অসীম কুমাৰ হাজৰিকা
সাম্প্ৰতিক
অসমীয়া কবিতাৰ জগতখনত তৰুণ প্ৰজন্মৰ কবি নীলম গগৈয়ে শেহতীয়াকৈ ভুমুকি মাৰিছে৷ ‘ভাল
হোৱাটো পাপ কমৰেড’ গগৈৰ কাব্য জীৱনৰ প্ৰথম স্বাক্ষৰ৷ জীৱনৰ নানা ঘটনা-পৰিঘটনা,
পৰিৱেশ,
চিত্ৰকল্প
ইত্যাদিৰ মাধ্যমত তেওঁ চিন্তাৰাশিক বৈচিত্ৰময় ৰূপত মূৰ্ত কৰিছে৷ চিন্তন আৰু
আনুভূতিক ভাৰসাম্য ৰক্ষা কৰি নীলমে কবিতাসমূহক এক নতুন গতি দিবলৈ পাৰ্যমানে চেষ্টা
কৰিছে৷ একো একোটা অনুভৱ, হৃদয়ৰ প্ৰৱণতাই তেওঁৰ কবিতাৰ কেন্দ্ৰত
স্থিতি গ্ৰহণ কৰি পাঠকৰ বাবে নতুন চিন্তাৰ বাট মুকলি কৰিব বুলি আমি আশা কৰিব
পাৰোঁ৷ গগৈৰ কবিতাৰ মাজত এটা স্বতঃস্ফূৰ্ত আনুভূতিক প্ৰকাশৰ উন্মেষণ হোৱা
পৰিলক্ষিত হয়৷ মূলতঃ গগৈ এগৰাকী অন্তৰ্মুখী কবি৷ যদিও সকলো কবিয়ে মনৰ ভিতৰত গুজৰি
গুমৰি থকা অনুভূতিকে আধাৰ হিচাপে লয়, তাৰ ভিতৰতো বহুতৰ ক্ষেত্ৰত কিন্তু
উদ্দীপক বাহ্যিক জগতৰ৷ কবি গগৈৰ কবিতাৰ মাজত জীৱনক ভিন্ন দৃষ্টিভংগীৰে জুমি চোৱাৰ
বাসনা বিদ্যমান৷ প্ৰতিটো সৃষ্টিৰ অন্তৰালত আছে জীৱন সম্পৰ্কীয় কিছুমান প্ৰবৃত্তিক
নিজস্ব দৃষ্টিভংগীৰে অৱলোকন কৰাৰ অভিনৱ প্ৰয়াস৷
কবি
নীলমৰ কবিতাত নতুন বিষয়ৰ সম্পৰীক্ষা আমি দেখিবলৈ পাওঁ৷ অৱশ্যে কবিতাত সম্পৰীক্ষা
কোনো নতুন কথা নহয়৷ আচলতে, কবিতাৰ সৈতে সম্পৰীক্ষা চলাব পৰাটো মূল
কথা আৰু তাতেই এগৰাকী কবিৰ কৃতিত্ব বহু পৰিমাণে নিৰ্ভৰ কৰে৷ কবিতাৰ স্বকীয়তাৰ
ধাৰণাটো সাহিত্যৰ বুৰঞ্জীত বিভিন্ন সাহিত্য সমালোচকে পূৰ্বৰে পৰাই আলোচনা কৰি
আহিছে৷ এই ধাৰণাটোক সম্বোধন কৰা এজন উল্লেখযোগ্য সমালোচক হৈছে টি. এছ এলিয়ট৷
বিশেষকৈ এলিয়টৰ The Sacred Wood: Essays on Poetry and
Criticism গ্ৰন্থত
সন্নিৱিষ্ট তেওঁৰ ৰচনা ‘ট্ৰেডিচন এণ্ড দ্য ইণ্ডিভিজুৱেল টেলেণ্ট’ত, এলিয়টে
অন্বেষণ কৰিছে যে কবিতা কেৱল ব্যক্তিগত আৱেগৰ প্ৰকাশ নহয় বৰঞ্চ ইয়াৰ পৰিৱৰ্তে এজন
কবিৰ সাহিত্যিক পৰম্পৰা আৰু তেওঁলোকৰ সাংস্কৃতিক, আৰু সামূহিক
চেতনাৰ সৈতে জড়িত হৈ গঢ় লৈ উঠে৷ বিষয়বস্তুৰ বাছনি, শব্দবৈভৱ,
ৰচনাভংগী,
চিত্ৰকল্প
নিৰ্মাণৰ ক্ষেত্ৰত গগৈয়ে নতুন শৈলী আনিবলৈ চেষ্টা কৰাৰ ক্ষেত্ৰত কৌশলী স্থিতি গ্ৰহণ
কৰিছে৷ গতানুগতিকতাৰ পৰিধিৰ বাহিৰত কবিয়ে চেতনাক উন্মুক্ত কৰিছে৷ আধুনিকোত্তৰ
কালসন্ধিৰ বেলিকা কবিয়ে অসাধাৰণ বিষয়ত সাধাৰণত্ব আৰোপ, অতিন্দ্ৰীয়
চেতনা, নৈৰাশ্যবাদী ধাৰণা, বীভৎস স্বৰূপত স্বাভাৱিকতা প্ৰদান,
নাৰীবাদ
ইত্যাদি কিছুমান বিষয়ক সমল কৰি এই কাব্যগ্ৰন্থখন ৰচনা কৰিছে৷ তদুপৰি অসমীয়া
কাব্য-সাহিত্যৰ পথাৰত প্ৰথমবাৰৰ বাবে ‘নেক্ৰ’ফিলিয়া’ ধাৰণাটো কবিতাত প্ৰয়োগ কৰা
দৃষ্টিগোচৰ হ’ল৷
নীলমৰ
কবিতাসমূহ পঢ়িলে অনুভৱ হয় কবিগৰাকীৰ অধ্যয়নপিপাসু এক মন আছে৷ প্ৰেম-যৌনতাৰ উপৰিও
ভৌতিক-আধিভৌতিক জগতখনক অন্বেষণ কৰিবলৈ কৰা চিন্তাৰ প্ৰাচুৰ্যতাই কবি গগৈক ভৱিষ্যতৰ
সময়ত নিশ্চয় উত্তৰণৰ বাট দেখুৱাব। ‘অসহ্য দিনৰ সাধু’, ‘গিৰিপ-গাৰাপ
তাল ৰাখি জোতাবোৰ আহে’, ‘ছালৰ এইপাৰে উন্মুক্ত হৈ থাকিবলৈকে মই
মোক বন্দী কৰিছোঁ’- এই কবিতাসমূহত কবি গগৈয়ে অভিব্যঞ্জনাৰ মাধ্যমত কবিতাখিনিক
ভাৱগধুৰ কৰি মনোগ্ৰাহী পাঠকৰ বাবে চিন্তাৰ বাট মুকলি কৰিছে৷
গগৈৰ
