অন্যযুগ/


জাতি(বাদ/ভেদ), জনজাতি আৰু সংৰক্ষণ

 পঙ্কজ প্ৰতিম বৰদলৈ

 

স্বাধীনতাৰ পূৰ্বতে আৰু ইয়াৰ পাছতো ‘স্বাধীনতা’ৰ বাদে এই দেশৰ অতি স্পৰ্শকাতৰ সৰ্বত্ৰে চৰ্চিত বিষয়টো হৈছে জাতি(বাদ/ভেদ) আৰু ইয়াৰ লগত সংযোজিত আনুষংগিক অতি প্ৰয়োজনীয় বিষয়- সংৰক্ষণ। স্বাধীনতা অৰ্জনৰ পৰৱৰ্তীকালৰ ভাৰতৰ ৰাজনীতিক সততেই প্ৰভাৱান্বিত কৰি ৰখা এই বিষয়টো বৰ্তমান সময়ৰ সমাজ আৰু সময়ৰ এক এৰাব নোৱৰা বিষয়। কোনোবা এখন সমাজ বিজ্ঞানৰ কিতাপত পঢ়া মনত আছে ‘In post independent India’s politics caste and corruption are the two sides of the same coin’! সংবিধানৰ প্ৰথম আৰম্ভণিৰ পৰা নব্বৈ দশকৰ মণ্ডল কমিশ্বন হৈ আজিৰ সময়লৈকে এই বিষয়টো লৈ ভাৰতৰ ৰাজনীতি, চৰকাৰী আচঁনি আৰু বহু দিশ নিয়ন্ত্ৰিত হৈছে। 

ভাৰতৰ সমাজ ব্যৱস্থাত অতীজৰ পৰাই বৰ্ণবাদৰ প্ৰভাৱ আছে৷ সমাজৰ লোকসকলক বৈদিক হিন্দু ধৰ্মমতে চাৰি ভাগত ভাগ কৰিছিল- ব্ৰাহ্মণ, ক্ষত্ৰিয়, বৈশ্য আৰু শূদ্ৰ৷ পৰৱৰ্তী সময়ছোৱাত দুশ বছৰীয়া বৃটিছৰ শাসনকালত এই মূল জাতিভিত্তিক ধাৰণাসমূহৰ ব্যাপক পৰিৱৰ্তন হ’ল যদিও  মূল চিন্তাস্ৰোতটো একেই থাকিল৷ 

আধুনিক ভাৰতবৰ্ষত বৃটিছ শাসনকালীন সময়ত ‘ডিপ্ৰেছড ক্লাছ’ শব্দৰে পিছপৰা জাতি-জনজাতিক বুজাবলৈ ব্যৱহাৰ কৰা হৈছিল৷ বৃটিছ প্ৰশাসন কঠোৰ স্বৈৰতন্ত্ৰৰ প্ৰয়োগ কৰি অলপ হিংসুক বা অত্যধিক পিছপৰা জনজাতিক ‘Criminal tribe’-অৰ অন্তৰ্ভুক্ত কৰিবলৈ কুণ্ঠাবোধ নকৰিছিল৷ স্বাধীনতাৰ পাছত এই বিষয়টো লৈ সংবিধান সভাত ব্যাপক আলোচনা-বিলোচনা আৰু তৰ্ক-বিতৰ্কৰ সৃষ্টি হৈছিল- ১৯৪৯ চনৰ ২৪ আগষ্ট তাৰিখে ১৯৮ নম্বৰ খচৰা দফাৰ আধাৰত ভাৰতৰ মুছলমান, অনুসূচীত জাতি, অনুসূচীত জনজাতিৰ বাবে ভাৰতৰ প্ৰায় সকলো প্ৰান্ততে সংৰক্ষণৰ ব্যৱস্থাৰ প্ৰস্তাৱ দাঙি ধৰা হয়৷ ১০ বছৰ সময়সীমা এই খচৰা দফাতে সংযোগ কৰা হৈছিল৷ 

