অন্যযুগ/


অতিমাৰীৰ দ্বিতীয় ঢৌ : আমাৰ শিক্ষা কেতিয়া হ'ব...

বিগত বছৰ (২০২০)-ৰ এনে দিনবোৰত সমগ্ৰ ভাৰতবৰ্ষ আছিল লক্‌ডাউনৰ কবলত৷ দেশ জুৰি হোৱা ক’ৰ’নাভাইৰাছৰ সংক্ৰমণৰপৰা ৰক্ষা পৰিবলৈ প্ৰথমে জনতা কাৰ্ফিউ আৰু পাছত লক্‌ডাউন প্ৰৱৰ্তন কৰা হৈছিল৷ বিভিন্ন স্থানত যুদ্ধকালীন তৎপৰতাৰে অস্থায়ীভাৱে ৰচনা কৰা হৈছিল ক’ভিড হস্পিটেল৷ হাজাৰ হাজাৰ লোক আক্ৰান্ত হৈছিল আচহুৱা ভাইৰাছবিধৰ সংক্ৰমণত, মৃত্যুৰ কোলাত ঢলি পৰিছিল বহুজন৷ সেই সময়ৰ অভিজ্ঞতাই আমাৰ জীৱন যাত্ৰা তথা জীৱনাদৰ্শলৈও বহু সৰু-ডাঙৰ পৰিৱৰ্তন আনিলে।

তেতিয়াই অসম চৰকাৰে পাঁচ বছৰৰ কাৰণে স্থায়ীকৈ ক’ভিড হস্পিটেল প্ৰতিষ্ঠাৰ আঁচনিও ৰাজহুৱা কৰিছিল৷ পিছে অক্টোবৰ মাহমানৰপৰা ভাইৰাছবিধৰ সংক্ৰমণৰ মাত্ৰা কমি আহিল আৰু লগে লগে আমাৰ ক’ভিড-ভীতিও আঁতৰি গ’ল৷ ভাইৰাছ নামৰ চকুৰে নেদেখা অস্তিত্ববিধে যে পৰিৱেশ-পৰিস্থিতিৰ সমান্তৰালকৈ নিজকে উৎপৰিৱৰ্তিত কৰিব পাৰে আৰু কিছু দিন নীৰৱে থাকি নিজকে প্ৰস্তুত কৰি লোৱাৰ পাছত সুবিধা বুজি আকৌ গেৰিলা যুঁজাৰুৰ নিচিনাকৈ মূৰ দাঙি উঠিব পাৰে সেইটো আশঙ্কা আমাৰ মনৰপৰা একেবাৰে নিৰ্বাপিতই হ’ল৷ আমি ভাৰতীয় মানুহবোৰ স্বাভাৱিকতেই খুব আৱেগিক আৰু সেয়ে সোনকালেই কথা পাহৰোঁও৷ গতিকে আমি ক’ৰ’নাৰ প্ৰথম দিনবোৰ শেষ হোৱাতে চিৰকালৰ কাৰণে উদ্ধাৰ পালোঁ বুলি এক ভ্ৰান্ত ধাৰণাৰ বশৱৰ্তী হ’লোঁ৷ তেনে ধাৰণাৰ ফলতেই প্ৰস্তাৱিত ক’ভিড হস্পিটেলৰ প্ৰসঙ্গও তল পৰিল৷ 

আমাৰ দেশত আটাইতকৈ বেছি চৰ্চিত ৰূপত দাঙি ধৰি ৰাজনৈতিক মুনাফা আহৰণ কৰিব পৰা বিষয়টোক তেতিয়াই পৃষ্ঠপোষকতা কৰা হ’ল আৰু কেইখনমান ৰাজ্যৰ সমাগত নিৰ্বাচনক লক্ষ্য কৰি ৰাজনৈতিক তৎপৰতা আৰম্ভ হ’ল৷ হাজাৰ হাজাৰ লোকক একেলগে বহুৱাই সভা-সমিতি পতা আৰম্ভ হ’ল৷ কোনো কোনো সভাত পাঁচ লাখ পৰ্যন্ত মানুহ সমৱেত হোৱাৰ খবৰো আমি পালোঁ৷ আলোচনাৰ বিষয়টো আছিল হিন্দু নে মুছলমান, মন্দিৰ নে মছজিদ? কিমাশ্চৰ্যম্!