কবিতাত আমি দেখিবলৈ পাওঁ মৌলিক সত্ত্বাৰে পৰিৱেষ্টিত অস্তিত্ব আৰু অস্তিত্বহীনতা-
এই দুয়োটাৰে সামঞ্জস্য ৰক্ষা কৰি দ্বৈত চেতনাৰ আলম লৈ কবিয়ে আকাশীলতাৰ দৰে এডাল
চিন্তাৰ মালা গাঁঠিছে-
‘মৃতুকো জীয়াই থাকিবলৈ এটা জীৱন লাগে’ - (থকা কথা এটা ৩৭)
জাগতিক সত্যৰ ধ্যান-ধাৰণাক প্ৰত্যাহ৩ান জনোৱাৰ বাসনাত কবিয়ে অস্তিত্বহীনতাক অস্তিত্ব দান কৰাৰ চিন্তা অৱচেতন মনত ধাৰণ কৰিছে৷ কবিৰ ভাষ্য-
মুক্তিৰ কথা কৈ আহিব বিক্ৰম
বেতাল গছে কৈ শুনাব অসহ্য দিনৰ সাধু -
- (ৰাতি এটাৰ কথা ১৩)
নীলম গগৈৰ কবিতা পঢ়িলে এনে অনুভৱ হয় যেন কবিয়ে সোঁতৰ বিপৰীতে অগ্ৰসৰ হ’বলৈ চেষ্টা কৰিছে৷ ‘অসহ্য দিনৰ সাধু’ উপমাৰে কবিয়ে সাম্প্ৰতিক সময়ৰ এখন ভাৰাক্ৰান্ত ছবি অংকণ কৰিছে৷ ঠিক একেদৰে, ‘ক’লা বগা কথা’ কবিতাৰ মাজত কবিয়ে যন্ত্ৰণাদগ্ধ সময়ক বৰ্ণনা কৰিবলৈ ‘বেলিঘড়ী’ৰ চিত্ৰকল্প ব্যৱহাৰ কৰিছে৷ কবিতাটোৰ মাজত কবিৰ অন্তৰৰ ঘনীভূত ক্ষোভ প্ৰকাশ পোৱা পৰিলক্ষিত হয়৷ কবিয়ে কৈছে,
‘পুৰি ছাই হ’লে কি ক’লা? কি
বগা?
আচলতে মানুহো বেলিঘড়ীৰ সময়
‘কা’লা (!)
- (ক’লা বগা কথা ১৭)
গগৈৰ
আন এটা কবিতা ‘ক’ব নোখোজা সাধু’ৰ মাজত কবিয়ে ক’ব নোখোজা কথা ন’কওঁ বুলি ভাবি থাকিলেও পাঠকক কৈছে ,
‘বৰফৰ দুপৰীয়া এটাত
কেৰেচিয়াই কেৰেচিয়াই কাটি আছিলোঁ এলদা
কেঁচা মঙহ ’
- (ক’ব নোখোজা সাধু ১৮)
কবিৰ
মনৰ মাজত যেন কিছুমান কথাই নিঃশব্দ উচুপনিৰ দৰে খুন্দিয়াই আছে৷ ঐতিহ্যবাদী
সমাজব্যৱস্থাৰ গতিহীন ৰূপটো প্ৰত্যক্ষ কৰি কবি যেন বিমৰ্ষ৷ কবিৰ শব্দচয়নৰ
প্ৰাচুৰ্যতাই এই কবিতাটোক পঠনৰ বাবে উপযোগী কৰি তুলিছে৷
পৰম্পৰাগত
সমাজ ব্যৱস্থাৰ চিত্ৰকল্প অংকণ কৰাৰ ক্ষেত্ৰত কবিয়ে সংযত ভাষা ব্যৱহাৰ কৰিছে৷
গ্ৰাম্য সমাজৰ পটভূমি কবিতাৰ মাজত তুলি ধৰিবলৈ গগৈয়ে প্ৰয়াস কৰিছে৷ ‘চম্পাৱতীৰ
সাধু’ৰ ভেঁজা লৈ কবিয়ে পুৰণিৰ লগত নব্য চিন্তাৰ সংযোগ ঘটাইছে, এই
চিন্তাই পাঠকৰ চিন্তাৰ গতি ত্বৰান্বিত কৰিব৷ ‘অজগৰ’ চিত্ৰকল্পৰ মাধ্যমত কবিয়ে
সংশয়যুক্ত সময়ক প্ৰতীয়মান কৰিছে৷ কবিৰ ভাষ্য-
‘তথাপি সন্দেহৰ শিপায়েদি মোক মেৰিয়াই
আহিছিল এটা অজগৰ’
- (এজনী চম্পাৱতীৰ কথা ২০)
‘পুৰাতন
ঐতিহ্য পৰম্পৰাক উত্তৰ আধুনিক যুগীয় কবিতাৰ সৈতে সম্পৰ্কিত কৰিব পাৰি’- এই বক্তব্যটো সাহিত্য সমালোচক আৰু তত্ত্ববিদ Linda
Hutcheon-এ (লিণ্ডা হাচিয়ন) উত্থাপন কৰা ধাৰণাসমূহৰ সৈতে সম্পৰ্কিত কৰিব পাৰি৷
উত্তৰ আধুনিকতাবাদ আৰু সাহিত্যৰ পৰম্পৰাগত ৰূপ আৰু নীতি-নিয়মৰ সৈতে ইয়াৰ সম্পৰ্কৰ
বাবে হাচিয়ন পৰিচিত৷ The Politics of Postmodernism শীৰ্ষক গ্ৰন্থখনত তেওঁ উত্তৰ আধুনিক
সাহিত্যই পৰম্পৰাগত সাহিত্যৰ ৰূপ আৰু বিষয়বস্তুকে ধৰি অতীতৰ উপাদানসমূহৰ সৈতে
কেনেকৈ সংপৃক্ত হৈ পুনৰ ব্যাখ্যা কৰে তাৰ ওপৰত বিশদ বিৱৰণ আগবঢ়াইছে৷ হাচিয়নে
যুক্তি প্ৰদৰ্শন কৰি কয় যে উত্তৰ আধুনিকতাবাদে পৰম্পৰাক প্ৰত্যাখ্যান বা পৰিত্যাগ
কৰাটো বাধ্যতামূলক নহয় বৰঞ্চ ই নব্য আৰু পৰিশোধিত ৰূপত সাহিত্যৰ মাজত অতীত আৰু
বৰ্তমানৰ মাজত এক গতিশীল আন্তঃক্ৰিয়াৰ সৃষ্টি কৰে৷ কবি গগৈৰ ‘এজনী চম্পাৱতীৰ কথা’
কবিতাটোত পুৰণি আৰু নতুনৰ চিন্তাৰ মাজত এদাল সাকোঁ তৈয়াৰ হৈছে৷ নি:সন্দেহে এই
কবিতাটো সুখপাঠ্য হিচাপে গণ্য কৰিব পাৰি৷