বৰ্তমান সংৰক্ষণ ভাৰতবৰ্ষ এটা বহুচৰ্চিত বিষয়৷ পৰৱৰ্তী সময়ছোৱাত এই সংৰক্ষণৰ পৰিসৰ বৃদ্ধি কৰি অন্য পিছপৰা জাতি আদি বিভিন্ন সম্প্ৰদায়লৈ প্ৰসাৰিত হয়৷ ১৯৬৫ চনৰ লকুৰ কমিটিৰ প্ৰতিবেদন মতে সংবিধান গ্ৰহণৰ পাছত প্ৰথমবাৰৰ বাবে এনে জনগোষ্ঠীৰ মৰ্যাদা লাভৰ প্ৰক্ৰিয়াৰ নীতি-নিয়মৰ কিছু সালসলনি ঘটায়৷ নব্বৈ দশকত মণ্ডল কমিশ্বনৰ প্ৰতিবেদনৰ ভিত্তিত অ. বি. চি বা অন্য পিছপৰা সম্প্ৰদায়ক সংৰক্ষণৰ আওতালৈ অনাক লৈও ব্যাপক গণ আন্দোলনৰ সূচনা হৈছিল। বিশ্ববিদ্যালয়সমূহত এই বিক্ষোভে চূড়ান্ত ৰূপ লাভ কৰিছিল। আত্মজাহ আদি ঘটনাৰে এই আন্দোলনে বিশ্বসম্প্ৰদায়ৰ দৃষ্টি আকৰ্ষণ কৰিছিল। ভাৰতবৰ্ষত সংৰক্ষণ আৰু জাতিবাদে ব্যাপক প্ৰভাৱ বিস্তাৰ কৰি আছে৷ ধৰ্ম আৰু জাতিবাদৰ ভিত্তিত দেশত বহুতো সামাজিক আৰু আন উন্নয়ণৰ আঁচনি গ্ৰহণ কৰি অহা হৈছে৷ ৰাজনৈতিক দলসমূহে নিজৰ লাভালাভৰ বাবে এই বিষয়সমূহৰ ব্যাপক সহায় লয় আৰু নিজৰ ঈপ্সিত লক্ষ্যত উপনীত হবলৈ চেষ্টা কৰে৷ বৰ্তমান সময়ত ৰাজনৈতিক দলসমূহ আৰু চাকৰিপ্ৰাৰ্থীসকলেই এই বিষয়সমূহৰ লাভালাভৰ ক্ষেত্ৰত ব্যাপক গুৰুত্ব লাভ কৰি আহিছে আৰু ৰাজনৈতিক দলসমূহে ভোটবেংকৰ স্বাৰ্থত এইসকল লোকক নিজৰ পক্ষলৈ টানিবলৈ ব্যাপক চেষ্টা কৰে। 