মন কৰিবলগীয়া যে ক’ৰ’নাভাইৰাছৰ উপদ্ৰৱ এক প্ৰকাৰ শেষ হ’ল বুলি ধৰি লোৱা দেশৰ শাসকবৰ্গই নিৰ্বাচন পতাৰ স্বাৰ্থতে ইতিমধ্যে ক্ষতিগ্ৰস্ত হোৱা ছাত্ৰসমাজক আৰু অধিক ক্ষতিগ্ৰস্ত কৰি দশম শ্ৰেণীৰপৰা স্নাতকোত্তৰ শ্ৰেণী পৰ্যন্ত বিভিন্ন পৰীক্ষাবোৰকে পিছুৱাই দিলে৷ এইখিনিতে মন কৰিব লাগিব, আমাৰ ৰাজনৈতিক নেতাসকলৰ মুখত প্ৰায়ে আখৈ ফুটাদি ফুটে ‘উঠি অহা’ ভাৰতীয়সকলৰ কথা যিসকলে হেনো ভৱিষ্যতৰ দিনত পৃথিৱী শাসন কৰিব৷ প্ৰশ্ন উঠে, ক্ষতিগ্ৰস্ত হোৱা ছাত্ৰসমাজ সেই ‘উঠি অহা’ ভাৰতীয় হয় নে নহয়? পৰীক্ষাবোৰ পিছুওৱাৰ স্পষ্ট কাৰণ দেখুউৱা নহ’ল যদিও ক’ৰ’না-ভীতিকে পাকে-প্ৰকাৰে কাৰণ হিচাপে সাব্যস্ত কৰা হ’ল৷ অথচ সেইখিনি সময়ত দেশৰ কেইবাখনো ৰাজ্যত নিৰ্বাচনৰ নামত বিভিন্ন প্ৰকাৰৰ জনসমাগম হ’ল; সামাজিক দূৰত্ব ৰক্ষা আদি ক’ৰ’না নিবাৰণৰ কৌশলবোৰ তল পৰিল৷ স্বয়ং ৰাজনৈতিক নেতাসকলেই মোখোৰা নিপিন্ধা দেখা গ’ল, জনসমাগমৰ মাজত সোমাই বিভিন্নজনক স্পৰ্শ কৰা দেখা গ’ল, নাচ-বাগ কৰা দেখা গ’ল৷ 

সেই সময়তে পতা নিৰ্বাচনত কিন্তু কঠোৰভাৱে ক’ভিড নিয়মাৱলী পালন কৰিবলৈ নিৰ্দেশ দিয়া হ’ল৷ ভোটদাতাসকলৰ বাবেও মোখোৰা আৰু হাতমোজা পিন্ধা বাধ্যতামূলক কৰা হ’ল৷ প্ৰতিজন ভোটদাতাৰ আঙুলিত চিঞাহী লগোৱা কাঠিডাল পৰ্যন্ত পৃথক কৰাৰ ব্যৱস্থা কৰা হ’ল৷ তাৰ মানে একে সময়তে কোনোবাই ক’ভিড নিয়মাৱলী একেবাৰে উলাই কৰি চলি থাকিল আৰু আন কাৰোবাক কঠোৰভাৱে সেইবোৰ পালন কৰোৱা হ’ল৷ তেনে কৰোৱাৰ যোগেদি এচামে কোটি কোটি টকাৰ ব্যৱসায়ো খুব ভালকৈ কৰিলে। তাৰ মাজতে নিৰ্বাচনৰ একাধিক  প্ৰাৰ্থী ক’ভিডত আক্ৰান্ত হোৱা বুলি খবৰো ওলাল আৰু চৌবিছ ঘণ্টাৰ ভিতৰতে ক’ভিডমুক্ত বুলি ঘোষিতও হ’ল৷

তাৰ পাছত? এতিয়া? ক’ৰ’নাভাইৰাছৰ দুগুণে উৎপৰিৱৰ্তিত প্ৰকাৰ এটা আহি হেনো অসম পালেহি৷ ভাইৰাছটোৱে যেন নিৰ্বাচনৰ ভোটদান পৰ্ব শেষ হোৱালৈহে অপেক্ষা কৰি আছিল৷ ইয়াৰ মাজতে ৰাজ্যৰ স্বাস্থ্যমন্ত্ৰীয়ে ৰাষ্ট্ৰীয় পৰ্যায়ৰ সাংবাদিকক ডাঠি কৈছিল যে অসমত ক’ৰ’নাভাইৰাছৰ সংক্ৰমণ নাই! তেওঁ লগতে এইবুলিও কৈছিল যে যেতিয়া সংক্ৰমণ হ’ব তেতিয়া তেওঁ ৰাইজক কৈ দিব এনে কথা-কাণ্ডই ক’ৰ’নাভাইৰাছ কাৰ ইচ্ছাধীন বুলিও আমাৰ মনত প্ৰশ্নৰ উদ্ৰেক কৰে৷ কাৰণ, তেওঁক যেতিয়া সোধা হৈছিল তেওঁ কোনো বিশেষজ্ঞৰ সৈতে কথা পাতি তেনেকৈ কৈছে নে নিজা ধাৰণাৰে কৈছে, তেতিয়া তাচ্ছিল্যসূচকভাৱে তেওঁ কৈছিল যে ৰাজ্যত ক’ৰ’নাভাইৰাছ আছে নে নাই জানিবলৈ তেওঁক কোনো বিশেষজ্ঞৰ পৰামৰ্শৰ প্ৰয়োজন নাই৷ কাৰণ তেওঁ হেনো এবছৰ দিনে খুব ওচৰৰপৰা ক’ৰ’নাক দেখা পাইছে!