কবি
গগৈৰ কবিতাত মনোবৈজ্ঞানিক চেতনাৰ তৰংগই উদ্দীপকৰ কাম কৰিছে৷ এই ধৰণৰ চিন্তা আমি
দেখিবলৈ পাওঁ চিলভিয়া প্লাথৰ 'Lady Lazarus', 'Ariel'
ইত্যাদি কবিতাৰ মাধ্যমত৷ চিলভিয়া প্লাথৰ কবিতাৰ এক পুনৰাবৃত্তিমূলক বিষয়বস্তু হৈছে
মানসিক অন্তৰ্দৃষ্টি৷ প্লাথে তেওঁৰ শক্তিশালী কাব্যবৈভৱৰ জৰিয়তে মানৱ মনোজগতৰ
গভীৰতাত প্ৰৱেশ কৰি পৰিচয়, হতাশা আৰু অস্তিত্বৰ ক্ষোভৰ বিষয়বস্তু
অন্বেষণ কৰিছে৷ ‘লেডী লাজাৰছ’, ‘এৰিয়েল’ আদি কবিতাত তেওঁ নিজৰ
আভ্যন্তৰীণ অস্থিৰতাৰ গভীৰ পৰীক্ষাত লিপ্ত হয় আৰু মানসিক ৰোগৰ সৈতে যুঁজি থাকে৷
প্লাথৰ স্বীকাৰোক্তিমূলক শৈলীয়ে পাঠকক তেওঁৰ মনোজগতৰ আভাস দিব পাৰে কিয়নো তেওঁ
অপ্ৰিয় সত্যৰ তীব্ৰতাৰে নিজৰ অন্তৰ্নিহিত চিন্তা আৰু আৱেগক সবলভাৱে উন্মুক্ত
কৰিছে৷ প্লাথৰ কবিতাই মানৱ মনৰ জটিলতা আৰু অস্তিত্বৰ ভংগুৰ স্বভাৱৰ এক বাধ্যতামূলক
অন্বেষণৰ কাম কৰি তেওঁক আধুনিক সাহিত্যৰ অন্যতম প্ৰভাৱশালী কণ্ঠ হিচাপে গঢ়ি
তুলিছে৷ কবি নীলমৰ কবিতাতো এই ‘সুৰ’ আমি শুনিবলৈ পাওঁ৷ অস্থিৰ চেতনা, মানসিক
অৱস্থাক প্ৰকাশ কৰিবলৈ কবি নীলমে ব্যৱহাৰ কৰিছে প্ৰাঞ্জল ভাষা৷ কবিয়ে কৈছে-
‘কাঁইটৰ বাকচ এটাই বন্দী কৰি ৰাখে
এন্ধাৰ
বাহিৰৰ আকাশ ৰঙা’
- (কমৰেড ১৫)
নীলমৰ
কবিতাৰ মাধ্যমত এক প্ৰতিবাদী সত্বা প্ৰকাশ পাইছে৷ তেওঁৰ কবিতাসমূহে ব্যক্তিচেতনাৰ
উদ্ধৰ্ত জগতৰ অনুসন্ধান আৰু জীৱনৰ অন্যতম অৱধাৰণাসমূহ উত্থাপন কৰিছে৷ ‘এৰি অহা
কথা’, ‘চকুৰে দেখা আৰু
চকুৰে নেদেখা’ৰ যোগেদি চিৰসত্য আৰু ব্যক্তিগত অবস্থাসমূহৰ উদ্ধৰ্ত চিন্তা কৰি
চিন্তাৰ দ্বৈততা প্ৰকাশ কৰিছে৷ এইধৰণৰ কবিতাৰ মাধ্যমত কবিয়ে সৃষ্টিত আভ্যন্তৰীণ
সংঘৰ্ষ আৰু মানৱীয় সমস্যাৰ উন্মুক্ত চিন্তা প্ৰতিফলিত কৰি তুলিছে৷ নীলমৰ ‘সলাই
লোৱা কথা’ৰ মাজত কবিৰ আভ্যন্তৰীণ জ্ঞান আৰু চিন্তাৰাশি প্ৰকাশ পাইছে৷ প্ৰতিটো
বস্তুক জুমি চোৱাৰ ধৰণ বেলেগ৷ এই কথাটো কবিয়েও স্বকীয় শৈলীত ব্যক্ত কৰিছে৷ জীৱনৰ
উদ্দেশ্যৰ প্ৰতি মানুহৰ দৃষ্টিভংগী ভিন্ন বুলি ধাৰণাটো সাহিত্য আৰু দৰ্শনৰ এক
সাধাৰণ বিষয়বস্তু৷ বহু কবিয়ে নিজৰ সৃষ্টিত এই ধাৰণাটো অন্বেষণ কৰিছে৷ ৰবাৰ্ট
ফ্ৰষ্ট, টি. এছ. এলিয়ট, এমিলি ডিকিনছন আৰু ৱাল্ট হুইটমেনে
তেওঁলোকৰ কবিতাত মানৱ দৃষ্টিভংগীৰ বৈচিত্ৰ্য আৰু জীৱনৰ অৰ্থৰ সন্ধানৰ সৈতে জড়িত
বিষয়বস্তুক স্পৰ্শ কৰিছে৷ তৰুণ প্ৰজন্মৰ কবি হিচাপে নীলমৰ কবিতাত এনে ধৰণৰ স্বৰ
শুনিবলৈ পোৱাটো সুখৰ কথা কাৰণ কবি উত্তৰ আধুনিক যুগীয় চিন্তাৰে সমৃদ্ধ ব্যক্তিসত্বা৷
‘এবষ্ট্ৰেক্ট কথা’ শীৰ্ষক কবিতাত গগৈয়ে
কৈছে, ‘শৰীৰটোৱে ধোঁৱাৰ এটা অবয়ব হৈ ওপৰলৈ আহি মোক কয়-
মোৰ অবিহনে তই শুকান কাঠ
হুম? হুম? জ্বলা
একুৰা জুই’
- (এবষ্ট্ৰেক্ট কথা ২৮)
আধিভৌতিক
ধাৰণাৰ বিষয়ত কবিগৰাকীয়ে বীভৎস, অনি(য়তা আৰু মৃত্যুচেতনাৰ বিষয়ে প্ৰকাশ
কৰিছে৷ কবিয়ে নিজৰ অধ্যয়ন আৰু প্ৰতিবাদী ধাৰণাৰ ওপৰত ভিত্তি কৰি মৃত্যুচেতনাৰ
সংজ্ঞা নিৰূপন কৰিবলৈ চেষ্টা কৰিছে৷ এই ভাৱৰাশিৰ মাত্ৰা কবিতাত প্ৰকাশ কৰাৰ উপৰিও
কবি নীলমে সাহিত্যিক কাৰ্যকলাপত মনোনিৱেশ কৰি সামাজিক পৰিস্থিতিৰ প্ৰেক্ষাপটত
চিন্তা জাগ্ৰত কৰাৰ চেষ্টা কৰিছে৷ আধিভৌতিক কবিতাৰ সন্দৰ্ভত এলিয়টে 'The
