অন্যযুগ/


ভেলেকী–মেলেকী

 দ্বীপৰাজ

 

ধন্যবাদ! এইখিনিতে শেষ হওক ! ৰসতে নামষাৰ থলে গাজি-মগুৰ

সোৱাদো বাঢ়িব।

সোতোৰা ফুল, খৰাং, শিলে ঠেকেচা টিংপাতৰ ফুটাটো, টকৌপাতে

কটা পূৰ্ণিমাৰ পোহৰ ইয়াৰ পাছত সমাপ্ত ।

ধুমুহাত উভলি পৰা বসন্তৰ শেষৰজোপা এজাৰ এয়া ।

পায়খানাত সোমাওঁতে ইটাৰ বেৰ খহি পৰা দৃশ্য ইয়াৰ পাছত আৰু

নাথাকে!

 

কবিতাৰ নামত আটাইতকৈ বেয়া কবিতাটো, ফুটা পাইপৰ পানীত

মহানগৰীৰ জাম, ৰিক্সাৰ চকা চদকা খোৱা আজিতেই শেষ ।

 

যদি লাগে বজাৰত একুৰা জুই কি কৰিম আতা?

-      ছাইখিনেৰে চৰু মাজিবি

ঘটে যদি আজিতে দুৰ্ঘটনাবোৰ কি হ’ব আবু ?

-      তেজ মচি গছ ৰুবি

 

বুকুৰ বৈণী বোলো শুনিছা – হাতৰ বুঢ়া আঙুলিটোতে বাটৰুৱাৰ

দেমাকি। নেঠু কিনিবলে ৰাতাৰাতি পঞ্চায়তত ভিৰ । গুৰুপাকী

চাহকাপ আজি বোলে অফাৰৰ আশীৰ্বাদ ...

তাকে দেখি খেনোই ফোন পে’ৰ স্কেনাৰক মুখ বিকটাই দিছে। আজি

ভালুক বধি এক চিলিমত শিৱ বাবাক বৰ আঁহতৰ তলত শুৱাই দিম

 

দায়-দোষ এৰিবা ৰাইজ ৷ খৰিকাৰে এতিয়া দাঁতত লাগি থকা মঙহৰ

গুৰি ঘুকুটিয়াম৷ চিকা গোন্ধ মুখত লৈ চুমা যাচিলে ৰাতিবোৰে

ফেউৰা৷ পচতীয়াৰ ঠানিৰে দীত মাজিবলৈ গৈ অক্সিজেন বিৰোধী

মই হ’ব নোৱাৰোঁ ।

 

এঙাৰ বিচাৰি গৈ চুই দিওগে’ যদি বাৰদিনীয়া চুৱা?

 

তেতিয়াটো গোৱৰৰ দাম ইমান বাঢ়িব ইমান বাঢ়িব

লাগিলে চুৱা পাতনিৰেই কাঠি-ঘৰ মছি আনা গোৱৰ নহলে চব

নেচেল !!

অন্যযুগৰ প্ৰকাশিত সংখ্যাসমূহ