ভাৰতৰ সামাজিক, সাংস্কৃতিক আৰু ধৰ্মীয় জীৱনত এই জাতি-জনজাতিকেন্দ্ৰিক চিন্তাৰ গভীৰ প্ৰভাৱ আছে। শেহতীয়াকৈ, তিনিটা ঘটনাই এই বিষয়টোক অতি প্ৰাসংগিক কৰি তুলিছে - ১) মাননীয় উচ্চতম ন্যায়ালয়ৰ দ্বাৰা অনুসূচীত জাতিৰ মাজতো উপজাতি ব্যৱস্থাৰ ৰায়দান, ২) ইউ. পি. এছ. চি.-ৰ দ্বাৰা উচ্চ পৰ্যায়ৰ পদবীৰ বাবে লেটাৰেল এণ্ট্ৰিৰ বিজ্ঞাপন খাৰিজ আৰু, ৩) আগন্তুক লোকপিয়লত জাতি-জনজাতিকেন্দ্ৰিক তথ্যৰ বাবে এটা বিশেষ স্তম্ভ ৰখাৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ চিন্তা চৰ্চা। প্ৰথমটো লৈ ইতিমধ্যে অনুসূচীত জাতিৰ মাজতে বিভেদৰ সৃষ্টি হৈছে- ইতিমধ্যে ‘উচ্চ বৰ্গ’ৰ অনুসূচীত জাতিৰ দ্বাৰা ভাৰত বন্ধ আদি কাৰ্যসূচী ৰূপায়ণ হৈছে ইয়াৰ প্ৰতিবাদত। আনহাতে এই নিৰ্দেশৰ লভ্যাৰ্থী দক্ষিণ ভাৰতৰ মাডিগা, অৰুণথাথিয়াৰ আদি অনুসূচীত জাতিৰ অথচ মূলত বঞ্চিত জাতিয়ে ইয়াক আদৰণি জনাইছে। দ্বিতীয় বিষয়টোতো চৰকাৰে ‘সামাজিক ন্যায়’ৰ দোহাই দি সংৰক্ষণ নথকাৰ বাবে বিজ্ঞাপন খাৰিজ কৰিছে। বিৰোধী দলসমূহ আৰু নিজৰ সহযোগী দলৰ বিৰোধ তথা লোকসভাৰ নিৰ্বাচনৰ পূৰ্বে বিজেপি দলে সংবিধান সংশোধন কৰি সংৰক্ষণ শেষ কৰিব বুলি বিৰোধীয়ে প্ৰচাৰ কৰা নেৰেটিভটোৰ ক্ষেত্ৰত ই এক পদক্ষেপ বুলি আন একে নেৰেটিভে সমাগত বিধানসভা নিৰ্বাচনত প্ৰভাৱ পেলাব পাৰে ধৰণৰ আশংকাহে মূলত এই চাকৰিৰ বিজ্ঞাপন খাৰিজৰ মূল কাৰণ। তৃতীয়তে জাতিভিত্তিক লোকপিয়লৰ বিষয়টোৰ বিৰোধীৰ দ্বাৰা সজোৰ উত্থাপনে এই বিষয়ে চিন্তা-চৰ্চাৰ বাবে হেচা পৰিছে। যোৱা কিছু বছৰত বিৰোধী দলসমূহে জাতিভিত্তিক লোকপিয়লৰ ওপৰত বিশেষ গুৰুত্ব প্ৰদান কৰিছে। বিহাৰত এই কাৰ্যসূচী ইতিমধ্যে গ্ৰহণ কৰা হৈছিল। জাতিভিত্তিক লোকপিয়লে ভাৰতৰ ৰাজনীতিত সূদুৰপ্ৰসাৰী প্ৰভাৱ পেলাব। 