Metaphysical Poets' শীৰ্ষক ৰচনাখনত উল্লেখযোগ্য মন্তব্য পোষণ
কৰিছিল৷ এলিয়টে এই ৰচনাখনত আধিভৌতিক কবিসকলক কংক্ৰিট চিত্ৰকল্প আৰু ভাষাৰ জৰিয়তে
জটিল ধাৰণাসমূহ প্ৰকাশ কৰাৰ ক্ষমতাৰ বাবে প্ৰশংসা কৰিছিল৷ এলিয়টে কৈছিল, 'Poets
in our civilization, as it exists at present, must be difficult.' নীলমৰ
‘এবষ্ট্ৰেক্ট কথা’ পঢ়াৰ পাছত ভাব হয় কবিয়ে যেন এলিয়টৰ বক্তব্যক পুন: ৰূপ প্ৰদান
কৰিছে৷ ‘মই বিষয়ক আৰু এটা এবষ্ট্ৰেক্ট
কথা’ শীৰ্ষক কবিতাটো এই ধৰণৰ চিন্তা ভাস্বত হৈছে৷ ‘ভাল হোৱাটো পাপ কমৰেড’
কাব্যগ্ৰন্থৰ আন এটা কবিতাত কবি গগৈৰ কণ্ঠ এনেদৰে শুনিবলৈ পোৱা যায়-
‘হয় নে নহয় বুলি দ্বিধাত থকা নাই কোনো
এপাহ সূৰ্যমুখী’
- (দ্বিধাহীন কথা ৩৫)
এই
কবিতাটোৰ মাধ্যমত কবিয়ে নিজৰ প্ৰতিবাদী চিন্তা পৰিষ্ফূত কৰিছে৷ ‘যাদুকৰে মুঠিতে
লুকুৱাই দিলে সূৰ্য’- এই বৰ্ণনাৰে কবিয়ে সাম্প্ৰতিক সময়ৰ প্ৰেক্ষাপট যেন অস্থিৰ
তাক প্ৰকট কৰিবলৈ প্ৰয়াস কৰিছে৷ ৰাজনৈতিক কাৰচাজি, মানৱীয়তাৰ স্থলন
দেখি কবি যেন অসন্তষ্ট৷ এইবোৰ কথা ক’বলৈ কবিৰ দ্বিধা তেতিয়াও নাছিল আৰু এতিয়াও
নাই৷ কাৰণ কবিয়ে বিশ্বাস কৰে যে ‘এঙাৰেহে জিলিকাব পাৰে কৰচি থকা দাঁত’৷ এই
সন্দৰ্ভত সাহিত্য-সমালোচক Terry Eagleton-ৰ এষাৰ কথা মনত পৰিছে৷ Eagleton-এ মত
পোষণ কৰিছিল যে কবিতাই সাম্প্ৰতিক কালৰ সামাজিক- ৰাজনৈতিক পৰিৱেশক প্ৰতিফলিত কৰিব
লাগে৷ তেওঁৰ মতে কবিতাই সমসাময়িক বিষয়সমূহক সম্বোধন আৰু ইয়াৰ সৈতে জড়িত হোৱাৰ
ক্ষমতা আছে; পৰিপ্ৰেক্ষিতত ই সমাজৰ বাবে প্ৰাসংগিক আৰু
প্ৰভাৱশালী হৈ পৰে৷ ‘যুদ্ধৰ কথা’, ‘প্ৰতিবাদৰ মৃত্যু’, ‘প্ৰতিবাদী
কথা’ ইত্যাদি কবিতাৰ মাধ্যমত গগৈয়ে সামাজিক চেতনা প্ৰকাশ কৰিছে৷ দুখীয়াৰ দুখ
অনুধাৱন কৰিবলৈ চেষ্টা কৰা কবি গগৈয়ে ৰাজনৈতিক ব্যৱস্থাত সংস্কাৰ আৰু পৰিৱৰ্ত্তনৰ
পোষকতা কৰিছে৷ এনেবোৰ দিশ সূক্ষ্মভাৱে চালে, গগৈৰ কবিতাই
ভৱিষ্যতৰ সময়ত অধিক তীব্ৰ ৰূপত সামাজিক-ৰাজনৈতিক চিন্তাক প্ৰতিফলিত কৰিব বুলি আমি
আশা কৰিব পাৰোঁ৷
নাৰীবাদ
কবিতাৰ এক গুৰুত্বপূৰ্ণ বিষয়৷ বহুতো কবিকণ্ঠই নাৰীবাদী কবিতাৰ মাধ্যমত
পুৰুষতান্ত্ৰিক আধিপত্যবাদক তীব্ৰ প্ৰত্যাহ্বান জনাই আহিছে৷ প্ৰসংগক্ৰমে, আমি Adrienne
Richৰ
কবিতা 'Diving into the Wreck'-ৰ নাম ল’ব পাৰোঁ৷ ঠিক একেদৰে Sylvia
Plathৰ কবিতা 'Daddy'য়েও পুৰুষতান্ত্ৰিক আধিপত্যবাদৰ
বিৰোধত অৱস্থান কৰা দেখা যায়৷ Maya
Angelouৰ কবিতা 'Still I Rise'-ৰ মাজতো ঐতিহ্যবাদী সামাজিক শোষণৰ
এক চিত্ৰণ প্ৰতিফলিত হৈছে৷ অসমৰ প্ৰেক্ষাপটত, বিশেষকৈ তৰুণ
কবি হিচাপে নীলম গগৈৰ কবিতাৰ মাজতো ‘নাৰীবাদ’ এক গুৰুত্বপূৰ্ণ বিষয় হিচাপে ভুমুকি
মাৰিছে৷ কবিয়ে তেওঁৰ কবিতাৰ মাধ্যমত নাৰীৰ সমস্যা, সহিষ্ণুতা,
সহনশীলতাৰ
প্ৰতি সবল অনুভৱ প্ৰকাশ কৰিছে৷ সেইবাবে, তেওঁৰ কবিতাৰ মাজত পুৰুষতান্ত্ৰিক
কুসংস্কাৰৰ বিৰুদ্ধে তীৰ্যক টিপ্পনি লক্ষ্য কৰা যায়৷ উদাহৰণস্বৰূপে কবিয়ে লিখিছে ,’ব্লেক-পুৰুষতন্ত্ৰত
ধৰা নপৰা এটা দাগ - (জাৰজ ৰং এটা ৪৮)।
‘শুকাই
যোৱাৰ কথা’ শীৰ্ষক কবিতাত গগৈয়ে যৌনতাক লিংগভিত্তিক পৰিচয় দিয়াৰ সলনি ‘আংগিক’ ৰূপত
অংকণ কৰিছে৷ কবিৰ ভাষ্য,
‘বৃশ্চিক এটাই কামোৰা ৰাতি এটাত