ইয়াৰ তাৎপৰ্য এনেকুৱা নেকি— চিকিৎসাবিজ্ঞান নপঢ়াকৈও চিকিৎসক হ’ব পাৰি!

এনে পৰস্পৰবিৰোধী কথা-কাণ্ড, ঘটন-সংঘটনৰ মাজতে সম্প্ৰতি দুগুণে উৎপৰিৱৰ্তিত ক’ৰ’নাভাইৰাছৰ সংক্ৰমণে আমাৰ ৰাজ্যখন কঁপাই তুলিছে৷ আমাতকৈ বহু সা-সুবিধা থকা দিল্লী-মহাৰাষ্ট্ৰৰ নিচিনা ৰাজ্যতে এতিয়া ৰোগীৰ কাৰণে হস্পিটেলত বিছনা নাই, অক্সিজেন চিলিণ্ডাৰ নাই৷ আমি এতিয়া আকৌ তৎপৰ হৈছোঁ অস্থায়ী চিকিৎসালয় নিৰ্মাণৰ কামত৷ কিন্তু যোৱা অক্তোবৰ মাহৰপৰা এপ্ৰিলৰ অন্ততঃ প্ৰথমটো সপ্তাহলৈ আমি ক’ভিডৰ বিষয়ত কি কৰিলোঁ? এই প্ৰশ্ন স্বাধীন দেশৰ নাগৰিক হিচাপে সংশ্লিষ্টসকলক সোধাৰ অধিকাৰ নিশ্চয় আমাৰ আছে৷

মন কৰিব লাগিব, ক’ৰ’নাভাইৰাছৰপৰা সাৱধান হৈ থাকিবলৈ আৰম্ভণিৰপৰাই বিভিন্ন ম’বাইল ফোনৰ কোম্পানীয়ে গ্ৰাহকসকলক কলাৰ টিউন হিচাপে সাৱধানবাণী শুনাই আহিছে৷ ই নিশ্চয় চৰকাৰৰ ইচ্ছাতে ঘটা ঘটনা৷ যদি ক’ৰ’নাভাইৰাছ নাছিলেই তেন্তে তেনে ধৰণৰ ঘোষণা শুনাই ৰাইজক ভীতিগ্ৰস্ত কৰি ৰাখিব নালাগিছিল৷ আনহাতে, যদি ভয়ৰ কাৰণবোৰ নোহোৱা হোৱা নাছিলেই তেন্তে আমাৰ প্ৰশাসক নেতাসকল ক’ভিড-নীতি উলংঘা কৰি ঘূৰি ফুৰিব নালাগিছিল৷ নিৰ্দেশনা আৰু সেইবোৰক কাৰ্যতঃ পালন কৰা— এই দুইটাৰ মাজত অনেক গড়মিলেৰে সমস্ত পৰিস্থিতিটো যে সন্দেহজনক হৈ পৰিছে সেইটো সামান্য মনোযোগেৰে লক্ষ্য কৰিলেই বুজিব পাৰি৷

এনে দিশ কিছুমানকে লক্ষ্য কৰি মাদ্ৰাছ উচ্চ ন্যায়ালয়ে সৌ সিদিনা কৰা ঘোষণা এটা অতিশয় গুৰুত্বপূৰ্ণ। মাদ্ৰাছ উচ্চ ন্যায়ালয়ৰ মতে দেশৰ নিৰ্বাচন আয়োগে শেহতীয়াকৈ চূড়ান্ত দায়িত্বজ্ঞানহীনতাৰ পৰিচয় দি সাম্প্ৰতিক ক’ৰ’নাভাইৰাছৰ অভাৱনীয় সংক্ৰমণৰ বাবে দোষী হিচাপে প্ৰতিপন্ন হৈছে। লগতে এই ৰায়দানত  কোৱা হৈছে যে দে‍শৰ নিৰ্বাচন আয়োগৰ বিৰুদ্ধে এতিয়া হত্যাৰ গোচৰো আনকি ৰুজু কৰিব পাৰি! ইয়াৰ গূঢ়াৰ্থ কি? ইয়াৰ মানে ইমান দিনে আমাৰ চকুত পৰা ঘটনাবোৰ সত্য!