দুটা ঘটনা কিছু আলোচনাৰ বাবে উল্লেখ কৰিছোঁ- প্ৰথমটো হৈছে- মাদ্ৰাছ বিশ্ববিদ্যালয়ৰ ভূতপূৰ্ব সহকাৰী অধ্যাপক তথা দক্ষিণ আফ্ৰিকাৰ ছাউথাম্পটন ইউনিভাৰ্ছিটিৰ পষ্ট ডক্টৰেট ৰবিচন্দ্ৰন বাথৰাণ, যি বৰ্তমান ‘ৰয়িছ মহম্মদ’ নামে জনাজাত৷ তেওঁৰ গৱেষণা পত্ৰ ’The many omissions of a concept: Discrimination among seheduled caste’ খনক ভাৰতবৰ্ষৰ মূখ্য ন্যায়াধীশ D.Y Chandrachud এ অলপতে অনুসূচীত জাতিৰ উপজাতিৰ সংৰক্ষণ বিষয়ক ঐতিহাসিক ৰায় প্ৰদানৰ সময়ত এক তথ্যসূত্ৰ হিচাপে ব্যৱহাৰ কৰিছে৷ ৰবিচন্দ্ৰন বাথৰাণক ‘ছেফ্‌টি টেংক ভাই” বুলি তামিলনাডুৰ নীলগিৰি জিলাৰ মানুহে চিনি পায়৷ তামিলাডুৰ অনুসূচীত জাতিৰ অন্তৰ্ভুক্ত হৈ থাকিও যে সেই সম্প্ৰদায়ৰো নিম্নবৰ্গীয় জাতিসমূহে শোষণ আৰু বঞ্চনাৰ বলি হৈ আহিছে তাক জনগণৰ আগত প্ৰকাশ কৰাৰ চেষ্টা ৰবিচন্দ্ৰনে কৰি আহিছে। তেওঁ শিক্ষকৰ চাকৰি ত্যাগ কৰি ছেফ্‌টি টেংক চাফা কৰা এটা এজেঞ্চি খুলিলে আৰু ২০২১ চনৰ পৰা সেই কাম কৰি আহিছে৷ এক প্ৰতীকী প্ৰতিবাদ আৰু নিজৰ সম্প্ৰদায়ৰ সমস্যাক জগতৰ আগত প্ৰকাশ কৰাৰ বাবে এনে ব্যৱস্থা গ্ৰহণ কৰিছে বুলিও তেওঁ জানিবলৈ দিছে৷ হায়দৰাবাদৰ The English and Foreign Languages University ৰ পি. এইচ. ডি. ডিগ্ৰী প্ৰ্ৰাপ্ৰক ৰবিচন্দ্ৰনৰ’ Languages, Caste & Territory: Language Spoken by Scavenging Casts of South India’ শীৰ্ষক গৱেষণা গ্ৰন্থখনত পিছপৰা বৰ্গৰ ভাষাৰ ওপৰত গৱেষণা কৰিছিল৷ উপজাতিৰ উচ্চতম ন্যায়ালয়ৰ ৰায়টোক লৈ ৰবিচন্দ্ৰনে আশা প্ৰকাশ কৰিছে আৰু ই এক আলোচনাৰ বাট মুকলি কৰিব এই শ্ৰেণীৰ লোকৰ জীৱন সংগ্ৰাম সমাজৰ দৃষ্টিত পৰিব। 

মন্দ কৃষ্ণ মাডিগাৰ নাম এই কেইদিনত ব্যাপক চৰ্চাত আছিল৷ যোৱা কিছু দশকৰ পৰা একেৰাহে তেওঁ দলিতসকলৰ মাজত উপজাতিৰ বাবে সজোৰে দাবী উত্থাপন কৰি আহিছে৷ “মাডিগা ৰিজাৰ্ভেশ্বন পৰোটা সমিথি”ৰ জৰিয়তে প্ৰৱল আন্দোলনৰো তেওঁ সূচনা কৰিছিল৷ অলপতে উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশৰ ভিত্তিত মাডিগা সম্প্ৰদায়ে সংৰক্ষণৰ সুবিধা লাভ কৰিব অনুসূচীত জাতিৰ ভিতৰত৷ 

আনহাতে বামপন্থী বহু বিশেষজ্ঞৰ মতে, উপজাতিৰ ধাৰণাটোৱে দলিতসকলৰ স্বনিয়ন্ত্ৰণৰ যি আন্দোলন, ইয়াত এক গভীৰ প্ৰাচীৰ সৃষ্টি কৰি দিলে। হিন্দুত্ববাদী সংগঠনসমূহে দলিতসকলৰ মাজত এই জাতিকেন্দ্ৰিক বিভেদৰ বাবে বহুদিনৰ পৰাই চেষ্টা কৰি আছিল। কোনো ৰাজনৈতিক দলে পোনপটীয়াকৈ কেতিয়াও এই স্পৰ্শকাতৰ বিষয়টোত হস্তক্ষেপ কৰাৰ চেষ্টা কৰা নাছিল। উচ্চতম ন্যায়ালয়ৰ যোগেদি এই কাম সহজ হৈ পৰিল আৰু ই পৰোক্ষভাৱে দলিতসকলক হিন্দুত্ববাদী সংগঠনৰ ওচৰ চপাই অনাৰ আশংকা কৰিছে। ই সামজিক স্থিৰতাতো বিভেদ আনিব বুলি কিছু বিশ্লেষকে মত প্ৰকাশ কৰিছে। 