বন্ধ কোঠালিত যৌনতা বিচাৰি ধৰফৰাই থাকে
কথাবোৰে’
- (শুকাই যোৱাৰ কথা ৩২)
এই
কবিতাটোত যৌনতাত গগৈয়ে পৰম্পৰাগত লিংগ ভূমিকাক গুৰুত্ব দিয়াৰ পৰিৱৰ্তে আংগিক ৰূপত
উপস্থাপন কৰিছে৷ কবিতাটোৰ মাধ্যমত যৌনতাৰ ইচ্ছা আৰু ঘনিষ্ঠতাক অন্বেষণ কৰিবলৈ
গগৈয়ে প্ৰয়াস চলাইছে৷ গগৈৰ এই পন্থাই তেওঁৰ কবিতাত যৌনতাক অন্তৰ্ভুক্তিমূলক,
বৈচিত্ৰ্যময়
ৰূপত উপস্থাপন কৰিছে৷
কবি
গগৈৰ কবিতাত ‘যৌনতা’ এক উল্লেখযোগ্য বিষয়৷
যৌনতাৰ বিচাৰ কবিৰ দৃষ্টিত ভিন্ন৷ কবিৰ মতে, যৌনতাক
গুৰুত্বহীন কৰাৰ ক্ষেত্ৰত পৰম্পৰাগত সমাজব্যৱস্থাই অগ্ৰণী ভূমিকা পালন কৰি আহিছে৷
‘শুকাই যোৱাৰ কথা’, ‘কেনভাচত যৌনতা’ আদি কবিতাৰ মাধ্যমত কবিয়ে
যৌনতাক নব্যৰূপত অংকণ কৰিছে৷ কবিৰ মতে, ‘যৌনতা- নৈ:শব্দ বাঙ্ময়তা’ (কেনভাচত
যৌনতা ৪৯)৷
কবি
নীলমৰ কবিতাসমূহত মুক্ত চিন্তাৰ উমান পোৱা যায়৷ কবিয়ে দাৰ্শনিকৰ ধাৰণাত গুৰুত্ব
আৰোপ কৰি, নতুন বিশ্বৰ অন্বেষণ কৰিলেও একে সময়তে পৰম্পৰাগত বিষয়ৰ প্ৰতিও
দুৰ্বলতা প্ৰকাশ কৰিছে৷ ভাৱনাৰ দ্বৈততা গগৈৰ কিছুমান কবিতাত দেখিবলৈ পোৱা যায়৷
অৱশ্যে কবিৰ এই চিন্তাৰ পৰিধিক পাঠকে নিজেই বিচাৰ কৰিব নিজা ধৰণেৰে৷ সাম্যবাদী
চিন্তা, পুৰাকথাত গুৰুত্ব প্ৰদান ইত্যাদি বিষয়ৰ অন্তৰ্ভুক্তিকৰণেও নীলমৰ
কবিতাক পাঠকৰ বাবে নতুন চিন্তাৰ বাট কাটি দিব বুলি আমি আশা কৰিব পাৰোঁ৷
নীলম
গগৈৰ কবিতাত নেক্ৰ’ফিলিয়ায়ো ভূমুকি মাৰিছে৷ থকা কথা এটা’ৰ মাধ্যমত কবিয়ে কৈছে,
‘থকাৰ
মাজত ডেনিছু নিলচন্ বা ডেভিড্ ফুলাৰো থাকিব পাৰে- (থকা কথা এটা ৩৭)।
এই
কবিতাটোত ডেনিছ নিলচন আৰু ডেভিড্ ফুলাৰ; দুয়ো নেত্ৰু’ফিলিয়াক্ (Necrophiliac)৷
কবিয়ে যিহেতু অস্তিত্বহীন অস্তিত্বৰ মাজত পিয়াপি দি ফুৰে, তেনে ক্ষেত্ৰত
‘কবিৰ বাবে সকলো সম্ভৱ’ ধাৰণা সহজকৈ গ্ৰহণ কৰি সহজাত পৰিঘটনা হিচাপে নেক্ৰ’ফিলিয়াক
উপস্থাপন কৰিছে৷ নেক্ৰ’ফিলিয়া যদিও এটা taboo subject তথাপি ইংৰাজী
কবিতাত অন্ধকাৰ, ভয়াল-জয়াল বিষয়বস্তুৰ অন্বেষণৰ জৰিয়তে স্থান
লাভ কৰিছিল৷ জন কিটছৰ কবিতা 'The Eve of St. Agnes'-ত নায়ক
পৰ্ফাইৰক্সই নিজৰ প্ৰেয়সী মেডেলিনৰ নিৰ্জীৱ শৰীৰৰ মুখামুখি হৈছিল যাৰ ফলত এক
ভয়ংকৰ, ভৌতিক পৰিৱেশৰ সৃষ্টি হৈছিল৷ একেদৰে এডগাৰ এলান প’ৰ 'The
Raven'ত কথকে নিজৰ প্ৰিয় লেন’ৰক হেৰুৱাই শোক প্ৰকাশ কৰিছে৷ মৃত্যুৰ সময়তো
প্ৰেয়সীৰ স্মৃতিতে সহবাস কৰাৰ চিন্তা কথকৰ মনত প্ৰতিফলিত হৈছিল৷ এই কবিসকলে
নেক্ৰ’ফিলিয়াৰ অস্থিৰ ক্ষেত্ৰখনত প্ৰৱেশ কৰিছিল আৰু নিজা সৃষ্টিৰ সোপানত প্ৰেম,
হেৰুওৱাৰ
যন্ত্ৰণা আৰু মৃত্যুৰ জটিলতাসমূহ অন্বেষণ কৰাৰ সমল হিচাপে ব্যৱহাৰ কৰিছিল৷ গগৈৰ
কবিতাতো নেক্ৰ’ফিলিয়া ব্যৱহাৰ হোৱা লক্ষ্য কৰিছোঁ৷ কবিতাৰ গুণাগুণ আলোচনা কৰাৰ
প্ৰাক মুহূৰ্তত ক’ব খোজো: নেক্ৰ’ফিলিয়াৰ ব্যৱহাৰ এক সাহসী পদক্ষেপ কিয়নো ই সমাজ
ব্যৱস্থাৰ নীতি-নিয়মক প্ৰত্যাহ৩ান জনায় আৰু পাঠকৰ মনোজগতত প্ৰবল আৱেগিক জোকাৰণিৰ
সৃষ্টি কৰি মানসিক প্ৰতিক্ৰিয়া ঘনীভূত কৰি তোলে৷ সমালোচকসকলে ইয়াৰ ব্যৱহাৰৰ ওপৰত
নিজস্ব মতামত আগবঢ়াইছে৷ কিছু কিছু সমালোচকে ইয়াক মানৱ মনোবিজ্ঞান আৰু মৃত্যুৰ
সাহসী অন্বেষণৰ বাবে প্ৰশংসা কৰিছে, আনহাতে আন কিছু সমালোচকে আকৌ ইয়াৰ
