িত লোকসকলৰ জীৱনলৈ মেচিনৰ প্ৰসাৰে বিপৰ্যয় নমাই অনাৰ উল্লেখ কৰিছে৷ সেইদৰে ‘ভদৰী’ গল্পত কৃষক জীৱনৰ ছবি পোৱা যায় যদিও শোষণৰ চিত্ৰ তাৰ মাজত সমুজ্জ্বল নহয়৷ অন্যহাতে ৰবীন্দ্ৰনাথে কৃষক জীৱনৰ বেদনা তেওঁৰ গল্পত গভীৰ আৱেদনপুষ্ট ৰূপত অঙ্কন কৰিছে৷ তেনেকৈ শ্ৰমিকৰ জীৱনলৈ অহা নানা সংঘাতৰ চিত্ৰও তোওঁৰ গল্পত ফুটি উঠিছে৷ বেজবৰুৱা আৰু ৰবীন্দ্ৰনাথ এই দুইজন সমাজসচেতন লেখকে স্বকীয় দৃষ্টিভংগীৰে দুইখন সমাজৰ ছবি অঙ্কন কৰাত গল্পকাৰ দুয়োজনৰ গল্পই সেই সময়ৰ সমাজ ইতিহাস স্পষ্ট কৰি তোলে৷
পাৰিবাৰিক জীৱনৰ গল্প: ৰবীন্দ্ৰনাথ আৰু
লক্ষ্মীনাথ দুয়োৰে গল্পত পাৰিবাৰিক জীৱনৰ মূল বিন্দু নাৰীৰ বিভিন্ন অৱস্থানৰ চিত্ৰ
পোৱা যায়৷ দাম্পত্য জীৱনত নাৰীয়ে কেনেকৈ নানা ঘাত-প্ৰতিঘাতৰ সন্মুখীন হ’বলগা হৈছিল,
তাৰ প্ৰতি দুয়ো সচেতন আছিল৷ ৰবীন্দ্ৰনাথৰ ‘জীৱিত ও মৃত’ গল্পত জমিদাৰ পৰিয়ালৰ নাৰী
কাদম্বিনীৰ প্ৰতি দেখুওৱা নিষ্ঠুৰ অৱজ্ঞাৰ কাহিনী দেখা যায়৷ ‘স্ত্ৰীৰ পত্ৰ’ গল্পতো
জমিদাৰ পৰিয়ালৰ উপেক্ষিতা নাৰী হৃদয়ৰ প্ৰতিবাদৰ তীব্ৰ সুৰ স্পষ্ট৷ ‘হালদাৰ গোষ্ঠী’
গল্পত আকৌ জমিদাৰ পৰিয়ালত নিজৰ ব্যক্তি স্বতন্ত্ৰ্যৰ মূল্য হেৰুৱাই পেলাইছে
বানোৱাৰীয়ে৷ ‘দান-প্ৰতিদান’ গল্পতো জমিদাৰৰ ঘৰত আশ্ৰিত মানুহেই অৱশেষত জমিদাকৰ
প্ৰবঞ্চনা কৰিছে৷
বেজবৰুৱাই মৌজাদাৰ
শ্ৰেণীৰ নাৰী সংঘটিত কাহিনী দাঙি ধৰা হৈছে ‘ভেমপুৰীয়া মৌজাদাৰ’ গল্পত৷ উচ্চ
শ্ৰেণীৰ পৰিয়ালবোৰৰ লগতে নিম্ন শ্ৰেণীৰ মানুহৰ পৰিয়ালবোৰত নাৰীৰ কৰুণ অৱস্থিতিৰ
চিত্ৰ দুইজন গল্পকাৰে স্পষ্ট কৰি তুলিছে৷ ৰবীন্দ্ৰনাথৰ এনে এটা গল্প হ’ল ‘শাস্তি’৷
বেজবৰুৱাৰ গল্পতো নিম্নশ্ৰেণীৰ মানুহৰ পৰিয়ালত নাৰী নিৰ্যাতনৰ চিত্ৰ পোৱা যায়৷
‘ভদৰী’ এনে এটা গল্প৷ জাতি-ভেদ, সামাজিক নীতি-নিয়ম, মিছা গুজৱ আদিয়ে কেনেদৰে