যোৱা কিছু দিন ক’ৰ’নাভাইৰাছৰ প্ৰতিষেধক দি অহা হৈছে৷ কিন্তু এনেকৈ প্ৰতিষেধক দিওৱা কামটোৱে কোনো ইতিবাচক ফল দিব বুলি আশা কৰিব নোৱাৰি৷ কাৰণ, বহু শিক্ষিত লোককে লগ পাইছোঁ যিসকল প্ৰতিষেধক ল’বলৈ অনিচ্ছুক৷ গতিকে এই সময়ত প্ৰয়োজন আছিল কমেও দহ দিনমান লক্‌ডাউন কৰি ভ্ৰাম্যমাণ চিকিৎসক-আৰক্ষীৰ দলৰ হতুৱাই ঘৰে ঘৰে বাধ্যতামূলকভাৱে প্ৰতিষেধক দিওৱাটো৷ যোৱা বছৰৰ এনেকুৱা দিনত লক্‌ডাউন কৰি সমগ্ৰ দেশখন স্থৱি‍ৰ কৰি তোলা হৈছিল৷ এতিয়া কোৱা হৈছে যে দুগুণে (আনকি তিনিগুণ উৎপৰিৱৰ্তিতও) উৎপৰিৱৰ্তিত ক’ৰ’নাভাইৰাছ প্ৰথম অৱস্থাতকৈ ভয়ঙ্কৰ অথচ কোৱা হৈছে যে এই সময়ত লক্‌ডাউনৰ কোনো সম্ভাৱনা নাই৷ ইয়াৰ অৰ্থ এনেকুৱা যে কম বিপদৰ সময়ত আমাক বেছি ভয় খুউৱা হৈছিল আৰু এতিয়া কোৱা হৈছে, ‘‘এতিয়া ভয় বেছি যদিও তোমালোকে ভয় নকৰিবা৷’’ তাৰ পাছতো কিন্তু স্থানে স্থানে লকডাউন ঘোষণা কৰা হৈ আছে।

এনে অৱস্থাত সৰ্বাধিক ক্ষতিগ্ৰস্ত হোৱা মানুহখিনি হৈছে শ্ৰমজীৱী আৰু ক্ষুদ্ৰ ব্যৱসায়ী শ্ৰেণীটো৷ কাৰণ, দেশত  ক’ৰ’নাভাইৰাছৰ প্ৰাদুৰ্ভাৱৰ দিন ধৰি নিত্য প্ৰয়োজনীয় বয়-বস্তুৰ দাম অভাৱনীয় ধৰণে বাঢ়িল৷ তাৰ বিপৰীতে খাটি খোৱা শ্ৰেণীয়ে নিয়মীয়া কাম-কাজ হেৰুৱালে৷ দিন হাজিৰা কৰাসকলৰ কাম-কাজৰ ঠিকনা নোহোৱা হ’ল ৷ অথচ তেওঁলোকৰ কাৰণেও চাউল-মিঠাতেলৰ দাম একেটাই৷ এইটো শ্ৰেণীৰ কাৰণে চৰকাৰে নিশ্চিতভাৱে কিবা এক কল্যাণমুখী আঁচনি মুকলি কৰিব লাগিছিল৷ সাধাৰণতে ৰাজনৈতিক দলীয় আৱেশ থকা হিতাধিকাৰী জাতীয় আঁচনিতকৈ কিছু উচ্চ আদৰ্শৰ প্ৰকৃত মানৱতাবাদী আঁচনি এখন সঁচাকৈয়ে প্ৰয়োজন হৈ উঠিছে৷

প্ৰথমটো ক’ৰ’না ঢৌৰ সময়ত প্ৰসিদ্ধ মানৱতাবাদী উদ্যোগপতি ৰতন টাটাই ব্যৱসায়িক শ্ৰেণীক উদ্দেশ্যি কৈছিল, ‘‘এয়া জীয়াই থকাৰ সময়, ব্যৱসায়িক লাভ উঠোৱাৰ সময় নহয়। এতিয়া সকেলোকে‍ সহায় কৰি তাৰ মাজে‍দি নিজেও জী থাকিব পাৰিলে ভৱিষ্যতে অনেক লাভ আহৰণ কৰিব পাৰিব৷’’ সম্প্ৰতি এইষাৰ কথা চিৰন্তন আৱেদনসম্পন্ন সত্য হিচাপে চিহ্নিত হৈছে৷ এইষাৰ কথা ব্যৱসায়ী আৰু ৰাজনৈতিক ব্যৱসায়ীসকলে হৃদয়ঙ্গম কৰিলে সকলোৰে মঙ্গল৷

অন্যযুগৰ প্ৰকাশিত সংখ্যাসমূহ