বিৰক্তিকৰ আৰু সম্ভাৱ্য আপত্তিজনক প্ৰকৃতিৰ বাবে সমালোচনা কৰিছে৷ নেত্ৰ’ফিলিয়া
বিষয়ত মন্তব্য কৰা এজন সমালোচক হ’ল কাব্যসাহিত্য বিশ্লেষণৰ বাবে বিশেষভাৱে
প্ৰখ্যাত সাহিত্য- সমালোচক হেৰল্ড ব্লুম৷ ব্লুমে তেওঁৰ The Anxiety of Influence শীৰ্ষক গ্ৰন্থখনত সমগ্ৰ ইতিহাসত
কবিসকলে কেনেকৈ নিজৰ পূৰ্বৰ কবিসকলৰ প্ৰভাৱৰ পৰা মুক্ত হ’বলৈ এখন যুঁজ চলাই আহিছে
আৰু ঐতিহ্যগত বাধাৰ পৰা মুক্ত হোৱাৰ প্ৰয়োজনীয়তা সম্পৰ্কত তেওঁ বিশেষভাৱে আলোচনা
কৰিছে৷ কবিতাত নেক্ৰ’ফিলিয়াক বিশেষভাৱে সম্বোধন নকৰিলেও নিষিদ্ধ বিষয়ৰ ভূমিকা আৰু
সাহিত্যত মৌলিকতাৰ অনুন্ধানৰ বিষয়ে ব্লুমৰ অন্তৰ্দৃষ্টিয়ে কবিতাত এনে বিষয়বস্তুৰ
ব্যৱহাৰৰ মূল্যৱান দৃষ্টিভংগী আগবঢ়াব পাৰে৷ অসমীয়া কাব্যৰ জগতত নেক্ৰ’ফিলিয়া
সন্দৰ্ভত কবিতা সৃষ্টিৰ খবৰ ইয়াৰ আগলৈকে পোৱা নাই (কোনোবাই লিখিছে যদিও জ্ঞাত
নহয়)৷ কবি গগৈৰ এই বিষয়ক কবিতাক সমাগত সময়ত পাঠকে কেনেদৰে গ্ৰহণ কৰে সেয়া অৱশ্যেই
লক্ষণীয় হ’ব৷ তথাপিও এটা কথা ক’বই লাগিব যে নেক্ৰ’ফিলিয়াৰ দৰে বিষয় এটাক উপস্থাপন
কৰিবলৈ যাওতে গগৈয়ে সাহসী মনৰ আভাস দিছে৷
গগৈৰ অন্য এটা কবিতা ‘অসম্ভৱ কথা এটা’ৰ
মাধ্যমত তেওঁ কৈছে,
‘মাটিৰ তলত এখন দেশ আছে
কহনি বুঢ়ীৰ দেশ
আকাশে মাটিয়ে লাগি থকা দেশ
তৰাবোৰ শিশু শিশু গোন্ধায় লুকা-ভাকু
খেলা দেশ’
- (অসম্ভব কথা এটা ৪০)
এই
কবিতাটিত গগৈয়ে ‘চেনিপুঠি’ৰ চিত্ৰকল্প ব্যৱহাৰ কৰি গাণিতিক পৰিমাপনৰ দ্বাৰা
অবাস্তৱ চিন্তা মূৰ্ত কৰিছে৷ কবিয়ে জানে যদিও ই ‘অসম্ভৱ’ তথাপিও প্ৰতীকি অৰ্থত
মাটিৰ তলৰ কহনী বুঢ়ীৰ দেশৰ প্ৰসংগ উত্থাপন কৰি কাৰোবাৰ বাবে নিজে ‘শূন্য’ হোৱাৰ
আশংকা ব্যক্ত কৰিছে৷ কবিতাটোত কবি-মনৰ ক্ষোভ প্ৰকট হৈছে৷ ইচ্ছা কৰা হ’লে গগৈয়ে
কবিতাটো আৰু অধিক সাৰ্থক কৰি তুলিব পৰাৰ সুযোগ আছিল৷ বোধহয় চিন্তাৰ জটিলতাৰ বাবে
কবিতাটো ৰসস্বাদন কৰিবলৈ পাঠকে অসুবিধা পাব৷
ইয়াৰ
উপৰি কবি গগৈয়ে চিন্তাত অভিনৱত্ব প্ৰদান কৰিবলৈ যাওঁতে কবিতাৰ মাধ্যমত ৰাডাৰ্ফৰ্ডৰ
মডেলকো প্ৰতীকী অৰ্থত প্ৰয়োগ কৰিছে৷ কবিয়ে ‘পৰুৱা কথা’ কবিতাত ‘সোণৰ এখন পাত’ বুলি
কোৱাৰ পৰিৱৰ্তে তাক প্ৰতীকী অৰ্থত ব্যৱহাৰ কৰিছে৷ আলফা, বিটা, গামা হ’ল
‘চুইডিছ children's song' যাৰ দ্বাৰা
শিক্ষকে বৰ্ণমালাক এক আমোদজনক ৰূপত উপস্থাপন কৰে যাতে ছাত্ৰই বৰ্ণমালাক সহজে আয়ত্ব
কৰিবলৈ সক্ষম হয়৷ ‘পৰুৱা কথা’ৰ মাধ্যমত কবিয়ে আলফা, বিটা, গামা,
ডেলটাৰ
প্ৰসংগ উত্থাপন কৰি জীৱনৰ তিনিটা ভোকৰ কথা ক’বলৈ প্ৰয়াস কৰিছে- পেটৰ ভোক, শৰীৰৰ
ভোক আৰু মগজুৰ ভোক৷ এই কবিতাটো পঢ়িলে
কবিৰ বুদ্ধীদিপ্ত মনৰ উমান পাব পাৰি৷
‘ভাল
হোৱাটো পাপ’ কাব্যগ্ৰন্থখনৰ এটা উল্লেখযোগ্য কবিতা যাৰ
মাধ্যমত কবিয়ে যেন মনৰ ক্ষোভ প্ৰকাশ কৰিছে৷ কবিয়ে বুজি পায় ‘ভাল’ৰ তাৎপৰ্য,তথাপি পুৰুষ- নাৰীৰ প্ৰসংগ উত্থাপন কৰি গগৈয়ে কৈছে,
‘কেতিয়াবা ভুলবোৰ আপোনাৰ বা মোৰ নহয়
সমান্তৰাল পৃথিবীৰ এজন পুৰুষ আপুনি
এগৰাকী নাৰী মই’
- (ভাল হোৱাটো পাপ ৫৭)
ঐতিহ্যবাদী
সমাজ ব্যৱস্থাত পুৰুষ- নাৰীক যি দৃষ্টিৰে চোৱা হয় তাৰ ক্ষেত্ৰত যেন কবিৰ মনত ক্ষোভ
আছে৷ এই ক্ষোভ সমতাৰ; এই ক্ষোভ সমদৃষ্টিভংগীৰ৷ পোহৰ নোহোৱা কোঠা এটাত