পাৰিবাৰিক জীৱনলৈ অশান্তি নমাই আনিব পাৰে তাকো ৰবীন্দ্ৰনাথ আৰু বেজবৰুৱা এই দুইজন
লেখকেই লক্ষ্য কৰিছিল৷ ৰবীন্দ্ৰনাথৰ ‘ত্যাগ’ আৰু বেজবৰুৱাৰ ‘সেউতী’ এনে শ্ৰেণীৰ
গল্প৷
জাত-পাতৰ বিচাৰৰ ক্ষেত্ৰত নাৰীৰ
ৰক্ষণশীলতাই কেনেকৈ পাৰিবাৰিক জীৱনত অশান্তিৰ দাবানল জ্বলায়, তাক বেজবৰুৱাই অতি
সুন্দৰভাৱে দাঙি ধৰিছে৷ ‘ভোমকেৰেলা’ গল্পত পণপ্ৰথা, ধন-সম্পত্তিৰ লালসা আদিয়ে
পাৰিবাৰিক জীৱনক কেনেদৰে বিষময় কৰি তোলে, তাৰ প্ৰতিফলন ঘটাকৈ ৰবীন্দ্ৰনাথে
কেইবাটাও গল্প লিখিছিল৷ তাৰে এটা হ’ল ‘দেনা পাওনা’৷ সেইদৰে তেওঁলোকৰ সময়ত বালবিধৱা
সমস্যাটো দুয়োখন সমাজৰে এক উল্লেখযোগ্য সমস্যা আছিল৷ ৰবীন্দ্ৰনাথৰ ‘বিচাৰক’,
‘প্ৰতিবেশিনী’ আদি আৰু বেজবৰুৱাৰ ‘বাপিৰাম’ গল্প এই শ্ৰেণীৰ গল্পৰ উদাহৰণ৷
‘নষ্টনীড়’ গল্পত নাৰী মনস্তত্ত্বৰ ভিন্ন ৰূপ প্ৰকাশ কৰিছে ৰবীন্দ্ৰনাথে৷
বেজবৰুৱায়ো তেখেতৰ ‘পাতমুগী’ গল্পত স্বকীয় ব্যক্তিত্বপ্ৰসূত নাৰী মনস্তত্ত্ব
প্ৰকাশ কৰিছে৷ ৰবীন্দ্ৰনাথৰ ‘স্ত্ৰীৰ পত্ৰ’-ত নাৰী ব্যক্তিত্বৰ চিত্ৰ যিদৰে প্ৰকাশ
পাইছে, সেইদৰে বেজবৰুৱাৰ গল্প ‘ৰচিত’, ‘লালতি কাকতি’ আদিত নাৰীৰ ব্যক্তিত্বৰ
প্ৰতিফলিত হোৱা দেখা যায়৷
এনেদৰেই দুয়োজন গল্পকাৰৰ গল্পত পাৰিবাৰিক
জীৱনৰ গল্পবোৰ মানৱীয় আদৰ্শৰ প্ৰকাশেৰে সমুজ্জ্বল হৈ পৰিছে৷
ৰোমাণ্টিক গল্প: লক্ষ্মীনাথ আৰু ৰবীন্দ্ৰনাথ উভয়ে ৰোমান্তিক
যুগৰ লেখক আছিল৷ প্ৰকৃতিৰ সৌন্দৰ্যত তন্ময়তা, প্ৰকৃতিৰ স’তে এক পৰিপূৰ্ণ
একাত্মবোধ, প্ৰাকৃতিক জগতৰ পৰা বিচ্ছেদৰ লগে লগে সৃষ্টি হোৱা তীব্ৰ যন্ত্ৰণাবোধ
আদিৰ প্ৰকাশেৰে দুয়োৰে গল্পসমূহ পৰিপূৰ্ণ৷ ৰবীন্দ্ৰনাথৰ গভীৰ প্ৰকৃতি চেতনাৰ
প্ৰকাশ দেখা যায় ক্ৰমে ‘সুভা’, ‘ছুটি’, ‘অতিথি’ আদি গল্পত৷ সেইদৰে বেজবৰুৱাৰ
গল্পতো এনে ৰোমান্তিক দৃষ্টিভঙ্গী দেখা যায়৷ ‘কেঁহোকলি’, ‘জলকুঁৱৰী’ আদি এনে ধৰণৰ