মণিপুৰ জ্বলি যোৱাৰ মূল কাৰণো মেইটেইসকলক জাতিভিত্তিক সংৰক্ষণৰ আওতালৈ অনাৰ ৰাজ্য চৰকাৰৰ প্ৰয়াস। মেইটেই আৰু কুকি জৌসকলৰ মাজত সংৰক্ষণকেন্দ্ৰিক বিষয়টো লৈয়ে প্ৰথম গণহিংসাৰ সূচনা হয় আৰু ক্ৰমান্বয়ে ই ব্যাপক ৰূপ ধাৰণ কৰে। বৰ্তমান সময়তো মণিপুৰ সুস্থিৰ হৈ থকা নাই। সম্প্ৰদায় দুটাৰ মাজত সংঘটিত হিংসাই দীৰ্ঘদিনলৈ যে সমস্যাৰ সূচনা কৰিব সি ধুৰুপ। 

আকৌ চুবুৰীয়া দেশ বাংলাদেশৰ প্ৰধানমন্ত্ৰী শ্বেইখ হাছিনাই এই সংৰক্ষণকেন্দ্ৰিক এক আন্দোলনৰ পৰিপ্ৰেক্ষিততে নিজ দেশৰ পৰা পলায়ন কৰিব লগা অৱস্থাৰ সৃষ্টি হয়।

গতিকে এই সমগ্ৰ প্ৰক্ৰিয়াটো যথেষ্ট স্পৰ্শকাতৰ, ৰাজনৈতিকভাৱে উত্তপ্ত আৰু ভংগুৰ। 

অসমৰ প্ৰেক্ষাপটত, অসমৰ ছয়টা খিলঞ্জীয়া জনগোষ্ঠী- টাই আহোম, চুতীয়া, কোঁচ ৰাজবংশী, মৰাণ, মটক আৰু আদিবাসী( চাহ জনগোষ্ঠী) ৰ জনজাতিকৰণৰ স্তিমিত দাবীৰ সময়তে বৰ্তমান প্ৰেক্ষাপটত এই  বিস্তৃত বিষয়টোক লৈ কিছু নতুন চিন্তাচৰ্চাৰ সৃষ্টি হৈছে। এনে এক পৰিস্থিতিত অসমৰ ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ দাবী, খিলঞ্জীয়া ৰক্ষাকৱচৰ দাবী বা ৰাজ্যখনৰ বাবে বিশেষ সাংবিধানিক সুৰক্ষাকৱচৰ দাবী আদি বিষয়বোৰে নতুন মাত্ৰা লাভ কৰিব। কিন্তু একেসময়তে এই দাবীসমূহক ন্যায়িক ব্যৱস্থা বা গণতান্ত্ৰিক আন্দোলনৰ মাজেৰে কোনবোৰ সক্ৰিয় জাতীয় নেতা বা অনুষ্ঠানে আগবঢ়াব অথবা ই কেৱল বাতৰি কাকত আৰু আলোচনাৰ শব্দৰ ‘জাৰ্গন’ হৈ ৰ’ব তাৰ সাক্ষী হ’ব অনাগত সময়।

  (মতামত ব্যক্তিগত)


ঠিকনা :

পঙ্কজ প্ৰতিম বৰদলৈ

উপ-সঞ্চালক, ৰাষ্ট্ৰপতি ভৱন, নতুন দিল্লী

ভ্ৰাম্যভাষ - ৮৮০০৯৪৮৮০৮

নতুন দিল্লী

অন্যযুগৰ প্ৰকাশিত সংখ্যাসমূহ