এইবোৰ ভাবি কবি যেন ‘অন্ধ, বধিৰ’৷ কবিৰ চিন্তন-মননত পুৰুষ-নাৰী
বিচাৰ যেন তেনেই গৌণ বিষয়-
‘সকলো ৰং এন্ধাৰে গিলি পেলোৱা এদিন
আমি ৰঙৰ মুখাবোৰ পিন্ধি থাকিম’ (৫৭)৷
এনেবোৰ দৃশ্য প্ৰত্যক্ষ কৰিয়েই কবিয়ে পাঠকলৈ প্ৰশ্নবান এৰিছে,
‘কেতিয়াবা আপোনাৰ এনে অনুভৱ হয়নে
যেন ভাল হোৱাটো পাপ’৷
তৰুণ
প্ৰজন্মৰ কবি নীলম গগৈৰ অনুসন্ধিৎসু মন প্ৰশংসনীয়৷ নব্য চিন্তাৰ প্ৰকাশো আদৰণীয়৷
তথাপি গগৈৰ কেইটামান কবিতাত ভাবৰ বেমেজালি প্ৰত্যক্ষ কৰিছোঁ৷ লগতে, কেইটামান
কবিতাত ভাষাৰ প্ৰয়োগ সঠিককৈ কৰা হ’লে কবিতাকেইটা সুখপাঠ্য হ’লহেঁতেন।
প্ৰসংগক্ৰমে, ‘শুকাই যোৱাৰ কথা’ শীৰ্ষক কবিতাটো পঢ়িলে বোধ হয়
কবিয়ে যেন অপ্ৰয়োজনীয়ভাৱে ইংৰাজী
শব্দ-বাক্যৰ ব্যৱহাৰ কৰিছে৷ অসমীয়া ভাষা ইমান সমৃদ্ধিশালী; তেনে ক্ষেত্ৰত
ইংৰাজী ভাষাৰ অবাঞ্ছিত প্ৰয়োগ সঠিক হোৱা নাই৷ এই কবিতাটোত গগৈৰ কিছুমান শব্দ,
যেনে,
Sex is your incentive,/ May be you are a lesbian/ Yes, you are a lesbian/ Sex
is your incentive - প্ৰয়োজনীয় নাছিল৷ ‘দ্বিধাহীন কথা’ শীৰ্ষক
কবিতাটো 'I am a wave' কবিয়ে অপ্ৰয়োজনত প্ৰয়োগ কৰিছে৷ ঠিক একেদৰে,
‘স্বাধীন
কথা এটা’ৰ মাজতো কবিৰ অপ্ৰয়োজনীয় ইংৰাজী বাক্য প্ৰত্যক্ষ কৰিছোঁ৷ ‘ফেমিনিষ্ট’,
‘ইউনিচেক্স’
এইবোৰ শব্দ অসমীয়াত উপস্থাপন কৰিব পৰাৰ থল আছিল যিহেতু এই কবিতাটোৰ আৰম্ভণি সুন্দৰ
আছিল৷ কিন্তু লাহে লাহে শব্দৰ অপপ্ৰয়োগৰ বাবে কবিতাটোৱে মন পুলকিত কৰিব পৰা নাই৷
‘নষ্ট হোৱা সময় ইজ ইকুৱেল টু মুংগেৰিলালৰ সপোন’ এই শাৰীটোকো অসমীয়া শব্দচয়নৰ দ্বাৰা
খামুচিব পৰাৰ থল আছিল৷এইবোৰ কবিতাত ভাষাৰ খিচিৰি হোৱা যেন অনুভৱ হৈছে৷ ভাবৰ লগত
শব্দৰ সঠিক প্ৰয়োগ হোৱা নাই বাবেই কবিতাটোৰ গতিশীল ৰূপত মন্থৰতাই ধৰা দিছে৷ সাধাৰণ
পাঠকে এইধৰণৰ কবিতাক হৃদয়ংগম কৰিবলৈ অসুবিধা পাব৷ কবিতা কেৱল বৌদ্ধিক চমকৰ আহিলা
হ’লেই নহ’ব; সমপৰ্যায়ত সাধাৰণ পাঠকৰ মনতো ৰেখাপাত কৰিব
পাৰিব লাগিব৷ এলিয়টে তেওঁৰ 'The Sacred Wood. Essays on Poetry and
Criticism' গ্ৰন্থৰ 'Tradition and the Individual Talent' শীৰ্ষক
ৰচনাখনত কবিতাৰ ভূমিকা সম্পৰ্কে আলোচনা কৰিছে আৰু ই বৌদ্ধিক অভিজাত শ্ৰেণী আৰু
সাধাৰণ- উভয়কে আকৰ্ষণ কৰিব লাগে বুলি
গুৰুত্বপূৰ্ণ মন্তব্য প্ৰকাশ কৰিছে৷ তেওঁ পৰম্পৰাৰ গুৰুত্ব আৰু প্ৰাসংগিকতা বৰ্তাই
ৰাখিবলৈ কাব্যিক ভাষা আৰু ৰূপৰ নিৰন্তৰ বিৱৰ্তনৰ ওপৰত বিশেষভাৱে গুৰুত্ব আৰোপ
কৰিছে৷ আশা কৰিম, কবি গগৈয়ে এইবোৰ দিশত ভৱিষ্যতৰ সময়ত গুৰুত্ব
প্ৰদান কৰি কাব্যচিন্তাৰ দিশত আগুৱাই যাব৷ গগৈৰ আন এটা কবিতা ‘এৰি অহা কথা’ত
গাঁৱলীয়া পটভূমিৰ এখন চিত্ৰ উপস্থাপন কৰিছে য’ত গগৈয়ে শৈশৱৰ প্ৰসংগ উত্থাপন কৰি
এখন চহৰ জ্বলি ধোঁৱা হোৱাৰ কথা প্ৰকাশ কৰিছে৷ ‘ধোঁৱা’ চিত্ৰকল্পৰ মাধ্যমত গগৈয়ে
এখন ধুঁৱলি- কুঁৱলি সমাজৰ চিত্ৰ উপস্থাপন কৰিছে৷ এই সমাজখনত প্ৰতিবাদ কৰিবলগীয়া
হৈছে বোবা ছোৱালীজনীয়েও৷ ন্যায় ব্যৱস্থাৰ প্ৰহেলিকাক লৈও কবি শংকিত৷ কবিতাটো পঢ়িলে
এনে অনুভৱ হয় যেন কবিতাটো আৰু পৰিপূৰ্ণ কৰি সাৰ্থক কৰিব পৰাৰ থল আছিল/ এই কবিতাটোত
কবিয়ে কৈছে, কোনে ক’ব- ধোঁৱাৰ মাজত ছোৱালী নে ছাগলী/ ৰাতি