গল্প৷ প্ৰকৃতিৰ পৰা মানৱীয় সত্তাৰ বিচ্ছেদে মৃত্যুমুখী কৰি তোলা কিশোৰৰ
জীৱন-যন্ত্ৰণা বেজবৰুৱাৰ ‘মুক্তি’ গল্পত প্ৰকাশ পাইছে৷ সেই একে দিশ প্ৰকাশ পাইছে
ৰবীন্দ্ৰনাথৰ ‘সমাপ্তি’ গল্পত৷ বেজবৰুৱাৰ তেনে কেইটামান আন গল্প হ’ল— ‘ৰতনমুণ্ডা’,
‘নকওঁ’ আদি৷ ৰবীন্দ্ৰনাথৰ ‘একৰাত্ৰি’ আৰু লক্ষ্মীনাথৰ ‘কন্যা’ গল্পত প্ৰকৃতি
মনোমোহা ৰূপ প্ৰকাশ পাইছে৷
এই ধৰণৰ অতিপ্ৰাকৃতিক
তথা ৰহস্যময়তাৰ মায়াজাল ৰচনা কৰি ৰোমান্তিক পৰিমণ্ডল ৰচনাত দুইজন গল্পকাৰে কৃতিত্ব
দেখুৱাইছে৷
হাস্য আৰু ব্যংগ গল্প: নিৰ্দোষ হাস্যৰস
আৰু ব্যংগ উপস্থাপনত ৰবীন্দ্ৰনাথ সিদ্ধহস্ত আছিল৷ কিন্তু ব্যংগৰ মাজতো তেওঁৰ
মানৱতাবাদী সহানুভূতি প্ৰচ্ছন্ন হৈ আছিল৷ বেজবৰুৱাৰ ব্যংগ আছিল অতিশয় চোকা৷ মানুহৰ
দোষ দুৰ্বলতাবোৰক তেওঁ নিৰ্মমভাৱে ব্যংগ কৰিছিল আৰু বহু সময়ত চৰিত্ৰবোৰ তেওঁৰ
সহানুভূতিৰ পৰা বঞ্চিত হৈ পৰিছিল৷ নিৰ্দোষ হাস্যৰস প্ৰয়োগতো বেজবৰুৱাই কুশলতা
দেখুৱাইছিল৷
ৰবীন্দ্ৰনাথ ঠাকুৰে
তেওঁৰ ‘ৰাজটিকা’ গল্পত নবেন্দশেখৰৰ
ভুৱা দেশপ্ৰেমক ব্যংগ কৰা হৈছে৷ দেশৰ প্ৰতি অন্তঃসাৰশূন্য প্ৰেম, খদ্দৰৰ প্ৰতি
আকৰ্ষণ, কথা আৰু কামৰ মাজত সামঞ্জস্যহীনতা আদিক ব্যংগ কৰা হৈছে প্ৰায়বোৰ ৰাজনৈতিক
গল্পত৷ ‘সংস্কাৰ’, ‘নামাঞ্জুৰ’ এই ধৰণৰ চুটিগল্প৷ নতুন অভিজাত শ্ৰেণীৰ
ব্ৰিটিছ তোষামোদৰ ধৰণ-কৰণকো তেওঁ কেইবাটাও গল্পত ব্যংগ কৰিছে৷ ‘মেঘ ও ৰৌদ্ৰ’ এনে
ধৰণৰ গল্প৷ বেজবৰুৱায়ো উচ্চ শ্ৰেণীৰ এই চাহাব শোষণৰ প্ৰৱণতাক কেইবাটাও গল্পত ব্যংগ
কৰিছে৷ ‘মাউৰা’, ‘ভেমপুৰীয়া মৌজাদাৰ’ আদি গল্পত ব্ৰিটিছ প্ৰভুৰ ওচৰত তেওঁলোকৰ অতি
বিনম্ৰ নিৱেদনে হাস্যৰসৰ সৃষ্টি কৰিছে৷ ৰবীন্দ্ৰনাথৰ দৰে বেজবৰুৱায়ো ভুৱা
সমাজসেৱী, দেশপ্ৰেমিক আদিক তীব্ৰভাৱে ব্যংগ কৰিছে ‘ভোকেন্দ্ৰ বৰুৱা’ গল্পত৷