ছাগলীয়ে হাগে/ দিনত ছোৱালীয়ে তামোল পাতেৰে চপায় গু (২৩)৷ এই শাৰীকেইটাত ভাষাৰ প্ৰয়োগ সঠিক কৰিব পৰাৰ
সুযোগ আছিল৷ সমাজ- বীক্ষণক কলাত্মক মৰ্যাদাৰে গতিশীল ৰূপ দিয়া হ’লে কবিতাটো সুখপাঠ্যত
পৰিগণিত হ’লহেঁতেন৷ গগৈৰ অন্য এটা কবিতা ‘আত্মহত্যা’ তিনিশাৰীৰ সমষ্টি য’ত গগৈয়ে
কৈছে- লঙ্গৰ উঠাই লোৱা হ’ল! এতিয়া সাগৰখন
কম্পাছ কাঁটাৰ দৰে ঘূৰি ফুৰিছে- উত্তৰ দক্ষিণ '৫১' ৷ কবিতাটোৰ শিৰোনাম দেখি
এটি ভাবগধুৰ কবিতা যেন অনুভৱ হৈছিল৷ কিন্তু কবিতাটো পঢ়ি সুখ নাপালোঁ৷ ইয়াৰ আগতে
‘আত্মহত্যা’ক কেন্দ্ৰ কৰি ৰচিত হোৱা Sylvia Plath-ৰ 'Lady Lazarus' পঢ়িছিলোঁ৷
এই কবিতাটোত কবিয়ে শক্তিশালীভাৱে আত্মহত্যাক চিত্ৰণ কৰিছে য’ত ব্যক্তিগত জীৱনৰ
নৈৰাশ্য আৰু সামাজিক অৱদমনৰ কথা বুদ্ধীদিপ্ত কৌশলেৰে উপস্থাপন কৰিছে৷ ঠিক একেদৰে,
আন
এগৰাকী কবি হ’ল Anne Sexton যি কবিতাৰ মাধ্যমত আত্মহত্যাৰ প্ৰসংগ
উত্থাপন কৰিছে৷ 'Wanting to Die' শীৰ্ষক কবিতাত Sexton-এ
আত্মহত্যাৰ ধাৰণাটোত আভ্যন্তৰীণ অস্থিৰতাক বিষয় হিচাপে লৈ সূক্ষ্ম অন্তৰ্দৃষ্টিৰে
ৰচনা কৰিছে৷ কবি নীলমৰ ‘আত্মহত্যা’ৰ মাজত সূক্ষ্ম অন্তৰ্দৃষ্টি বিচাৰি নাপালোঁ৷
আশা কৰিম, কবিয়ে ভৱিষ্যতৰ সময়ত এইবোৰ দিশত গুৰুত্ব প্ৰদান কৰিব৷
কবি
গগৈয়ে অনন্য সুৰ আৰু দৃষ্টিভংগীক স্বীকাৰ আৰু উদযাপন কৰি অসমীয়া কবিতাত নতুনত্ব
আনিবলৈ প্ৰয়াস কৰিছে ই আদৰণীয়৷ কবিয়ে ব্যক্তিগত অভিজ্ঞতা, আৱেগ আৰু
বাহ্যিক জগতৰ পৰ্যবেক্ষণসমূহ অন্বেষণ কৰি নিজৰ কাব্যচৰ্চা অব্যাহত ৰাখক যিয়ে তেওঁৰ
কলাত্মকতা বৃদ্ধিত অনুঘটক হিচাপে কাম কৰিব৷ ইয়াৰ উপৰিও চিত্ৰকল্প, প্ৰতীক,
ছন্দ,
আৰু
ভাষা ব্যৱহাৰৰ ক্ষেত্ৰত কবি আৰু অলপ সচেতন হ’লে ভৱিষ্যতৰ দিনত কাব্যজগতত নীলমে
সুনাম অৰ্জন কৰিব পাৰিব৷ লগতে, বিশ্বসাহিত্যৰ প্ৰতিষ্ঠিত কবিসকলৰ
উল্লেখযোগ্য কিছুমান কবিতা পঢ়ি বিভিন্ন শৈলী, ধাৰা অনুধাৱন
কৰিব পাৰিলে কাব্য প্ৰক্ষেপণৰ দিশত কবি গগৈয়ে নিজৰ দক্ষতাক আৰু নিখুঁত কৰিব পাৰিব
যাৰ জড়িয়তে গগৈয়ে নিজৰ কলাত্মক কণ্ঠ বিচাৰি পাবলৈ সক্ষম হ’ব৷ নীলমে কবিতাৰ মাজত
যে নতুনত্ব আনিবলৈ বিনম্ৰ প্ৰয়াস কৰিছে; ই সত্য৷ লোকজীৱনত প্ৰচলিত কিছুমান
শব্দক কবিয়ে কবিতাৰ মাজলৈ উলিয়াই আনিছে যাৰ বাবে কবি ধন্যবাদৰ পাত্ৰ৷
ৰূপকাত্মকভাৱে অৰ্থঘন ভাষা প্ৰয়োগ কৰিবলৈ কৰা প্ৰয়াসৰ বাবেও নীলম গগৈৰ শলাগ লৈছোঁ৷
বিমূৰ্ত্ত চিন্তাক প্ৰাধান্য দিয়া কবিৰ কেইটামান কবিতাত ভাৱ আৰু ভাষাৰ নিয়ন্ত্ৰণ
কৰিবলৈ সক্ষম হৈছে৷ বিদ্ৰোহ, প্ৰেম অথবা বিষাদ, আধিভৌতিক
চেতনা, যৌনতা, সমাজ- বীক্ষণ- এনেবোৰ দিশত কবি গগৈয়ে নতুন শৈলী
প্ৰক্ষেপণৰ চেষ্টা কৰিছে যিটো আদৰণীয়৷ প্ৰতীক-চিত্ৰকল্প, পুৰাকথা
ব্যৱহাৰৰ দিশতো নীলমে অধ্যয়নপুষ্ট মনোভাৱৰ ইংগিত দিছে৷ কবিতা সৃষ্টিৰ ক্ষেত্ৰত
নীলমে গড্ডালিকা প্ৰৱাহক নেওচি নতুন চিন্তাৰে বাট বুলিবলৈ বিনম্ৰ প্ৰয়াস কৰিছে
যিয়ে পাঠকক নতুন চিন্তাৰ খোৰাক যোগাব৷ নীলমৰ কবিতাৰ ভাল-বেয়া বিচাৰৰ ভাৰ পাঠকৰ
হাতত অৰ্পণ কৰিলোঁ৷ পৰিশেষত আশা কৰিম: কবি নীলম গগৈৰ কাব্যগ্ৰন্থ ‘ভাল হোৱাটো পাপ
কমৰেড’ পাঠকৰ মাজত সমাদৃত হওক৷ ভৱিষ্যতৰ কাব্যিক যাত্ৰাত কবি নীলম স্বকীয় মহিমাৰে
উজলি উঠক ৷