সেইদৰে নিৰ্মল হাস্যৰস প্ৰয়োগেৰে দুইজন
গল্পকাৰে গল্প লিখিছে৷ ‘মূলাখোৱা বুঢ়া’, ‘ঘৰপতা ককা’ আদি গল্প এই ধৰণৰ৷ সহজ-সৰল
দম্পতিৰ পাৰিবাৰিক জীৱন চিত্ৰ ফুটাই তুলি হাস্যৰসৰ সৃষ্টি কৰিছে বেজবৰুৱাই ‘জগৰা
মণ্ডলৰ প্ৰেমাভিনয়’ গল্পত৷ ৰবীন্দ্ৰনাথেও হাস্য-মধুৰতাৰ যোগেদি পাৰিবাৰিক জীৱন
চিত্ৰ তেওঁৰ ‘তাৰা প্ৰসন্নেৰ কীৰ্ত্তি’ গল্পত ফুটাই তুলিছে৷
এইদৰেই দুয়োজন গল্পকাৰেই নিৰ্মল ব্যংগৰে
গল্প ৰচনা কৰি গল্প প্ৰতিভাৰ প্ৰমাণ দি গৈছে৷
সহায়ক গ্ৰন্থপঞ্জী :
বাংলা:
১) গুপ্ত, অজয়।মহাশ্বেতা
দেৱী শ্ৰেষ্ঠ গল্প, সুধাংশুশেখৰ দে। কলকতা পুস্তকমেলা, ২০০৪৷
২) মুখোপাধ্যায়, তরুণ
(সম্পা)। বাংলা ছোটগল্প, পৰ্ব-পৰ্বান্ত, অজিত কুমার জানা,
অপৰ্ণা বুক ডিষ্টি˜বিউটাৰ্স, জানুয়ারি, ২০০৫৷
৩) সিকদাৰ,
অশ্ৰুকুমাৰ (সম্পা)৷ বাংলা গল্প সংকলন (তৃতীয় খণ্ড), সাহিত্য
আকাদেমি, ২০০০৷
৪) সেন,
সুকুমাৰ। বাংলা সাহিতের ইতিহাস (পঞ্চম খণ্ড), প্ৰথম প্ৰকাশ ১৩৬৫
(১৯৫৮), প্ৰথম আনন্দ সংস্করণ — জানুয়ারি-১৯৯৯৷
৫) সেন,
সুকুমাৰ। বাংলার সাহিত্য ইতিহাস, সাহিত্য অকাদেমি, ২০০৩৷
অসমীয়া:
১) গোস্বামী,
ত্ৰৈলোক্যনাথ। আধুনিক গল্প সাহিত্য, বাণী প্ৰকাশ প্ৰাইভেট লিমিটেড,
গুৱাহাটী, ১৯৬৫৷
২) দেৱী,
শেৱালী। গল্প-ঐতিহ্য, অন্যপথ গোষ্ঠী, গোলাঘাট, ২০০৩৷
৩) বৰুৱা, প্ৰহ্লাদ
কুমাৰ। অসমীয়া চুটিগল্পৰ অধ্যয়ন, বনলতা, ২০১২৷
৪) ভট্টাচাৰ্য, পৰাগ
কুমাৰ। ৰবীন্দ্ৰনাথ আৰু অসমীয়া চুটিগল্প, বনলতা, ডিব্ৰুগড়,
১৯৯৪৷
৫) শইকীয়া,
চন্দ্ৰপ্ৰসাদ (সম্পা)। অসমৰ বাতৰি কাকত-আলোচনীৰ ডেৰশ বছৰীয়া ইতিহাস,
অসমৰ বাতৰি কাকতৰ ডেৰশ বছৰীয়া জয়ন্তী উদ্যাপন সমিতি, ১৯৯৮৷
৬) শৰ্মা,
সতেন্দ্ৰনাথ। অসমীয়া সাহিত্যৰ সমীক্ষাত্মক ইতিবৃত্ত, সৌমাৰ প্ৰকাশ,
গুৱাহাটী, ২০১৩৷
ঠিকনা:
শিৱসাগৰ, ভ্ৰাম্যভাষ:
৮৬৩৮০৭৪২৭৮